(১)
- নিশান্ত দত্তই কিন্ত তামাম আপদেট দিয়ে দিয়ে দেই... ভাস্বতীয়ে কলে
- মানে.... মৃগাক্ষীয়ে একো আও ভাও নাপাই সুধিলে
- মানে ফেচবুকত, কাহিনী এবাৰ পঢ়িলে শেষ নকৰাকৈ এৰিব নোৱাৰি
- কোনোবা ৰাইটাৰ নেকি
- ৰাইটাৰ নহয়, কিন্ত মই তো ফেন হৈ গৈছো
- আচ্চা, কোন আইটেম এইটো, ময়ো চাওচোন
ভাস্বতীয়ে মৃগাক্ষীক নিশান্ত দত্তৰ প্ৰফাইল দেখুৱালে, মানুহজনে ডিগবৈত
চাকৰি কৰে, অইলৰ ইঞ্জিনিয়াৰ, ৱালত এগালমান আপদেট, বোধহয় অফিচত কাম বন একো
নকৰে
-এইটো পঢ়ি চাচোন, তোৰেই ষ্টৰী যেন লাগিব...ভাস্বতীয়ে কলে
....নিমিশা যেতিয়া সেই ৰাষ্টাটোৰে ৰাতিপুৱা ক্লাছলৈ আহিছিল এটা লৰা লৱদাৰ
পাণদোকাণত চিগাৰেট জ্বলাই তাইৰ অহা বাটটোৰ পিনে চাই আছিল, নিমিশা ওচৰ পোৱাৰ
লগে লগে সি ......... এইদৰে নিশান্ত দত্তই কাহিনীটো আৰম্ভ কৰিছে.....
প্ৰথম লাইনটো পঢ়াৰ লগে লগে মৃগাক্ষীৰ বুকুখন চিৰিংকে মাৰিলে, নিশান্ত দত্ত
ৰঞ্জন নহয়তো, বা ৰঞ্জন নিশান্ত দত্তৰ চিনাকি নহয়তো.......
লগে লগে
মৃগাক্ষীয়ে নিশান্ত দত্তৰ প্ৰফাইল পিকচাৰখন আৰু আন ফটোবোৰ ভালকে চালে, নহয়,
ৰঞ্জন নহয়..... মৃগাক্ষীয়ে কাহিনীটো পঢ়িবলৈ আৰম্ভ কৰিলে...... কাহিনীটোত
লৰাজনৰ নাম প্ৰদীপ, কলেজৰ কাহিনী, কিছুমান ঘটনাৰ বৰ্ণনা, তাৰ পাছত এদিন
নিমিশাই পাণদোকাণখনত প্ৰদীপক নেদেখে, সিদিনাখন তাই পাণদোকাণখনৰ সমুখত ৰয়,
ঘড়ীটো চায়, তাই আজি সোনকালে অহা নাই তো, ওচৰৰ মানুহ এজনক এক্সেক্ট টাইম
কিমান হয় সোধে...... ইফালে সিফালে চায়... কিন্ত প্ৰদীপ... ইয়াতেই নিশান্ত
দত্তই কাহিনীটোৰ প্ৰথম অংশ শেষ কৰিলে... তলত লিখিলে... টু বি কন্টিনিউড
- প্ৰদীপ কলৈ গল..... মৃগাক্ষীয়ে সুধিলে
