(১)
সৰুতে কিতাপত পঢ়িছিলো, মাজুলী অসমৰ ঐতিহ্য । তেতিয়াই মনত প্ৰশ্ন জাগিছিল..... মাজুলীলৈ এতিয়ালৈ দলং কিয় হোৱা নাই ।
২০১৩ চন । মাজুলী যোৱাৰ প্লেন এটা বনালো । মই, যোৰহটীয়া কলিগ অৱনীদা আৰু অন্ধ্ৰপ্ৰদেশৰ আন্নাবাবু আইটুৱেন্টি লৈ ওলালো । যোৰহাট, নিমাতীঘাট পালোহি । ঘাট পাইয়েই বুকুখন চিৰিংকৈ গল । এখন ভুটভুটীত মানুহ, বস্ত, বাইক, গাড়ী চব বোজাই হৈ আছে । অৱনীদাৰ নতুন আই-২০ খন ভুটভুটীৰ ওপৰত তুলিম নে নুতুলিম চিন্তা কৰিবলৈ ঘৰিলো । অৱনীদায়েই কলে.. যি হয় হৱ, চব মানুহ তো গৈয়েই আছে ।
ব্ৰহ্মপুত্ৰৰ সিপাৰে মই নেদেখা অসমৰ ঐতিহ্য । ঈশ্বৰক চিন্তি ভুটভুটিত উঠিলো । ইঞ্জিন ষ্টাৰ্ট হল । মাল্টিকেৰিয়াৰ নাওখন চলিবলৈ ধৰিলে ।
আন্নাবাবুৰ কেমেৰা খোল খালে । নাওৰ দুই-এজন মানুহৰ লগত চিনাকি হল । অমায়িক যেন লগা মানুহ এজন মাজুলীৰ স্কুল এখনৰ হেডমাষ্টৰ ।
- আচ্ছা, ইয়াত দলং এখন হলে ভাল হলহয়চোন , আপোনালোকে দলং এখনৰ বাবে চৰকাৰক প্ৰেচাৰ নিদিয়ে কিয়......... অৱনীদাই সুধিলে
- দলং নালাগে , এবাৰ চৰকাৰে জৰীপ কৰিছিল, আমি বাধা দিলো..... মানুহজনে কলে
- কিয়
- দলং হলে মাজুলী বহিৰাগতৰে ভৰি যাব, ই আমাৰ ঐতিহ্য ধ্বংস কৰিব
- কিন্ত যাতায়ত ব্যৱস্থা ভাল হলে আপোনালোকৰে ভাল নহব জানো । টুৰিষ্ট বেছিকৈ আহিব, বয়-বস্ত অনা নিয়াত সহজ হব, চিকিতসা ব্যৱস্থা, শিক্ষাব্যৱস্থা উন্নত হব, ইকনমি বাঢ়িব ।
- চাওক অসমখন আজি বিদেশী-বহিৰাগতৰে ভৰি পৰিছে, কিন্ত অকল মাজুলীতে আমি আমাৰ ঐতিহ্য ধৰি ৰাখিছো, ইয়াৰ ভাওনা, মুখাশিল্প, সত্ৰ চাবলৈ হাজাৰ হাজাৰ মানুহ আহে , কিয় আহে, কাৰণ আমি আমাৰ ঐতিহ্যক বিজতৰীয়া নকৰাকৈ ধৰি ৰাখিব পাৰিছো
- তথাপিও যোগাযোগ ব্যৱস্থা উন্নত হলে ভাল হয় দিয়কচোন ...... অৱনীদাই মোলায়ম সুৰত কলে
তাৰ উত্তৰত হেডমাষ্টৰজনে কীৰ্তন নে নামঘোষাৰ শ্লোক অলপ গাবলৈ ধৰিলে । শ্লোকৰ অৰ্থ নুবুজিলেও হেডমাষ্টৰে যে অৱনীদাৰ কথা ভাল পোৱা নাই সেইটো অৱনীদাই বুজি পালে ।
(২)
