Tuesday, July 22, 2014

পাৰ্চেল ডেলিভাৰী

১৪ দিন অন-অফ ষ্টাৰ্ট হোৱাৰ আগৰ কথা । ছুটী পোৱাৰ বিৰাট সমস্যা । বছৰ হাতে ভৰিয়ে ধৰি চাৰি-পাচদিনৰ ছুটী মেনেজ কৰি গুৱাহাটীলৈ আহো । সাধাৰণতে মই গুৱাহাটীলৈ অহা খবটো শিৱসাগৰত ইকানে সিকানে বাগৰি পৰে আৰু সেইখিনি সময়তে বহুত মানুহৰ জৰুৰী চিঠি , পাৰ্চেল , বিভিন্ন বস্ত গুৱাহাটীৰ ৰিলেটিভলৈ পঠিওৱাৰ জৰুৰী প্ৰয়োজনীয়তা আহি পৰে । ফলত মোৰ লগতে নাইট চুপাৰত দুটা বেগ হয়গৈ, এটাত নিজৰ বস্ত, আনটোত গুৱাহাটীত ডেলিভাৰি দিবলগা বস্ত ।

গুৱাহাটী পোৱাৰ পাছতেই মোৰ কাম হয়গৈ বস্তবোৰ সঠিক ঠাইত ডেলিভাৰি দিয়া ।
তেনেকুৱা এটা ডেলিভাৰীৰ কথা..........

ৰদত ঘামি-জামি কোনোমতে ঘৰটো বিচাৰি এঘৰত কলিং বেল টিপিলো । মধ্যবয়সীয়া মহিলা এগৰাকীয়ে দুৱাৰখন খুলিলে ।
- অভিমন্যু বৰুৱাই পাৰ্চেল এটা পঠিয়াছিলে.......... মই কলো
মানুহগৰাকীয়ে পেকেটটো লৈ কলে, এক মিনিট ৰবাচেন

দুৱাৰমুখত ৰৈ আছো । মানুহগৰাকী ভিতৰৰপৰা কাগজ কেইখনমান লৈ ওলাই আহিল ।
- তুমি অভিৰ অফিছতে কৰা ন
- হয় অভিদাৰ অফিছতে কৰো
- আচ্ছা এই চিঠিখন নৰ্মেল পোষ্ট কৰিবা আৰু ইলেকট্ৰিচিটি বিলখন অফিছত জমা দি দিবাচেন........... মানুহগৰাকীয়ে এশটকীয়া দুখন আৰু পেকেট এটা আগবঢ়াই দিলে

মই হেৰাণ-পৰেচান হৈ গলো । জান না পেহচান , ইলেকট্ৰিচিটী অফিছ মে লাইন ধৰি বিল দিব লাগে ।
- চাওক এক্সুৱেলি আজি মোৰ বেলেগ কামো আছে, চিঠিখন বাৰু পোষ্ট কৰি দিম, কিন্ত ইলেকট্ৰিচিটী বিল দিব নোৱাৰিম............ মই কলো
- চোৱা তোমাৰ বছে গম পালে কিন্ত পাৰডন নকৰিব, অভিয়ে মোক বহুত মানে
- বছ মানে
- অভিমন্যু বৰুৱা, মই অভিৰ একেবাৰে নিজৰ পেহী হয়, মোৰ কথা নুশুনিলে কথা বেয়া হৈ যাব কিন্ত ....... মানুহগৰাকীয়ে দম দি দিলে

কি জেং বে । মই আকৌ হেৰান-পৰিচান হৈ গলো । মই জইন কৰিছো ২০১০ ত , অভিদাই ২০১২ ত । হিচাপত মইহে অভিদাৰ বছ হব লাগে । কিবা মিছআন্ডাৰষ্টেন্ডিং হল ছাগে ।

- চাওক , এক্সুৱেলি
- ঠিক আছে, মই অভিক ফোন লগাও......... মানুহগৰাকীয়ে ফোনটো উলিয়ালে

টেমা গৰম হৈ গল । হব বাৰু বুলি কৈ চিঠি, বিল আৰু পইচা লৈ পেহীৰ ওচৰৰপৰা পলালো ।
নিৰাপদ দুৰত্বৰপৰা অভিদাক ফোন কৰিলো
- হেলো অভিদা, এই পাৰ্চেলটো দিব দিছিল যে, মথুৰা নগৰ, বাই লেন ৮ , কোন হয় আপোনাৰ
- অ, মোৰ পেহী হয়
- আচ্ছা পেহীক কোনে পাৰ্চেল লৈ আহিব বুলি কৈছিল
- মানে
- মানে কি বুলি কৈছিল
- অফিচৰ লৰা এজন গুৱাহাটী যাব, তাৰ হাতত পঠাইছো বুলি কৈছিলো, কিয়, কিবা হল নেকি
- নাই, একো নাই

