Monday, July 7, 2014

কিতাপ


(১)

তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত । কেমেস্ত্ৰী মেজৰ । পানবজাৰলৈ কৰ্চৰ কিতাপ কেইখনমান কিনিবলৈ গলো । বুক হোমত কিতাপ চাই আছো, এখন কিতাপত চকু পৰিল- Organic Chemistry-Clayden । ৰংচঙীয়া কিতাপখন ভালেই লাগিল । পাছে দামটো দেখি সেপ ঢুকি গলো । ১৬৫০ টকা । ক্লেইডেন বাদ দিলো । আৰু এখন চালো । অৰেগেনিক কেমেস্ত্ৰী- ফাইনাৰ । দুটা ভলিউম মিলি ১৫০০ টকা । সেইখনো বাদ দিলো । শেষত বাজেট মিলাই ইন্ডিয়ান ৰাইটাৰৰ সিং-মুখাৰ্জী-কাপুৰ কিনি লৈ আহিলো ।

এইটো নহয় যে লাইব্ৰেৰী নাই । আছে, কিন্ত লাইব্ৰেৰীৰ কিতাপবোৰ বেছিদিন ৰাখিব নিদিয়ে । প্ৰায়ভাগেই অল্দ এডিচন । নিজৰ অনিচ্ছাই হওক বা সহজতে নম্বৰ পোৱাৰ মানসিকতাই হওক চিনিয়ৰৰ নোটছ, ক্লাছ নোটছ পঢ়ি ডিগ্ৰী কমপ্লিট কৰিলো । ইউনিভাৰচিটীত নৱম ৰেংক সহ ফাৰ্ষ্ট ক্লাছ পালো ঠিকেই কিন্ত IISc entrance, JAMকে ধৰি যিমান কম্পিটিটিভ এক্সাম দিলো চবৰে অৰগেনিকৰ প্ৰশ্ন দেখি মুৰ ঘুৰাই গল ।

(২)

JAM নাপালো । গতিকে গুৱাহাটী ইউনিভাৰচিটীত এডমিচন ললো । ছেকেন্ড ছেমিষ্টাৰৰ কথা । সপ্তাহটোৰ বুধবাৰে ডিপাৰ্টমেন্টৰ লাইব্ৰেৰী খোলে । লাইব্ৰেৰীৰ ইনচাৰ্জ প্ৰফেছাৰ দিলীপ কাকতি । তেনেকুৱা বুধবাৰ এটাত ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত পিলিং-পালাং কৰি আছো ।
- কোন চেমিষ্টাৰৰ........... কাকতি ছাৰে সুধিলে
- ছেকেন্ড চেম..... মই কলো
- স্পেচিলাইজেচন কি লম বুলি ভাবিছা
- অৰ্গেনিক
(আচলতে সেই সময়ত মই একো ভৱা নাছিলো কিন্ত ছাৰ অৰ্গেনিকৰ মানুহ বাবে অৰ্গেনিক বুলি কৈছিলো)
কাকতি ছাৰে Organic Chemistry-Clayden আৰু Organic Synthesis-Carruthers নামৰ কিতাপ দুখন মোক জোৰ জবৰদস্তি ইচু কৰাই দিলে ।
এসপ্তাহ ৰুমত কিতাপ দুখন ওপৰে ওপৰে চালো । পাছৰ বুধবাৰটোত কিতাপ দুখন ওভোটাবলৈ গলো ।
- কিতাপকেইখন পঢ়িলানে নাই........... কাকতি ছাৰে শুধিলে
- ওপৰে ওপৰে চালো আৰু............ মই কলো
- ওপৰে ওপৰে চালে হৈ যাবনেকি
- ছাৰ এসপ্তাহতনো কত থৰলি পঢ়া হব
- দিজ আৰ ইমপৰটেন্ট বুকচ ফৰ বিলডিং কনচ্প্টচ, ৰীড দেম থৰলি আৰু যেতিয়ালৈ কমপ্লিট নহয় ঘুৰাই দিব নালাগে
কিতাপকেইখন ৰাখিলো । বহুত দিন ৰাখিলো । প্ৰায় এবছৰ । ৰখাৰ লগতে অলপ-অচৰপ পঢ়িলোও ।
থাৰ্ড চেমত যেতিয়া NET পৰীক্ষা দিবলৈ যাও.......... কচম চে, এটাও অৰ্গেনিক প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহল । এম.এছ.ছি কমপ্লিট নৌহওতেই থাৰ্ড ছেমত NET(JRF) পাই গলো ।
(নেটৰ ৰিজাল্ট পোৱাৰ পাছত কিতাপকেইখন ছাৰক ঘুৰাই দি আহিলো)
তাৰ পাছত যিমানটা কেমেস্ত্ৰী থকা কম্পিটিটিভ পৰীক্ষা দিছিলো তাৰ অৰ্গেনিকৰ প্ৰশ্নবোৰৰপৰা কেতিয়াও আমনি পোৱা নাছিলো ।

