Saturday, July 2, 2016

বৰা হোটেলত মহতৰ সন্ধান

এট লাষ্ট শ্যামলদাই পাৰ্টি দিলে । বৰা হোটেল , গেলেকী । পাচজন মানুহ । চন্দনদা, দীৰুদা , শ্যামলদা, খঞ্জন আৰু মই । লাহে লাহে আদ্দা জমি উঠিল । এটা সময়ত আদ্দাৰ টপিক গৈ গৈ আই.এ.এছ আৰু এচিএছ পালেগৈ ।
- চাল্লা পঢ়ি থাকোতে গমেই নাপালো নহয়, এম.এছ.চিৰ পাছত চিধা পি.এইচ.ডি জইন কৰি দিছিলো, তাৰ পাছত সেইবোৰ মুৰতেই নেখেলাল ....... চন্দনদাই দুখেৰে কলে
- ময়ো কেম্পাছত চাকৰি পাই গলো, অ.এন.জি.চি চাকৰি , তাৰপাছত আৰু কত পঢা-শুণা কৰি কষ্ট কৰাৰ ইচ্চা যায়............ খঞ্জনে কলে
- মই তো এতিয়াহে গম পাইছো যে আমিও দিব পাৰিলোহেতেন...... দীৰুদাই কলে
- ই কিন্ত দিব পাৰিলেহেতেন, বেকাৰ ইয়াত মৰি পৰি আছে........... শ্যামলদাই মোৰ ফালে আঙুলি টোৱাই কলে
- অ ই ইয়াত থাকি বৰবাদ কৰিলে ....... চন্দনদাই কলে
মই অলপসময় মনে মনে ৰলো ।
- ভাৰতত চৰকাৰী খন্ডত সকলোতকৈ বেছি দৰমহা আৰু সা-সুবিধা পোৱা চাকৰি কোনকেইটা জানেনে ......... মই সুধিলো
- IAS-IPS বিষয়া, মহাৰত্ন-নৱৰত্ন PSUৰ ইঞ্জিনিয়াৰ আৰু অফিচাৰকেইটা, কলেজ-ইউনিভাৰচিটীৰ প্ৰফেছৰ .......... শ্যামলদাই কলে
- হয়, এন্ত্ৰি লেভেলত কলেজ টিচাৰ ,IAS এজনৰ basic+ grade pay মিলি 22000-23000, পাৰ্কচ, ডি.এ. হাউচ ৰেন্ট মিলি আৰু টেক্স-চিপি.এফ কাটি কুটি IAS এজনৰ হাতলৈ আহে প্ৰায় ৪৫ ৰ ওচৰা ওচৰি , কলেজৰ প্ৰফেছাৰ এজনৰ হাতলৈ আহে ৪০ ৰ ওচৰা ওচৰি আৰু PSUৰ অফিচাৰ এজনৰ হাতলৈ আহে ৬০ ৰ ওচৰা ওচৰি, চো কাৰনটো অবভিয়াছ..... মই কলো
- এচি.এছ এজনে কিমান পায় হে.......... দীৰুদাই সুধিলে
- কলেজৰ প্ৰফেছাৰতকৈ কম...... মই কলো
- কিন্ত সেইবোৰত পাৱাৰ পালাহেতেন, সদায় মানুহে ছাৰ বুলি চালাম ঠুকিলেহেতেন , বিডিঅ কেইটাকে চোৱা , কি আদৱ কায়দাত থাকে ......... চন্দনদাই কলে
- নকব দেই চন্দনদা, মাটিৰ অফিছৰ নিচিনা আফিছ নাই, মন্ডলেই ৰজা , পইচা নহলে মানুহে কথাই নাপাতে ..... দীৰুদাই কলে
- কিয়, ডি.পি.আই, পেঞ্চন অফিছ, চেক্ৰেটেৰিয়েট, এচিএছ কেইটাকে চোৱা.......
- পুলিচৰ কথা নকলেই যে , জলসিঞ্চনৰ ইঞ্জিনিয়াৰকেইটা , নিবনুৱা ছাত্ৰনেতা, এম.এল.এ, মন্ত্ৰী .......
- আৰু ফৰেষ্ট, মহত তালুকদাৰ
- গোটেই অসমত কিমান মহত আছে বাৰু
- চিষ্টেমটোত মুষ্টিময় কেইজনমান বাদ দি গোটেইবোৰটো মহত , চাল্লা মই ভাৰতত সকলোতকৈ বেছি দৰমহা দিয়া কোম্পানীটোত কাম কৰাৰ পাছবছৰ পাছতো ঘৰ কিনিবলৈ লোণ, গাড়ী কিনিবলৈ লোণ লৱ লগা হৈছে, ই.এম.আই মাৰোতে দৰমহাৰ আধা পইচা যায় , মাহত কেতিয়াবা চলিবলৈয়ে টান হয় , আৰু কিচুমানে চাল্লা চাকৰি দুই বছৰে হোৱা নাই, গুৱাহাটীত ফ্লেটৰ ওপৰত ফ্লেট, গাড়ীৰ ওপৰত গাড়ী........ দীৰুদাই খঙেৰে কলে
- সচাকে দেই গলিয়ে গলিয়ে কিমান মহতৰ অট্টালিকা বুকু ফিন্দাই থিয় দি আছে............ খঞ্জনে যোগ দিলে
বৰা হোটেলৰ সমুখেৰে পি.ডব্লিউ.ডিৰ গাড়ী এখন পাৰ হৈ গল । গাড়ীখনত পি.ডব্লিউ.ডিৰ বিষয়া এজন আছিল । ডিব্ৰুগড়ত থকা বিষয়াজন আৰু তেওৰ পত্নীৰ সম্পত্তিৰ তালিকাখন শ্যামলদাই গাই দিলে । গেলেকী-বৰছিলাৰ গাতৰ মাজে মাজে থকা ৰাষ্টা বোলা বস্তটোৱে মানুহজনে ষ্টেন্ডাৰ্ড অৱ লিভিং কেনেকৈ মেইনটেইন কৰিছে বুজাই দিছে ।
- চৰকাৰে কলা ধন বিচাৰি চুইজাৰলেন্ড যাবই নালাগে, চৰকাৰী বিভাগকেইটাত থকা মহতবোৰক ধৰিলেই ইকনমি আহি যাব............ শ্যামলদাই কলে
- কিন্ত তেতিয়া ডিপাৰ্টমেন্টবোৰ চোন একেবাৰে খালী হৈ যাব..... খঞ্জনে কলে
- আৰে বাবা, এইবোৰ থিয়ৰিটিকেলী ভাল লাগে, এটা মহত ধৰা পৰিল, তাৰ লাক বেয়া আছিল, ওপৰৰ মহতৰ লগত তাৰ অংক নিমিলিল, ফচি গল, মহতে মহতক ধৰা কেতিয়াবা পচিবল হব জানো............... চন্দনদাই কলে
বৰা হোটেলৰ স্পেচিয়েল ডাক ফ্ৰাইৰ সৈতে ভাত আহিল । শ্যামলদাক খেংকচ এটা দি আমি মহতৰ সংখ্যা গন্তি কৰাৰ সলনি ভাত খোৱাত লাগিলো ।

ৰনদীপ - ৰিটাৰ্ণছ টু ডিএছএ

বিয়াৰ পাছত একৈছদিন হনিমুনৰ ছুটী লৈ মস্তি মাৰি ৰনদীপ ডিএছএ লৈ উভতি আহিল।
ডাইনিং হলত আমি বহি আছো।
- বিয়াৰ পাছত সিংহ বোলে নিগনি হৈ যায়, কিন্ত জলহস্তী হোৱা দেখিছে নেকি....... প্ৰজাপতিয়ে কলে
- জলহস্তী, কত.......... খঞ্জনে সুধিলে
- সৌটো চা, ৰনদীপ এ.কে.এ হিপো-দীপ

