২০০৫ চনৰ কথা । তেতিয়া আমাৰ ডিগ্ৰী ছেকেন্ড ইয়াৰৰ ক্লাছবোৰ আৰম্ভ হৈছেহি মাথো । কিন্ত ক্লাছত কাৰো মন নাই । মেডিকেল-ইঞ্জিনাৰিঙৰ এন্ত্ৰেন্স সমাগত । ঘৰে বাহিৰে এটাই ধাৰণা যে আজিৰ দুনীয়াত ডাক্টৰ-ইঞ্জিনিয়াৰ নহলে লাভ নাই । কৰবাত জেনেৰেল লাইন পঢ়ি থকা বুলি কলে বেছিভাগ মানুহেই একেবাৰে পুতৌৰ দৃষ্টি দিয়ে ।
চুডমাৰ্চন হলৰ মুখত তাশ্ৰিকক লগ পালো । সি হায়াৰ ছেকেন্ডাৰিত আমাৰ লগত আছিল , প্ৰথমবাৰতে এ.আই.ত্ৰিপল.ই ক্লিয়াৰ কৰি এন.আই.টি শিলচৰত পঢ়ি আছে ।
- এতিয়া কি কৰি আছা......... তাশ্ৰিকে সুধিলে
- কটনত কেমেস্ত্ৰীত এডমিচন লৈছো...... মই কলো
- জেনেৰেল আজিকালি লাভ নাই বুজিছা..... তাশ্ৰিকে কলে
মুঠৰ ওপৰত দিনবোৰ হাৱাত গৈ আছে । ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত অকল ফিজিকেলৰ
এটকিনচৰ কিতাপখন কিনিছিলো । কেবল কিনিলোহে পঢ়া-পাতি বেছি নকৰিলো ।
অৰ্গেনিকৰ একো কিতাপ নাই । সেইদৰে পৰীক্ষাও দিলো । দুই নাওত দুই ভৰি ।
এন্ত্ৰেন্স নে কেমেস্ত্ৰী , ডিচাইড কৰিব পৰা নাই । যিকেইটাই ডিচাইড কৰিলে
সেইকেইটাই কেতিয়াবাই ক্লাছ অহা বাদ দিছে ।
আঠটামান বাকী আছো । জীৱন, অলকেশ, দীপাংকৰ, সংগীতা, চামিয়াৰা, জয়ন্ত, নীতু, মই । গিৰিৰাজে কেতিয়াবা কেতিয়াবা ভুমুকি মাৰে ।
টিচাৰ কমন ৰুমৰ কাষতে থকা সৰু ৰুমকেইটাত দ্বিতীয় বৰ্ষৰ ক্লাছ হয় । মনজিত ছাৰৰ ক্লাছ আছিল । আমি বহি আছো । জীৱন-অলকেশে এন্ত্ৰেন্সৰ কথা পাতি আছে । ছোৱালীকেইজনীয়ে প্ৰদীপছৰ সহায়িকা এখন মেলি গুণগুণাই আছে । ছোৱালী গ্ৰুপৰ লগত সহজে মিলি যোৱাত ওস্তাদ গিৰিৰাজে গুণগুণনিটো শুনিবলৈ চেষ্টা কৰি আছে । মই বেঞ্চত আঙুলিৰে তবলা বজাই আছো ।
মনজিত ভট্টাচাৰ্য ছাৰ ক্লাছত সোমাল । আমি অলপ চিৰিয়াছ হৈ গলো । ছাৰে আগৰ ক্লাছত হমৱৰ্ক এটা দিছিল । কোনেও কৰা নাই ।
প্ৰথম দমটো ছাৰে গিৰিৰাজক দিলে । বেচেৰা মুৰ তল কৰি থিয় হৈ থাকিল । আমাৰো মুৰ তল । ছাৰে জীৱনক সুধিলে ছেকেন্ড ইয়াৰৰ ইনঅৰগেনিকৰ কাৰণে কিতাপ কি কি আছে । জীৱনৰো এখনেই কিতাপ , এটকিন্সৰ ফিজিকেল কেমেস্ত্ৰী । বেচেৰাই আন এখনো কিতাপৰ নাম কব নোৱাৰিলে । সংগীতাৰ মুখেৰে নেগী-আনন্দ আৰু ফাইনাৰৰ নাম ওলাল ।
ছাৰে তামাম গালি দিলে । কি গালি দিলে নকও কিন্ত তামাম গালি দিলে ।
- ৰিড বুকচ, দেন ইউ কেন গেট নলেজ , কিতাপ পঢ়িব লাগিব , নহলে কেনেকৈ হব, নেক্সট টাইম যিয়ে যিয়ে কিতাপ নিকিনা, ক্লাছত নাহিবা....... ছাৰে খঙত কলে
আধাঘন্টামান দম দি ছাৰ ওলাই গল ।
সেই আধাঘন্টা আছিল আমাৰ টাৰ্নিং পইন্ট । সেইটো ক্লাছৰ পাছত মই হুহি, লী, স্ৰাইভাৰ-এটকিন্স, কটন-ৱিলকিনচন কিতাপ কিনিছিলো আৰু চিৰিয়াছলি পঢ়িবলৈ আৰম্ভ কৰিছিলো ।
সচা কথা কবলৈ গলে মনজিত ভট্টাচাৰ্য ছাৰ নাথাকিলে আমি হয়তো কেমেস্ত্ৰী বাদ দি অইনফালে ডাইৰেক্সন ললোহেতেন ।

No comments:
Post a Comment