Friday, August 23, 2013

ঋতুকাল

ঋতুকাল

(বন্ধু Subrata Nath ৰ বাবে উতসৰ্গিত)

ঘৰৰপৰা খবৰ দিলে... ছোৱালী এজনী আছে, বেচ ভাল.....এইবাৰ গ'লে চাই আহিব লাগে

লেপটপটো অন কৰিলো, নতুন মেইল এটা আহিছে,
"উই উইল বি অনাৰড ইফ পিপল লাইক ইউ জইন আৱাৰ ইন্চটিটিউট"
... বহুত বছৰ হল বিদেশে বিদেশে ফুৰি আছো....... ঘৰলৈ যাবলৈ খুব মন যায়, এইবাৰ একেবাৰে যাম বুলি ভাবিছো.....

কথাবোৰ মনত পৰিবলৈ আৰম্ভ কৰিলে.....ইউনিভাৰচিটি.....বাছৰ ভাড়াখিনি বচাবলৈ ঘৰৰপৰা চাইকেলখন লৈ আহিছিলো......... এখন চাইকেল আৰু বহুতো কিবা কিবি.......

এম এচ চি ৰ পাছত এটা বছৰ চাকৰি বিচাৰিলো..... কেৰানীৰ পৰা অফিচাৰলৈকে...... চাকৰি এটাৰ খুব প্ৰয়োজন হৈছিল..... অন্তত পুবালীৰ বাবে...... পাঠকে খবৰ দিলে.. আই আই টি ত প্ৰজেক্ট এটা আছে....২ বছৰীয়া.... মাহে ১২ হাজাৰ......চাইকেলখন আই.আই.টি কেম্পাছলৈ লৈ আহিলো.........প্ৰজেক্টৰ কাম ভাল হল.... গাইডে ফুল টাইম পি.এইচ.ডি স্কলাৰ বনাই দিলে....

ভনীজনীক বিয়া দিয়া বয়স হৈছিল... দৰা বিচাৰিবৱগীয়া নহল.... তাইয়েই ঠিক কৰিলে..... ভনীজনীৰ ভাবী শহুৰ গুৱাহাটীৰ কলেজৰ নামজ্বলা প্ৰফেচাৰ ....... সমাজবাদৰ ওপৰত ডাঙৰ লেকচাৰ দিয়া মানুহজনে বিয়াৰ আগত দীঘল লিষ্ট এখন দিলে........ মানুহটোক কলো...... বস্তবোৰৰ কোম্পানীৰ নাম আৰু মডেল নং ও দি দিয়ক........ পাছত যাতে খেলিমেলি নহয়.....

পুবালীয়ে সুধিছিল.... পাৰিবা জানো
পাৰিলো...কিন্ত পাওনাদাৰৰ সংখ্যা বহুত বাঢ়ি গল.... টেটুলৈকে ধাৰত ডুবিলো.........
ধাৰবোৰৰ মাজত এদিন পুবালী হেৰাই থাকিল.........

নামৰ আগত ড০  লিখালৈকে ধাৰবোৰো শেষ হবলৈ ধৰিলে...

পি.এইচ.ডি ত কেইবাখনো ভাল পেপাৰ উলিয়ালো....
প্ৰিন্চটনত পষ্ট ডক এটা পালো.... নবেল লৰিয়েটৰ লগত.......স্কলাৰচিপ ডলাৰত...............বায়ফিজিক্স উভালি পেলালো.... দেশ-বিদেশৰ চেমিনাৰত টক দিলো.... মানুহে বিজ্ঞানী বুলিবলৈ ধৰিলে.... যোৱাবছৰ প্ৰেষ্টিজিয়াচ ইয়ং চাইন্টিষ্ট এৱাৰ্ড টোৱে মোৰ নামটো বিয়পাই দিলে......... ভিতৰুৱা খবৰমতে এইবাৰ নবেলৰ সম্ভাব্য লিষ্টত বছৰ সৈতে মোৰ নামটোও আছে...
পৃথিৱীখন বহুত সলনি হৈ পৰিল.....কিন্ত মই যেন সলনি হব নোৱাৰিলো

"আফটাৰ ফিউ মিনিটচ উই উইল লেন্দ ইন বৰঝাৰ....প্লিজ টাইটেন য়ৰ চিট বেল্ট"
....ককপিটৰপৰা কেপ্তেইনৰ মাত ভাহি আহিল
খিৰিকীৰে তললৈ চালো.... ব্ৰহ্মপুত্ৰৰ বুকুত বহুতো সৰু সৰু বালিচৰ.......

এয়াৰপৰ্টৰপৰা ঘৰত খবৰ দিলো......নৱলৈ ফোন কৰিলো...... সি গুৱাহাটীতে আছে......কিন্ত আজি শহুৰেকৰ ঘৰলৈ গৈছে.... কাইলৈহে ফ্ৰী হব.......

আই. আই.টি লৈ গলো......ডিৰেক্টৰে কলে...জইনিংৰ ফৰ্মেলিটিখিনিত দুসপ্তাহমান লাগিব
গেষ্ট হাউচত অলপ ফ্ৰেচ হৈ ললো ......খিড়িকীৰে চালো......পুখুৰীৰ পাৰত কেইবাটাও লৰা-ছোৱালীৰ যোৰা......দুৰৈত মোৰ একালৰ হোষ্টেলটো....

নৱৰ কথা ভাবিলো.... সাংঘাটিক লৰা আছিল.... প্ৰচন্দ আশাবাদী.... এনথুৱাচটিক....কিন্ত আকোৰগোজ....... কিবা কৰিম বুলি ভাবিলে কৰি পেলায়.... স্থান-কাল পাত্ৰ পাহৰে.......বহুতে তাক ভাল নাপায়........ তাৰ মতে সেইটো তাৰ এটিটিউদ......তাৰ সত্বা......... যেতিয়াই ভাৱিছিলো এইবাৰ সি পাকত পৰিব......তেতিয়াই ফিনিক্সৰ দৰে পুনৰ ওলাই আহিছিল.......সি কৈছিল, যেতিয়ালৈকে তই মানুহৰ স্বাৰ্থ পুৰণ কৰ তই বৰ ভাল মানুহ.........কিন্ত যেতিয়াই তই মানুহৰ স্বাৰ্থত আঘাট কৰ...... তেতিয়া সিহতৰ বাবে তই হৈ পৰ পৃথিৱীৰ আটাইতকৈ বেয়া মানুহটো.....

কথাবোৰ বুজোতে মোৰ বহুত দিন লাগিল....

পাছদিনা নৱ আহিল.....আগৰ দৰেই চাৰমিং হৈ আছে......লগত দীঘল চিদান এখন....সুধিলো কাৰ পচন্দ...ৱাইফৰ...... তাৰ মতে সুখত থকাৰ এটাই কিটিপ........লৱাৰ ইয়ৰ এক্সপেকটেচন..... টেনচন নিজে নিজে কমি যাব...

পাত্ৰীৰ ঘৰ আজাৰাত, এযাৰপৰ্টৰ ওচৰত.... নৱই ড্ৰাইভ কৰিলে..... আগৰ জালুকবাৰীৰ চকটো নাই ... তাৰ সলনি ৩-৪ খন ফ্লাইওভাৰ হল.....ইখনৰ ওপৰেদি সিখন....... মাজতে নৱই ঠাই এডোখৰ দেখুৱাই কলে.... ইয়াতেই আমি পুবালীক প্ৰথম জোকাইছিলো.... তই চাইকেল চলাইছিলি, মই পাছফালৰ কেৰিয়াৰত...... পুবালীয়ে চেন্দেল হাতত লওতে দুয়োটা চাইকেল পেলাই পলাইছিলো........
ঠাইডোখৰ মোৰ অলপ অচিনাকি লাগিল

পাত্ৰীৰ ঘৰ পালোগৈ....আমাক আঠে বেথে বহিবলৈ দিলে..... ভাবী আত্মীয়ৰ লগত কথাবতৰা হল...... যথা সময়ত পাত্ৰী আহিল.... মুৰত ওৰনি.....কথাটো পচন্দ নহল........ বিবাহযোগ্যা নাৰী যে পণ্য নহয় তাৰ ওপৰত লেকচাৰ এটা দিলো.........লগত আমেৰিকাৰ ৰেফাৰেন্স.......

নৱই কলে.... দৰা কইনা দুয়োকে অলপ অকলশৰীয়াকৈ কখা পাতিব দিব লাগে.....মনৰ মিলেই আচল কথা
ভাবী শহুৰে মোক চাদলৈ লৈ গল......কলে....অলপ ৰোৱা......পাত্ৰীক পঠিয়াই আছো..

ছাদত জুলনা এখন আছে..... কাষত চকী কেইখনমান....... ছাদৰপৰা এয়াৰপৰ্টটো ভালকৈ দেখি..... বিমান এখন নামিছে...... দুৰৰপৰা আখৰবোৰ ধৰিব পৰা নাই ....... বিমানৰ ৰংটোৰপৰা অনুমান কৰিলো...কিংফিচাৰ .........

