জেপৰপৰা ৰুটিনখন উলিয়ালো, আজি ৩ টা আছে... শান্তিপুৰ, চান্দমাৰী আৰু তাৰ পাছত কাহিলীপাৰা.... ইফালে তালুকদাৰেও ফোন কৰি আছে....পাৰিলে পাক এটা মাৰিব লাগিব...
পিছে BKD আজি য়ে দেৰী কৰিব.......... Nabajeet Barman , Sukanya Baruah , Suraj Pathak , Subrata Nath এ ধৰি ক্লাছৰ প্ৰায়ভাগ মানুহেই হামিয়াই-হিকটিয়াই সময় পাৰ কৰি আছে...........
UGC য়ে PhD ত course work compulsory কৰি দিয়াৰ ফলত সদায় আবেলি এঘন্টীয়া দুটা ক্লাছ কৰিবলগীয়া হৈছে..... ক্লাছ মানে এতিয়া কামোৰ..... ২ ঘন্টা সময় টোটেলি বৰবাদ....... চাল্লা মোৰ PhDৰ গৱেষণাৰ বিষয় নেনোপাৰটিকল ....... তাৰ বাবে মই ইনঅৰগেনিক ক্ৰিষ্টেল পঢ়ি কি কৰিম.......... ইফালে চাৰিমাহ ঘৰি ফেলোচিপৰো একো খা-খবৰ নাই....
ঘড়ীত ৫-১০ হলগৈ.......
...........
.... থিয় হলো, কলো....... এক্সকিউজ মি ছাৰ, লেবত ৰিয়েক্সন এটা বহাই আহিছিলো, চাই আহো ...
ছাৰে কি কলে শুনাৰ ধৈৰ্য নাছিল, কলমটো আৰু কাগজখিলা পকেটত ভৰাই গেলাৰীৰপৰা ওলাই আহিলো
(বহীজাতীয় বস্ত course work ৰ ক্লাছত কেতিয়াও ব্যৱহাৰ কৰা নাছিলো)
.....ওলায়েই বাইকখনৰ পিনে খোজ ললো.....
বাইকখন ষ্টাৰ্ট দিবলৈ লওতেই দেখিলো Subrata Nath দৌৰাদৌৰিকৈ আহি আছে....
সুব্ৰতে কলে........বলা দোষ্টি, মোৰো আজি মালিগাৱত ৰিয়েক্সন এটা আছে, বাছত গলে দেৰিয়েই হব
(2)
কেতিয়াবা দুটা ৰাষ্টা থাকে, এটা দীঘল কিন্ত সহজ.......... আৰু আনটো চুটি কিন্ত কঠিন আৰু অনিশ্চিত......
সুব্ৰতক মালিগাৱৰ ট্ৰেফিক পইন্টৰ আগত নমাই দিলো ।
সি দোস্তি বুলি কৈছিলহে....... লগে লগে কৈ দিলো যে মালিগাৱৰ গলিত সোমাই তাক জেগাত ড্ৰপ কৰিবলৈ সময় নাই ।
শান্তিপুৰ পালোগৈ । এটা তিনিমহলীয়া আৰ.চি.চি বিল্ডিং । মালিকৰ নাম ৰাজেন বৰকাকতি, ইৰিগেচন ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ । খৰালি কালত অসমৰ পথাৰত কৃষকে পানী কিয় নাপায় বৰকাকতিৰ ঘৰটো দেখিয়েই অনুমান কৰিব পাৰি ।
গেটখন খুলি সোমাই গলো, গেটৰ কাষত এটা প্ৰকান্ড এলচেচিয়ান, আজিকালি মই তাৰ চিনাকি হৈ পৰিছো, মোক দেখি সি নুভুকিলে ।
বৰকাকতি ঘৰতে আছিল, তেওৰ লগত কিছুসময় কথা পাতিলো ।
তেও কলে যে তেও ৯০ আশা কৰিছিল কিন্ত ৭০ হে আহিছে, যিহেতু তেও ঘন্টাত ৩০০ টকাকৈ দি আছে, গতিকে ফলাফল তেওৰ আশানুৰুপ হোৱাটো প্ৰয়োজনীয় ।
কথা কোৱাৰ ধৰনটোত তেওৰ দমনীয় মনোভাৱ ফুটি উঠিল ।
বৰকাকতিৰ লৰা অয়নক মই পঢাও । অয়ন ডি.পি.এছত পঢ়ে, ক্লাছ টুৱেল্ভত ।
NCERT class XII ৰ কিতাপখনৰ এমাইন chapter টো উলিয়াই ইন-টেক্সট question কেইটা অয়নক কৰিবলৈ দিলো.......
