
মানুহগৰাকীৰ কাষত ৭-৮ বছৰীয়া লৰা এটা । সমুখত মুগা ৰঙৰ কাপোৰ এযোৰ । নখৰা বজাৰৰ অস্থায়ী কাপোৰৰ দেকানখনৰ দোকানীজনৰ লগত মানুহগৰাকীয়ে দৰদাম কৰি আছে । মানুহগৰাকীয়ে ৪০০ টকা দিছে, দোকানীয়ে ৭০০ৰ তলত নামানে । সাজপাৰৰপৰা অনুমান কৰিব পাৰি যে মানুহগৰাকী নিম্নবিত্ত ঘৰৰ হব । লৰাটোৱ ইফালে সিফালে পিলিং পালাংকৈ চাই আছে ।
সাধাৰনতে মায়ে মোক বজাৰলৈ নপঠায় । কাৰন মই দৰদাম কৰিব নাজানো । দোকানীয়ে কিলো ত্ৰিশ বুলি কলে মই পচিশ বুলি কও । দোকানীয়ে দি দিয়ে । একেই ফুলকবি মায়ে বিশটকাত আনে । মুঠতে মোক লখৰাৰ দেওবৰীয়া বজাৰলৈ অকলে পঠালে ১০-২০ শতাংশ বেছি খৰচ হয় । সেয়ে সাধাৰন অৱস্থাত মা আহে, মই মোনা দঙা হৈ আহো । প্ৰতিটো দৰ-দামৰ পাছত মায়ে সন্টুষ্টিৰ চাৱনি এটা দি মোক টিপছ দিয়ে । কিন্ত আজিলৈকে মই দৰদামৰ কৌশল আয়ত্ব কৰিব পৰা নাই ।
আচলতে টেনচন-হেডেক এইবোৰ মই বেয়া পাও । মানুহ আৰামত থাকিব লাগে । আৰু আৰামত থাকিবলৈ মানুহক টকা-পইচা লাগে । ৰদত গোটেই বজাৰখন ঘুৰি পকি দৰ দাম কৰি কৰি দুটকা সস্তাত বস্ত কিনিবলৈ যিখিনি কষ্ট কৰিব লাগিব, সেই কষ্ট খিনি কৰিবলৈ মন নাযায় । প্ৰায়ভাগ বস্তৱেই আজিকালি অনলাইন কিনো । ঘৰত বহি বহি ইন্টাৰনেটত অৰ্ডাৰ দিও , ঘৰত ডেলিভাৰি পাই যাও । কোনো হেডেক নাই ।
মায়ে যিখন লিষ্ট দিছে সেইখনৰ বস্তখিনি কিনোতে মোৰ অতি বেছি আধাঘন্টা লাগিব । কিন্ত সোনকালে ঘৰ গৈ পালে প্ৰবলেম । মায়ে দৰ-দাম নকৰা বাবে গালি পাৰিব । গতিকে অতি কমেও দুঘন্টা মই টাইম কিল কৰিব লাগিব । সেয়ে বজাৰখনৰ মাজে মাজে ঘুৰি বস্ত-মানুহ চাই আছো ।
চবজি বজাৰখন চাই মেলি মাছৰ বজাৰ ক্ৰছ কৰি কাপোৰৰ দোকানকেইখনৰ গলিটোত সোমাইছো । তাতেই মানুহজনীয়ে দোকানীজনৰ লগত দৰ-দাম কৰি আছে । কাপোৰযোৰৰ ৰংটো মুগা , কিন্ত কাপোৰযোৰ আচলি মুগা-পাট নহয় । আচল মুগা কাপোৰ এযোৰৰ দাম আজিৰ তাৰিখত বিশ হাজাৰৰ ওপৰত । কিন্ত এম্ব্ৰইদাৰী কৰা ঘুৰনীয়া ফুলখিনিৰে কাপোৰযোৰ ধুনীয়া দেখাইছে ।
দৰ-দাম চলি আছে, দহ মিনিটতকৈও বেছি হৈ গল । দোকানীয়ে চিৰপৰিচিত হোলচেল ৰেট, এক টকাও লাভ নাই , বেলেগত কতো নাপাব আৰু মানুহজনীয়ে ইমান দাম নহয়, এমাহ আগতে এনেকুৱা এযোৰ কিনিছিলোহে ইত্যাদি কৈ আছে । আচলতে দুয়ো পক্ষই মিছা কথা কৈ আছে ।
দোকানী ৬৫০ লৈ নামিল । মানুহগৰাকীয়ে ৪৫০ লৈ দিম বুলি কলে । দুশ টকাৰ ব্যৱধান । মানুহগৰাকীয়ে হাতৰ সৰু বেগটোলৈ চালে । বোধহয় কৰিবলগীয়া বজাৰ আৰু হাতত থকা পইচাৰ হিচাপ কৰিছে ।
- লাষ্ট বাৰ কৈছো, ৪৫০ ........... মানুহজনীয়ে কলে
- নাই বাইদেউ, আপুনি চাৰা বাজাৰ ধুৰি আহক, এই দামত এই মাল নাপাব...... দোকানীজনে কাপোৰযোৰ জাপিবলৈ আৰম্ভ কৰিলে
মানুহজনীৰ চেহেৰা জই পৰি গল । নালাগে দে কাপোৰ বুলি কৈ সৰু লৰাটোৰ হাতত টানকৈ ধৰি দোকানখনৰ পৰা লাহে লাহে খোজ লবলৈ ধৰিলে । দোকানীজনে ইতিমধ্যে কাপোৰযোৰ জাপি অইন গ্ৰাহকৰ বাবে অপেক্ষাত ব্যস্ত ।
সৰুতে মায়ে প্ৰায়েই মোক বজাৰলৈ লৈ গৈছিল আৰু যেতিয়া মায়ে কোৱা দামত বেপাৰীয়ে বস্ত নিদিছিল তেতিয়া সেই বেপাৰীটোৰ ওপৰত মোৰ বহৰত খং উঠিছিল আৰু ভাৱিছিলো যে ডাঙৰ হৈ মই তাৰ দোকানত থকা বস্তবোৰতকৈয়ো বেছিকৈ বস্ত থকা দোকান দিম ।
- ঐ দোস্ত শুনচোন ............ মই দোকানীজনক মাতিলো
দোকানীজনে মোৰফালে চালে ।
- এই ল দুশ টকা , মানুহজনীক মাতি কাপোৰযোৰ দি দে........ মই এশটকীয়া নোট দুখন দোকানীজনৰ ফালে আগবঢ়াই দিলো
দোকানীজনে অলপ সময় তভক মাৰি ৰল । তাৰ পাছত মানুহজনীৰ ফালে চাই কলে
- ঐ বাইদেউ আহক, লৈ যাওক
মই লগে লগে সেই ঠাইৰপৰা আতৰি আহিলো ।
দুঘন্টা পাছত
মায়ে লিষ্টমতে দিয়া বস্তবোৰ কিনি গাড়ীৰ ডিকিত ভৰাই গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈছো । ৰিয়াৰভিউ আইনাখনত দেখিলো সেই দৰ-দাম কৰা মানুহগৰাকী । মানুহগৰাকীৰ এখন হাতত বজাৰৰ মোনা, আনখন হাতত কাপোৰৰ মোনাটো, চেহেৰাত হাহি, পাছে পাছে সৰু লৰাটোৱে আনন্দমনে দুটকীয়া আইছক্ৰীম এটা চুহি আহি আছে ।
No comments:
Post a Comment