পাচফালে কোনোবা থকা যেন লাগিল...... ঘুৰি চালো....... পাত্ৰী থিয় দি আছে.....ওৰনিখন নাই

বৰাক হোষ্টেল.....ৰুম নং ৩০২.....দুৱাৰৰ খিলিটো ভালকৈ মৰা নাছিল...অলপ হেচা...... সিদিনা পাঠকক সম্পুৰ্ণকৈ দেখা পালো......লগত অলপ জোনাক......পৃথিৱীৰ জৈৱ এন্ধাৰ....... ছৰি বুলি কৈ গুচি আহিলো..... ছিৰিৰে নামি আহোতে পাঠকে ফোন কৰিলে... কথাবোৰ যাতে আনে গম নেপায়.....

এয়াৰপৰ্টলৈ চালো.... বিমান এখনে টেক অফ কৰিছে.......পাত্ৰীক সুধিলো.....পাঠকৰ কি খবৰ....
বহুত কেইখন বিমানে টেক অফ আৰু লেন্দিং কৰিলে.....

ঘুৰি আহি আছো......এইবাৰ ড্ৰাইভিং চিটত মই..... নৱক সুধিলো..... দুটা ঋণাত্মক সংখ্যা মিলিলে কি হব.... সি অন্যমনস্কভাৱে কলে...... পুৰণ কৰিলে ডাঙৰ পজিটিভ সংখ্যা

কেইদিনমান পাছত পাঠকে ফোন কৰিলে........মই তাক লগ নকৰা বাবে সি খং কৰিলে..... ইমানদিন ব্যস্ততাৰ বাবে খবৰ খাতি লৱ নোৱাৰাৰ বাবে দুখ কৰিলে আৰু ইয়াতেই থাকিম বুলি জানি আনন্দত জপিয়াই থকা বুলি প্ৰকাশ কৰিলে

তাক অলপ টানকৈয়ে কৈ দিলো.....বিয়ালৈ আহিব নালাগে

দন্দজ(1) ............... ঋতুকালৰ পাছত

তই আহিব নালাগে........পাঠকে একো বুজি নাপালে..... নাথ তাৰ পুৰনি বন্ধু....নিশ্চয় কৰবাত কিবা এটা খেলিমেলি হৈছে..... নাথক লগ কৰিব লাগিব
ব্ৰেকফাষ্ট কৰকহি...নিবেদিতাৰ মাত শুনা গল.....পাঠকৰ একো খাবৰ মন নগল.......মাত্ৰ ব্ৰেড দুচকল আৰু চাহ আধাকাপ খালে.... সি নাথৰ কথাবোৰেই ভাৱি থাকিল

পাঠকৰ কচিং চেন্টাৰ এটা আছে.... কনচেপ্ট হাব.....কেইদিনমান আগতে টিচাৰ এজন লাগে বুলি পেপাৰত দিছিল....... আজি ইন্টাৰভিউ আছে.... ভালকৈ বাছি এজনক ৰাখিব লাগিব

ছোৱালীজনীয়ে বগা বৰ্ডখনত ছয়কোণীয়া বেনজিন এটা আকিলে......  এইটোত এটা এমাইন আৰু মেটা পজিচনত মিথাইল এটা লগাই দিয়া.....  এইটোৰ লগত লিথিয়াম আৰু লিকুইড এমনিয়া দিলে কি হব......পাঠকে সুধিলে

ছোৱালীজনীয়ে বেচ কিছুসময় ভাবিলে.... তাৰ পাছত যিটো ষ্ট্ৰাকচাৰ আকিলে সেইটো দেখি পাঠকৰ হাহি উঠি গল........

এনেকুৱা সময়ত পাঠকৰ নৱলৈ মনত পৰে.... পাঠকৰ কম্পাউন্দ এটা চলুবুল হোৱা নাছিল.... বহুত হিট এন্দ ট্ৰায়েল মেথড কৰিও হোৱা নাই..... ইফালে গাইডে প্ৰেচাৰ দি আছে........ৰাতি দুটা বাজিছিল....... পাঠকে নৱলৈ ফোন কৰিলে......... নৱই পোন্ধৰ মিনিটমান কম্পাউন্দটোৰ পেৰেন্ট কম্পাউন্দ, সিহতৰ প্ৰপাৰ্টিৰ বিষয়ে সুধিলে, চিনথেচিচৰ ৰুটৰ বিষয়ে সুধিলে.....তাৰ পাছত বেপেৰুৱাভাৱে কলে...... এগিলাচ পানীত এচামুচ এচিটিক এছিড দিবি ...কন্দাকটেন্স ২০ মান আহিব....... তাত তোৰ কম্পাউন্দটো লাহে লাহে ঢালি থাকিবি...... বৰ্তমান তোৰ বগা ৰঙৰ কম্পাউন্দটোৱে ঈষত নীলা ৰঙৰ চলুচন এটা দিব......আয়নিক ট্ৰানজিচন........ সচাকৈয়ে চলুচনটো নীলা হৈ পৰিছিল........ পাছদিনা গাইডে লেৱত পাৰ্টি এটা দিছিল.......... সেইখনেই পাঠকৰ প্ৰথম আৰু একমাত্ৰ জেক্চ ৰ পেপাৰ আছিল.......

পাঠকে ছোৱালীজনীৰ মাৰ্কচিটখন চালে... প্ৰতিখনতেই ৮০-৯০ ৰ ঘৰত.....
পাঠকে সুধিলে... বাকী কিবা কিবি পৰীক্ষাবোৰ দিছিলানে.......

দি আছো, কিন্ত পৰীক্ষাবোৰ টান হয় তো.....

ঠিকেই, অলপ টানেই হয়...পাঠকে ভাবিলে

লগৰ জীৱনে এবাৰ কৈছিল... চাল্লা ছোৱালীবোৰে ইমান নম্বৰ পায়......ঘৰৰ চোতাল সাৰি খাকোতেও নোটছ মুখস্থ কৰি থাকে ছাগে

এই ছোৱালীজনীয়ে কেতিয়াবা চোতাল সাৰি পাইছে বুলি পাঠকৰ নালাগিল........

চাৰিওটা কেন্দিদেটৰ মাজত পাঠকে ছোৱালীজনীকেই বাছনি কৰিলে.... বাকীকেইটাৰ অৱস্থা আৰু তথৈবছ..........
ছোৱালীজনীক কনচেপ্ট হাবৰ ৰেডিমেড নোটছ আৰু ষ্টাডি মেটেৰিয়েল দি পাঠকে কলে........ এইখনি পঢ়াব লাগিব..... অহা সোমবাৰৰ পৰা...

ৰিচিচনৰ সময় আছিল....... পাঠকৰ পষ্ট-ডকৰ চেন্ট মেইলৰ সংখ্যা বাঢ়ি আহিছিল...... কিন্ত পজিটিভ ৰিপ্লাই নাছিল.........

তেতিয়া পাঠকে ভাবিলে...কচিং চেন্টাৰ খোলা যাওক......কচিংত ভাল টকা আছে
কিন্ত কথাবোৰ সহজ নাছিল.... তীব্ৰ কম্পিটিচন......তাতে নতুন কচিং চেন্টাৰ.......কোনেও লৰা-ছোৱালী দিব নোখোজে
পাঠকে কচিং চেন্টাৰটো বন্ধ কৰিব খুজিছিল...........
কৰপৰা জানো নৱ আহি ওলাল.......
কলে....তোৰ বিজনেচ মই দৌৰাই দিম..........কিন্ত লাভৰ ৩০ পাৰচেন্ট মোৰ........তই সম্পুৰ্ণ ফাইনান্স কৰিব লাগিব...........মই কেৱল আইদিয়া ইনভেষ্ট কৰিম

নৱই কৰবাৰপৰা লৰা-ছোৱালী কেইটামান লৈ আহিল........পাঠকক ফ্ৰীতে পঢ়াবলৈ কলে........
নৱই কেৱল মাজে মাজে খবৰ লৈ যায়
ইফালে মাষ্টৰক দৰমহা দিব লাগে......আনপিনে ফ্ৰী চাৰ্ভিচ.........ব্যৱসায়ত নিগেটিভ গেইন.........নৱৰ ঠাইত আন হোৱা হলে পাঠক কেতিয়াও মান্তি নহলহেতেন..... পাঠকৰ পকেট খালী হৈ আহিবলৈ ধৰিলে

জে.ই.ই ৰিজাল্ট দিলে..... নৱই অনা গোটেইকেইটা চিলেক্ট হল..........কনচেপ্ট হাবৰ নাম বিখ্যাত হৈ পৰিল........... তাৰ পাছত সুন্দৰকৈ ব্যৱসায় চলি আছে........ আই.আই.টি ৰ সপোন দেখুওৱাৰ ব্যৱসায়.......... এটা আইদিয়া ইনভেষ্ট কৰি নৱই নিজৰ ৩০% শ্বেয়াৰ লৈ থাকিল......

পাঠকে ঘড়ীলৈ চালে....তিনি বাজিছে.....নাথক আজিয়েই লগ কৰিব লাগিব..... এম এছ চি ৰ পাছত যেতিয়া নাথে চাকৰি বিচাৰি হাবাথুৰি খাইছিল, তেতিয়া পাঠকেই নাথক আই.আই.টি ত প্ৰজেক্টত জইন কৰিবলৈ মাতি আনিছিল... নিজৰ গাইডৰ যোগেদি চিফাৰিশ কৰাইছিল.........তেতিয়া সেইখিনি নকৰা হলে হয়তো নাথ, আজিৰ ড০ নাথ হৱ নোৱাৰিলেহেতেন...