ৰনদীপ ডাইনিং হলত সোমাই আমাৰ টেবুলত বহিল। বিয়াৰ আগত হাৰবেল-লাইফ খাই অলপ খীণাইছিল, কিন্ত এতিয়া আকৌ সি আগতকৈও বেছি লোদোৰ-পোদোৰ হৈ পৰিছে।
- কি ৰনদীপদা একদম ফুলি গৈছে দেখোন........ খঞ্জনে সুধিলে
- মৰম বুইছ মৰম, বৌৱেৰে ঘৰৰ বাহিৰেই ওলাব নিদিয়ে, টিভি চোৱা, গেম খেলা আৰু দকচি খোৱা, কিং টাইপৰ লাইফ, একদম কিং......... ৰনদীপ কলে
- তোমাৰেই দিন আৰু, আমাৰ আকৌ ১৪ দিন ডিউটিতেই ভাল লাগে, ঘৰত বৌৱেৰাই যি ৰুদ্ৰমুৰ্তি ধৰে, জীউ উৰি যায়.......... শ্যামলদাই দুখেৰে কলে
ৰনদীপে বুকু ফুলাই হাহি এটা মাৰি দিলে। এনেতে ৰণদীপৰ ফোনটো বাজিল। ৰনদীপে ৰিচিভ কৰি কলে
- অ ডাৰ্লিং কোৱা
ৰণদীপৰ ফোনত ভলিউমটো বেছি হৈ আছিল।
- ইমান সোনকালে গলা যে........... ফোনটোৰ সিফালৰপৰা মিঠা অথচ কৰ্কশ সুৰ এটা শুনিবলৈ পোৱা গল
- নাই মানে
- ৱাচিং মেচিনটো বেয়া হৈ আছে বুলি পাহৰিলা নেকি, কাপোৰবোৰ তোমাক ধুবলৈ কৈ গৈছিলো, কিয় নুধুলা......... সিফালৰ মিঠা মাতটো আৰু কৰ্কশ হৈ পৰিল
- মানে ডাৰ্লিং
- আৰু যোৱাৰ আগতে ঘৰটো চফা কৰিব কৈছিলো, সেয়াও নকৰিলা
- মানে অলপ দৌৰাদৌৰি হল
- আৰু বজাৰৰপৰা কালি যে ভেণ্ডি আৰু বেঙেনা আনিব কৈছিলো
- আনিছো ডাৰ্লিং, ফ্ৰীজটোত
- ধুৰ গোটেইবোৰ বেয়া, বুঢ়া ভেণ্ডি লৈ আহিছা, তুমি মানে একেবাৰে ইউজলেছ দেই, আৰু শুনা, মই মাৰ ঘৰলৈ যাও, তাৰপৰা এই ১৪ দিন অফিছ কৰিম, তুমি আহি এইবোৰ চব ঠিক-ঠাক কৰিবা, তাৰপাছত মোক আনিব যাবা
ফোনটো কাট খাই গল। ভয়াৰ্ত চাৱনিৰে ৰণদীপে আমাৰফালে চালে।
- লাজ কৰিব নালাগে ৰনদীপ, আমাৰো একেইহে, হু এইডাল ৰাখ, নেক্সট টাইম ৱাইফৰ লগত কথা পাতিলে হেডফোনত পাতিবি, কম চে কম ইজ্জতটো ইয়াত বাচি থাকিব......... এইবুলি দীৰুদাই হেডফোন এদাল ৰণদীপৰ ফালে আগবঢ়াই দিলে
- তোমাক কি চিমপেথি দিম ৰণু বাবা, হোৱেৰপুলৰ অটমেটিক ৱাচিং মেচিন উইথ এৰিয়েল ডিটাৰজেন্ট, কষ্ট বহুত কমি যায়......... চন্দনদাই মোলায়ম হাহি এটা মাৰি কলে
- ময়ো এৰিয়েলেই ইউজ কৰো..... শ্যামলদাই কলে
খঞ্জনে এতিয়ালৈ বিয়া পতা নাই। কিন্ত গাৰ্লফ্ৰেণ্ড এজনী আছে। বেচেলৰ লাইফ খটম হবলৈ তাৰো বেছিদিন নাই। খঞ্জনে চিকেন ভাল বনায়। ঘৰত মাজে মাজে ভাত-দাইল-ভাজিতো হাত চফা কৰি লৈছে। সি চাফ-চফাইও কৰি ভাল পায়। কুমলীয়া আৰু বুঢ়া ভেণ্ডিও খঞ্জনে চিনি পায়। তথাপিও তাক যথেষ্ট চিন্তিত তথা ত্ৰাসিত দেখা গল।
- ভাল অটমেটিক ৱাচিং মেচিন এটা এতিয়াই লৈ থোৱা ভাল হব, ফাংচনবোৰ শিকোতে অলপ টাইম লাগিব পাৰে না......... খঞ্জনে মনে মনে ভাৱিলে

দীৰুদাৰ মিছন

(১)

- কি হে বাপু, ৰাতিপুৱাই মিচনত ওলালাইযে , আজি মিচন কত ...............পাছফালৰপৰা বৰদলৈৰ মাতটো শুনি দীৰুদাৰ টেমা গৰম হৈ গল ।
দীৰুদাই ঘুৰি চালে । বৰদলৈয়ে নিজৰ আগচোতালৰ জাবৰবোৰ কোৰেৰে চিকুনাই এটা ঠাট্টাৰ হাহি মাৰি আছে ।
- খুড়া চানমাৰিৰ ফালৰপৰা আহো ৰব.........উঠি থকা খংটো লুকুৱাই দীৰুদাই কৃটিম হাহি এটা মাৰি কলে

চব ঠিকে চলি আছিল । চিংগল-মিংগল লাইফ , টেনচনফ্ৰী কুল লাইফ । কিন্ত তিনিমাহ আগত ডি.এছ. গেলেকীৰ ২৫ নম্বৰ বাংক হাউচত শ্যামলদাই যিপাত ডাউন দিলে, তাৰ পাছৰপৰাই দীৰুদা চিৰিয়াছ হৈ পৰিল ।
দীৰুদাই প্ৰথমত কামটো সহজ বুলি ভাৱিছিল । দুনীয়াত সোৱে-বাৱে-আগে-পাছে-ফেচবুক-ৱাটছএপে ইমানগাল ছোৱালী । কোনোবা নহয় কোনোবা মিলি যাবই ।
দীৰুদাৰ বৰমাকৰ ঘৰত ছোৱালী পিজি এটা আছে । প্ৰথম টাৰ্গেট দীৰুদাই তাতে লৈছিল । ২৪ জনী ছোৱালী থাকে পিজিটোত । কিন্ত নাই, চব অলৰেডি এংগেজড । কেইজনীমানটো ২-৫ জনৰ লগত এংগেজড ।
দীৰুদাই মেচেজটো আশে পাশে এৰি দিলে । খবৰ আহিল । এজনী বেংলুৰত আই-টি চাকৰি কৰি আছিল , চাকৰি নেৰে বোলে । নিমিলিল । এজনী ডাক্টৰী পঢ়ি আছিল । সেইজনীক চন্দনদাই ব্ৰেইনৱাছ কৰি কেঞ্চেল কৰাই দিলে । দীৰুদাৰ ট্ৰেন্সফাৰেবল জব । গতিকে ডাক্টৰ-ইঞ্জিনিয়াৰ দীৰুদাই বাদ দিলে । এজনী বিউটি পাৰ্লাৰত কাম কৰা বিউটিফুল আছিল । প্ৰসাধনৰ কালাৰ আৰু পাৰফিউমৰ গোন্ধ দেখিয়েই দীৰুদাই ফৰিংচিটিকা দিলে । দীৰুদাই ভাৱি পাৰ নাপালে যে মানুহে কৈ থকা ভাল টাইপৰ ছোৱালীবোৰ কত লুকাই খাকে ।
দীৰুদাইও বাহ খাইছে । এঘৰত ছোৱালী চাবলৈ গৈ ছোৱালীৰ মহাকৰ লগত আদ্দা জমাই দিলে । পাছত মহাকে ফিডবেক দিলে যে লৰাৰ পাৰচনেলিটি নাই, চুলুঙা ।
চুলুঙা অপবাদৰ পাছত নেক্সট ঘৰত দীৰুদা একেবাৰে চিৰিয়াছ এক্সপ্ৰেচন দি থাকিল । তাত কোৱা হল যে লৰা গোমেঠা, একোৰে চচিয়েল নহয়, গতিকে দীৰুদা ৰিজেক্ট । এঘৰতটো দীৰুদাই ছোৱালী চাবলৈয়ে নাপালে । মাক-বাপেক-ককায়েক-খুৰাক-পেহীয়েকে এনেকৈ ইন্টাৰভিউ ললে যে দীৰুদাৰ অৱস্থা নাজল নাথল । তথাপিও দীৰুদাই টেকল কৰিছিল । পাছত কইনাঘৰৰপৰা কোৱা হল যে , লৰাটো পেটুৱা, আমাৰ ইমান ধুনীয়া ছোৱালীজনীৰ লগত নিমিলিব ।
- বেইজ্তিৰো এটা সীমা থাকে বে , দুনীয়া চব মিছা, ঘৰৰুৰা ওলাবই নোৱাৰো, মানুহে সুধি সুধি টেমা গৰম কৰি দিয়ে .......... দীৰুদাই কেতিয়াবা খঙতে কয়
যিয়েই নহওক দীৰুদাই পুৱা-গধুলি ৱাকিং আৰু ডি.এছ.এ গেলেকীত জিম কৰা আৰম্ভ কৰিলে, কিজানি পেটটো অলপ কমেই ।
কৰবাত ৰাশি নিমিলে, কৰবাত গোত্ৰ । মুঠৰ ওপৰত দীৰুদাই ত্ৰ্ৰাহি মধুসুদন সৱৰি গৈছে ।
এইটো তিনিমাহত ১৭ নম্বৰ মিছন , চানমাৰি , বকুল পথ, জোনালী ডেকা, এম.এ , অসমীয়া , এটা ভায়েক , দেউতাক ৰিটায়াৰ্ড । দীৰুদাই বাইকখনত কিক মাৰি ভগবানৰ নাম ললে......... আজিৰ মিছনটো যেনেতেনে চাকচেছ হলেই হয় আৰু ।