- এইটোৱেইতো নিশান্ত দত্তৰ স্পেচিয়েলিটি, ইয়াৰো এন্ডিং আনএক্সপেকটেড হৱ... ভাস্বতীয়ে কলে
- মানে
- মানে ইন ৰিয়েলিটিত নিমিশা আৰু প্ৰদীপ আছে, নিশান্ত দত্তই সিহতক অৱজাৰভ কৰি আছে, যেতিয়া টাইম আহিব, কাহিনীটো আপদেট হৈ যাব
- মানে বেচড অন ট্ৰু ইভেন্টচ
- নিশান্ত দত্তই ইন্সপায়াৰ্ড বাই ৰিয়েলিটি বুলি কয়
মৃগাক্ষীৰ নিশান্ত দত্ত মানুহজন ইন্টাৰেষ্টিং যেন লাগিল, এফালৰপৰা
মৃগাক্ষীয়ে নিশান্ত দত্তৰ আপদেটবোৰ চাই যাবলৈ ধৰিলে, বহুত আপদেট, কেইটামান
আপদেটত মৃগাক্ষী ইমচনেল হৈ গল, কেইটামান পঢ়ি প্ৰাণখুলি হাহিলে, কেইটামান
আপদেটত চচাইটি ৰিলেটেড চিৰিয়াচ কথা আছে,
- নিশান্ত দত্তই লিখা চব কথাই ৰিয়েল নেকি...মৃগাক্ষীয়ে সুধিলে
- নাজানো, চব নহয় ছাগে, কিন্ত তামাম ভাল লাগে .... ভাস্বতীয়ে উত্তৰ দিলে
- নিশান্ত দত্তক সুধিছিলি নেকি
- কেনেকে সুধিম
- আৰে বুদ্ধু, ফেচবুকৰ মেচেজত
- নাই
- ধুৰ
- নিশান্ত দত্ত অনলাইন কেতিয়া থাকে
- সকলো সময়তে
নিশান্ত দত্ত তেতিয়াও অনলাইন হৈ আছিল ।
ভাস্বতীৰ প্ৰফাইলৰপৰা মৃগাক্ষীয়ে মেচেজ দিলে
- হাই
- হেলো.... নিশান্ত দত্তই ৰিপ্লাই দিলে
- বিজি
- নো
- য়ৰ ষ্টৰিজ আৰ ফেন্টাবুলাছ
- থেংকচ
- ইমান ষ্টক কত পায়
- চাৰাউনডিংচ
- আৰ ডে ৰিয়েল
- ইন্সপায়াৰড বাই ৰিয়েলিটি
- ভাত খালে
- ইটছ ১ অ ক্লক মৰনিং
মৃগাক্ষীয়ে লাজ পালে, ধেই, কি যে
(২)
বৰ্তমান মৃগাক্ষী ডিব্ৰুগড় ইউনিভাৰচিটিৰ লাইফ চাইন্সৰ ৰিচাৰ্চ স্কলাৰ
,মৃগাক্ষী আচলতে অনুশ্ৰীৰ বিয়ালৈ আহিছে, পৰহিলৈ বিয়া, গুৱাহাটীত আহি মামাকৰ
ঘৰত আছেহি, ভাস্বতী তাইৰ মামাকৰ ছোৱালী ।
শিৱম মেৰেজ হল, মৃগাক্ষী লগৰকেইজনীমানৰ সৈতে বহি আছে, মানুহবোৰ আহিছে, কইনাক গিফট দিছে, ডাইনিং হললৈ গৈ খাইছে, অলপ আদ্দা মাৰিছে...