নৱই এদিন কৈছিল.....সফলতাই মানুহক অন্ধ কৰে....এটা শব্দৰ সৃষ্টি হয়....অহংকাৰ

নাখৰ অহংকাৰখিনি চাবলৈ পাঠকৰ খুব মন গল............পাঠকে গাড়ীৰ স্পীড বঢ়াই দিলে.....

পাঠকৰ গাড়ী দুই নম্বৰ গেটেৰে সোমাল.......পাঠকে এটা ৰাইট টাৰ্ণ ললে......এইফালে গলে হোষ্টেলকেইটা দেখা পায়......নতুন হোষ্টেল এটা হৈছে....ব্ৰহ্মপুত্ৰ....নৰ্থ-ইষ্টৰ আটাইতকৈ ডাঙৰ হোষ্টেল.....১০০০ চিটাৰ

পাঠকে এটা লেফট টাৰ্ণ ললে.. সোফালে বৰাক হোষ্টেল..... বহুত কথা মনত পৰিল..... পাঠকৰ ৰুমটো আছিল ওপৰ মহলাত...৩০২....... এদিন সেই ৰুমটোত পাঠকে খুব মদ খাইছিল..... নৱই কৈছিল... আজি ট্ৰেজেদি হৈছে, মদ হেপাহ পলুৱাই খাইছ, খা.... কিন্ত সদায় এনেকে ট্ৰেজেদি নাফালিবি.... নহলে মদে এদিন তোক খাই পেলাব.....

কিছুদিন পাছত সি আকৌ মদ খাইছিল.....এইবাৰ কিন্ত  ট্ৰেজেদী নাছিল..... সিদিনা সি নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ বুলি ভাবিছিল......

পাঠকৰ গাড়ী গেষ্ট হাউচত ৰল......ৰিচেপচনত সুধিলে.....ড০ মুকুন্দ নাথ কোনটো ৰুমত আছে

পাঠকে কলিংবেল টিপিলে...এবাৰ,দুবাৰ,তিনিবাৰ...নাই , দুৱাৰ খোলাৰ কোনো উমঘাম নাই....পাঠকৰ অকৰা খংটো উঠি আহিল...দুৱাৰত জোৰে ঢকা এটা মাৰিলে.... দুৱাৰখন খোল খাই গল....ভিতৰত কোনো নাই.....পাঠকে বাথৰুমলৈ চালে..... দুৱাৰখন বন্ধ......পাঠকে ভাবিলে....নাথৰ এই বেমাৰটো ফৰেইনত থাকিও ভাল হোৱা নাই....
টেবুলত মেগাজিন এখন আছিল.... চাইন্স টুদে......কভাৰত থকা মানুহটো চিনাকি যেন লাগিল..... নাথ সচাকৈয়ে অলপ ডাঙৰ মানুহ হৈ গল........

বাথৰুমৰ দুৱাৰখন খোল খালে...... নাথ ওলাই আহিল.....পাঠকে চালে....আগৰ কেটেঙা নাথ হৈ থকা নাই... শকত হৈছে...চুলি কমিছে...পেট ওলাইছে

কি ভাই, একেবাৰে ফৰেইনাৰ হৈ গলি দেখোন.....পাঠকে কলে

নাখে নিৰুদ্দেগভাৱে কলে......মই তোক একেবাৰেই এক্সপেক্ট কৰা নাছিলো

পাঠকৰ খং উঠি গল.......চালা , তই মোক এক্সপেক্ট কৰা নাছিলি..ডাঙৰ মানুহ হৈ গলি তো......কিন্ত তই পাহৰি নাযাবি যে যেতিয়া তই ডলাৰ বগৰী হৈ ঘুৰি ফুৰিছিলি , তেতিয়া ময়েই তোক ইয়ালৈ মাতি আনিছিলো.....পুবালী যেতিয়া গুচি গৈছিল, তেতিয়াও মই তোৰ লগত আছিলো....আৰু আজি তই মোক এক্সপেক্ট নকৰ.......বেইমান

নাথৰ এক্সপ্ৰেচনৰ একো সলনি নহল.....

মাথো সুধিলে......বাগ্মিতা মহন্তৰ কি খবৰ

পাঠক অলপ অপ্ৰস্তত হৈ পৰিল.... ঠিক আগৰবাৰৰ দৰেই

জালুকবাৰীৰ কৃষ্ণচুড়া.......প্ৰেমৰ পোহাৰ.....উভৈনদী...
এখন বিয়াৰ চিঠি......... এখন টুলুঙা জাহাজ আৰু এটা নিৰ্বাক বন্দৰ

পাঠকৰ মনৰ পুৰনি কোঠা এটাৰ দুৱাৰখন খোল খাই গল
পৃথিৱীখন পাঠকৰ এটা সৰু গোলক যেন লাগিল ..........             To Be Continued..

শৈবাল ..................( ঋতুকাল আৰু দন্দজৰ পাছৰ অংশ)

পাঠকৰ এটা ইউৰোপীয়ান সপোন আছিল

বাগ্মিতাৰ নামটোৱে পাঠকক বহুদিন পাছলৈ লৈ গল

পাঠক তেতিয়া গুৱাহাটীলৈ আহিছে..... এম. এছ, চি পঢ়িবলৈ.........ইউনিভাৰচিটি..... চাৰিওফালে কৃষ্ণচুড়া আৰু কৃষ্ণচুড়া ...

ডিপাৰ্টমেন্টত চিনিয়ৰবোৰে চা-চিনাকি হবলৈ আহে.... সহজ অৰ্থত ৰেগিং...... ফুল এপাহ থাকে জুনিয়ৰবোৰে ফুলপাহ কোনোবা এজনক দি তিনিটা কাৰণ কব লাগে

ছোৱালীজনীয়ে বেচ সপ্ৰতিভভাবেই চিনিয়ৰৰ প্ৰশ্নবোৰ টেকল কৰিছে........
এডমিচনৰ দিনা ছোৱালীজনী বাপেকৰ লগত আহিছিল.... পাঠকক সুধিছিল..... ওচৰে পাজৰে ভাল ছোৱালী হোষ্টেল আছে নেকি..

পাঠকে হাতখন দাঙি লংকেশ্বেৰৰ পিনে দেখুৱাই কৈছিল......... সেইফালে বহুত ছোৱালী হোষ্টেল আছে.......ময়ো সেইপিনেই থাকো.....

শেষৰ বাক্যটো ছাগে বাপেকটোৰ পচন্দ নহল
ছোৱালীজনী সুন্দৰবৰীৰ হোষ্টেল এটাত থাকিবলৈ ললে......

ছোৱালীজনীয়ে ফুলপাহ পাঠকক দিলে.......সিদিনা পাঠকে গম পালে যে সি হেন্দচাম, চাৰমিং আৰু হেল্পফুল.........
পাঠকে জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা বেলেগ ধৰনৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে
এই সপোনটো কিন্ত ইউৰোপীয়ান সপোনটো নাছিল

ডিপাৰ্টমেন্টৰ ৱাল মেগাজিনত পাঠকে এটা ইংৰাজী কবিতা লিখিলে...... কবিতাটিৰ প্ৰতিটো শাৰীৰ প্ৰথম আখৰকেইটা মিলাই শব্দ এটা হয়...... ৱাল মেগাজিনৰ এডিটৰ জীৱনে সেইকেইটা আখৰৰ ওপৰত অলপ বেছিকৈ কলম ঘহাই দিলে..... নামটো ডাঠ হৈ জিলিকি উঠিল......... ৰজিতা...

সম্পুৰ্ন এটা চেমিষ্টাৰ পাঠকে ৰজিতাৰ সপোন দেখোতেই পাৰ হৈ গল........এদিন সাহ কৰি ৰজিতাক কথাবোৰ কৈ দিলে........

পাঠকৰ নন-ইউৰোপীয়ান সপোনটো ভাঙি থাকিল......

নৱই কলে....ৰজিতাই কিয় তোক য়েছ কব....তই নো কোন.......তই শচীন নেকি...নহয়, তোৰ বাপেৰ আম্বানি নেকি....নহয়, তই ফাৰ্চ ক্লাচ ফাৰ্ষ্ট...ওহো.......তই ভাল গান গাৱ.... সেইটোৱো নহয়...... আনকি তই দেখাত তুষাৰ কাপুৰৰ দৰেও নহয়......তই এটা বিলো এভাৰেজ পিচ....... তোৰ কিবা কোৱালিটি আছে জানো...