(২)

এই খবৰটো দীৰুদাক মোমায়েকে দিছে । মোমায়েকৰ মতে বৰ ভাল , কোনো প্ৰবলেম নাই । চানমাৰিত দীৰুদাই মোমায়েকক লগ ধৰিলে ।
- চা দীৰু, একেবাৰে জুখিমাখি কথা কবি, বেছি গহীন হৈও নাথাকিবি , বুইছ.......... মোমায়েকে কলে
ভয় আৰু শংকাৰ মাজেৰে দীৰুদা ছোৱালীঘৰত সোমাল । প্ৰথমতেই ছোৱালীৰ দেউতাক আৰু খুড়াকে দীৰুদাৰ ইন্টাৰভিউ এটা লৈ ললে ।
- লৰাই ছোৱালীয়ে আলপ কথা পাতক , হে হে, নে কি কয়........ মোমায়েকে কলে
দীৰুদাক ঘৰটোৰ ছাদখনলৈ লৈ যোৱা হল । দীৰুদাই সেপ ধুকি তাতে চকী এখনত বহি থাকিল । এনেকুৱা পৰিস্থিতিত কি কথা আৰম্ভ কৰিব দীৰুদাই ভাৱিবলৈ ধৰিলে । নাৰ্ভাছ দীৰুদাই চন্দনদাক ফোন লগালে
- ঐ দীৰু, কি হে ইমান দিনৰ মুৰত , কি খবৰ.......... চন্দনদাই কলে
- মানে চন্দনদা, মিছন এটাত আহিছো, কি কম ভাৱি পোৱা নাই, মানে নাৰ্ভাছ হৈ আছো........ দীৰুদাই কলে
- কুল বাবা কুল, সিটো পাৰ্টিয়ে যি কয় চব অকে বুলি কবা, হয়, হব, কৰিম ইত্যাদি , এনেও বিয়াৰ পাছতটো সেইটোৱেই কৰিব লাগিব .... ফোনৰ সিপাৰত জুনকা বজাৰ শুনা গল
- চন্দনদা , জুনুকা কত বাজিছে........ দীৰুদাই সুধিলে
- এস নকবা, বৌয়েৰা বিউটি পাৰ্লাৰলৈ গল নহয় , পুতুকণক নচুৱাই আছো, এতিয়া ৰাখো দেই, মানে কাপোৰকেইটা ধুবলৈ আছে, আৰু এও অহাৰ আগতে ভাতকেইটাও ৰান্ধি থব লাগিব........ এইবুলি কৈ চন্দনদাই ফোনটো কাটি দিলে
দীৰুদা আৰু অলপ নাৰ্ভাছ হৈ গল । এনেতে কোনোবা ছাদত অহাৰ শব্দ শুনা গল ।
- আছা , আপুনিয়েই দীৰু .......... ছোৱালীজনীয়ে সুধিলে
- হয় ময়েই ......... দীৰুদা সসন্মানে থিয় হল
- হব বহক, মই জোনালী, ফটোতকৈ আপোনাক অলপ ভালেই দেখিছো , আচ্ছা, আফটীৰ মেৰেজ কি প্লেন আপোনাৰ
আছলতে দীৰুদাৰ প্লেন চিম্পল আছিল । ৩০ ত বিয়া, ৩১ ত এটা বাচ্ছা, ৩৪ ত ছেকেন্দ , হাম দো হামাৰে দো, হেপী লাইফ । কিন্ত ৩০ পাৰ হৈ ৩৩ হলগৈ, গতিকে দীৰুদাই জুখি মাখি উত্তৰ দিলে ।
- মানে , তোমাৰ মতেই তো চব হব, আফটাৰ অল , আফটাৰ মেৰেজ তুমিয়েই তো অল ইন অল হব লাগিব........... দীৰুদাই হাহি এটা মাৰি কলে
- মদ-চিগাৰেট খাইনে............ জোনালীয়ে সুধিলে
- মানে , কৃষ্ণ কৃষ্ণ, একেবাৰে এইবোৰ মুখতে দি পোৱা নাই , বিদ্যা শপত ...................... এইবুলি দীৰুদাই ভোলা ভালা এক্সপ্ৰেচন এটা দিলে
জোনালীয়ে আৰু কিবা কিবি সুধিলে , দীৰুদাই যিমান পাৰি পজিটিভ আনছাৰ দি গল ।
যথা সময়ত দীৰুদাই ছোৱালীঘৰৰপৰা বিদায় ললে । বিদায়ৰ পৰিবেশ দেখি দীৰুদাই এইবাৰো মিছন ফেইল বুলিয়েই ধৰি ললে ।
সন্ধিয়া দীৰুদা ঘৰ সোমাবলৈ লৈছে ।
- কি ঐ বাপু, মিছন কি হল , আকৌ ফেইল নেকি........... বৰদলৈয়ে নিজৰ চোতালৰপৰা ত্যাচ্ছিল্যতা ভৰা সুৰত চিঞৰিলে
দীৰুদাৰ কাণ-মুৰ গৰম হৈ গল । একো উত্তৰ নিদিয়াকৈ দীৰুদা ঘৰ সোমাল । চাল্লা স্মাৰ্ট কিয় হব নোৱাৰিলো । ধুৰ । দীৰুদাই নিজকে নিজে কলে ।
এনেতে ফোনটো বাজিল , মোমায়েকৰ নম্বৰ
- ঐ তোৰ ৱাটছএপ আছে নে নাই .......... মোমায়েকে সুধিলে
- কিয়
- মানে ছোৱালীয়ে তোৰ ৱাটছএপ নম্বৰ বিছাৰিছে , কথা পাতে বোলে............ মোমায়েকে কলে
দীৰুদাৰ হৃদয়ৰ মৰুভুমিত কি বৰষুণৰ টোপাল সচাকৈয়ে পৰিলনেকি ।

(৩)

দীৰুদাই হোৱাটছএপৰ নম্বৰটো দি দিলে ।
২০১৪ চনৰ ডিচেম্বৰৰ কোনোবা এটা দিন । ডি.এছ.এ গেলেকীৰ ২৫ নম্বৰ বাংক হাউছত ছেমি নিদ্ৰাৰত অৱস্থাত দীৰুদা । টুইন শ্বেয়াৰিং কোঠাটোত কাষৰ বিচনাত ডিউটিৰ পৰা আহি ভাত-পানী খাই চন্দনদাই গা টঙাবলৈ লৈছে । এনেতে দীৰুদাৰ মোবাইলত খুটুংকৈ শব্দ এটা হল । দীৰুদাই মবাইলটো চালে ।
হোৱাটছএপত মেছেজ এটা আহিছে .......... হাই
মেছেজৰ নম্বৰটো অচিনাকি কিন্ত মেছেজ পঠিওৱা নম্বৰটোৰ প্ৰফাইল পিকচাৰখন চিনাকি.... মানে জোনালী ।

