Saturday, August 24, 2013

ইউনিভাৰচিটিৰ এটা ডিগ্ৰীৰ পাছত........ অৰৈখিক সপোন

      

                                                        (1)

"What do you do"
This was the question...............

ইউনিভাৰচিটিৰ দিনবোৰ অতুলনীয় আছিল........ আমি ফ্ৰেচাৰ্চৰ দিনা বিশ্ববিদ্যালয়ৰ গীত গাইছিলো, পিকনিকত সুৰ্যপাহাৰৰ শিল বগাইছিলো, সৰস্বতী পুজাত খিচাৰি ৰান্ধিছিলো, চিনিয়ৰখিনিক উলহ মালহৰে ফেয়াৰৱেল দিছিলো, বৰাপানীত বটিং কৰিছিলো, ক্লাছ বাংক দি চিনেমা চাইছিলো, ভাৰচিটি উইকত খেলিছিলো, ৱাল মেগাজিনত ৰং দিছিলো, ভি.চি অফিছৰ সমুখত প্ৰটেষ্ট কৰিছিলো, HOD ক জেক দি প্ৰতিবাৰেই চেমিষ্টাৰৰ পৰীক্ষা পিছুৱাইছিলো.......... আৰু..... হয়তো কেতিয়াবা কৰ্চৰ কিতাপো পঢ়িছিলো, Seminar দিছিলো........
মুঠতে আমি এনজয় কৰিছিলো...............
প্ৰতিটো দিন একোটা সপোনৰ দৰে আছিল......
Those are the golden days of our life........... (with Subrata Nath, Subrata Paul, Nabajeet Barman, Sukanya Baruah, Pallabi Saikia, Violina Sharma, Mridusmita Sarmah )

কিন্ত......
This dream has an end.....
We got a farewell....... our student life was over
We entered in a competitive world
প্ৰতিটো খোজতে একোজনকৈ ৰেফাৰী আছিল...... হাতত এখন ৰঙা কাৰ্ড........
প্ৰতিযোগিতাৰ পৃথিৱীখনত আমি অনিশ্চিত আছিলো........
আমাৰ ওপৰত চাপ বাঢ়িছিল.......
এটা প্ৰশ্ন আছিল........... "এতিয়া কি কৰি আছা ?"
আমি তেতিয়া প্ৰশ্নটোৰ উত্তৰ বিচৰা আৰম্ভ কৰিছিলো........
This was not the University dream......... We are in the real world.....

বহুতেই দেৰীকৈ ভাবিছিলো, দেৰীকৈ চেষ্টা কৰিছিলো, দেৰীকৈ perform কৰিছিলো.....
This was the "Most Common Story"
কোনেও দেৰী হোৱাটো বিচৰা নাছিল........... কিন্ত দেৰী হৈ হৈ গৈ আছিল......

হয়তো মোৰো দেৰী হৈছিল...
জোস্না চলিহাই ইউনিভাৰচিটী এৰাৰ ২৯৫ দিন আগতে মোক একেটা প্ৰশ্নকে কৰিছিল
"What do you do"

তেতিয়া মোৰ হাতত একো উত্তৰ নাছিল

Apurba Kalita, Pradyumna Mazumdar এ এটা উত্তৰ দেখুৱাইছিল
Alokesh Chanda ই এটা বেলেগ উত্তৰ দিছিল
Ganesh Acharya ই এটা বেলেগ সমাধানৰ কথা ভাবিছিল
But most of the peoples didn't had an answer......

I had 295 days to search an answer.........

মোক উত্তৰটোৰ খুবেই প্ৰয়োজন আছিল....... ইউনিভাৰচিটিৰ পাছত কেতিয়াও লগ নোপোৱা জোস্না চলিহাৰ কাৰনে, তাৰ পাছৰ বছৰ ৰিটায়াৰ্ড হব লগা দেউতাৰ কাৰনে...........
Above all...... মোৰ নিজৰ কাৰনে..........

The "Most Common Story" need to be rewritten........

                                              (2)-দা থ্ৰী মাচকেটিয়াৰচ

“All for one and one for all, united we stand divided we fall.”
― Alexandre Dumas, The Three Musketeers

জোস্না চলিহা বা college/university ৰ কোনোৱে   এটা নিৰ্ভৰযোগ্য উত্তৰ বিচাৰিবলৈ মোক উতসাহ জনাব পৰা নাছিল.............
Neither it was Athos, Porthos or Aramis Alexandre Dumas
তেওলোক মোৰ classmate আছিল......... The Real Musketeers............
Apurba Kalita, Aswini Kalita , Pradyumna Mazumdar...... মোৰ সহপাঠী
দা থ্ৰী মাচকেটিয়াৰচ.......

এখন খ্যাতনমা কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ গ্ৰেজুৱেট ডিগ্ৰী লোৱাৰ পাছত যেতিয়া ইউনিভাৰচিটিত এডমিচন লৈছিলো তেতিয়া নিজকে বহুত কিবা কিবি জনা যেন লাগিছিল........প্ৰকৃততে কিন্ত তেতিয়া important বহুত বস্তৰ প্ৰতি একো ধাৰণাই নাছিল.....

NET,GATE, PhD, CSIR, IISc, NCL আদি আমাৰ বাবে কিছুমান সাংঘাটিক কঠিন শব্দ আছিল.......
আচলতে Graduationত এনে এটা ধাৰনা আমাৰ মনত সুমুৱাই দিয়া হৈছিল যে এইবোৰ বহুত টান, একেবাৰে চেষ্টাৰো অসাধ্য...........

এই ভুলটো পোন প্ৰথমে অপুৰ্বই ভাঙি দিছিল....
2nd semত অপুৰ্বই যেতিয়া ৯৫ percentile লৈ GATE clear কৰিছিল, তেতিয়াহে আমি ভাবিছিলো যে ই সম্ভৱ, আমাৰ বাবেও.........
তেওলোকে আমাক 2nd semত NET দিবলৈ inspire কৰিছিল.........
and they lead by example.......

ইউনিভাৰচিটিৰ ৬০ বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ বাবে তিনিজন ছাত্ৰই NET(JRF) পাইছিল.....
Apurba Kalita, Pradyumna Mazumdar, Aswini Kalita
তেওলোক ডিপাৰ্টমেন্টৰ নায়কত পৰিনত হৈছিল....... আমাৰ কাৰণে তেওলোক Hero আছিল

তেওলোকে আমাক প্ৰেৰণা দিছিল, দিহা-পৰামৰ্শ দিছিল, পুৰনা question paper solve কৰি দিছিল , তেওলোকে কিছুমান কিতাপৰ নাম কৈছিল ......
আমি তেতিয়াহে Clayden, Bruice, Smith, F.A.Cotton পঢ়া আৰম্ভ কৰিছিলো ........

ইউনিভাৰচিটিৰ প্ৰফেচাৰতকৈও আমি তেওলোকৰ ওপৰত বেছি dependent আছিলো, তেওলোকে আমাক কেতিয়াও বিমুখ কৰা নাছিল......
They were the pioneers......We started to follow them.........
অপুৰ্বই নিগেটিভ মাৰ্কিঙৰ কমোৱাৰ কথা কৈছিল, অশ্বিনীয়ে টপিক চিলেকচন আৰু প্ৰদ্যুম্নই প্ৰিচিচনত জোৰ দিবলৈ কৈছিল......

And we created history...........
তেওলোকৰ inspiration আৰু motivation ৰ বলত ইউনিভাৰচিটিৰ ইতিহাসত পোন প্ৰথম আৰু হয়তো শেষবাৰৰ কাৰনে 3rd sem ত আঠজন ছাত্ৰই NET(JRF) পাইছিল.............. Hemanta Kalita, Jiban Saikia, Paramartha Gogoi, Rahul Sharma আৰু ................মই..............

ইউনিভাৰচিটিৰ কোনো batch ই আমাৰ এই record ভাঙিব নোৱাৰে....
Because only we have "The three Musketeers"

তেওলোক তেতিয়া মোৰ কাৰণে Hero আছিল.......
তেওলোক এতিয়াও মোৰ কাৰণে Hero....
তেওলোক সদায়েই মোৰ কাৰণে Hero হৈ থাকিব.......

আলেকজেন্ডাৰ ডুমাৰ কাহিনীত থ্ৰী মাচকেটিয়াৰচৰ সলনি d'Artagnan কেন্দ্ৰীয় চৰিত্ৰ হৈ পৰিছিল

“Good fortune is the best of all mistresses.”

Apurba (এথচ) , Pradyumna (পৰ্থচ) আৰু Aswini (এৰামিচ) য়েও d'Artagnan ৰ সৃষ্টি কৰিছিল......

“There is no friendship that cares about an overheard secret.”

A d'Artagnan was about to rise.............


                                                        (3) - The Reign জীৱন শইকীয়া 

ইউনিভাৰচিটিত চাৰে তিনিটা চেমিষ্টাৰলৈকে আমাৰ ইমেজ খুব এটা ভাল নাছিল........ আমাৰ মানে Jiban Saikia আৰু মোৰ ।
Jiban Saikia মাল্টিটেলেন্টেড আছিল, সি ভাল গান গাইছিল, হাৰমনিয়াম বজাইছিল, ক্ৰিকেট,কেৰম খেলিছিল, ভাল ছৱি আকিছিল, ভাল অভিনয় কৰিছিল...... হি ৱাজ মাষ্টাৰ অৱ অল ট্ৰেডছ
কিন্ত Jiban আছিল ডাউন টু আৰ্থ , বহুত কেজুৱেল আৰু যতে ততে যা-তা জমনি কৰা বিধৰ...........
চিৰিয়াছনেচৰ অভাৱৰ কাৰণে ডিপাৰ্টমেন্টত Jiban ৰ ইমেজ আছিল এটা "Funny Cartoon"

জীৱনৰ বিপৰীতে মই খাৰাংখাচ আছিলো, চিধা-চিধি কথা কৈছিলো, কাকো কেয়াৰ কৰা নাছিলো, প্ৰেক্টিকেলৰ নম্বৰ কমাৰ ভয়ত যেতিয়া অইনে ক্লাছত চুপ-চাপ আছিল তেতিয়া মই উল্টা-পুল্টা প্ৰশ্ন শুধি প্ৰফেছাৰসকলক বিব্ৰত কৰি ভাল পাইছিলো,  বৰিং ক্লাছত টাইম পাছ কৰাৰ সলনি মই Computer labত Orkut কৰি সময় কটাইছিলো, প্ৰেক্টিকেল ক্লাছত কেমিকেলৰ smell লোৱাৰ সলনি মই লেবৰ বাহিৰত চিনিয়ৰৰ লগত ক্ৰিকেট খেলাতো পচন্দ কৰিছিলো, যিকোনো ৰাজহুৱা কামত লগৰবোৰে মোক আগলৈ ঠেলি ৰং পাইছিল, মানুহে মোক বিন্দাছ বুলি ভাৱিছিল,
ডিপাৰ্টমেন্টত মোৰ ইমেজ আছিল এটা "Casual outlaw"

কিন্ত ৭ এপ্ৰিল ২০০৯ ৰ পৰা আমাৰ দুয়োটাৰে ইমেজ চিৰদিনৰ বাবে সলনি হৈ গল
সিদিনা NET ৰ ৰিজাল্ট দিছিল
NET পোৱা বাকীকেইটাৰ ইমেজ একেবাৰে Double distilled পানীৰ দৰে চাফা আছিল
কিন্ত....... সিদিনাৰ ৰিজাল্টে আমাৰ দুটাৰ AT-4 hostelৰ পানীৰ নিচিনা বেয়া ইমেজটো একুৱাগাৰ্ডৰ চুপাৰ পিউৰ water কৰি পেলাইছিল.......

আমাৰ ৰিজাল্ট ডিপাৰ্টমেন্টৰ বহুতৰ বাবে অবিশ্বাস্য আছিল......
শৰ্মা ছাৰে  নিজৰ কেবিনত মুৰে কপালে হাত দি স্বৰ্গউক্তি কৰিছিল......How it can be possible... how......how........how !!!!

আমাৰ নাম over glorified হৈ popular হৈ পৰিছিল
পুৰনি "cartoon" আৰু "outlaw" ইমেজ "জিনিয়াছ" লৈ ৰুপান্তৰিত হলগৈ
ৰাতিটোৰ ভিতৰতে আমি ডিপাৰ্টমেন্টৰ চুপাৰ হিৰো হৈ পৰিছিলো

4th sem ৰ শেযলৈকে আমি এই over glorified ইমেজৰ ফাইদা উঠালো

৭ এপ্ৰিল ২০০৯ ৰ পাছত মোৰ MScৰ প্ৰজেক্ট গাইড ছাৰে কেতিয়াও মোক প্ৰজেক্টৰ কামৰ বাবে কামোৰ নিদিলে, Computer lab ত game খেলা বা orkut কৰা দেখাৰ পাছতো কোনো এ মোক একো নকলে, balance roomত কেমিকেল জুখিব গলে জুনিয়ৰবোৰে সসন্মানে স্পেচ এৰি দিয়া হল, ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীৰ পৰা আঠখন পৰ্যন্ত কিতাপ মোৰ ৰুমত গোট খালে ।

We reigned.......

২৯৫ দিন শেষ হবলৈ ১২২ দিন থাকোতেই ভৱিষ্যতৰ "What do you do" প্ৰশ্নটোৰ এটা উত্তৰ মোৰ হাতত আছিল

- PhD in IIT -

This was Never the ultimate Answer.................

Alokesh Chanda ৰ logic এ মোক ভাবিবলৈ বাধ্য কৰিছিল
A better Alternative.......

(4) - অলকেশ চন্দা

লাষ্ট semester ত ইউনিভাৰচিটিৰ MBA কেন্টিনৰপৰা আহি থাকোতে Alokesh Chanda ই কৈছিল.........
উই ডু নট ৱান্ট টু বি এ হাৰ্ডকৰ ৰিচাৰচাৰ, উই নিড এ গুড জব অনলি
৫ বছৰ পাছত যদি চাকৰিয়েই কৰিব লাগে ... ..... হোৱাই নট নাও
মুল্যবান ৫ টা বছৰ এটা ডিগ্ৰীৰ বাবে উচৰ্গা কৰাৰ কোনো যুক্তিযুক্ততা নাই.......
UGC এ দিয়া ফেলোশ্বিপৰ ১২ হাজাৰ টকাত লাইফ নচলে........ কোনোপধ্যে নচলে........

অলকেশ চন্দা পঢ়াত চোকা আছিল, বহুত চোকা....... স্নাতক মহলাত চন্দাই স্পন্দেলাইটিছকো নস্যাত কৰি ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান আধিকাৰ কৰিছিল...... চন্দাৰ মেমৰী জেৰক্স মেচিনৰ দৰে আছিল...... চন্দাই ১২ টা ষ্টেপৰ ৰিচাৰপিনৰ চিন্থেচিছ এবাৰো নোচোৱাকৈ বৰ্ডত আকিব পাৰিছিল......
চন্দা আছিল cool আৰু calm....... Handsome dude

চন্দাৰ কথাত logic আছিল...... ২৩ ৰ পৰা ২৮ মানুহৰ grooming এজ, হচনে-খেলনে-গানে কা ৱক্ত , এইটো সময়ত ৰিচাৰ্চৰ নামত লেৱৰটৰী নামৰ কোঠা এটাত সময়বোৰ পাৰ কৰিলে কেনেকৈ হৱ....... লেৱৰটৰীৰ বাহিৰতো এখন ডাঙৰ দুনীয়া আছে.......

চন্দাই বুজাব বিচৰা ডাঙৰ দুনীয়া খনৰ কথা মই বিশেষ নাজানিছিলো....... আচলতে মোৰ চিনাকি সকলোৱেই তেতিয়া মোক PhD কৰিবলৈ Advice দিছিল...... ফলত মোৰ চিন্তাধাৰাও Monotonous হৈ পৰিছিল..........

চন্দাই কৈছিল........ ৩০ বছৰত চাকৰি পোৱা আৰু ২৪ বছৰত চাকৰি পোৱাৰ মাজৰ পাৰ্থক্য আছে, পুৰা ৬ বছৰৰ পাৰ্থক্য, ৬ বছৰ বহুত সময়, ৬ বছৰত মানুহে বহুত কিবা কিবি কৰিব পাৰে.........
টুৱেন্টি ফৰত যিটো josh থাকে, থাৰ্টিত সেই josh নাথাকেগৈ ......
PhD বাৰু হলেই, তাৰ পাছত কি গেৰান্টি....... আছে জানো কিবা গেৰান্টি..... আমাৰ তো কোনো লিংক-চিংকো নাই.....গতিকে uncertainty.......
আমাৰ ফেমিলীত বহুত মানুহ আছে যি আমাৰ ওপৰত dependent হয় , বা in future হব , উই হেভ ৰেচপনচিবিলিটিজ, আমাৰ সময়বোৰ তেওলোকৰ বাবে valuable, যিবোৰ সময় কোনো কাৰণতেই আমি future uncertainty আৰু probability ৰ বাবে waste কৰিব নোৱাৰো....

চন্দাই Bank আৰু SSC ৰ বাবে GK, Reasoning, aptitude আদিৰ খুব প্ৰেকটিছ কৰিছিল ...... চন্দাই সেই সময়ত ওলোৱা প্ৰতিটো চাকৰিৰ বাবে ফৰ্ম পুৰাইছিল... SBI, SSC,UPSC, Axis, HDFC bank.....

চন্দাৰ কথাই মোৰ সৰলৰৈখিক প্লেনবোৰ ওলট-পালট কৰি দিছিল...... ময়ো multidimensional দৃষ্টিকোণৰপৰা কথাবোৰ ভাৱিবলৈ আৰম্ভ কৰিলো........
পিছে তেতিয়া future কেৰিয়াৰ opportunities ৰ বিষয়ে মোৰ একো আইডিয়া নাছিল, আইডিয়া দিয়া মানুহো নাছিল...
মোৰ UGC-NET আছিল , গতিকে কলেজৰ lectureship বাবে চেষ্টা কৰিম, নে চন্দাৰ দৰে বেংকৰ চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰিম.....নে আন কিবা......
মই কনফিউজ হৈ গলো...........Totally confused

যিয়েই নহওক, মই সেইমাহৰ competition success খন কিনি আনিছিলো......
Assam tribune আৰু Employment News তো মই চাকৰিৰ বি়জ্ঞাপন চাবলৈ ধৰিলো.....

ইউনিভাৰচিটিৰ বাহিৰৰ আচল পৃথিৱীখনৰ প্ৰতিযোগিতা কেতিয়াও সহজ নাছিল......
I was about to face the hard music of the competitive world.......

"What do you do" প্ৰশ্নটোৰ এটা বিকল্প উত্তৰৰ অন্বেষণ আৰম্ভ হৈছিল.....



                                                (5)- গণেশ আচাৰ্য  -দা ট্ৰেজিক হিৰো

ইউনিভাৰচিটিৰ MSc ৰ ৰিজাল্ট দিয়াৰ দুমাহ আগতেই মোৰ হাতত তিনিটা অপচন আহি পৰিছিল

গুৱাহাটী IITত মই PhD ৰ বাবে এপ্লাই কৰিছিলো আৰু লগৰ ছয়জনৰ লগত ময়ো select হৈছিলো..... ৰিজাল্ট দিয়াৰ আগতেই IITত ছীট পোৱাটো এটা বিৰাট ডাঙৰ কথা আছিল, ইয়ে আমাৰ ইমেজবোৰ আৰু glorify কৰি তুলিছিল..... সেই সময়ত PhD ৰ ফেলশ্বিপ আছিল মাহে ১২০০০ টকা

আকাশ ইন্সটিটিউটৰ ডাইৰেক্টৰে মোৰ লগত যোগাযোগ কৰিছিল, তেও মোক সপ্তাহত 15 টা ক্লাছ কৰাৰ বাবদ মাহে ২৫০০০ টকাৰ অফাৰ দিছিল

সেই সময়ত মঙলদৈ কলেজত এবছৰৰ কাৰণে লিয়েনত পোষ্ট এটা খালী হৈছিল আৰু Assam Tribuneত বিজ্ঞাপন দেখি মই এপ্লাই কৰিছিলো, যদিও মোৰ MSc কমপ্লিট হোৱা নাছিল, সেই পোষ্টটোত মোৰ বাহিৰে আন কোনেও এপ্লাই কৰা নাছিল, গতিকে মই পোৱাটো খাটাং আছিল.........

প্ৰথম অপচনটো গ্লেমাৰাছ আছিল, দ্বিতীয়টোত জ্যামিতিক হাৰত কেৰিয়াৰৰ শ্ৰীবৃদ্ধিৰ সম্ভাৱনা আছিল, কিন্ত তৃতীয়টো একেবাৰে সাধাৰণ আছিল, এবছৰৰ পাছত তৃতীয়টোৰ ম্যাদ শেষ হলহেতেন...

মোৰ দৰে ষ্টুডেন্টৰ ১০০ জনৰ ৯৯ জনেই প্ৰথম অপচনটো ললেহেতেন, কাৰণ IIT নামটোৰ এটা গ্লেমাৰ আছিল যাক আওকাণ কৰা সহজ নাছিল....
But I have other plans......

Ganesh Acharya ৰ সৈতে হোৱা অন্তিম মুখামুখিয়ে মোক "অন্য পৰিকল্পনা" ৰ কথা চিন্তা কৰিবলৈ প্ৰভাৱিত কৰিছিল..........

গণেশ আচাৰ্য মোৰ ৰুমমেট আছিল, আমি একেলগে ইউনিভাৰচিটিৰ ওচৰত মেচ কৰি আছিলো....
Ganesh Acharya বহুত বেছি চোকা আছিল..... গণেশে কোনো পৰীক্ষাতে ৭৭ শতাংশতকৈ কম নম্বৰ পোৱা নাছিল, BSc আৰু MSc দুয়োটাতে গণেশ 1st class 2nd আছিল, Quantum Chemistry ত গণেশৰ যিমান concept আছিল, ইউনিভাৰচিটিত আমাক Quantum পঢ়োৱা প্ৰফেচাৰকেইজনৰো সিমান concept নাছিল....

গণেশে মোক কৈছিল, "থীক চে পঢ় , chemistry মে বহত scope হে, GATE দেনা হে , IIT চে MTech কৰনা হে , উচকে বাদ JOB..... য়া GRE & TOFFEL অউৰ চিধা বাহৰ "

কিন্ত 3rd sem ৰ পৰা Ganesh ৰ focus চেঞ্জ হৈছিল, গণেশে MBA কৰিবলৈ মন মেলিছিল, সি শিলপুখুৰীত থকা IMS ত CAT ৰ কচিংৰ বাবে এডমিচন লৈছিল
গণেশৰ প্লেনিং আছিল......... আগবেলা MSc 4th sem ক্লাছ, পাছবেলা-MSc project আৰু সন্ধিয়া-CAT coaching.......

কিন্ত...... গণেশৰ MSc project ৰ তত্বাবধায়ক আছিল ইউনিভাৰচিটিৰ এজন ডেকা প্ৰফেচাৰ

That ruined everything......

