Sunday, November 1, 2015

চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিজ্ঞতা



চিঠাৰ নকল উলিয়াব লাগে । দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গলো । নতুন অফিছটো বশিষ্ঠ চাৰিয়ালিত । অফিছৰ বাহিৰতে মহৰী বহি থাকে । এজন মহৰীৰ ওচৰলৈ গৈ এপ্লিকেচন এখন লিখিবলৈ দিলো । কাৰ্টিজ পেপাৰত মহৰীজনে দুটকীয়া কৰ্ট ফী লগাই এপ্লিকেচন লিখি দিলে । মহৰীজনক ৫০ টকা দিলো ।

আজিকালি বোলে চিষ্টেমটো ভাল কৰিছে । অফিচটোত ৰিচিপচন কাউন্টাৰ এটা আছে । তাত এপ্লিকেচন জমা কৰিলে একনলেজমেন্ট নাম্বাৰ এটা দিয়ে । পাছত সেই নাম্বাৰেৰে ষ্টেটাছটো চাব পাৰি । চিটিজেন চাৰ্টাৰ মতে নিৰ্দিষ্ট সময়ত কাম কৰিবলৈ সংস্লিষ্ট কৰ্তৃপক্ষ বাধ্য ।

ৰিচিপচন কাউন্টাৰ পালোগৈ । ভিতৰত দুগৰাকী মহিলা আৰু দুজন লৰা । এগৰাকীয়ে কাউন্টাৰৰ মুখত এখন টেবুল লগাই বহী এখন চাই আছে, আনগৰাকীয়ে অলপ দুৰত টেবুল এখনত ফাইল খুচৰি আছে, লৰা দুজনে কম্পিউটাৰৰ আগত বহি ডাটা এন্ট্ৰি কৰি আছে ।

এপ্লিকেচনখন হাতত লৈ কাউন্টাৰৰ মুখত ৰৈ আলেখ লেখ চালো । কাউন্টাৰৰ মুখত থকা মানুহজনীয়ে এনেকুৱা দেখুৱাই আছে যে তেও বহুত ব্যস্ত, কিন্ত অলপ চাইয়েই গম পালো যে তেও আচলতে একো কৰা নাই ।

- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... মই সুধিলো

ভিতৰৰ মানুহকেইজনৰ একো প্ৰতিক্ৰিয়া নাই । চিন্তা হৈ গল, মই বাৰু ভুল ঠাইত আহিলো নেকি । কাউন্টাৰৰ বাহিৰৰ ৱালখন আকৌ চালো । জন সেৱা কেন্দ্ৰ বুলি লিখা আছে ।
- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... এইবাৰ অলপ চিঞৰি সুধিলো

মা কচম, একো প্ৰতিক্ৰিয়া নাই ।
ওচৰতে উকিলৰ ড্ৰেচত ছোৱালী এজনী আছিল । তেও ব্যস্ত দেখুৱাই থকা মহিলাগৰাকীক দেখুৱাই কলে যে সেইগৰাকীয়ে জমা লয় ।

এইবাৰ চিধা মহিলাগৰাকীক উদ্দেশ্য কৰি কলো
- বাইদেউ, এপ্লিকেচন জমা দিব আহিছিলো
- কিহৰ............ মহিলাগৰাকীয়ে এনেকুৱা এটা ভয়ংকৰ চাৱনি দিলে যে সাধাৰন মানুহ পলাই পত্ৰং দিব
- চিঠাৰ কপিৰ এপ্লিকেচন, কি কি চাপৰ্টিং ডকুমেন্ট লাগিব কাইন্ডলি এবাৰ চাই দিবচোন ......... এইবুলি মই কাউন্টাৰৰ ফুটাটোৰে এপ্লিকেচন, দলিল, নামজাৰি কপি ভৰাই দিলো ।

দলিল আৰু নামজাৰিৰ কপিটো এপ্লিকেচনৰ সৈতে ষ্টেপল কৰা নাছিলো । মানুহগৰাকীয়ে কাগজখিনি হাতত ললে, কাগজবোৰ এবাৰো নোচোৱাকৈ মোৰফালে দলিয়াই দি কলে.......... এইবোৰ পিন মাৰি আনক