- এক্সকিউজ মি, এখন ফটো তুলি দিব নেকি
মৃগাক্ষীয়ে মুৰ তুলি চালে, মানুহজনক দেখা দেখা লাগিছে দেখোন, নিশান্ত
দত্তৰ প্ৰফাইল পিকচাৰখনৰ সৈতে মানুহজনৰ অলপ মিল আছে..... মানুহজনে দিয়া
কেমেৰাটোৰে মৃগাক্ষীয়ে কেইবাটাও ক্লিক কৰিলে
-নিশান্ত দত্তই নতুন আপদেট দিছে, কিছু আপদেট দিয়ে দেই ...... ভাস্বতীয়ে কলে
-চাও কি দিছে
মৃগাক্ষীয়ে পঢ়ি গল
নিশান্ত দত্তই টাইটেল দিছে... ৱেডিং ৰিচিপচন
ভনীয়েক নথকা বান্ধৱীৰ বিয়াবোৰতকৈ লগৰ লৰাৰ ভন্টিৰ বিয়ালৈ নিমন্ত্ৰণ পালে
মনটো কিবা ৰাইজাই কৰি যায়, আমাৰ বাবে বিয়াৰ মেইন এট্ৰেকচন কইনাজনী নহয়,
কইনাৰ সোৱে-বাৱে বহি থকা কইনাৰ ফ্ৰেইন্ড আৰু হলৰ চিনাৰিক বিউটিত চাৰ চান্দ
লগাই থকা দীপলীপাসকলহে........ নিশান্ত দত্তই অনুশ্ৰীৰ ৱেডিং হলটোৰ বৰ্ণনা
দিছে, ভায়োলেট ড্ৰেচৰ অপৰুপা ছোৱালী এজনীয়ে ফটো তুলি দিয়াৰ কথা লিখিছে
যিজনী নিশান্ত দত্তৰ লগে লগে ডাইনিং হললৈ সোমাই গৈছে, মাত্ৰ এটা আইচক্ৰীম
খাইছে, আইচক্ৰীমৰ ফ্লেভাৰটোও নিশান্ত দত্তই সঠিককৈ লিখিছে, ভেনিলা, তাৰ
পাছত নিশান্ত দত্তই ছোৱালীজনীৰ প্ৰতি উইক হৈ পৰিছে কিন্ত ছোৱালীজনীক
বয়ফ্ৰেন্ডৰ লগত দেখি ছোৱালীজনীৰ লগত ইন্ট্ৰডিউচ নোহোৱাকৈ গুচি আহিছে...
নিশান্ত দত্তই সকলো কথা হুবহু লিখিছে, মৃগাক্ষীৰ শাড়ীৰ ৰঙৰপৰা চকুৰ কাজল,
বিন্দি আৰু হেয়াৰ ষ্টাইললৈকে, কিন্ত এটা কথা নিশান্ত দত্তই ভুলকৈ লিখিছে,
ডাইনিং হলৰপৰা ওলাই মৃগাক্ষীয়ে যিজন লৰাৰ লগত কথা পাতিছিল সেইজন মৃগাক্ষীৰ
পেহাকৰ লৰা, কোনো বয়ফ্ৰেন্ড নহয় ।
তাৰ মানে নিশান্ত দত্তই মৃগাক্ষীক
অৱজাৰভ কৰিছিল , প্ৰথম দ়ৃষ্টিতে নিশান্ত দত্ত মৃগাক্ষীৰ প্ৰেমত পৰিছে
নেকি.......
মৃগাক্ষীয়ে ফ্ৰেন্ড ৰিকুৱেষ্ট এটা নিশান্ত দত্তলৈ পঠিয়াই দিলে
আই.এচ.বি.টি... ডে চুপাৰৰ চিংগল চিট, মৃগাক্ষীৰ চিটৰ নম্বৰ ৭, বাছ এৰিবলৈ
কেইমিনিটমান আছে, মৃগাক্ষীয়ে চিটটো অলপ চিধা কৰি হেডফোনডাল কাণত লগাই
ললে... জাজীত ভাত খাবলৈ বাছ ৰখিল, মৃগাক্ষী নামি গল, ভাত পানী খাই মৃগাক্ষী
বাছত উঠিল, খিড়ীকিয়েদি দেখা পালে.... হাৰে নিশান্ত দত্ত, নিশান্ত দত্তই
ফোনত কথা পাতি আছে, নিশান্ত দত্ত মৃগাক্ষীৰ বাছখনৰ ফালে আহিল, মৃগাক্ষীৰ
বুকু ধপধপাবলৈ ধৰিলে, নিশান্ত দত্ত বাছত উঠিল, ফোনত কথা পাতিয়েই নিশান্ত
দত্ত ১০ নম্বৰ চিটত বহি পৰিল, নিশান্ত দত্তই নিশ্চয় মাত দিব , মৃগাক্ষীয়ে
ভাবিলে, নাই কোনো ইন্ডিকেচনেই নাই, মৃগাক্ষীয়ে পাছলৈ ঘুৰি চালে, নিশান্ত
দত্ত চিটত আউজি ঘোৰ টোপনিত ।
বাছ ডিব্ৰুগড় পালেহি, মৃগাক্ষী বাছপৰা
নামিল , নিশান্ত দত্ত তেতিয়াও টোপনিত, বাছষ্টেন্ডত মৃগাক্ষীৰ মাক ৰৈ আছিল,
মৃগাক্ষী অটোত উঠিল, বাছৰ পিনে চালে, কিজানি নিশান্ত দত্তই তাইৰফালে চাইচেই
কিজানি, নাই , নিশান্ত দত্তই তাইৰপিনে চাই থকা নাই ।
সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্তই ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে ।
নিশান্ত দত্তই আপদেট এটা দিছে, শিৰোনামা.... ডে চুপাৰ
যাৰ কথা মই যোৱা দুদিনে ভাৱি আছিলো, সেই ভায়েলেট ড্ৰীমকুইনগৰাকী কলা ৰঙৰ
বেগ এটা পিঠিত ওলোমাই বাছখনত উঠিল আৰু মোৰ সমুখৰ চিটটো অকুপাই কৰিলে.....