যেতিয়া গণেশৰ project guide এ গণেশে CAT ৰ প্ৰিপেৰাচন কৰা বুলি গম পাইছিল, তেও গণেশৰ ওপৰত কামৰ বোজা ইচ্চাকৃতভাৱে বঢ়াই দিছিল, গোটেই semester টোত গণেশে ৰাতি ৯ বজালৈকে লেৱৰটৰীত কাম কৰিবলগাত পৰিছিল, আনকি দেওবাৰ বা বন্ধৰ দিনাও ৰেহাই নাছিল......
মই যেতিয়া প্ৰজেক্টৰ কামৰ পাচত ক্ৰিকেট খেলি, জীৱন-অলকেশৰ ৰুমত আদ্দা দি ৰাতি শুবলৈ যাও , তেতিয়া গণেশ ভাগৰে-যুগৰে ৰুম সোমাইছিল.........
project guide এ গণেশক নিজৰ স্বাৰ্থৰ বাবে exploit কৰিছিল
গণেশে প্ৰতিবাদ কৰিব নাজানিছিল........

আৰু যেতিয়া project dissertation জমা দিয়াৰ সময় উপস্থিত হল.....
গণেশৰ প্ৰজেক্টৰ result আছিল এটা ডাঙৰ ঋণাত্মক Zero..... গণেশৰ হাতত কেইখনমান অশুদ্ধ NMR বাহিৰে একো নাছিল...........
গণেশ চুড়ান্তভাৱে হতাশ হৈছিল......

4th sem ৰ final presentation শেষ হোৱাৰ পাছত গণেশে কৈছিল.... মেৰা চাৰা চপনা টুট চুকা হে, মেৰা এক চাল বৰবাদ হো গয়া, মে কভী য়হা নহী আউংগা
গণেশ ডিপাৰ্টমেন্টৰ চিৰিয়েদি নামি গৈছিল....
প্ৰায় এঘন্টামানৰ পাছত গণেশে মোক ফোন কৰিছিল........... তুম মে বহত Potential হে , ইচে Waste নহী কৰনা.........

গণেশ আমাৰ ফেয়াৰৱেলত অহা নাছিল, MSc মাৰ্কচিট বেলেগৰ হতুৱাই লোৱাইছিল, সেই দিনাখনৰ পাছত গণেশৰ ফোন নম্বৰ অফ হৈ পৰিছিল........ গণেশ আমাৰপৰা অদৃশ্য হৈছিল

MSc ৰ ৰিজাল্ট ঘোষণা কৰাৰ পাছদিনাই মই মঙলদৈ কলেজত জইন কৰিছিলো.....

মোৰ এই সিদ্ধান্তত সকলো হতবাক হৈছিল...... মোক বেয়া পোৱা মানুহবোৰ আনন্দিত হৈছিল
মোক ভাল পোৱা মানুহখিনিয়ে মোক খং কৰিছিল, বুজাবলৈ চেষ্টা কৰিছিল, Subrata Nath, Pallabi Saikia, Anjumani Talukdar , Nabajeet Barman, Jayanta Nath, Jiban Saikia ই মোক বহুত গালি পাৰিছিল.......

ইমানদিনে মোৰ অতপালিবোৰ নিৰ্বিকাৰে সহ্য কৰি অহা মোৰ project guide এ প্ৰথমবাৰৰ বাবে মোক টানকৈ কথা কৈছিল, মোৰ লৰামতীয়া সিদ্ধান্তই মোৰ কেৰিয়াৰ শেষ কৰিব বুলি তেও আশংকা কৰিছিল.......

I was thinking out of the box,...... মোৰ "অন্য পৰিকল্পনা" এটা জুৱা আছিল যত বাজিত আছিল মোৰ কেৰিয়াৰ...... মোৰ সিদ্ধান্তই মোৰ গ্লেমাৰাছ ইমেজ যথেষ্ঠ অনুজ্বল কৰি তুলিছিল........

বহুতে ভাৱিছিল যে কুঠাৰত ভৰি মৰাৰ পাছত নগৰৰ ভিৰৰ মাজত মই হেৰাই যাম
হয়তো মই হেৰাই গলোহেতেন.......

It was a big Risk......
উত্তৰবোৰ সময়ৰ বুকুত লুকাই আছিল........

                                                   (6) - The Risk

Msc Project Guide এ মোক মাতি পঠিয়ালে..........

-এইবোৰ কি কৰিব খুজিছা
- ছাৰ, মানে
- IIT-Guwahati ত এডমিচন নললা, সুযোগ বাৰে বাৰে নাহে
-.........
- বেলেগ ভাল ঠাইত ট্ৰাই কৰিম বুলি ভাবিচা নেকি
- নাই
- তেন্তে, এতিয়া কি কৰিবা
- ছাৰ, মঙলদৈ কলেজত জইন কৰিম
- পাৰ্মানেন্ট নেকি
- নহয় ছাৰ, লিয়েন
- চোৱা , লিয়েনত কৰি লাভ নাই, লিয়েনৰ এক্সপেৰিয়েন্স কাউন্ট নকৰে
-.............
- ঘৰত কিবা ডাঙৰ প্ৰবলেম আছে নেকি যে চাকৰি কৰিবই লাগিব, বিয়া দিব লগা বাই-ভনী আছে নেকি
- নাই
- ফাদাৰে কি কৰে
- গেজেটেত অফিচাৰ, দুবছৰ পাছত ৰিটায়াৰ হৱ
- তেন্তে
- চাৰ, এক্সুৱেলি
- চোৱা, Diganta Choudhury ও বহুত ভাল ষ্টুডেন্ট আছিল, সিও B.Barooah ত লিয়েনত জইন কৰিছিল, তাতেই থাকি গল, সি বহুত ওপৰলৈ যাব পাৰিলেহেতন, কিন্ত ...................
- চাৰ এক্সুৱেলি যিমানদিন কলেজৰ ক্লাছ চলে তেতিয়ালৈ তাত থাকিম বুলি ভাবিছো, তাৰ পাছত আপোনাৰ লগতে PhD এডমিচন লম
- মানে
- মানে, NET ৰ চাৰ্টিফিকেট অহা নাই , নভেম্বৰ মানত আহিব, অহা চেচনত মানে মে মাহত ইউনিভাৰচিটিত PhD এডমিচন লম
- তুমি জেনেৰেল কেটেগৰীৰ নহয় জানো, কলেজৰ ইন্টাৰভিউবোৰত NETৰ কাৰনে এক্সট্ৰা মাৰ্কচ নাথাকে, বহুত কম্পিটিচন, দিগদাৰ হব, ভাল ঠাইৰপৰা PhD কৰা, ভাল চান্স পাবা, Tag is very important.......ইউনিভাৰচিটি তোমালোকৰ কাৰনে নহয়, ইয়াত facility নাই, মাহৰ পাছত মাহ ধৰি ফেলোশ্বিপৰ পইচা নাহে, Instrument ৰ অভাৱ, এটা Analysisৰ বাবে কেইবামাহো লাগে, যিটো IISc ত একেদিনাই হৈ যায়.....

- ছাৰ মানে, মই PhD ত এডমিচন লম কাৰণ মোৰ JRF আছে, নহলে নললোহেতেন, মানে মই JRFৰ option টো en-cash কৰিব খুজিছো, ভাল চাকৰিৰ বাবে ট্ৰাই কৰিম, পালে গুচি যাম

কথাখিনি চিধাচিধি কৈ দিয়াৰ পাছত গালি খাবলৈ সাজু হলো, Get Out জাতীয় শব্দ এটা expect কৰিলো
I was speaking to a renowned Professor of a University.........

Project Guide ৰ চেহেৰাত আচৰিত জাতীয় এক্সপ্ৰেচন এটা ফুটি উঠিল......... তেও হাহিলে, বেচ কিছু সময় হাহিলে......... তাৰ পাছত সুধিলে
- কি ভাল চাকৰি
- মানে ছাৰ, চিভিল দিম বুলি ভাবিছো, IIT ত প্ৰিপেৰেচনৰ টাইম নাপাম নহয়

Project Guide এ কিছুসময় ভাবিলে,
- ভাল কথা, আমাৰ লৰা-ছোৱালীবোৰে এইবোৰ চিন্তা নকৰেই, দেলহীত কচিং ললে ভাল আছিলহেতেন
- ছাৰ, মোক কচিং নালাগে, চেষ্টা কৰিম, ভালকৈ পঢ়িলে চিভিল নহলেও আন কিবা ভাল নিশ্চয় পাই যাম

Project Guide অলপ সময় মনে মনে থাকিল, তাৰ পাছত কলে........
- পচিছ বছৰ চাকৰি কৰিলো, কেতিয়াও এনেকুৱা কথা শুনা নাছিলো, যিয়েই নহওক ভালকৈ ভাবি-চিন্তি সিদ্ধান্ত লবা, চিভিলৰ প্ৰচেচটোত কমেও দুবছৰ লাগিব, অৱশ্য JRFৰ পইচা পাই থাকিবা, Labত অলপ অলপকৈ কাম কৰিলেও এদিন PhD হৱ, My lab is always open for you.........কিন্ত ডাঙৰ ৰিস্ক লোৱাৰ কথা ভাৱিছা, দুবছৰৰ ৰিস্ক, দুবছৰ বহুত সময়, be careful

কটন কলেজত স্নাতক তৃতীয় বৰ্ষৰ ক্লাছ এটাত Archana Goswami বাইদেৱে কৈছিল........
"Always dream big, than you can achieve big, if somehow you fail, then also you will fall at a better height......."

অৱশ্যে Project Guide এ ভৱাৰ দৰে Risk factor আছিল যদিও, মোৰ হাতত বহুকেইটা back-up plan ও আছিল......

Now I stepped into the Real world, Life is not a bed of roses.........
গোলাপ চিঙিবৰ বাবে প্ৰথমতে কাইট ভাঙিব লাগিবই.....


                                                    (7) - দিগন্ত চৌধুৰী

"I wanted to be like Diganta Choudhury"
কলেজত পঢ়োৱা কেইদিন মই দিগন্ত চৌধুৰীৰ দৰে হব খুজিছিলো

দিগন্ত ছাৰ.............. ইউনিভাৰচিটিত মই শুনা নামবোৰৰ ভিতৰত এই নামটো মই সৰ্বধিক সংখ্যক শুনিবলৈ পাইছিলো........ মোৰ লগত B. Borooah কলেজৰ সাতজন ষ্টুডেন্ট আছিল,.......... তেওলোক, তেওলোকৰ কলেজৰ চিনিয়ৰ, জুনিয়ৰ প্ৰত্যেকেই দিগন্ত চৌধুৰীক অপৰিসীম শ্ৰদ্ধা কৰিছিল........কলেজৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ৰ সফলতাৰ আৰত আছিল দিগন্ত চৌধুৰী ৰ দৰে Dedicated শিক্ষক ...... দিগন্ত চৌধুৰী প্ৰতিজন ষ্টুডেন্টৰ বাবে আছিল friend, philosopher, mentor & guide........ নিজৰ কেৰিয়াৰৰ সোনালী সুযোগ আওকাণ কৰি ষ্টুডেন্টৰ বাবে নিজৰ সময়,ধন,শক্তি সকলো উচৰ্গা কৰা ব্যক্তি হল দিগন্ত চৌধুৰী........ বি.বৰুৱা কলেজৰ কেমেষ্ট্ৰী ডিপাৰ্টমেন্টেই একমাত্ৰ ডিপাৰ্টমেন্ট যত ৰাতি ৯ বজালৈকে ছাত্ৰ-শিক্ষক কলেজত থাকে..... যিটো আনবোৰ কলেজত দেখা পোৱাটো অকল্পনীয়...........

কলেজত প্ৰথম দিনা জইন কৰি বাকী প্ৰফেচাৰ সকলৰ সৈতে প্ৰাৰম্ভিক চা-চিনাকি হৈ সোনকালে গুচি আহিলো........
দ্বিতীয় দিনাৰ পৰা ক্লাছ লোৱা আৰম্ভ কৰিলো, মোৰ ভাগত HS 1st year, TDC 1st year, TDC 3rd year ৰ অৰ্গেনিক পঢ়োৱাৰ দায়িত্ব পৰিল...... জুৰিটি, মৃণালিনী, আৰাধনা, ধনজিতা তেতিয়া 1st year ত আছিল, হেমেন,ব্ৰজেন, নৱনীত, ৰিংকি, অপৰ্ণা, মধুস্মিতাহত আছিল 3rd year ত....

দ্বিতীয় দিনা দেখিলো যে অসমৰ প্ৰায়ভাগ কলেজৰ দৰেই সেইখন কলেজো আবেলি ২ বজাৰ লগে লগে জনপ্ৰানীহীন হৈ পৰিছে.........
মই এটা change আনিব বিচাৰিছিলো ।
তৃতীয় দিনা ডিপাৰ্টমেন্টৰ হেডক Change ৰ বিষয়ে কলো
হেডে মোক বেয়াকৈ নিৰুতসাহিত কৰিলে ।

মই মোৰ সাধ্যৰ ভিতৰত চেষ্টা কৰিলো, ছিলেবাছৰ লগতে University question paper, JAM ৰ প্ৰশ্ন ক্লাছত কৰোৱাবলৈ ধৰিলো, B.Borooah আৰু Diganta Choudhury ৰ উদাহৰন দি লৰা-ছোৱালীক পঢ়াৰ প্ৰতি উদ্বুদ্ধ কৰাৰ চেষ্টা কৰিলো......... কোনোবা প্ৰফেচাৰ নাহিলে আগতে ক্লাছ কেঞ্চেল হয়, ষ্টুডেন্টৰ লোকচান, গতিকে সেই ক্লাছবোৰ মই লোৱা কৰিলো....... 3rd year ত অৰ্গেনিকৰ উপৰিও spectroscopy ৰ টপিক ললো....... বহুত এক্সট্ৰা ক্লাছ ললো, ফলত ডিচেম্বৰৰ আগছোৱাতে চিলেবাছ শেষ হৈ থাকিল........

প্ৰদ্যুম্নই IISc লৈ লগ ধৰিছিল....... গতিকে ডিচেম্বৰত হেমন্ত আৰু প্ৰদ্যুম্নৰ লগত IISc অৰ্থাত বেংলুৰ গলো......
তাত তিনিওজনে Tridib Goswami দা আৰু Bhabatosh Banik দাক চাৰিদিন কামোৰ দিলো....

ঘুৰি আহি জানুৱাৰীত ৰিভিজন আৰু মক টেষ্ট কৰোৱাৰ কথা ভাৱিছিলো

কিন্ত.....

যিটো বাজে চিষ্টেম সলনিৰ বাবে যুজিছিলো সেইটো মোৰ বাবে invulnarable আছিল
মোৰ দৰমহাৰ ফাইলটো ইউনিভাৰটিচিত ক্লিয়াৰ হোৱা নাছিল
কলেজৰ প্ৰিন্সিপালে "মোৰ হাতত একো নাই" টাইপৰ কথা কৈ দায় সাৰিব খুজিছিল

ইউনিভাৰচিটিৰ একাডেমিক ৰেজিষ্টাৰ আৰু দিশপুৰৰ UGC অফিচৰ বাহিৰত ঘন্টাৰ পাছত ঘন্টা অপেক্ষা কৰিব লগাত পৰিছিল
ইউনিভাৰচিটিৰ কেৰাণীজনে উতকোচ বিচাৰিছিল
মই কেৰাণীজনক "নালাগে দৰমহা" জাতীয় বাক্য এষাৰ কঠিন সুৰত কৈ ওলাই আহিছিলো

জানুৱাৰীত মই মাত্ৰ এদিন কলেজ গৈছিলো
Atul Prasad Sikdar ছাৰে এটা উপায় উলিয়াইছিল..... দিল্লীৰ UGCৰ সঞ্চালকলৈ সকলো কাগজসহ চিঠি পঠালো

এপ্ৰিলত মোৰ নামত অহা দৰমহাৰপৰা কলেজৰ বৰবাবুৱে "কলেজৰ বাবে" ছহেজাৰ টকা কাটি ৰাখিছিল......

মই দিগন্ত চৌধুৰীৰ এশভাগৰ এভাগৰ সমান প্ৰভাৱ পেলাবলেও সক্ষম নহলো
প্ৰচলিত চিষ্টেমটোৰ মই একোৱেই সলনি কৰিব নোৱাৰিলো.........

I Failed........
এপ্ৰিলৰ শেষ সপ্তাহত মই মঙলদৈ কলেজ এৰি মে ৰ প্ৰথম সপ্তাহত ইউনিভাৰচিটিত PhD এডমিচন ললো

এটা এডভেঞ্চাৰ শেষ হৈছিল
It was time for the Final Exams ...........


                                                 (8) - The final Destiny

UPSC prelims বাবে মই Chemistry বিষয়টো লৈছিলো........  কলেজত মেজৰৰ ক্লাছ লবলৈ বহুত পঢ়িবলগীয়া হৈছিল আৰু তাক ফলত বিষয়টোৰ বেছিকৈ গভীৰতালৈ সোমাই গৈছিলো........ সেইবাৰ আকৌ NET দিছিলো আৰু সেইবাৰো পুনৰ সহজেই JRF পাইছিলো.......অৱশ্যে UPSC ৰ chemistry পেপাৰৰ pattern NET paper ৰ দৰে নাছিল, UPSC ৰ যিমান পুৰনা পেপাৰ পাইছিলো সেইবোৰ solve কৰাৰ চেষ্টা কৰিছিলো.............. কলেজলৈ মই এখন বাহিৰা কিতাপ বা আলোচনী লৈ গৈছিলো আৰু ক্লাছৰ মাজৰ অফত পঢ়িছিলো....... ভাৰতৰ বুৰঞ্জী, ভুগোল, অৰ্থনীতি, বৈদেশিক নীতি, সামাজিক ন্যায় ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা আদিৰ ওপৰত যথেষ্ঠ পঢ়া-শুনা কৰিছিলো..... ইউনিভাৰচিটিৰ লাইব্ৰেৰীত ঘন্টাৰ পাছত ঘন্টা কিতাপ বিচাৰি তথ্য গোটাইছিলো........

Knowledge is power & Power is confidence
মোৰ আত্মবিশ্বাস বাঢ়ি গৈছিল, ইমানেই over confident হৈ পৰিছিলো যে আন চাকৰিৰ বাবে apply এ কৰা নাছিলো.......
মই মাত্ৰ দুটা চাকৰিৰ বাবে ফৰ্ম পুৰাইছিলো........ UPSC আৰু ONGC-GT

মে মাহত দুয়োটাৰে প্ৰাৰম্ভিক পৰীক্ষা হৈছিল......
UPSC ৰ chemistry paper খন যথেষ্ঠ দীঘল আছিল, বিশেষকৈ numerical বোৰৰ বাবে সময় লাগিছিল, তথাপিও তিনি ঘন্টাত বহুত কৰিব পাৰিলো......
পিছে General Studies ৰ paper খন হাতত লৈ বিহু দেখি গলো....... চাল্লা এটা-দুটা নহয়, চাৰিটাকৈ statement থাকে........ তাৰ পাছত উত্তৰত option থাকে...... 1 & 4 are true, 2 & 3 are true, 3 is false, 1,2,4 are false ......... কত মৰ মৰ , চাৰিওটা statement এ জানিব লাগিব, তেতিয়াহে শুদ্ধ উত্তৰটো বাছিব পৰা যায়..........
অৱশ্য প্ৰিপাৰেচন কৰি গৈছিলো, গতিকে ভালে কেইটামান ভুল নোহোৱাকৈ কৰিব পাৰিলো........
আচলতে প্ৰশ্নবোৰ অলপ টানেই আহে, গতিকে কাট অফো কম হয়, নিগেটিভত নম্বৰ নেহেৰুৱালে আশা যথেষ্ঠ থাকে.........

UPSC ৰ কেইসপ্তাহমান পাছত ONGC ৰ পৰীক্ষা দিলো
UPSC দিয়াৰ পাছত ONGC ৰ paper খন primery school ৰ paper ৰ দৰে আছিল
৩০ মিনিটত গোটেইবোৰ হৈ গল, বাকী ডেৰ ঘন্টা ইফালে সিফালে চাই, আগে-পিছে উত্তৰ পাছ কৰি পাৰ কৰিলো.....

জুলাইৰ শেষৰফালে ONGC ৰ ৰিজাল্ট দিলে..... ১৫ ছেপ্টেম্বৰত দিল্লীত ইন্টাৰভিউ

আগষ্টত Prilims ৰ ৰিজাল্ট আহিল
দিন বিৰাট ভাল চলি আছিল.......ফাৰ্ষ্ট attempt তে মই Prelims clear কৰিলো........ তিনিমাহ পাছত mains ........ Chemistry ৰ লগতে বুৰঞ্জী বিষয় ললো......... প্ৰিপেৰাচন চলি থাকিল

ONGC ৰ বিন্দাচ ইন্টাৰভিউ দিলো....... তেতিয়া মোৰ চকু আছিল মেইনচত, দিল্লীলৈ যোৱাৰ সুযোগতে অলপ ষ্টাডি মেটেৰিয়েল লৈ আহিলো...........

নভেম্বৰত ONGC ৰ ইন্টাৰভিউৰ ৰিজাল্ট দিলে......... মোৰ নামত অফাৰ লেটাৰ ইউনিভাৰচিটিৰ PhD Guide ৰ ঠিকনাত আহিল..............কোম্পানীৰ জইনিংৰ ফৰ্মেলিটি , মেডিকেল চেক আপত বহুত দিন লাগিল...........
দুৰ্ভাগ্যজনক ভাৱে সেইবাৰ mains ৰ পৰীক্ষা দিয়াটো নহল...........
ভাবিলো........ অহাবাৰ........, তিনিটা attempt এতিয়াও হাতত আছে.........

ডিচেম্বৰৰ শেষ সপ্তাহত আনুষ্ঠানিক ভাৱে JRF ৰিজাইন দি তেল কোম্পানীত জইন কৰিলো
কোম্পানীত মোৰ পোষ্টিং ৰ বিভাগীয় ফাইলটো মুভ হৈ থাকিল........... . ফোনতে পোষ্টিং অৰ্ডাৰ ওলাইছে নে নাই খবৰ লৈ থাকিলো........মাঘ বিহুলৈকে ঘৰতে থাকিলো......
মাঘ বিহুৰ পাছত জানুৱাৰী শেষলৈকে কোম্পানীৰ অফিচত চেহেৰা দেখুৱাই কলিগৰ লগত গল্প কৰি কটালো.....

৩১ জানুৱাৰীত পে-শ্লিপ ওলাল
এমাহ সাতদিনৰ দৰমহা........
মনৰ ভিতৰতে কেইটামান যোগ-বিয়োগ, হৰণ-পুৰণ কৰিলো.........
অলপ চিন্তা কৰিলো.......

গুৱাহাটীৰ এখন কিতাপৰ দোকানলৈ ফোন লগালো
"এইমাহৰপৰা মোৰ বাবে Civil Service Chronicle মেগাজিনখন আনিব নালাগে"

The destiny was Written........
I abandoned my Dream Run.........

এসময়ত জ্যোস্না চলিহাই এটা প্ৰশ্ন সুধিছিল.......
..........."What do you do".......
আন বহুতেই বিভিন্ন সময়ত একেটা প্ৰশ্ন কৰিছিল.....
প্ৰশ্নটো এতিয়াও হেৰাই যোৱা নাই .......

