Thursday, May 15, 2014

ইজ্জতৰ ফালুডা

কেতিয়াবা ইজ্জতৰ ফালুডা হৈ যায় ।
১৪ দিনৰ অফত কৰিবলৈ একো নাই । আই.আই.টিত লগৰ কেইবাটাইও গৱেষণা কৰি আছে । সিহতৰ লগতে কেতিয়াবা আদ্দা দিবলৈ যাও ।
যোৱা পৰহিৰ কথা । আই.আই.টি-গুৱাহাটীলৈ গৈছো । আই.আই.টিৰ মাৰ্কেট গেটেৰে সোমালো । একাডেমিক বিল্ডিঙলৈ বাওফালে টাৰ্ণ লৱ লাগে । বাইকখনৰে টাৰ্ণটো লওতেই দেখিলো চিনাকি জুনিয়ৰ এজনী । ওপৰত প্ৰচন্ড ৰ'দ । জুনিয়ৰজনীয়ে ছাতি এটা মুৰত ওপৰত লৈ ৰুমাল এখনৰে মুখৰ ঘাম মচি খোজকাঢ়ি আছে । জুনিয়ৰজনীৰ অৱস্থা দেখি বেয়া লাগিল । জুনিয়ৰজনীৰ ওচৰ পাই বাইকখন ৰখালো ।
- ভন্টি কলৈ যোৱা....... মই সুধিলো
- অ দা, চিটি গৈছিলো, এতিয়া হোষ্টেল যাও.... ভন্টিয়ে কলে
- হোষ্টেলটো বহু দুৰ আছে, বলা ড্ৰপ কৰি দিও
-নাই দা , হৱ, পাৰিম
- ধেই, ইমান গৰমত ৱাকিং কৰি গৈ পোৱা মানে তিতি জুৰুলি-জুপুলি হৈ যাবা

অগত্যা ভন্টি বাইকত উঠিল ।
(লাইন চাইন মৰা বুলি মিচআন্ডাৰষ্টেন্দ কৰিব নালাগে দেই । মই এনেয়েও বহুত হেল্পফুল মানুহ । আগতেও বহুত মানুহক মোৰ বাইকেৰে লিফ্ট দি ডেষ্টিনেচন পোৱাই দিছো )

বাইকৰ পাছৰ চিটটো অকুপাই কৰি ভন্টিয়ে কলে........ বলক দা
বাইকত চেল্ফটো বেয়া হৈ আছে । হেলমেটটো পিন্ধি কিক মাৰিলো.......
......
এবাৰ
....
দুবাৰ
......
তিনিবাৰ
.......
.......
.......
বাইক ষ্টাৰ্ট নহয়হে নহয় । ওপৰত টিকাফটা ৰ'দ । ঘাম আৰু টেনচনত তিতি জুৰুলি জুপুলি হৈ গলো । ভৰি বিষাই গল । বাইক ষ্টাৰ্ট হোৱাৰ কোনো উমঘামেই নাই । কটা ঘাত চেঙাতেল দি ওচৰৰে পাৰ হৈ যোৱা চেঙেলীয়া এজাকে কেৰাহিকৈ চাই হাহি কেইটামান দি গল ।

মোৰ অৱস্থা দেখি ভন্টিৰ বেয়া লাগিল ছাগে । ছাতিটো মেলি ভন্টিয়ে কলে......
- দা মই ৱাক কৰিয়েও যাও দিয়ক, আপুনি বাইকখনৰ এবাৰ ভালকৈ চাৰভিচিং কৰাই লৱ

ইজ্জতৰ ফালুডা হৈ গল । ভন্টি খোজকাঢ়ি গৈ আগৰ টাৰ্ণিংটোত নেদেখা হৈ পৰিল ।
বাইকখনৰ ওপৰত বহুত খং উঠিল ।
আৰু চাল্লা................ভন্টি নেদেখা হোৱাৰ পাছত মৰা প্ৰথম কিকটোতে বাইকখন ষ্টাৰ্ট হল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...