১০ জুলাই ২০১১, ডেৰাডুনৰ অ.এন.জি.চি একাডেমীৰ হোষ্টেলত লেপটপটো খুলি ফেচবুকাই আছো, হঠাত মেচেজৰ পপ আপ উইন্দো এখনে ভুমুকি মাৰিলে
-হাই, কেনে আছা
-মোৰ ভাল, তোমাৰ কি খবৰ.............মই ৰিপ্লাই দিলো
- ভাল , আৰু তোমাৰ
- আছো আৰু, এতিয়া কত আছা তুমি
- বৰ্তমান গুৱাহাটীত আছো, মই এম টেক কৰিলো,ইনফচিচত চাকৰি পাইছো, তুমি কত
- কংগ্ৰেটচ,মই বৰ্তমান দেৰাডুনত আছো, ONGC ত , ট্ৰেইনিং চলি আছে,পোষ্টিং শিৱসাগৰত
- গুদ,অলচো কংগ্ৰেটচ, মই তোমাৰ ফটোবোৰ দেখিছো.... তুমি বহুত সলনি হলা
তাৰ পাছত তাই অফলাইন হৈ গল
কিছুমান কথা চকুত আগত ভাহিবলৈ ধৰিলে....... কটন কলেজৰ ফিজিক্সৰ অল্ড গেলাৰী, কফি হাউচ, কেমেষ্ট্ৰীৰ সেই চিৰিটো, Simanta Sharma, Kulendra Das, Kuladip Sarma, Marttanda Phukan ৰ সৈতে এটাৰ পৰা আনটো ক্লাচলৈ দৌৰি ফুৰা দিনবোৰ...
২০০২ চন, কটনত HS এডমিচন লৈছো, প্ৰথম দিন, চুডমাৰ্চন হলৰ সমুখত ক্ষীন লৰা এটা, লগত এজন শকত আৱত মানুহ , মানুহজনক সুধিলো.... আংকল,ফিজিক্সৰ নিউ গেলাৰী কোনটো, তেওঁ দেখুৱাই দিলে..... পাছত গম পালো সেই শকত মানুহটো আমাৰেই ক্লাছমেট Sushanta Barooah
ডেৰশ ষ্টুডেন্টৰ ক্লাছ, পিছত বহিলে একো নুশুনি, ব্লেকবৰ্ডখনতো কি লিখিছে ধৰিব নোৱাৰি
ক্লাচৰ প্ৰথম বেঞ্চত বহিবলৈ সদায় সোনকালে আহো, এটাৰ পৰা আনটো ক্লাচলৈ দৌৰাৰ প্ৰতিযোগিতা হয়
তাইৰ ৰোল নং আছিল ১২১ , তাইক হয়টো মোৰ ভাল লাগিছিল, বিশেষকৈ তাইৰ হাহিটো, তাই উজানবজাৰৰ পিনৰ পৰা ৰিক্সাত আহিছিল, কেতিয়াবা খোজকাঢ়ি, লাহে লাহে মোৰ দৌৰাৰ গতি কমিছিল, এটাৰ পৰা আনটো ক্লাচলৈ তাইৰ পাচে পাচ গৈছিলো, কেতিয়াবা তাই ৰৈ দিছিল, পাছফালে ঘুৰি চাইছিল, তেতিয়া মই অইনপিনে চাই পাৰ হৈ গৈছিলো, অৱশ্যে সীমান্তই মোক কাৰনে চিট ৰাখি থৈ দিছিল.
লগৰবোৰে মোক তাইৰ লগত জোকাবলৈ আৰম্ভ কৰিছিল.....
HS ছেকেন্ড য়াৰত আমাৰ প্ৰেকটিকেল ক্লাছ আৰম্ভ হৈছিল, তাইৰ প্ৰেক্টিকেলৰ গ্ৰুপ সীমান্তৰ লগত আছিল, মোৰ বেলেগ গ্ৰুপত, সিহতৰ ফিজিক্স থকাৰ দিনা আমাৰ বটানিৰ প্ৰেক্টিকেল আছিল, সিদিনা মই ফিজিক্সৰ আগেদি আহি পানবজাৰত বাছত উঠিছিলো, আমাৰ ফিজিক্স থকাৰ দিনা সিহতৰ কেমেষ্ট্ৰি প্ৰেক্টিকেল আছিল, সিদিনা মই কেমেষ্ট্ৰিৰ সমুখৰে আহি কাচাৰীত বাছত উঠিছিলো.....