(৩)

তাৰ পাছত বহুত ঘটনা-পৰিঘটনাৰে পাচটা বছৰ পাৰ হৈ গল । চাকৰিত জইন কৰাৰ পাছত কেমেস্ত্ৰীৰ কিতাপবোৰ আলমাৰীৰ চুকত ঠাহ খালেগৈ । মায়ে কেতিয়াবা জাৰি-জোকৰি চফা কৰি থয় । কেইখনমান কিতাপ সম্পৰ্কীয় চিনাকি লৰা এজনক দিলো । এদিন আৱিষ্কাৰ কৰিলো যে কেইখনমান কিতাপ পোকে খাইছে । কিতাপবোৰ আলমাৰীৰপৰা ওলাই তলাবন্ধ বাকচত সোমাল ।
এদিন মোৰ কলেজৰ ছাৰ এগৰাকীয়ে ফোন কৰিলে.........
- আচ্ছা, বিকাচ নহয়নে
- হয় ছাৰ কওক
- আমি মানে আমাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটো অলপ ষ্ট্ৰং কৰিব খুজিছিলো, কিতাপৰ সংখ্যা অলপ বঢ়াও, যাতে আমাৰ ষ্টুডেন্টখিনিয়ে ভাল ভাল কিতাপৰ ক্ৰাইছিছত ভুগিবলগীয়া নহয় ।

- হব ছাৰ, মই সকলোপ্ৰকাৰে সহায় কৰিম । মোৰ ঘৰত বহুতকেইখন কিতাপ আছে যিবোৰ এতিয়া মোক নালাগে । সেইবোৰৰ সৈতে আৰু কেইখনমান ভাল কামত অহা কিতাপৰ নিউ এডিচন লাইব্ৰেৰীলৈ দি দিম ......... মই কলো

ছাৰৰ মুখৰ কিতাপৰ ক্ৰাইচিচ শব্দযোৰা কাণত পৰাৰ লগে লগে মোৰ ক্লেইডেনখনলৈ মনত পৰিছিল । ইউনিভাৰচিটীত এটা সম্পুৰ্ন বছৰ মই আজিৰ তাৰিখত ২০২৫ টকা মুল্যৰ ক্লেইডেনখন ব্যক্তিগত সম্পত্তিৰ দৰে ৰাখিছিলো, সেইকালচোৱাত কিজানি কিমানজন সহপাঠী ক্লেইডেনৰ কিতাপখন লাইব্ৰেৰীত নেদেখি বিমুখ হৈ গৈছিল ।

(বি.দ্ৰ-
ৰসায়ন বিজ্ঞান বিভাগ , কটন কলেজৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত ভাল কিতাপৰ সংখ্যা বঢ়াই অলপ শক্তিশালী কৰাৰ প্ৰচেষ্টা চলি আছে । কোনোবা প্ৰাক্তন ছাত্ৰ বা ডিপাৰ্টমেন্টৰ শুভাকাংখীয়ে যদি এই প্ৰচেষ্টাত সহযোগ কৰিব খোজে , বিভাগৰ লগত বা বিভাগীয় পুথিভড়ালৰ তত্বাৱধায়ক ঋতুৰাজ কলিতা ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...