NCERT ৰ কিতাপ পঢ়াবলৈ সহজ, টু দা পইন্ট বস্তবোৰ থাকে, একেবাৰে চিষ্টেমেটিক ।
অয়নকে ধৰি মোৰ ১৪ টা ষ্টুডেন্ট আছে, সপ্তাহত প্ৰায় ৩৫ টা ক্লাছ কৰো, প্ৰতিটো ক্লাছৰ বাবে ১৫০ ৰ পৰা ৩০০ টকালৈকে ফীজ পাও । এইদৰে মাহত প্ৰায় ২০-২৫ হাজাৰ টকা হাতলৈ আহে ।
বহুত দিন আগতে এই অংকবোৰ কৰিছিলো..... পঢ়ি খকা কালতে JRF পোৱা হিচাপে হয়তো কোনোবা ভাল Institute ত PhD কৰি থাকিব লাগিছিল..... কিন্ত
PhD গাইড ছাৰে সুধিছিল........ কিয়
উত্তৰটো ইমান জটিল নাছিল ।
UGC য়ে মাহে যিমান ফেলচিপ দিয়ে, অসম চৰকাৰৰ তৃতীয় শ্ৰেনীৰ কৰ্মচাৰী এজনে তাতকৈ বেছি দৰমহা পায় । যু নিড মানি টু চাৰভাইভ ।
লাষ্ট চেমত ইউনিভাৰচিটিৰ MBA কেন্টিনৰপৰা আহি থাকোতে অলকেশে কৈছিল ।
উই ডু নট ৱান্ট টু বি এ হাৰ্ডকৰ ৰিচাৰচাৰ, উই নিড এ গুড জব অনলি
৫ বছৰ পাছত যদি চাকৰিয়েই কৰিব লাগে ... ..... হোৱাই নট নাও
মুল্যবান ৫ টা বছৰ এটা ডিগ্ৰীৰ বাবে উচৰ্গা কৰাৰ কোনো যুক্তিযুক্ততা নাই ।
১২ হাজাৰ টকাত লাইফ নচলে........ কোনোপধ্যে নচলে ।
অলকেশে চাকৰিৰ বাবে চেষ্টা কৰিছিল.... Reasoning, GK, aptitude, numerical ability.......
এটা সময়ত অলকেশৰ হাতত চাৰিখনকৈ অফাৰ লেটাৰ আহি পৰিছিল ।
মোৰ কেলকুলেচন একেবাৰে চিম্পল আছিল ।
ৰাতিপুৱা এটা আৰু গধুলি দুটা, বন্ধৰ দিনত কেইটামান বেছিকৈ, মাহত ৮০ টা ক্লাছ, তাৰপৰা প্ৰায় ১৫ মান আহিব, JRF ৰ ১২ মিলাই প্ৰায় ২৭ হবগৈ , ২৭ হয়তো যথেষ্ঠ অছিল ।
দুপৰীয়াৰ সময়খিনি Rongmili Gogoi Dutta, Suraj Pathak, Sukanya Baruah, Subrata Paul, Nabajeet Barman ৰ সৈতে ইউনিভাৰচিটিৰ লেববোৰত আদ্দা ।
গোটেই সময়খিনি মোৰ নিজৰ আছিল, নিজৰ ইচ্ছামতে কাম কৰাৰ, সময় কটোৱাৰ স্বাধীনতা আছিল. । সময় কিজানি পৃথিৱীৰ আটাইতকৈ মুল্যবান বস্ত ।
Durlov Saikia ৰ লগত এটা কচিং চেন্টাৰৰ প্লেনিং প্ৰায় finalize হৈছিল........