কেতিয়াবা প্ৰেক্টিকেল শেষ হওতে দেৰি হৈছিল, কিন্ত সিদিনাও তাইক মই ফিজিক্স বা কেমেষ্ট্ৰিত দেখা পাইছিলো..
নৱেম্বৰৰ কোনোবা এটা দিন, ফিজিক্সৰ প্ৰেক্টিকেলত প্ৰায় এঘন্টা দেৰি হল, মনে মনে ভাবিলো.. আজি ছাগে তাই গলগৈ, তথাপিও কুলদীপৰ সৈতে কেমেষ্ট্ৰীৰ সমুখৰ বাটেদি ওলালো..... ঠিক চুদমাৰ্চন হলৰ কাষত থকা গেটখন পাৰ হৈছো...... কুলদীপে দেখুৱাই দিলে... চা ....
কেমেষ্ট্ৰীৰ নিউ বিল্ডিঙৰ চিৰিত তাই তেতিয়াও বহি আছিল, কাষৰ ৰেলিঙত ভেজা দি শিৱানী.........দুয়োজনীৰে চকু আমি আহি থকা বাটটোৰ ফালে.....আমি সিহতক ক্ৰমাত ওচৰ চাপিলো.... মই তাইৰ পিনে চালো... তাই যেন লাজ কৰিছে..... শিবানীয়ে আমাৰ পিনে চাই হাহি এটা মাৰিলে....... আমিও প্ৰত্যুত্বৰত হাহি এটা মাৰি পাৰ হৈ গলো..........নিশব্দে......
কিছুদুৰ যোৱাৰ পাছত মই ঘুৰি চালো..... শিবানী আৰু তাই মোৰ পিনেই চাই আছিল
সিদিনাখন হয়তো মই কিবা এটা কব লাগিছিল....হয়তো তায়ো মই কিবা কোৱাটো বিচাৰিছিল
কিন্ত মই একো কব নোৱাৰিলো..........
HS দুবছৰত আমি মাত্ৰ ৫ বাৰ কথা পাতিছিলো, তাকো সাধাৰনভাৱে , মুঠ সময় পোন্ধৰ মিনিটৰ বেছি নহয়...........
আৰু আজি ৮ বছৰ পাছত তাই মোৰ ফটোবোৰ চাই কৈছে....... মই আগতকৈ সলনি হৈছো
৮ বছৰ আগৰ মোক হয়তো তাই মনত ৰাখিছিল.........
(২)
ডেৰাডুনত ট্ৰেইনিং চলি আছে......., ট্ৰেইনিং মানে ক্লাছ এসোপা কৰিব লাগে,.... বৰিং,.......... মই প্ৰায়েই বাংক দিও,.......
-
কটন কলেজত থাকোতে ক্লাছ কেতিয়াও মিচ নকৰিছিলো, আনকি অসম বন্ধৰ দিনাও
চাইকেল মাৰি আহিছিলো,.......... ক্লাছ কৰাটো তেতিয়া এটা নিচা আছিল, আৰু
এতিয়া এটা বোজা........এতিয়া দিনটোৰ ৪ টা ক্লাছৰ এটা কৰো, কেতিয়াবা
দুটা,.............. হাতত অফুৰন্ত সময়,.............. মুচৌৰী, ঋষিকেশ
,চিমলা, হৰিদ্বাৰ, নাইনিতাল, অমৃতসৰ ঘুৰিলো,.......... লগতে ফেচবুকত
এগালমান ফটো... দিনটো অনলাইন....... লেপটপটো ২৪ x ৭ অন থাকে....... বম্বে
হাইৰ প্ৰদাকচন ইঞ্জিনিয়াৰ ৰোহন পেৰেৰাৰ মতে.....Saikia never sign
out.............
ONGC একাডেমীত ইনাৰ হাউচ কম্পিটিচন হল, তাত Chess ত ৰাণাৰ্চ আপ হলো,........... ধুনীয়া ট্ৰফীটোৰ সৈতে ফটো এখন ফেচবুকত আপলোড কৰি দিলো..... লাইক আৰু কমেন্টবোৰ আহি থাকিল.........