দীৰুদা একেজাপে বিচনাত বহি পৰিল । হাৰ্টবিট বাঢ়ি গল । দীৰুদা নাৰ্ভাছ হৈ পৰিল ।
- চন্দনদা, অ চন্দনদা, হাই দিছে হোৱাটছএপত, মই কি পঠাম ......... দীৰুদাই চন্দনদাক উদ্দেশ্যি কলে
- আবে, হাই দিছে তো হেলো বুলি পঠিওৱা......... চন্দনদাই চিলমিলীয়া টোপনিৰ পৰা কলে
দীৰুদাই হেলো এটা পঠিয়ালে ।
- কি কৰি আছা ......... সিফালৰপৰা আকৌ মেচেজ আহিল
- চন্দনদা , কি কৰি আছা বুলি মেচেজ দিছে, কি ৰিপ্লাই দিম...... দীৰুদাই সুধিলে
- আব্বে ৰাতি এঘাৰটা বাজিছে , নৰ্মেল মানুহে শোৱে এতিয়া...... চন্দনদাই টোপনিৰ পৰা কলে
দীৰুদাই "শুই আছো" বুলি টাইপ কৰাত লাগিল । হঠাত চন্দনদা খপজপকৈ উঠিল আৰু দীৰুদাৰ ওচৰ পালেহি ।
- হেই, কি কৰা ,কি কৰা, ধুৰ, কুল বাবা কুল, এনেকে নহব, ফিলিংছ আনিব লাগিব ...... চন্দনদাই কলে
- কাৰোবাৰ চকুযুৰিয়ে আমনি কৰি আছে, তেওৰ কথাই ভাৱি আছিলো ......... চন্দনদাই কোৱামতে দীৰুদাই মেচেজ পঠিয়ালে
- কাৰ কথা ........ সিফালৰপৰা মেছেজ আহিল
- হয় আৰু কোনোবা
- কোন বাৰু
- বকুল পথৰ কোনোবা এগৰাকী
- বকুল পথ, নামটো শুনা যেন লাগিছে
- মই যে তাতে হেৰাই আহিছো
................
..................
গোটেই ৰাতি হোৱাটছএপ চলিল । পুবে ধলফাট দিলে । দীৰুদাৰ খাটিৰত চন্দনদাইও টোপনি চেক্ৰিফাইছ কৰি দিলে ।
পাছদিনা ৰাতিও ফুল স্পীডত হোৱাটছএপ । চন্দনদাই নিজৰ পুৰণা স্মৃতি ৰোমন্থন কৰি দীৰুদাক টিপছ দি থাকিল ।
এনেকৈয়ে সাতদিন গল । আঠনম্বৰ দিনা মই দীৰুদাৰ ৰুমত এন্ত্ৰি মাৰিলো । দীৰুদাই গেঞ্জী এটা পিন্ধি বিচনাত ওপৰমুৱাকৈ শুই কিবা ভাৱি ভাৱি মিচিক-মাচাককৈ হাহি আছিল ।
- আৰে দীৰুদা , কি হল , একো খবৰ-খাতি নাই যে, মানুহটো গুমচুডা হৈ আছে যে .......... মই সুধিলো
- আৰে বিকু , আই থিংক আই এম ইন লাভ ................. এইবুলি কৈ দীৰুদাই বিচনাখনত হাত-ভৰি প্ৰসাৰিত কৰি দিলে
দীৰুদাৰ কাষৰপৰা পটককে দীৰুদাৰ মবাইলটো উঠালো । মবাইলত হোৱাটছএপ অন হৈ আছিল । অনলাইনত জোনালী । মবাইলটোত পটককে "আই লাভ ইউ" টাইপ কৰি চেন্দ কৰি দিলো । দীৰুদা তেতিয়াও হাত-ভৰি প্ৰসাৰিত কৰি মিচিক-মাচাককৈ হাহি থকা অৱস্থাত ।
কেইছেকেন্ড মানৰ ভিতৰতে ৰিপ্লাই আহিল ......... "আই লাভ ইউ টু "
- ঐ দীৰুদা চাওক, সিফালেও আপোনাক ভাল পায় , দুইফালে সমান সমান ........... এইবুলি কৈ মবাইলৰ স্ক্ৰীণখন দীৰুদাৰ ফালে আগুৱাই দিলো ।
মিনিটৰ ভিতৰতে দীৰুদাৰ কেছটো কনফাৰেম তথা চেটল কৰি আত্মসন্টুষ্টি লাভ কৰিলো । মোৰ কথা হল চীধী বাত- নো বকৱাছ । কিন্ত মবাইলটো চাই দীৰুদাই মোৰফালে যিটো চাৱনি দিলে ভয় লাগি গল আৰু মুহুৰ্ততে ২৫ নম্বৰ বাংক হাউছৰপৰা মই অদৃশ্য হৈ দিলো ।

(৪)

ৰনদীপ-প্ৰজাপতি-জিতুমনি বহুত টেনচনত আছে । কাৰণটো দীৰুদা । দীৰুদা বোলে এবনৰমেল হৈ গৈছে । অনবৰতে মবাইলটো চাই থাকে আৰু কোনো কাৰণ নোহোৱাকৈ হাহি থাকে । কথা পাহৰি যেৱাৰ লগতে আন বহুত এবনৰমেল বিহেভিয়াৰ ।
কেন্টিনত ডিচকাচন হৈ আছে
- আব্বে যোৱাৰাতিৰ কথা , মই টেংকৰ ফালে চালো , দীৰুদা টেংকৰ ওপৰত, একেবাৰে ৰেলিঙৰ কাষত থিয় দি টাইটানিকৰ পজত হাত দুখন মেলি আছে , ভয় লাগি গৈছিল দেই............ জিতুমনিয়ে কলে
- আৰে, পৰহি মই ফোন কৰি কলো যে মোৰ পাচ মিনিট দেৰি হব, শ্বিফট বাছখন ৰখাবলে. চাল্লা গৈ দেখো বাছ গায়ব , দীৰুদাক ফোন কৰিলো, কয় বোলে পাহৰি গলো , ধুৰ............ প্ৰজাপতিয়ে কলে
- আৰে মোৰ লগততো তামাম কেছ, সন্ধিয়া চাৰেপাছটামানত চাইটত, দেখিলো দীৰুদাই দাত ব্ৰাছ কৰি আছে , ওচৰ চাপি গলো, দীৰুদাই কি কয় জান, বোলে গুডমৰ্নিং , ডি.পি.আৰ লাগে বোলে........ ৰণদীপে কলে

শ্যামলদাই একো নকলে । কাৰণ এটা সময়ত শ্যামলদাইও এনে এবনৰমেল বিহেভিয়াৰৰ চিকাৰ হৈছিল ।
এনেতে দীৰুদা কাণত হেডফোন লগাই কেন্টিনলৈ আহিল । দীৰুদাৰ মিছন মেচেজৰপৰা ফোনলৈ উন্নীত হৈছে ।
- কি দীৰুদা , কত থাকে আজিকালি , দেখাই নাপাও যে........ জিতুমনিয়ে সুধিলে
- আজিকালি কাৰোবাৰ দিলত থাকো অ, তহতৰ হবলগীয়া বৌ ........... এইবুলি কৈ দীৰুদাই মবাইলত জোনালীৰ ফটোখন উলিয়াই দেখুৱালে
- আব্বে, লংগুৰৰ হাতত আংগুৰ, শক্তি কাপুৰৰ থোপৰা, কাদেৰ খানৰ ফিজিক লৈ এই হেমামালিনীক কেনেকে পটালা হে................. শ্যামলদাই কাট মাৰি কলে
দীৰুদাই খং কৰিব লাগিছিল । কিন্ত নকৰিলে ।
- শক্তি কাপুৰৰ থোপৰা হব পাৰে কিন্ত দিল তো ধৰ্মেন্দ্ৰৰ হয় না, দিল চে দিল মিলে আউৰ হো গয়া প্যাৰ, অব কুত্তে ভৌকে য়া শ্যামল বোলে, দিলৱালে জুদা না হোংগে য়াৰ .......... দীৰুদাই হাহি হাহি শ্যামলদাক ডাউন এটা দি দিলে
ৰণদীপ-প্ৰজাপতি-জিতুমনিয়ে দীৰুদাক কংগ্ৰেচুলেট কৰিলে । খুচ হৈ দীৰুদাই বৰা হোটেলত পাৰ্টি এটা থ্ৰ কৰি দিলে । ৰুমতো তিনিদিনলৈ জবৰদস্ত বেচেলৰ পাৰ্টি চলিল ।
দীৰুদা আৰু জোনালীক উমানন্দ, খাৰঘুলি, নেহেৰু-তৰুনৰাম-সতী ৰাধিকা পাৰ্কত সঘনাই দেখা পোৱা গল । শ্যামলদাই এবাৰ কাজিৰঙাৰ ভিউ পইন্টতো দীৰুদাক ৰোমান্টিক মুডত দেখা পালে ।
ছমাহ জোৰদাৰ প্ৰেমৰ পাছত দীৰুদাই এৰেঞ্জ কাম লাভ মেৰেজ কৰি দিলে ।
মিছন একমপ্লিছড ।