কেতিয়াবা দুটা ৰাষ্টা থাকে, এটা দীঘল কিন্ত সহজ.......... আৰু আনটো চুটি কিন্ত কঠিন আৰু অনিশ্চিত......
অনিশ্চিত ৰাষ্টাটো কেতিয়াও সহজ নাছিল .......
(3)
ফুটবল খেল এখনত Reserve bench ত বহি কেতিয়াও Goal score কৰিব নোৱাৰি.... গল দিবলৈ ফিল্ডত নামিব লাগিব......... ষ্ট্ৰাইকাৰ হৱ লাগিব...........
এঘন্টীয়া ক্লাছটো শেষ কৰি বৰকাকতিৰ ঘৰৰপৰা ওলাই আহিলো, ঘড়ীটোলৈ চালো.... ৬-৪৫, পোন্ধৰ মিনিটৰ ভিতৰত চান্দমাৰী পাব লাগিব ।
ৰাস্তাত ট্ৰেফিক জাম....... বহুত গাড়ী....... বাইক বোৰৰ বাবে এটা সুবিধা আছে....... বাওপিনে সদায় অলপ খালী ঠাই থাকে, সেইফালে বাইকবোৰৰ ৰাজত্ব..... গাড়ীৰ ফাকে-ফাকে আগবাঢ়িলো ।
চান্দমাৰীত মই দুজনী ষ্টুডেন্টক পঢ়াও, অৰ্পিতা আৰু মঞ্জুষা ...... অৰ্পিতাৰ দেউতাৰ ৰণেণ সাহা বিজনেচমেন, মাক উকিল তথা ষ্টেট বেংকৰ লিগেল এডভাইজাৰ ।
তেওলোকৰ আগৰেপৰা কেমেষ্ট্ৰীৰ টিউচন আছে, কিন্ত অৰ্গেনিক টান পাইছে, গতিকে এমাহত অৰ্গেনিক পাৰ্টটো কমপ্লিট কৰি দিব লাগে, ১৪ টা ক্লাছ, প্ৰতিটো ক্লাছত ৩০০, প্ৰথমতে অৰ্পিতা আছিল , দুটা ক্লাছৰ পাছত তাইৰ বেষ্ট ফ্ৰেন্ড মঞ্জুষাও টিউচন লবলৈ আহিল....... দুয়োজনী যথেষ্ঠ চোকা, পঢ়ুৱাবলৈ সহজ, সহজতে বুজি পায় ।
এই টিউচনটো মোক ৰংমিলীয়ে কন্টেক কৰি দিছিল, গতিকে লেবত তাইক চাহ-চিঙৰা খুৱাই থাকিব লাগে ।
আজিৰ ক্লাছটো ১৪ নম্বৰ, অৰ্থাত অন্তিম ক্লাছ, ১২ টা ক্লাছত ছিলেবাছ শেষ কৰিছো, আজি ৰিভিজন, আজি ফীজৰ পেমেন্টো পাম ।
চান্দমাৰীৰ অৰিয়ন এনক্লেভৰ তলত বাইকখন ৰখালো, লিফটখনৰ বুটাম টিপিলো
ছাৰ অৰ্গেনিক গোটেইবোৰ পাৰিছোৱেই ,আজি ৰিভিজনৰ সলনি বেলেগ টপিক কৰো নেকি...... অৰ্পিতাই কলে
- কি টপিক কৰিবা
- ছাৰ থাৰমোডাইনামিক্স টা টান লাগে , ফাৰ্ষ্ট ইয়াৰত ৰট্টা মাৰি কৰিলো, আপুনি যদি..
- ঠিক আছে, ফাৰ্ষ্ট ইয়াৰৰ কিতাপখন লৈ আহা
অৰ্পিতাই কিতাপখন আনিলে........