-কিন্ত মই তাইক খুব ভালপাও....একদম পিউৰ লাভ
-আচ্ছা...বাৰু কচোন.... নিশাই যদি তোক প্ৰপজ দিয়ে , কি কৰিবি

পাঠকে ভাবিলে.. নিশা আৰু তাক একেলগে দহ যেন লগা হব... সি শুকান এক আৰু তাই শকত শূন্য

-সেইটো কেনেকে হব....মই তাইক ভাল নাপাও...আৰু মোক কি ইমান বাজে বুলি ভাবিছ নেকি
-এক্সেক্টলি, মই তোক সেইটোৱেই বুজাব খুজিছো..... তোৰ দৰে চাৰে-চাৰিফুটীয়া তামোল এদালে এপ্ৰোচ কৰিলে ৰজিতাৰ দৰে ছোৱালীবোৰে ঠিক তেনেদৰেই ভাবিৱ...আফটাৰ অল তায়ো তো বাজে নহয়....
পৃথিৱীত প্ৰায়ভাগ মানুহেই প্ৰথমে তোৰ চোলাটো দেখে, তাৰ পাছৰ তোক, গতিকে তোক দেখা পাবলৈ তোৰ চোলাটো ভাল হবই লাগিব

পাঠকে নৱৰ কথাবোৰ বৰ বেছি নুবুজিলে......সি ভাবিলে.....নৱই বাৰু তাক ঠাট্টা কৰিলে নেকি

জালুকবাৰীত কৃষ্ণচুড়াবোৰ আকৌ ফুলিবলৈ আৰম্ভ কৰিছিল

ছোৱালীজনী মৰমলগা... ভয়ত তাইৰ গাল দুখন ৰঙা পৰিছে.... পাঠকৰ বেয়া লাগিল

-ঐ বিদি, কি কৰিছ ইয়াত, যা ক্লাছত যা

একেবাৰে চিনেমাৰ কাইদাৰে পাঠকে ছোৱালীজনীক ৰেগিং কৰি থকা চিনিয়ৰকেইটাৰ কবলৰপৰা উলিয়াই আনিলে

-দাদা থেংকচ, মোৰ বৰ অশান্তি লাগিছিল
- ইটচ অকে, পিছে তোমাৰ নাম কি, কোন ডিপাৰ্টমেন্টৰ.....পাঠকে সুধিলে
- মই ইংলিচ ডিপাৰ্টমেন্টৰ, বাগ্মিতা মহন্ত

পাঠকৰ কিবা এটা ভাল লাগিবলৈ আৰম্ভ কৰিলে....কিছুদিন পাছত পাঠকে তাইক বিদি বুলিব পৰা হৈ গল.....

এদিন বিদিয়ে কলে.........ইট দাজনট মেটাৰ হোৱাট দু য়ু দু অৰ হোৱেৰ য়ু বিলং, বাট য়ৰ এচেন্স অৱ য়ৰ চউল মেক মি দিভাইন.......
এটা সপোন আৰম্ভ হৈছিল...
পাঠকৰ চিঞৰি চিঞৰি কবলৈ মন গল ....সকলো মানুহ একে নহয়

এম.এচ.চি শেষ হল..... পাঠকে আই. আই টি ত পি.এইচ.ডি জইন কৰিলে....সিদিনা বিনিৰ লগত সি উগ্ৰতাৰা মন্দিৰলৈ গল.......তাত জ্যোতিষী এজনে দুয়োৰে হাত চালে.... কলে..... একেবাৰে খাটি যোৰা....চৈধ্য জনমৰ লগৰী....... পাঠকৰ পকেটৰ পৰা পঞ্চাছ টকীয়া এখন ওলাই আহিল....পাঠকৰ সপোনটোও ইউৰোপীয়ান হৈ গৈছিল

মাজতে এদিন পাঠকে পানবজাৰত নাথক লগ পালে.....নাথৰ লগত পুবালী.....নাথে কলে...বৰ দিগদাৰ হৈছে....সোনকালই কিবা এটা নহলে সি বলিয়া হৈ যাব ....

কেইদিনমান পাছত পাঠকে নাথলৈ খবৰ পঠালে....আই.আই.টি ত প্ৰজেক্ট এটা আছে...২ বছৰীয়া...১২ হাজাৰকৈ দিব....

পাঠকে বিদিক লুকুৱাই ৰাখিব খুজিছিল.....লপৰ কোনেও পাঠক আৰু বিদিক একেলগে দেখা নাছিল

বৰাক হোষ্টেল....ৰুম নং ৩০২.....ৰুমটোত এন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল..... হঠাত দুৱাৰখন খোল খাই গল.... দুৱাৰৰ মুখত নাথ.....পাঠক অপ্ৰস্তত হল..... লগত বিদিও........... ছৰি বুলি কৈ নাথ গুচি গল......... পাঠক নাথলৈ ফোন কৰিলে...... কথাবোৰ যাতে বেয়াকৈ ওলাই নপৰে

সকলো ঠিকে ঠাকে চলি আছিল.....পাঠকৰ জেকচ ত পেপাৰ এখনো হল....সিদিনা বিদি আৰু সি হেং আউতত ডিনাৰ কৰিলে...... ইউৰোপীয়ান সপোনটো ডাঙৰ হৈ আহিল

পাঠকে ৰিচাৰ্চৰ কামত মন দিলে.....বিদিক আগৰদৰে সময় দিব নোৱাৰা হল......গাইডে কেইমাহমানৰ বাবে পাঠকক চি.ডি.এল লৈ পঠিয়ালে..... পাঠক খুব ব্যস্ত হৈ পৰিল......

চি.ডি.এলৰ এক্সপিৰিয়েন্স লৈ পাঠক ঘুৰি আহিল.....
পাঠকে লেৱত পেপাৰ চাৰ্চ কৰি আছিল.....শাংকবে এটা খাম দি কলে, এইখন ল.....পাঠকে খামটো খুলিলে......ভিতৰত এখন বিয়াৰ চিঠি.........পেপাৰ চাৰ্চ কৰা আৰু নহল........ বাগ্মিতা মহন্ত ৱেডচ অচিন্ত্য বৰঠাকুৰ......

পাঠকে বিদিলৈ ফোন কৰিলে...... নট ৰিচেবল.....পাঠকৰ ইউৰোপীয়ান সপোনটো ঠুনুকা হৈ পৰিল

অৱশেষত বিদিৰ ফোনটো লাগিল........পাঠকে সুধিলে...এইবোৰ কি........বিদিয়ে কলে....ঘৰৰ প্ৰেচাৰ , মা-দেউতাই ব্লেকমেইল কৰিছে, তাতে আমাৰ কাষ্ট ও নিমিলে... আৰু বহুত কিবা কিবি....
পাঠকে শুনিবলৈ পালে....তুমি মোক ভুল নুবুজিবা.... মোক পাহৰিবলৈ চেষ্টা কৰা, অল দা বেষ্ট ফৰ ইয়ৰ ফিউচাৰ............

পাঠকে খবৰ লৈ গম পালে...অচিন্ত্য বৰঠাকুৰ পেচাত ডাক্টৰ...আমেৰিকাৰ চিকাগোত থাকে...দেউতাক উজনিৰ টি প্লেন্টাৰ

ইউৰোপীয়ান সপোনটো খহিবলৈ আৰম্ভ কৰিছিল

সিদিনা পাঠকে খুব মদ খালে.....লগত নৱ...পাঠকে আবোল তাবোল বকিলে....নৱই কলে....তই ট্ৰেজেডী ফালিছ হয়, কিন্ত যিয়ে তোক ট্ৰেজেদী ফলাইছে তাই সাৰি যাব নেকি
-তাইক মই খুব ভালপাও, একেবাৰে সচা ভালপোৱা
-বাদ দে তোৰ লাভ, চাৰি বছৰীয়া পিউৰ লাভ দেখিলো নহয়.....অন্যায় কৰাটো যিমান ভূল, অন্যায় নীৰৱে সহ্য কৰাটোও সমানেই ডাঙৰ ভূল......

পাঠকৰ নিচা কমিবলৈ আৰম্ভ কৰিলে

হেল্লো, বৰঠাকুৰ নহয় জানো...মোৰ নাম দ্ৰুমিল পাঠক....আপোনাৰ লগত ইম্পৰটেন্ট কাম এটা আছিল....আপোনাৰ কামত অহা কাম...

চানৰাইজ ৰেষ্টুৰেন্টত নৱৰ লগত গৈ পাঠকে বৰঠাকুৰক লগ কৰিলে...

বৰঠাকুৰে পাঠকক পাত্তা দিয়া নাছিল ....... আপোনালোকৰ দৰে বিয়া ভাঙিব অহা বজৰুৱা প্ৰেমিকবোৰৰ কথা মানুহৰ মুখত শুনিবলৈ পাইছিলো, আজি দেখাৰ সৌভাগ্য হল.....বৰঠাকুৰে কলে

পাঠকে খুব লাজ পালে...কিন্ত নৱ....নৱই কেতিয়াও সহজে হাৰ নামানে

চাৰি বছৰীয়া গভীৰ ভালপোৱা যদি বজৰুৱা হয়, তেন্তে পৃথিৱীত সকলো বস্তৱেই বজৰুৱা...
নৱই পকেটৰ পৰা পেকেট এটা উলিয়াই বৰঠাকুৰৰ হাতত দি কলে......এই পেকেটতোত বহুত গভীৰতা লুকাই আছে......আশাকৰো চিকাগোৰ ক্লিনিকত যদি কেতিয়াবা আপুনি পাঠক নামৰ পেচেন্ট এজনৰ অপাৰেচন কৰিব লগা হয়, আপোনাৰ হাতখন যাতে কপিবলগীয়া নহয়........

বৰঠাকুৰক আলপ চিন্তিত দেখা গল

কিছুদিন পাছত বিদিয়ে ফোন কৰিলে......এটা সময়ত উচুপনিৰ বাহিৰে একো শুনা নগল........

