Saturday, July 2, 2016

বিফলতাৰ এপৃষ্ঠা



২০১১ চনৰ কথা । তেতিয়া নদীবান্ধ বিৰোধী আন্দোলন তুংগত । ভাইটি তেজপুৰ ইউনিভাৰচিটীত ছছিয়লজি পঢ়ি আছে । এবাৰ পুজাৰ বন্ধত দুয়োটা ঘৰত আছো । নদীবান্ধৰ কথা ওলাল । মই সপক্ষে , সি বিপক্ষে । শেষত মই হাৰ মানিলো । ভাইটিয়ে মোক বুজাই দিলে কেনেকৈ নদীবান্ধে অসমৰ ডেমগ্ৰাফি চেঞ্জ কৰিব, কেনেকৈ আপাৰ সোৱনশিৰি পাহাৰৰ বালি আহি মাজুলী পাইছেহি ।
- তই চছিয়লজি পঢ়িছ নে জিয়লজি আৰু চিভিল ইঞ্জিনিয়াৰিং পঢ়িছ ....... মই সুধিলো
- ছছিয়লজি
- তেন্তে এইবোৰ কোনে কলে
- চন্দন শৰ্মা নামৰ আমাৰ এজন ছাৰ আছে , বহুত ভাল ছাৰ ......... ভাইটিয়ে কলে
মই বুজি উঠিলো যে মাই ব্ৰাদাৰ ৱাজ ব্ৰেইনৱাছড । সেই সময়ত অখিল গগৈ এফালে, হিমন্ত বিশ্ব এফালে । দুয়োজনৰ মাজত কুকুৰ-মেকুৰীৰ দৰে যুজ । চন্দন শৰ্মা বোলা প্ৰফেছাৰজন অখিল গগৈৰ সপক্ষে আৰু খুব সম্ভৱ তেও অখিল গগৈৰ সপক্ষে এটা ঢৌৰ সৃষ্টি কৰিছিল তেজপুৰ ইউনিভাৰচিটিত ।
সেই সময়তে টেট পৰীক্ষা হৈছিল । হিমন্ত বিশ্বই জনপ্ৰিয় কৰা প্ৰথম টেট ।
- এইবাৰ টেট দিবি ........... মই ভাইটিক ফোন কৰি কলো ।
টেটৰ পাছদিনা মই ভাইটিক ফোন কৰিলো ।
- কেনে হল টেট
- দিব নোৱাৰিলো
- কিয়
- ক্লাছ আছিল
- কিয় এদিন ক্লাছ খতি কৰি কিয় নিদিলি
- ধেই এইবোৰ দি লাভ নাই
- কিয়
- হিমন্ত বিশ্ব একদম কৰাপটেড, পুৰা চাকৰিবোৰ বেছি দিব.... ভাইটিয়ে কলে
- তোৰ মুৰত এইবোৰ কোনে সুমুৱাই দিছে
- ...................
ভাইটিৰ মুৰত এনেধৰনৰ কথা কোনে সুমুৱাইছে মোৰ বুজিবলৈ বাকী নাছিল । মোৰ প্ৰচন্ড খং উঠিছিল ।
এই টেট পৰীক্ষাটোত এক শতাংশও দুই নম্বৰী নোহোৱাকৈ প্ৰতিজনে চাকৰি পাইছিল । যিসকলে পাছ কৰিছিল প্ৰত্যেকেই প্ৰথমতে অস্থায়ী চাকৰি পাইছিল আৰু পাছলৈ প্ৰতিজন পাৰ্মানেন্ট হৈছিল ।
ভাইটি তেতিয়া থাৰ্ড ছেমিষ্টাৰত
- হামদৰ্দ, ফুলব্ৰাইট এইবোৰ চাই থাকিবি
- এইবোৰ কি
- কিয় তোৰ চন্দন শৰ্মাই এইবোৰৰ কথা নকয় নেকি , বাহিৰত পি.এইচ.ডি কৰিবলৈ স্কলাৰচিপ এইবোৰ , জিয়লজি-চিভিলৰ-আল্টু ফাল্টু ফান্ডা দিব পাৰে, ইন্টাৰনেচনেল স্কলাৰচিপৰ কথা ক্লাছত কব নোৱাৰে নেকি..... মই খঙেৰে কলো
ভাইটিয়ে মোক সাম্যবাদ, আৰ্থিক অসমতা, শোষিত-নিষ্পেষিত শ্ৰেণী , বুৰ্জোৱাবাদ ইত্যাদিৰ ওপৰত দীঘল লেকছাৰ এটা দি কলে যে সি এইবোৰত ইন্টাৰেষ্টড নহয় ।
- চা ভাই, এইবোৰ কথা কিতাপত ভাল লাগে, কিন্ত ৰিয়েল লাইফ বেলেগ , কাৰ্ল মাক্সে কেতিয়াও পথাৰত হাল বোৱা নাছিল , লেলিনে ৰজাৰ দৰে বাস কৰিছিল, লাখ টকা খৰছ কৰি সি নিজৰ মুৰ্তি বনাইছিল , হীৰেন গোহাই বোলে পাক্কা কমিনিউষ্ট , কিন্ত তেওৰ ছোৱালীয়ে পুজিপতিৰ চাকৰি কৰে , গতিকে এইবোৰত মাথা নামাৰিবি ................ মই কলো