- ছাৰ এই entropy, enthalpy, energy একদম টান লাগে
- মই কেৱল ১৫ মিনিট কথা কম , মন দিবা, এইবাৰত বুজিলে তোমালোকে থাৰমোডাইনামিক্সৰ যিকোনো প্ৰবলেম কৰিব পাৰিবা....... মই কলো
প্ৰায় আধাঘন্টা থাৰমোডাইনামিক্স বুজালো, মাজে মাজে ষ্টুডেন্ট দুজনীয়ে প্ৰশ্ন কৰি থাকিল
chapter টো শেষ হল, মই তেওলোকক exercise ৰ প্ৰশ্নবোৰ কৰিবলৈ কলো
মুখে মুখেই তেওলোকে প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰিলে
- ছাৰ আপুনি সাংঘাটিক পঢ়ায়, আধাঘন্টা আগতে একো নাজানিছিলো, এতিয়া দেখোন চব ইমান ইজি ইজি লাগিছে...... অৰ্পিতাই কলে
...মই হাঁহিলো....
- ছাৰ বেয়া নাপায় যদি কথা এটা সোধো
- সোধা
- আপুনি টো প্ৰফেচাৰ-চফেচাৰ হৱ লাগে, তেন্তে home টিউচন কিয়
- কোনোবাই তো তোমালোকক টিউচন পঢ়াব লাগিব
- মানে আপুনিতো ডাঙৰ Job পাব ইলিজিবল
- আচলতে vacancy ওলোৱা নাই, vacancy নোলালে apply কেনেকে কৰিম, apply নকৰিলে Job কেনেকে পাম
মিচেছ সাহাই চাহ লৈ আহিল.......
- আজি ১৪ টা ক্লাছ হল, তোমাক ফীজটো দিব লাগিব, অৰ্পিতাৰ ১৪ টা ক্লাছ আৰু মঞ্জুষাৰ ১২ টা , মুঠ ৭৮০০ হয়, তুমি ৮০০০ ৰেই ৰাখা
এইবুলি মিচেছ সাহাই ৮ খন হাজাৰটকীয়া নোট আগবঢ়াই দিলে
মই তেখেতক কলো যে মই প্ৰফেচনেলিজেমত বিশ্বাস কৰো, গতিকে বেছিকৈ নলও, এইবুলি তেওক দুশ টকা ওভোটাই দিলো
- আচ্ছা, তুমি job-sob ৰ বাবে এপ্লাই কৰা নাই নেকি, আমাৰ SBIত বহুত job ওলাইছে, written টো যদি clear কৰিব পাৰা, I have some contacts..... মিচেছ সাহাই কলে
- এক্সুৱেলি ভাল জবৰ বাবে ট্ৰাই কৰি আছো, Recently এটা ইন্টাৰভিউ দি আহিছো, খুব সম্ভৱ পাই যাব লাগে
- যিয়েই নহওক, ইহতে তোমাৰ টিচিং যথেষ্ঠ ভাল পাইছে, যদি তোমাৰ সময় হয় সপ্তাহত ২-৩ টা ক্লাছ লৈ বাকী চেপ্তাৰ খিনিও ব্ৰাছ-আপ কৰি যাবা
- ঠিক আছে, কিন্ত এসপ্তাহ পাছৰপৰাহে আহিব পাৰিম
চাহখিনি শেষ কৰি তললৈ নামি আহিলো....... ঘড়ীত ৮-১৫ বাজিছে
ইতিমধ্য দুই এটোপ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল
৮-৩০ বজাত কাহিলীপাৰা পাবগৈ লাগিব ।
কিন্ত সিদিনাখন কাহিলীপাৰা মোৰ Destiny নাছিল ।
আকাশখন তেতিয়া ডাৱৰৰে ভৰ্তি....... clouds in the sky
(4)
“Autumn is a second spring when every leaf is a flower.” ― Albert Camus
