Thursday, May 15, 2014

মহানগৰৰ এটা সন্ধিয়া

মহানগৰখনলৈ মই উভতি গৈছো, ডিউটি পেটাৰ্ণ সলনি হৈছে, চৈধ্যদিন ডিউটিৰ পাছত চৈধ্যদিন অফ, গতিকে এতিয়াৰেপৰা অহা কেইবছৰমান ধ্যান-ধাৰণা, আইডিয়া, প্লেন ইত্যাদিবোৰ গুৱাহাটীকেন্দ্ৰিক হবলৈ গৈ আছে, কিন্ত সলনি হোৱা পেটাৰ্ণটোৰ বাবে বৰ্তমানলৈ মোৰ একো প্লেন নাই.....
অফৰ সাতদিন গল, আৰু সাতদিন বাকী, ওচৰৰ ফিল্ডখনত ৰাতিপুৱা ক্ৰিকেট খেলো, দিনটো টিভি চাও, ফেচবুক কৰো, কন্পিউটাৰত গেম খেলো, আবেলি আকৌ ক্ৰিকেট খেলো, টিভি চাই খাই বই শুই দিও, কিন্ত এইটো চিডিউলতো লাহে লাহে বৰ হৈ গৈছো....

পাছবেলা বাইকখন লৈ ওলালো, নিৰ্দিষ্ট লক্ষ্য নাই, লগৰ গোটেইবোৰ এতিয়া ব্যস্ত, জিতুলে থিচিছ লিখি আছে, উমেশ মঙলদৈলৈ গল, অলকেশে বিয়া পাতিলে, গিৰিৰাজৰ শদিয়াত পোষ্টিং..........
বাইকৰ চকা ঘুৰি ঘুৰি পানবজাৰ পালেগৈ, লাহে লাহে সন্ধিয়া নামিছে, লয়াৰ্চত সোমালো...... ভৃংগেশ্বৰ শৰ্মাৰ তেজে ধোৱা সময়খন আছেনে.... মানুহজনে বিচাৰিলে, শেষ হল বুলি কলে
বনলতা পালোগৈ, তাত পাই গলো, ইলিয়াড আৰু ওডিচীৰ অসমীয়া অনুবাদ দেখিলো, সেইকেইখনো লৈ ললো
সেউজীয়া সপোন, তেজৰঙা ইতিহাস খন চালো, নতুন কথা একো নাই, কনকসেন ডেকাই আলফাৰ ওপৰত লিখা কিতাপখন পঢ়িছো, তাত থকা কথাবোৰেই আছে, নললো

কিতাপ ভৰাই দিয়া বনলতাৰ পলিথিনটো বাইকত ওলোমাই দিলো , বাইক ষ্টাৰ্ট দিলো, ঠান্ডাৰ দিন, এন্ধাৰ সোনকালে হয়, কটনৰ কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ সমুখত অলপ নষ্টালজিক হৈ পৰিলো...বাইক নিজে নিজেই স্লো হৈ গল, লৰা-ছোৱালী এজাক ওলাই আহিছে, বোধহয় প্ৰেক্টিকেল আছিল..
কলেজৰ মেইন বিল্দিঙৰ সমুখৰ ৰাস্তাটোৰে চিধা গৈ লেফট টাৰ্ণ লৈ ৰাইট টাৰ্ণ দুটা ললো, এতিয়া বাওফালে কটনৰ ছোৱালী হোষ্টেল আৰু সোফালে দীঘলীপুখুৰী, এই ৰুটটো বহুত চিনাকি, এনেকুৱা দিনবোৰত আগতে দেৰিকৈ প্ৰেক্টিকেল থাকিলে লগৰ ছোৱালীকেইজনীক এচকৰ্ট দি হোষ্টেল পোৱাই দিয়াটো নিয়মত পৰিণত হৈছিল....
অলপ আগুৱাই যোৱাৰ পাছত বাওফালে কেফে কফি ডে, আঠ বছৰ আগতে গিৰিৰাজৰ লগত ১৫৮ টকাৰে দুকাপ কাঢ়া কফি খোৱা দোকানখন আগৰ দৰেই আছে....

গুৱাহাটী ক্লাৱত এটা ৰটাৰী আছে, এতিয়া মোৰ হাতত ঘৰলৈ যাবলৈ দুটা অপচন আছে, উলুবাৰী হৈ বা চান্দমাৰী হৈ... তিনি বছৰ আগতে এনেকুৱা দিন এটাত এনেকুৱা সময়ত চান্দমাৰীত মই অৰ্পিতাক টিউচন পঢ়াইছিলো, গতিকে তেতিয়া অপচন নাছিল, এতিয়া হয়তো ইচ্চা কৰিলে ব্ৰহ্মপুত্ৰৰ সন্ধিয়াৰ বতাহজাকৰ বাবে খাৰঘুলিলৈও পোনাই দিব পাৰো , ন ইচুজ , ন লায়েবিলিটিজ
চিধা-চিধিয়েই চান্দমাৰীৰ পিনে বাইক পোনালো, টাৰ্ণিঙ লোৱাৰ কোনো প্ৰয়োজন নাই, ইচ্চাও নাই, ৰাষ্টাত বহুত গাড়ী, কিন্ত দেয়াৰ ইজ অলৱেজ স্পেচ টুৱাৰ্ডচ লেফট ফৰ এ বাইক,... আৰু এই বাওফালে থকা স্পেচখিনিৰ ব্যৱহাৰত তিনিবছৰ আগতেই মাষ্টাৰ হৈ পৰিছিলো, শিলপুখুৰী পাৰ হলো, ৰাষ্টাটো যথেষ্ঠ বহল হৈছে আগতকৈ, বাওকাষে আচাম ট্ৰিবিউনৰ বিল্ডিং, আগৰ বিল্ডিংটো ৰিনভেট হৈ নতুন বিল্ডিং এটা হৈছে, এটা সময়ত এই ট্ৰিবিউনখনৰে ফ্ৰন্ট পেজতকৈ গ্বিতীয় পেজটো বহুত আগ্ৰহেৰে চাইছিলো..