সিদিনা পাঠকে খুব মদ খালে...ফুৰ্তিত সি মতলীয়া হৈ পৰিল.......
পাঠকৰ নিচা লাগিবলৈ আৰম্ভ হৈছিল
নৱই কলে....কথাবোৰ অলপ বেয়া হৈ গল নেকি

ইউৰোপীয়ান সপোনটো হয়তো কেতিয়াবাই শেষ হৈছিল             To Be Continued…………. 

বিবৰ্ণ .................(শৈবাল  ৰ পাছৰ অংশ)

(পুৰ্বাভাষ.............কাহিনীৰ আগৰছোৱাত..................
(ঋতুকাল- বিদেশত গবেষণাৰত ড০ মুকুন্দ নাথ পুৰনি বন্ধু নৱৰ লগত কইনা চাবলৈ গল, কিন্ত পুৰনি অধ্যায় এটা খোল খাই পৰিল)
(দন্দজ-পাঠকে নাথলৈ ফোন কৰাত নাথে বেয়াকৈ কলে, পাঠকৰ দুখ লাগিল,সি নাথক কৰা সহায়বোৰ সোৱৰাই দিলে)
(শৈবাল-পাঠক আৰু বাগ্মিতাৰ কাহিনী....................)
(বিবৰ্ণ- সকলোৰে এটা অতীত থাকে, নৱও ব্যতিক্ৰম নহয় ..............)


পৃথিৱীত যেতিয়া এন্ধাৰবোৰ ডাঠ হৈ আহে, তেতিয়া সৰহসংখ্যক মানুহে পলাবলৈ চেষ্টা কৰে.... কিছুমানে পোহৰ হোৱালৈ বাট চায়......... আৰু মুষ্টিমেয় কিছুমানে এন্ধাৰত মানুহ চিনিবলৈ আৰম্ভ কৰে.......

ধৰিত্ৰীয়ে লক্ষ্য কৰিলে, কিছুদিনৰপৰা নৱৰ কিবা এটা হৈছে, মানুহটো অন্যমনস্ক হৈ থাকে, এইকেইদিন খোৱা বোৱাও ঠিকমতে কৰা নাই, বন্ধু এজনৰ সৈতে এদিন কৰবালৈ ওলাই গৈছিল....তাৰপাছত মানুহটো যেন আগৰ দৰে সহজ হৈ থকা নাই

আবেলি নৱ আহিল, ক্লান্ত চেহেৰা.....জীৰ্ণ শৰীৰ

-চাহ একাপ দিয়া....... নৱ অলপ ফ্ৰেচ হবলৈ বাথৰুমত সোমাল

- আপোনাৰ হৈছে কি, এইকেইদিন বেলেগ বেলেগ লাগিছে.......ধৰিত্ৰীয়ে সুধিলে
- না..নাই কতনো কি হোৱা দেখিলা, মইটো ঠিকেই আছো
- নহয়, কিবা এটা হৈছে, আপুনি কিবা লুকুৱাব খুজিছে, কিবা এটা খুব ডাঙৰ কথা

নৱই এদিন জয়ন্তক কৈছিল....মনটোত যেতিয়া কথা কিছুমান সোমাই গধুৰ কৰি তোলে, তেতিয়া কথাবোৰ কোনোবা ওচৰৰ মানুহক কৈ দিব লাগে....তেতিয়া বতৰটো ফৰকাল হৈ যায়

নৱই ভাৱিলে....কথাবোৰ কৈ দিলে সি বহুত পাতল হৈ যাব, কোনো কথা নাই....কিন্ত ধৰিত্ৰী গধুৰ হৈ নেযায়তো..... নাই........ধৰিত্ৰীয়ে তাক বুজিব....বুজিবই লাগিব..........
কথাবোৰ খুব বেছি নতুন নহয়.....কিন্ত কিছুমান কথা হয়তো কেতিয়াও পুৰনি হৈ নেযায়.........
নৱই কৈ গ'ল........এজন মানুহ আছিল....
মানুহজনে খুব ভাল কথা কৈছিল, মানুহে শুনি ভাল পোৱা কথা, ফ্ৰেচাৰ্চৰ দিনা তেও খুব ধুনীয়া লেকচাৰ এটা দিছিল, তেওঁ জীৱনৰ কথা কৈছিল, তেওঁ আমাক কিছুমান সপোনৰ কথা কৈছিল, তেওঁৰ ব্যক্তিত্বত আমি অভিভূত হৈ পৰিছিলো, সেইখিনি সময়ত তেওঁ আমাৰ বাবে আইডল আছিল
তেওঁ জানিছিল, সঁচা কথাবোৰ মানুহে শুনিবলৈ নিবিচাৰে, বহুত সচা কথা তেওঁ কোৱা নাছিল

আমাৰ লগত লৰা এটা আছিল... চন্দন...চন্দন দেবনাথ......পুজাত বাপেকে তাক নতুন কাপোৰ লবলৈ পইচা পঠিয়াইছিল..... সেইখিনি টকাৰে সি কেম্পৰ স্পেকট্ৰোস্কপি খন কিনিছিল.....আমাক কৈছিল...বহুত বঢ়িয়া কিতাপ..... তহতি ইচ্ছা কৰিলে মোৰপৰা লৈ পঢ়িবি

স্পেকট্ৰামত বহুত ৰং থাকে, কিন্ত বগা আৰু ক'লা ৰং দুটা নাথাকে......কিন্ত জানা ধৰিত্ৰী, বাস্তৱৰ পৃথিৱীত মানুহৰ ৰং দুটা.....বগা আৰু ক'লা

চন্দনে কিতাপ পঢ়ি ভাল পাইছিল, যিটো ভাল লাগে সেইটো গভীৰভাৱে পঢ়িছিল, হি পজেচড ব্ৰিলিয়ান্ট কনচেপ্ট.......... কিন্ত তাৰ এটাই সমস্যা আছিল.... সি ক্লাছ-নোট বা ছিলেবাছক গুৰুত্ব দিয়া নাছিল

ইউনিট আৰু চিলেকচন টেষ্টত নম্বৰ কম পোৱা বাবে আমাৰ লগৰ বহুত কেইজনক হেডে ফাইনেলৰ কাৰণে ফৰ্ম ফিলাপ কৰিবলৈ নিদিলে....তাৰ মাজত চন্দনৰ নামো আছিল
চন্দন কান্দোনত ভাঙি পৰিছিল........মই ক'লো.....বল....মানুহজনৰ ওচৰলৈ যাওঁ...... তেওঁ নিশ্চয় কিবা এটা কৰিব

আমি মানুহজনৰ কোঠালৈ সোমাই গৈছিলো......ডিপাৰ্টমেন্টৰ হেড বি.কে.এম............মানুহজনক কথাবোৰ কলো.... বহুত কাকূতি মিনতি কৰিলো.....তেওঁ নামানিলে....তেওঁৰ মতে তেওঁক ১০০ পাছ পাৰ্চেন্টেজ লাগে, নহলে তেওৰ প্ৰেষ্টিজ ডাউন হৈ যাব, চন্দনহতৰ দৰে আন্দাৰ পাৰ্ফম ষ্টুডেন্টক ফাইনেলত বহিব দিলে সিহতে ফেল কৰিব আৰু তেতিয়া ডিপাৰ্টমেম্টৰ লগতে তেওৰ ৰেপুটেচনো কমি যাব, যিটো তেওঁ কেতিয়াও নকৰে....

মই ক'লো....চন্দনহতে নম্বৰ কম পাইছে সচা, কিন্ত এজন শিক্ষক হিচাপে আপুনি সিহতৰ পৰীক্ষাত নম্বৰ কম পোৱাৰ কাৰণবোৰ এনালাইচিচ কৰি আগলৈ যাতে ভূলবোৰ নকৰে তাৰ বাবে সঠিক দিহা পৰামৰ্শ দিব লাগিছিল, সিহতক বাট দেখুৱাব লাগিছিল....কিন্ত আপুনি সিহতৰ সপোনবোৰ ভাঙি দিছে

মানুহজনৰ খং উঠিবলৈ ধৰিছিল....

