Monday, July 7, 2014

দেউতা (2)



(৪)

বহুতদিনৰ মুৰত মই দেউতাৰ লগত একেলগে চাহ খাইছো । চাহেই নহয়, বহুতদিনৰ মুৰত দেউতাৰ লগত ভালদৰে কথা পাতিছো ।
- ট্ৰিবিউনখনত এডভাৰটাইজ কেইটামান ওলাইছে, মই চিন দি থৈছো, সময় পালে চাবিছোন.... দেউতাই কলে

অতবছৰে ,সংসাৰৰ ভাৰ কান্ধত লৈ দেউতা কুজা হৈ পৰিছে, দেউতাইও মনে প্ৰাণে ভাৱে... মোৰ সোনকালে কিবা এটা সংস্থাপন হলে সকাহ হলহেতেন ।

ট্ৰিবিউনৰ এডকেইটা চালো । কচিং চেন্টাৰ এটাত মানুহ লাগে, বেংকৰ ক্লাৰিকেল জব ওলাইছে আৰু বৰপেটা কলেজত লেকচাৰাৰ পদ এটা । ইউ.জি.চি স্কেল হোৱাৰপৰা লেকচাৰৰ পোষ্টত দৰমহা বহুত দিয়ে । কলেজত পাৰ্মানেন্ট সোমাব পাৰিলে মোৰ চব প্ৰবলেম চল্ভ হৈ যাব । কিন্ত শুনিছো আজিকালি কলেজৰ চাকৰিতো চেনেল লাগে, নহলে নাপায় ।

বৰপেটা কলেজত মোৰ সম্বন্ধীয় মাহী এগৰাকীৰ খুলশালীয়েকে কাম কৰে । মাহীৰ ৰেফাৰেন্সত তেওৰ লগত যোগাযোগ কৰিলো । মাহীৰ খুলশালীয়েকে বেলেগ এজন মানুহৰ লগত ফোনত যোগাযোগ কৰাই দিলে । তেও মোক আস্বাস দিলে, কামটো কৰি দিব । লগতে কলে যে অলপ থৰচ-পাতি কৰিব লাগিব । জি.বি, প্ৰিন্সিপাল, এক্সপাৰ্ট চবকে খুচ কৰিব লাগিব । যিহেতু ইউ.জি.চিৰ স্কেলটো বাঢ়িছে, গতিকে খুচ কৰাৰ এমাউন্টও বাঢ়িছে । তেও কলে যে আন কেন্ডিডেটেও যোগাযোগ কৰিছে । গতিকে সোনকালে নকৰিলে হাতৰ পৰা চান্সটো ওলাই যাব পাৰে ।

মোক পাচ লাখ টকাৰ প্ৰয়োজন আছিল । মোৰ নিজৰ একাউন্টত ত্ৰিশ হাজাৰ গোট খাইছিল । দেউতাক সকলো কথা ভাঙি পাতি কলো ।
দেউতাই কথাবোৰ শুনিলে , তাৰ পাছত কলে, "মোৰ বেংকত ৰেকাৰিংটো ভাঙিব লাগিব, তোৰ চাকৰিটো মোৰ বাবে, ঘৰখনৰ বাবে অতি প্ৰয়োজন । "

কথাখিনি কৈ দেউতা ভিতৰলৈ সোমাই গল । মই লক্ষ্য কৰিলো, দেউতা সহজ হব পৰা নাই । টকা দি মই চাকৰি কিনিব ওলাইছো । দেউতাৰ নীতি-আদৰ্শৰ যে কেনো মুল্য নাই সেয়া বোধহয় দেউতাই বুজিব পাৰিছে ।

ৰাতি এটা ভাৰাক্ৰান্ত মন লৈ বিচনাত পৰিলো । চিলমিলকৈ টোপনি আহিছিল । মাজনিশা মই অনুভৱ কৰিলো, কাষৰ ৰুমটোত কোনোবাই উচুপিছে ।

(৫)

- আজি ৰেকাৰিংটো ভাঙিবলৈ বেংকত দৰখাস্ত দিব লাগিব, তোক পইচা লাগিব নহয়..... ৰাতিপুৱা চাহ খাবলৈ লৈ দেউতাই কলে

দেউতাৰ মুখখন শেতা পৰি আছে । চকুকেইটাও উখহি আছে । বোধহয় কালি ৰাতি টোপনি হোৱা নাই ।
- দেউতা পইচা দি চাকৰি নলও দে, আজিলৈকে কাৰো একো অন্যায় কৰা নাই, ঘোচ দি অন্যায় নকৰো দে, কপালত যি আছে সেয়াই হব, কিবা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিম....... মই দেউতাক কলো

চাহ কাপত শোহাটো মাৰিবলৈ লৈ দেউতাই মুৰ তুলি চালে । বহুতদিনৰ মুৰত দেউতাৰ চকুত চকু থৈ কথা কৈছো । মই চকু নমাই আনিলো । জৰুৰী টিউচন এটা আছে বুলি কৈ মই ঘৰৰপৰা ওলালো । মোৰ ভাৱ হল, মইয়েই পৃথিৱীৰ সকলোতকৈ স্বাৰ্থপৰ, অৰ্কমন্য, অপদাৰ্থ মানুহ ।

নিয়মমাফিক মই পাচশ টকাৰ ড্ৰাফট কাটি কলেজত এপ্লাই কৰিলে । কেইসপ্তাহমান পাছত ইন্টাৰভিউৰ বাবে কলিং লেটাৰ আহিল ।
ইন্টাৰভিউৰ দিনা দেউতাৰ ভৰি চুই আশীৰ্বাদ ললো । দেউতাই কলে, সজ পথত থাকিলে ভগবানে চকু মেলি চাবই ।

