Saturday, July 2, 2016

ৰনদীপৰ বিয়াত (১)


- চাওক দীৰুদা, মই ক'লা, দেখাটো ভাল নহয়, পাৰচনেলিটিও ইমান খাচ নহয় , কিন্ত গাৰ্লফ্ৰেন্ড আছে , দেখিছে কেনেকৈ মেইনটেইন কৰিছো .......... ৰনদীপে ৰজনীগন্ধাৰ পিক পেলাই কলে
- প্যাৰ অন্ধ হয় যে সেইকাৰনে ......... দীৰুদাই উত্তৰ দিলে
- ইডি আমিন ,শক্তি কাপুৰ আৰু গুলচন গ্ৰভাৰৰো গাৰ্লফ্ৰেন্ড আছিল, তোৰ থকাটো কি ডাঙৰ কথা.... প্ৰজাপতিয়ে পান্স এটা দি দিলে
সেই ৰনদীপৰ বিয়া । কোচবিহাৰত । বিয়াৰ দিনা দীৰুদা আৰু মই কোচবিহাৰ পালোগৈ ।
আমি গৈ পাওতে ৰনদীপে মুখত ক্ৰীম-পাউদাৰ সানি আছিল ।
- কি ঐ, একেবাৰে বগা হৈ গলি দেখোন ......... দীৰুদাই কলে
- নাই বিয়াৰদিনা তো হেন্ডচাম দেখিব লাগিব দিয়কচোন ........ ৰনদীপে লাজ লাজকৈ কলে
ৰনদীপৰ লগত বহিলো , দীৰুদাই ৰনদীপক বিয়াৰ টিপছ দিলে । আবেলি আঠ বজাত দৰাৰ লগত ওলালো । দৰাৰ গাড়ী আগত আমি পাছত । বেনফিছ নামৰ ৰিজৰ্ট এটাত বিয়া আছিল । দৰাৰ গাড়ী ৰিজৰ্টত সোমাল, ফটকা ফুটিল, ড্ৰামছেট বাজিল । আমি কোলাহল শেষ হোৱাৰ পাছত বিয়াৰ হলত সোমালো ।
হলৰ ভিতৰত এটা চুকত ফুচকা আছিল । প্ৰথমতে ফুচকাৰে আৰম্ভ কৰিলো । তাৰ পাছত কফি-পকৰাৰ ফালে গলো ।
তিনি নম্বৰৰ পকৰাৰ প্লেটখনৰ দুইনম্বৰ পকৰাটোত প্ৰথম কামোৰটো দিবলৈ লৈছো ।
- ঐ, সেইফালে চাচোন, ৰনদীপ ইমান বগা কেনেকৈ হল ........ দীৰুদাই অলপ আতৰত বহি থকা জোঙা টুপী পিন্ধা দৰাৰ নিচিনা ড্ৰেছত থকা লৰাটোলৈ আঙুলিয়াই কলে ।
পকৰা বাদ দি দীৰুদাই দেখুওৱা ফালে চালো । লৰাটো দেখাত বগা , মানে সি ৰনদীপ নহয় । ইফালে সিফালে চালো । হলটোৰ ভিতৰত চিনাকি মানুহ এটাও নেদেখিলো । টেনচন হৈ গল । কলেজীয়া দিন হলে টোনচন নললোহেতেন , টিপ-টপ খোৱাৰ কোটাটো পুৰা কৰি দিলোহেতেন । কিন্ত এতিয়া চাকৰি কৰা মানুহ, ইজ্বত বোলা বস্ত এটা আছে ।
এক মিনিটো পলম নকৰি দুয়োজন হলৰ বাহিৰৰ লন পালোহি । ৰনদীপক ফোন লগালো, নট ৰিচেবল । ৰনদীপৰ ভায়েকক ফোন লগালো, চুইচ অফ ।
কপালৰপৰা ঘাম বৈ আহিল । দহ মিনিটমান দুয়োজনে লনত পায়চাৰি কৰি ভাৱিবলৈ ধৰিলো । ঠিকেইটো আহিছিলো , ৰিজৰ্টৰ নামটোও ঠিকে আছে , কত খেলিমেলি হল । এই ঝামেলাবোৰ আমাৰ লগতহে কিয় হয় ।
- আচ্ছা, আমি বিয়ে খাব আছিলাম, ৰনদীপ এন্ড শ্ৰেচা , হুইছ ডাইৰেক্সন ..... দীৰুদাই মানুহ এজনক সুধিলে
কেইবাজনো মানুহক সুধি গম পালো যে ৰিজৰ্টটোত একে সময়তে চাৰিটা হলত চাৰিখন বিয়াৰ ৰিচিপচন হৈ আছে ।
চতুৰ্থটো হলত আমি ৰনদীপক বিচাৰি পালো । পডিয়ামত চকী এখনত আমন জিমনকৈ মুৰত জোঙা বগা টুপীৰে সৈতে ভয়াৰ্ত চাৱনিৰে পিৰিক পাৰাককৈ ইফালে সিফালে চাই থকা আমাৰ মৰমৰ শ্যাম বৰনৰ হেন্ডচাম ৰনদীপক ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...