নিশান্ত দত্তই বাছৰ সময়খিনিৰ সুন্দৰ বৰ্ণনা কৰিছে, খিড়ীকিয়েদি সোমাই অহা
ফিৰফিৰিয়া বতাহ, বতাহত ঢৌ খেলা চুলি, আনকি অটোখনৰ নম্বৰটিও নিশান্ত দত্তই
সঠিককৈ লিখিছে ।
পাছদিনা মৃগাক্ষী ইউনিভাৰচিটিলৈ গল, লগৰ কেইজনীৰ
লগত নিশান্ত দত্তৰ বিষয়ে কৈ চুপতি কৰিলে, গোটেইকেইজনীয়ে নিশান্ত দত্তৰ
প্ৰফাইল তন্ন তন্নকৈ চালে, লগৰ নীহাৰীকাই কলে.... তোৰ ওপৰত তো ফিদা হৈয়েই
আছে, মানুহটো কুল আৰু চাৰমিং যেন লাগিছে, তাতে অইলৰ ইঞ্জিনিয়াৰ, পতাই ল আৰু ।
(৩)
সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্ত অনলাইন নাই, ৰাতি ন বজাত নিশান্ত দত্ত অনলাইন হল
- হাই....মৃগাক্ষীয়ে মেচেজ দিলে
- হেলো
মৃগাক্ষীয়ে বহুত সময় ৰল, নিশান্ত দত্তৰপৰা একো মেচেজ নাই, কি হল, নিশান্ত
দত্তই গম পোৱা নাই নেকি যে তাইয়েই নিশান্ত দত্তৰ তাই, বোধহয় নিশান্ত দত্তই
তাইৰ প্ৰফাইল চেক কৰা নাই, মৃগাক্ষীয়ে তাইৰ ধুনীয়া হাহি থকা ফটো এখন প্ৰফাল
পিকচাৰ লগালে, লগে লগে এগালমান লাইক পৰিল, ইফালে তাইৰ বহুত ভাৰচুৱেল
প্ৰেমিকৰ হাই-হেলো মেচেজৰ পপ আপ উইন্ডো স্ক্ৰীণৰ তলপিনে ওলাব ধৰিলেই...
