ৰনদীপৰ বিয়াৰ ৱেডিং হলটোত সোমালো । ৰনদীপ পডিয়ামত বহি আছে । ফুচকা আৰু কফি-পকৰাৰ সোৱাদ ললোৱেই , এতিয়া মেইন কৰ্চটো বাকী আছে ।
- খোৱা-বোৱা হল নেকি......... মই ৰনদীপৰ মহাকক সুধিলো
- নাই হোৱা এতিয়ালৈ ...... মহাকে উত্তৰ দিলে
ঘড়ীটোলৈ চালো , ৯ বাজিছে । হব, আধাঘন্টামানৰ পাছত হলেও হব । হলটোৰ চকী দুখনত দীৰুদা আৰু মই বহি দিলো । ৰনদীপলৈ চালো । বেচেৰাক পডিয়ামত বহাই থৈ দিছে । মুৰত বেংগলী জোঙা বগা টুপী । লাইট এটা তাৰ মুখত পৰাকৈ মাৰি থৈ দিয়া আছে যাতে তাৰ চেহেৰাটো ভালকৈ দেখা যায় । কইনাঘৰৰ মানুহ আহি তাৰ লগত চিনাকি হৈছে , সি ভোলা-ভালা হাহিৰে সম্ভাষণ জনাই আছে, ফটোৰ কাৰণে পজ দিছে ।
- আমাৰ ড্ৰিল চাইটৰ সিংহ দেখোন ইয়াত চাৰ্কাচৰ সিংহ বনি গৈছে ........ মই কলো
- বিয়া পাতিলে চব এনেকুৱাই হৈ যায় .......... দীৰুদাই কলে
ৰনদীপ আহি মন্ডপত বহিল । বামুনে মন্ত্ৰ গাবলৈ ধৰিলে । বামুনৰ লগে লগে ৰনদীপেও বিৰবিৰাবলৈ ধৰিলে ।
কিন্ত কথাটো হল যে ভোক লাগিছে । মই ৰনদীপৰ পেহীয়েকৰ ওচৰ পালোগৈ ।
- পেহীদেউ খোৱা বোৱা নকৰে নেকি .......... মই সুধিলো
- কৰিব তো লাগিছিল, ভোকো লাগিছিল, কেতিয়া বা মাতিব খাবলৈ....... পেহীয়ে কলে
১০ বাজিল । কইনা মন্ডপত প্ৰবেশ কৰিলে । আমি চকীতেই বহি আছো । সময় পাৰ হোৱাৰ লগে লগে ভোকটোও বাঢ়ি বাঢ়ি গৈ আছে । কইনাঘৰীয়া মানুহকেইটাক লক্ষ্য কৰিলো , কাৰো একো উমঘামেই নাই । এপলেকত মালা এক্সচেঞ্জ কৰাৰ পৰ্ব হল । কইনাক কইনাঘৰীয়া মানুহে ওপৰলৈ তুলি ধৰিলে যাতে ৰনদীপে ঢুকি নাপায় । ৰনদীপে দুবাৰমান জপিয়াই মালা পিন্ধাবৰ চেষ্টা কৰিলে । কিন্ত নোৱাৰিলে । ৰনদীপে যিমানেই জপিয়ায় সিমানেই কইনাক ওপৰলৈ তুলি ধৰে । শেযত ৰনদীপকো কান্ধত উঠাই কইনাৰ সমানলৈ অনা হল আৰু ৰনদীপে কইনাক মালা পিন্ধাই দি হাহি এটা মাৰি দিলে ।
১০-৩০ বাজিল । পেটত নিগনি দৌৰিছে কিন্ত খাবলৈ মতাৰ একো লক্ষণ নাই ।
- দীৰুদা ভোক লাগিছে...... মই কলো
- মোৰো লাগিছে, কেতিয়া মাতে এতিয়া....... দীৰুদাই কলে
- তলত ডাইনিং হল এটাত মানুহে খাই আছে
- ধুৰ, চাৰিখন বিয়া চলি আছে, কাৰ বা ডাইনিং সেইটো, গৰবৰ হলে ইজ্বত নিলাম হৈ যাব...... দীৰুদাই কলে
ভোক আৰু ইজ্বতৰ মাজত কম্পিটিচন । মই কইনাৰ ভায়েক যেন লগা লৰাটোৰ ওচৰ পালোগৈ ।
- আপনি কি কইনাৰে ভাই......... মই সুধিলো
- হা, আমি ভাই
- ভাই, ফিলিং ভেৰি হাংৰি, খানা কেতিয়া হব ..... মই ভোকাতুৰ চাৱনি এটা দি লাজ-মান কাটি কৰি সুধি দিলো
- আপুনি কি বড়যাত্ৰী
- হা .......... মই কলো
ভায়েকে ইনফৰমেচন দিলে যে তলত থকা ডাইনিং হলটোত খানা-পিনা হৈ আছে, আমি গলেই হল ।
- নমতাকে যাবি নেকি ........ দীৰুদাই কলে
- এটা কাম কৰো , আৰু দুজনমানক লৈ যাও, তেতিয়া আমি লাইমলাইটত বোছিকৈ নাহো.... মই কলো
আমাৰ নিচিনাই ভোকত কলমলাই থকা ৰাজীব আৰু জিতেশক কনভিন্স কৰি লৈ ডাইনিং হলৰ টেবুল এখনত বহি দিলো । আমাক দেখি দৰাৰ লগত অহা কিন্ত ৰনদীপৰ দম খোৱাৰ ভয়ত চুপ চাপ থকা মানুহবোৰো এজন দুজনকৈ আহি ডাইনিং হলত বহি দিলে ।
No comments:
Post a Comment