জীৱনচাথী

- ঐ চোফাখনত ভালকৈ বহ,চীধা, মুৰ নিহিলাবি, আৰু পেটটো ভিতৰলৈ সুমুৱা.............. এইবুলি কৈ দীৰুদাই মবাইলেৰে ফটো এটা ক্লিক কৰি পটককে লেপটপত ভৰাই দিলে
- হৈ গল , কমপ্লিট , এতিয়া চাবি, তোৰ মই জীবনচাথী উলিয়াইহে এৰিম...... দীৰুদাই সন্টুষ্টিৰ হাহি এটা মাৰি কলে
দীৰুদাই জীৱনচাথী ডট কমত মোৰ প্ৰফাইল এটা বনাই পেলালে । সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা, শ্যামলদা নামতহে, কামত একো নাই । এইবাৰ খঞ্জনেও মোৰ বাবে মাথা মাৰিছে । কিন্ত দীৰুদাৰ ওপৰত মোৰ পুৰা কনফিডেন্স আছে ।
- ক তোক কেনেকুৱা টাইপৰ লাগিব, তোৰ পৃফাৰেন্স কি ....... দীৰুদাই সুধিলে
- নাই, তেনেকুৱা একো নাই, হলেই হয় আৰু........ মই লাজ-লাজকৈ কলো
- হলেই হয় নহব, মিলিব লাগিব..... এইবুলি কৈ দীৰুদাই জীৱনচাথীত জাতি-ধৰ্ম-ভাষা-বেকগ্ৰাউন্ড-বয়স-ফেমিলি-কাৰেন্ট চিটী- এডুকেচন আদিকে ধৰি এসোপা ফিল্টাৰ ভৰাই চাৰ্চ বুটামটো টিপি দিলে ।
মা কচম, এটাও প্ৰফাইল স্ক্ৰীণত নাহিল ।
- ফিল্টাৰ কেইটামান কমাই দিও, হৈ যাব .......... এইবুলি কৈ দীৰুদাই আকৌ এবাৰ চাৰ্চ কৰিলে
এইবাৰ বহুতকেইটা প্ৰফাইল ওলাল । দীৰুদাই এটা এটাকৈ প্ৰফাইলকেইটা দেখুৱালে আৰু মোৰ চবকে ভাল লাগিবলৈ ধৰিলে ।
- দীৰুদা, চবকেই চোন ভাল লাগে ........... মই কলো
দীৰুদাই মোৰ ফালে চাই হাহি এটা মাৰিলে । দীৰুদাই বাচি বাচি এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াই দিলে ।
জীৱনচাথীত জীৱনচাথী বিচাৰি থাকোতেই ফোন এটা আহিল । ফোনটো ৰিচিভ কৰিলো ।
- হেলো, মই অভিস্পা , আপুনি জীৱনচাথীত একাউন্ট খুলিছে ন................ সিমুৰৰপৰা মিঠা মাত এটা শুনিবলৈ পালো
ইমান কুইক ৰেচপন্স , চাল্লা ইমানদিনে মই কি কৰি আছিলো । অভিস্পা নামটো টান হয় কিন্ত চলি যাব । মৰিচাচৰ নীলাভ বীচ, চুইজাৰলেন্ডৰ বৰফ, কাশ্মীৰৰ গ্ৰীনাৰী মানে আহিবলৈ বেছিপৰ নাই । মনত কিবা এটা ফিলিঙ আহিয়েই গল ।
- হয় , এইমাত্ৰ অলপ আগতে খুলিছো......... মই যিমান পাৰি কোমল সুৰত মৰম সানি কলো
- মানে যিটো মই দেখা পাইছো, আপুনি আজি ২৭ টা এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াইছে, মানে আপুনি ডেচপাৰেটলি ইন্টাৰেষ্টেড................. সিফালৰপৰা অভিস্পাই কলে
- হয়, মানে........... মই কলো
- ইন্টাৰেষ্ট পঠিয়ালেই তো নহব, কথাও পাতিব লাগিব
- হয়
- তাৰবাবে আপুনি আমাৰ প্ৰিমিয়াম মেম্বাৰ হব লাগিব
- মানে
- মানে নৰ্মেল একাউন্টেৰে আপুনি চাটিং বা ফাৰদাৰ কমিউনিকেত কৰিব নোৱাৰিব, প্ৰিমিয়াম একাউন্ট হব লাগিব , আপোনাৰ কাৰণে বঢ়িয়া অফাৰ এটা আছে, ৭০ পাৰচেন্ট ডিচকাউন্ট
- মানে মেডাম, আপুনি অলপ পাছত ফোন কৰিব নেকি ....... মই বিব্ৰত হৈ কলে
- মানে কেতিয়া, আপোনাৰ কনভিনিয়েন্ট টাইম কেতিয়া হব
- মানে একাউন্ট আজি খুলিছোহে, বাৰ মাহমান নিজে জীৱনচাথী বিচৰাৰ ট্ৰাই কৰি চাই লও, নোৱাৰিলে মইয়েই আপোনাক ফোন কৰিম
দীৰুদা তেতিয়াও জীৱনচাথী ডট কমত এক্সপ্ৰেচ ইন্টাৰেষ্ট বুটামটো ক্লিক কৰাত ব্যস্ত ।