১৫ আগষ্ট ২০১১.....বহুদিনৰ মুৰত তাইক অনলাইন দেখিলো
২৩৫৯ hrs......... তাই মেচেজ দিলে
-হাই
-হাই ......মই ৰিপ্লাই দিলো
-কি খবৰ
-ভাল,তোমাৰ
-কংগ্ৰেটচ, তুমি চেচত জিকিলা
-ৰানাৰ্চ আপ
-অ
-এতিয়া কত আছা, গুৱাহাটী নে বেংলুৰু
-গুৱাহাটী, নৱেম্বৰলৈকে গুৱাহাটীত আছো, ইনফচিচত মোৰ জইনিং ডিচেম্বৰত
-আচ্ছা, তোমাৰ প্ৰফাইল ফটোখন সলনি কৰিলা যে, আগৰখন ধুনীয়া আছিল
- এনেয়ে, মন গল,কাইলৈ-পৰহিলৈ আকৌ এখন বেলেগ দিম
- আচ্ছা
-দেৰাডুন কেনেকুৱা, তুমি বিৰাট ফুৰিচা
- অ
- বাকী কি খবৰ
- বাকী ভালেই, অহা সপ্তাহত অংকলেশ্বৰলৈ যাব লাগিব, দুসপ্তাহৰ কাৰনে, তাৰ পাছত আকৌ দেৰাডুন
- অকে, কিমান দিনৰ কাৰনে ট্ৰেইনিং
- অংকলেশ্বৰৰত দুসপ্তাহ, দেৰাডুনত ৫ সপ্তাহ, তাৰ পাছত ফাইনেলি শিৱসাগৰ
- অকে, টোপনি আহিছে, বাই, গুদ নাইট
- অকে, গুড নাইট
বহুত দিনৰ মুৰত মই ফেচবুক চাইন আউট কৰি লেপটপটো চাট ডাউন কৰিলো
HS ত পঢ়ি থাকোতে আজিকালিৰ দৰে মবাইল ফোন বা ইন্টাৰনেটৰ বহুল প্ৰসাৰ নাছিল, ইন্টাৰনেটৰ বাবে কেফেলৈ যাব লাগে... কেফেবোৰতো বহুত ভিৰ হয়......
২০ এপ্ৰিল ২০০৪, ই-মেইল এটা খোলাৰ প্ৰয়োজন আছিল.... য়াহুত চাইন আপ কৰিলো…… পাচৱৰ্ড.... তাইৰ নামটো টাইপ কৰিলো, তাৰ পাছত কনফৰমেচনৰ বাবে আকৌ এবাৰ..........
সেই আই-ডি পাচৱৰ্ডৰেই ২০১০ ত ফেচবুকত একাউন্ট খুলিছিলো........
(৩)
ডেৰাডুনৰ ট্ৰেইনিং শেষ হল, শিৱসাগৰত মাদ চাৰ্ভিচত জইন কৰিলো, মোৰ ফিল্ডত শ্বিফট দিউটি, একাডেমীত যিবোৰ আইডিয়েল ড্ৰিলিং প্ৰেকটিছৰ কথা শিকাইছিল, প্ৰেকটিকেলি সেইবোৰৰ একোৱেই নহয় ফিল্ডত,....... নাইট শ্বিফটত সাৰে থাকিবলৈ লেপটপটো লৈ যাও, লগত টাটা ফটন প্লাছ...........
এদিন ৰীগৰপৰা আপদেট দি দিলো.......Drilling in full swing, only 3 peoples are awake, Chemist, Geologist & Driller on the brake !!!
Drumil দাই বেলেগ এটা ৰীগৰপৰা কমেন্ট দিলে…….Amar eyat, Welder on the brake !!!