আজি মোৰ হাতত এটা উত্তৰ আছে.........এটা সঠিক উত্তৰ.......

........"I live my indigenous dreams".................
........This was always the answer............


উপহংসাৰ------
-যেতিয়ালৈকে আমাৰ কলেজ-ইউনিভাৰচিটিবোৰত প্ৰচলিত nothing-oriented শিক্ষা-পদ্ধতি চলি থাকিব, তেতিয়ালৈ Ganesh Acharya ৰ সৃষ্টি হৈ থাকিব, লৰা-ছোৱালীবোৰে মাৰ্কচিটত এগালমান নম্বৰৰে এটা ডিগ্ৰী পাব ঠিকেই , কিন্ত তাৰ পাছত কি কৰিব তাৰ একো উৱদিহ নোপোৱা অৱস্থা চলিয়েই থাকিব.......
-২৪ বছৰ আৰু ২৮ বছৰত চাকৰি পোৱা মানুহ দুজনৰ এটা পাৰ্থক্য আছে, এই পাৰ্থক্যটোৰ নাম enthusiasm, আমাৰ কলেজবোৰত এই enthusiasm বোলা বস্তটোৰ বৰ অভাৱ
-আমাক প্ৰতিখন কলেজৰ প্ৰতিটো ডিপাৰ্টমেন্টত অন্তত এজন Diganta Choudhury ৰ প্ৰয়োজন, খুবেই প্ৰয়োজন...........

বৰ্তমান সময়ত-------
Pradyumna Majumdar এ PhD নকৰিলে, বৰ্তমান বি.বৰুৱা কলেজৰ সহকাৰী অধ্যাপক
Apurba Kalita ই IIT-G PhD শেষ কৰি বি.বৰুৱা কলেজৰ সহকাৰী অধ্যাপক পদত জইন কৰিলে
Aswini Kalita, ই IIT-G PhD শেষ কৰি টিহু কলেজৰ সহকাৰী অধ্যাপক
Jiban Saikia ই IIT-G ত PhD কৰি বৰ্তমান ডিব্ৰুগড় ইউনিভাৰচিটীৰ সহকাৰী অধ্যাপক ।
Alokesh Chanda ই প্ৰথমতে Axis bank তাৰপাছত SSC দি অৰুণাচলত AG office ত চাকৰি কৰি আছিল, পাছত মই  দিয়া কামোৰত অতিষ্ঠ হৈ ONGC ৰ পৰীক্ষা দিলে আৰু বৰ্তমান ONGC ৰ Bombay High ত কাৰ্যবাহী অভিযন্তা ৰুপে কৰ্মৰত
Ganesh Acharya মুম্বাইত ICICI বেংকত চাকৰি কৰে, বৰ্তমান কাৰো লগত সংযোগ নাই.......
জ্যোস্না চলিহা never appeared in my story again.........

মই ফেচবুকৰ এডিক্ট, যোৱা আঢ়ৈবছৰে ফেচবুকত দিনে ছঘন্টাকে অনলাইন থাকো.............
কেতিয়াবা কোনোবা অসমীয়া ষ্টুডেন্টে হয়তো চিৰিয়াচলি সুধিব........ Chemistry লৈ চিভিল দিব পাৰিমনে............
এদিন আকৌ হয়তো কাৰোবাৰ "Indigenous Dream" নিশ্চয় শুনিবলৈ পাম..............
The wait is still on.................

Friday, August 23, 2013

Chemist @ Site


DPR of a Geologist
(on shift duty in an exploratory well)

06:30 - Reached site
06:40 - open the laptop & search a film
11:00- completed few movies
11:11- making arrangement for card game
11:30- card game & gambling started (teen patti/hazari/rami)
13:00- Lunch
13:30- Gambling resumed
14:30- Tea & talk about hard work in oil exploring and "fairy tales" of their success
15:00- computer game started- "Halo-3"
16:30- Long call to GF, friend
18:00- collect drilling data & mud parameters
18:30- Shift bus arrived, Taken window seat & listening music

4 out of 5 wells drilled are "Dry" ..........i.e. no Oil
Hail the "Geologists"
& salute to their funny "fairy-tales" of "success" in oil exploration !!!!!!

(Sometimes I wonder......... Whether the Geologist become a Gambler..............  or................ A Gambler become a Geologist !!!!!) 


DPR of a Chemist...........

(Day shift)

4-30 AM- Wake up
5 AM- catch shift bus
6-30 AM- Reached site, take over charge, check mud volume

7 AM- 10 AM
- Switch off mobile, sleep

10 AM- 12-30 noon
wake up, check parameter, mud treatment, labours load chemicals
Chemist finish a movie/gossip with rig crew/read newspaper, novel etc

12-30 PM- Lunch

1 PM- 3 PM
- Sleep

3 PM -5 PM
- On mud tank
(very crucial as during this period well site chemist visits the site)

6-30 PM- Shift complete

If everything OK- Pichla shift ne kuch v nahi kiya, bahut problem hua
If everything not OK- Pichla shift ne kuch v nahi kiya, bahut problem hua, aap dekh lena

(Night Shift)

6-30 PM- Reached site, take over charge, check mud volume

7 PM -10 PM
- Check parameter, labours will load chemicals, make up volume
Chemist finish a 2.5 hr movie/gossip with rig crew/read novel etc

10 PM- Dinner

11 PM-5 AM
- Sleep
(except the driller on the brake, everybody is sleeping)

5 AM- wake up, check parameter

6 AM- Send DPR

6-30 AM- Shift complete

If everything OK--- Pichla shift ne kuch v nahi kiya, bahut problem hua
If everything not OK- Pichla shift ne kuch v nahi kiya, bahut problem hua, aap dekh lena

                                                                       (1)
 Mud Labour...........
এটা শ্বিফটত সাধাৰনতে ৩ জন mud labour থাকিব লাগে...... মোৰ শ্বিফটত প্ৰায় 2 সপ্তাহ ধৰি 2 জন আহি আছে, ৩ নম্বৰ জনৰ দেখাদেখি নাই..... লেবাৰ কন্ট্ৰেক্টৰক ফোন কৰিলে কাইলৈ পঠাম, পৰহিলৈ হৈ যাব কৈ থাকে........
নাইট শ্বিফট..... mud টেংকৰ অৱস্থা দেখি টেমা গৰম হৈ গল....... না volume না parameter....... এখন Shale-Shaker overflow , de-sander ৰ এটা cone chock............ waterloss, Fann-viscometer ধুই থৈ যোৱা নাই ........ ধৈৰ্যৰ এটা সীমা আছে.......

আগৰ শ্বিফটৰ মানুহজনক ফোন কৰি ভালকৈ বুজাই দিলো যে ১২ ঘন্টাৰ শ্বিফটত apparatus ধুবলৈ সময় নাপালে পেৰামিটাৰ চাবই নালাগে.........

এইবাৰ জিতু কন্টেক্টৰক ফোন লগালো..... তাক কলো যে দুটা লেবাৰৰে কাম নচলে, মই ইতিমধ্যে এটা লেবাৰ কমকৈ থকা কথাটো ওপৰত অৱগত কৰিছো আৰু এনেকৈ চলিলে কেমিকেল ধলাব নোৱাৰাৰ বাবে ৰীগ চাট দাউন যাব , গতিকে তাৰ বিৰুদ্ধে লিখিত অভিযোগ দিবলৈ বাধ্য হম......
জিতুই কলে যে তাৰ হিচাপত ৩ জন লেবাৰ দিয়া আছে আৰু তিনিওজনে দৰমহাও লৈ আছে....

ৰাতি ১০-৩০ বজাত জিতুৰ চামচা এজন আহিল, সি লোকেল লেবাৰ চুপাৰভাইজৰ, পানীটুপি খাই হাফ-ফিটিং......
- আপুনি কিবা প্ৰবলেম পাইছে মোক ফোন কৰক, জিতুক কিয় কব লাগে
- মইতো তোমাক আগত দেখা নাই, চিনিও নাপাও, তুমি এক্সেক্টলি হয় কোন
- মইয়েই লাকুৱাত লেবাৰ চাপ্লাই দিও, ৰাতি লাকুৱাত দা-লাঠী লৈ মইয়েই ঘুৰো, যোন বেকা হয় তাক মইয়েই চিধা কৰো.....

এনেয়ে টেমা গৰম হৈ আছিল, তাৰ ডায়লগ শুনি তাঁৰ চিঙি গল.........

- চা দোস্ত, তুমি দা লৈ ঘুৰা, কটাৰী লৈ ঘুৰা, হাফপেন্ট পিন্ধি ঘুৰা, নিপিন্ধি ঘুৰা সেইটো তোমাৰ পাৰ্চনেল কথা...... মোৰ শ্বিফটত মুঠতে ৩ টা লেবাৰ থাকিব লাগে, মানে ৩ টা থাকিব লাগে, বেছি খেলিমেলি হোৱাটো ভাল নহয়...... আৰু তোমাৰ ফোন নং দি যোৱা , প্ৰবলেম হলে তোমাকেই ফোন কৰিম, কিন্ত যদি চল্ভ নহয়, মোৰ দিগদাৰ হব, তেতিয়া মোক বেয়া পাই লাভ নাই.....

তাক লগতে জনাই দিলো যে আজি ধেৰ কেমিকেল ধলাব আছে, ২ টা লেবাৰৰে দিগদাৰ হব, আৰু মোৰ দিগদাৰ হলে সকলোৱে দিগদাৰি পাব........

..........ৰাতি ১২ টা বজাত ৩ নম্বৰ লেবাৰ জন ৰীগত হাজিৰ হল.......

2) Standard Drilling Practices........

এবছৰমান আগৰ কথা.....
LKAR.......Rig E-790-7, ডে শ্বিফট...... Mud circulation আৰম্ভ হোৱা ১ ঘন্টা মান হৈছে , mud circulation prior to logging ,
Shift i/c আহি কলে , DIC এ Pull out কৰিব দিছে , কাইলৈ logging টাইম দিছে , আপুনি পটাপট Slug বনাই দি দিয়ক....

মই কলো যে cycle time ৯২ মিনিট, কমেও ২ টা cycle দিব লাগিব, High-vis টো ওলাব লাগিব, Shale Shaker clean হব লাগিব , তাৰ পাছতহে pull out হব

Shift i/c কলে, "ইমান টাইম নাই, আপুনি late কৰি দিছে, পটাপত কৰক , আগতে এঘন্টা circulation এ হৈ যায়"

- নহব

Shift i/c এ DIC ক কলেগৈ

DIC হাজৰিকা আহিল, কলে,...... Area Manager এ Pull out কৰিব orderদিছে
মই কলো..., ঠিক আছে ...., মই তেওৰ লগত কথা পাতো

হাজৰিকাই Area manager লৈ ফোনটো লগালে......

- ক্যা হুৱা, ইতনা টাইম কিউ লগ ৰহা হে
- চাৰ ১০ বজে চে circulation চুৰু কিয়া হে, cycle time ৯২ মিনিট, কম-চে-কম ২ cycle দেনা পৰেগা
- আৰে আপলোগ Mud ঠিক চে নহী বনাতে, অভী pull out কৰো ,কল logging কৰৱানা হে
- নহী হোগা , বিনা mud কন্ডিচনিং কে pull out নহী হে চকতা
- মে ইচ ৱেল কা Area manager হু, মে জো বলুংগা ৱহী হোনা চাহিয়ে
- ঠিক হে চাৰ, আপ written মে অৰ্ডাৰ দিজিয়ে, লেকিন LMEF কী তৰহ logging stuck অগৰ হো গয়া তো ইচমে মেৰা কোই কচুৰ নহী হোগা, responsibility আপকে উপৰ আয়েগা, অৰ্ডাৰ SMS চে দেনে চে ভী চলেগা, লেকিন পুৰা জিম্মেদাৰী আপকা, LMEF মে আপলোগো নে circulation কে বিনা pull out কৰৱায়া থা, মে য়হা ৱ risk নহী লুংগা
- আপ জাদা বোল ৰহে হে, মে অভী আপকে department কে GM চে বাত কৰতা হু, কিচ কিচকো ভেজ দেতে হে শ্বিফট পে
- ঠিক হে , আপ বাত কিজিয়ে, কোই problem নহী

DIC হাজৰিকাই কলে, "ঠিক কৰিলে আপুনি, ইহতে বহুত প্ৰেচাৰ দি থাকে, কিন্ত আপোনালোকৰ GM এ কলে কি কৰিব"
মই কলো, "proper hole cleaning নোহোৱাকৈ logging ৰ কাৰনে pull out কৰাটো উচিত নহয়"

কিছুসময় পাছত GM এ ফোন কৰি সুধিলে, "ক্যা হুৱা, কুচ problem হে ক্যা"

মই GM ক situation টো বুজাই কলো, LMEF ত কি হৈছিল তাৰো উল্লেখ কৰিলো, লগতে কলো যে মই pull out কৰোৱাৰ পাছত যদি কিবা complication আহে, তেন্ত মই সকলো responsibility লবলৈ সাজু আছো..........

.......৩ ঘন্টা "mud circulation & conditioning" ৰ পাছত ড্ৰিলিংৰ মানুহে ভাত-পানী খাই ১-৩০ বজাৰপৰা pull out আৰম্ভ কৰিলে........

# That Area manager is now Location manager, 2nd most powerful position in Drilling services........
# LKAR finished with no complications
# I was never asked to do anything violating "Standard drilling Practices" thereafter

3) ..........Stuck Up.............

Institute of drilling Technology (IDT) ত GM A.K.Khanna ই কৈছিল, "Assam মে জিতনে ভী Stuck up হোতে হে উচমে ৯০% Mud কে বজহ চে হোতে হে"
Tea break ত খান্নাক কলো, " Differential Stuck Up কিউ হোতা হে , Mud weight জাদা হোনে কে বজহ চে, Mud weight জাদা কিউ হোতা হে, Solid control equipment খাৰাব হোনে কে বজহ চে, অব কেমিষ্ট তো হাত চে mud চে চলিড নহী নিকাল চকতা"
A.K খান্না কিন্ত hardcore driller, "তেওৰ মতে কেমিষ্ট হী চব প্ৰবলেম কা জৰ হে"

'জৰ'ৰ কথা নেজানো কিন্ত আজিলৈকে যিটো Rig ত গৈছো সেইটো Rig ত তাৰ DIC ৰ সৈতে জেং হৈছে.....
760-7 হাজৰিকা, 2000-9 আকিল আলি, 2000-4 ধৰ্মেন্দ্ৰ বৰুৱা হওক বা 2000-7 হেমন্ত বৰুৱা হওক........
মুল ইচু,...... Solid control equipment কেইটাই ভালদৰে কাম কৰিব লাগে..........
সেইকাৰনে শ্বিফটৰ মেকানিকেলৰ মানুহকেইটাই মোক জানী দুচমন বুলি ভাৱে
একেবাৰে লেটেষ্ট 1400-4 ৰ DIC খাখলাৰী

প্ৰথমদিনা লৈ গৈ টেমা গৰম...... de-sander এ একো পেলোৱা নাই, de-silter ৰ মাত্ৰ ছটা cone এ কাম কৰি আছে, water hose ত waste pit ৰ পানী .........

যত mud weight সৰ্বোচ্চ 1.12 থাকিব লাগে তাত আছে 1.19

দুপৰীয়া চাহু চাহাবৰ ফোন, "আৰে saikia, য়ে mud weight কিউ বঢ় ৰহা হে"
চাহু চাহাবক কলো............ য়হা কা Solid control equipment কাম নহী কৰতা, অব মাদ মে চলিড ৰহেগা তো mud weight তো বঢ়েগাহী

Assistant DIC খনিকৰৰ লগতো এদিন বহুতসময় কথাৰ কটা-কটি হল,

কিমান জেং কৰিম আৰু....... মে মাহৰ প্ৰথমসপ্তাহত এটা resolution ললো....... "জেং image" টো সলনি কৰি "Co-operative & friendly image" বনাব লাগিব......
Image change কৰিবৰ কাৰনে "হৈ যাব, "চলি যাব", "নকৰিলেও হব" জাতীয় বাক্য আওৰাবলৈ practice কৰাত লাগি গলো
জেং ফ্ৰী friendly image এটা create হবলৈ ধৰিলে.......

সেইটো ৰীগৰে কথা....28 May, 2013
6-30 AM-
ডে শ্বিফটত গৈছো..... নাইট শ্বিফটত থকাজনে কলে....... 3rd Casing ৰ কাৰনে drilling হৈ গল, ৫ টা বজাৰ পৰা circulation হৈ আছে , কিন্ত slug দিবৰ বাবে Barite নাই

7 টা বজাত mud labour দুটা আহি পালে
Barite নাই , ইফালে wet pull out হলে tank খালী হৈ যাব,
labour কেইটাক কলো....... Barite নাই গতিকে Slugৰ বাবে KCl ঢালিম,..... এটা Bariteৰ সলনি ৩ টা KCl, কমেও ১২০ বেগ

7 বজা-
Shift i/c আহি কলে ... ২ ঘন্টা circulation হৈ গল, pull out কৰিব লাগে
- অলপ সময় লাগিব
- ঠিক আছে , slug হলে কৈ দিব

7-40 বজা-
Shift i/c এ নতুন GT এটাক পঠাই দিলে
- Slug টো হৈছেনে, DIC এ pull out কৰিব দিছে

তাক কলো..... চোৱা ভাইটি, মোৰ লেবাৰ দুটা আছে, KCl বেগবোৰ পাছফালৰপৰা টানি টানি ঢালোতে ৮ টা বাজিব, তাৰ পাছত ওপৰত যে drum কেইটা আছে সেইকেইটা ঢালিম, ইহতৰ ভিতৰত থকা লুব্ৰিকেটিং oil খিনি bottom পাওতে আধা ঘন্টা লাগিব, open hole ত থাকিবলৈ আৰু ১০-১৫ মিনিট
- ঠিক আছে, mud conditioning হলে কৈ দিব

7-55 বজা-
Shift i/c ৰ মবাইলৰপৰা মোলৈ sms, "DIC msg.... logging time 1-30 PM"

Slug বনোৱা হল, এইবাৰ lubricant কেইটা ঢালিবলৈ আৰম্ভ কৰিলো.....
..........যতে বাঘৰ ভয় ততে ৰাতি হয়.........
চাল্লা EP-lube ৰ দুটা drum ৰ এটাত অকল পানী, linseed oil ৰ drum টোত আধা আছে, সেই আধাৰো oil আধাহে , বাকীখিনি পানী
ৰাতিপুৱা ৮ বজাৰ crane পাবলৈ নাই, ইফালে তলৰ পৰা বাল্টিয়েদি chemical অনাতো practically not possible

8-05 বজা-
Shift i/c ৰ ফোন
- DIC এ pull out কৰিবলৈ ফোনৰ ওপৰত ফোন কৰি আছে, pull out কৰিব লাগে

মনতে ভাবিলো.......lubricant খিনি open hole ত পাবলৈ আৰু কমেও আধাঘন্টা লাগিব, ইফালে ৪৫ degree ৰ directional well , আজি ওপৰৱালাই বচালেহে বচোৱা, নহলে ৱাট লগাটো খাটাং

ভগবানক স্মৰন কৰি Shift i/c ক কলো..... ঠিক আছে, ১০ মিনিটত slug দি আছো, আপোনালোকে কিন্ত বহুত দৌৰাদৌৰিকৈ কাম কৰি আছে, পাছত কিবা হলে আপোনালোকৰে কষ্ট হব.......

8-30 বজা-
Pull out আৰম্ভ হল.........
লেবাৰ কেইটাক এটা এটা পেপচি খুৱাই কলো....... ২০ ডাল পাইপ যদি ওলাই যায়, কোনো টেনচন নাই, ঘৰলৈ গুচি যাবি.... কিন্ত যদি তাৰ আগতে Shift i/c এ ওপৰত টং টং কৰি আমাক মাতে, তেন্তে Kelly লগোৱাৰ পাছত , চব মেচিন অন কৰি দিবি আৰু Slug tank ত XC ঢালি High-Vis pill বনাবি

অলপ পাছত কলো......pill টো বনায়েই থৈ দেগে যা

ভগবানৰ কলো..... আজি বচাই দিয়ে যেন, এই ৰদত কষ্ট কৰাৰ আজি একদম মুড নাই

কিন্ত ওপৰৱালাই নুশুনিলে.....

9-40 বজা-
Shift i/c এ টং টং কৰিলে........tight pull

9-50 বজা-
Mud tank ৰ ওপৰৰপৰা Derrick floor লৈ চালো........ Driller এ String ডাল ওপৰলৈ টানি আছে........আব্বে চাল্লা, লগে লগে Derrick পালোগৈ

9-55 বজা-
Derrick ৰ ওপৰত গৈ দেখিলো Weight indicator ১৭০ টন আছে......no rotation, no reciprocation........ String Stuck
Shift i/c ক অলপ খঙেৰেই কলে, pull out কৰোতে tight pull পাইছিল, তেন্ত তললৈ গৈ circulation দি high RPM ত back ream কৰি hole টো clear কৰি লব লাগিছিল..... instead of that string ওপৰলৈ কিয় টানি আছে.....
- নাই, reciprocate কৰিব খুজিছিলো
- ঠিক আছে , JAR টো activate কৰক, পিছে JAR টো up নে down
- গম নাপাও

ওচৰতে NEWSCO ৰ Directional driller ফৰেইনাৰ এজন আছিল, সি ইংগিতেৰে কলে ....... both direction......

10-05 বজা-
JAR টো activate হল...... String released

Shift i/c ৰ মুখলৈ পানী আহিল.......

এইবাৰ Shift i/c ক কলো...... ১ টা বজাৰ পাছত যেতিয়াই ইচ্ছা তেতিয়াই pull out কৰিব, তাৰ আগত নহব, মোক যাতে ১টা বজাৰ আগতে আমনি নকৰে, আৰু এটা কথা , Slug নবনাও

....... কাটাই কাটাই ১ বজাৰপৰা Drilling ৰ মানুহখিনিয়ে Mud ত তিতি বুৰি Casing Shoe লৈকে pull out কৰিলে........

# যিটো depthত Stuck up হৈছিল তাৰ তলত logging tool নগল, অৱশ্যে দুটা stabilizer এ tripping কৰাৰ পাছত ঠিকে ঠাকে Casing হল
# Asst. DIC খনিকৰে নিজেই আহি Solid control equipment ঠিক-ঠাক কৰি যায়হি
# Shift i/c এ দিল খুচ কৰি circulation দিয়ে, গোটেই দিনটো circulation দিলেও তেওৰ একো আপত্তি নাই
# 10/6/2013 তাৰিখে RSS tool ৰে ধামধুম drilling কৰিলে, clay zone ত এদিনত ১০৬ মিটাৰ
# বৰ্তমান Mud weight= 1.10




4) .............Mud Viscosity.........

চাকৰিত জইন কৰাৰ তৃতীয় মাহ...... মাৰ্চ-২০১১........বছে LKFF নামৰ well এটাত independent duty লগাই দিলে.......

