Monday, November 30, 2015

ইউনিভাৰচিটী- প্ৰেক্টিকেল পৰীক্ষাত

                                                

এম এছ ছি থাৰ্ড ছেমৰ প্ৰেক্টিকেল ফাইনেল পৰীক্ষা । ছিলেবাছত মুঠতে ৪০ টা মান প্ৰেক্টিকেল আছে । দুদিনত দুটা কৰিব লাগে । কিন্ত সেইবাৰ ইনভিজিলেটৰ আছিল ফুকন ছাৰ । বহুত কাঢ়া । পুৰা ঘুৰাঘুৰি কৰি থাকে । কাকো পুৰিয়া মাৰিব নিদিয়ে ।
প্ৰেক্টিকেল পৰীক্ষাত নকল কৰাটো চাইন্সৰ ষ্টুডেন্টৰ অলিখিত নিয়ম , আমাৰ জন্মস্বত্ব অধিকাৰ । কিন্ত ফুকন ছাৰে প্ৰতিবছৰে সেই অধিকাৰ নিৰ্দয়ভাৱে হৰণ কৰি আহিছে ।

প্ৰথম দিন
ছাৰৰ তীক্ষ্ণ নজৰৰপৰা কোনো বাচি যাব পৰা নাই । কেইজনমানক ৰেড হেনডেড ধৰি ছাৰে ত্ৰাসৰ সৃষ্টি কৰিছে । পুৰিয়া মাৰিব নোৱাৰি প্ৰায়ভাগৰে অৱস্থা কাহিল হৈ গৈছে । মোৰ ভাগত পৰিছে চাৰফেচ টেনচন । গোটেই চেমিষ্টাৰটোত প্ৰেক্টিকেলত পাল মাৰিছিলো । ফলত চাৰফেচ টেনচনে টেনচন দি আছে । যেন-তেন এক্সপেৰিমেন্ট টো কৰিলো । গ্ৰাফ এডাল প্লট কৰিব লাগে । প্লট কৰিলো । কিন্ত এয়া কি , থিয়ৰিমতে গ্ৰাফডাল পজিটিভ এংগোলত থাকিব লাগে , কিন্ত মোৰডাল নিগেটিভ এংগোলত আছে । টেনচন হৈ গল ।
ভাক চালা । পজিটিভ এংগোলত আচ এডাল টানিলো । তাৰপৰা বেক-কেলকুলেট কৰি ডাটা বহীত লিখিলো ।

দ্বিতীয় দিন
প্ৰথম দিনাৰ বৰবাদিৰ পাছত দ্বিতীয় দিনাৰ বাবে সাজু হলো । কিন্ত ভাগ্য বেয়া । ৰেট কন্সটেন্টৰ এক্সপেৰিমেন্ট পৰিল । আগতে কেতিয়াও কৰা নাই, কেনেকৈ কৰে তাকো নাজানো , কিন্ত পকেটত এক্সপেৰিমেন্টটোৰ ডাটা আছে, সেয়াই সাহস । ফুকন ছাৰে অনবৰত টহল দি আছে । পকেটৰপৰা পুৰিয়া উলিয়াও কেনেকৈ । মোৰ কাষত থকা চৌধুৰীৰো একেই অৱস্থা ।
ভাক চালা । দুয়োটা ডিপাৰ্টমেন্টৰপৰা গায়ব হৈ হোষ্টেল পালোগৈ । লগত এক্সামৰ বহী । হোষ্টেলত বহি দুয়োটাই ডাটা-গ্ৰাফ লিখিলো । লান্সৰ পাছত ডিপাৰ্টমেন্টলৈ ঘুৰি গলো । ডিপাৰ্টমেন্ট পাই বুৰেট-পিপেট-বিকাৰ-কনিকেল ফ্লাক্স হিলাহিলি কৰি টাইম কিল কৰি এক্টিং কৰিবলৈ ধৰিলো ।

কনিকেল ফ্লাক্স এটাত টেপ ৱাটাৰ অলপ লৈ বাৰান্দাত এনেয়ে ঘুৰাঘুৰি কৰি আছো । ফুকন ছাৰে দেখা পালে ।
- কি কৰি আছা
- ছাৰ এইটো ডিজল্ভ হোৱা নাই , ষ্টাইৰিং কৰি আছো ............ হাতত থকা ধোৱাবৰনীয়া টেপৰ পানীখিনি থকা কনিকেল ফ্লাক্সটো দেখুৱাই কলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- হিট কৰা হিট, অলপ কুহুমীয়া গৰম কৰি শ্বেক কৰা , পুৰা চলুবুল হৈ যাব
- থেংক ইউ ছাৰ................... এইবুলি কৈ মই প্ৰেক্টিকেল ৰুমৰ ভিতৰ সোমালো

টেপৰ পানীখিনি পেলাই ফ্লাক্সটোত ডিষ্টিল্ড পানী ভৰালো । অলপ গৰম কৰি আধাঘন্টামানৰ পাছত আকৌ ছাৰৰ ওচৰ পালোগৈ ।
- ছাৰ ডিজল্ভ হৈ গল............ মই চাফা পানী থকা কনিকেল ফ্লাক্সটো ডাঙি ধৰিলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- গুড, এক্সিলেন্ট, মই কৈছিলো নহয় , বস্তবোৰ অলপ ভাৱিব লাগে, তোমালোকে একেবাৰে চিন্তা নকৰা, অকল কিতাপখন পঢ়িলেই নহয়, বিষয়বস্তৰ গভীৰতালৈ সোমাই যোৱাটোহে আচল চাইন্স ......ছাৰৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি
- থেংক ইউ ছাৰ ............ মই কলো
- অকে , এতিয়া বুজিলা নহয়, কীপ ইট আপ............. ফুকল ছাৰে থামছ আপ এটা দি দিলে

বাচ আৰু কি । ১৫০ ৰ ভিতৰত ১৩৫ । সেইবছৰ প্ৰেক্টিকেল পৰীক্ষাত হায়েষ্ট নম্বৰ মোৰ নামত ।
( "চৌধুৰী " লৈ ক্ষমাপ্ৰাৰ্থনাৰে)

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...