চান্দমাৰী পালো, ব্ৰীজত উঠিলো, ব্ৰীজত পাছমুৱাকৈ বহুত মানুহ বহি আছে, ডিচেম্বৰৰ সন্ধিয়াৰ মাদকতা উপভোগ কৰিছে, এটা সময়ত ময়ো কৰিছিলো, কিন্ত তেতিয়াৰ সেই সময়কন কন্ডিচনেল আছিল, কেতিয়াবা ৰাষ্টাত ট্ৰেফিক কম থাকে, তেতিয়া অৰ্পিতাক মই টিউচন পঢ়োৱা টাইমতকৈ সোনকালে আহি পাও, সেই ডিফাৰেন্স অৱ টাইমখিনি পাৰ হৈছিল চান্দমাৰী ব্ৰীজত , কেতিয়াবা পাচ মিনিট, কেতিয়াবা দহ... সেই পাচ বা দহ মিনিটত মই কিছুমান প্লেন বনাইছিলো, সেই প্লেনবোৰৰ কিছুমান চাকচেচফুল হল, কিছুমান নহল... কিন্ত তিনি বছৰ পাছত, এই মুহুৰ্তত মোৰ একো প্লেন নাই... এবচলুটলি ন প্লেনচ

ব্ৰীজৰ এঠাইত বাইকখন স্লো কৰিলো, এটা পাছমুৱাকৈ বহি থকা মানুহৰ কাষত বাইক ৰখালো
- আৰে বিনীত নহয়নে
পাছমুৱাকৈ বহি থকা মানুহটোৱে ঘুৰি চালে
-কি খবৰ তোৰ, ইমান দিনৰ মুৰত...... মই সুধিলো
- আৰে দোস্ত তই, মোৰ ভাল, তোৰ ক
- মোৰে ভালেই, ইয়াত কি কৰিছ
- অলপ ইভিনিংটো এনজয় কৰি আছো, এয়া মোৰ ফ্ৰেন্ড গীতিমা

গীতিমাক মোৰ লগত চিনাকি কৰি দিয়াৰ একো প্ৰয়োজন নাছিল, এক্সুৱেলি তিনি বছৰৰ আগৰ ইকুৱেচনমতে এই সন্ধিয়া চান্দমাৰীৰ ব্ৰীজখনত বিনীতৰ লগত মেঘালী বা গীতিমাৰ লগত সঞ্জয় থাকিব লাগিছিল, কিন্ত বোধহয় এই তিনিবছৰত বহুত কিবা কিবি সলনি হৈছে, কিছুমান সমীকৰণ সলনি হৈ পৰিছে, নতুন কম্বিনেচন হৈছে

বিনীত আৰু গীতিমাৰ সন্ধিয়াটোৰ বেছি সময় বৰবাদ নকৰিলো, কমাৰ্চ পাৰ হলো, জু-ৰোড, চিৰিয়াখানা, গণেশগুৰি, গাড়ীবোৰৰ বাওকাষৰ স্পেচখিনি ইউটিলাইজ কৰি আৰামত গৈ আছো, জনতা ভৱন, চুপাৰ মাৰ্কেট, ছিক্সমাইল......
চা্ল্লা যিটো টাইমত সময়মতে কৰবাত গৈ পোৱাৰ টেনচন আছিল, তেতিয়া প্ৰতিটো ট্ৰেফিক পইন্টত ৰঙা লাইট আছিল, আৰু আজি.... কোনো লক্ষ্য নাই, কোনো টাইম লিমিট নাই, কৰবাত নিৰ্দিষ্ট টাইমত গৈ পোৱাৰ হেডেক নাই, গতিকে হয়তো চবতে গ্ৰীণ চিগনেল.........

সচাকৈয়ে মহানগৰখনৰ সন্ধিয়াবোৰ বহুত সলনি হৈছে, ট্ৰিবিউনৰ বিল্দিংটোৰ এপিয়াৰেম্স সলনি হৈছে, বিনীত-গীতিমাৰ দৰে বহুত কম্বিনেচন সলনি হৈছে.........
আৰু এই সলনি হোৱা মহানগৰখনৰ সন্ধিয়াবোৰৰ লগত খাপ খুৱাই হয়তো ময়ো সলনি হব লাগিব,
সলনি হোৱাৰ প্ৰয়োজন এটা আছে...........

বি.দ্ৰ..... ঘৰ পাই নয়নক ফোন কৰিলো, সঞ্জয়ৰ বিষয়ে সুধিলো, পাছ বছৰ আগতে গীতিমা আৰু সঞ্জয়ৰ ষ্টৰীটোত মই আৰু নয়নে কেটালিষ্টৰ ৰোল প্লে কৰিছিলো ............আই এম শ্বকড, সঞ্জয় বোলে এতিয়া নগাৱত থাকে, ইউনিয়ন বেংকত চাকৰি..... আৰু ছমাহ আগতে গীতিমাৰ সৈতে ব্ৰেক আপ হোৱাৰ পাছত সি বৰ্তমান মেঘালী নামৰ মই চিনি পোৱা ছোৱালী এজনীৰ লগত ৰিলেচনশ্বিপত আছে......

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...