তেতিয়া mud ৰ বিষয়ে একো নাজানো...... মাত্ৰ জানো যে পানীত Bentonite ঢালিব লাগে
Day shift মই চিনিয়ৰ মানুহ এজনক relieve ৰ কৰিছিলো, তেওঁ মোক night shift ত relieve কৰিছিল

Rigত drilling চলি আছে, ধুৱাধাৰ........

এদিন Day shiftত তেওঁ মোক shift দি কলে...... কালি খুব বৰষুন দিলে.... tank ত ধেৰ পানী পৰিল..... viscosity অলপ কমি আছে.....
Mud tank ত viscosity জুখিলো......... 32 second
ধেৰ বেন্টনাইট ঢলালো, viscosity 45 লৈ আহিল........

পাছৰ day shift ত তেওঁ কলে...... ৰাতি ধেৰ ঢালিলো, কিন্ত viscosity বঢ়া নাই
Tank ত viscosity জুখিলো......... 34 second

Clay chemistry ৰ কিতাপ এখন উলিয়াই কৰি situation টো analyse কৰি সিদ্ধান্তত উপনীত হলো........ Bentonite বেছিকৈ ঢালিব লাগিব

মই shift এৰি আহোতে viscosity 50

পৰবৰ্তী shift ত তেওঁ কলে........ কালি ৰাতি বৰষুনৰ প্ৰকোপত ওলাবই নোৱাৰিলো
টেংকত viscosity জুখিলো......... 33 second

এনেকৈ বহুদিন পাৰ হল......... গোটেই মাৰ্চ মাহটো তেওঁৰ Night Shiftত বৰষুন হৈ থাকিল

এপ্ৰিলৰ প্ৰথম সপ্তাহ........ মোৰ night shift আছিল, ৰাতি ১০ মান বজাত পাতলীয়া বৰষুন এজাক আহিল, বাংক হাউচৰ চোফাখনত অলপ হাউলি দিলো.........

ৰাতি ধামধুম drilling হল, মোক টোপনি যোৱা দেখি mud লেবাৰকেইটাও শুই দিলে...........

ৰাতিপুৱা ৪-৩০ টা মান বজাত খপজপকৈ সাৰ পালো, লগে লগে টেংকৰ ওপৰ পালোগৈ..... টেংক খালী হওঁ হওঁ....volume নাই...... টেনচন হৈ গল....
যিমান পানীৰ পাইপ আছিল চব খুলি দিলো......... আধাঘন্টাত চব tank ফুল........

ৰাতিপুৱা মোক ৰিলিভ কৰিবলৈ চিনিয়ৰজন আহিল.......
মই তেওঁক shift দি কলো...... ৰাতি অলপ বৰষুন দিছিল.......... mud অলপ পাতল হৈ আছে
তেওঁ এটা ৰহস্যময় হাহি মাৰিলে......ময়ো এটা অৰ্থপুৰ্ন হাহিৰে ৰিপ্লাই দিলো.....

Mud টেংকত তেতিয়া 30 viscosity ৰ mud ঘুৰি আছিল.......

# LKFF ৰ শেষলৈকে ৰহস্যময় আৰু অৰ্থপুৰ্ন হাহিৰ আদান-প্ৰদান চলি থাকিল
# আজিকালি সেই চিনিয়ৰজনে মোক viscosity ঠিকেই দি যায়, কেৱল Tank ত volume কম থাকে
# চিনিয়ৰজনৰ পৰিচয় ৰাজহুৱা কৰিলে মোৰ পিঠিত ঔ পৰাৰ সম্ভাৱনা আছে




5) .........Casual Leave...........

তিনিমাহমান আগৰ কথা........

বছ সলনি হল, আগৰজনৰ ঠাইত নতুন এজন আহিল.......
নতুন বছজনক ফোন কৰিলো.........
- ছাৰ , আপ অফিছ মে হে ক্যা
- হা
- অকে

অফিছ পালোগৈ......... নতুন বছে কম্পিউটাৰত ৰিপৰ্ট এটা চিজিল কৰি আছিল......
- ছাৰ, এক এপ্লিকেচন দেনা থা
- কিচ ছিজ কা
- চুট্টী চাহিয়ে, দচ দিন কা, চাৰ শ্বিফট মে নহী ৰহুংগা, দো অফ, চি.এল, চেটাৰডে, ছানডে, চি. এল, চাৰ চি অফ, টোটেল দচ দিন উইথ ষ্টেচন লিভ

ছুটীৰ কথা শুনি বছৰ এক্সপ্ৰেচন অলপ সলনি হৈ পৰিল..........
- দেখো, অভী তো মেনপাৱাৰ কা চৰটেজ হে , চুট্টী মুচকিল হোগা, চাহাব নে ভী কিচিকো চুট্টী দেনে কে লিয়ে মনা কিয়া হে
- চাৰ দোস্ত কা চাদী হে
- হা, চমজটা হু, লেকিন অভী মুচকিল হোগা
- ঠিক হে , আপ এপ্লিকেচন ৰখ লিজিয়ে, দেখিয়ে কুচ হো পাতা তো
- অকে, এপ্লিকেচন ৰখ লেতা হু , লেকিন মেৰী তৰফ চে না হী চমজিয়ে

কিছুসময় পাছত নতুন বচে ডিপাৰ্টমেন্টৰ হেডলৈ ফোন কৰিলে.........
- চাৰ এক লড়কা চুট্টী মাংগ ৰহা থা
- আৰে, কিতনী বাৰ বোলা হে কিচিকো ছুট্টী নহী দেনা
- ঠিক হে মে চইকীয়া কো বোল দেতা হু
- কৌন চইকীয়া, বিকাচ ক্যা
- হা, ৱহী
- আৰে, চইকীয়া তো আভী ঘৰ চলা ভী গয়া হোগা, এক কাম কৰো, আপ কুচ মেনেজ কৰ লো

তেতিয়া মই বোকাখাট পাইছো , গুৱাহাটীমুখী বাছৰ ১০ নম্বৰ চিটত..........

Moral- First leave, than ask for leave !!!


6)...........It is difficult to be ideal...........

অভী আপকে পাচ দো ৰাস্তে হে
পেহলা.... ইচ ঘাটিয়া চিষ্টেম অউৰ লোগোচে লড়না, অপ চহী হে তো এক না এক দিন আপ চায়দ জীত জায়েংগে লেকিন আপকো কিমত চুকানী পড়েগী, য়ে লোগ আপকে উপৰ কুত্তে কী তৰহ পড় জায়েংগে অউৰ আপকো নোচনে কী পুৰী কোশিচ কৰেংগে......
দুচৰা......... আপ চুপ চাপ ৰহিয়ে , আপনা ৰীগ ট্ৰান্সফাৰ কৰ লিজিয়ে, ৱক্ত আপনা কাম জৰুৰ কৰেগী

মোক তৃতীয় পথ এটাৰ প্ৰয়োজন আছিল............

১৭.৬.২০১৩....... ডে শ্বিফট..... ৰীগত পাম্প বেয়া, কাম চলা নাই..... ৰাতি বৰষুন দিয়াৰ বাবে চাইটত পানী ভৰ্তি হৈ আছে....... পাছবেলা Rig ৰ DIC (drilling in charge) আহিল..... তেও waste pit ৰ পৰা পানী উঠাবলৈ পাম্প এটা বহুৱাব, উদ্দেশ্য mud tank আৰু mud channel ৰ ওপৰত থকা water পাইপত waste pit ৰ পানী দিব
Waste pit ৰ পানীখিনি দেখাত ক'লা হৈ আছে, ৰীগৰ সকলো লেতেৰা বস্ত waste pit ত জমা হয়, মুঠতে পানীখিনি অস্বাস্থ্যকৰ...
Well site chemist লৈ ফোন কৰি DIC ৰ উদ্দেশ্যৰ বিষয়ে জনালো, তেওঁক কলো যে waste pit ৰ লেতেৰা পানীয়ে well ৰ লগতে স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব
তেওঁ কথাটো ওপৰ মহলত উলিয়াম বুলি কলে

১৮.৬.২০১৩.......
নাইট শ্বিফট...... ফুকন দাই শ্বিফট দি কলে
- ইহতৰ একো কাম নাই বুজিছা, খালী ওপৰত তেলিয়াই থাকে
- কি পানীৰে mud বনাইছে
- কি আৰু , waste pit ৰ পানী, ওপৰৰ অৰ্ডাৰ আছে বোলে
- mud তো বেয়া হৈ যাব
- কি কৰিবা আৰু

খং উঠিল..... বাৰুকৈয়ে খং উঠিল........
এখন এপ্লিকেচন লিখিলো, তাত Waste pit ৰ লেতেৰা পানীৰ ফলত হব পৰা সম্ভাব্য ক্ষতিৰ বিষয়ে লিখিলো
Assistant DIC খনিকৰ আছিল, তেওঁক কলো ...... application এখন ৰিচিভ কৰি ৰাখক, এটা কপি DIC ক দি দিব, বাকী দুটা কপি ওপৰলৈ যাব

মোক আচৰিত কৰি খনিকৰে application খন ৰাখিবলৈ অস্বীকাৰ কৰিলে

আধা ঘন্টা তৰ্ক কৰিলো, কিন্ত তেওঁ একো লিখিত কাগজ ৰাখিবলৈ মান্তি নহল
- তাৰমানে কাইলৈ যদি well ত কিবা complication আহে, আপুনি মুৰ পোলোকা মাৰি কব যে chemist এ একো কোৱাই নাছিল
- মই একো নাজানো, আপুনি DIC ৰ লগত কথা পাতক
- আপুনি যদি একোৱোই নাজানে তেনেহলে ৰীগৰ ওপৰলৈ গৈ পাইপ ঠেলকগৈ, কোনোবা জনা মানুহক Asst. DIC হব দিয়ক

DIC লৈ ফোন কৰিলো, তেওঁক নম্ৰভাৱে কলো যে ৰ লেতেৰা পানীয়ে যে ৰ লগতে স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব
তেওঁ কলে যে ওপৰৰ অৰ্ডাৰ আছে
- ওপৰ মানে কাৰ, নাম কওক, মই কথা পাতি আছো
- হেড DBG

ৰাতি ৯-৩০ বাজিছে
Head DBG এচেটৰ দ্বিতীয় প্ৰভাৱশালী মানুহ

Head DBG লৈ ফোন কৰিলো...........
তেওঁক কলো যে এতিয়া pay zone drilling চলি আছে, polymer mud হয়, waste pit ৰ পানী দিলে mud বেয়া হৈ যাব, mud degrade হলে well ত complication আহিব.... তাৰোপৰি ৰ লেতেৰা পানীয়ে আমাৰ বেমাৰ কৰিব , আৰু আমি কষ্ট পালে আপোনোৰো সমস্যা হব...........
Head DBG এ বিষয়টো চাম বুলি কলে

DIC লৈ এটা SMS পঠালো..........
- A system is made here such that untreated waste pit water had to be used in mud preparation and mud treatment. Use of contaminated waste pit water will degrade the polymer mud and affect its properties. A bad mud system caused by waste pit water will lead to down hole complications and hamper smooth drilling.

DIC এ তাৰ উত্তৰত SMS এটা পঠালে
- Do not be over smart without knowing anything

২০.৬.২০১৩.......... অফিচ গলো........ Well site chemist এ কলে , কাজিয়া চাজিয়া কৰি লাভ নাই, চিষ্টেমটো এনেকুৱাই........
Rig, mud channel, waste pit water ৰ ফটোসহ এখন application তেওৰ হাতত দি কলো
- Rig ত complication আহিলে এইখনে আপোনাক গালি খোৱাৰপৰা বচাব

আবেলি IDT (Institute of drilling technology) ৰ কেমেষ্ট্ৰী DGM এজনলৈ ফোন কৰি polymer mud ৰ ওপৰত untreated waste pit water ৰ effect ৰ বিষয়ে সুধিলো....

২১.৬.২০১৩.......... ডে শ্বিফট............. আচৰিত হলো, ৰাতিটোৰ ভিতৰতে এটা ETP (effluent treatment plant) unit আহি পালে, mud channel ত এতিয়া ৰ চাফা পানী.....................

দিনত ঠিকে-ঠাকে ড্ৰিলিং হল................ মই শ্বিফট এৰি অহা সময়ত Shale shaker ৰ ওপৰত Degrade হোৱা polymer ৰ চামনি পৰিবলৈ আৰম্ভ কৰিছিল..............

ৰাতিলৈ well ত complication আৰম্ভ হল....... সম্পুৰ্ন ১৪ ঘন্টা ৬ কোটিটকীয়া RSS tool তলত ফচি থাকিল....... সেইৰাতি বহুত মানুহৰ কলিজা কপি গল............

# কাগজে পত্ৰই আগতে Rig ত ETP (effluent treatment plant) unit চলি আছিল, এতিয়া বহুতকেইটা ৰীগত বাস্তৱত ETP unit দেখা পোৱা গৈছে
# মোৰ ৰীগ সলনি হোৱা নাই, আজিকালি ৰীগত কিবা সমস্যা হলেই DIC এ SMS লাভ কৰে

7) Rig-2000-4 ৰ Chemistry bunk house ৰ চাৰিওপিনে একাঠু পানী..........

DIC ধৰ্মেন্দ্ৰ বৰুৱাৰ কৃপাত সৃষ্টি হোৱা "ধৰ্মেন্দ্ৰ সাগৰৰ" (Dharmendra Sagar) মাজত মাজুলীৰ নিচিনাকৈ যোগাযোগবিহীনভাৱে পৰি আছে Chemistry bunk house টো....... টেম্পৰাৰী লাল (Lal) জুলনা ( দুদাল Drill পাইপৰ নিৰ্মিত চাৰ্কাচৰ দৰে সন্তলন বজাই চলাচল কৰিব লগা হোৱা সেতু) ইতিমধ্যে Waste pit ৰ পৰা সিচা পানীৰ তলত.........

কেমিষ্টে ৱেল চাইটক ফোন কৰি জনালে "চাৰ বাংক হাউচ কা চাৰো চৰফ ইতনা পানী হে কে আজ ৱাহা তক পহুচ নেহী পাউংগা"

As usual ৱেল চাইটে SOS মেচেজ টো ওপৰলৈ কনভে কৰি দিলে........

অলপ পাছত DGM এ কেমিষ্টলৈ ফোন কৰিলে " This is a hard situation, a problem,a challenge for you, be innovative, apna dimak lagao, ye soso ke ye situation tackle kaise kiya jaye, think out of box & reach your bunk house...... aur bunk house pahush ke mujhe call karo "

ওপৰত টিকাফটা ৰদ , innovative innovation অনিবাৰ্য
G.K.Mishra কিন্ত মামুলী কেমিষ্ট নহয়, একেবাৰে হালদিয়াৰ B.Tech

অলপ পাছত চাইকেল চলাই কেমেষ্ট্ৰীৰ লেবাৰ দুটা আহিল.........
কেমিষ্টে Mentoss চাৰিটামান খাই ললে........

তাৰ পাছত scene টো এনেকুৱা ....
কেমিষ্ট বুঢ়া হিৰো চাইকেলৰ চিটত, দুটা লেবাৰে চাইকেলখন পানী ফালি ঠেলি লৈ গৈছে, কেমিষ্টৰ ভৰি চাইকেলৰ হেন্দেলৰ ওপৰত.......
ওপৰৰপৰা Shift i/c বকলিয়ালে পুটুককে ফটো একপি উঠাই ললে.......

যিয়েই নহওক, কেমিষ্ট Bunk house পালেগৈ,
পকেটৰপৰা ৫০ টকা এটা দি লেবাৰকেইটাক কলে, "য়ে আনে কা..."
তাৰ পাছত আৰু ৫০ টকা দি কলে, "৫ বজে আ জানা, য়ে জানে কা .....এডভান্স...."

Chemist এ বাংক হাউচৰ ৰ AC টো অন কৰিলে,
তাৰ পাছত DGM ক SMS কৰিলে , "Reached B/House"

DGM এ ৰিপ্লাই দিলে , " Good, now SMS your experience to me, keep it up "

তেৰি মা কী..... Chemist এ ফোনটো নট ৰিচেবল কৰি AC ৰ ঠান্দা হাৱা খাই শুই থাকিল......

৫০+৫০=১০০ টকা লৈ লেবাৰ কেইটাই ফুৰ্তিতে ফুৰ্ত্তিপানী খাই ঘৰলৈ ফুটি দিলে বুলি G.K.Mishra ই খবৰ পালে......
এতিয়া যোৱাৰ চিন্তা লাগিল
Mishra ই আৰু দুটামান Mentoss খাই Nearby rescue team লৈ SOS কৰিলে
খবৰ আহিল , Rig ত Drilling চলি আছে, পাছবেলা visit দিয়া হব..

Afternoon ত ecofriendly-2-wheeler ত rescue team ৰ চেইকীয়া আৰু বইচা আহিল.....
(ইনচেটৰ ফটোত বগাজন চেইকীয়া, কলাজন বইচা)

তেওলোকে situation টো analyse কৰি contigency plan এটা বনালে
শেষত Lal Jula ওপৰত sand bag দি G.K.Mishra ক Assam offshore ৰ Majuli ৰপৰা recover কৰা হল...........

.............মিচন একমপ্লিচড.............
.....Making tomorrow brighter.......

# অসম সম্পদৰ(Assam Asset) টাৰ্গেট ফিল-আপৰ বাবে Mudক পানী কৰি, DPRক গাৰু কৰি দিনে নিশাই সৰ্বস্ব উজাৰি নাক বজাই টোপনি মাৰি "Sleep & let Sleep"মৰ্মাৰ্থ অনুধাবন কৰা প্ৰতিজন সচা Chemist বাবে উ্তসৰ্গিত........

8) In the Rig.......................

After Stuck up........
Arrangement for spotting job
The chemist opened a drum of Spotting fluid to put it into the slug tank
A black coloured liquid came out
Schlumberger DD asked, "What is this"
Chemist replied, "Spotting Fluid"

Chemist opened another drum.........
This time a Yellowish gray liquid came out
Again the DD asked, "What is this"
Chemist replied, "spotting fluid"

Chemist opened the 3rd drum.......
A colourless liquid came out......
DD asked, "Is it also spotting fluid"
Chemist replied, "Yes , this is also Spotting fluid"

An astonished DD asked, " Why the colour of the 3 spotting fluids are so different?"

Chemist politely replied ,"The 1st one is distilled , 2nd is double distilled & 3rd is highly purified triple distilled spotting fluid"

Schlumberger DD fainted !!!!!!

.........As usual Stuck up not released in that spotting....

ঋতুকাল

ঋতুকাল

(বন্ধু Subrata Nath ৰ বাবে উতসৰ্গিত)

ঘৰৰপৰা খবৰ দিলে... ছোৱালী এজনী আছে, বেচ ভাল.....এইবাৰ গ'লে চাই আহিব লাগে

লেপটপটো অন কৰিলো, নতুন মেইল এটা আহিছে,
"উই উইল বি অনাৰড ইফ পিপল লাইক ইউ জইন আৱাৰ ইন্চটিটিউট"
... বহুত বছৰ হল বিদেশে বিদেশে ফুৰি আছো....... ঘৰলৈ যাবলৈ খুব মন যায়, এইবাৰ একেবাৰে যাম বুলি ভাবিছো.....

কথাবোৰ মনত পৰিবলৈ আৰম্ভ কৰিলে.....ইউনিভাৰচিটি.....বাছৰ ভাড়াখিনি বচাবলৈ ঘৰৰপৰা চাইকেলখন লৈ আহিছিলো......... এখন চাইকেল আৰু বহুতো কিবা কিবি.......

এম এচ চি ৰ পাছত এটা বছৰ চাকৰি বিচাৰিলো..... কেৰানীৰ পৰা অফিচাৰলৈকে...... চাকৰি এটাৰ খুব প্ৰয়োজন হৈছিল..... অন্তত পুবালীৰ বাবে...... পাঠকে খবৰ দিলে.. আই আই টি ত প্ৰজেক্ট এটা আছে....২ বছৰীয়া.... মাহে ১২ হাজাৰ......চাইকেলখন আই.আই.টি কেম্পাছলৈ লৈ আহিলো.........প্ৰজেক্টৰ কাম ভাল হল.... গাইডে ফুল টাইম পি.এইচ.ডি স্কলাৰ বনাই দিলে....

ভনীজনীক বিয়া দিয়া বয়স হৈছিল... দৰা বিচাৰিবৱগীয়া নহল.... তাইয়েই ঠিক কৰিলে..... ভনীজনীৰ ভাবী শহুৰ গুৱাহাটীৰ কলেজৰ নামজ্বলা প্ৰফেচাৰ ....... সমাজবাদৰ ওপৰত ডাঙৰ লেকচাৰ দিয়া মানুহজনে বিয়াৰ আগত দীঘল লিষ্ট এখন দিলে........ মানুহটোক কলো...... বস্তবোৰৰ কোম্পানীৰ নাম আৰু মডেল নং ও দি দিয়ক........ পাছত যাতে খেলিমেলি নহয়.....

পুবালীয়ে সুধিছিল.... পাৰিবা জানো
পাৰিলো...কিন্ত পাওনাদাৰৰ সংখ্যা বহুত বাঢ়ি গল.... টেটুলৈকে ধাৰত ডুবিলো.........
ধাৰবোৰৰ মাজত এদিন পুবালী হেৰাই থাকিল.........

নামৰ আগত ড০  লিখালৈকে ধাৰবোৰো শেষ হবলৈ ধৰিলে...

পি.এইচ.ডি ত কেইবাখনো ভাল পেপাৰ উলিয়ালো....
প্ৰিন্চটনত পষ্ট ডক এটা পালো.... নবেল লৰিয়েটৰ লগত.......স্কলাৰচিপ ডলাৰত...............বায়ফিজিক্স উভালি পেলালো.... দেশ-বিদেশৰ চেমিনাৰত টক দিলো.... মানুহে বিজ্ঞানী বুলিবলৈ ধৰিলে.... যোৱাবছৰ প্ৰেষ্টিজিয়াচ ইয়ং চাইন্টিষ্ট এৱাৰ্ড টোৱে মোৰ নামটো বিয়পাই দিলে......... ভিতৰুৱা খবৰমতে এইবাৰ নবেলৰ সম্ভাব্য লিষ্টত বছৰ সৈতে মোৰ নামটোও আছে...
পৃথিৱীখন বহুত সলনি হৈ পৰিল.....কিন্ত মই যেন সলনি হব নোৱাৰিলো

"আফটাৰ ফিউ মিনিটচ উই উইল লেন্দ ইন বৰঝাৰ....প্লিজ টাইটেন য়ৰ চিট বেল্ট"
....ককপিটৰপৰা কেপ্তেইনৰ মাত ভাহি আহিল
খিৰিকীৰে তললৈ চালো.... ব্ৰহ্মপুত্ৰৰ বুকুত বহুতো সৰু সৰু বালিচৰ.......

এয়াৰপৰ্টৰপৰা ঘৰত খবৰ দিলো......নৱলৈ ফোন কৰিলো...... সি গুৱাহাটীতে আছে......কিন্ত আজি শহুৰেকৰ ঘৰলৈ গৈছে.... কাইলৈহে ফ্ৰী হব.......

