Thursday, May 15, 2014

কাৰ্ড এলিমিনেচন

DSA ৰপৰা অনা কাজু-পিস্তা-কেক-বিস্কুটৰ কনচাইনমেন্টৰ বেগটো বাছৰ চিটৰ তলত সুমুৱাই চিটত বহি ললো, বাছ চলিবলৈ ধৰিলে, নাইট ডিউটিত শুই অহা স্বত্তেও চিলমিলিয়া টোপনিৰ ভাৱ এটা আহিল, কেইঘন্টামান পাছতে গুৱাহাটী পামগৈ, চিটটো হাওলাই চকু দুটা মুদি দিলো

কিবা এটা গন্ডগোলৰ শব্দত সাৰ পাই গলো, বাছৰ কন্ডাক্টৰে মানুহ দুজনৰ লগত তৰ্কাতৰ্কি কৰিছে, কেচটো কি বুজিবলৈ কথাবোৰত কাণ দিলো, মানুহ দুজনৰ আগদিনাই টিকট লোৱা আছিল, ৬,৭ নং চিট, কিন্ত কন্ডাক্টৰে ৰাস্তাতে দুজন মানুহ উঠাই বহাই দিলে, এতিয়া বহি থকা মানুহ দুজনৰ উঠাৰ প্ৰশ্নই নাহে, এবাৰ যি চিটত বহিল, বহিলেই,
এতিয়া আগতে টিকট লোৱা মানুহ দুজনৰ বাবে চিট নাই, মানুহ দুজনে ভাড়া ঘুৰাই বিচাৰিলে, ভাড়া ঘুৰাই দিয়াতো প্ৰবলেম আছে, মানুহ দুজনে টিকট এজেন্টক ৩০০ কৈ ৬০০ টকা দিছিল, এজেন্টে কন্ডাক্টৰক প্ৰটিটো টিকটত ৫০ টকা কমিচন কাটি ৫০০ টকা দিছে,
এতিয়া কন্ডাক্টৰৰ মতে যিহেতু সি ৫০০ টকা পাইছে, গতিকে সি ৫০০ টকাহে ঘুৰাই দিব বাকী ১০০ টকা এজেন্টে দিব, কিন্ত মানুহদুজনৰ বাবে মানুহদুজনে যিহেতু টিকটৰ বাবে ৬০০ টকা পে কৰিছে, আৰু কন্ডাক্টৰেই খেলিমেলি কৰিছে, গতিকে ৬০০ টকা কন্ডাক্টৰেই ঘুৰাই দিব লাগিব

বাছৰ আন মানুহখিনিয়ে খেলখনৰ মজা লৈ আছে, কোনেও মাত মতা নাই, আনৰ জেং চপাই লোৱাৰ কাৰো মতলৱ নাই
মোৰো বেলেগৰ জেং চপাই লোৱাৰ মতলৱ নাছিল, আনৰ জেঙত সোমাবলৈ গৈ অতদিনে নিজৰে বহুত সময়-ধন-এনাৰ্জি খৰচ হৈছে, গতিকে আজিকালি নিউট্ৰেল ফিলিং এটা আনি লও, যাৰ যি হয় হওক, মোৰ কিনো যায়.....

কিন্ত দেৰী হৈছে, গুৱাহাটী সোনকালে গৈ পাব লাগে, মম্মীয়ে চিকেন ৰান্ধি আছে বুলি ফোনত খবৰ দিছে, দুৰৰপৰাই চিকেনৰ গোন্ধ নাকত ফিল কৰিলো, নাই আৰু কন্ট্ৰল নহয়
গন্ডগোলটো বাঢ়ি গৈছে আৰু মোৰ দেৰী হৈছে, চাৰ্টৰ হাত দুটা কোচাই দাত মুখ কৰচি উঠি গলো
- কি কেচ বে, ইমান গোলমাল কিয় কৰি আছ........ বাছৰ কন্ডাক্টৰক কলো

