Wednesday, August 2, 2017

কটন কলেজ

কটন কলেজ
(মাথো এটি নাম নাছিল)

হয়তো এটি আবেগ বিলুপ্ত হল । ৰাজনীতিৰ পাকচক্ৰত কেনেকৈ এটা ঐতিহ্য বিলুপ্ত হয় তাৰ উৎকৃষ্ট উদাহৰণ কটন কলেজ । মোৰদৰে কটনিয়ান কোনেও কাহানিও বিচৰা নাছিল যে কটন কলেজৰ নাম সলনি হওঁক ।
এজন ৰাজনীতিকৰ অহামিকাই অসমৰ এটা ঐতিহ্যক থানবান কৰি পেলালে ।

কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় বিল । এই বিলখন পঢ়ি যিকোনো লেমেনে বুজি উঠিছিল যে এইখন কেইটামান উৰ্বৰ মস্তিষ্কৰ চুড়ান্ত নিকৃষ্ট ফচল । আন্তগাঠনিবিহীন এখন বিশ্ববিদ্যালয়, নিজৰ বুলিবলৈ একো নাই, ভিতৰত কলেজ এখন । চৰকাৰী প্ৰিন্সিপাল, ইফালে ভিচি । খিচিৰি, সনাপিটিকা আৰু এখন নিকৃষ্ট ব্যঞ্জন । দায়িত্বশীল শিক্ষাগুৰুসকলৰ বাবে চুড়ান্ত হতাশা । অৰাজক ।

কাৰ্যত বিফল । আৰু অৱশেষত বিলুপ্তি ।

নতুন বিশ্ববিদ্যালয়ে অতবছৰে ৱেবচাইট টোৱে ভালকৈ বনাব নোৱাৰিলে । অথচ বেলেগকৈ গঠিত কৰা হল ষ্টুডেণ্ট ইউনিয়ন, দুটাকৈ ফ্ৰেচাৰ্চ । কিবা দৰকাৰ আছিল নেকি । একো দৰকাৰ নাছিল ।

ক্ষোভ আছে, আমাৰ দৰে কটনিয়ানৰ ক্ষোভ আছে ।
নীৰদা দেৱী বাইদেউ প্ৰিন্সিপাল হোৱালৈকে ঠিকেই আছিল । বাইদেৱে কটনক আগুৱাই নিব পাৰিলেহেতেন, ভাৰতৰ আন আগশাৰীৰ কলেজ সকলক সকলো ক্ষেত্ৰতে টক্কৰ দিব পাৰিলেহেঁতেন ।

কিন্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাজে কনচেপ্টটোৱে বৰবাদি দি দিলে ।

কটন বিশ্ববিদ্যালয়ৰ কনচেপ্টটোত কি আছে গম পোৱা নাই কিন্ত এটা কথা কম যে কটনক স্বাধীনতা দিব লাগে । চিন্তা কৰাৰ স্বাধীনতা, আগুৱাই যোৱাৰ স্বাধীনতা, উৎকৰ্ষ সাধনৰ স্বাধীনতা । ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গঢ় লোৱাৰ স্বাধীনতা ।

হাজাৰবাৰ নাম সলনি হলেওঁ কটন কলেজ সদায়েই আমাৰ বাবে আমাৰ চেনেহৰ কটন কলেজ হৈ থাকিব ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...