বিফলতাৰ এপৃষ্ঠা



২০১১ চনৰ কথা । তেতিয়া নদীবান্ধ বিৰোধী আন্দোলন তুংগত । ভাইটি তেজপুৰ ইউনিভাৰচিটীত ছছিয়লজি পঢ়ি আছে । এবাৰ পুজাৰ বন্ধত দুয়োটা ঘৰত আছো । নদীবান্ধৰ কথা ওলাল । মই সপক্ষে , সি বিপক্ষে । শেষত মই হাৰ মানিলো । ভাইটিয়ে মোক বুজাই দিলে কেনেকৈ নদীবান্ধে অসমৰ ডেমগ্ৰাফি চেঞ্জ কৰিব, কেনেকৈ আপাৰ সোৱনশিৰি পাহাৰৰ বালি আহি মাজুলী পাইছেহি ।
- তই চছিয়লজি পঢ়িছ নে জিয়লজি আৰু চিভিল ইঞ্জিনিয়াৰিং পঢ়িছ ....... মই সুধিলো
- ছছিয়লজি
- তেন্তে এইবোৰ কোনে কলে
- চন্দন শৰ্মা নামৰ আমাৰ এজন ছাৰ আছে , বহুত ভাল ছাৰ ......... ভাইটিয়ে কলে
মই বুজি উঠিলো যে মাই ব্ৰাদাৰ ৱাজ ব্ৰেইনৱাছড । সেই সময়ত অখিল গগৈ এফালে, হিমন্ত বিশ্ব এফালে । দুয়োজনৰ মাজত কুকুৰ-মেকুৰীৰ দৰে যুজ । চন্দন শৰ্মা বোলা প্ৰফেছাৰজন অখিল গগৈৰ সপক্ষে আৰু খুব সম্ভৱ তেও অখিল গগৈৰ সপক্ষে এটা ঢৌৰ সৃষ্টি কৰিছিল তেজপুৰ ইউনিভাৰচিটিত ।
সেই সময়তে টেট পৰীক্ষা হৈছিল । হিমন্ত বিশ্বই জনপ্ৰিয় কৰা প্ৰথম টেট ।
- এইবাৰ টেট দিবি ........... মই ভাইটিক ফোন কৰি কলো ।
টেটৰ পাছদিনা মই ভাইটিক ফোন কৰিলো ।
- কেনে হল টেট
- দিব নোৱাৰিলো
- কিয়
- ক্লাছ আছিল
- কিয় এদিন ক্লাছ খতি কৰি কিয় নিদিলি
- ধেই এইবোৰ দি লাভ নাই
- কিয়
- হিমন্ত বিশ্ব একদম কৰাপটেড, পুৰা চাকৰিবোৰ বেছি দিব.... ভাইটিয়ে কলে
- তোৰ মুৰত এইবোৰ কোনে সুমুৱাই দিছে
- ...................
ভাইটিৰ মুৰত এনেধৰনৰ কথা কোনে সুমুৱাইছে মোৰ বুজিবলৈ বাকী নাছিল । মোৰ প্ৰচন্ড খং উঠিছিল ।
এই টেট পৰীক্ষাটোত এক শতাংশও দুই নম্বৰী নোহোৱাকৈ প্ৰতিজনে চাকৰি পাইছিল । যিসকলে পাছ কৰিছিল প্ৰত্যেকেই প্ৰথমতে অস্থায়ী চাকৰি পাইছিল আৰু পাছলৈ প্ৰতিজন পাৰ্মানেন্ট হৈছিল ।
ভাইটি তেতিয়া থাৰ্ড ছেমিষ্টাৰত
- হামদৰ্দ, ফুলব্ৰাইট এইবোৰ চাই থাকিবি
- এইবোৰ কি
- কিয় তোৰ চন্দন শৰ্মাই এইবোৰৰ কথা নকয় নেকি , বাহিৰত পি.এইচ.ডি কৰিবলৈ স্কলাৰচিপ এইবোৰ , জিয়লজি-চিভিলৰ-আল্টু ফাল্টু ফান্ডা দিব পাৰে, ইন্টাৰনেচনেল স্কলাৰচিপৰ কথা ক্লাছত কব নোৱাৰে নেকি..... মই খঙেৰে কলো
ভাইটিয়ে মোক সাম্যবাদ, আৰ্থিক অসমতা, শোষিত-নিষ্পেষিত শ্ৰেণী , বুৰ্জোৱাবাদ ইত্যাদিৰ ওপৰত দীঘল লেকছাৰ এটা দি কলে যে সি এইবোৰত ইন্টাৰেষ্টড নহয় ।
- চা ভাই, এইবোৰ কথা কিতাপত ভাল লাগে, কিন্ত ৰিয়েল লাইফ বেলেগ , কাৰ্ল মাক্সে কেতিয়াও পথাৰত হাল বোৱা নাছিল , লেলিনে ৰজাৰ দৰে বাস কৰিছিল, লাখ টকা খৰছ কৰি সি নিজৰ মুৰ্তি বনাইছিল , হীৰেন গোহাই বোলে পাক্কা কমিনিউষ্ট , কিন্ত তেওৰ ছোৱালীয়ে পুজিপতিৰ চাকৰি কৰে , গতিকে এইবোৰত মাথা নামাৰিবি ................ মই কলো
সি মোক বেয়া পালে , তাৰ মতে মই পুজিপতি ভাৱধাৰাগ্ৰস্থ আৰু হিমন্ত বিশ্ব নামৰ বেয়া জিনিছটোৰ অন্ধ ভক্ত ।
ফৰ্থ ছেমিষ্টাৰ পালেহি ।
- নেটৰ কাৰনে পঢ় । ছছিয়েলজি নতুন চাবজেক্ট । কেইখনমান কলেজতহে আছে । পোষ্ট কম । জে.আৰ.এফ নহলে নেট লাভ নাই । আৰু এটা কাম কৰ , ল কৰ, তই ডিবেট ভাল কৰ, ল কৰিলে তোৰ ভাল হব এট লিষ্ট নিজে কিবা এটা কৰি খাব পাৰিবি । আৰু চা, হয় তই চাকৰি কৰিব লাগিব, নহলে চাকৰি দিয়া মানুহ হব লাগিব, নহয় মানুহে তোক পাত্তা নিদিব, পাছত বৰ দিগদাৰ পাবি .......... মই কৈছিলো, সি শুনিলে নে নাই গম নাপালো
এটা সময়ত মই তাক কোৱা বাদ দিলো । সি ফাৰ্ষ্ট ক্লাছ আৰু নেট-স্লেট পালে ঠিকেই কিন্ত জে.আৰ.এফ নাপালে । তেজপুৰ-গুৱাহাটীত পি.এইচ.ডি কৰিবলৈ ছীট নাই । ছছিয়েলজিৰ কলেজত পোষ্টো নাই ।
তাক মই এডভাইচ দিয়া বাদ দিলো । যি মন যায় কৰি থাকক । যোৱাবছৰ সি টেটো পাছ কৰিলে । কিন্ত হিমন্ত বিশ্বৰ বিসম্বাদৰ পাছত টেটতো এপইন্টমেন্ট বন্ধ হৈ আছে ।
কিন্ত এটা মোৰ বেয়া লাগে যেতিয়া ছছিয়েলজিৰ ফাষ্ট ক্লাছ, নেট-স্লেট থকা মোৰ ভাইটিয়ে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত এপ্লাই কৰে আৰু সেই চাকৰিটোও নাপায় । তেতিয়া মোৰ বুকুত এটা বিষ অনুভৱ কৰো । ককায়েক হিচাপে অসফলতাৰ বেদনা ।
লাহে লাহে ভাইটি আৰু মোৰ মাজত ব্যৰধান বাঢ়ি গৈ আছে । দিনকদিনে সি হতাশ হৈ গৈ আছে । সি লাজকুৰীয়া হৈ পৰিছে । অঙহী-বঙহী ৰ ঘৰলৈ সি যোৱা বাদ দিছে । সি কিয় নাযায় মই জানিও নজনাৰ ভাও ধৰি থাকো । মই তাক বুজাব খোজো , কিন্ত মই বাৰে বাৰে অসমৰ্থ হও ।
- মই কি কৰিম এতিয়া...... মই সোধো
- তাক কৰবাত বেলেগলৈ পঠিয়াই দিয়া, ঠেকিলেহে শিকিব, বয়স গৈ আছে পাছলৈ বৰ কমপ্লেক্সিটি আহিব..... চন্দনদাই কলে
- ঘৰ চে নিকাল দো, আপনে আপ চিধা ৰাস্তে পে আ জায়েগা...... মোহিতে কয়
- অলপ কষ্ট পাবলৈ দে, ঘৰত আৰামত ভাত-মাছ খাই আছে, যেতিয়া ঠুকন খাব, তেতিয়াহে গম পাব........ দীৰুদাই কয়
ভাইটি আৰু মোৰ মাজত নিয়মমাফিক কথা-বতৰা হয় । যিকোনোধৰনৰ তৰ্কৰপৰা মই আতৰি থাকো । আজিকালি সি অখিল গগৈ, চন্দন শৰ্মা , নদীবান্ধ, মাক্স, লেলিন এইবোৰৰ কথা নকয় ।
১৫ মে ২০১৬
- এইবাৰ বিজেপি জিকিলে ভাল আছিল ......... ভাইটিয়ে কলে
- কিয়..... মই সুধিলো
- হিমন্ত বিশ্ব পাৱাৰলৈ আহিল টেটৰ চাকৰিকেইটা খুলি দিব , চাকৰি এটাৰ বহুত দৰকাৰ আছিল ....... ভাইটিয়ে ক্ষীণ হাহি এটা মাৰি কলে
মই ভাইটিৰ ফালে চালো । নদীবান্ধ, চন্দন শৰ্মা, অখিল গগৈ, হিমন্ত বিশ্বৰ সমীকৰণবোৰ বুজি পাওতে তাৰ বহুত বছৰ লাগিল । জীৱনৰ অংক আৰু বাহিৰৰ পৃথিৱীখন সি বুজি পালেই ভাল হয়

ৰনদীপৰ বিয়াত (১)