বগা চোলা, ক'লা পেন্ট, কলা জোতা, ফৰেমেল ড্ৰেচত কলেজ পালোহি । প্ৰায় সোতৰজনমান কেন্ডিডেট হৈছে, প্ৰায়ভাগেই মোৰ চিনাকি । বেছিভাগৰে মোৰ দৰেই অৱস্থা ।প্ৰত্যেককে চাকৰি এটাৰ খুবেই প্ৰয়োজন ।
ইন্টাৰভিউ ভালেই হল । প্ৰায়ভাগ প্ৰশ্নৰে উত্তৰ দিব পাৰিলো । বৰদলৈ ছাৰ ইন্টাৰভিউ বৰ্ডত আছিল । মনত সাহ এটা আহিল । বৰদলৈ ছাৰ আমাৰ ডিপাৰ্টমেন্টৰ হেড, খুব কাঢ়া মানুহ । তেও থাকিলে অন্তত দুই নম্বৰী নহয় । ঘৰলৈ আহি দেউতাক ইন্টাৰভিউ ভাল হোৱা কথাটো কলো । দেউতাৰ চকুত এটা তিৰবিৰনি দেখিবলৈ পালো ।

(৬)

বহুদিন পাৰ হৈ গল, কলেজৰপৰা একো খা-খবৰ পোৱা নাই । এদিন ৰাতিপুৱা টিউচন এটা অতাই চান্দমাৰী বজাৰত সোমাইছো । দেখিলো বৰদলৈ ছাৰে মাছ বেপাৰী এজনৰ সৈতে দৰ-দাম কৰি আছে । মই ওচৰ চাপি গলো ।
- ছাৰ ভালনে......... মই সুধিলো
- অ তুমি, ভালনে তোমাৰ..... ছাৰে উত্তৰ দিলে
- ভালেই
- এতিয়া কি কৰি আছা
- কে.ডি জুনিয়ৰ কলেজত কৰি আছো
- অ
- ছাৰ বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ কিবা গম পায় নেকি
- কোনটো
- সেই যে লেকচাৰাৰ পোষ্টটোৰ
- অ, আচলতে কি জানা, এইবোৰ বহুত কথা, তাত লোকেল কেন্ডিডেট আছিল, এমেলেৰে বেকিং, চব আগতেই ফিটিং হৈ আছিল, ইন্টাৰভিউ এটা ভেকোভাওনা
- ছাৰ
- নকবা বুইচা, এইবোৰ কাৰ বাবেই মফচলীয় অঞ্চলৰ কলেজবোৰৰ ইন্টাৰভিউবোৰলৈ মই যাবই নোখোজো, একেবাৰে মাছৰ বজাৰ বনাই ৰাখিছে, কলেজবোৰত এই ইন্টাৰভিউ নামৰ চিষ্টেমটোকে উঠাই দিব লাগে
- হয় ছাৰ............ মোৰ মুখৰে এটা হুমুনিয়াহ ওলাই আহিল

লোকেল ৰৌমাছ এটা মিডিয়াম চাইজৰ পিচ কৰি কটাই লৈ বৰদলৈ ছাৰ গলগৈ । বোধহয় তেওৰ ঘৰলৈ আজি কোনো বিশেষ আলহী আহিছে । দুপৰীয়া মই বৰপেটা কলেজলৈ ফোন কৰিলো । তাত প্ৰিন্সিপালৰ সহায়কে জনালে যে ৰিজাল্ট আজি ওলাইছে আৰু অনন্যা শইকীয়াই চাকৰিটো লাভ কৰিছে ।

আবলিৰ টিউচন দুটা কৰি ঘৰ পাওতে ৰাতি ন বাজিল । দেউতাই ভাত খাই আছিল ।
- দেউতা, বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ ৰিজাল্ট দিলে, ছোৱালী এজনীয়ে চাকৰিটো পালে..... মই কলো

দেউতাই একো নকলে । কাহীখনত অলপ ভাত বাকী আছিল । দেউতাই নিৰুদ্বেগভাৱে বাতিটোৰপৰা দাইল অকনমান ভাতখিনিৰ ওপৰত বাকি ললে ।

মই ভিতৰৰ ৰুমটোত সোমালো । ৰুমটোত এটা ডাঙৰ ষ্টীলৰ আলমিৰা আছে । আলমিৰাটোত এখন ফুল চাইজড গ্লাছ । মই আয়নাখনৰ সমুখত থিয় হলো । কেইমাহমান পাছত দেউতা ৰিটায়াৰ্ড হব । মই দেখিলো আয়নাখনৰ মোৰ প্ৰতিবিম্বটো অলপ কুজা হৈ পৰিছে । ঘৰভাড়া, চাউল-দাইল-তেল-নিমখ, ঔষধ, ভাইটিৰ কলেজৰ ফীজ , এটা প্ৰকান্ড বোজা । বোজাটোৰ বাবে মোৰ ভাৰসাম্য হেৰাই গৈছে । মই চিঞৰিব খুজিছো, কিন্ত..... মোৰ মুখৰে এটা শব্দও ওলাই অহা নাই ।
পৃথিৱীখনৰ বোজাৰ ভৰত মই কুজা হৈ পৰাৰ লগতে কিজানি বোবাও হৈ পৰিছো ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...