ভুটভুটী মাজুলীৰ ঘাটত ৰলহি । গাড়ী নমালো । এতিয়া সন্মুখত বহুদুৰলৈ কেৱল বালি আৰু বালি । অৱনীদাই কথা পতা হেডমাষ্টৰজনে আমাৰ গাড়ীতে লিফ্ট ললে । আগত বালি উৰুৱাই যোৱা গাড়ীবোৰৰ পাছে পাছে আমাৰ গাড়ী আগবাঢ়িল ।
কিছুদেৰিৰ পাছত আমাৰ গাড়ীয়ে মাটি স্পৰ্শ কৰিলে । ১৫-২০ তকৈ বেগাই গাড়ী নিব নোৱাৰি ।
- এই ৰাষ্টাটো সদায় এনেকুৱাই নে আগতে কেতিয়াবা ভাল আছিল...... মই সুধিলো
- পি.ডব্লিউ.ডি য়ে বনাইছিল মাজতে, যোৱাবেলি বানে বেয়া কৰি গল...... হেডমাষ্টৰজনে কলে
কিছুদেৰি যোৱাৰ পাছত অলপ ভাল ৰাষ্টা পালো । বাওফালে গীৰ্জা এটা চকুত পৰিল ।
- ইচ ৰাম, মহাপুৰুষৰ ঘাটিতেই গীৰ্জা । আপোনালোক থাকোতেও বিদেশী সোমালেই দেখোন ..... অৱনীদাই কলে
- এইবোৰ চব পাপীষ্ঠ । মানুহক টকা দিয়ে, লোভ দি ধৰ্মৰপৰা বিপথে লৈ গৈছে ......... এইবুলি কৈ হেডমাষ্টৰজনে আৰু কেইটামান কীৰ্তনৰ শ্লোক মাতিলে
হেডমাষ্টৰজনক তিনিয়ালি এটাত নমাই আমি চৰকাৰী পৰিদৰ্শন বঙলা এটালৈ গলো । তাতেই ষ্টে কৰাৰ প্লেন আছিল ।
ৰাতি বঙলাৰ কেয়াৰটেকাৰজনৰ লগত আদ্দা চলিল । আদ্দাত মাজুলীৰ কথা ওলাল ।
- আচ্ছা সঞ্জয় ঘোষক লগ পাইছিল নেকি আপুনি ....... অৱনীদাই সুধিলে
- এবাৰ নে দুবাৰ পাইছিলো..... কেয়াৰটেকাৰজনে কলে
- শুনিছো মানুহজন বহুত ভাল আছিল, মাজুলীৰ কাৰণে বহুত কিবা-কিবি কৰিছিল
- কিবা-কিবি কৰিছিল হয় , গছ ৰুইছিল, ডাক্তৰ আনি গাৱত কেম্প কৰিছিল, কিন্ত মানুহজনৰ চিন্তাধাৰা আমাৰ লগত মিলা বিধৰ নাছিল
- মানে
- মানে অদ্ভুত কিবা-কিবি কথা কৈ ফুৰিছিল লুইতক ভেটিব বোলে, লুইতক জানো কোনোবাই ভেটিব পাৰে
- লুইতক ভেটিব কোনে............. অৱনীদাই হাহি এটা মাৰিলে
(৩)
পাছদিনা সত্ৰ এখনলৈ ওলালো । কেয়াৰটেকাৰজনে দিয়া নিৰ্দেশনামতে সত্ৰখন পালোহি । ডাঙৰ গেট এখন । দেহ-মন শিহৰিত হৈ পৰিল । ইমানদিনে শুনি থকা অসমৰ ঐতিহ্যৰ অংশ এডোখৰত খোজ পেলাইছো । সত্ৰৰ ভিতৰখন যথেষ্ঠ চাফ-চিকুণ । শুভ্ৰ সাজত বহুকেইজন ভকতক দেখা পালো । ঘৰ এটাৰ ভিতৰৰুৰা নাম-কীৰ্তনৰ সুৰ ভাহি আহিল । আন্নাবাবুক কলো............ দিছ ইজ আৱাৰ হেৰিটেজ । এ ৰিচ এন্ড কালচাৰ্ড হেৰিটেজ । আন্নাবাবুই আমাৰ হেৰিটেজৰ ফটো লৈ থাকিল ।