আই. আই.টি লৈ গলো......ডিৰেক্টৰে কলে...জইনিংৰ ফৰ্মেলিটিখিনিত দুসপ্তাহমান লাগিব
গেষ্ট হাউচত অলপ ফ্ৰেচ হৈ ললো ......খিড়িকীৰে চালো......পুখুৰীৰ পাৰত কেইবাটাও লৰা-ছোৱালীৰ যোৰা......দুৰৈত মোৰ একালৰ হোষ্টেলটো....

নৱৰ কথা ভাবিলো.... সাংঘাটিক লৰা আছিল.... প্ৰচন্দ আশাবাদী.... এনথুৱাচটিক....কিন্ত আকোৰগোজ....... কিবা কৰিম বুলি ভাবিলে কৰি পেলায়.... স্থান-কাল পাত্ৰ পাহৰে.......বহুতে তাক ভাল নাপায়........ তাৰ মতে সেইটো তাৰ এটিটিউদ......তাৰ সত্বা......... যেতিয়াই ভাৱিছিলো এইবাৰ সি পাকত পৰিব......তেতিয়াই ফিনিক্সৰ দৰে পুনৰ ওলাই আহিছিল.......সি কৈছিল, যেতিয়ালৈকে তই মানুহৰ স্বাৰ্থ পুৰণ কৰ তই বৰ ভাল মানুহ.........কিন্ত যেতিয়াই তই মানুহৰ স্বাৰ্থত আঘাট কৰ...... তেতিয়া সিহতৰ বাবে তই হৈ পৰ পৃথিৱীৰ আটাইতকৈ বেয়া মানুহটো.....

কথাবোৰ বুজোতে মোৰ বহুত দিন লাগিল....

পাছদিনা নৱ আহিল.....আগৰ দৰেই চাৰমিং হৈ আছে......লগত দীঘল চিদান এখন....সুধিলো কাৰ পচন্দ...ৱাইফৰ...... তাৰ মতে সুখত থকাৰ এটাই কিটিপ........লৱাৰ ইয়ৰ এক্সপেকটেচন..... টেনচন নিজে নিজে কমি যাব...

পাত্ৰীৰ ঘৰ আজাৰাত, এযাৰপৰ্টৰ ওচৰত.... নৱই ড্ৰাইভ কৰিলে..... আগৰ জালুকবাৰীৰ চকটো নাই ... তাৰ সলনি ৩-৪ খন ফ্লাইওভাৰ হল.....ইখনৰ ওপৰেদি সিখন....... মাজতে নৱই ঠাই এডোখৰ দেখুৱাই কলে.... ইয়াতেই আমি পুবালীক প্ৰথম জোকাইছিলো.... তই চাইকেল চলাইছিলি, মই পাছফালৰ কেৰিয়াৰত...... পুবালীয়ে চেন্দেল হাতত লওতে দুয়োটা চাইকেল পেলাই পলাইছিলো........
ঠাইডোখৰ মোৰ অলপ অচিনাকি লাগিল

পাত্ৰীৰ ঘৰ পালোগৈ....আমাক আঠে বেথে বহিবলৈ দিলে..... ভাবী আত্মীয়ৰ লগত কথাবতৰা হল...... যথা সময়ত পাত্ৰী আহিল.... মুৰত ওৰনি.....কথাটো পচন্দ নহল........ বিবাহযোগ্যা নাৰী যে পণ্য নহয় তাৰ ওপৰত লেকচাৰ এটা দিলো.........লগত আমেৰিকাৰ ৰেফাৰেন্স.......

নৱই কলে.... দৰা কইনা দুয়োকে অলপ অকলশৰীয়াকৈ কখা পাতিব দিব লাগে.....মনৰ মিলেই আচল কথা
ভাবী শহুৰে মোক চাদলৈ লৈ গল......কলে....অলপ ৰোৱা......পাত্ৰীক পঠিয়াই আছো..

ছাদত জুলনা এখন আছে..... কাষত চকী কেইখনমান....... ছাদৰপৰা এয়াৰপৰ্টটো ভালকৈ দেখি..... বিমান এখন নামিছে...... দুৰৰপৰা আখৰবোৰ ধৰিব পৰা নাই ....... বিমানৰ ৰংটোৰপৰা অনুমান কৰিলো...কিংফিচাৰ .........

পাচফালে কোনোবা থকা যেন লাগিল...... ঘুৰি চালো....... পাত্ৰী থিয় দি আছে.....ওৰনিখন নাই

বৰাক হোষ্টেল.....ৰুম নং ৩০২.....দুৱাৰৰ খিলিটো ভালকৈ মৰা নাছিল...অলপ হেচা...... সিদিনা পাঠকক সম্পুৰ্ণকৈ দেখা পালো......লগত অলপ জোনাক......পৃথিৱীৰ জৈৱ এন্ধাৰ....... ছৰি বুলি কৈ গুচি আহিলো..... ছিৰিৰে নামি আহোতে পাঠকে ফোন কৰিলে... কথাবোৰ যাতে আনে গম নেপায়.....

এয়াৰপৰ্টলৈ চালো.... বিমান এখনে টেক অফ কৰিছে.......পাত্ৰীক সুধিলো.....পাঠকৰ কি খবৰ....
বহুত কেইখন বিমানে টেক অফ আৰু লেন্দিং কৰিলে.....

ঘুৰি আহি আছো......এইবাৰ ড্ৰাইভিং চিটত মই..... নৱক সুধিলো..... দুটা ঋণাত্মক সংখ্যা মিলিলে কি হব.... সি অন্যমনস্কভাৱে কলে...... পুৰণ কৰিলে ডাঙৰ পজিটিভ সংখ্যা

কেইদিনমান পাছত পাঠকে ফোন কৰিলে........মই তাক লগ নকৰা বাবে সি খং কৰিলে..... ইমানদিন ব্যস্ততাৰ বাবে খবৰ খাতি লৱ নোৱাৰাৰ বাবে দুখ কৰিলে আৰু ইয়াতেই থাকিম বুলি জানি আনন্দত জপিয়াই থকা বুলি প্ৰকাশ কৰিলে

তাক অলপ টানকৈয়ে কৈ দিলো.....বিয়ালৈ আহিব নালাগে

দন্দজ(1) ............... ঋতুকালৰ পাছত

তই আহিব নালাগে........পাঠকে একো বুজি নাপালে..... নাথ তাৰ পুৰনি বন্ধু....নিশ্চয় কৰবাত কিবা এটা খেলিমেলি হৈছে..... নাথক লগ কৰিব লাগিব
ব্ৰেকফাষ্ট কৰকহি...নিবেদিতাৰ মাত শুনা গল.....পাঠকৰ একো খাবৰ মন নগল.......মাত্ৰ ব্ৰেড দুচকল আৰু চাহ আধাকাপ খালে.... সি নাথৰ কথাবোৰেই ভাৱি থাকিল

পাঠকৰ কচিং চেন্টাৰ এটা আছে.... কনচেপ্ট হাব.....কেইদিনমান আগতে টিচাৰ এজন লাগে বুলি পেপাৰত দিছিল....... আজি ইন্টাৰভিউ আছে.... ভালকৈ বাছি এজনক ৰাখিব লাগিব

ছোৱালীজনীয়ে বগা বৰ্ডখনত ছয়কোণীয়া বেনজিন এটা আকিলে......  এইটোত এটা এমাইন আৰু মেটা পজিচনত মিথাইল এটা লগাই দিয়া.....  এইটোৰ লগত লিথিয়াম আৰু লিকুইড এমনিয়া দিলে কি হব......পাঠকে সুধিলে

ছোৱালীজনীয়ে বেচ কিছুসময় ভাবিলে.... তাৰ পাছত যিটো ষ্ট্ৰাকচাৰ আকিলে সেইটো দেখি পাঠকৰ হাহি উঠি গল........

এনেকুৱা সময়ত পাঠকৰ নৱলৈ মনত পৰে.... পাঠকৰ কম্পাউন্দ এটা চলুবুল হোৱা নাছিল.... বহুত হিট এন্দ ট্ৰায়েল মেথড কৰিও হোৱা নাই..... ইফালে গাইডে প্ৰেচাৰ দি আছে........ৰাতি দুটা বাজিছিল....... পাঠকে নৱলৈ ফোন কৰিলে......... নৱই পোন্ধৰ মিনিটমান কম্পাউন্দটোৰ পেৰেন্ট কম্পাউন্দ, সিহতৰ প্ৰপাৰ্টিৰ বিষয়ে সুধিলে, চিনথেচিচৰ ৰুটৰ বিষয়ে সুধিলে.....তাৰ পাছত বেপেৰুৱাভাৱে কলে...... এগিলাচ পানীত এচামুচ এচিটিক এছিড দিবি ...কন্দাকটেন্স ২০ মান আহিব....... তাত তোৰ কম্পাউন্দটো লাহে লাহে ঢালি থাকিবি...... বৰ্তমান তোৰ বগা ৰঙৰ কম্পাউন্দটোৱে ঈষত নীলা ৰঙৰ চলুচন এটা দিব......আয়নিক ট্ৰানজিচন........ সচাকৈয়ে চলুচনটো নীলা হৈ পৰিছিল........ পাছদিনা গাইডে লেৱত পাৰ্টি এটা দিছিল.......... সেইখনেই পাঠকৰ প্ৰথম আৰু একমাত্ৰ জেক্চ ৰ পেপাৰ আছিল.......

পাঠকে ছোৱালীজনীৰ মাৰ্কচিটখন চালে... প্ৰতিখনতেই ৮০-৯০ ৰ ঘৰত.....
পাঠকে সুধিলে... বাকী কিবা কিবি পৰীক্ষাবোৰ দিছিলানে.......

দি আছো, কিন্ত পৰীক্ষাবোৰ টান হয় তো.....

ঠিকেই, অলপ টানেই হয়...পাঠকে ভাবিলে

লগৰ জীৱনে এবাৰ কৈছিল... চাল্লা ছোৱালীবোৰে ইমান নম্বৰ পায়......ঘৰৰ চোতাল সাৰি খাকোতেও নোটছ মুখস্থ কৰি থাকে ছাগে

এই ছোৱালীজনীয়ে কেতিয়াবা চোতাল সাৰি পাইছে বুলি পাঠকৰ নালাগিল........

চাৰিওটা কেন্দিদেটৰ মাজত পাঠকে ছোৱালীজনীকেই বাছনি কৰিলে.... বাকীকেইটাৰ অৱস্থা আৰু তথৈবছ..........
ছোৱালীজনীক কনচেপ্ট হাবৰ ৰেডিমেড নোটছ আৰু ষ্টাডি মেটেৰিয়েল দি পাঠকে কলে........ এইখনি পঢ়াব লাগিব..... অহা সোমবাৰৰ পৰা...

ৰিচিচনৰ সময় আছিল....... পাঠকৰ পষ্ট-ডকৰ চেন্ট মেইলৰ সংখ্যা বাঢ়ি আহিছিল...... কিন্ত পজিটিভ ৰিপ্লাই নাছিল.........

তেতিয়া পাঠকে ভাবিলে...কচিং চেন্টাৰ খোলা যাওক......কচিংত ভাল টকা আছে
কিন্ত কথাবোৰ সহজ নাছিল.... তীব্ৰ কম্পিটিচন......তাতে নতুন কচিং চেন্টাৰ.......কোনেও লৰা-ছোৱালী দিব নোখোজে
পাঠকে কচিং চেন্টাৰটো বন্ধ কৰিব খুজিছিল...........
কৰপৰা জানো নৱ আহি ওলাল.......
কলে....তোৰ বিজনেচ মই দৌৰাই দিম..........কিন্ত লাভৰ ৩০ পাৰচেন্ট মোৰ........তই সম্পুৰ্ণ ফাইনান্স কৰিব লাগিব...........মই কেৱল আইদিয়া ইনভেষ্ট কৰিম

নৱই কৰবাৰপৰা লৰা-ছোৱালী কেইটামান লৈ আহিল........পাঠকক ফ্ৰীতে পঢ়াবলৈ কলে........
নৱই কেৱল মাজে মাজে খবৰ লৈ যায়
ইফালে মাষ্টৰক দৰমহা দিব লাগে......আনপিনে ফ্ৰী চাৰ্ভিচ.........ব্যৱসায়ত নিগেটিভ গেইন.........নৱৰ ঠাইত আন হোৱা হলে পাঠক কেতিয়াও মান্তি নহলহেতেন..... পাঠকৰ পকেট খালী হৈ আহিবলৈ ধৰিলে

জে.ই.ই ৰিজাল্ট দিলে..... নৱই অনা গোটেইকেইটা চিলেক্ট হল..........কনচেপ্ট হাবৰ নাম বিখ্যাত হৈ পৰিল........... তাৰ পাছত সুন্দৰকৈ ব্যৱসায় চলি আছে........ আই.আই.টি ৰ সপোন দেখুওৱাৰ ব্যৱসায়.......... এটা আইদিয়া ইনভেষ্ট কৰি নৱই নিজৰ ৩০% শ্বেয়াৰ লৈ থাকিল......

পাঠকে ঘড়ীলৈ চালে....তিনি বাজিছে.....নাথক আজিয়েই লগ কৰিব লাগিব..... এম এছ চি ৰ পাছত যেতিয়া নাথে চাকৰি বিচাৰি হাবাথুৰি খাইছিল, তেতিয়া পাঠকেই নাথক আই.আই.টি ত প্ৰজেক্টত জইন কৰিবলৈ মাতি আনিছিল... নিজৰ গাইডৰ যোগেদি চিফাৰিশ কৰাইছিল.........তেতিয়া সেইখিনি নকৰা হলে হয়তো নাথ, আজিৰ ড০ নাথ হৱ নোৱাৰিলেহেতেন...

নৱই এদিন কৈছিল.....সফলতাই মানুহক অন্ধ কৰে....এটা শব্দৰ সৃষ্টি হয়....অহংকাৰ

নাখৰ অহংকাৰখিনি চাবলৈ পাঠকৰ খুব মন গল............পাঠকে গাড়ীৰ স্পীড বঢ়াই দিলে.....

পাঠকৰ গাড়ী দুই নম্বৰ গেটেৰে সোমাল.......পাঠকে এটা ৰাইট টাৰ্ণ ললে......এইফালে গলে হোষ্টেলকেইটা দেখা পায়......নতুন হোষ্টেল এটা হৈছে....ব্ৰহ্মপুত্ৰ....নৰ্থ-ইষ্টৰ আটাইতকৈ ডাঙৰ হোষ্টেল.....১০০০ চিটাৰ

পাঠকে এটা লেফট টাৰ্ণ ললে.. সোফালে বৰাক হোষ্টেল..... বহুত কথা মনত পৰিল..... পাঠকৰ ৰুমটো আছিল ওপৰ মহলাত...৩০২....... এদিন সেই ৰুমটোত পাঠকে খুব মদ খাইছিল..... নৱই কৈছিল... আজি ট্ৰেজেদি হৈছে, মদ হেপাহ পলুৱাই খাইছ, খা.... কিন্ত সদায় এনেকে ট্ৰেজেদি নাফালিবি.... নহলে মদে এদিন তোক খাই পেলাব.....

কিছুদিন পাছত সি আকৌ মদ খাইছিল.....এইবাৰ কিন্ত  ট্ৰেজেদী নাছিল..... সিদিনা সি নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ বুলি ভাবিছিল......

পাঠকৰ গাড়ী গেষ্ট হাউচত ৰল......ৰিচেপচনত সুধিলে.....ড০ মুকুন্দ নাথ কোনটো ৰুমত আছে

পাঠকে কলিংবেল টিপিলে...এবাৰ,দুবাৰ,তিনিবাৰ...নাই , দুৱাৰ খোলাৰ কোনো উমঘাম নাই....পাঠকৰ অকৰা খংটো উঠি আহিল...দুৱাৰত জোৰে ঢকা এটা মাৰিলে.... দুৱাৰখন খোল খাই গল....ভিতৰত কোনো নাই.....পাঠকে বাথৰুমলৈ চালে..... দুৱাৰখন বন্ধ......পাঠকে ভাবিলে....নাথৰ এই বেমাৰটো ফৰেইনত থাকিও ভাল হোৱা নাই....
টেবুলত মেগাজিন এখন আছিল.... চাইন্স টুদে......কভাৰত থকা মানুহটো চিনাকি যেন লাগিল..... নাথ সচাকৈয়ে অলপ ডাঙৰ মানুহ হৈ গল........

বাথৰুমৰ দুৱাৰখন খোল খালে...... নাথ ওলাই আহিল.....পাঠকে চালে....আগৰ কেটেঙা নাথ হৈ থকা নাই... শকত হৈছে...চুলি কমিছে...পেট ওলাইছে

কি ভাই, একেবাৰে ফৰেইনাৰ হৈ গলি দেখোন.....পাঠকে কলে

নাখে নিৰুদ্দেগভাৱে কলে......মই তোক একেবাৰেই এক্সপেক্ট কৰা নাছিলো

পাঠকৰ খং উঠি গল.......চালা , তই মোক এক্সপেক্ট কৰা নাছিলি..ডাঙৰ মানুহ হৈ গলি তো......কিন্ত তই পাহৰি নাযাবি যে যেতিয়া তই ডলাৰ বগৰী হৈ ঘুৰি ফুৰিছিলি , তেতিয়া ময়েই তোক ইয়ালৈ মাতি আনিছিলো.....পুবালী যেতিয়া গুচি গৈছিল, তেতিয়াও মই তোৰ লগত আছিলো....আৰু আজি তই মোক এক্সপেক্ট নকৰ.......বেইমান

নাথৰ এক্সপ্ৰেচনৰ একো সলনি নহল.....

মাথো সুধিলে......বাগ্মিতা মহন্তৰ কি খবৰ

পাঠক অলপ অপ্ৰস্তত হৈ পৰিল.... ঠিক আগৰবাৰৰ দৰেই

জালুকবাৰীৰ কৃষ্ণচুড়া.......প্ৰেমৰ পোহাৰ.....উভৈনদী...
এখন বিয়াৰ চিঠি......... এখন টুলুঙা জাহাজ আৰু এটা নিৰ্বাক বন্দৰ

পাঠকৰ মনৰ পুৰনি কোঠা এটাৰ দুৱাৰখন খোল খাই গল
পৃথিৱীখন পাঠকৰ এটা সৰু গোলক যেন লাগিল ..........             To Be Continued..

শৈবাল ..................( ঋতুকাল আৰু দন্দজৰ পাছৰ অংশ)

পাঠকৰ এটা ইউৰোপীয়ান সপোন আছিল

বাগ্মিতাৰ নামটোৱে পাঠকক বহুদিন পাছলৈ লৈ গল

পাঠক তেতিয়া গুৱাহাটীলৈ আহিছে..... এম. এছ, চি পঢ়িবলৈ.........ইউনিভাৰচিটি..... চাৰিওফালে কৃষ্ণচুড়া আৰু কৃষ্ণচুড়া ...

ডিপাৰ্টমেন্টত চিনিয়ৰবোৰে চা-চিনাকি হবলৈ আহে.... সহজ অৰ্থত ৰেগিং...... ফুল এপাহ থাকে জুনিয়ৰবোৰে ফুলপাহ কোনোবা এজনক দি তিনিটা কাৰণ কব লাগে

ছোৱালীজনীয়ে বেচ সপ্ৰতিভভাবেই চিনিয়ৰৰ প্ৰশ্নবোৰ টেকল কৰিছে........
এডমিচনৰ দিনা ছোৱালীজনী বাপেকৰ লগত আহিছিল.... পাঠকক সুধিছিল..... ওচৰে পাজৰে ভাল ছোৱালী হোষ্টেল আছে নেকি..

পাঠকে হাতখন দাঙি লংকেশ্বেৰৰ পিনে দেখুৱাই কৈছিল......... সেইফালে বহুত ছোৱালী হোষ্টেল আছে.......ময়ো সেইপিনেই থাকো.....

শেষৰ বাক্যটো ছাগে বাপেকটোৰ পচন্দ নহল
ছোৱালীজনী সুন্দৰবৰীৰ হোষ্টেল এটাত থাকিবলৈ ললে......

ছোৱালীজনীয়ে ফুলপাহ পাঠকক দিলে.......সিদিনা পাঠকে গম পালে যে সি হেন্দচাম, চাৰমিং আৰু হেল্পফুল.........
পাঠকে জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা বেলেগ ধৰনৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে
এই সপোনটো কিন্ত ইউৰোপীয়ান সপোনটো নাছিল

ডিপাৰ্টমেন্টৰ ৱাল মেগাজিনত পাঠকে এটা ইংৰাজী কবিতা লিখিলে...... কবিতাটিৰ প্ৰতিটো শাৰীৰ প্ৰথম আখৰকেইটা মিলাই শব্দ এটা হয়...... ৱাল মেগাজিনৰ এডিটৰ জীৱনে সেইকেইটা আখৰৰ ওপৰত অলপ বেছিকৈ কলম ঘহাই দিলে..... নামটো ডাঠ হৈ জিলিকি উঠিল......... ৰজিতা...

সম্পুৰ্ন এটা চেমিষ্টাৰ পাঠকে ৰজিতাৰ সপোন দেখোতেই পাৰ হৈ গল........এদিন সাহ কৰি ৰজিতাক কথাবোৰ কৈ দিলে........

পাঠকৰ নন-ইউৰোপীয়ান সপোনটো ভাঙি থাকিল......

নৱই কলে....ৰজিতাই কিয় তোক য়েছ কব....তই নো কোন.......তই শচীন নেকি...নহয়, তোৰ বাপেৰ আম্বানি নেকি....নহয়, তই ফাৰ্চ ক্লাচ ফাৰ্ষ্ট...ওহো.......তই ভাল গান গাৱ.... সেইটোৱো নহয়...... আনকি তই দেখাত তুষাৰ কাপুৰৰ দৰেও নহয়......তই এটা বিলো এভাৰেজ পিচ....... তোৰ কিবা কোৱালিটি আছে জানো...

-কিন্ত মই তাইক খুব ভালপাও....একদম পিউৰ লাভ
-আচ্ছা...বাৰু কচোন.... নিশাই যদি তোক প্ৰপজ দিয়ে , কি কৰিবি

পাঠকে ভাবিলে.. নিশা আৰু তাক একেলগে দহ যেন লগা হব... সি শুকান এক আৰু তাই শকত শূন্য

-সেইটো কেনেকে হব....মই তাইক ভাল নাপাও...আৰু মোক কি ইমান বাজে বুলি ভাবিছ নেকি
-এক্সেক্টলি, মই তোক সেইটোৱেই বুজাব খুজিছো..... তোৰ দৰে চাৰে-চাৰিফুটীয়া তামোল এদালে এপ্ৰোচ কৰিলে ৰজিতাৰ দৰে ছোৱালীবোৰে ঠিক তেনেদৰেই ভাবিৱ...আফটাৰ অল তায়ো তো বাজে নহয়....
পৃথিৱীত প্ৰায়ভাগ মানুহেই প্ৰথমে তোৰ চোলাটো দেখে, তাৰ পাছৰ তোক, গতিকে তোক দেখা পাবলৈ তোৰ চোলাটো ভাল হবই লাগিব

পাঠকে নৱৰ কথাবোৰ বৰ বেছি নুবুজিলে......সি ভাবিলে.....নৱই বাৰু তাক ঠাট্টা কৰিলে নেকি

জালুকবাৰীত কৃষ্ণচুড়াবোৰ আকৌ ফুলিবলৈ আৰম্ভ কৰিছিল

ছোৱালীজনী মৰমলগা... ভয়ত তাইৰ গাল দুখন ৰঙা পৰিছে.... পাঠকৰ বেয়া লাগিল

-ঐ বিদি, কি কৰিছ ইয়াত, যা ক্লাছত যা

একেবাৰে চিনেমাৰ কাইদাৰে পাঠকে ছোৱালীজনীক ৰেগিং কৰি থকা চিনিয়ৰকেইটাৰ কবলৰপৰা উলিয়াই আনিলে

-দাদা থেংকচ, মোৰ বৰ অশান্তি লাগিছিল
- ইটচ অকে, পিছে তোমাৰ নাম কি, কোন ডিপাৰ্টমেন্টৰ.....পাঠকে সুধিলে
- মই ইংলিচ ডিপাৰ্টমেন্টৰ, বাগ্মিতা মহন্ত

পাঠকৰ কিবা এটা ভাল লাগিবলৈ আৰম্ভ কৰিলে....কিছুদিন পাছত পাঠকে তাইক বিদি বুলিব পৰা হৈ গল.....