- চাওক দীৰুদা, মই ক'লা, দেখাটো ভাল নহয়, পাৰচনেলিটিও ইমান খাচ নহয় , কিন্ত গাৰ্লফ্ৰেন্ড আছে , দেখিছে কেনেকৈ মেইনটেইন কৰিছো .......... ৰনদীপে ৰজনীগন্ধাৰ পিক পেলাই কলে
- প্যাৰ অন্ধ হয় যে সেইকাৰনে ......... দীৰুদাই উত্তৰ দিলে
- ইডি আমিন ,শক্তি কাপুৰ আৰু গুলচন গ্ৰভাৰৰো গাৰ্লফ্ৰেন্ড আছিল, তোৰ থকাটো কি ডাঙৰ কথা.... প্ৰজাপতিয়ে পান্স এটা দি দিলে
সেই ৰনদীপৰ বিয়া । কোচবিহাৰত । বিয়াৰ দিনা দীৰুদা আৰু মই কোচবিহাৰ পালোগৈ ।
আমি গৈ পাওতে ৰনদীপে মুখত ক্ৰীম-পাউদাৰ সানি আছিল ।
- কি ঐ, একেবাৰে বগা হৈ গলি দেখোন ......... দীৰুদাই কলে
- নাই বিয়াৰদিনা তো হেন্ডচাম দেখিব লাগিব দিয়কচোন ........ ৰনদীপে লাজ লাজকৈ কলে
ৰনদীপৰ লগত বহিলো , দীৰুদাই ৰনদীপক বিয়াৰ টিপছ দিলে । আবেলি আঠ বজাত দৰাৰ লগত ওলালো । দৰাৰ গাড়ী আগত আমি পাছত । বেনফিছ নামৰ ৰিজৰ্ট এটাত বিয়া আছিল । দৰাৰ গাড়ী ৰিজৰ্টত সোমাল, ফটকা ফুটিল, ড্ৰামছেট বাজিল । আমি কোলাহল শেষ হোৱাৰ পাছত বিয়াৰ হলত সোমালো ।
হলৰ ভিতৰত এটা চুকত ফুচকা আছিল । প্ৰথমতে ফুচকাৰে আৰম্ভ কৰিলো । তাৰ পাছত কফি-পকৰাৰ ফালে গলো ।
তিনি নম্বৰৰ পকৰাৰ প্লেটখনৰ দুইনম্বৰ পকৰাটোত প্ৰথম কামোৰটো দিবলৈ লৈছো ।
- ঐ, সেইফালে চাচোন, ৰনদীপ ইমান বগা কেনেকৈ হল ........ দীৰুদাই অলপ আতৰত বহি থকা জোঙা টুপী পিন্ধা দৰাৰ নিচিনা ড্ৰেছত থকা লৰাটোলৈ আঙুলিয়াই কলে ।
পকৰা বাদ দি দীৰুদাই দেখুওৱা ফালে চালো । লৰাটো দেখাত বগা , মানে সি ৰনদীপ নহয় । ইফালে সিফালে চালো । হলটোৰ ভিতৰত চিনাকি মানুহ এটাও নেদেখিলো । টেনচন হৈ গল । কলেজীয়া দিন হলে টোনচন নললোহেতেন , টিপ-টপ খোৱাৰ কোটাটো পুৰা কৰি দিলোহেতেন । কিন্ত এতিয়া চাকৰি কৰা মানুহ, ইজ্বত বোলা বস্ত এটা আছে ।
এক মিনিটো পলম নকৰি দুয়োজন হলৰ বাহিৰৰ লন পালোহি । ৰনদীপক ফোন লগালো, নট ৰিচেবল । ৰনদীপৰ ভায়েকক ফোন লগালো, চুইচ অফ ।
কপালৰপৰা ঘাম বৈ আহিল । দহ মিনিটমান দুয়োজনে লনত পায়চাৰি কৰি ভাৱিবলৈ ধৰিলো । ঠিকেইটো আহিছিলো , ৰিজৰ্টৰ নামটোও ঠিকে আছে , কত খেলিমেলি হল । এই ঝামেলাবোৰ আমাৰ লগতহে কিয় হয় ।
- আচ্ছা, আমি বিয়ে খাব আছিলাম, ৰনদীপ এন্ড শ্ৰেচা , হুইছ ডাইৰেক্সন ..... দীৰুদাই মানুহ এজনক সুধিলে
কেইবাজনো মানুহক সুধি গম পালো যে ৰিজৰ্টটোত একে সময়তে চাৰিটা হলত চাৰিখন বিয়াৰ ৰিচিপচন হৈ আছে ।
চতুৰ্থটো হলত আমি ৰনদীপক বিচাৰি পালো । পডিয়ামত চকী এখনত আমন জিমনকৈ মুৰত জোঙা বগা টুপীৰে সৈতে ভয়াৰ্ত চাৱনিৰে পিৰিক পাৰাককৈ ইফালে সিফালে চাই থকা আমাৰ মৰমৰ শ্যাম বৰনৰ হেন্ডচাম ৰনদীপক ।

ৰনদীপৰ বিয়াত (২)


ৰনদীপৰ বিয়াৰ ৱেডিং হলটোত সোমালো । ৰনদীপ পডিয়ামত বহি আছে । ফুচকা আৰু কফি-পকৰাৰ সোৱাদ ললোৱেই , এতিয়া মেইন কৰ্চটো বাকী আছে ।
- খোৱা-বোৱা হল নেকি......... মই ৰনদীপৰ মহাকক সুধিলো
- নাই হোৱা এতিয়ালৈ ...... মহাকে উত্তৰ দিলে
ঘড়ীটোলৈ চালো , ৯ বাজিছে । হব, আধাঘন্টামানৰ পাছত হলেও হব । হলটোৰ চকী দুখনত দীৰুদা আৰু মই বহি দিলো । ৰনদীপলৈ চালো । বেচেৰাক পডিয়ামত বহাই থৈ দিছে । মুৰত বেংগলী জোঙা বগা টুপী । লাইট এটা তাৰ মুখত পৰাকৈ মাৰি থৈ দিয়া আছে যাতে তাৰ চেহেৰাটো ভালকৈ দেখা যায় । কইনাঘৰৰ মানুহ আহি তাৰ লগত চিনাকি হৈছে , সি ভোলা-ভালা হাহিৰে সম্ভাষণ জনাই আছে, ফটোৰ কাৰণে পজ দিছে ।
- আমাৰ ড্ৰিল চাইটৰ সিংহ দেখোন ইয়াত চাৰ্কাচৰ সিংহ বনি গৈছে ........ মই কলো
- বিয়া পাতিলে চব এনেকুৱাই হৈ যায় .......... দীৰুদাই কলে
ৰনদীপ আহি মন্ডপত বহিল । বামুনে মন্ত্ৰ গাবলৈ ধৰিলে । বামুনৰ লগে লগে ৰনদীপেও বিৰবিৰাবলৈ ধৰিলে ।
কিন্ত কথাটো হল যে ভোক লাগিছে । মই ৰনদীপৰ পেহীয়েকৰ ওচৰ পালোগৈ ।
- পেহীদেউ খোৱা বোৱা নকৰে নেকি .......... মই সুধিলো
- কৰিব তো লাগিছিল, ভোকো লাগিছিল, কেতিয়া বা মাতিব খাবলৈ....... পেহীয়ে কলে
১০ বাজিল । কইনা মন্ডপত প্ৰবেশ কৰিলে । আমি চকীতেই বহি আছো । সময় পাৰ হোৱাৰ লগে লগে ভোকটোও বাঢ়ি বাঢ়ি গৈ আছে । কইনাঘৰীয়া মানুহকেইটাক লক্ষ্য কৰিলো , কাৰো একো উমঘামেই নাই । এপলেকত মালা এক্সচেঞ্জ কৰাৰ পৰ্ব হল । কইনাক কইনাঘৰীয়া মানুহে ওপৰলৈ তুলি ধৰিলে যাতে ৰনদীপে ঢুকি নাপায় । ৰনদীপে দুবাৰমান জপিয়াই মালা পিন্ধাবৰ চেষ্টা কৰিলে । কিন্ত নোৱাৰিলে । ৰনদীপে যিমানেই জপিয়ায় সিমানেই কইনাক ওপৰলৈ তুলি ধৰে । শেযত ৰনদীপকো কান্ধত উঠাই কইনাৰ সমানলৈ অনা হল আৰু ৰনদীপে কইনাক মালা পিন্ধাই দি হাহি এটা মাৰি দিলে ।
১০-৩০ বাজিল । পেটত নিগনি দৌৰিছে কিন্ত খাবলৈ মতাৰ একো লক্ষণ নাই ।
- দীৰুদা ভোক লাগিছে...... মই কলো
- মোৰো লাগিছে, কেতিয়া মাতে এতিয়া....... দীৰুদাই কলে
- তলত ডাইনিং হল এটাত মানুহে খাই আছে
- ধুৰ, চাৰিখন বিয়া চলি আছে, কাৰ বা ডাইনিং সেইটো, গৰবৰ হলে ইজ্বত নিলাম হৈ যাব...... দীৰুদাই কলে
ভোক আৰু ইজ্বতৰ মাজত কম্পিটিচন । মই কইনাৰ ভায়েক যেন লগা লৰাটোৰ ওচৰ পালোগৈ ।
- আপনি কি কইনাৰে ভাই......... মই সুধিলো
- হা, আমি ভাই
- ভাই, ফিলিং ভেৰি হাংৰি, খানা কেতিয়া হব ..... মই ভোকাতুৰ চাৱনি এটা দি লাজ-মান কাটি কৰি সুধি দিলো
- আপুনি কি বড়যাত্ৰী
- হা .......... মই কলো
ভায়েকে ইনফৰমেচন দিলে যে তলত থকা ডাইনিং হলটোত খানা-পিনা হৈ আছে, আমি গলেই হল ।
- নমতাকে যাবি নেকি ........ দীৰুদাই কলে
- এটা কাম কৰো , আৰু দুজনমানক লৈ যাও, তেতিয়া আমি লাইমলাইটত বোছিকৈ নাহো.... মই কলো
আমাৰ নিচিনাই ভোকত কলমলাই থকা ৰাজীব আৰু জিতেশক কনভিন্স কৰি লৈ ডাইনিং হলৰ টেবুল এখনত বহি দিলো । আমাক দেখি দৰাৰ লগত অহা কিন্ত ৰনদীপৰ দম খোৱাৰ ভয়ত চুপ চাপ থকা মানুহবোৰো এজন দুজনকৈ আহি ডাইনিং হলত বহি দিলে ।