ইটচ নট দা দিউটি অৱ এ টিচাৰ টু থ্ৰ হিজ উইক ষ্টুডেন্টচ টু দা ডাষ্টবিন ...... বাট টু আপলিফ্ট দেয়াৰ মৰেল চো দেট দে কেন পাফৰ্ম দেয়াৰ বেষ্ট এট দা বেষ্ট প্লেটফৰ্ম

মানুহজনে কলে...... হু আৰ ইউ টু টিচ মি......গেট আউট

মোৰো খং উঠি আহিছিল..... মই ক'লো...... এটা কথা কওঁক..... আপুনি আমাক গেৰান্টি দিব পাৰিব নেকি যে গ্ৰেজুৱেচনৰ পাছত আমি এটা ভাল চাকৰি পামেই... নিশ্চয় নোৱাৰে...... আমাক কেম্পাছ প্লেছমেন্ট দিব পাৰিব....নোৱাৰে......আপুনি কটা কুৱ্চেন পেপাৰত আপুনি দিয়া নোটছ লিখি হয়তো এখন ভাল মাৰ্কচিট পাম কিন্ত সেইখন মাৰ্কচিটে আমাক কোনো কম্পিটিটিভ এক্সাম বা ইন্টাৰভিউত পাছ কৰাব নোৱাৰে...... আপুনি যদি কাৰোবাক এটা সচ্চল ভৱিষ্যত দিব নোৱাৰে, তেন্তে কাৰোবাৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অধিকাৰো আপোনাৰ নাই ..... এইখিনি কথা আপুনিও জানে.... বাট য়ু আৰ এক্টিং লাইক এ হিপোক্ৰেট........ এ মাস্কড হিপোক্ৰেট

মানুহজন খঙত কপিবলৈ ধৰিছিল.... মই তেওঁৰ ইগো ত প্ৰচন্দ আঘাট কৰিছিলো

আমি হেডৰ ৰুমৰপৰা ওলাই আহিলো .... চন্দনে কলে...... তই কি কৰিলি..... এতিয়া হেডে তোক সুদাই এৰিব জানো..... প্ৰেক্টিকেলত তোৰ ৱাট লগাই দিব

মই তাক কৈছিলো......... মই একো ভূল কৰা নাই.... গতিকে মোৰ লগত একো ভূল হব নোৱাৰে......... তেওঁ হয়তো মোৰ কেৰিয়াৰ বেয়া কৰিব পাৰে... কিন্ত মোৰ সত্তা, মোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে

মনত বহুতো দুখ লৈ চন্দন গুচি গৈছিল...........

থিয়ৰী শেষ হল......চন্দনৰ কথা মনত পৰিল.......প্ৰেক্টিকেলৰ দিনা ভয় লাগিবলৈ ধৰিলে.... কিন্ত সিদিনা ভাইভা ফালি দিলো..... চন্দনে দি যোৱা কনচেপ্টবোৰ কামত আহিল.......... যেতিয়া মই ৱাটাৰৰ ভাইব্ৰেচন মড কেইটা গ্ৰুপ থিয়ৰী ব্যৱহাৰ কৰি এক্সপ্লেইন কৰি দিলো......... এক্সটাৰনেল তধা লাগি চাই থাকিল.........

ভাইভাৰ পাছত এক্সটাৰনেল মোক একাষৰীয়াকৈ মাতি সুধিলে...... হেডে অলপ বেলেগকৈ কৈছে দেখোন....... কথাটো কি...

মই সকলোবোৰ কথা কৈ দিলো....... এক্সটাৰনেলে হাঁহিলে

সেইবাৰ হেডে মোৰ নোম লৰাব নোৱাৰিলে...... পাছৰ বছৰতো একেজন মানুহ এক্সটাৰনেল হৈ আহিল........ সেইবাৰো বাচি গলো

কিন্ত থাৰ্ড ইয়াৰত বেলেগ এজন এক্সটাৰনেল আহিল...... হেডে নিজৰ ক্ষমতা দেখুৱাই দিলে.... সেইবাৰ প্ৰেক্টিকেলত অকল পাছ মাৰ্কটো পালো..... সেইবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট টো বেলেগ এখন কলেজৰ পৰা হল.....

মই প্ৰেক্টিকেলত দুশৰ ভিতৰত আশী পালো, মুঠ নম্বৰ ৭৪১..... সেইবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট টোৱে প্ৰেক্টিকেলত ১৯২ পাইছিল, তাৰ টটেল মাৰ্ক ৭৮২......... এই একচল্লিছ নম্বৰৰ মাজত উনৈশটা নাম সোমাই পৰিল...........

এসময়ত ডিপাৰ্টমেন্টৰ ৰেপুটেচনৰ নামত চন্দনহতক দলিয়াই পেলোৱা মানুহজনে ডিপাৰ্টমেন্টৰ মিটিঙত কৈছিল....... এইবাৰ আমাৰ ষ্টুদেন্টে ফাৰ্ষ্ট পজিচনটো নাপালে, বাট উই উইল ৱৰ্ক হাৰ্ড টু ব্ৰিং আৱাৰ গ্লৰি বেক.......শুনি থকা মানুহবোৰে হাতচাপৰি বজাইছিল

ইউনিভাৰচিটিত এম.এছ.চি ৰ বাবে এপ্লাই কৰিলো.... মোৰ আগৰজনে এডমিচন লোৱাৰ পাছত জেনেৰেল কেটেগৰীৰ দুৱাৰখন বন্ধ হৈ পৰিল.... এডমিচন হলটোৰপৰা মোৰ ওলাই আহিবলৈ মন নগ'ল....এডমিচনৰ শেষলৈকে তাতেই বহি থাকিলো........ এসময়ত কনভেনৰে ঘোষণা কৰিলে...... দা এডমিচন প্ৰচেচ ইজ ওভাৰ

মই স্থবিৰ হৈ পৰিলো....... বহুত সপোন চুৰমাৰ হৈ গ'ল.........হলটোৰ বাহিৰলৈ ওলাই আহিলো....... বাহিৰত তীব্ৰ বৰষুণ..... মই ডিপাৰ্টমেন্টটোৰ বাৰান্দাত খিয় হলো..... এটোপ দুটোপকৈ বৰষুণৰ ছিটিকনি মোৰ গাত পৰিবলৈ ধৰিলে........ এটা সময়ত বৰষুণ আৰু মোৰ চকুৰ পানী একাকাৰ হৈ পৰিল...

আকাশখন মেঘে আৱৰি ধৰিছিল.............মোৰ পৃথিৱীখনো এন্ধাৰ হৈ আহিবলৈ ধৰিলে

ডিপাৰ্টমেন্টলৈ মুল ৰাষ্টাৰ পৰা পকাৰ চিৰি এটা আছে.... সেইফালেদি মানুহ এজন উঠি আহিছিল.......মানুহজন মোৰ ওচৰত ৰ'ল....সুধিলে..... কি খবৰ...ৰিজাল্ট কেনে হ'ল......
মানুহজন আছিল সেই এক্সটাৰনেলজন........প্ৰফেচৰ পি.জে.কাকতি

কাকতি ছাৰে মোক কনভেনৰৰ ওচৰলৈ লৈ গ'ল.........কনভেনৰে কলে.... গোটেইকেইটা ছীট ফিল আপ হৈ গৈছে......

........টিচাৰ্চ কোটাত এডমিচন দি দিয়া........মাই গেৰান্টি...দিচ বয় উইল নেভাৰ লেট ইউ দাউন.....

এডমিচন হৈ গল......কাকতি ছাৰে মোক কলে......ইটছ বেটাৰ টু চেইল উইথ দা উইন্ড.....বাট নেভাৰ লুজ য়ৰচেল্ফ ইন দা উইন্ড...........
মই বতাহৰ দিশত নাও মেলিবলৈ আৰম্ভ কৰিলো..........ইউনিভাৰচিটিৰ গল্ড মেডেলিষ্ট, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ টপাৰ......

সময়বোৰ পাৰ হৈ গৈ থাকিল.........বহুত সময়.......ময়ো বহুত কথা পাহৰি পেলাইছিলো......

 মোৰ লগৰ এটাই আই.আই.টি ত পি.এইচ.ডি কৰি আছিল....দ্ৰুমিল পাঠক......তাক ছোৱালী এজনীয়ে বিট্ৰে কৰিছিল..... সেইদিনা সি খুব মদ খাইছিলে.... মদৰ নিচাত সি বহুত কিবা কিবি কৈছিল....... কিন্ত যেতিয়া সি ছোৱালীজনীৰ বাপেকৰ কথা কলে, মই হিতাহিত জ্ঞান হেৰুৱাই পেলালো.....বি.কে.মহন্তৰ প্ৰতি থকা মোৰ প্ৰতিশোধৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল....

পাঠকৰ মনটো ঘুৰাই পেলালো.......
বি.কে.মহন্তৰ ভাবী জোৱাই আৰু মিতিৰলৈ বেনামী চিঠি লিখিলো....লগত ফটোচপত এদিট কৰা ফটো কেইখনমান.......প্ৰতিশোধৰ স্পৃহাই মোক বৰ তললৈ লৈ গল

কথাবোৰ জনাৰ পাছত মহন্তৰ ভাবী মিতিৰ বৰঠাকুৰ ক্ষোভিত হৈ পৰিল....বৰঠাকুৰে নিজৰ প্ৰতিপত্তি ব্যৱহাৰ কৰি মহন্তৰ সামাজিক মৰ্য্যদা ধুলিত্সাত্ কৰি দিলে........ মোৰ প্ৰতিশোধৰ জুইত বাগ্মিতা মহন্তৰ জীৱনটো ছাই হৈ পৰিল......হয়তো পাঠকৰো.....

নৱ কিছুসময় মৌন হৈ ৰল.......তাৰ পাছত কলে...জানা ধৰিত্ৰী.......সিদিনা যে গৈছিলো, নাথৰ লগত ........... আমি মহন্তৰ ঘৰলৈ গৈছিলো........নাথ এন্দ বাগ্মিতা আৰ চাপোজদ টু বি মেৰিদ.........দা আইৰনি অৱ লাইফ.........আৰু কি জানা , নাথে পুৱালীক ভাল পাইছিল...........আৰু তাৰপৰা পুৱালীক মইয়েই আতৰাই লৈ আনিছিলো..........আই জাষ্ট ব্ৰক দেয়াৰ ড্ৰীমজ...........