এদিন বিদিয়ে কলে.........ইট দাজনট মেটাৰ হোৱাট দু য়ু দু অৰ হোৱেৰ য়ু বিলং, বাট য়ৰ এচেন্স অৱ য়ৰ চউল মেক মি দিভাইন.......
এটা সপোন আৰম্ভ হৈছিল...
পাঠকৰ চিঞৰি চিঞৰি কবলৈ মন গল ....সকলো মানুহ একে নহয়

এম.এচ.চি শেষ হল..... পাঠকে আই. আই টি ত পি.এইচ.ডি জইন কৰিলে....সিদিনা বিনিৰ লগত সি উগ্ৰতাৰা মন্দিৰলৈ গল.......তাত জ্যোতিষী এজনে দুয়োৰে হাত চালে.... কলে..... একেবাৰে খাটি যোৰা....চৈধ্য জনমৰ লগৰী....... পাঠকৰ পকেটৰ পৰা পঞ্চাছ টকীয়া এখন ওলাই আহিল....পাঠকৰ সপোনটোও ইউৰোপীয়ান হৈ গৈছিল

মাজতে এদিন পাঠকে পানবজাৰত নাথক লগ পালে.....নাথৰ লগত পুবালী.....নাথে কলে...বৰ দিগদাৰ হৈছে....সোনকালই কিবা এটা নহলে সি বলিয়া হৈ যাব ....

কেইদিনমান পাছত পাঠকে নাথলৈ খবৰ পঠালে....আই.আই.টি ত প্ৰজেক্ট এটা আছে...২ বছৰীয়া...১২ হাজাৰকৈ দিব....

পাঠকে বিদিক লুকুৱাই ৰাখিব খুজিছিল.....লপৰ কোনেও পাঠক আৰু বিদিক একেলগে দেখা নাছিল

বৰাক হোষ্টেল....ৰুম নং ৩০২.....ৰুমটোত এন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল..... হঠাত দুৱাৰখন খোল খাই গল.... দুৱাৰৰ মুখত নাথ.....পাঠক অপ্ৰস্তত হল..... লগত বিদিও........... ছৰি বুলি কৈ নাথ গুচি গল......... পাঠক নাথলৈ ফোন কৰিলে...... কথাবোৰ যাতে বেয়াকৈ ওলাই নপৰে

সকলো ঠিকে ঠাকে চলি আছিল.....পাঠকৰ জেকচ ত পেপাৰ এখনো হল....সিদিনা বিদি আৰু সি হেং আউতত ডিনাৰ কৰিলে...... ইউৰোপীয়ান সপোনটো ডাঙৰ হৈ আহিল

পাঠকে ৰিচাৰ্চৰ কামত মন দিলে.....বিদিক আগৰদৰে সময় দিব নোৱাৰা হল......গাইডে কেইমাহমানৰ বাবে পাঠকক চি.ডি.এল লৈ পঠিয়ালে..... পাঠক খুব ব্যস্ত হৈ পৰিল......

চি.ডি.এলৰ এক্সপিৰিয়েন্স লৈ পাঠক ঘুৰি আহিল.....
পাঠকে লেৱত পেপাৰ চাৰ্চ কৰি আছিল.....শাংকবে এটা খাম দি কলে, এইখন ল.....পাঠকে খামটো খুলিলে......ভিতৰত এখন বিয়াৰ চিঠি.........পেপাৰ চাৰ্চ কৰা আৰু নহল........ বাগ্মিতা মহন্ত ৱেডচ অচিন্ত্য বৰঠাকুৰ......

পাঠকে বিদিলৈ ফোন কৰিলে...... নট ৰিচেবল.....পাঠকৰ ইউৰোপীয়ান সপোনটো ঠুনুকা হৈ পৰিল

অৱশেষত বিদিৰ ফোনটো লাগিল........পাঠকে সুধিলে...এইবোৰ কি........বিদিয়ে কলে....ঘৰৰ প্ৰেচাৰ , মা-দেউতাই ব্লেকমেইল কৰিছে, তাতে আমাৰ কাষ্ট ও নিমিলে... আৰু বহুত কিবা কিবি....
পাঠকে শুনিবলৈ পালে....তুমি মোক ভুল নুবুজিবা.... মোক পাহৰিবলৈ চেষ্টা কৰা, অল দা বেষ্ট ফৰ ইয়ৰ ফিউচাৰ............

পাঠকে খবৰ লৈ গম পালে...অচিন্ত্য বৰঠাকুৰ পেচাত ডাক্টৰ...আমেৰিকাৰ চিকাগোত থাকে...দেউতাক উজনিৰ টি প্লেন্টাৰ

ইউৰোপীয়ান সপোনটো খহিবলৈ আৰম্ভ কৰিছিল

সিদিনা পাঠকে খুব মদ খালে.....লগত নৱ...পাঠকে আবোল তাবোল বকিলে....নৱই কলে....তই ট্ৰেজেডী ফালিছ হয়, কিন্ত যিয়ে তোক ট্ৰেজেদী ফলাইছে তাই সাৰি যাব নেকি
-তাইক মই খুব ভালপাও, একেবাৰে সচা ভালপোৱা
-বাদ দে তোৰ লাভ, চাৰি বছৰীয়া পিউৰ লাভ দেখিলো নহয়.....অন্যায় কৰাটো যিমান ভূল, অন্যায় নীৰৱে সহ্য কৰাটোও সমানেই ডাঙৰ ভূল......

পাঠকৰ নিচা কমিবলৈ আৰম্ভ কৰিলে

হেল্লো, বৰঠাকুৰ নহয় জানো...মোৰ নাম দ্ৰুমিল পাঠক....আপোনাৰ লগত ইম্পৰটেন্ট কাম এটা আছিল....আপোনাৰ কামত অহা কাম...

চানৰাইজ ৰেষ্টুৰেন্টত নৱৰ লগত গৈ পাঠকে বৰঠাকুৰক লগ কৰিলে...

বৰঠাকুৰে পাঠকক পাত্তা দিয়া নাছিল ....... আপোনালোকৰ দৰে বিয়া ভাঙিব অহা বজৰুৱা প্ৰেমিকবোৰৰ কথা মানুহৰ মুখত শুনিবলৈ পাইছিলো, আজি দেখাৰ সৌভাগ্য হল.....বৰঠাকুৰে কলে

পাঠকে খুব লাজ পালে...কিন্ত নৱ....নৱই কেতিয়াও সহজে হাৰ নামানে

চাৰি বছৰীয়া গভীৰ ভালপোৱা যদি বজৰুৱা হয়, তেন্তে পৃথিৱীত সকলো বস্তৱেই বজৰুৱা...
নৱই পকেটৰ পৰা পেকেট এটা উলিয়াই বৰঠাকুৰৰ হাতত দি কলে......এই পেকেটতোত বহুত গভীৰতা লুকাই আছে......আশাকৰো চিকাগোৰ ক্লিনিকত যদি কেতিয়াবা আপুনি পাঠক নামৰ পেচেন্ট এজনৰ অপাৰেচন কৰিব লগা হয়, আপোনাৰ হাতখন যাতে কপিবলগীয়া নহয়........

বৰঠাকুৰক আলপ চিন্তিত দেখা গল

কিছুদিন পাছত বিদিয়ে ফোন কৰিলে......এটা সময়ত উচুপনিৰ বাহিৰে একো শুনা নগল........

সিদিনা পাঠকে খুব মদ খালে...ফুৰ্তিত সি মতলীয়া হৈ পৰিল.......
পাঠকৰ নিচা লাগিবলৈ আৰম্ভ হৈছিল
নৱই কলে....কথাবোৰ অলপ বেয়া হৈ গল নেকি

ইউৰোপীয়ান সপোনটো হয়তো কেতিয়াবাই শেষ হৈছিল             To Be Continued…………. 

বিবৰ্ণ .................(শৈবাল  ৰ পাছৰ অংশ)

(পুৰ্বাভাষ.............কাহিনীৰ আগৰছোৱাত..................
(ঋতুকাল- বিদেশত গবেষণাৰত ড০ মুকুন্দ নাথ পুৰনি বন্ধু নৱৰ লগত কইনা চাবলৈ গল, কিন্ত পুৰনি অধ্যায় এটা খোল খাই পৰিল)
(দন্দজ-পাঠকে নাথলৈ ফোন কৰাত নাথে বেয়াকৈ কলে, পাঠকৰ দুখ লাগিল,সি নাথক কৰা সহায়বোৰ সোৱৰাই দিলে)
(শৈবাল-পাঠক আৰু বাগ্মিতাৰ কাহিনী....................)
(বিবৰ্ণ- সকলোৰে এটা অতীত থাকে, নৱও ব্যতিক্ৰম নহয় ..............)


পৃথিৱীত যেতিয়া এন্ধাৰবোৰ ডাঠ হৈ আহে, তেতিয়া সৰহসংখ্যক মানুহে পলাবলৈ চেষ্টা কৰে.... কিছুমানে পোহৰ হোৱালৈ বাট চায়......... আৰু মুষ্টিমেয় কিছুমানে এন্ধাৰত মানুহ চিনিবলৈ আৰম্ভ কৰে.......

ধৰিত্ৰীয়ে লক্ষ্য কৰিলে, কিছুদিনৰপৰা নৱৰ কিবা এটা হৈছে, মানুহটো অন্যমনস্ক হৈ থাকে, এইকেইদিন খোৱা বোৱাও ঠিকমতে কৰা নাই, বন্ধু এজনৰ সৈতে এদিন কৰবালৈ ওলাই গৈছিল....তাৰপাছত মানুহটো যেন আগৰ দৰে সহজ হৈ থকা নাই

আবেলি নৱ আহিল, ক্লান্ত চেহেৰা.....জীৰ্ণ শৰীৰ

-চাহ একাপ দিয়া....... নৱ অলপ ফ্ৰেচ হবলৈ বাথৰুমত সোমাল

- আপোনাৰ হৈছে কি, এইকেইদিন বেলেগ বেলেগ লাগিছে.......ধৰিত্ৰীয়ে সুধিলে
- না..নাই কতনো কি হোৱা দেখিলা, মইটো ঠিকেই আছো
- নহয়, কিবা এটা হৈছে, আপুনি কিবা লুকুৱাব খুজিছে, কিবা এটা খুব ডাঙৰ কথা

নৱই এদিন জয়ন্তক কৈছিল....মনটোত যেতিয়া কথা কিছুমান সোমাই গধুৰ কৰি তোলে, তেতিয়া কথাবোৰ কোনোবা ওচৰৰ মানুহক কৈ দিব লাগে....তেতিয়া বতৰটো ফৰকাল হৈ যায়

নৱই ভাৱিলে....কথাবোৰ কৈ দিলে সি বহুত পাতল হৈ যাব, কোনো কথা নাই....কিন্ত ধৰিত্ৰী গধুৰ হৈ নেযায়তো..... নাই........ধৰিত্ৰীয়ে তাক বুজিব....বুজিবই লাগিব..........
কথাবোৰ খুব বেছি নতুন নহয়.....কিন্ত কিছুমান কথা হয়তো কেতিয়াও পুৰনি হৈ নেযায়.........
নৱই কৈ গ'ল........এজন মানুহ আছিল....
মানুহজনে খুব ভাল কথা কৈছিল, মানুহে শুনি ভাল পোৱা কথা, ফ্ৰেচাৰ্চৰ দিনা তেও খুব ধুনীয়া লেকচাৰ এটা দিছিল, তেওঁ জীৱনৰ কথা কৈছিল, তেওঁ আমাক কিছুমান সপোনৰ কথা কৈছিল, তেওঁৰ ব্যক্তিত্বত আমি অভিভূত হৈ পৰিছিলো, সেইখিনি সময়ত তেওঁ আমাৰ বাবে আইডল আছিল
তেওঁ জানিছিল, সঁচা কথাবোৰ মানুহে শুনিবলৈ নিবিচাৰে, বহুত সচা কথা তেওঁ কোৱা নাছিল

আমাৰ লগত লৰা এটা আছিল... চন্দন...চন্দন দেবনাথ......পুজাত বাপেকে তাক নতুন কাপোৰ লবলৈ পইচা পঠিয়াইছিল..... সেইখিনি টকাৰে সি কেম্পৰ স্পেকট্ৰোস্কপি খন কিনিছিল.....আমাক কৈছিল...বহুত বঢ়িয়া কিতাপ..... তহতি ইচ্ছা কৰিলে মোৰপৰা লৈ পঢ়িবি

স্পেকট্ৰামত বহুত ৰং থাকে, কিন্ত বগা আৰু ক'লা ৰং দুটা নাথাকে......কিন্ত জানা ধৰিত্ৰী, বাস্তৱৰ পৃথিৱীত মানুহৰ ৰং দুটা.....বগা আৰু ক'লা

চন্দনে কিতাপ পঢ়ি ভাল পাইছিল, যিটো ভাল লাগে সেইটো গভীৰভাৱে পঢ়িছিল, হি পজেচড ব্ৰিলিয়ান্ট কনচেপ্ট.......... কিন্ত তাৰ এটাই সমস্যা আছিল.... সি ক্লাছ-নোট বা ছিলেবাছক গুৰুত্ব দিয়া নাছিল

ইউনিট আৰু চিলেকচন টেষ্টত নম্বৰ কম পোৱা বাবে আমাৰ লগৰ বহুত কেইজনক হেডে ফাইনেলৰ কাৰণে ফৰ্ম ফিলাপ কৰিবলৈ নিদিলে....তাৰ মাজত চন্দনৰ নামো আছিল
চন্দন কান্দোনত ভাঙি পৰিছিল........মই ক'লো.....বল....মানুহজনৰ ওচৰলৈ যাওঁ...... তেওঁ নিশ্চয় কিবা এটা কৰিব

আমি মানুহজনৰ কোঠালৈ সোমাই গৈছিলো......ডিপাৰ্টমেন্টৰ হেড বি.কে.এম............মানুহজনক কথাবোৰ কলো.... বহুত কাকূতি মিনতি কৰিলো.....তেওঁ নামানিলে....তেওঁৰ মতে তেওঁক ১০০ পাছ পাৰ্চেন্টেজ লাগে, নহলে তেওৰ প্ৰেষ্টিজ ডাউন হৈ যাব, চন্দনহতৰ দৰে আন্দাৰ পাৰ্ফম ষ্টুডেন্টক ফাইনেলত বহিব দিলে সিহতে ফেল কৰিব আৰু তেতিয়া ডিপাৰ্টমেম্টৰ লগতে তেওৰ ৰেপুটেচনো কমি যাব, যিটো তেওঁ কেতিয়াও নকৰে....

মই ক'লো....চন্দনহতে নম্বৰ কম পাইছে সচা, কিন্ত এজন শিক্ষক হিচাপে আপুনি সিহতৰ পৰীক্ষাত নম্বৰ কম পোৱাৰ কাৰণবোৰ এনালাইচিচ কৰি আগলৈ যাতে ভূলবোৰ নকৰে তাৰ বাবে সঠিক দিহা পৰামৰ্শ দিব লাগিছিল, সিহতক বাট দেখুৱাব লাগিছিল....কিন্ত আপুনি সিহতৰ সপোনবোৰ ভাঙি দিছে

মানুহজনৰ খং উঠিবলৈ ধৰিছিল....

ইটচ নট দা দিউটি অৱ এ টিচাৰ টু থ্ৰ হিজ উইক ষ্টুডেন্টচ টু দা ডাষ্টবিন ...... বাট টু আপলিফ্ট দেয়াৰ মৰেল চো দেট দে কেন পাফৰ্ম দেয়াৰ বেষ্ট এট দা বেষ্ট প্লেটফৰ্ম

মানুহজনে কলে...... হু আৰ ইউ টু টিচ মি......গেট আউট

মোৰো খং উঠি আহিছিল..... মই ক'লো...... এটা কথা কওঁক..... আপুনি আমাক গেৰান্টি দিব পাৰিব নেকি যে গ্ৰেজুৱেচনৰ পাছত আমি এটা ভাল চাকৰি পামেই... নিশ্চয় নোৱাৰে...... আমাক কেম্পাছ প্লেছমেন্ট দিব পাৰিব....নোৱাৰে......আপুনি কটা কুৱ্চেন পেপাৰত আপুনি দিয়া নোটছ লিখি হয়তো এখন ভাল মাৰ্কচিট পাম কিন্ত সেইখন মাৰ্কচিটে আমাক কোনো কম্পিটিটিভ এক্সাম বা ইন্টাৰভিউত পাছ কৰাব নোৱাৰে...... আপুনি যদি কাৰোবাক এটা সচ্চল ভৱিষ্যত দিব নোৱাৰে, তেন্তে কাৰোবাৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অধিকাৰো আপোনাৰ নাই ..... এইখিনি কথা আপুনিও জানে.... বাট য়ু আৰ এক্টিং লাইক এ হিপোক্ৰেট........ এ মাস্কড হিপোক্ৰেট

মানুহজন খঙত কপিবলৈ ধৰিছিল.... মই তেওঁৰ ইগো ত প্ৰচন্দ আঘাট কৰিছিলো

আমি হেডৰ ৰুমৰপৰা ওলাই আহিলো .... চন্দনে কলে...... তই কি কৰিলি..... এতিয়া হেডে তোক সুদাই এৰিব জানো..... প্ৰেক্টিকেলত তোৰ ৱাট লগাই দিব

মই তাক কৈছিলো......... মই একো ভূল কৰা নাই.... গতিকে মোৰ লগত একো ভূল হব নোৱাৰে......... তেওঁ হয়তো মোৰ কেৰিয়াৰ বেয়া কৰিব পাৰে... কিন্ত মোৰ সত্তা, মোক কেতিয়াও ধ্বংস কৰিব নোৱাৰে

মনত বহুতো দুখ লৈ চন্দন গুচি গৈছিল...........

থিয়ৰী শেষ হল......চন্দনৰ কথা মনত পৰিল.......প্ৰেক্টিকেলৰ দিনা ভয় লাগিবলৈ ধৰিলে.... কিন্ত সিদিনা ভাইভা ফালি দিলো..... চন্দনে দি যোৱা কনচেপ্টবোৰ কামত আহিল.......... যেতিয়া মই ৱাটাৰৰ ভাইব্ৰেচন মড কেইটা গ্ৰুপ থিয়ৰী ব্যৱহাৰ কৰি এক্সপ্লেইন কৰি দিলো......... এক্সটাৰনেল তধা লাগি চাই থাকিল.........

ভাইভাৰ পাছত এক্সটাৰনেল মোক একাষৰীয়াকৈ মাতি সুধিলে...... হেডে অলপ বেলেগকৈ কৈছে দেখোন....... কথাটো কি...

মই সকলোবোৰ কথা কৈ দিলো....... এক্সটাৰনেলে হাঁহিলে

সেইবাৰ হেডে মোৰ নোম লৰাব নোৱাৰিলে...... পাছৰ বছৰতো একেজন মানুহ এক্সটাৰনেল হৈ আহিল........ সেইবাৰো বাচি গলো

কিন্ত থাৰ্ড ইয়াৰত বেলেগ এজন এক্সটাৰনেল আহিল...... হেডে নিজৰ ক্ষমতা দেখুৱাই দিলে.... সেইবাৰ প্ৰেক্টিকেলত অকল পাছ মাৰ্কটো পালো..... সেইবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট টো বেলেগ এখন কলেজৰ পৰা হল.....

মই প্ৰেক্টিকেলত দুশৰ ভিতৰত আশী পালো, মুঠ নম্বৰ ৭৪১..... সেইবাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট টোৱে প্ৰেক্টিকেলত ১৯২ পাইছিল, তাৰ টটেল মাৰ্ক ৭৮২......... এই একচল্লিছ নম্বৰৰ মাজত উনৈশটা নাম সোমাই পৰিল...........

এসময়ত ডিপাৰ্টমেন্টৰ ৰেপুটেচনৰ নামত চন্দনহতক দলিয়াই পেলোৱা মানুহজনে ডিপাৰ্টমেন্টৰ মিটিঙত কৈছিল....... এইবাৰ আমাৰ ষ্টুদেন্টে ফাৰ্ষ্ট পজিচনটো নাপালে, বাট উই উইল ৱৰ্ক হাৰ্ড টু ব্ৰিং আৱাৰ গ্লৰি বেক.......শুনি থকা মানুহবোৰে হাতচাপৰি বজাইছিল

ইউনিভাৰচিটিত এম.এছ.চি ৰ বাবে এপ্লাই কৰিলো.... মোৰ আগৰজনে এডমিচন লোৱাৰ পাছত জেনেৰেল কেটেগৰীৰ দুৱাৰখন বন্ধ হৈ পৰিল.... এডমিচন হলটোৰপৰা মোৰ ওলাই আহিবলৈ মন নগ'ল....এডমিচনৰ শেষলৈকে তাতেই বহি থাকিলো........ এসময়ত কনভেনৰে ঘোষণা কৰিলে...... দা এডমিচন প্ৰচেচ ইজ ওভাৰ

মই স্থবিৰ হৈ পৰিলো....... বহুত সপোন চুৰমাৰ হৈ গ'ল.........হলটোৰ বাহিৰলৈ ওলাই আহিলো....... বাহিৰত তীব্ৰ বৰষুণ..... মই ডিপাৰ্টমেন্টটোৰ বাৰান্দাত খিয় হলো..... এটোপ দুটোপকৈ বৰষুণৰ ছিটিকনি মোৰ গাত পৰিবলৈ ধৰিলে........ এটা সময়ত বৰষুণ আৰু মোৰ চকুৰ পানী একাকাৰ হৈ পৰিল...

আকাশখন মেঘে আৱৰি ধৰিছিল.............মোৰ পৃথিৱীখনো এন্ধাৰ হৈ আহিবলৈ ধৰিলে

ডিপাৰ্টমেন্টলৈ মুল ৰাষ্টাৰ পৰা পকাৰ চিৰি এটা আছে.... সেইফালেদি মানুহ এজন উঠি আহিছিল.......মানুহজন মোৰ ওচৰত ৰ'ল....সুধিলে..... কি খবৰ...ৰিজাল্ট কেনে হ'ল......
মানুহজন আছিল সেই এক্সটাৰনেলজন........প্ৰফেচৰ পি.জে.কাকতি

কাকতি ছাৰে মোক কনভেনৰৰ ওচৰলৈ লৈ গ'ল.........কনভেনৰে কলে.... গোটেইকেইটা ছীট ফিল আপ হৈ গৈছে......