চাদী ডট কম

(১)
- দীৰুলৈ হে বেয়া লাগে দেই ..... চিচিদাই কলে
- কিয়.... মই সুধিলো
- থাৰ্টি পাৰ হল, মোৰ লগৰেই দেচোন, কিবা এটা গতি লগাব পাৰিলে ভাল আছিল
দীৰুদাই সেই সময়ত শিৱসাগৰত থাকে, টু ডেইজ অন-অফ ডিউটি । দুদিন চাইটত ডিউটি কৰে, বাকী দুদিন মেচত ৰন্ধা-বঢ়া কৰি টাইম কিল কৰে । মাজে মাজে মেছত পানীটুপি ধৰি ট্ৰেজেদী ফালে ।
আমি দীৰুদাৰ কোৱাটাৰ পাও মানে দীৰুদাই ফুলকবি আৰু মাছৰ আঞ্জা ৰন্ধাৰ যো-জা কৰি আছিল ।
- আব্বে তহতি, আজি নতুন ৰেচিপি এটা ট্ৰাই কৰি আছো ... দীৰুদাই কলে
- সেইচব বাদ দে, আমি খাবলৈ অহা নাই , তোৰ কথা চিন্তা কৰিহে আহিছো
- কি কথা
- থাৰ্টি পাৰ হল , আপোনাক এতিয়া চেটেল কৰিব লাগে ...... মই কলো
- মানে
- ইমানদিনে কাকো তো পতাব নোৱাৰিলিয়েই , এতিয়া কি ফুলকবি খাইয়েই জিন্দেকি পাৰ কৰিম বুলি ভাবিছ নেকি , ঘৰত কি ছোৱালী চাই আছে নেকি.... চিচিদাই সুধিলে
- নাই ....... দীৰুদাই সেমেনা-সেমেনিকৈ কলে
- চো আমি চাম তোৰ কাৰনে । তোৰ প্ৰিফাৰেন্স ক , মানে কেনেকুৱা ছোৱালী লাগিব ....... চিচিদাই কলে
- মানে তেনেকুৱা একো ৰিকুয়াৰমেন্ট নাই , হলেই হয় আৰু, মনে মিলা এজনী..... দীৰুদাই লাজ লাজকৈ কলে
(২)
পাচ মিনিটৰ ভিতৰতে চাদী ডট কমত দীৰুদাৰ প্ৰফাইল এটা বনাই পেলালো । দীৰুদাৰ পেটটো কাটি পাচপৰ্ট চাইজৰ ফটো এখন তুলি প্ৰফাইল পিকচাৰ বনাই দিলো । এতিয়া তিনিওজন মিলি দীৰুদাৰ কাৰণে ছোৱালী পচন্দ কৰাৰ পাল ।
- আমাৰ সমাজখন যিমানেই এডভান্সড নহওক কিয় , ধৰ্মৰ বেৰিয়াৰ পাৰ কৰাটো বহুত টান ...... চিচিদাই কলে
মই হয় বুলি কৈ চাৰ্চ অপচনত হিন্দু, ১৮-২৮, আচামিজ, ইন্দিয়া, আচাম , কাষ্ট ন বাৰ বুলি এন্টাৰ কৰি দিলো ।
২২৭ টা প্ৰফাইল ওলাল ।
ৰুমা, ২৫, কলিতা, বি.এ, গুৱাহাটী
- কেনে......... চিচিদাই সুধিলে
- ঠিকে আছিল , অলপ ৰংটো কলা যেন লাগিছে , বেলেগ এজনী চাও
সৰিতা, ২৮, গোস্বামী, এম.বি.এ, বাংগালুৰু
- বেংলুৰৰ জেং আছে দেই , নোৱাৰি.......... চিচিদাই ৰিজেক্ট কৰি দিলে
জুপি, ২৬, এচ.চি, এম.এ.
- তোৰ লগত মিলিব
- কাষ্টৰ প্ৰবলেম হব...... দীৰুদাই কলে
- কি কাষ্ট বে, আজিৰ দিনতো তই, চাল্লা, কাৰ্ল-মাক্সে তাহানিতেই..... চিচিদাই কিবা এটা বুজাব খুজিছিল
- আব্বে চুপ, বিয়া কাৰ্লমাক্সে পাতিব নে মই পাতিম ...... দীৰুদাই ওলোটাই দম দি দিলে
অপৰুপা, ২৪, কলিতা, এল.এল.বি
- কিচ্চু ধুনীয়া দেই, আপোনাৰ লগত তামাম মিলিব... মই কলো
দীৰুদাই অপৰুপাৰ ফটোখন চালে, তাৰ পাছত কলে, "অলপ বেছিয়েই ধুনীয়া, মই চম্ভালিব নোৱাৰিম, বেলেগ চা "
তাৰপাছত নেইনা, শিখা , পুৰবী, তাপ্তী , ৰশ্মি, বৰ্নালী, স্নেহা, কাকলি , ইন্দ্ৰানী , তৃষ্ণা, ডিম্পী, ম়ৃদুলা , ৰজী, স্মিতা কোনোৱেও দীৰুদাক য়েছ কৰাব লোৱাৰিলে । কোনোবা বেছিকৈ পঢ়া-শুনা কৰা , কোনোবা আন্ডাৰ কোৱালিফাইড , যিজনী কোৱালিফিকেচন অকে, তাই দেখিবলৈ পচন্দৰ নহয়, দেখিবলৈ পচন্দৰ হলে কাষ্টৰ প্ৰবলেম । দীৰুদাই গ্ৰহ-নক্ষত্ৰৰ লগতে মাংগলিকো টানি আনিলে । ফেমিলী, ব্ৰাদাৰ-চিষ্টাৰ কেইজন তাতো ফিল্টাৰ । মুঠৰ ওপৰত ফিল্টাৰৰ ওপৰত ফিল্টাৰ । লেপটপত ক্লিক কৰি কৰি মোৰ তৰ্জনী আঙুলি বিষাই গল কিন্ত দীৰুদাৰ পচন্দ নহয়হে নহয় ।
- আব্বে এক্সেক্টলি তোক কি লাগে বে, তোৰ এক্সেক্ট ৰিকুৱাৰমেন্ট ক , তাৰ পাছত চাম....... চিচিদাই বিৰক্তিৰে কলে
- হলেই হয় আৰু , মনে মিলা এজনী ......... দীৰুদাই লাজ লাজকৈ কলে
চিচিদাই দীৰুদাক হয়তো পিটি দিলেহেতেন , মই চিটুৱেচনটো চম্ভালি ললো ।
- এক মিনিট, কুল, একো টেনচন নলব, মই উলিয়াই আছো ...... মই কলো
এইবাৰ চব ফিল্টাৰ এপ্লাই কৰি চাৰ্চ কৰিলো ।
মাত্ৰ দুটা প্ৰফাইল ওলাল ।
- চাওক দীৰুদা, এই দুটা প্ৰফাইল ওলাইছে, এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠাাই দিও , পাছত দেখা যাব, এতিয়া বৰ ভোক লাগিছে ...... মই কলো ।
কোৱা নিষ্প্ৰয়োজন যে তাৰ পাছত চিচিদা আৰু মই দীৰুদাৰ বাবে ঘটকালি কৰাৰ ধান্দা সমুলি বাদ দিলো ।
(৩)
৪ বছৰ পাছত.............
বিহু বুলি দীৰুদাৰ এপাৰ্টমেন্ট পালোগৈ । দীৰুদা এবছৰ আগতেই চেটেল্ড হৈ গল । এৰেঞ্জ কাম লাভ । এতিয়া ফেমিলী প্লেনিঙৰ প্লেনিং কৰি আছে ।
দীৰুদাৰ এপাৰ্টমেন্টত নবৌয়ে দিয়া চাহত প্ৰথমটো শোহা মাৰিচোহে
- তোলৈ মোৰ বৰ চিন্তা হয় দেই...... দীৰুদাই কলে
- কিয় .... মই সুধিলো
- থাৰ্টি পাৰ হও হও, তোৰ কিবা এটা গতি লগাব পাৰিলে ভাল আছিল
- অতো, ইমানদিনে কাকো তো পতাব নোৱাৰিলায়েই , এতিয়া কি ঘৰে ঘৰে চাহ-পিঠা খাইয়েই জিন্দেকি পাৰ কৰিম বুলি ভাবিছা নেকি , ঘৰত কি ছোৱালী চাই আছে নেকি...... নবৌয়ে ট্ৰে এখনত পিঠা কেইটামান লৈ আহিল
- নাই ....... মই সেমেনা-সেমেনিকৈ কলো
- চো আমি চাম তোৰ কাৰনে । তোৰ প্ৰিফাৰেন্স ক , মানে কেনেকুৱা ছোৱালী লাগিব ....... দীৰুদাই সুধিলে
মোৰ চিচিদাৰ কাৰ্লমাৰ্ক্সলৈ মনত পৰিল ।
লেপটপ অন কৰি মোৰ পেটটো কাটি পাচপৰ্ট টাইপৰ ফটো এখন চাদী ডট কমত আপলোড কৰিবলৈ দীৰুদাই যো-জা কৰিলে ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...