মই সকলোকে প্ৰতাৰণা কৰিছো....নাথ, পাঠক, পুৱালী..........নিজৰ স্বাৰ্থৰ বাবে......হয়তো তোমাকো মই ইমানদিনে আন্ধাৰত ৰাখিছো..............মই.....মই এটা বৰ নীচ মানুহ, এটা অজামিল..............

নৱই হুকহুকাই কান্দি দিলে.........ধৰিত্ৰী নিৰ্বাক হৈ পৰিল    পৃথিৱীখন সচাকৈয়ে ঘুৰণীয়া..........থিক এটা সৰু নাৰিকলৰ লাডুৰ দৰেই                             To be Continued

পুৰ্বাভাষ.............কাহিনীৰ আগৰছোৱাত..................
(ঋতুকাল- বিদেশত গবেষণাৰত নাথ পুৰনি বন্ধু নৱৰ লগত কইনা চাবলৈ গল, কিন্ত পুৰনি অধ্যায় এটা খোল খাই পৰিল)
(দন্দজ-পাঠকে নাথলৈ ফোন কৰাত নাথে বেয়াকৈ কলে, পাঠকৰ দুখ লাগিল,সি নাথক কৰা সহায়বোৰ সোৱৰাই দিলে)
(শৈবাল-পাঠক আৰু বাগ্মিতাৰ কাহিনী....................)
(বিবৰ্ণ- সকলোৰে এটা অতীত থাকে, নৱও ব্যতিক্ৰম নহয় ..............)

সন্ধিক্ষণ
পৃথিৱীখন সচাকৈয়ে ঘুৰণীয়া, ঠিক এটা নাৰিকলৰ লাডুৰ দৰেই..
কিমান সময় পাৰ হৈ গল ধৰিত্ৰীয়ে কব নোৱাৰিলে........ নৱৰ কথাবোৰে বহুত খেলিমেলি লগাই দিলে.........ধৰিত্ৰীয়ে নৱলৈ চালে
টেবুলত উচুপি থকা বিবৰ্ন মানুহজন যেন এটা বেলেগ মানুহ, ধৰিত্ৰীয়ে চিনি পোৱা নৱটো নহয়........

দিল্লী ইউনিভাৰচিটীৰ লাষ্ট চেমিষ্টাৰটো দি ধৰিত্ৰী কেইদিনমানৰ বাবে বায়েকৰ ঘৰলৈ আহিছিল..... বায়েক গুৱাহাটীত থাকে, ভিনিহিয়েক ভদাফনৰ মাৰ্কেটিং মেনেজাৰ......বায়েকহত থকা ফ্লেটটোৰ নাম মেঘমল্লাৰ এনক্লেভ, বায়েকহতৰটো ৩ বি.এইচ.কে এপাৰ্টমেন্ট....... থাৰ্ড ফ্লৰ..........


ফ্লেটটোৰ পশ্চিমফালে ফিল্ড এখন আছে, প্ৰতিবছৰে তাত ডাঙৰকৈ বিহু ফাংচন হয়, সিদিনা তাত ক্ৰিকেট টুৰ্ণামেন্ট এখনৰ ফাইনেল চলি আছিল

খিটলিং..... এপাৰ্টমেন্টটোৰ ফিল্ডখনৰ পিনে থকা খিৰিকীখনত বল এটা পৰিল...... বলটো বাগৰি বাগৰি ধৰিত্ৰীৰ ওচৰ পালেহি....
এইকেইটাৰপৰা নোৱাৰি দেই..... সদায় ক্ৰিকেট খেলি আমাৰ খিড়িকীত বল পেলাব.... বায়েক ভোৰভোৰাই উঠিল

বাইদেউ, অ বাইদেউ, বল এটা পৰিছে, দিয়কচোন.......তলৰপৰা কাৰোবাৰ মাত ভাহি আহিল
ধৰিত্ৰী বেলকনিলৈ ওলাই গল..... তলত পিলিঙা এটা ৰৈ আছে.... ধৰিত্ৰীক দেখি তাৰ কলা-হালধীয়া দাতকেইটা ওলাই পৰিল......
বলটো তললৈ দলিয়াই দি ধৰিত্ৰীয়ে কলে..... আকৌ যদি বল আহে নিদিও কিন্ত...কৈ দিছো........

পিলিঙাটোৱে ফিল্ডলৈ গৈ চিঞৰিলে...... বাইদেউ একদম গৰম মানে হট হৈ আছে... ডাইৰেকচন মিলাই চিক্সাৰ মাৰিব দিছে......
বেটছমেনটোৱে কান্ধত বেটখন লৈ ধৰিত্ৰীৰ পিনে চাই হাহি দিলে....

অসভ্য কৰবাৰ.... ধৰিত্ৰী ভিতৰলৈ সোমাই গল

আধাঘন্টা মান পাছত ধৰিত্ৰী আকৌ বেলকনিলৈ আহিল....... খেল তেতিযাও চলি আছে.... আগৰ ছিক্সাৰ কোবোৱা বেটছমেনটো নন-ষ্ট্ৰাইকিং এন্ডত..... কোনোবা এটাই চিঞৰিলে, লাষ্ট অভাৰ ২৪ ৰান লাগে.....

বলাৰটোৱে প্ৰথম বলটো কৰিলে......ষ্ট্ৰাইকিং এন্ডৰ বেটছমেনটোৱে গাৰ বলেৰে বেট ঘুৰালে.....নন-ষ্ট্ৰাইকিং এন্ডৰ বেটচমেন দৌৰি ষ্ট্ৰাইকিং এন্ড পাই গল......ইফালে ষ্ট্ৰাইকিং এন্ডৰ বেটছমেনটোৱে দৌৰিবলৈ আৰম্ভ কৰোতেই সিটো মুৰত ফিল্ডাৰে বেল পেলাই দিলে.....ৰান আউট

পাচটা বল, চাৰিটা ছয়ৰ প্ৰয়োজন......
বলাৰে বল দিবলৈ আহিল, ধৰিত্ৰীয়ে ভাবিলে.... দেখা যাওক বেটছমেনটোৱে কি কৰে...... বোধহয় চকুমুদি বেট ঘুৰাব..... তৰিলে ট্ৰফী, মৰিলে পেভিলিয়ন

বেটছমেনটোৱে এটা সুন্দৰ ফৰৱাৰ্ড ডিফেন্সিভ শ্বট খেলিলে, বলটো পিটছৰ বাহিৰেই নহল, নো ৰান.........
ধৰিত্ৰীৰ খং উঠি গল, ননচেন্স কৰবাৰ, এনেকুৱা পজিচনত ষ্টপ কৰিছে, সেইকাৰনেই ইহতচবৰ উন্নতি নাই,নিজে ছয় মাৰিব নোৱাৰ নাই, অন্ততঃ চিংগল লৈ বেলেগক চান্স দে,  বুৰ্বক, ইডিয়ট....


চাৰিটা বল, চাৰিটা ছয়ৰ প্ৰয়োজন......
আপিচ কভাৰ ড্ৰাইভ.... কভাৰৰ ওপৰেদি ছয়
য়ৰ্কাৰ লেংথৰ বল.... ৰিষ্টি ফ্লিক.... স্কুৱেৰ লেগৰ ওপৰেৰে বল বাউন্ডেৰীৰ বাহিৰ
ফুল টছ...... মিড অনৰ ওপৰেদি চিক্সাৰ

লাষ্ট বল, এটা ছয়ৰ প্ৰয়োজন......ফিল্ডখনৰ বাহিৰে ভিতৰে থকা সকলোৰে উতকন্ঠা.....
বলাৰে বল দিলে , গুদ লেংথ বল, বেটছমেনে বেকফুটত গৈ পুল কৰিলে, বলটো ওপৰলৈ উঠিল........ ধৰিত্ৰীয়ে দেখিলে বলটো তাইৰ পিনে আহি আছে..... আহিয়েই আছে... ধৰিত্ৰীয়ে কোনোমতে হাউলি দিলে.... বলটো তাইৰ কানৰ কাষৰে পাৰ হৈ গৈ খিড়িকীত পৰিল.... আইনাখন ভাগি থাকিল
ফিল্ডৰ পৰা পৰা অহা হৈ-হাল্লা আৰু উল্লাসৰ শব্দত আইনা ভঙা শব্দটো তল পৰিল...

ধৰিত্ৰীয়ে নিজকে নিজে কলে.......বাপৰে
অলপ পাছত বায়েকে চিঞৰিলে.......... এইকেইটাই আকৌ আইনা ভাঙিলে

সন্ধিয়া বায়েকে কলে, বল বজাৰলৈ যাও, মাটন অলপ আনো, ৰাতিলৈ তোৰ ফেভাৰিট জিঞ্জাৰ-মাটন বনাম......... ধৰিত্ৰী আৰু বায়েক বজাৰলৈ ওলাল....... বজাৰৰ মুখত থকা পানদোকানখনত ৭-৮ টা মান লৰাই আড্ডা পিটি আছে...... ধৰিত্ৰীয়ে চিনি পালে, দিনত ক্ৰিকেট ফিল্ডত দেখা লৰা কেইটা......