কেচটো বুজি পাই গলো । অভিৰ পেহীয়েকে মোক অফিচৰ লৰা মানে অভিৰ তলতীয়া পিয়ন টাইপৰ কৰ্মচাৰী বুলি ভাৱি আছিল ছাগে ।

তাৰ পাছত..............
তাৰ পাছত কি হব আৰু । চিঠিখন পোষ্ট বক্স এটাত পেলালো আৰু চিধা ঘৰ সোমালো । ডেলিভাৰী চাৰ্ভিছ ক্লজড । বাকী থকা ডেলিভাৰীকেইটাৰ অনাৰক কৈ দিলো যে বস্ত মোৰ ঘৰত আছে, কোনোবা আহি কালেক্ট কৰি লৈ গলেই হল ।

তাৰ নেক্সট ট্ৰিপত পাৰ্চেলবোৰ নিবলৈ "পাহৰি" থাকিলো ।
দুবাৰমান পাহৰাৰ পাছত মই যে "পাৰ্চেল" লৈ গৈছিলো সেইটো বহুতে "পাহৰি" থাকিল ।

Monday, July 7, 2014

কিতাপ


(১)

তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত । কেমেস্ত্ৰী মেজৰ । পানবজাৰলৈ কৰ্চৰ কিতাপ কেইখনমান কিনিবলৈ গলো । বুক হোমত কিতাপ চাই আছো, এখন কিতাপত চকু পৰিল- Organic Chemistry-Clayden । ৰংচঙীয়া কিতাপখন ভালেই লাগিল । পাছে দামটো দেখি সেপ ঢুকি গলো । ১৬৫০ টকা । ক্লেইডেন বাদ দিলো । আৰু এখন চালো । অৰেগেনিক কেমেস্ত্ৰী- ফাইনাৰ । দুটা ভলিউম মিলি ১৫০০ টকা । সেইখনো বাদ দিলো । শেষত বাজেট মিলাই ইন্ডিয়ান ৰাইটাৰৰ সিং-মুখাৰ্জী-কাপুৰ কিনি লৈ আহিলো ।

এইটো নহয় যে লাইব্ৰেৰী নাই । আছে, কিন্ত লাইব্ৰেৰীৰ কিতাপবোৰ বেছিদিন ৰাখিব নিদিয়ে । প্ৰায়ভাগেই অল্দ এডিচন । নিজৰ অনিচ্ছাই হওক বা সহজতে নম্বৰ পোৱাৰ মানসিকতাই হওক চিনিয়ৰৰ নোটছ, ক্লাছ নোটছ পঢ়ি ডিগ্ৰী কমপ্লিট কৰিলো । ইউনিভাৰচিটীত নৱম ৰেংক সহ ফাৰ্ষ্ট ক্লাছ পালো ঠিকেই কিন্ত IISc entrance, JAMকে ধৰি যিমান কম্পিটিটিভ এক্সাম দিলো চবৰে অৰগেনিকৰ প্ৰশ্ন দেখি মুৰ ঘুৰাই গল ।

(২)

