Tuesday, April 12, 2016

চন্দনদা


চন্দনদাক HRএ ৰ লটি-ঘটি কৰি আছে । চন্দনদাই পাছপৰ্টৰ এন.অ.চিৰ কাৰনে এপ্লাই কৰিছিল । এমাহ পাৰ হল, একো খা-খবৰেই নাই । ডেৰমাহ পাছত HRএ ফোন কৰি কলে যে চন্দনদাৰ আই কাৰ্ডৰ জেৰক্স দিব লাগিব ।

সেই সময়ত চন্দনদা আছিল অফ পিৰিয়ডত গুৱাহাটীত ।
- বাইদেউ, মেইল পঠিয়ালে নহব নেকি
- মেইল-চেইল মই নাজানো, জেৰক্স কপি লাগিব...... HR বাইদেৱে কলে

চন্দনদা ৰাতিৰ বাছত উঠি শিৱসাগৰ পালেগৈ । ইফাল সিফাল কৰি HR বাইদেউৰ অফিছ পালেগৈ । অফিছ পাই চন্দনদাৰ টেমা গৰম হৈ গল । বাইদেউ নাই । শিৱৰাত্ৰিৰ এক্সটেনডেড ছুটী । চন্দনদাই বাইদেউক ফোন কৰিলে আৰু তেওৰ কথামতে আই-কাৰ্ডৰ জেৰক্স টেবুলত থৈ আহিল ।

চন্দনদা পাছদিনা ৰাতিপুৱা গুৱাহাটীৰ বাছত উঠিল । বাছ আহি জাগীৰোড পাইছে মাত্ৰ । HR বাইদেৱে ফোন কৰিলে ।
- এস চন্দন , তুমিচোন ফটো দিয়াই নাই
- বাইদেউ, ফটোও দিব লাগে নেকি
- অতো
- বাইদেউ, আপুনিতো কব লাগে আগতে, মই ঘুৰি গুৱাহাটী পালোৱেই
- তুমিতো জানিব লাগে, ইমান মানুহে কৰি আছে, সিহতক সুধিলেই হয়

চন্দনদাই আকু তৰ্ক নকৰিলে । যোৰাবাটৰ অকোৱা পকোৱাখিনিত চন্দনদাৰ মুৰটোও খঙত অকোৱা পকোৱাকৈ ঘুৰিব ধৰিলে ।

অফ শেষ হৈ অন পিৰিয়ড আৰম্ভ হল । চন্দনদা ডি.এছ.এ গেলেকী পালেহি । দুদিনৰ ভিতৰতে ডি.এছ.এৰ আধা মানুহে গম পাই গল যে চন্দনদাক HR এ হাৰাশাস্তি কৰি আছে ।

অ.এন.জি.চিত চন্দনদা মোৰ গুৰু, আৰু চন্দনদাক কোনোবাই হাৰাশাস্তি কৰিব কোনোপধ্যে মানি লব নোৱাৰি ।

- বলক চন্দনদা, অফিছ যাও , চাল্লা ফিল্ডৰ মানুহক দৌৰাই থাকে, ফালি থৈ আহিম...... মই কলো
- হা চন্দনজী , একদম ঠোক দেনা চাহিয়ে..... অমিত গ্ৰোভাৰে যোগ দিলে
- চন্দনদা, একেবাৰে দি দিব লাগে পুৰা..... দীৰুদাৰ চেহেৰাতো যুদ্ধংদেহি এক্সপ্ৰেচন আহি গল

পাছদিনা শ্যামলদাৰ বাইকত দুয়োজন অফিছ পালোগৈ ।
- চন্দনদা, আজি যদি কিবা তেৰি-মেৰি কৰে, একেবাৰে জি.এম ৰ ওচৰত গৈ ফালি থৈ আহিম....... মই কলো
- ঠিক আছে, প্ৰথমতে প্যাৰ-মুহাবতৰে চাও, নহলে আজি পুৰা মুডত আহিছো...... চন্দনদাই ৰিপ্লাই দিলে

প্ৰথমতে চন্দনদাই চাৰফেচ টীমৰ অফিছত সোমাই বাইদেউৰ বিষয়ে অলপ ইনফৰমেচন কালেক্ট কৰি ললে । তাৰপাছত বাইদেউৰ অফিছ পালেগৈ ।

- বাইদেউ ........ চন্দনদাই মিহি মাতেৰে কলে
বাইদেৱে মুৰ তুলি চালে , চকুৰ চাৱনিৰে বাইদেৱে সুধিলে..... কি লাগে
- মানে মই চন্দন
- কোন চন্দন
- মানে এন.অ.চিৰ কাৰনে ফটো দিবলৈ থাকি গৈছিল যে
- অ , তোমালোকৰ ইমান বছৰ চাকৰি হল, একোৱেই নাজানা, এবাৰতে চব দিব লাগে, আমাক ইমান দিগদাৰি দি থাকা..... HR বাইদেৱে ৰঙা চকু দেখুৱাই কলে

