Wednesday, August 2, 2017

এৰেঞ্জ মেৰেজ-৬- (ৰাজযোটক)

মই অলপ নাৰ্ভাচ হৈ আছো। লগতে অলপ টেনচনত । আগতে এনেকুৱা চিটুৱেচন ফেচ কৰা নাই। সেয়ে টেনচন অলপ বেছিয়েই হৈছে ।
চন্দনদাক ফোন কৰি লাভ নাই । চাইট এৰি অফিচত বহাৰপৰা চন্দনদা সচাকৈয়ে সলনি হৈছে। খঞ্জনৰো এইটো পৰিস্থিতিৰ অভিজ্ঞতা নাই । দীৰুদাক ফোন লগালো ।

দীৰুদাই তেতিয়া গাম্পুৰ ডায়েপাৰ চেঞ্জ কৰি আছিল । গাম্পুৰ মানে পাচমহীয়া গোলু-পোলু জুনিয়ৰ দীৰুদা ।
ব্যস্ততাৰ মাজতো দীৰুদাই ফোন ৰিচিভ কৰিলে ।
- দীৰুদা, মানে অলপ টেনচনত আছো....... মই কলো
- কি হল....... দীৰুদাই সুধিলে
- মানে আজি ছোৱালীঘৰৰ মানুহ আহিব
- ধুৰ, এইবোৰ নৰ্মেল কেচ, কুল হ কুল

দীৰুদাই নিজৰ অভিজ্ঞতাৰপৰা টিপচ দিলে । সম্ভাব্য প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ কলে । গেষ্টাৰ, পষ্টউৰ, বডি লেংগুৱেজৰ আইডিয়া দিলে ।
দীৰুদাৰ টিপচ পাই অলপ কন্ফিডেন্স বাঢ়িল । ইন্টাৰভিউৰ কাৰনে আধাঘন্টা প্ৰিপেয়াৰ কৰিলো ।

যথা সময়ত ছোৱালীঘৰৰ মানুহ আহিল । দেউতাক, খুড়াক, খুড়ীয়েক, মোমায়েক, মামীয়েক আৰু ছোৱালী ।
ছোৱালীৰ নাম বিদিশা । মা-দেউতাৰ পচন্দ। এতিয়া ছোৱালীঘৰৰ পৰা অকে হলেই হল । অকে হবলৈ আজিৰ ইন্টাৰভিউত মই ভাল পাৰফৰমেন্স দিব লাগিব ।

প্ৰাৰম্ভিক কথা বতৰা হল । খুড়াক-মামীয়েকৰ প্ৰশ্নকেইটা ভালদৰে টেকল কৰি পজিটিভ নম্বৰ কেইটামান গোটালো ।
- লৰা-ছোৱালীক অলপ কথা পাতিবলৈ দিব লাগে........ মোমায়েকে কলে

বিদিশা আৰু মই ঘৰৰ ছাদলৈ গলো । ছাদৰপৰা চাৰিওফালৰ দৃশ্য ভালকৈ দেখি । বিদিশাই কেনেকুৱাধৰণৰ প্ৰশ্ন সুধিব সেই বিষয়ে অনুমান কৰি নিজকে সাজু কৰিলো ।
- আপুনি ডিউটিত কি কাম বন নকৰে নেকি........ বিদিশাই সুধিলে
- মানে....... প্ৰথম প্ৰশ্নই আউট অৱ চিলেবাচ
- মানে কেইদিনমান আপোনাক ফলো কৰিলো, এনিটাইম ফেচবুক চলি থাকে যে....... বিদিশাই কলে
- অ সেইটো, হে হে, মানে মোৰ মবাইলত ডাটা অন হৈ থাকে, সেয়েহে অনলাইন দেখাই আৰু.... মই কলো
-আৰু যে মিনিটে মিনিটে অইনৰ পোষ্টত আপোনাৰ লাইক-কমেন্ট পৰি থাকে, সেইবোৰ কি অটমেটিক হয় নেকি......... বিদিশাই সুধিলে

মই কিবা কিবি এক্সপ্লেইন কৰিলো কিন্ত বিদিশাক আশ্বস্ত যেন দেখা নগল ।
- এই দীৰু, চন্দন, খঞ্জু, শ্যামল, ৰনদীপ, প্ৰজাপতি, এইবোৰ কোন হয়........ বিদিশাই সুধিলে

ফেচবুকত দীৰুদা, চন্দনদা, খঞ্জনৰ প্ৰফাইলকেইটা দেখুৱালো । তাৰ পাছত ১৫ মিনিট ৰেপিড ফায়াৰ ৰাউণ্ড চলিল । নম্বৰ গোটোৱাৰ বাবে মই তীব্ৰ সংগ্ৰাম কৰি আছো ।
- তুমি দুই মিনিট বহা মই অলপ তলৰপৰা আহি আছো........ এইবুলি কৈ মই অলপ ব্ৰেক লোৱাৰ মানসেৰে ছাদৰপৰা তললৈ আহিলো

তলত আহিয়েই মই দীৰুদাক ফোন কৰি কেচটো কলো
- ধুৰ, এইবোৰটো নৰ্মেল, মোক তো একেবাৰে ফালি দিছিল, যেন তেন টিকি থাক, হৈ যাব...... দীৰুদাই আশ্বাস দিলে

খঞ্জনক ফোন কৰি গম পালো যে গাৰ্লফ্ৰেন্ডে তাৰ লগত ৰেপিড ফায়াৰ কৰিয়েই থাকে। ইমানেই কুৱেচন কৰে যে খঞ্জু আজিকালি এক্সপ্লেইনেচন দিয়াত ওস্তাদ হৈ গৈছে ।
মই আকৌ বিদিশাৰ ওচৰ পালোগৈ ।
- দুই মিনিট কৈ ছয় মিনিট লগালে, কাক ফোন কৰি আহিলে........ বিদিশাই সুধিলে
- মানে দীৰুদা, খঞ্জুক.......... মই সচা কোৱাটোকে শ্ৰেয় বুলি ভাবিলো

তাৰ পাছত আকৌ ৰেপিড ফায়াৰ ৰাউণ্ড চলিল । এঘন্টাৰ ইন্টাৰভিউৰ পাছত বিদিশাই কলে
- আপোনাৰ মোক কিবা সুধিব লগা আছে নেকি

মই মুৰ খজুৱালো, নাক মোহাৰিলো আৰু তাৰ পাছত সুধিলো
- তোমাৰ ৰাশি কি, মানে বি মানে ব মানে বৃষ, কিন্ত বৃষ যেন লগা নাই
- অ, আচলতে মোৰ কোষ্ঠীৰ নাম মীনাক্ষী, সিংহ ৰাশি, আপোনাৰ তো বৃষ ৰাশি....... বিদিশাই কলে
- হয়, মই বৃষ
- জ্যোতিষমতে সিংহ আৰু বৃষ ৰাজযোটক.... বিদিশাই কলে

ৰাজযোটক । বৃষ মানে বলধ গৰু, সিংহ অৰ্থাৎ লায়ন । গৰু আৰু সিংহীৰ মাজত সদায় সিংহীৰেই প্ৰভুত্ব হব ।
গৰুৰ এপাৰি দাত নাথাকে । মই এপাৰি দাত উলিয়াই সিংহী অৰ্থাৎ বিদিশাৰ ফালে চাই একেবাৰে নিৰ্বোধ বলধ এটাৰ দৰে নিমাখিত হাহি এটা মৰাৰ চেষ্টা কৰিলো ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...