এটা লৰাই মাজতে কৈ উঠিল...... হেই চা, বেলকনিৰ হট বাইদেউ, লাষ্টৰ চিক্সাৰটো তামাম এংগোল মিলাই পৰিছিল দেই..........
তাৰে এটাই ডাঙৰকৈয়ে কলে........বাইদেৱে কিন্ত লাষ্টৰ বলটো ঘুৰাই নিদিলে দেই, বলটো বেলেঞ্চ থাকিল
আটাইকেইটাই হাহি দিলে....... ধৰিত্ৰীৰ খঙে চুলিৰ আগ পালেগৈ.....তাই লৰাকেইটাৰ পিনে ঘুৰি চালে
বায়েকে কলে......বাদ দে, ইহত এনেকুৱাই, ইহতকেইটাৰ লগত লাগি লাভ নাই


পাছদিনা পুজাৰ বিয়া আছিল, পুজাহত গুৱাহাটীৰ পুৰনা মানুহ, ৰিচিপচন ঘৰতেই দিছে...... বিয়াৰ বাবে ধৰিত্ৰীয়ে স্পেচিয়েল বেনাৰসী শাড়ী এখন লৈ আহিছিল, সেইখন পিন্ধিলে, বায়েকে কলে... মাই চুইট চিচ ইজ লুকিং গৰজিয়াছ.....

সন্ধিয়া ৭ মান বজাত ধৰিত্ৰীহত বিয়াঘৰত সোমাল, বিয়াঘৰ মানুহৰে ঠাহ খাই আছে, ৰভাখন সুন্দৰ হৈছে, ভায়লেট-হোৱাইটৰ সুন্দৰ কম্বিনেচন...... বগা চাৰ্ট-কলা ট্ৰাউজাৰ পিন্ধা কেটাৰিঙৰ মানুহে অতিথিসকলক চিটিং হলত কল্ড-ড্ৰিংক,পনীৰ টিক্কা আদি চাৰ্ভ কৰি আছে, সন্মুখত সুন্দৰকৈ সজোৱা পালেং এখনত কইনাৰ ড্ৰেচত পুজা........ ধৰিত্ৰী পুজাৰ ওচৰলৈ গল, উইচ কৰিলে..... পুজাৰ ককায়েক আদিত্য চেইলৰ মেকানিকেল ইঞ্জিনিয়াৰ.......আদিত্যই কলে... ডাইনিং হলটো ফুল হৈ আছে, চিটিং হলতে অলপ সময় বহা...

ধৰিত্ৰীহত চিটিং হলত বহিল... কল্ড-ড্ৰিংক চাৰ্ভ কৰি থকা কেটাৰিঙৰ লৰা এটাক ইংগিতেৰে মাতিলে..... লৰাটো ওচৰলৈ আহিল..... মেডাম কি দিম, পেপচি,মিৰিন্ডা নে স্প্ৰাইট
ধৰিত্ৰীয়ে তালৈ চালে, লৰাটোক আগতে কৰবাত দেখা যেন লাগিল, কালি ক্ৰিকেট খেলাকেইটাৰ মাজৰে এটা... তাইৰ খংটো উঠি আহিল.... লৰাটোক অলপ টানকৈ কলে.... ঠান্ডা নালাগে, গৰম কফি একাপ লৈ আনগৈ....
লৰাটো কফি আনিবলৈ গল

ধৰিত্ৰীৰ আগৰ শাৰীত দুটা সৰু লৰা সহ পৰিয়াল এটা বহি আছিল... তাৰে সৰু লৰা এটাই কিবা এটা দেখি হঠাত পাছফাললৈ দৌৰি দিলে..... খুন্দা মৰাৰ শব্দ এটা হল....... কৰবাৰ পৰা কল্ড-ড্ৰিংকচৰ গিলাছ এটা ধৰিত্ৰীৰ গাত পৰিল...... ধৰিত্ৰীয়ে দেখিলে...... গিলাছ কেইটামানৰ সৈতে ট্ৰে এখন উফৰি পৰিছে আৰু বগা চাৰ্ট-কলা পেন্ট পিন্ধা লৰা এটাই ট্ৰেখন তুলিবলৈ চেষ্টা কৰিছে.....
লৰাটোৱে কলে.....ছৰি মেম, সৰু লৰাটো হঠাত সমুখত আহি যোৱা বাবে......
লৰাটোক দেখি ধৰিত্ৰীৰ মুৰ গৰম হৈ গল....... লৰাটো আছিল সেই লাষ্ট বলত ছিক্সাৰ মৰা বেটছমেনটো

-ইউ ষ্টুপিড, চকু নাই নেকি, নে ভাং খাই ইয়াত কাম কৰিবলৈ আহিছ
- আই এপলজাইজ মেম, ইটছ এন এক্সিডেন্ট

লৰাটোৱে ইংৰাজীত উত্তৰ দিয়া দেখি ধৰিত্ৰীৰ বেছিকৈ খং উঠিল

-ছাট আপ য়ৰ ব্লাডী মাউথ, ৰাষ্টাত অভদ্ৰামি কৰ তো কৰই, ইয়াতো তহতৰ ফাল্টুমি দেখুৱাব আহিছ, ননচেন্স, স্ক্ৰাউনদ্ৰেল..... ২৩ বছৰত শিকা সকলো দেশী-বিদেশী শব্দ ব্যৱহাৰ কৰি লৰাটোক ধৰিত্ৰীয়ে গালি পাৰিলে..........

লৰাজনে কিন্ত টু শব্দ এটাও উচ্চাৰণ নকৰিলে........

হৈ-হাল্লা শুনি মানুহ কেইজনমান ওচৰ চাপি আহিল, বাকীবোৰে দুৰৰ পৰাই জুমি চাবলৈ ধৰিলে
-এক্সকিউজ মি মেম, মই কেটাৰিং টীমৰ চুপাৰভাইজৰ, কিবা অসুবিধা পাইছে নেকি ...... আদহীয়া লোক এজনে সুধিলে
-আপোনালোকে কেনেকুৱা ননচেঞ্চবোৰক কামত ৰাখিছে, এই অপদাৰ্থটোৱে মোৰ কাপোৰত কল্ড-ড্ৰিংকচ পেলাইছে, ইয়াক এতিয়াই কামৰ পৰা খেদি দিয়ক, জাষ্ট ফায়াৰ হিম আউট...... ধৰিত্ৰীয়ে লৰাটোৰ পিনে আঙুলি টোৱালে.......

এনেতে পুজাৰ ককায়েক আদিত্যই মাত দিলে....... কাম দাউন ধৰিত্ৰী, এওঁক কেটাৰিঙৰ চুপাৰভইজাৰে খেদিব নোৱাৰে.......এওঁ নৱ, মোৰ ভাল বন্ধু

ধৰিত্ৰীৰ মেলা মুখ মেলা হৈয়েই থাকিল

নৱই কলে... একো নাই আদিত্য, ইটছ অকে, কল্ড ড্ৰিংচ গাত পৰিলে যিকোনো মানুহেই স্থান-কাল পাহৰি  ভুকিবলৈ আৰম্ভ কৰিব, বিশেষকৈ যদি মানুহজন হট হৈ থাকে....
ওচৰৰ মানুহবোৰে মুখ টিপি হাহিবলৈ ধৰিলে

ধৰিত্ৰী লাজত ৰঙা-চিঙা পৰিল

নৱই আকৌ কলে.......বাই দা ৱে মেম, য়ু লুক ভেৰি বিউটিফুল হোৱেন য়ু আৰ এংৰি, মোৰ আপোনাক চাই থাকোতেই গল, আপুনি কি কলে গমেই নাপালো.............
মানুহবোৰে সমস্বৰে হাহি দিলে

দেটছ নৱ, চাৰমিং এন্দ ডিলাইটফুল

এদিন ধৰিত্ৰীয়ে নৱক সেই মেচখনৰ কথা শুধিছিল...... সিদিনা টেন্স চিটুৱেচনত নৱই কিয় অভাৰৰ দ্বিতীয় বলটো ষ্টপ কৰিছিল
নৱই কৈছিল.........কোনে কলে যে মই টেনচন লৈছিলো, মই জানিছিলো যে খেলখন মই জিকাব পাৰিম
-কিন্ত যদি কেনেবাকে শেষৰ চাৰিটাৰ এটা চিক্স নহলহেতেন
- ন চান্স মেম, নিজৰ ওপৰত এইখিনি কনফিডেন্স নাথাকিলে মই কেতিযাও দ্বিতীয় বলটো ষ্টপ নকৰিলোহেতেন.....ফৰ মি দেয়াৰ ইজ নো যদি,কিন্ত,নাইবা,অথবা........., অনলি য়েছ অৰ নো.......আজি টেবুলত উচুপি থকা বিবৰ্ন মানুহজন যেন সেই নৱ নহয়........

শুনাচোন.........নৱৰ মাতত ধৰিত্ৰী অতীতৰ পৰা উভতি আহিল

-কাইলৈ নাথক আমাৰ ঘৰলৈ মাতিম বুলি ভাবিছো, বহুত ভুলৰ শুধৰণি কৰিবলৈ বাকী আছে, তুমি বেয়া নোপোৱাতো..........

ধৰিত্ৰীয়ে মুৰ দুপিয়াই সন্মতি জনালে........ হয়তো কাইলৈ নৱই আৰু এখন বন্ধ দুৱাৰ খুলি দিব

আৰু দুৱাৰখনৰ সিপাৰে...... হয়তো আৰু এজন বেয়া নৱ থাকিব..



No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...