মোৰ টেমা গৰম উঠি গল । আৰে কি কি বস্ত লাগিব সেয়া HR এ বেছি ভালকৈ জানিব । মেনুৱেলত কতো স্পষ্টকৈ লিখা নাই, HR এ নিজৰ খেয়াল খুচিমতে কাগজ বিচাৰে, এবাৰতে কৈয়ো নিদিয়ে , দহবাৰ ঘুৰাই দহখন কাগজ বিচাৰে ।
চন্দনদা কিন্ত কুল হৈ থাকিল । সেমেনা-সেমেনিকৈ চন্দনদাই কলে
- কি কৰিব বাইদেউ, মোৰেই ভুল, আপোনাক দিগদাৰ দিছো যদি সৰু ভাইটি বুলি মাফ কৰি দিব আৰু
- ও
- আৰু বাইদেউ আপুনি আছে কাৰনেই আমি ৰ কামবোৰত একো চিন্তা নকৰো । আপোনাৰ কাম যে ভাল সেইটো চবেই জানে , গতিকে ইমান টেনচন নলও আৰু , আপুনি আছে যেতিয়া কিবা মিলাই মেলি ঠিক কৰি তো দিয়েই
- ও ............. বাইদেউৰ চেহেৰাত সন্টুষ্টিৰ হাহি এটা দেখা গল
- আৰু বাইদেউ আপোনাক যেতিয়াই দেখো অনবৰত কামত ব্যস্তই দেখা পাও
- এহ নকবা, বহুত কামৰ প্ৰেচাৰ
- এস বাইদেউ এই নতুনবোৰক কামত খটুওৱাক আকৌ , এতিয়াতো আপুনি অলপ আৰাম কৰাৰ দিন........ চন্দনদাই কলে

চন্দনদাই বাইদেউৰ পিন্ধি থকা ড্ৰেছযোৰ তাৰিফ কৰিলে । বাইদেউৰ লৰা-ছোৱালীহাল বাংগালুৰুৰ কেডি. কলেজত পঢ়ি আছে, গতিকে চন্দনদাই ইমান টেলেন্টড লৰা-ছোৱালীৰ অভিভাৱক যে কিমান ভাগ্যবান আৰু ইমান ভাগ্যবান অভিভাৱক পাই লৰা-ছোৱালী তাতকৈও বেছি ভাগ্যবান , লগতে কেডি কলেজ যে এখন অতি ভাল কলেজ আৰু তাৰ ষ্টুডেন্টবোৰ বহুত ভাল সেইটো কথাও কলে । মই মুৰ দুপিয়াই, হয় হয় কৰি চন্দনদাক চাপৰ্ট দিলো ।

মানে কথাটো হল, আধাঘন্টাৰ ভিতৰত বাইদেৱে হাহিমুখে চন্দনদাই বিচৰামতে এন.অ.চি উলিয়াই দিলে ।

- দেখিলা এই ককায়েৰাক, ডেৰমাহ টৰ্চাৰ খাই মোৰ ইমান খং উঠি আছিল, মানুহগৰাকীয়ে গম পালে নেকি..... চন্দনদাই সুধিলে
- না .......... মই কলে
- এই ককায়েৰাৰপৰা তোমাৰ শিকিবলগীয়া বহুত আছে
- মানে চন্দনদা , মানে মোৰ ফাইল এটাও ফচি আছিল, কত আছে লকেট কৰি পৰা নাই , নেওগদাক দিছিলো, নেওগদাই ইয়াত দিয়া বুলি কলে, এতিয়া ইয়াতো নাই তাতো নাই..... মই কলো
- হয় নেকি, ন প্ৰবলেম , বলা

দুয়োটা পুনৰ বাইদেউৰ ওচৰ পালোগৈ ।

- মানে বাইদেউ, একেবাৰে সৰু কথা এটা আছিল, এই লৰাকণৰ ফাইল এটা আছিল, আপোনাৰ ওচৰত কেনেবাকে আছে নেকি চাই দিব নেকি...... চন্দনদাই মোক দেখুৱাই কলে

লৰাকণ ! চন্দনদাই মোক একেবাৰে পেন্দুকণা বাচ্চা টাইপ বনাই দিলে । যিয়েই নহওক, কিমান দৌৰাদৌৰি কৰিম আৰু । ফাইলটো উলিওৱাৰ খাতিৰত ময়ো লৰাকণৰ নিচিনাকৈ থিয় দি থাকিলো ।