JAM নাপালো । গতিকে গুৱাহাটী ইউনিভাৰচিটীত এডমিচন ললো । ছেকেন্ড ছেমিষ্টাৰৰ কথা । সপ্তাহটোৰ বুধবাৰে ডিপাৰ্টমেন্টৰ লাইব্ৰেৰী খোলে । লাইব্ৰেৰীৰ ইনচাৰ্জ প্ৰফেছাৰ দিলীপ কাকতি । তেনেকুৱা বুধবাৰ এটাত ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত পিলিং-পালাং কৰি আছো ।
- কোন চেমিষ্টাৰৰ........... কাকতি ছাৰে সুধিলে
- ছেকেন্ড চেম..... মই কলো
- স্পেচিলাইজেচন কি লম বুলি ভাবিছা
- অৰ্গেনিক
(আচলতে সেই সময়ত মই একো ভৱা নাছিলো কিন্ত ছাৰ অৰ্গেনিকৰ মানুহ বাবে অৰ্গেনিক বুলি কৈছিলো)
কাকতি ছাৰে Organic Chemistry-Clayden আৰু Organic Synthesis-Carruthers নামৰ কিতাপ দুখন মোক জোৰ জবৰদস্তি ইচু কৰাই দিলে ।
এসপ্তাহ ৰুমত কিতাপ দুখন ওপৰে ওপৰে চালো । পাছৰ বুধবাৰটোত কিতাপ দুখন ওভোটাবলৈ গলো ।
- কিতাপকেইখন পঢ়িলানে নাই........... কাকতি ছাৰে শুধিলে
- ওপৰে ওপৰে চালো আৰু............ মই কলো
- ওপৰে ওপৰে চালে হৈ যাবনেকি
- ছাৰ এসপ্তাহতনো কত থৰলি পঢ়া হব
- দিজ আৰ ইমপৰটেন্ট বুকচ ফৰ বিলডিং কনচ্প্টচ, ৰীড দেম থৰলি আৰু যেতিয়ালৈ কমপ্লিট নহয় ঘুৰাই দিব নালাগে
কিতাপকেইখন ৰাখিলো । বহুত দিন ৰাখিলো । প্ৰায় এবছৰ । ৰখাৰ লগতে অলপ-অচৰপ পঢ়িলোও ।
থাৰ্ড চেমত যেতিয়া NET পৰীক্ষা দিবলৈ যাও.......... কচম চে, এটাও অৰ্গেনিক প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহল । এম.এছ.ছি কমপ্লিট নৌহওতেই থাৰ্ড ছেমত NET(JRF) পাই গলো ।
(নেটৰ ৰিজাল্ট পোৱাৰ পাছত কিতাপকেইখন ছাৰক ঘুৰাই দি আহিলো)
তাৰ পাছত যিমানটা কেমেস্ত্ৰী থকা কম্পিটিটিভ পৰীক্ষা দিছিলো তাৰ অৰ্গেনিকৰ প্ৰশ্নবোৰৰপৰা কেতিয়াও আমনি পোৱা নাছিলো ।

(৩)

তাৰ পাছত বহুত ঘটনা-পৰিঘটনাৰে পাচটা বছৰ পাৰ হৈ গল । চাকৰিত জইন কৰাৰ পাছত কেমেস্ত্ৰীৰ কিতাপবোৰ আলমাৰীৰ চুকত ঠাহ খালেগৈ । মায়ে কেতিয়াবা জাৰি-জোকৰি চফা কৰি থয় । কেইখনমান কিতাপ সম্পৰ্কীয় চিনাকি লৰা এজনক দিলো । এদিন আৱিষ্কাৰ কৰিলো যে কেইখনমান কিতাপ পোকে খাইছে । কিতাপবোৰ আলমাৰীৰপৰা ওলাই তলাবন্ধ বাকচত সোমাল ।
এদিন মোৰ কলেজৰ ছাৰ এগৰাকীয়ে ফোন কৰিলে.........
- আচ্ছা, বিকাচ নহয়নে
- হয় ছাৰ কওক
- আমি মানে আমাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটো অলপ ষ্ট্ৰং কৰিব খুজিছিলো, কিতাপৰ সংখ্যা অলপ বঢ়াও, যাতে আমাৰ ষ্টুডেন্টখিনিয়ে ভাল ভাল কিতাপৰ ক্ৰাইছিছত ভুগিবলগীয়া নহয় ।

- হব ছাৰ, মই সকলোপ্ৰকাৰে সহায় কৰিম । মোৰ ঘৰত বহুতকেইখন কিতাপ আছে যিবোৰ এতিয়া মোক নালাগে । সেইবোৰৰ সৈতে আৰু কেইখনমান ভাল কামত অহা কিতাপৰ নিউ এডিচন লাইব্ৰেৰীলৈ দি দিম ......... মই কলো

ছাৰৰ মুখৰ কিতাপৰ ক্ৰাইচিচ শব্দযোৰা কাণত পৰাৰ লগে লগে মোৰ ক্লেইডেনখনলৈ মনত পৰিছিল । ইউনিভাৰচিটীত এটা সম্পুৰ্ন বছৰ মই আজিৰ তাৰিখত ২০২৫ টকা মুল্যৰ ক্লেইডেনখন ব্যক্তিগত সম্পত্তিৰ দৰে ৰাখিছিলো, সেইকালচোৱাত কিজানি কিমানজন সহপাঠী ক্লেইডেনৰ কিতাপখন লাইব্ৰেৰীত নেদেখি বিমুখ হৈ গৈছিল ।

