Wednesday, August 2, 2017

চন্দনদা VS শ্যামলদা

- চন্দনদা আগৰ চন্দনদা হৈ থকা নাই...... মই কলো
- সচাকৈয়ে চন্দনদা সলনি হল
- অফিচত গৈ মানুহবোৰ সলনি হৈ যায় দেই
- চন্দনদাৰপৰা এইটো আশা কৰা নাছিলো

মানে চন্দনদাৰ প্ৰমোচন হল । এতিয়া চন্দনদা আমাৰ বছ । চন্দনদা এতিয়া চাইটত ডিউটি কৰিব নালাগে । চন্দনদা এতিয়া অফিচত।
প্ৰথমতে আমি আনন্দিত হোৱাৰ লগতে অলপ দুখো লাগিছিল । দুখ এইকাৰনে লাগিছিল যে চন্দনদা গুচি গলে ডি. এছ. এ গেলেকী একেবাৰে নিৰস হৈ পৰিব । এতিয়া চেচ-ক্ৰিকেট-বেডমিন্টন-টিটি খেলি টাইম পাছ কাৰ লগত কৰিম। আমাৰ আদ্দাবোৰ চন্দনদা নহলে জমিব কেনেকৈ । অৱশ্যে আমাৰ ভালো লাগিছিল যে চন্দনদা আমাৰ বছ হলে আমি আমাৰ ইচ্ছামতে চলিব পাৰিম ।

কিন্ত আমাৰ ইচ্ছা নচলিল । অফিচৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ আৰামী চকীত বহাৰ লগে লগে চন্দনদা সলনি হৈছে ।
দীৰুদাই ছুটী বিচাৰিছিল। চন্দনদা ডাইৰেক্ট মানা কৰি দিলে । শ্যামলদাই ডিউটিলৈ অলপ দেৰিকৈ গৈছিল। চন্দনদাই বেয়াকৈ দম দিলে । আনকি মই অফিচলৈ যাওঁতে চন্দনদাই ইমান ব্যস্ততা দেখুৱালে যে চাহ একাপ খাই যোৱা বুলি কবলৈও চন্দনদাৰ সময় নহল । মুঠৰ ওপৰত চন্দনদা এতিয়া আমাৰ চন্দনদা হৈ থকা নাই ।

- চন্দনদাক হাতৰ মুঠিত আনিব লাগিব........ শ্যামলদাই প্লেন এটা বনালে

চন্দনদাক আমি চাইটৰ ডেইলী ৰিপৰ্ট দিব লাগে । চন্দনদাই সেই ৰিপৰ্ট ওপৰলৈ দিয়ে । মানে আমাৰ চাইটৰ কামেই চন্দনদাৰ অফিচৰ পাৰফৰমেন্স।
পাছদিনা প্লেনমতে কাম হল। আমি ডেইলী ৰিপৰ্ট নিদিলো । দীৰুদাৰ ফোন অফ, মই নট ৰিচেবল আৰু শ্যামলদাৰ ফোন চাইলেন্ট মডত ।

ডেইলী ৰিপৰ্ট নাপাই চন্দনদাই কৰা ২০ টা ফোন মিচকল ৰূপে শ্যামলদাৰ স্মাৰ্টফোনত জমা হলহি ।
- চন্দনদাৰ পুৰা বাজি গৈছে, ২০ টা মিচকল........ শ্যামলদাই মবাইলটো ডাইনিং টেবুলত থৈ কলে
- চন্দনদাক ইমান টেনচন নিদিওনেকি, আমাৰেই চন্দনদা দিয়াচোন........... দীৰুদাই কলে

সেই সময়তে আকৌ চন্দনদাৰ ফোন আহিল । শ্যামলদাই এইবাৰ ৰিচিভ কৰিলে ।
- এই চামল, কি হল, ইমান ফোন কৰি আছো, ডেইলী ৰিপৰ্ট দিয়া নাই যে, আৰু এই বিকু - দীৰু দুটাৰ কি হল, এনেকে নচলিব দেই......... চন্দনদাই দম দিয়াৰ নিচিনাকৈ কবলৈ ধৰিলে ।

শ্যামলদাৰ টেমা গৰম হৈ গল ।
- চাওক চন্দনদা, মই টাইমত ডেইলী ৰিপৰ্টৰ মেছেজ পঠাইছো, যদি আপুনি পোৱা নাই মই কি কৰিম, মোক কৈ কি লাভ, আপুনি বি. এছ. এনে. এলত কমপ্লেইন দিয়কগৈ, আৰু বিকু - দীৰুৰ কথা মই কি জানো, মই কি ঠিকা লৈ আছো নেকি, আৰু এটা কথা, মই ইম্পৰটেন্ট কাম এটাত বিজি আছো, ডিষ্টাৰ্ব নকৰিব এতিয়া অনুগ্ৰহ কৰি................. শ্যামলদাই ফোনটো কাটি দিলে

- দি দিলো চন্দনদাক পুৰা......... শ্যামলদাই হাহি এটা মাৰি কলে

ভৱামতেই চন্দনদা পাছদিনাই ডি. এছ. এ পালেহি ।
- এই বিকু-দীৰু-শ্যামল, কি খবৰ, বহুদিন পাৰ্টি-চাৰ্টি হোৱা নাই, আৰু আমাৰ খঞ্জু বাবা কত......... চন্দনদাই উত্সাহেৰে কলে

চন্দনদাই শ্যামলদাৰ লগত বেডমিন্টন, মোৰ লগত টিটি আৰু দীৰুদাৰ লগত দুগেম চেচ খেলিলে । সন্ধিয়া খঞ্জন ডিউটিৰ পৰা আহি পোৱাৰ পাছত আগৰ দৰেই আদ্দা জমিল, পাৰ্টি হল ।

পাছদিনা ৰাতিপুৱা ।
বাংক হাউচটোৰ এখন বিচনাত চন্দনদা, আনখনত শ্যামলদা পৰি আছে । চন্দনদালৈ ফোন এটা আহিল। ৰাজুৰ ফোন ।
- হেলো চন্দনদা, ডিউটিত আছো, ৰিলিভাৰ অহা নাই
- অহা নাই, কোন হয়....... চন্দনদাই সুধিলে
- মানে শ্যামলদা হয়

চন্দনদাই কাষৰ বিচনাখনলৈ চালে । নাক বজাই শ্যামলদা গভীৰ নিদ্ৰাত । অসমৰ্থতাৰ দুখ-শোক-বেদনা আৰু হতাশাই চন্দনদাক ভাৰাক্ৰান্ত কৰি তুলিলে ।
চন্দনদাই ভাবিলে.......... মানুহজনীয়ে ঠিকেই কৈছিল, অফিচতকৈ চাইটতে বহুত শান্তি আছে । এই বিকু-দীৰু হাতৰ মুঠিত আহি যাব, কিন্ত এই শ্যামলটো, শ্যামলটোক চিধা কৰিব পৰা নাযাব ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...