........টিচাৰ্চ কোটাত এডমিচন দি দিয়া........মাই গেৰান্টি...দিচ বয় উইল নেভাৰ লেট ইউ দাউন.....

এডমিচন হৈ গল......কাকতি ছাৰে মোক কলে......ইটছ বেটাৰ টু চেইল উইথ দা উইন্ড.....বাট নেভাৰ লুজ য়ৰচেল্ফ ইন দা উইন্ড...........
মই বতাহৰ দিশত নাও মেলিবলৈ আৰম্ভ কৰিলো..........ইউনিভাৰচিটিৰ গল্ড মেডেলিষ্ট, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ টপাৰ......

সময়বোৰ পাৰ হৈ গৈ থাকিল.........বহুত সময়.......ময়ো বহুত কথা পাহৰি পেলাইছিলো......

 মোৰ লগৰ এটাই আই.আই.টি ত পি.এইচ.ডি কৰি আছিল....দ্ৰুমিল পাঠক......তাক ছোৱালী এজনীয়ে বিট্ৰে কৰিছিল..... সেইদিনা সি খুব মদ খাইছিলে.... মদৰ নিচাত সি বহুত কিবা কিবি কৈছিল....... কিন্ত যেতিয়া সি ছোৱালীজনীৰ বাপেকৰ কথা কলে, মই হিতাহিত জ্ঞান হেৰুৱাই পেলালো.....বি.কে.মহন্তৰ প্ৰতি থকা মোৰ প্ৰতিশোধৰ জুইকুৰা দপদপকৈ জ্বলি উঠিল....

পাঠকৰ মনটো ঘুৰাই পেলালো.......
বি.কে.মহন্তৰ ভাবী জোৱাই আৰু মিতিৰলৈ বেনামী চিঠি লিখিলো....লগত ফটোচপত এদিট কৰা ফটো কেইখনমান.......প্ৰতিশোধৰ স্পৃহাই মোক বৰ তললৈ লৈ গল

কথাবোৰ জনাৰ পাছত মহন্তৰ ভাবী মিতিৰ বৰঠাকুৰ ক্ষোভিত হৈ পৰিল....বৰঠাকুৰে নিজৰ প্ৰতিপত্তি ব্যৱহাৰ কৰি মহন্তৰ সামাজিক মৰ্য্যদা ধুলিত্সাত্ কৰি দিলে........ মোৰ প্ৰতিশোধৰ জুইত বাগ্মিতা মহন্তৰ জীৱনটো ছাই হৈ পৰিল......হয়তো পাঠকৰো.....

নৱ কিছুসময় মৌন হৈ ৰল.......তাৰ পাছত কলে...জানা ধৰিত্ৰী.......সিদিনা যে গৈছিলো, নাথৰ লগত ........... আমি মহন্তৰ ঘৰলৈ গৈছিলো........নাথ এন্দ বাগ্মিতা আৰ চাপোজদ টু বি মেৰিদ.........দা আইৰনি অৱ লাইফ.........আৰু কি জানা , নাথে পুৱালীক ভাল পাইছিল...........আৰু তাৰপৰা পুৱালীক মইয়েই আতৰাই লৈ আনিছিলো..........আই জাষ্ট ব্ৰক দেয়াৰ ড্ৰীমজ...........

মই সকলোকে প্ৰতাৰণা কৰিছো....নাথ, পাঠক, পুৱালী..........নিজৰ স্বাৰ্থৰ বাবে......হয়তো তোমাকো মই ইমানদিনে আন্ধাৰত ৰাখিছো..............মই.....মই এটা বৰ নীচ মানুহ, এটা অজামিল..............

নৱই হুকহুকাই কান্দি দিলে.........ধৰিত্ৰী নিৰ্বাক হৈ পৰিল    পৃথিৱীখন সচাকৈয়ে ঘুৰণীয়া..........থিক এটা সৰু নাৰিকলৰ লাডুৰ দৰেই                             To be Continued

পুৰ্বাভাষ.............কাহিনীৰ আগৰছোৱাত..................
(ঋতুকাল- বিদেশত গবেষণাৰত নাথ পুৰনি বন্ধু নৱৰ লগত কইনা চাবলৈ গল, কিন্ত পুৰনি অধ্যায় এটা খোল খাই পৰিল)
(দন্দজ-পাঠকে নাথলৈ ফোন কৰাত নাথে বেয়াকৈ কলে, পাঠকৰ দুখ লাগিল,সি নাথক কৰা সহায়বোৰ সোৱৰাই দিলে)
(শৈবাল-পাঠক আৰু বাগ্মিতাৰ কাহিনী....................)
(বিবৰ্ণ- সকলোৰে এটা অতীত থাকে, নৱও ব্যতিক্ৰম নহয় ..............)

সন্ধিক্ষণ
পৃথিৱীখন সচাকৈয়ে ঘুৰণীয়া, ঠিক এটা নাৰিকলৰ লাডুৰ দৰেই..
কিমান সময় পাৰ হৈ গল ধৰিত্ৰীয়ে কব নোৱাৰিলে........ নৱৰ কথাবোৰে বহুত খেলিমেলি লগাই দিলে.........ধৰিত্ৰীয়ে নৱলৈ চালে
টেবুলত উচুপি থকা বিবৰ্ন মানুহজন যেন এটা বেলেগ মানুহ, ধৰিত্ৰীয়ে চিনি পোৱা নৱটো নহয়........

দিল্লী ইউনিভাৰচিটীৰ লাষ্ট চেমিষ্টাৰটো দি ধৰিত্ৰী কেইদিনমানৰ বাবে বায়েকৰ ঘৰলৈ আহিছিল..... বায়েক গুৱাহাটীত থাকে, ভিনিহিয়েক ভদাফনৰ মাৰ্কেটিং মেনেজাৰ......বায়েকহত থকা ফ্লেটটোৰ নাম মেঘমল্লাৰ এনক্লেভ, বায়েকহতৰটো ৩ বি.এইচ.কে এপাৰ্টমেন্ট....... থাৰ্ড ফ্লৰ..........


ফ্লেটটোৰ পশ্চিমফালে ফিল্ড এখন আছে, প্ৰতিবছৰে তাত ডাঙৰকৈ বিহু ফাংচন হয়, সিদিনা তাত ক্ৰিকেট টুৰ্ণামেন্ট এখনৰ ফাইনেল চলি আছিল

খিটলিং..... এপাৰ্টমেন্টটোৰ ফিল্ডখনৰ পিনে থকা খিৰিকীখনত বল এটা পৰিল...... বলটো বাগৰি বাগৰি ধৰিত্ৰীৰ ওচৰ পালেহি....
এইকেইটাৰপৰা নোৱাৰি দেই..... সদায় ক্ৰিকেট খেলি আমাৰ খিড়িকীত বল পেলাব.... বায়েক ভোৰভোৰাই উঠিল

বাইদেউ, অ বাইদেউ, বল এটা পৰিছে, দিয়কচোন.......তলৰপৰা কাৰোবাৰ মাত ভাহি আহিল
ধৰিত্ৰী বেলকনিলৈ ওলাই গল..... তলত পিলিঙা এটা ৰৈ আছে.... ধৰিত্ৰীক দেখি তাৰ কলা-হালধীয়া দাতকেইটা ওলাই পৰিল......
বলটো তললৈ দলিয়াই দি ধৰিত্ৰীয়ে কলে..... আকৌ যদি বল আহে নিদিও কিন্ত...কৈ দিছো........

পিলিঙাটোৱে ফিল্ডলৈ গৈ চিঞৰিলে...... বাইদেউ একদম গৰম মানে হট হৈ আছে... ডাইৰেকচন মিলাই চিক্সাৰ মাৰিব দিছে......
বেটছমেনটোৱে কান্ধত বেটখন লৈ ধৰিত্ৰীৰ পিনে চাই হাহি দিলে....

অসভ্য কৰবাৰ.... ধৰিত্ৰী ভিতৰলৈ সোমাই গল

আধাঘন্টা মান পাছত ধৰিত্ৰী আকৌ বেলকনিলৈ আহিল....... খেল তেতিযাও চলি আছে.... আগৰ ছিক্সাৰ কোবোৱা বেটছমেনটো নন-ষ্ট্ৰাইকিং এন্ডত..... কোনোবা এটাই চিঞৰিলে, লাষ্ট অভাৰ ২৪ ৰান লাগে.....

বলাৰটোৱে প্ৰথম বলটো কৰিলে......ষ্ট্ৰাইকিং এন্ডৰ বেটছমেনটোৱে গাৰ বলেৰে বেট ঘুৰালে.....নন-ষ্ট্ৰাইকিং এন্ডৰ বেটচমেন দৌৰি ষ্ট্ৰাইকিং এন্ড পাই গল......ইফালে ষ্ট্ৰাইকিং এন্ডৰ বেটছমেনটোৱে দৌৰিবলৈ আৰম্ভ কৰোতেই সিটো মুৰত ফিল্ডাৰে বেল পেলাই দিলে.....ৰান আউট

পাচটা বল, চাৰিটা ছয়ৰ প্ৰয়োজন......
বলাৰে বল দিবলৈ আহিল, ধৰিত্ৰীয়ে ভাবিলে.... দেখা যাওক বেটছমেনটোৱে কি কৰে...... বোধহয় চকুমুদি বেট ঘুৰাব..... তৰিলে ট্ৰফী, মৰিলে পেভিলিয়ন

বেটছমেনটোৱে এটা সুন্দৰ ফৰৱাৰ্ড ডিফেন্সিভ শ্বট খেলিলে, বলটো পিটছৰ বাহিৰেই নহল, নো ৰান.........
ধৰিত্ৰীৰ খং উঠি গল, ননচেন্স কৰবাৰ, এনেকুৱা পজিচনত ষ্টপ কৰিছে, সেইকাৰনেই ইহতচবৰ উন্নতি নাই,নিজে ছয় মাৰিব নোৱাৰ নাই, অন্ততঃ চিংগল লৈ বেলেগক চান্স দে,  বুৰ্বক, ইডিয়ট....


চাৰিটা বল, চাৰিটা ছয়ৰ প্ৰয়োজন......
আপিচ কভাৰ ড্ৰাইভ.... কভাৰৰ ওপৰেদি ছয়
য়ৰ্কাৰ লেংথৰ বল.... ৰিষ্টি ফ্লিক.... স্কুৱেৰ লেগৰ ওপৰেৰে বল বাউন্ডেৰীৰ বাহিৰ
ফুল টছ...... মিড অনৰ ওপৰেদি চিক্সাৰ

লাষ্ট বল, এটা ছয়ৰ প্ৰয়োজন......ফিল্ডখনৰ বাহিৰে ভিতৰে থকা সকলোৰে উতকন্ঠা.....
বলাৰে বল দিলে , গুদ লেংথ বল, বেটছমেনে বেকফুটত গৈ পুল কৰিলে, বলটো ওপৰলৈ উঠিল........ ধৰিত্ৰীয়ে দেখিলে বলটো তাইৰ পিনে আহি আছে..... আহিয়েই আছে... ধৰিত্ৰীয়ে কোনোমতে হাউলি দিলে.... বলটো তাইৰ কানৰ কাষৰে পাৰ হৈ গৈ খিড়িকীত পৰিল.... আইনাখন ভাগি থাকিল
ফিল্ডৰ পৰা পৰা অহা হৈ-হাল্লা আৰু উল্লাসৰ শব্দত আইনা ভঙা শব্দটো তল পৰিল...

ধৰিত্ৰীয়ে নিজকে নিজে কলে.......বাপৰে
অলপ পাছত বায়েকে চিঞৰিলে.......... এইকেইটাই আকৌ আইনা ভাঙিলে

সন্ধিয়া বায়েকে কলে, বল বজাৰলৈ যাও, মাটন অলপ আনো, ৰাতিলৈ তোৰ ফেভাৰিট জিঞ্জাৰ-মাটন বনাম......... ধৰিত্ৰী আৰু বায়েক বজাৰলৈ ওলাল....... বজাৰৰ মুখত থকা পানদোকানখনত ৭-৮ টা মান লৰাই আড্ডা পিটি আছে...... ধৰিত্ৰীয়ে চিনি পালে, দিনত ক্ৰিকেট ফিল্ডত দেখা লৰা কেইটা......

এটা লৰাই মাজতে কৈ উঠিল...... হেই চা, বেলকনিৰ হট বাইদেউ, লাষ্টৰ চিক্সাৰটো তামাম এংগোল মিলাই পৰিছিল দেই..........
তাৰে এটাই ডাঙৰকৈয়ে কলে........বাইদেৱে কিন্ত লাষ্টৰ বলটো ঘুৰাই নিদিলে দেই, বলটো বেলেঞ্চ থাকিল
আটাইকেইটাই হাহি দিলে....... ধৰিত্ৰীৰ খঙে চুলিৰ আগ পালেগৈ.....তাই লৰাকেইটাৰ পিনে ঘুৰি চালে
বায়েকে কলে......বাদ দে, ইহত এনেকুৱাই, ইহতকেইটাৰ লগত লাগি লাভ নাই


পাছদিনা পুজাৰ বিয়া আছিল, পুজাহত গুৱাহাটীৰ পুৰনা মানুহ, ৰিচিপচন ঘৰতেই দিছে...... বিয়াৰ বাবে ধৰিত্ৰীয়ে স্পেচিয়েল বেনাৰসী শাড়ী এখন লৈ আহিছিল, সেইখন পিন্ধিলে, বায়েকে কলে... মাই চুইট চিচ ইজ লুকিং গৰজিয়াছ.....

সন্ধিয়া ৭ মান বজাত ধৰিত্ৰীহত বিয়াঘৰত সোমাল, বিয়াঘৰ মানুহৰে ঠাহ খাই আছে, ৰভাখন সুন্দৰ হৈছে, ভায়লেট-হোৱাইটৰ সুন্দৰ কম্বিনেচন...... বগা চাৰ্ট-কলা ট্ৰাউজাৰ পিন্ধা কেটাৰিঙৰ মানুহে অতিথিসকলক চিটিং হলত কল্ড-ড্ৰিংক,পনীৰ টিক্কা আদি চাৰ্ভ কৰি আছে, সন্মুখত সুন্দৰকৈ সজোৱা পালেং এখনত কইনাৰ ড্ৰেচত পুজা........ ধৰিত্ৰী পুজাৰ ওচৰলৈ গল, উইচ কৰিলে..... পুজাৰ ককায়েক আদিত্য চেইলৰ মেকানিকেল ইঞ্জিনিয়াৰ.......আদিত্যই কলে... ডাইনিং হলটো ফুল হৈ আছে, চিটিং হলতে অলপ সময় বহা...

ধৰিত্ৰীহত চিটিং হলত বহিল... কল্ড-ড্ৰিংক চাৰ্ভ কৰি থকা কেটাৰিঙৰ লৰা এটাক ইংগিতেৰে মাতিলে..... লৰাটো ওচৰলৈ আহিল..... মেডাম কি দিম, পেপচি,মিৰিন্ডা নে স্প্ৰাইট
ধৰিত্ৰীয়ে তালৈ চালে, লৰাটোক আগতে কৰবাত দেখা যেন লাগিল, কালি ক্ৰিকেট খেলাকেইটাৰ মাজৰে এটা... তাইৰ খংটো উঠি আহিল.... লৰাটোক অলপ টানকৈ কলে.... ঠান্ডা নালাগে, গৰম কফি একাপ লৈ আনগৈ....
লৰাটো কফি আনিবলৈ গল

ধৰিত্ৰীৰ আগৰ শাৰীত দুটা সৰু লৰা সহ পৰিয়াল এটা বহি আছিল... তাৰে সৰু লৰা এটাই কিবা এটা দেখি হঠাত পাছফাললৈ দৌৰি দিলে..... খুন্দা মৰাৰ শব্দ এটা হল....... কৰবাৰ পৰা কল্ড-ড্ৰিংকচৰ গিলাছ এটা ধৰিত্ৰীৰ গাত পৰিল...... ধৰিত্ৰীয়ে দেখিলে...... গিলাছ কেইটামানৰ সৈতে ট্ৰে এখন উফৰি পৰিছে আৰু বগা চাৰ্ট-কলা পেন্ট পিন্ধা লৰা এটাই ট্ৰেখন তুলিবলৈ চেষ্টা কৰিছে.....
লৰাটোৱে কলে.....ছৰি মেম, সৰু লৰাটো হঠাত সমুখত আহি যোৱা বাবে......
লৰাটোক দেখি ধৰিত্ৰীৰ মুৰ গৰম হৈ গল....... লৰাটো আছিল সেই লাষ্ট বলত ছিক্সাৰ মৰা বেটছমেনটো

-ইউ ষ্টুপিড, চকু নাই নেকি, নে ভাং খাই ইয়াত কাম কৰিবলৈ আহিছ
- আই এপলজাইজ মেম, ইটছ এন এক্সিডেন্ট

লৰাটোৱে ইংৰাজীত উত্তৰ দিয়া দেখি ধৰিত্ৰীৰ বেছিকৈ খং উঠিল

-ছাট আপ য়ৰ ব্লাডী মাউথ, ৰাষ্টাত অভদ্ৰামি কৰ তো কৰই, ইয়াতো তহতৰ ফাল্টুমি দেখুৱাব আহিছ, ননচেন্স, স্ক্ৰাউনদ্ৰেল..... ২৩ বছৰত শিকা সকলো দেশী-বিদেশী শব্দ ব্যৱহাৰ কৰি লৰাটোক ধৰিত্ৰীয়ে গালি পাৰিলে..........

লৰাজনে কিন্ত টু শব্দ এটাও উচ্চাৰণ নকৰিলে........

হৈ-হাল্লা শুনি মানুহ কেইজনমান ওচৰ চাপি আহিল, বাকীবোৰে দুৰৰ পৰাই জুমি চাবলৈ ধৰিলে
-এক্সকিউজ মি মেম, মই কেটাৰিং টীমৰ চুপাৰভাইজৰ, কিবা অসুবিধা পাইছে নেকি ...... আদহীয়া লোক এজনে সুধিলে
-আপোনালোকে কেনেকুৱা ননচেঞ্চবোৰক কামত ৰাখিছে, এই অপদাৰ্থটোৱে মোৰ কাপোৰত কল্ড-ড্ৰিংকচ পেলাইছে, ইয়াক এতিয়াই কামৰ পৰা খেদি দিয়ক, জাষ্ট ফায়াৰ হিম আউট...... ধৰিত্ৰীয়ে লৰাটোৰ পিনে আঙুলি টোৱালে.......

এনেতে পুজাৰ ককায়েক আদিত্যই মাত দিলে....... কাম দাউন ধৰিত্ৰী, এওঁক কেটাৰিঙৰ চুপাৰভইজাৰে খেদিব নোৱাৰে.......এওঁ নৱ, মোৰ ভাল বন্ধু

ধৰিত্ৰীৰ মেলা মুখ মেলা হৈয়েই থাকিল

নৱই কলে... একো নাই আদিত্য, ইটছ অকে, কল্ড ড্ৰিংচ গাত পৰিলে যিকোনো মানুহেই স্থান-কাল পাহৰি  ভুকিবলৈ আৰম্ভ কৰিব, বিশেষকৈ যদি মানুহজন হট হৈ থাকে....
ওচৰৰ মানুহবোৰে মুখ টিপি হাহিবলৈ ধৰিলে

ধৰিত্ৰী লাজত ৰঙা-চিঙা পৰিল

নৱই আকৌ কলে.......বাই দা ৱে মেম, য়ু লুক ভেৰি বিউটিফুল হোৱেন য়ু আৰ এংৰি, মোৰ আপোনাক চাই থাকোতেই গল, আপুনি কি কলে গমেই নাপালো.............
মানুহবোৰে সমস্বৰে হাহি দিলে

দেটছ নৱ, চাৰমিং এন্দ ডিলাইটফুল

এদিন ধৰিত্ৰীয়ে নৱক সেই মেচখনৰ কথা শুধিছিল...... সিদিনা টেন্স চিটুৱেচনত নৱই কিয় অভাৰৰ দ্বিতীয় বলটো ষ্টপ কৰিছিল
নৱই কৈছিল.........কোনে কলে যে মই টেনচন লৈছিলো, মই জানিছিলো যে খেলখন মই জিকাব পাৰিম
-কিন্ত যদি কেনেবাকে শেষৰ চাৰিটাৰ এটা চিক্স নহলহেতেন
- ন চান্স মেম, নিজৰ ওপৰত এইখিনি কনফিডেন্স নাথাকিলে মই কেতিযাও দ্বিতীয় বলটো ষ্টপ নকৰিলোহেতেন.....ফৰ মি দেয়াৰ ইজ নো যদি,কিন্ত,নাইবা,অথবা........., অনলি য়েছ অৰ নো.......আজি টেবুলত উচুপি থকা বিবৰ্ন মানুহজন যেন সেই নৱ নহয়........

শুনাচোন.........নৱৰ মাতত ধৰিত্ৰী অতীতৰ পৰা উভতি আহিল

-কাইলৈ নাথক আমাৰ ঘৰলৈ মাতিম বুলি ভাবিছো, বহুত ভুলৰ শুধৰণি কৰিবলৈ বাকী আছে, তুমি বেয়া নোপোৱাতো..........

ধৰিত্ৰীয়ে মুৰ দুপিয়াই সন্মতি জনালে........ হয়তো কাইলৈ নৱই আৰু এখন বন্ধ দুৱাৰ খুলি দিব

আৰু দুৱাৰখনৰ সিপাৰে...... হয়তো আৰু এজন বেয়া নৱ থাকিব..



এ ভাৰচুৱেল ষ্টৰী



১০ জুলাই ২০১১, ডেৰাডুনৰ অ.এন.জি.চি একাডেমীৰ হোষ্টেলত লেপটপটো খুলি ফেচবুকাই আছো, হঠাত মেচেজৰ পপ আপ উইন্দো এখনে ভুমুকি মাৰিলে

-হাই, কেনে আছা

-মোৰ ভাল, তোমাৰ কি খবৰ.............মই ৰিপ্লাই দিলো
- ভাল , আৰু তোমাৰ
- আছো আৰু, এতিয়া কত আছা তুমি
- বৰ্তমান গুৱাহাটীত আছো, মই এম টেক কৰিলো,ইনফচিচত চাকৰি পাইছো, তুমি কত
- কংগ্ৰেটচ,মই বৰ্তমান দেৰাডুনত আছো, ONGC ত , ট্ৰেইনিং চলি আছে,পোষ্টিং শিৱসাগৰত

- গুদ,অলচো কংগ্ৰেটচ, মই তোমাৰ ফটোবোৰ দেখিছো.... তুমি বহুত সলনি হলা

তাৰ পাছত তাই অফলাইন হৈ গল

কিছুমান কথা চকুত আগত ভাহিবলৈ ধৰিলে....... কটন কলেজৰ ফিজিক্সৰ অল্ড গেলাৰী, কফি হাউচ, কেমেষ্ট্ৰীৰ সেই চিৰিটো, Simanta Sharma, Kulendra Das, Kuladip Sarma, Marttanda Phukan ৰ সৈতে এটাৰ পৰা আনটো ক্লাচলৈ দৌৰি ফুৰা দিনবোৰ...

