গাজা নহয় দেই !!!
(ONGC Rigলৈ Drilling Fluid বনাবৰ বাবে KCl,CMC,PAC,XC-polymer,PHPA
ইত্যাদি যথেষ্ঠ দামী কেমিকেল আহে.....কিন্ত কেমিকেল কঢ়িয়াই অনা ট্ৰাকবোৰে
কেমিকেলৰ বহুত হেৰাফেৰি কৰে)
ৰিগলৈ কেমিকেলৰ ট্ৰাক এখন আহিল....সিদিনা ডিউটিত আছিল কামোৰ কেমিষ্ট এটা
(কামত ধেৰ ৰাপ থকা আৰু জোখতকৈ বেছি ছিনচিয়াৰ মক্কেলক মানুহে কামোৰ বোলে !!!) .......
কেমিষ্টে কেমিকেলৰ বেগকেইটা চেক কৰিলে....২৫ কিলোৰ বেগবোৰত ১০-১২ কিলোহে
আছে....... কেমিষ্টে চিধা কৈ দিলে........ এনেকুৱা আধা আধা বেগ মই ৰিচিভ
নকৰো..... ঘুৰাই লৈ যা আৰু ভৰ্তি বেগ লৈ আন...........
ট্ৰাকৰ ড্ৰাইভাৰটোৱে বাটত অলপ পানী ধৰি টং হৈ আছিল..... কেমিষ্টৰ কথা তাৰ পচন্দ নহল......
সি প্ৰথমতে অলপ নৰম সুৰত কলে......ছাৰ.......চেহেৰাত নিমাখিত এক্সপ্ৰেচন
কিন্ত কেমিষ্ট অলৰ অচৰ.......
তাৰ পাছত সি শিবসাগৰৰ ছালফা এটাই সিহতক যে ভালকৈ চিনি পায় সেইটো কথা কলে....
কেমিষ্ট নিৰ্বিকাৰ.......
তাৰ পাছত সি কাহিনী এটা কলে যত কেমিষ্টৰ ওপৰৱালা বছকেইটাক সিহতে গাড়ীৰপৰা নমাই পিটিছিল....
এইবাৰ কেমিষ্টে মুখ খুলিলে, "ভালেই কৰিলি,সিহতি মোক ছুটী খুজিলেও ছুটী
নিদিয়ে,এইবাৰৰপৰা তেনেকুৱা কেচ হলে মোকো মাতি দিবি, ময়ো দুচাটমান দি
দিম..... কিন্ত বোপাই, তহতি অনা কেমিকেলৰ আধা আধা বেগবোৰ মই কোনোপধ্য ৰিচিভ
নকৰো"
কেমিষ্টৰ খাৰংখাচ কথা ট্ৰাকৰ লৰাকেইটাৰ পচন্দ নহল........
পিছফালৰপৰা ট্ৰাকৰ লৰা এটাই মাত লগালে, "আপুনি শিৱসাগৰত নেথাকে জানো, আমিও শিৱসাগৰৰ, লোকেল, আপোনাক এদিন কৰবাত ভালকৈ চাই লৱ লাগিব"
এইবাৰ কেমিষ্ট অলপ অপ্ৰস্তত বল, তাৰ পাছত পকেটৰপৰা মানিবেগটো উলিয়ালে.......
(ভয় খালে চাগে......আখিৰ জান হেই তো জাহান হেই !!)
.
.
.
.
মানিবেগত কেমিষ্টৰ পাছপৰ্ট ফটো কেইখনমান আছিল........
তাৰে এখন ফটো লৰাটোৰ পিনে আগবঢ়াই কেমিষ্টে কলে, "হু, এইখন ল,মোৰ পাচপৰ্ট
ফটো, যেতিয়াই মন যায় তেতিয়াই চাই থাকিব পাৰিবি, আৰু যদি ফুল চাইজ লাগে,
কাইলৈ আকৌ আহিবি"
মা কচম
পাছদিনা কেমিকেলৰ বেগবোৰ ভৰ্তি হৈ আহিল
No comments:
Post a Comment