চন্দনদা- পাৰ্ট টু


অন পিৰিয়ড শেষ হল । মিচিং ফাইলৰ অতা-পতা নোলাল । চৈধ্য দিনৰ অফত বৃহস্পতিবাৰে গুৱাহাটী পালোহি । নেক্সট টাইম গলে ফাইলটো বিচাৰিব লাগিব ।

সোমবাৰে চন্দনদাই ফোন কৰিলে

- কি হে পোনাকণ, ফাইল পালা নে নাই
- গুৱাহাটীত আছো, কত কেনেকে পাম
- তোমাৰদ্বাৰা নহব আৰু, মই কেনেকে কাম কৰাই আনিলো দেখিলানে নাই, শিকি লৱা বুইছা শিকি লবা...... চন্দনদাই হাহি হাহি কলে

চাল্লা চন্দনদাইও আজিকালি ডাউন দিয়ে । এতিয়া মই কৰিম কি, উপাই নাই । কাম নহলেতো ডাউন খাবই লাগিব । সেই সময়তে প্ৰাঞ্জলদাই খবৰ দিলে যে ফাইল HRৰ অফিচত আছে ।

HRৰ মেনেজাৰলৈ ফোন কৰিলো
- ছাৰ গুড মৰনিং , মেৰা নাম বিকাচ চইকিয়া হে, মেনে লোণ কে পাৰ্মিচন কে লিয়ে এপ্লাই কিয়া থা , আপচে মিলকে ভী আয়া থা
- দেখিয়ে মুঝে নাম চে আদমী যাদ নহী ৰহতা, চিপিএফ বতাইয়ে
- ১২১৬৫৯, লাষ্ট টাইম এজ পাৰ মেনুৱেল এন্ড চাৰ্কুলাৰচ মেনে চব ডকুমেন্ট দিয়া, লেকিন অফিছ চে ফাইল ৱাপচ কৰ দিয়া
- কিউ
- মেনে বেংক একাউন্ট ষ্টেটমেন্ট দিয়া থা, আপলোগো কো পাছ বুক কা জেৰক্স চাহিয়ে, অউৰ মেৰা এপ্লিকেচন মে থোৰা গলত থা
- হা ফিৰ
- মে আপকে অফিছ মে গয়া আপচে স্পেচিফিকেলি পুচা ক্যা ক্যা ডকুমেন্ট চাহিয়ে , আপ জো জো ডকুমেন্ট জেইচে দেনে কে লিয়ে কহা, মেই ৱেইচে হি ৱ ৱ ডকুমেন্ট চাৱমিট কৰকে দিয়া
- হা
- তো কবতক হো জায়েগা
- দেখিয়ে অভী তক ফাইল মেৰে টেবুল তক আয়া নহী হে, জেইচে হী আয়েগা মে কৰ ডুংগা
- অকে চাৰ, থেংক ইউ

চাবমিট কৰা চব ডকুমেন্টৰ স্কেন কপি মেনেজাৰৰ অফিচিয়েল মেইল আই ডি লৈ পঠাই দিলো ।

এসপ্তাহ পাছত
- HR এ আকৌ ফাইলটো ঘুৰাই পঠিয়ালে ।
- কিয়
- এ নকবা আৰু, তোমাৰ বেংক ষ্টেটমেন্ট এমাহৰ ট্ৰান্সএকচন দিয়া আছে, তেওলোকক বোলে ৩-৪ মাহমানৰ লাগে
- তিনিমাহ নে চাৰিমাহ ......... মই সুধিলো
- মুঠতে দুই-তিনিখন কাগজ ভৰাই দিবা আৰু

মেনেজাৰলৈ ফোন কৰিলো
- মে ১২১৬৫৯ বল ৰাহা হু , মেৰা এপ্লিকেচন মে ক্যা প্ৰবলেম হে
- মতলব আপকা
- দেখিয়ে, কম্পনী কা মেনুৱেল অউৰ চাৰ্কুলাৰ মেনে ভী পঢ়া হে , আপলোগ জো য়ে অপনা নিয়ম-কানুন অপনা মৰ্জি চে বনায়া হে ৱ কিচি মেনুৱেল য়া চাৰ্কুলাৰ মে লিখা নহী হে, অৰ য়ে গলত হে
- দেখিয়ে
- জো দেখনা হে মে দেখ চুকা হু, মে ফৰটিন ডেইজ কৰতা হু, অভী অফ মে হু, পৰচো চিবচাগৰ পহুচ ৰাহা হু , জিতনা ঘুমানা থা আপলোগ ঘুমা লিয়া, আগৰ মু়ঝে অফিচ মে ফিৰ জানা পৰা তো আপকো বহত প্ৰবলেম হোগা.......... অলপ দম এটা দি দিলো

এঘন্টা মান পাছত মেনেজাৰে ফোন কৰিলে ,
" আপকা ৱ পেন্ডিং কাম কৰ দিয়া হে "

চন্দনদাক কথাটো জনাব লাগিব ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...