সি মোক বেয়া পালে , তাৰ মতে মই পুজিপতি ভাৱধাৰাগ্ৰস্থ আৰু হিমন্ত বিশ্ব নামৰ বেয়া জিনিছটোৰ অন্ধ ভক্ত ।
ফৰ্থ ছেমিষ্টাৰ পালেহি ।
- নেটৰ কাৰনে পঢ় । ছছিয়েলজি নতুন চাবজেক্ট । কেইখনমান কলেজতহে আছে । পোষ্ট কম । জে.আৰ.এফ নহলে নেট লাভ নাই । আৰু এটা কাম কৰ , ল কৰ, তই ডিবেট ভাল কৰ, ল কৰিলে তোৰ ভাল হব এট লিষ্ট নিজে কিবা এটা কৰি খাব পাৰিবি । আৰু চা, হয় তই চাকৰি কৰিব লাগিব, নহলে চাকৰি দিয়া মানুহ হব লাগিব, নহয় মানুহে তোক পাত্তা নিদিব, পাছত বৰ দিগদাৰ পাবি .......... মই কৈছিলো, সি শুনিলে নে নাই গম নাপালো
এটা সময়ত মই তাক কোৱা বাদ দিলো । সি ফাৰ্ষ্ট ক্লাছ আৰু নেট-স্লেট পালে ঠিকেই কিন্ত জে.আৰ.এফ নাপালে । তেজপুৰ-গুৱাহাটীত পি.এইচ.ডি কৰিবলৈ ছীট নাই । ছছিয়েলজিৰ কলেজত পোষ্টো নাই ।
তাক মই এডভাইচ দিয়া বাদ দিলো । যি মন যায় কৰি থাকক । যোৱাবছৰ সি টেটো পাছ কৰিলে । কিন্ত হিমন্ত বিশ্বৰ বিসম্বাদৰ পাছত টেটতো এপইন্টমেন্ট বন্ধ হৈ আছে ।
কিন্ত এটা মোৰ বেয়া লাগে যেতিয়া ছছিয়েলজিৰ ফাষ্ট ক্লাছ, নেট-স্লেট থকা মোৰ ভাইটিয়ে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত এপ্লাই কৰে আৰু সেই চাকৰিটোও নাপায় । তেতিয়া মোৰ বুকুত এটা বিষ অনুভৱ কৰো । ককায়েক হিচাপে অসফলতাৰ বেদনা ।
লাহে লাহে ভাইটি আৰু মোৰ মাজত ব্যৰধান বাঢ়ি গৈ আছে । দিনকদিনে সি হতাশ হৈ গৈ আছে । সি লাজকুৰীয়া হৈ পৰিছে । অঙহী-বঙহী ৰ ঘৰলৈ সি যোৱা বাদ দিছে । সি কিয় নাযায় মই জানিও নজনাৰ ভাও ধৰি থাকো । মই তাক বুজাব খোজো , কিন্ত মই বাৰে বাৰে অসমৰ্থ হও ।
- মই কি কৰিম এতিয়া...... মই সোধো
- তাক কৰবাত বেলেগলৈ পঠিয়াই দিয়া, ঠেকিলেহে শিকিব, বয়স গৈ আছে পাছলৈ বৰ কমপ্লেক্সিটি আহিব..... চন্দনদাই কলে
- ঘৰ চে নিকাল দো, আপনে আপ চিধা ৰাস্তে পে আ জায়েগা...... মোহিতে কয়
- অলপ কষ্ট পাবলৈ দে, ঘৰত আৰামত ভাত-মাছ খাই আছে, যেতিয়া ঠুকন খাব, তেতিয়াহে গম পাব........ দীৰুদাই কয়
ভাইটি আৰু মোৰ মাজত নিয়মমাফিক কথা-বতৰা হয় । যিকোনোধৰনৰ তৰ্কৰপৰা মই আতৰি থাকো । আজিকালি সি অখিল গগৈ, চন্দন শৰ্মা , নদীবান্ধ, মাক্স, লেলিন এইবোৰৰ কথা নকয় ।
১৫ মে ২০১৬
- এইবাৰ বিজেপি জিকিলে ভাল আছিল ......... ভাইটিয়ে কলে
- কিয়..... মই সুধিলো
- হিমন্ত বিশ্ব পাৱাৰলৈ আহিল টেটৰ চাকৰিকেইটা খুলি দিব , চাকৰি এটাৰ বহুত দৰকাৰ আছিল ....... ভাইটিয়ে ক্ষীণ হাহি এটা মাৰি কলে
মই ভাইটিৰ ফালে চালো । নদীবান্ধ, চন্দন শৰ্মা, অখিল গগৈ, হিমন্ত বিশ্বৰ সমীকৰণবোৰ বুজি পাওতে তাৰ বহুত বছৰ লাগিল । জীৱনৰ অংক আৰু বাহিৰৰ পৃথিৱীখন সি বুজি পালেই ভাল হয়

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...