সত্ৰৰ ভকত এজন আমাৰফালে আগুৱাই আহিল । আমি আমাৰ কোম্পানীৰ নাম কৈ পৰিচয় দিলো । ভকতজনে গোসাইৰ দৰ্শনৰ বাবে আমাক ঘৰ এটাৰ ভিতৰলৈ লৈ গল ।
ঘৰটোৰ ভিতৰত নাম-প্ৰসংগ চলি আছে । ধুপ-ধুনাৰ সুবাস । আমি ভকতসকলৰ লগত বহিলো । আমাৰ সম্নুখত মনিকুট আৰু মনিকুটৰ কাষত সুঠাম-নিপোটল চেহেৰাৰ মানুহ এজন । তেওৱেই গোসাই । কিছুদেৰিৰ পাছত নাম-প্ৰসংগ শেষ হল । সকলোৱে আঠু ললে । ভকতজনে আমাক কলে...... গোসাইয়ে মাতিছে আপোনালোকক ।
আমি গোসাইৰ ওচৰ পালোহি । পদ কেইটামান মাতি গোসাইয়ে আমাক আশীৰ্বাদ তথা প্ৰসাদ দিলে । অৱনীদাই সত্ৰলৈ বৰঙনিৰুপে নোট কেইখনমান আগবঢ়ালে ।
এনেতে দেখিলো ভকত এজনে কাগজ এখন গোসাইৰ ওচৰলৈ লৈ আহিছে, কাগজখন ওলোটাই ধৰিছে আৰু কাগজত লিখা কথাখিনিৰ তলত গোসাইয়ে ওলোটাকৈ চহী কৰিছে ।
ঘৰটোৰপৰা ওলাই ভকতজনক সুধিলো......... আচ্ছা, গোসাইয়ে ওলোটাকৈ চহী কিয় কৰিলে
- ওলোটাকৈ নহয়, গোসাই ঈশ্বৰৰ অৱতাৰ, আন মনুষ্যতকৈ শ্ৰেষ্ঠ, সেয়ে আন মনুষ্যই লিখা কখাৰ তলত চহী নকৰে, কাগজখন ওলোটাকৈ লৈ কথাখিনিৰ ওপৰত নিজৰ চহী কৰে....... ভকতজনে বুজাই দিলে
চহীৰ কেচটো কিবা এটা সাথৰ যেন লাগিল । এনেতে দেখিলো অৱনীদাই আন এজন ভকতৰ লগত কথা পাতি আছে । অৱনীদা কপি আছে, মাতটোও জোখতকৈ বেছিকৈ ওলাইছে । মাজে মাজে ভকতজনৰ ফালে আঙুলি টোৱাইছে । কোবাকুবিকৈ মই অৱনীদাৰ ওচৰ পালোহি ।
- গোসাইৰ ওচৰত এতিয়া মোৰ সেৱা আছে, মোক এইবোৰ কথা কৈ নাথাকিবি, মই যাও....... এইবুলি কৈ ভকতজন আতৰি গলগৈ
-কি হল অৱনীদা, কি কেচ .......... মই সুধিলো
- বল ইয়াৰপৰা যাও, ফেৰীৰ টাইম হৈছে.......... অৱনীদাই কলে
আমাৰ আই-২০ ওখোৰা মোখোৰা বাটটোৰ ধুলি উৰুৱাই ঘাটৰফালে আগবাঢ়িল
- সেই ভকতটো কোন আছিল......... মই সুধিলো
- সি মোৰ লগত কলেজত একেলগে আছিল । বিমান, বিমান পেগু , মিচিং লৰা ।
- সি আকৌ পঢ়া-শুনা এৰি ভকত কিয় হল
- নকবি আৰু, সি পঢ়াত খুব ভাল আছিল , কলেজত খেলা-ধুলা, নাটক চবতে আগভাগ লৈছিল । সি মোক কৈছিল যে সি ডাক্তৰ হব কাৰণ তাৰ গাৱত ডাক্তৰ নাই, বানপানীত প্ৰায়েই সিহতৰ গাৱৰ বহুত মানুহ বেমাৰত পৰে ।
