১৪ দিন অন-অফ ষ্টাৰ্ট হোৱাৰ আগৰ কথা । ছুটী পোৱাৰ বিৰাট সমস্যা । বছৰ হাতে
ভৰিয়ে ধৰি চাৰি-পাচদিনৰ ছুটী মেনেজ কৰি গুৱাহাটীলৈ আহো । সাধাৰণতে মই
গুৱাহাটীলৈ অহা খবটো শিৱসাগৰত ইকানে সিকানে বাগৰি পৰে আৰু সেইখিনি সময়তে
বহুত মানুহৰ জৰুৰী চিঠি , পাৰ্চেল , বিভিন্ন বস্ত গুৱাহাটীৰ ৰিলেটিভলৈ
পঠিওৱাৰ জৰুৰী প্ৰয়োজনীয়তা আহি পৰে । ফলত মোৰ লগতে নাইট চুপাৰত দুটা বেগ
হয়গৈ, এটাত নিজৰ বস্ত, আনটোত গুৱাহাটীত ডেলিভাৰি দিবলগা বস্ত ।
গুৱাহাটী পোৱাৰ পাছতেই মোৰ কাম হয়গৈ বস্তবোৰ সঠিক ঠাইত ডেলিভাৰি দিয়া ।
তেনেকুৱা এটা ডেলিভাৰীৰ কথা..........
ৰদত ঘামি-জামি কোনোমতে ঘৰটো বিচাৰি এঘৰত কলিং বেল টিপিলো । মধ্যবয়সীয়া মহিলা এগৰাকীয়ে দুৱাৰখন খুলিলে ।
- অভিমন্যু বৰুৱাই পাৰ্চেল এটা পঠিয়াছিলে.......... মই কলো
মানুহগৰাকীয়ে পেকেটটো লৈ কলে, এক মিনিট ৰবাচেন
দুৱাৰমুখত ৰৈ আছো । মানুহগৰাকী ভিতৰৰপৰা কাগজ কেইখনমান লৈ ওলাই আহিল ।
- তুমি অভিৰ অফিছতে কৰা ন
- হয় অভিদাৰ অফিছতে কৰো
- আচ্ছা এই চিঠিখন নৰ্মেল পোষ্ট কৰিবা আৰু ইলেকট্ৰিচিটি বিলখন অফিছত জমা দি দিবাচেন........... মানুহগৰাকীয়ে এশটকীয়া দুখন আৰু পেকেট এটা আগবঢ়াই দিলে
মই হেৰাণ-পৰেচান হৈ গলো । জান না পেহচান , ইলেকট্ৰিচিটী অফিছ মে লাইন ধৰি বিল দিব লাগে ।
- চাওক এক্সুৱেলি আজি মোৰ বেলেগ কামো আছে, চিঠিখন বাৰু পোষ্ট কৰি দিম, কিন্ত ইলেকট্ৰিচিটী বিল দিব নোৱাৰিম............ মই কলো
- চোৱা তোমাৰ বছে গম পালে কিন্ত পাৰডন নকৰিব, অভিয়ে মোক বহুত মানে
- বছ মানে
- অভিমন্যু বৰুৱা, মই অভিৰ একেবাৰে নিজৰ পেহী হয়, মোৰ কথা নুশুনিলে কথা বেয়া হৈ যাব কিন্ত ....... মানুহগৰাকীয়ে দম দি দিলে
কি জেং বে । মই আকৌ হেৰান-পৰিচান হৈ গলো । মই জইন কৰিছো ২০১০ ত , অভিদাই ২০১২ ত । হিচাপত মইহে অভিদাৰ বছ হব লাগে । কিবা মিছআন্ডাৰষ্টেন্ডিং হল ছাগে ।
- চাওক , এক্সুৱেলি
- ঠিক আছে, মই অভিক ফোন লগাও......... মানুহগৰাকীয়ে ফোনটো উলিয়ালে
টেমা গৰম হৈ গল । হব বাৰু বুলি কৈ চিঠি, বিল আৰু পইচা লৈ পেহীৰ ওচৰৰপৰা পলালো ।
নিৰাপদ দুৰত্বৰপৰা অভিদাক ফোন কৰিলো
- হেলো অভিদা, এই পাৰ্চেলটো দিব দিছিল যে, মথুৰা নগৰ, বাই লেন ৮ , কোন হয় আপোনাৰ
- অ, মোৰ পেহী হয়
- আচ্ছা পেহীক কোনে পাৰ্চেল লৈ আহিব বুলি কৈছিল
- মানে
- মানে কি বুলি কৈছিল
- অফিচৰ লৰা এজন গুৱাহাটী যাব, তাৰ হাতত পঠাইছো বুলি কৈছিলো, কিয়, কিবা হল নেকি
- নাই, একো নাই
কেচটো বুজি পাই গলো । অভিৰ পেহীয়েকে মোক অফিচৰ লৰা মানে অভিৰ তলতীয়া পিয়ন টাইপৰ কৰ্মচাৰী বুলি ভাৱি আছিল ছাগে ।
তাৰ পাছত..............
তাৰ পাছত কি হব আৰু । চিঠিখন পোষ্ট বক্স এটাত পেলালো আৰু চিধা ঘৰ সোমালো । ডেলিভাৰী চাৰ্ভিছ ক্লজড । বাকী থকা ডেলিভাৰীকেইটাৰ অনাৰক কৈ দিলো যে বস্ত মোৰ ঘৰত আছে, কোনোবা আহি কালেক্ট কৰি লৈ গলেই হল ।
তাৰ নেক্সট ট্ৰিপত পাৰ্চেলবোৰ নিবলৈ "পাহৰি" থাকিলো ।
দুবাৰমান পাহৰাৰ পাছত মই যে "পাৰ্চেল" লৈ গৈছিলো সেইটো বহুতে "পাহৰি" থাকিল ।