মানুহগৰাকীৰ টেবুলখনতে ষ্টেপল এটা দেখিবলৈ পালো ।
- বাইদেউ আপোনাৰ টেবুলতে ষ্টেপল আছে দেখোন........ মই কবলৈহে পালে মানুহগৰাকীয়ে ভয়ংকৰ চাৱনি এটা দিলে

অইন এটা ৰুমৰপৰা ষ্টেপল মাৰি আনি আকৌ কাউন্টাৰ পালো । এইবাৰ চিধা কাগজখিনি ভৰাই কলো............ লওক
মানুহজনীয়ে কাগজখিনি লৈ একো নোচোৱাকৈ এঠাইত থৈ দিলে ।
- বাইদেউ ৰিচিপ্ত নিদিয়ে নেকি .......... মই সুধিলো
- ৰিচিপ্ত নাই
- নাই মানে, এপ্লিকেচন জমা দিছো , ৰিচিপ্ত নিদিলে কেনেকৈ হব, ৰিচিপ্ত নাই যদি পিয়ন বুকত এন্টি কৰি ডাক নম্বৰ দিয়ক
- আজি নহব, কম্পিউটাৰৰ মানুহজন ছুটীত আছে ......... খালী হৈ থকা চকী এখন দেখুৱাই মানুহজনীয়ে হুটা মাতেৰে কলে
- কেতিয়া হব
- আজি নহব মুঠতে
- ঠিক আছে , কাইলৈ আহিম, এপ্লিকেচনখন দিয়ক মোক ............ এইবুলি কৈ এপ্লিকেচনখন লৈ কাউন্টাৰৰ মুখৰপৰা গুচি আহিলো ।

মানুহগৰাকীৰ অভদ্ৰ ব্যৱহাৰে যথেষ্ঠ দুখিত কৰিছিল । এইবাৰ চাৰ্কোল অফিচাৰৰ ৰুমৰফালে খোজ ললো । কম্প্লেইন এটা দি যাও । ইয়াত একো নহলে ডিচিৰ ওচৰত কম্প্লেইন দিম ।

চাৰ্কোল অফিচাৰ দুয়োজনৰ ৰুমত সোমালো । কাঠকটীয়া আৰু নাথ উপাধিৰ দুয়োজন এচি.এছ বিষয়াক সেই সময়ত ৰুমত নাপালো । খবৰ লৈ গম পালো যে তেওলোক ওলাই গৈছে, কেতিয়া আহিব সঠিকলৈ কোনেও কব নোৱাৰিলে ।

বি.দ্ৰ.
হয়তো কেইশমান টকা উপঢৌকন দি বা চাৰ্কেল অফিছৰ মানুহ লগাই মোৰ কামটো মই আৰামত কৰাই আনিব পাৰিলোহেতেন । মাত্ৰ পাচশমান টকা খৰচ হলহেতেন । কিন্ত মই নকৰিলো ।
গাড়ীৰ তেল পুৰিবলৈ, সময় খৰচ কৰিবলৈ, অসভ্য কিছুমানৰ সাধাৰন মানুহক কৰা মানসিক আতিশয্য দেখিবলৈ মই ৰাজী আছো কিন্ত ঘোচ দিবলৈ নহয় ।

সংযোজন-
চক্ৰ বিষয়াৰ কাৰ্যালয়ত মোৰ তিক্ত অভিজ্ঞতাৰ কথা ফেচবুকৰ যোগেদি জানিব পাৰি চক্ৰ বিষয়া প্ৰশান্ত কাঠকটীয়া ডাঙৰীয়াই ৭ অক্টোবৰ তাৰিখে দুখ প্ৰকাশ তথা ভৱিষ্যতে এনে নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মোলৈ মেচেজ দিয়ে ।

এপ্লিকেচন দিয়াৰ পাছত ৮ অক্টোবৰ তাৰিখে ৰিচিপচন কা
উন্টাৰত ৰিচিপ্ত নম্বৰ লাভ কৰো ।
১৪ তাৰিখে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ঘোচ দিবলগীয়া নোহোৱাকৈ মই বিচৰা চাৰ্টিফিকেটখন লাভ কৰো ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...