- তেন্তে
- কলেজৰ পৰীক্ষা দি যেতিয়া সি গাৱলৈ গল তেতিয়া সি জানিবলৈ পালে যে গোসাইয়ে তাক শৰণ দিব আৰু সি এতিয়াৰেপৰা সত্ৰৰ সেৱাত নিযুক্ত হব
- আৰে , এইবোৰ কি আকৌ
- চা, গোসাইৰ কথাৰ নামানিলে ইয়াৰ ৰাইজে সিহতৰ ঘৰখন এঘৰীয়া কৰিব, এঘৰীয়া কৰা মানে তো বুজিছই
- আৰে বাবা
ঘাটলৈ অলপ দুৰ আছে । কালি দেখা গীৰ্জাটো ৰাষ্টাৰ সোহাতে দেখিলো ।
(৪)
আবেলিৰ ভুটভুটীখনত গাড়ীখন উঠালো । আকাশখন ডাৱৰীয়া হৈ আছে । হে ভগবান, কেনেবাকৈ সিপাৰ পালেই হয় ।
নাওখনত বহুত মানুহ । কাষতে প্ৰায় অচেতন মানুহ এটা । মানুহটোৰ হাতখন কপি আছে । মানুহটোৰ কপি থকা হাতথন সাবতি মাইকী মানুহ এজনী । বোধহয় যোৰহাটলৈ চিকিত্সাৰ বাবে নি আছে ।
- এনেকৈয়ে মাজুলীত মানুহ আছে আৰু থাকিব, মুৰ্খ মানুহ চব......... ওচৰৰে লৰা এজনে মানুহজনলৈ চাই কলে
- আপুনি.......... মই সুধিলো
- মই ইয়াত স্কুল এখনত কাম কৰো । টেটত সোমাইছো । আপোনালোক ।
- আমি ফুৰিবলৈ আহিছিলো
- অসমৰ হেৰিটেজ চাবলৈ আহিছিল মানে
- হয়
- চালে, অসমৰ ঐতিহ্য মাজুলী , টুৰিষ্ট ষ্পট
- হয়
- চাল্লা যত বৰষুণ দিলেই নাও বন্ধ হৈ পৰে, যিখন ঠাইলৈ ভাল যোগাযোগৰ ব্যৱস্থা নাই , ৰাস্তা-ঘাট বোলা বস্ত নাই, সেই খন আকৌ হেৰিটেজ টুৰিষ্ট স্পট । কমেডি আৱ এৰৰচ ।
- কথাটো নোহোৱা নহয়
- ইয়াত ধৰ্ম-সংস্কৃতি-ঐতিহ্যৰ দোহাই দি এচামে সাধাৰন মানুহখিনিক বুৰ্বক বনাই লুটিপুটি ৰজা হৈ আছে । এফালে মাজুলীৰ মাটি চপৰা-চপৰে খহি নাইকীয়া হব ধৰিছে আৰু আনহাতদি ঠিকাদাৰ-দালাল-পলিটিচিয়ান-ধৰ্মগ
ব্ৰহ্মপুত্ৰৰ বুকুত জোখতকৈ বেছি বয়-বস্ত-মানুহ কঢ়িয়াই ভুটভুটীখন আগুৱাইছে । সমুখৰ ঘাটটো ৰিনিকি ৰিনিকি চকুত পৰিছে ।সুৰ্যটো লাহে লাহে লুইতলৈ নামি আহিছে । আন্নাবাবু ফটো লোৱাত ব্যস্ত । ৰুগীয়া মানুহজনৰ হাতখন কপি আছে । মানুহজন এতিয়াও জীয়াই আছে ।
পাছফালে দা কালচাৰেল হেৰিটেজ অৱ আচাম ।
ব্ৰহ্মপুত্ৰৰ বুকুত লাহে লাহে অদৃশ্যমান হৈ পৰিছে এসময়ৰ পৃথিৱীৰ এটা সৰ্ববৃহত নদীদ্বীপ ।
No comments:
Post a Comment