Saturday, July 2, 2016

ৰনদীপ - ৰিটাৰ্ণছ টু ডিএছএ

বিয়াৰ পাছত একৈছদিন হনিমুনৰ ছুটী লৈ মস্তি মাৰি ৰনদীপ ডিএছএ লৈ উভতি আহিল।
ডাইনিং হলত আমি বহি আছো।
- বিয়াৰ পাছত সিংহ বোলে নিগনি হৈ যায়, কিন্ত জলহস্তী হোৱা দেখিছে নেকি....... প্ৰজাপতিয়ে কলে
- জলহস্তী, কত.......... খঞ্জনে সুধিলে
- সৌটো চা, ৰনদীপ এ.কে.এ হিপো-দীপ

ৰনদীপ ডাইনিং হলত সোমাই আমাৰ টেবুলত বহিল। বিয়াৰ আগত হাৰবেল-লাইফ খাই অলপ খীণাইছিল, কিন্ত এতিয়া আকৌ সি আগতকৈও বেছি লোদোৰ-পোদোৰ হৈ পৰিছে।
- কি ৰনদীপদা একদম ফুলি গৈছে দেখোন........ খঞ্জনে সুধিলে
- মৰম বুইছ মৰম, বৌৱেৰে ঘৰৰ বাহিৰেই ওলাব নিদিয়ে, টিভি চোৱা, গেম খেলা আৰু দকচি খোৱা, কিং টাইপৰ লাইফ, একদম কিং......... ৰনদীপ কলে
- তোমাৰেই দিন আৰু, আমাৰ আকৌ ১৪ দিন ডিউটিতেই ভাল লাগে, ঘৰত বৌৱেৰাই যি ৰুদ্ৰমুৰ্তি ধৰে, জীউ উৰি যায়.......... শ্যামলদাই দুখেৰে কলে
ৰনদীপে বুকু ফুলাই হাহি এটা মাৰি দিলে। এনেতে ৰণদীপৰ ফোনটো বাজিল। ৰনদীপে ৰিচিভ কৰি কলে
- অ ডাৰ্লিং কোৱা
ৰণদীপৰ ফোনত ভলিউমটো বেছি হৈ আছিল।
- ইমান সোনকালে গলা যে........... ফোনটোৰ সিফালৰপৰা মিঠা অথচ কৰ্কশ সুৰ এটা শুনিবলৈ পোৱা গল
- নাই মানে
- ৱাচিং মেচিনটো বেয়া হৈ আছে বুলি পাহৰিলা নেকি, কাপোৰবোৰ তোমাক ধুবলৈ কৈ গৈছিলো, কিয় নুধুলা......... সিফালৰ মিঠা মাতটো আৰু কৰ্কশ হৈ পৰিল
- মানে ডাৰ্লিং
- আৰু যোৱাৰ আগতে ঘৰটো চফা কৰিব কৈছিলো, সেয়াও নকৰিলা
- মানে অলপ দৌৰাদৌৰি হল
- আৰু বজাৰৰপৰা কালি যে ভেণ্ডি আৰু বেঙেনা আনিব কৈছিলো
- আনিছো ডাৰ্লিং, ফ্ৰীজটোত
- ধুৰ গোটেইবোৰ বেয়া, বুঢ়া ভেণ্ডি লৈ আহিছা, তুমি মানে একেবাৰে ইউজলেছ দেই, আৰু শুনা, মই মাৰ ঘৰলৈ যাও, তাৰপৰা এই ১৪ দিন অফিছ কৰিম, তুমি আহি এইবোৰ চব ঠিক-ঠাক কৰিবা, তাৰপাছত মোক আনিব যাবা
ফোনটো কাট খাই গল। ভয়াৰ্ত চাৱনিৰে ৰণদীপে আমাৰফালে চালে।
- লাজ কৰিব নালাগে ৰনদীপ, আমাৰো একেইহে, হু এইডাল ৰাখ, নেক্সট টাইম ৱাইফৰ লগত কথা পাতিলে হেডফোনত পাতিবি, কম চে কম ইজ্জতটো ইয়াত বাচি থাকিব......... এইবুলি দীৰুদাই হেডফোন এদাল ৰণদীপৰ ফালে আগবঢ়াই দিলে
- তোমাক কি চিমপেথি দিম ৰণু বাবা, হোৱেৰপুলৰ অটমেটিক ৱাচিং মেচিন উইথ এৰিয়েল ডিটাৰজেন্ট, কষ্ট বহুত কমি যায়......... চন্দনদাই মোলায়ম হাহি এটা মাৰি কলে
- ময়ো এৰিয়েলেই ইউজ কৰো..... শ্যামলদাই কলে
খঞ্জনে এতিয়ালৈ বিয়া পতা নাই। কিন্ত গাৰ্লফ্ৰেণ্ড এজনী আছে। বেচেলৰ লাইফ খটম হবলৈ তাৰো বেছিদিন নাই। খঞ্জনে চিকেন ভাল বনায়। ঘৰত মাজে মাজে ভাত-দাইল-ভাজিতো হাত চফা কৰি লৈছে। সি চাফ-চফাইও কৰি ভাল পায়। কুমলীয়া আৰু বুঢ়া ভেণ্ডিও খঞ্জনে চিনি পায়। তথাপিও তাক যথেষ্ট চিন্তিত তথা ত্ৰাসিত দেখা গল।
- ভাল অটমেটিক ৱাচিং মেচিন এটা এতিয়াই লৈ থোৱা ভাল হব, ফাংচনবোৰ শিকোতে অলপ টাইম লাগিব পাৰে না......... খঞ্জনে মনে মনে ভাৱিলে

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...