Wednesday, May 14, 2014

চেন্টি আৰু ইলেকচন

ইলেকচনৰ বতৰ । হাটে-বাটে, কাগজে-পত্ৰই সতেচন নাগৰিকসকলৰ দপদপনি, পৰিবৰ্তন, বিবেক ভোট, দিছ দেট এটচেত্ৰা, এটচেত্ৰা
কেতিয়াবা হাহি উঠে, হাহি উঠাৰো কাৰণ আছে ।

চন ২০০৮, ইউনিভাৰচিটিৰ কথা, তেতিয়া আমি থাৰ্ড চেমিষ্টাৰত । ইউনিভাৰচিটিৰ ইলেকচনৰ সময় ।
সেই সময়ৰ জি.এছ পদৰ ষ্ট্ৰং কেন্ডিডেট এজন কেম্পেইনিংৰ বাবে ডিপাৰ্টমেন্টলৈ আহিল ।
(ষ্ট্ৰং কেন্ডিডেট মানে বেকগ্ৰাউন্ডত ছাত্ৰ সংগঠন এটা আছে)

গেলাৰীত বহি আছো । কেন্ডিডেটক এজনে চিনাকি কৰি দিলে । তাৰ পাছত কেন্ডিডেটে ভাষণ দিলে । অলপ সময় পাছত কেন্ডিডেটে কলে
- এতিয়া আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমাৰ কালচাৰেল গ্ৰুপ আছে

লৰা এটাই আহি গীটাৰত টিউন দিছিলহে, মই ইন্টাৰফেয়াৰ কৰি দিলো
- এক মিনিট, মোৰ এটা কুৱেচন আছে

গীটাৰিষ্ট ৰৈ গল, কেন্ডিডেটে মুখত হাহি এটা লৈ আগুৱাই আহিল
- মানে গান-চান তো শুনিমেই, কিন্ত যিহেতু আপুনি জি.এছ. হব যেনেই লাগিছে, আপোনাক প্ৰশ্ন এটা সোধো......... মই কলো
- কওকচোন
- মানে, আমাৰ ইউনিভাৰচিটিৰ বৰ্তমান আৰ্থিক সংকট চলি আছে, ইয়াৰ বাবে আপোনাৰ কিবা প্লেন আছে নেকি
- আমি চৰকাৰৰ সৈতে যোগাযোগ কৰিম, প্ৰয়োজন হলে সকলো ছাত্ৰ-ছাত্ৰী মিলি জংগী আন্দোলন গঢ়ি তুলিম
..............কেন্ডিডেটৰ পাছফালে থকা চাপৰ্টাৰ অৰ্থাত হোষ্টেলীয়ান গ্ৰুপৰ হাতচাপৰি, কেন্ডিডেটৰ মুখত হাহি

- আচ্ছা, সেইটো বুজিলো, কিন্ত পৰত আশ-বনত বাস , কথাটোতো জানেই , আপুনিও জানে, আমিও জানো, আনৰ আগত হাত পতাতকৈ ইউনিভাৰচিটি আৰ্থিক দিশত স্বনিৰ্ভৰশীল হবপৰা কিবা প্লেন আছে নেকি..... মই আকৌ সুধিলো
- মানে কেনেকুৱা প্লেনৰ কথা কৈছে, আপুনিয়ে কওকচোন
- মানে ধৰক ইউনিভাৰচিটিৰ ওচৰতে হাইৱেটো আছে, চো হাইৱেত ঠায়ে ঠায়ে হৰ্ডিং লগাবলৈ দি ইউনিভাৰচিটিয়ে দুটকামান পাব পাৰে দেখোন, অন্তত পি.জি.এছ.ইউৰ খৰচটো ওলাব, তাৰ উপৰি ইউনিভাৰচিটিত ইমান জলাশয় আছে, তাতে মীন পালন কৰিব পাৰি দেখোন, হোষ্টেলৰ লৰাই ফ্ৰীতে মাছো খাবলৈ পাব, ৰাহি হোৱা মাছকেইটা বেচি পোৱা টকাৰে হোষ্টেলত দেখোন চুণ তেলো দিব পৰা যাব

মাছ বেপাৰৰ আইডিয়া শুনি চবেই হাহি দিলে, ওচৰতে প্ৰদ্যুম্ন বহি আছিল
- কিমান কামোৰ দিয়া হে, ইলেকচনত জিকাৰ পাছত চব নাপাত্তা হৈ যাব , চব ফান্ডাবাজি, নাচ-গান এনজয় কৰি টাইম পাছ কৰিব লাগে

মই হাহি এটা মাৰিলো, কেন্ডিডেটেও হাহি এটা মাৰি কলে, "আইডিয়াকেইটা ভালেই, মই জিকিলে এইবোৰৰ ওপৰত নিশ্চয় বিবেচনা কৰা হব "

তাৰ পাছত গেলাৰীত গান-বাজানা ষ্টাৰ্ট হৈ গল । কেন্ডিডেটেও আমাৰ অনুৰোধত গান এটা গাই দুপাকমান নাচি দিলে ।

মৰেল অৱ দা ষ্টৰী-
কলেজ-ইউনিভাৰচিটিৰ সময়ত আমি সৰহভাগ শিক্ষিত যুব নাগৰিকেই হোষ্টেল চেন্টি, বন্ধুত্বৰ খাতিৰত, গাৰ্লফ্ৰেন্ডৰ চেন্টিত , যিয়ে বেছিকৈ খুৱায় তাক ভোট দিও........
আৰু আমিয়েই এক্সপেক্ট কৰো যে দেশৰ ডাঙৰ ইলেকচনত অশিক্ষিত, অৰ্ধশিক্ষিত নাগৰিকসকলে তেওলোকৰ "চেন্টি" বোৰ বাদ দি সকলোতকৈ যোগ্য প্ৰাৰ্থীজনক নিৰ্বাচিত কৰিব
ভাল কৌতুক নহয়নে !!!!

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...