Saturday, July 2, 2016

জীৱনচাথী

- ঐ চোফাখনত ভালকৈ বহ,চীধা, মুৰ নিহিলাবি, আৰু পেটটো ভিতৰলৈ সুমুৱা.............. এইবুলি কৈ দীৰুদাই মবাইলেৰে ফটো এটা ক্লিক কৰি পটককে লেপটপত ভৰাই দিলে
- হৈ গল , কমপ্লিট , এতিয়া চাবি, তোৰ মই জীবনচাথী উলিয়াইহে এৰিম...... দীৰুদাই সন্টুষ্টিৰ হাহি এটা মাৰি কলে
দীৰুদাই জীৱনচাথী ডট কমত মোৰ প্ৰফাইল এটা বনাই পেলালে । সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা, শ্যামলদা নামতহে, কামত একো নাই । এইবাৰ খঞ্জনেও মোৰ বাবে মাথা মাৰিছে । কিন্ত দীৰুদাৰ ওপৰত মোৰ পুৰা কনফিডেন্স আছে ।
- ক তোক কেনেকুৱা টাইপৰ লাগিব, তোৰ পৃফাৰেন্স কি ....... দীৰুদাই সুধিলে
- নাই, তেনেকুৱা একো নাই, হলেই হয় আৰু........ মই লাজ-লাজকৈ কলো
- হলেই হয় নহব, মিলিব লাগিব..... এইবুলি কৈ দীৰুদাই জীৱনচাথীত জাতি-ধৰ্ম-ভাষা-বেকগ্ৰাউন্ড-বয়স-ফেমিলি-কাৰেন্ট চিটী- এডুকেচন আদিকে ধৰি এসোপা ফিল্টাৰ ভৰাই চাৰ্চ বুটামটো টিপি দিলে ।
মা কচম, এটাও প্ৰফাইল স্ক্ৰীণত নাহিল ।
- ফিল্টাৰ কেইটামান কমাই দিও, হৈ যাব .......... এইবুলি কৈ দীৰুদাই আকৌ এবাৰ চাৰ্চ কৰিলে
এইবাৰ বহুতকেইটা প্ৰফাইল ওলাল । দীৰুদাই এটা এটাকৈ প্ৰফাইলকেইটা দেখুৱালে আৰু মোৰ চবকে ভাল লাগিবলৈ ধৰিলে ।
- দীৰুদা, চবকেই চোন ভাল লাগে ........... মই কলো
দীৰুদাই মোৰ ফালে চাই হাহি এটা মাৰিলে । দীৰুদাই বাচি বাচি এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াই দিলে ।
জীৱনচাথীত জীৱনচাথী বিচাৰি থাকোতেই ফোন এটা আহিল । ফোনটো ৰিচিভ কৰিলো ।
- হেলো, মই অভিস্পা , আপুনি জীৱনচাথীত একাউন্ট খুলিছে ন................ সিমুৰৰপৰা মিঠা মাত এটা শুনিবলৈ পালো
ইমান কুইক ৰেচপন্স , চাল্লা ইমানদিনে মই কি কৰি আছিলো । অভিস্পা নামটো টান হয় কিন্ত চলি যাব । মৰিচাচৰ নীলাভ বীচ, চুইজাৰলেন্ডৰ বৰফ, কাশ্মীৰৰ গ্ৰীনাৰী মানে আহিবলৈ বেছিপৰ নাই । মনত কিবা এটা ফিলিঙ আহিয়েই গল ।
- হয় , এইমাত্ৰ অলপ আগতে খুলিছো......... মই যিমান পাৰি কোমল সুৰত মৰম সানি কলো
- মানে যিটো মই দেখা পাইছো, আপুনি আজি ২৭ টা এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিয়াইছে, মানে আপুনি ডেচপাৰেটলি ইন্টাৰেষ্টেড................. সিফালৰপৰা অভিস্পাই কলে
- হয়, মানে........... মই কলো
- ইন্টাৰেষ্ট পঠিয়ালেই তো নহব, কথাও পাতিব লাগিব
- হয়
- তাৰবাবে আপুনি আমাৰ প্ৰিমিয়াম মেম্বাৰ হব লাগিব
- মানে
- মানে নৰ্মেল একাউন্টেৰে আপুনি চাটিং বা ফাৰদাৰ কমিউনিকেত কৰিব নোৱাৰিব, প্ৰিমিয়াম একাউন্ট হব লাগিব , আপোনাৰ কাৰণে বঢ়িয়া অফাৰ এটা আছে, ৭০ পাৰচেন্ট ডিচকাউন্ট
- মানে মেডাম, আপুনি অলপ পাছত ফোন কৰিব নেকি ....... মই বিব্ৰত হৈ কলে
- মানে কেতিয়া, আপোনাৰ কনভিনিয়েন্ট টাইম কেতিয়া হব
- মানে একাউন্ট আজি খুলিছোহে, বাৰ মাহমান নিজে জীৱনচাথী বিচৰাৰ ট্ৰাই কৰি চাই লও, নোৱাৰিলে মইয়েই আপোনাক ফোন কৰিম
দীৰুদা তেতিয়াও জীৱনচাথী ডট কমত এক্সপ্ৰেচ ইন্টাৰেষ্ট বুটামটো ক্লিক কৰাত ব্যস্ত ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...