চান্দমাৰীৰ ফ্লাইঅভাৰখন পাৰ হলো । আকাশখনত ডাৱৰৰ পৰিমান বাঢ়িছে । দুই-এটোপ বৰষুণ পৰিছে যদিও সেয়া বেছি নহয় । কাহিলীপাৰালৈ ইয়াৰপৰা প্ৰায় ৮ কিলমিটাৰ ।
জু-ৰোড ট্ৰেফিক পইন্টত ৰৈ গলো । আগত চিগনেল আছে । গাড়ীবোৰৰ মাজে-মাজে বাইকখন কাটি-কুটি নি যিমান পাৰি আগলৈ নিলো ।
এঠাইত ৰৈ দিলো । আগলৈ যাবলৈ কোনো সুৰুঙা নাই । ইয়াত কমেও ৫ মিনিট ৰব লাগিব । বাইকৰ ষ্টাৰ্ট বন্ধ কৰি হেলমেটটো খুলিলো ।
মোৰ সোকাষত এখন ইন্ডিগো গাডী, গাড়ীখনৰ পাছছিটত থকা ছোৱালীজনীৰ হাতত এটা ভুটীয়া কুকুৰ, পাছৰ গ্লাছখনেদি সি জিভাখন মেলি মোৰপিনে চাই আছে যেন লাগিল ।
মোবাইলটো উলিয়ালো ..... মেচেজ এটা..... বতৰ ভাল নহয়,ঘৰলৈ সোনকালে আহিবি ।
কেইমাহমান আগলৈকে ভবা নাছিলো যে ৰাতি ৮ বজাত মহানগৰৰ ব্যস্ত ৰাজপথৰ অগণন গাড়ীৰ কোলাহলৰ মাজত কেতিয়াবা ৰৈ থাকিম ।
মই ভাৱো যে মোৰ ডিমান্ড বাঢ়িছে । প্ৰথমতে দিনত মাত্ৰ দুটা ক্লাছ কৰাৰ টাৰ্গেট আছিল । এমাহতে scenario সলনি হৈ গল ।
ষ্টুডেন্টৰ অভিভাৱকে কয়...... সপ্তাহত এটা ক্লাছ ললেও হব । ৰাতিপুৱা ৫ টা বা ৰাতি ১০ টা কোনো প্ৰবলেম নাই, কেৱল আপুনি অলপ চাই দিব আৰু... প্লীজ
এই প্লীজ শব্দটো সকলো অনৰ্খৰ মুল.... প্লীজ শুনিলে মোৰ জিভাৰপৰা No শব্দটো ওলাবলৈ টান পায়....... আৰু সেয়েহে আজি মহানগৰৰ ধোৱা আৰু ধুলিৰ মাজত মই ৰৈ আছো ।
ইউনিভাৰচিটিত মই বিভাগৰ student-representative আছিলো....... ফ্ৰেচাৰ্চ, ফেয়াৰৱেল, পিকনিক আদিকে ধৰি বিভাগৰ যিকোনো ৰাজহুৱা অনুষ্ঠানত লীড লৈছিলো, ভাৰচিটি উইকত ফুটবলত ডিপাৰ্টমেন্টৰ হৈ একমাত্ৰ গলটো ময়ে দিছিলো... ৱাল মেগাজিনৰ সকলোতকৈ দীঘল গল্পটো মোৰ আছিল....... তেতিয়াও ছাগে মোৰ ডিমান্ড আছিল ।
কিন্ত বৰ্তমান সময়ত সেইবোৰ কথাৰ কোনো অৰ্থ নাই, এতিয়া ভাবো সেইবোৰ আছিল waste of time.........কিছুমান দুদিনীয়া চখ ।
ফ্ৰেচাৰ্চৰ আগদিনা দোপালপিটা বৰষুণত তিতি নিশা ৯ বজাত জে.এন.গাংগুলী ছাৰৰপৰা অনা চেকখন, ১৮০০ টকা বাজেটৰ টিচাৰ্চ ডে ৰ ছয় কিলগ্ৰামৰ কেকটো বা নেটৰ পৰীক্ষা দি পান্ডু কলেজৰপৰা আদাবাৰীলৈ খোজকাঢ়ি খোজকাঢ়ি বিচাৰি পোৱা ফুলপাহি নামৰ ৩X২ বাছখনৰ কথা কোনেও মনত নাৰাখে ।
বৰ্তমান মোৰ পৰিচয়...... ইউনিভাৰচিটিত এজন ৰিচাৰ্চ স্কলাৰ, আৰু ইউনিভাৰচিটিৰ বাহিৰত এজন প্ৰফেচনেল টিউটৰ ।