পাচদিনা ......০১.১২.২০১১........ পৰশমনিৰ ককায়েকৰ বিয়া আছিল, গোলাঘাটত
Drumil দাই ফোন কৰিলে, আমি গাড়ী লৈ আহি আছো, তুমি ওলোৱা
লেপটপটো সদায় থকাৰ দৰেই অন হৈ আছিল
১২১০ hrs
-ফেচবুকত তোমাৰ আপদেটবোৰ ভাল লাগে......তাই মেচেজ দিলে
- থেংকচ........মই ৰিপ্লাই দিলো
-ৱেলকাম
- ইয়াত মই বহুত সময় পাও..... কৰিবলৈ একো নাই.... চো..... এনেয়ে কিবা কিবি লিখি থাকো
- কত আছা
-শিৱসাগৰ
- অকে.. এইটো ভাল
- তুমি কত আছা এতিয়া
- বৰ্তমান গুৱাহাটীত আছো........ ৰয়েলত ই.চি.ই ডিপাৰ্টমেন্টত প্ৰফেছৰ হিচাপে জইন কৰিছো..... কিন্ত পাৰ্ট টাইম, ইনফছিছত জইনিং জানুৱাৰীত
- ৰয়েলৰ কেমেষ্ট্ৰীৰ সাত্যাকি বৰুৱাক চিনি পোৱা নেকি
- নিজৰ ডিপাৰ্টমেন্টৰ বাহিৰে অইনৰ সৈতে চিনাকি নাই
-আচ্চা
- দেখিলে হয়তো চিনি পাম
-কিমান দিন হল
- চেপ্তেম্বৰৰ পৰা, এটা চেমিষ্টাৰ পঢ়ালো,কিন্ত নাজানো অহা বছৰ গুৱাহাটীত থাকিম নে নাই
-কেনেকুৱা লাগিছে
- ভাল লাগিছে, কিন্ত পাৰ্ট টাইম যে
- অহা সপ্তাহত ক্লাচ আছে নে নাই
- নাই, কাইলৈৰ পৰা পৰীক্ষা আছে
- ৭ তাৰিখে মই গুৱাহাটীলৈ যোৱাৰ কথা আছে, লগ কৰিব পাৰিলোহেতেন
-হয়, কিন্ত সিদিনা মোৰ পি.এইচ.ডি এন্ট্ৰেস আছে
-কত
- আই.আই.টি ত.
-পৰীক্ষা ভালকৈ দিবা
-আচলতে এইবছৰ পি.এইচ.ডি কৰাৰ মন নাই,ইমান পঢ়িব নোৱাৰি,তাতে ১২ টা চিট আৰু ষ্টুদেন্ট ৬০০, গোটেই ভাৰতৰপৰা ষ্টুদেন্ট আহিব
- পৰীক্ষা কেইবজাৰ পৰা
- ৯ বজা
- আচ্ছা, সিদিনা মই তোমাক লগ কৰিবও পাৰো, আই.আই.টিত মোৰ লগৰ ১২ টা মানে পি.এইচ.ডি কৰি আছে
- অকে, তুমি পি.এইচ.দি নকৰা নেকি
- কৰি আছিলো, চাকৰি পালো, বাদ দিলো
- ময়ো ইনফচিচত চাকৰি পাইছো, কিন্ত মায়ে যাব নিদিয়ে
- আচ্ছা, মায়ে বোধহয় তোমাক আৰু দুৰলৈ পঠিয়াব খোজা নাই.... মাৰ মৰম
- ও,ইমানদিন বাহিৰতে পঢ়িলো, মাই ঘৰত থাকিলে ভাল পায়
- ও, এতিয়া এৰো দিয়া, মই বিয়া এখনলৈ যাও, গোলাঘাট
-অকে বাই
ইতিমধ্যে Drumil Baruah ৰ ফৰ্ড ফিগোৱে হৰ্ণ বজাইছিল, লগত Jayantajit Baruah ও আছিল
পৰশমনিৰ ককায়েক Keshab Baishyaৰ বিয়া খালো , আহোতে Drumil দা ড্ৰাইভিং চিটত, কাষত জয়ন্ত দা, পাছৰ চিটত মই.....
দ্ৰুমিল দাৰ এখন হাতত ষ্টেয়াৰিং... আনখন হাতত বিয়েৰৰ বটল এটা, স্পীডোমিটাৰতোলৈ চালো...........১০৮.....এখন এখনকৈ হাইৱেৰ গাড়ীবোৰ পাছ পৰি গৈ আছে
Drumil দাক কলো .... আপোনালোকৰ কথা নাজানো, মোৰ কিন্ত লাইফত বহুত কাম বাকী আছে.....