২০০২ চন, কটনত HS এডমিচন লৈছো, প্ৰথম দিন, চুডমাৰ্চন হলৰ সমুখত ক্ষীন লৰা এটা, লগত এজন শকত আৱত মানুহ , মানুহজনক সুধিলো.... আংকল,ফিজিক্সৰ নিউ গেলাৰী কোনটো, তেওঁ দেখুৱাই দিলে..... পাছত গম পালো সেই শকত মানুহটো আমাৰেই ক্লাছমেট Sushanta Barooah

ডেৰশ ষ্টুডেন্টৰ ক্লাছ, পিছত বহিলে একো নুশুনি, ব্লেকবৰ্ডখনতো কি লিখিছে ধৰিব নোৱাৰি
ক্লাচৰ প্ৰথম বেঞ্চত বহিবলৈ সদায় সোনকালে আহো, এটাৰ পৰা আনটো ক্লাচলৈ দৌৰাৰ প্ৰতিযোগিতা হয়

তাইৰ ৰোল নং আছিল ১২১ , তাইক হয়টো মোৰ ভাল লাগিছিল, বিশেষকৈ তাইৰ হাহিটো, তাই উজানবজাৰৰ পিনৰ পৰা ৰিক্সাত আহিছিল, কেতিয়াবা খোজকাঢ়ি, লাহে লাহে মোৰ দৌৰাৰ গতি কমিছিল, এটাৰ পৰা আনটো ক্লাচলৈ তাইৰ পাচে পাচ গৈছিলো, কেতিয়াবা তাই ৰৈ দিছিল, পাছফালে ঘুৰি চাইছিল, তেতিয়া মই অইনপিনে চাই পাৰ হৈ গৈছিলো, অৱশ্যে সীমান্তই মোক কাৰনে চিট ৰাখি থৈ দিছিল.
লগৰবোৰে মোক তাইৰ লগত জোকাবলৈ আৰম্ভ কৰিছিল.....

HS ছেকেন্ড য়াৰত আমাৰ প্ৰেকটিকেল ক্লাছ আৰম্ভ হৈছিল, তাইৰ প্ৰেক্টিকেলৰ গ্ৰুপ সীমান্তৰ লগত আছিল, মোৰ বেলেগ গ্ৰুপত, সিহতৰ ফিজিক্স থকাৰ দিনা আমাৰ বটানিৰ প্ৰেক্টিকেল আছিল, সিদিনা মই ফিজিক্সৰ আগেদি আহি পানবজাৰত বাছত উঠিছিলো, আমাৰ ফিজিক্স থকাৰ দিনা সিহতৰ কেমেষ্ট্ৰি প্ৰেক্টিকেল আছিল, সিদিনা মই কেমেষ্ট্ৰিৰ সমুখৰে আহি কাচাৰীত বাছত উঠিছিলো.....
কেতিয়াবা প্ৰেক্টিকেল শেষ হওতে দেৰি হৈছিল, কিন্ত সিদিনাও তাইক মই ফিজিক্স বা কেমেষ্ট্ৰিত দেখা পাইছিলো..

নৱেম্বৰৰ কোনোবা এটা দিন, ফিজিক্সৰ প্ৰেক্টিকেলত প্ৰায় এঘন্টা দেৰি হল, মনে মনে ভাবিলো.. আজি ছাগে তাই গলগৈ, তথাপিও কুলদীপৰ সৈতে কেমেষ্ট্ৰীৰ সমুখৰ বাটেদি ওলালো..... ঠিক চুদমাৰ্চন হলৰ কাষত থকা গেটখন পাৰ হৈছো...... কুলদীপে দেখুৱাই দিলে... চা ....
কেমেষ্ট্ৰীৰ নিউ বিল্ডিঙৰ চিৰিত তাই তেতিয়াও বহি আছিল, কাষৰ ৰেলিঙত ভেজা দি শিৱানী.........দুয়োজনীৰে চকু আমি আহি থকা বাটটোৰ ফালে.....আমি সিহতক ক্ৰমাত ওচৰ চাপিলো.... মই তাইৰ পিনে চালো... তাই যেন লাজ কৰিছে..... শিবানীয়ে আমাৰ পিনে চাই হাহি এটা মাৰিলে....... আমিও প্ৰত্যুত্বৰত হাহি এটা মাৰি পাৰ হৈ গলো..........নিশব্দে......

কিছুদুৰ যোৱাৰ পাছত মই ঘুৰি চালো..... শিবানী আৰু তাই মোৰ পিনেই চাই আছিল
সিদিনাখন হয়তো মই কিবা এটা কব লাগিছিল....হয়তো তায়ো মই কিবা কোৱাটো বিচাৰিছিল

কিন্ত মই একো কব নোৱাৰিলো..........

HS দুবছৰত আমি মাত্ৰ ৫ বাৰ কথা পাতিছিলো, তাকো সাধাৰনভাৱে , মুঠ সময় পোন্ধৰ মিনিটৰ বেছি নহয়...........

আৰু আজি ৮ বছৰ পাছত তাই মোৰ ফটোবোৰ চাই কৈছে....... মই আগতকৈ সলনি হৈছো

৮ বছৰ আগৰ মোক হয়তো তাই মনত ৰাখিছিল.........
                                                          (২)

ডেৰাডুনত ট্ৰেইনিং চলি আছে......., ট্ৰেইনিং মানে ক্লাছ এসোপা কৰিব লাগে,.... বৰিং,.......... মই প্ৰায়েই বাংক দিও,.......
  1. কটন কলেজত থাকোতে ক্লাছ কেতিয়াও মিচ নকৰিছিলো, আনকি অসম বন্ধৰ দিনাও চাইকেল মাৰি আহিছিলো,.......... ক্লাছ কৰাটো তেতিয়া এটা নিচা আছিল, আৰু এতিয়া এটা বোজা........এতিয়া দিনটোৰ ৪ টা ক্লাছৰ এটা কৰো, কেতিয়াবা দুটা,.............. হাতত অফুৰন্ত সময়,.............. মুচৌৰী, ঋষিকেশ ,চিমলা, হৰিদ্বাৰ, নাইনিতাল, অমৃতসৰ ঘুৰিলো,.......... লগতে ফেচবুকত এগালমান ফটো... দিনটো অনলাইন....... লেপটপটো ২৪ x ৭ অন থাকে....... বম্বে হাইৰ প্ৰদাকচন ইঞ্জিনিয়াৰ ৰোহন পেৰেৰাৰ মতে.....Saikia never sign out.............
    ONGC একাডেমীত ইনাৰ হাউচ কম্পিটিচন হল, তাত Chess ত ৰাণাৰ্চ আপ হলো,........... ধুনীয়া ট্ৰফীটোৰ সৈতে ফটো এখন ফেচবুকত আপলোড কৰি দিলো..... লাইক আৰু কমেন্টবোৰ আহি থাকিল.........
    ১৫ আগষ্ট ২০১১.....বহুদিনৰ মুৰত তাইক অনলাইন দেখিলো
    ২৩৫৯ hrs......... তাই মেচেজ দিলে
    -হাই
    -হাই ......মই ৰিপ্লাই দিলো
    -কি খবৰ
    -ভাল,তোমাৰ
    -কংগ্ৰেটচ, তুমি চেচত জিকিলা
    -ৰানাৰ্চ আপ
    -অ
    -এতিয়া কত আছা, গুৱাহাটী নে বেংলুৰু
    -গুৱাহাটী, নৱেম্বৰলৈকে গুৱাহাটীত আছো, ইনফচিচত মোৰ জইনিং ডিচেম্বৰত
    -আচ্ছা, তোমাৰ প্ৰফাইল ফটোখন সলনি কৰিলা যে, আগৰখন ধুনীয়া আছিল
    - এনেয়ে, মন গল,কাইলৈ-পৰহিলৈ আকৌ এখন বেলেগ দিম
    - আচ্ছা
    -দেৰাডুন কেনেকুৱা, তুমি বিৰাট ফুৰিচা
    - অ
    - বাকী কি খবৰ
    - বাকী ভালেই, অহা সপ্তাহত অংকলেশ্বৰলৈ যাব লাগিব, দুসপ্তাহৰ কাৰনে, তাৰ পাছত আকৌ দেৰাডুন
    - অকে, কিমান দিনৰ কাৰনে ট্ৰেইনিং
    - অংকলেশ্বৰৰত দুসপ্তাহ, দেৰাডুনত ৫ সপ্তাহ, তাৰ পাছত ফাইনেলি শিৱসাগৰ
    - অকে, টোপনি আহিছে, বাই, গুদ নাইট
    - অকে, গুড নাইট
    বহুত দিনৰ মুৰত মই ফেচবুক চাইন আউট কৰি লেপটপটো চাট ডাউন কৰিলো
    HS ত পঢ়ি থাকোতে আজিকালিৰ দৰে মবাইল ফোন বা ইন্টাৰনেটৰ বহুল প্ৰসাৰ নাছিল, ইন্টাৰনেটৰ বাবে কেফেলৈ যাব লাগে... কেফেবোৰতো বহুত ভিৰ হয়......
    ২০ এপ্ৰিল ২০০৪, ই-মেইল এটা খোলাৰ প্ৰয়োজন আছিল.... য়াহুত চাইন আপ কৰিলো…… পাচৱৰ্ড.... তাইৰ নামটো টাইপ কৰিলো, তাৰ পাছত কনফৰমেচনৰ বাবে আকৌ এবাৰ..........
    সেই আই-ডি পাচৱৰ্ডৰেই ২০১০ ত ফেচবুকত একাউন্ট খুলিছিলো........

                                             (৩)

ডেৰাডুনৰ ট্ৰেইনিং শেষ হল, শিৱসাগৰত মাদ চাৰ্ভিচত জইন কৰিলো, মোৰ ফিল্ডত শ্বিফট দিউটি, একাডেমীত যিবোৰ আইডিয়েল ড্ৰিলিং প্ৰেকটিছৰ কথা শিকাইছিল, প্ৰেকটিকেলি সেইবোৰৰ একোৱেই নহয় ফিল্ডত,....... নাইট শ্বিফটত সাৰে থাকিবলৈ লেপটপটো লৈ যাও, লগত টাটা ফটন প্লাছ...........
এদিন ৰীগৰপৰা আপদেট দি দিলো.......Drilling in full swing, only 3 peoples are awake, Chemist, Geologist & Driller on the brake !!!
Drumil দাই বেলেগ এটা ৰীগৰপৰা কমেন্ট দিলে…….Amar eyat, Welder on the brake !!!

পাচদিনা ......০১.১২.২০১১........ পৰশমনিৰ ককায়েকৰ বিয়া আছিল, গোলাঘাটত
Drumil দাই ফোন কৰিলে, আমি গাড়ী লৈ আহি আছো, তুমি ওলোৱা

লেপটপটো সদায় থকাৰ দৰেই অন হৈ আছিল

১২১০ hrs
-ফেচবুকত তোমাৰ আপদেটবোৰ ভাল লাগে......তাই মেচেজ দিলে
- থেংকচ........মই ৰিপ্লাই দিলো
-ৱেলকাম
- ইয়াত মই বহুত সময় পাও..... কৰিবলৈ একো নাই.... চো..... এনেয়ে কিবা কিবি লিখি থাকো
- কত আছা
-শিৱসাগৰ
- অকে.. এইটো ভাল
- তুমি কত আছা এতিয়া
- বৰ্তমান গুৱাহাটীত আছো........ ৰয়েলত ই.চি.ই ডিপাৰ্টমেন্টত প্ৰফেছৰ হিচাপে জইন কৰিছো..... কিন্ত পাৰ্ট টাইম, ইনফছিছত জইনিং জানুৱাৰীত
- ৰয়েলৰ কেমেষ্ট্ৰীৰ সাত্যাকি বৰুৱাক চিনি পোৱা নেকি
- নিজৰ ডিপাৰ্টমেন্টৰ বাহিৰে অইনৰ সৈতে চিনাকি নাই
-আচ্চা
- দেখিলে হয়তো চিনি পাম
-কিমান দিন হল
- চেপ্তেম্বৰৰ পৰা, এটা চেমিষ্টাৰ পঢ়ালো,কিন্ত নাজানো অহা বছৰ গুৱাহাটীত থাকিম নে নাই
-কেনেকুৱা লাগিছে
- ভাল লাগিছে, কিন্ত পাৰ্ট টাইম যে
- অহা সপ্তাহত ক্লাচ আছে নে নাই
- নাই, কাইলৈৰ পৰা পৰীক্ষা আছে
- ৭ তাৰিখে মই গুৱাহাটীলৈ যোৱাৰ কথা আছে, লগ কৰিব পাৰিলোহেতেন
-হয়, কিন্ত সিদিনা মোৰ পি.এইচ.ডি এন্ট্ৰেস আছে
-কত
- আই.আই.টি ত.
-পৰীক্ষা ভালকৈ দিবা
-আচলতে এইবছৰ পি.এইচ.ডি কৰাৰ মন নাই,ইমান পঢ়িব নোৱাৰি,তাতে ১২ টা চিট আৰু ষ্টুদেন্ট ৬০০, গোটেই ভাৰতৰপৰা ষ্টুদেন্ট আহিব
- পৰীক্ষা কেইবজাৰ পৰা
- ৯ বজা
- আচ্ছা, সিদিনা মই তোমাক লগ কৰিবও পাৰো, আই.আই.টিত মোৰ লগৰ ১২ টা মানে পি.এইচ.ডি কৰি আছে
- অকে, তুমি পি.এইচ.দি নকৰা নেকি
- কৰি আছিলো, চাকৰি পালো, বাদ দিলো
- ময়ো ইনফচিচত চাকৰি পাইছো, কিন্ত মায়ে যাব নিদিয়ে
- আচ্ছা, মায়ে বোধহয় তোমাক আৰু দুৰলৈ পঠিয়াব খোজা নাই.... মাৰ মৰম
- ও,ইমানদিন বাহিৰতে পঢ়িলো, মাই ঘৰত থাকিলে ভাল পায়
- ও, এতিয়া এৰো দিয়া, মই বিয়া এখনলৈ যাও, গোলাঘাট
-অকে বাই

ইতিমধ্যে Drumil Baruah ৰ ফৰ্ড ফিগোৱে হৰ্ণ বজাইছিল, লগত Jayantajit Baruah ও আছিল

পৰশমনিৰ ককায়েক Keshab Baishyaৰ বিয়া খালো , আহোতে Drumil দা ড্ৰাইভিং চিটত, কাষত জয়ন্ত দা, পাছৰ চিটত মই.....
দ্ৰুমিল দাৰ এখন হাতত ষ্টেয়াৰিং... আনখন হাতত বিয়েৰৰ বটল এটা, স্পীডোমিটাৰতোলৈ চালো...........১০৮.....এখন এখনকৈ হাইৱেৰ গাড়ীবোৰ পাছ পৰি গৈ আছে

Drumil দাক কলো .... আপোনালোকৰ কথা নাজানো, মোৰ কিন্ত লাইফত বহুত কাম বাকী আছে.....
জয়ন্ত দাই ৰিপ্লাই দিলে..... ধেই একো নহয়, টেনচন নলবা

ভাগ্যে বিয়েৰত মাত্ৰ ৫% এলকহল থাকে...... বাকী ৯৫% কৃপাত কোনোৰকম ৰুম পালোহি...... কানত ধৰি শপত খালো.... নো বৰুৱা এন্দ বৰুৱা ইন ফিউচাৰ
ৰুমত সোমাই ৭ তাৰিখৰ কথাটো মনত পৰিল,

ছুটী এতিয়ালৈ কনফাৰ্ম হোৱা নাই, বছে কয়... মেনপাৱাৰ চৰটেজ.....

গতিকে বৰ বেছি আশা নাই.... কিন্ত কিবা কৰি মিলাবই লাগিব.....

                                               (৪)

বছে কোনোপধ্যে ছুটী নিদিয়ে.......তেওৰ মতে, আদমী কা বহত কমী হেই, কোই চাঞ্চ নহী হেই
কিচী ভী হালত মেই ছুট্টী নহী মিলেগা

৬ তাৰিখ, আবেলি তিনি বাজিছে, বছৰ কেবিনলৈ সোমাই গলো

বছক কলো...I am going home tomorrow
বছে কলে.. your leave is not approved
মই কলো...I am not asking any kind of leave, I am here to inform you that I am going to home tomorrow for a week & cannot attend my duty

শিৱসাগৰৰপৰা নাইট চুপাৰত উঠি ৭ তাৰিখে ৰাতিপুৱা ৬ বজাত গুৱাহাটীত নামিলো... আধাঘন্টা পাছত ঘৰ পালো... হাত-মুখ ধুই ফ্ৰেচ হৈ ললো.... ঘড়ীটোলৈ চালো..... সময় অলপ আছে.....ৰাতি নাইট চুপাৰত টোপনি ভালকে নহল.... এঘন্টা পাছত এলাৰ্ম দি বিচনাত পৰিলো

কিবা এটা শব্দত সাৰ পাই গলো......ঘড়ীটোলৈ চালো.... ধেত তেৰি.......৯-৩০...দেৰি হৈ গল..... কোবাকোবিকৈ বাইকখন ষ্টাৰ্ট দিলো..... লখৰা-জালুকবাৰী হাইৱেত মোৰ বাইক দৌৰিছে...... সাধাৰনতে মই ৫০ ৰ ওপৰত বাইক নচলাও..... সিদিনাখন বাইকৰ কাটাই ৮০ চুলেগৈ.....

যেনেতেনে আই আই টি পালোগৈ..... সুব্ৰতক ফোন কৰিলো......পি.এইচ.ডি এন্ত্ৰেন্স কত হৈ আছে.... সি কলে ...... লেকচাৰ হলত......

এডমিনিস্ত্ৰিভ বিল্ডিংৰ ওচৰত থকা লেকচাৰ হল পালোগৈ...... ষ্টেপত কেইটামান লৰা-ছোৱালী..... ৮ বছৰ আগৰ চিনাকি মুখ এখন ইফালে সিপালে বিচাৰিলো.......নাই

নটিছ বৰ্ডখন চালো.....হয়, তাইৰ নামটো আছে পৰীক্ষাৰ সময় ৯ – ১০..... ঘড়ীটোলৈ চালো..১০-৩০...

মোৰ হয়তো আধাঘন্টা দেৰি হৈ গল.....

জয়ন্তৰ ৰুমত গৈ ফেচবুক খুলিলো.........তাইলৈ মেচেজ এটা দিলো....... আজি মোৰ অলপ দেৰি হৈ হল, লগ কৰিব নোৱাৰিলো

বহুতদিন তাইৰ একো আপদেট নাই, নো নটিফিকেচন

২০ এপ্ৰিল ২০১২.................. ONGC কলনিৰ কোৱাটাৰ নং চি-১০২ ত বহি ফেচবুকাই আছো
তাই প্ৰফাইল পিকচাৰখন সলনি কৰিলে, বেঙুনীয়া ৰঙৰ কাপোৰযোৰেৰে তাইক ধুনীয়া লাগিছে..... লাইক কৰিলো.... কমেন্ট দিলো.....লুকিং গৰজিয়াছ

তাই এখনৰ পাছত এখনকৈ বহু কেইখন ফটো আপলোড কৰিলে

টিং টং ... কলিং বেলটো বাজি উঠিল....... বাহিৰত মানুহ এজন........ অনিল পোদ্দাৰৰ ৰুম কোনটো জানে নেকি, চি ব্লকত খাকে বুলি কৈছিল
মই কলো... পোদ্দাৰ ডাঙৰীয়াক মই চিনি নাপাও, এইটো ব্লকৰ কোনটো ৰুমত কোন থাকে সেইটো মোৰ জ্ঞাত নহয়, আনকি এই সমুখৰ ৰুমটোত কোন থাকে সেইটোও মই নাজানো
মানুহজনে অনিল পোদ্দাৰলৈ ফোন কৰিলে....... চি-১০৩ ৰ পৰা মানুহ এজন ওলাই আহিল

এটা সময়ত মই চুবুৰীটোৰ প্ৰতিজন মানুহকে চিনি পাইছিলো...... আৰু আজি..... মোৰ কাষৰ ৰুমত থকা মানুহজনৰ নামটোও মই নেজানো....

ৰুমত সোমালো, তাই ইতিমধ্যে ২০ খন মান ফটো আপলোড কৰিলে, প্ৰতিখনতে তাইক ধুনীয়া দেখাইছে, কোনোবাখনত তাই ওৰনিৰে চুলিখিনি ঢাকিছে, কোনোবাখনত গিফট লোৱাৰ সময়ত মিচিকিয়াই হাহিছে, কোনোবাখনত গ্ৰুপত আছে........

গোটেইবোৰ ফটোত লাইক মাৰিলো........ শেষত এলবামটোৰ তলত থকা লাইক বুটামটোত ক্লিক কৰিলো

তাই এলবামটোৰ নাম দিছে..... এ স্পেচিয়েল ডে, মাই ৱেডিং

মোৰ chat ত থকা তাইৰ প্ৰফাইলৰ আইকনটো সেউজীয়া হৈ আছিল

মই মেচেজ দিলো.........
- কংগ্ৰেটজ, উইচ য়ু এ হেপী মেৰিড লাইফ
- থেংকচ...................তাই ৰিপ্লাই দিলে
- ৱেলকামবোধহয় এইটোৱেই আছিল তাইলৈ মই পঠোৱা শেষ মেচেজটো.........

৮ বছৰ পুৰনি মোৰ পাচৱৰ্ডটো সলনি কৰাৰ সময় আহি পৰিল, অৱশ্যে বহুতকেইটা পাছৱৰ্ড সলনি কৰিব লাগিব....... লগতে হয়তো ইউজাৰ আই-ডি ও................

উপহংসাৰ-
বহুতদিন হল, ফেচবুকৰ এখন ভাৰচুৱেল ৱৰ্ল্ডত এটা ফেচবুক প্ৰফাইলত দিনটোৰ সৰহভাগ সময় পাৰ কৰো, শেষবাৰ ক্ৰিকেট কেতিয়া খেলিছিলো, ফুটবলটো কেতিয়া লঠিয়াইছিলো, হলত চিনেমা কেতিয়া চাইছিলো, বজাৰত জিকা-বিলাহীৰ দৰ-দাম কেতিয়া কৰিছিলো........ ঠিক মনত পেলাব পৰা নাই, ফেচবুকত মোৰ প্ৰায় ১০০০ ফ্ৰেইন্ড আছে, কিন্ত ২০-২৫ জনক বাদ দি বাকীসকলক বছৰ বছৰ ধৰি দেখা নাই,..........মোৰ ভাৰচুৱেল ৱৰ্লডখন ডাঙৰ হৈ গৈ আছে............কিন্ত সচা পৃথিৱীখন যেন দিনকদিনে সৰু হৈ আহিছে

.................হয়তো ময়ো দিনকদিনে ভাৰ্চুৱেল হৈ গৈ আছো ........

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...