ৰিচাৰ্চ স্কলাৰ হিচাপে মাৰ্কেটত টিকি থাকিবলৈ ভাল জাৰ্ণেলত research paper উলিওৱাটো যেনেদৰে জৰুৰী, ঠিক তেনেদৰে টিউচনৰ মাৰ্কেটত টিকি থাকিবলৈ ষ্টুডেন্ট, গাৰ্জেন ৰ মাজত নিজৰ পপুলাৰিটি অনাটো খুবেই প্ৰয়োজনীয় ।
প্ৰথম অপচনটো মুঠেই সহজ নাছিল, কাৰণ ইউনিভাৰচিটিত বস্তবোৰৰ analysis ৰ বাবে পৰ্যাপ্ত instrument নাছিল..... analysis ৰ বাবে বেলেগ instituteৰ ওপৰত ভৰষা কৰিব লগাত পৰিছিল যত বহুত সময় লাগিছিল ।
সেই সময়খিনি মই দ্বিতীয় অপচনটোত ব্যৱহাৰ কৰিছিলো । ফলত পপুলাৰিটি আৰু মাৰ্কেট ভেলু বাঢ়িছিল........ next session ৰ পৰা Durlov Saikia, Subrata Nath আৰু Nabajeet Barman ৰ সৈতে পাৰ্টনাৰশ্বিপত এটা কচিং চেন্টাৰ আৰম্ভ কৰাৰ প্লেন আছিল । নামো ঠিক হৈছিল...... চি-এইচ অৰ্থাত কেম-হাব । তাৰ পাছত এখন জুনিয়ৰ কলেজ..... তাৰ পাছত আৰু কিবা কিবি ।
আমি গছৰ পাতবোৰকো ফুল হিচাপে ভাবিবলৈ ধৰিছিলো ।
But it was not never Autumn......... neither a second spring
কাহিলীপাৰাৰ দুই নং বাইলেনত হৰমীত সিং chemistry টিউচন ছাৰৰ বাবে ৰৈ আছিল ।
I never reached there.
(5)
কিনকিনীয়া বৰষুণ..... গাড়ীবোৰৰ ফাকে ফাকে মোৰ বাইক আগবাঢ়িছে । জোনালী , চিৰিয়াখানা, গনেশগুৰি..... গাড়ীৰ লানি নিচিগা শাৰী ।
ফাক এটাৰে বাইক ভৰাই দিলো.... কিন্ত অনুমান ভুল হল. ।সমুখত এখন চিটিবাছ, পাছপিনে, বাওপিনে গাড়ী, সোফালে ডিভাইডাৰ । ফচি গলো । চাৰিওফালে বন্ধ । ইপিনে ওপৰৰপৰা পৰা বৰষুণৰ টোপালৰ সংখ্যা বাঢ়ি আহিছে ।
সচাকৈয়ে সময় যোৱাৰ লগে লগে ৰাস্তাবোৰ লাহে লাহে বন্ধ হৈ আহিছে ।
ৰাস্তা বন্ধ হল বুলিয়েই ৰৈ থাকিব নোৱাৰি । সময়মতে কাহিলীপাৰা পাবগৈ লাগিব ।
ডিভাইদাৰ আৰু চিটিবাছখনৰ মাজত সামান্য ফাক আছিল । সেইফালে বাইক আগুৱাই দিলো.... নো ৰিস্ক নো গেইন ।
হঠাত বাছখনে ধোৱা এৰি দিলে । কাৰ্বন আৰু অক্সিজেনৰ গেছীয় মিশ্ৰ এসোপা নাকে মুখে সোমাল ।
তথাপি নৰলো । বাইকখন হেলনীয়া কৰি কোনোমতে চিটিবাছখন ক্ৰচ কৰিলো ।
কাৰবাৰটো বিপদজনক আছিল । সেই মুহুৰ্তত বাছখন চলিলে নিৰ্ঘাত চেপা খালোহেতেন ।
কিন্ত মই চিটিবাছখন পাৰ কৰিলো ।
গনেশগুৰিৰ দলঙৰ তলেৰে গৈ গণেশ মন্দিৰটোৰ কাষেৰে কাহিলীপাৰাৰ ৰাষ্টাত সোমালো ।
লক্ষ্যস্থানলৈ আৰু কেইশমান মিটাৰহে বাকী আছিল ।
কিন্ত.........