জয়ন্ত দাই ৰিপ্লাই দিলে..... ধেই একো নহয়, টেনচন নলবা
ভাগ্যে বিয়েৰত মাত্ৰ ৫% এলকহল থাকে...... বাকী ৯৫% কৃপাত কোনোৰকম ৰুম পালোহি...... কানত ধৰি শপত খালো.... নো বৰুৱা এন্দ বৰুৱা ইন ফিউচাৰ
ৰুমত সোমাই ৭ তাৰিখৰ কথাটো মনত পৰিল,
ছুটী এতিয়ালৈ কনফাৰ্ম হোৱা নাই, বছে কয়... মেনপাৱাৰ চৰটেজ.....
গতিকে বৰ বেছি আশা নাই.... কিন্ত কিবা কৰি মিলাবই লাগিব.....
(৪)
বছে কোনোপধ্যে ছুটী নিদিয়ে.......তেওৰ মতে, আদমী কা বহত কমী হেই, কোই চাঞ্চ নহী হেই
কিচী ভী হালত মেই ছুট্টী নহী মিলেগা
৬ তাৰিখ, আবেলি তিনি বাজিছে, বছৰ কেবিনলৈ সোমাই গলো
বছক কলো...I am going home tomorrow
বছে কলে.. your leave is not approved
মই কলো...I am not asking any kind of leave, I am here to inform you that I am going to home tomorrow for a week & cannot attend my duty
শিৱসাগৰৰপৰা নাইট চুপাৰত উঠি ৭ তাৰিখে ৰাতিপুৱা ৬ বজাত গুৱাহাটীত নামিলো... আধাঘন্টা পাছত ঘৰ পালো... হাত-মুখ ধুই ফ্ৰেচ হৈ ললো.... ঘড়ীটোলৈ চালো..... সময় অলপ আছে.....ৰাতি নাইট চুপাৰত টোপনি ভালকে নহল.... এঘন্টা পাছত এলাৰ্ম দি বিচনাত পৰিলো
কিবা এটা শব্দত সাৰ পাই গলো......ঘড়ীটোলৈ চালো.... ধেত তেৰি.......৯-৩০...দেৰি হৈ গল..... কোবাকোবিকৈ বাইকখন ষ্টাৰ্ট দিলো..... লখৰা-জালুকবাৰী হাইৱেত মোৰ বাইক দৌৰিছে...... সাধাৰনতে মই ৫০ ৰ ওপৰত বাইক নচলাও..... সিদিনাখন বাইকৰ কাটাই ৮০ চুলেগৈ.....
যেনেতেনে আই আই টি পালোগৈ..... সুব্ৰতক ফোন কৰিলো......পি.এইচ.ডি এন্ত্ৰেন্স কত হৈ আছে.... সি কলে ...... লেকচাৰ হলত......
এডমিনিস্ত্ৰিভ বিল্ডিংৰ ওচৰত থকা লেকচাৰ হল পালোগৈ...... ষ্টেপত কেইটামান লৰা-ছোৱালী..... ৮ বছৰ আগৰ চিনাকি মুখ এখন ইফালে সিপালে বিচাৰিলো.......নাই
নটিছ বৰ্ডখন চালো.....হয়, তাইৰ নামটো আছে পৰীক্ষাৰ সময় ৯ – ১০..... ঘড়ীটোলৈ চালো..১০-৩০...
মোৰ হয়তো আধাঘন্টা দেৰি হৈ গল.....