নিশান্ত দত্তই তাইৰ ফটোত কিন্ত এতিয়ালৈ লাইক কৰা নাই ।
মৃগাক্ষীয়ে আকৌ মেচেজ দিলে... কি খবৰ
- ভাল
মৃগাক্ষী আৰু অলপ সময় ৰল, নিশান্ত দত্তই তাইৰ ফটোখনত লাইক কৰিলে,
মৃগাক্ষীয়ে মনে মনে হাহিলে, এসময়ৰ কলেজৰ বিউটি কনটেষ্টৰ উইনাৰ,
ইউনিভাৰচিটিৰ শ্ৰেষ্ঠ সৌন্দৰ্য খিতাপ পোৱা মৃগাক্ষীক কোনোবাই লাইক নকৰি
থাকিব পাৰেনে , কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই, মৃগাক্ষী অধৈৰ্য হৈ
পৰিল ।
- কি কৰি আছে...... মৃগাক্ষীয়ে মেচেজ দিলে
- তোমাৰ ফটোখন চাই আছো
- চিনি পাইচানে
- পাইছো
- বাই দা ৱে আপোনাৰ ৰাইট আপবোৰ ভাল লাগে
- থেংকচ
- স্পেচিয়েলি লাষ্ট দুটা আপদেট
- হু
- এটা কথা, ৱেডিঙত মোৰ লগত কথা পতা লৰাটো মোৰ কাজিন হয়, প্লীজ ডন্ট মিচআন্ডাৰষ্টেন্ড
- অকে
মৃগাক্ষীৰ হিচাপমতে এতিয়া নিশান্ত দত্তই তাইৰ লগত আৰু অলপ মেচেজা-মেচেজি
কৰিব, ফোন নং খুজিব, কৰবাত লগ ধৰাৰ কথা কব, আজিলৈকে বহুতেই তাইৰ লগত
এনেকুৱাই কৰিছে আৰু তাই সেইসকলক নিজৰ ইচ্চামতে আঙুলিৰ মুৰত নচুৱাইছে,
নিশান্ত দত্তও তাইৰ ওপৰত ফিদা হৈ আছে, তায়ো হিন্ট এটা দি দিছে,.....
নিশান্ত দত্তক গ্ৰীণহাব বা মাইহং ৰেষ্টুৰেন্টলৈ মাতিব, দুয়োখন নতুনকৈ
খুলিছে, তাৰ পাছত নিৰুজ বুটিকত অলপ শ্বপিং কৰিব, মৃগাক্ষীয়ে প্লেন এটা বনাই
ললে ।
কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই..... মৃগাক্ষীয়েই আৰু এটা মেচেজ দিলে
- ভাত খালেনে
- খালো
- এতিয়া
- ফেচবুক
- অকে
- এতিয়া কত আছে
- ৰুম
- হুৱেৰ
- ডিগবৈ
মৃগাক্ষীৰ খং উঠি গল, একদম বেৰসিক মানুহ, চাল্লা ধুনীয়া ছোৱালীৰ লগত কেনেকৈ কথা পাতি পতাব লাগে নাজানে, ধুৰ, ইডিয়ট কৰবাৰ
- মোক চিনি পাইছে তো
- মানে
- মইয়েই ৱেডিঙৰ ভায়লেট ড্ৰেচ, ডে চুপাৰৰ বতাহত উৰি থকা চুলি
- আচ্চা, হয় নেকি
মৃগাক্ষীৰ টেমা গৰম হৈ গল, ননচেন্স, ইডিয়ট, ৰাচকেল ।
নিশান্ত দত্তই পিকচাৰ এখন আপলোড কৰিলে, কেইবাবছৰ পুৰনি ফটো.....
মৃগাক্ষীয়ে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে..... এয়াতো ৰঞ্জন, ৰঞ্জনৰ
ফটো, খীন-মীন লৰা এটা, জপৰা চুলি, চকুত হাই পাৱাৰৰ ডাঠ চশমা, মাই গড,
নিশান্ত দত্তই ৰঞ্জনৰ ফটোখন কত পালে
- এক্সুৱেলি মোৰ প্ৰকৃত নাম ৰঞ্জন বৰুৱা, ফেচবুকত নিশান্ত দত্ত নাম দি আপডেট দিও..... নিশান্ত দত্তই মেচেজ দিলে
- কিন্ত তোমাৰ চশমা
- লাচিক কৰালো, এতিয়া চশমাৰ দৰকাৰ নাই, আগতকৈ শকত হলো, এপিয়াৰেন্স চেঞ্জ হল, তুমি সেইকাৰনে ধৰিব নোৱাৰিলা ছাগে
মৃগাক্ষী বজ্ৰপাত পৰা মানুহৰ দৰে হৈ পৰিল, লৱদাৰ পাণ দোকানত তাইৰ অহা
বাটটোলৈ চাই থকা ৰঞ্জনকো এসময়ত তাই নচুৱাইছিল আৰু পাছত ডাম্প কৰি দিছিল ।