মাত্ৰ চাৰিশ মিটাৰ ব্যৱধানত মই ৰৈ গলো....... , সমুখৰ ৰাষ্টাত এককাল পানী ।
ইফালে বৰষুণজাকো ডাঙৰ হৈ আহিবলৈ ধৰিলে । আগুৱাবলৈ কোনো উপায় নাই ।
বাইকখন ৰাষ্টাৰ কাষত থৈ নিৰুপম মাৰ্কেট কমপ্লেক্সৰ ছাদৰ তলত সোমালো
হৰমীত সিঙলৈ ফোন কৰিলো..... ৰাষ্টাত এককাল পানী, যাব নোৱাৰিম ।
বৰষুন ক্ৰমান্বয়ে বেছিকৈ আহিবলৈ ধৰিলে ।
I had to give up........ সময়ৰ হাতত মই হাৰি গলো......... I quit
ৰুমালেৰে মুখখন মচিলো । পাতল নীলা ৰুমালখন ছাইবৰনীয়া ৰঙৰ হলগৈ ।
টিং টিং......... মোবাইলত এটা এচ.এম.এচ আহিল.........SMS টো চালো ।
ওচৰতে এটা মাৰ্কেট কমপ্লেক্স আছিল । তাত সোমালো ।
মাৰ্কেট কমপ্লেক্সটোত এখন ইন্টাৰনেট কাফে আছিল ।
এচ.এম.এচ টোত দিয়া ৱেবচাইটটো খুলিলো...... ৰেজিষ্ট্ৰেচন আই.ডি..... তাৰ পাছত পাছৱৰ্ড
web পেজখনত View result বুটাম এটা আছিল
মাউচেৰে cursor ডাল বুটামটোৰ ওপৰলৈ আনিলো ।
এটা ক্লিক.... এইটো ক্লিকত সকলো সলনি হৈ যাব পাৰে বা একো সলনি নহবও পাৰে........... বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে ।
তাৰ পাছত এটা ক্লিক...... Dialog box এটা ওলাল ........ দা পেজ ইজ লোডিং
ফিউ চেকেন্ডচ ।
পেজটোত এখন ডকুমেন্ট ওলাল । এখন অফিচিয়েল চিঠি । ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজহুৱা কোম্পানীটোৰ নিযুক্তিপত্ৰ ।
কেইসপ্তাহমান আগতে দিল্লীত দি অহা ইন্টাৰভিউত মোক চিলেক্ট কৰিছে । দুসপ্তাহৰ ভিতৰত জইনিং ।
কেফেৰ বাহিৰলৈ ওলাই আহিলো ।
বৰষুণজাক নাই...... বৰষুণজাকে মহানগৰৰ সকলো ধুলি চাফা কৰি লৈ গৈছে ।
বাহিৰত এছাতি নিৰ্মল শীতল বতাহ ।
ওপৰত এখন ফৰকাল আকাশ । অগনন তৰা আকাশখনত জিলিকি আছে ।
ডাৱৰ আৰু নাই ।
No clouds in the sky............
(end)
উপহংসাৰ-
মই গুৱাহাটী এৰি গুচি আহিলো...... coaching center ৰ প্লেন এৰিলো..... .....আধৰুৱা টিউচন বোৰৰ দায়িত্ব Subrata Nath , Nabajeet Barman ললে... মোৰ PhD complete নহল
তিনি বছৰ পাছতো ইউনিভাৰচিটিয়ে ফেলোচিপৰ ধন সম্পুৰ্নকৈ আদায় নিদিলে.
অয়ন GIMT ত আৰু মঞ্জুষা চেন্নাইত বি.টেক কৰি আছে, অৰ্পিতাই দিল্লীত কেমেস্ট্ৰী অনাৰ্চ লৈ বিএছ.চি তাৰপাছত এম.এছ.চি কৰি বৰ্তমান IIT-Guwahati ত গৱেষণাৰত ...........
সুব্ৰত আৰু নৱজিত বৰ্তমান IIT-Guwahati ত গৱেষণাৰত
মই....
No comments:
Post a Comment