জয়ন্তৰ ৰুমত গৈ ফেচবুক খুলিলো.........তাইলৈ মেচেজ এটা দিলো....... আজি মোৰ অলপ দেৰি হৈ হল, লগ কৰিব নোৱাৰিলো
বহুতদিন তাইৰ একো আপদেট নাই, নো নটিফিকেচন
২০ এপ্ৰিল ২০১২.................. ONGC কলনিৰ কোৱাটাৰ নং চি-১০২ ত বহি ফেচবুকাই আছো
তাই প্ৰফাইল পিকচাৰখন সলনি কৰিলে, বেঙুনীয়া ৰঙৰ কাপোৰযোৰেৰে তাইক ধুনীয়া লাগিছে..... লাইক কৰিলো.... কমেন্ট দিলো.....লুকিং গৰজিয়াছ
তাই এখনৰ পাছত এখনকৈ বহু কেইখন ফটো আপলোড কৰিলে
টিং টং ... কলিং বেলটো বাজি উঠিল....... বাহিৰত মানুহ এজন........ অনিল পোদ্দাৰৰ ৰুম কোনটো জানে নেকি, চি ব্লকত খাকে বুলি কৈছিল
মই কলো... পোদ্দাৰ ডাঙৰীয়াক মই চিনি নাপাও, এইটো ব্লকৰ কোনটো ৰুমত কোন থাকে সেইটো মোৰ জ্ঞাত নহয়, আনকি এই সমুখৰ ৰুমটোত কোন থাকে সেইটোও মই নাজানো
মানুহজনে অনিল পোদ্দাৰলৈ ফোন কৰিলে....... চি-১০৩ ৰ পৰা মানুহ এজন ওলাই আহিল
এটা সময়ত মই চুবুৰীটোৰ প্ৰতিজন মানুহকে চিনি পাইছিলো...... আৰু আজি..... মোৰ কাষৰ ৰুমত থকা মানুহজনৰ নামটোও মই নেজানো....
ৰুমত সোমালো, তাই ইতিমধ্যে ২০ খন মান ফটো আপলোড কৰিলে, প্ৰতিখনতে তাইক ধুনীয়া দেখাইছে, কোনোবাখনত তাই ওৰনিৰে চুলিখিনি ঢাকিছে, কোনোবাখনত গিফট লোৱাৰ সময়ত মিচিকিয়াই হাহিছে, কোনোবাখনত গ্ৰুপত আছে........
গোটেইবোৰ ফটোত লাইক মাৰিলো........ শেষত এলবামটোৰ তলত থকা লাইক বুটামটোত ক্লিক কৰিলো
তাই এলবামটোৰ নাম দিছে..... এ স্পেচিয়েল ডে, মাই ৱেডিং
মোৰ chat ত থকা তাইৰ প্ৰফাইলৰ আইকনটো সেউজীয়া হৈ আছিল
মই মেচেজ দিলো.........
- কংগ্ৰেটজ, উইচ য়ু এ হেপী মেৰিড লাইফ
- থেংকচ...................তাই ৰিপ্লাই দিলে
- ৱেলকামবোধহয় এইটোৱেই আছিল তাইলৈ মই পঠোৱা শেষ মেচেজটো.........
৮ বছৰ পুৰনি মোৰ পাচৱৰ্ডটো সলনি কৰাৰ সময় আহি পৰিল, অৱশ্যে বহুতকেইটা পাছৱৰ্ড সলনি কৰিব লাগিব....... লগতে হয়তো ইউজাৰ আই-ডি ও................
উপহংসাৰ-
বহুতদিন হল, ফেচবুকৰ এখন ভাৰচুৱেল ৱৰ্ল্ডত এটা ফেচবুক প্ৰফাইলত দিনটোৰ সৰহভাগ সময় পাৰ কৰো, শেষবাৰ ক্ৰিকেট কেতিয়া খেলিছিলো, ফুটবলটো কেতিয়া লঠিয়াইছিলো, হলত চিনেমা কেতিয়া চাইছিলো, বজাৰত জিকা-বিলাহীৰ দৰ-দাম কেতিয়া কৰিছিলো........ ঠিক মনত পেলাব পৰা নাই, ফেচবুকত মোৰ প্ৰায় ১০০০ ফ্ৰেইন্ড আছে, কিন্ত ২০-২৫ জনক বাদ দি বাকীসকলক বছৰ বছৰ ধৰি দেখা নাই,..........মোৰ ভাৰচুৱেল ৱৰ্লডখন ডাঙৰ হৈ গৈ আছে............কিন্ত সচা পৃথিৱীখন যেন দিনকদিনে সৰু হৈ আহিছে
.................হয়তো ময়ো দিনকদিনে ভাৰ্চুৱেল হৈ গৈ আছো ........
No comments:
Post a Comment