কন্ডাক্টৰে তাৰ কেচটো আৰু মানুহ দুজনে তেওলোকৰ কেচটো নিজৰ ভাযাত কলে, শুনিলো, বুজি ললো, তাৰ পাছত কন্ডাক্টৰৰ পিনে চাই কলো
- তই জাননে , এই মানুহদুজনৰ হাতত অথৰাইজড টিকট আছে আৰু সেই টিকটৰ এগেইন্ষ্টত তহতে চিট দিব পৰা নাই, এই লৈ এই মানুহদুজনে যদি এখন এফ.আই.আৰ দিয়ে তেতিয়া কি হব, চিট এন্দ ফ্ৰডৰ কেচত ইন্ডিয়ান পেনেল কোডৰ ধাৰামতে, টিকট ইচু কৰোতা, বাছৰ মালিক, কন্ডাক্টৰ আৰু ড্ৰাইভাৰ সকলোৰে অতি কমেও দহ হাজাৰ টকা জৰিমনা আৰু তিনি মাহৰ সশ্ৰম কাৰাদন্ড আৰু জৰিমনা অনাদায়ে আৰু দুমাহৰ কাৰাদন্ড হব

কন্ডাক্টৰ অলপ থতমত খাই গল, তাৰ পাছত মই মানুহ দুজনৰ ফালে চাই কলো
- আপোনালোকে ভয় নকৰিব, আপোনাৰ হাতত টিকট আছে, মানে আইন আপোনাৰ পক্ষত আছে, আপোনালোকে ইচ্ছা কৰিলে ইহতক বিহু দেখুৱাই দিব পাৰে
- কিন্ত আপুনি....... মানুহ দুজনৰ এজনে সুধিলে

মই পকেটৰপৰা মানিবেগটো উলিয়ালো, মানিবেগৰপৰা কাৰ্ড এখন উলিয়াই মানুহজনক দি কলো........... ধ্ৰুব কমল দত্ত, এডভোকেট, গুৱাহাটী হাইকৰ্ট, কাৰ্ডত ফোন নং দিয়া আছে

মানুহ দুজনৰ মুখত হাহি বিৰিঙি উঠিল, আগফালৰপৰা ড্ৰাইভাৰে কন্ডাক্টৰক কলে, ইয়াতে মামলা ক্লিয়েৰ কৰি ল, পাছত জেং-চেং নালাগে

কন্ডাক্টৰে ভাড়া ৬০০ টকা আৰু মানসিক আতিশয্যৰ ক্ষতিপুৰণৰুপে ৪০০ টকা মুঠ ১০০০ টকা ঘুৰাই দি মামলা ৰফা-দফা কৰিলে

পাচ মিনিটতে কেচ চেটল, হিৰোৰ টাইপৰ ফিলিং এটা আহি গল, ফিলিংটো এনজয় কৰি চিটত আউজি দিলো, বাছ চলিবলৈ ধৰিলে,ফুল স্পীডত

খানাপাৰা পালোহি, বাছৰপৰা গধুৰ বেগটো পিঠিত লৈ নামি দিলো
- এক্সকিউজ মি....... পাছফালৰপৰা মানুহ এজনে মাতিলে
- কওক
- আপুনি হাইকৰ্টত প্ৰেকটিছ কৰে ন, আজি কিন্ত আপুনি ভাল শিক্ষা দিলে ইহতক

মই একো নকৈ মাত্ৰ হাহিলো, মানুহজনে হেন্ডশ্বেক দি আকৌ লগ পাম বুলি কৈ গুচি গল

চাৰিমাহমান আগতে হাইকৰ্টৰ ওচৰৰে বাইকৰে গৈছিলো, কলা কোট পিন্ধি থকা লগৰ এটা দেখা পাই বাইক ৰখাইছিলো, সি কিন্ত তেতিয়া বহুত কামোৰ দিলে আৰু তাৰ কাৰ্ড এখন দি কেচ-চেচ থাকিলে তাক কন্টেক কৰিব কলে, তাৰ কামোৰ খাই তেতিয়া তাৰ কাৰ্ডখন তাক দেখুৱাই আগ্ৰহৰে মানিবেগত ভৰাই থৈছিলো..............

যিয়েই নহওক, আজি চান্স পাই এডভোকেট ধ্ৰব কমলৰ কাৰ্ডখন মানিবেগটোৰপৰা এলিমিনেট কৰিলো

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...