(বি.দ্ৰ-
ৰসায়ন বিজ্ঞান বিভাগ , কটন কলেজৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত ভাল কিতাপৰ সংখ্যা বঢ়াই অলপ শক্তিশালী কৰাৰ প্ৰচেষ্টা চলি আছে । কোনোবা প্ৰাক্তন ছাত্ৰ বা ডিপাৰ্টমেন্টৰ শুভাকাংখীয়ে যদি এই প্ৰচেষ্টাত সহযোগ কৰিব খোজে , বিভাগৰ লগত বা বিভাগীয় পুথিভড়ালৰ তত্বাৱধায়ক ঋতুৰাজ কলিতা ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে )

দেউতা (2)



(৪)

বহুতদিনৰ মুৰত মই দেউতাৰ লগত একেলগে চাহ খাইছো । চাহেই নহয়, বহুতদিনৰ মুৰত দেউতাৰ লগত ভালদৰে কথা পাতিছো ।
- ট্ৰিবিউনখনত এডভাৰটাইজ কেইটামান ওলাইছে, মই চিন দি থৈছো, সময় পালে চাবিছোন.... দেউতাই কলে

অতবছৰে ,সংসাৰৰ ভাৰ কান্ধত লৈ দেউতা কুজা হৈ পৰিছে, দেউতাইও মনে প্ৰাণে ভাৱে... মোৰ সোনকালে কিবা এটা সংস্থাপন হলে সকাহ হলহেতেন ।

ট্ৰিবিউনৰ এডকেইটা চালো । কচিং চেন্টাৰ এটাত মানুহ লাগে, বেংকৰ ক্লাৰিকেল জব ওলাইছে আৰু বৰপেটা কলেজত লেকচাৰাৰ পদ এটা । ইউ.জি.চি স্কেল হোৱাৰপৰা লেকচাৰৰ পোষ্টত দৰমহা বহুত দিয়ে । কলেজত পাৰ্মানেন্ট সোমাব পাৰিলে মোৰ চব প্ৰবলেম চল্ভ হৈ যাব । কিন্ত শুনিছো আজিকালি কলেজৰ চাকৰিতো চেনেল লাগে, নহলে নাপায় ।

বৰপেটা কলেজত মোৰ সম্বন্ধীয় মাহী এগৰাকীৰ খুলশালীয়েকে কাম কৰে । মাহীৰ ৰেফাৰেন্সত তেওৰ লগত যোগাযোগ কৰিলো । মাহীৰ খুলশালীয়েকে বেলেগ এজন মানুহৰ লগত ফোনত যোগাযোগ কৰাই দিলে । তেও মোক আস্বাস দিলে, কামটো কৰি দিব । লগতে কলে যে অলপ থৰচ-পাতি কৰিব লাগিব । জি.বি, প্ৰিন্সিপাল, এক্সপাৰ্ট চবকে খুচ কৰিব লাগিব । যিহেতু ইউ.জি.চিৰ স্কেলটো বাঢ়িছে, গতিকে খুচ কৰাৰ এমাউন্টও বাঢ়িছে । তেও কলে যে আন কেন্ডিডেটেও যোগাযোগ কৰিছে । গতিকে সোনকালে নকৰিলে হাতৰ পৰা চান্সটো ওলাই যাব পাৰে ।

মোক পাচ লাখ টকাৰ প্ৰয়োজন আছিল । মোৰ নিজৰ একাউন্টত ত্ৰিশ হাজাৰ গোট খাইছিল । দেউতাক সকলো কথা ভাঙি পাতি কলো ।
দেউতাই কথাবোৰ শুনিলে , তাৰ পাছত কলে, "মোৰ বেংকত ৰেকাৰিংটো ভাঙিব লাগিব, তোৰ চাকৰিটো মোৰ বাবে, ঘৰখনৰ বাবে অতি প্ৰয়োজন । "

কথাখিনি কৈ দেউতা ভিতৰলৈ সোমাই গল । মই লক্ষ্য কৰিলো, দেউতা সহজ হব পৰা নাই । টকা দি মই চাকৰি কিনিব ওলাইছো । দেউতাৰ নীতি-আদৰ্শৰ যে কেনো মুল্য নাই সেয়া বোধহয় দেউতাই বুজিব পাৰিছে ।

ৰাতি এটা ভাৰাক্ৰান্ত মন লৈ বিচনাত পৰিলো । চিলমিলকৈ টোপনি আহিছিল । মাজনিশা মই অনুভৱ কৰিলো, কাষৰ ৰুমটোত কোনোবাই উচুপিছে ।

(৫)

- আজি ৰেকাৰিংটো ভাঙিবলৈ বেংকত দৰখাস্ত দিব লাগিব, তোক পইচা লাগিব নহয়..... ৰাতিপুৱা চাহ খাবলৈ লৈ দেউতাই কলে

দেউতাৰ মুখখন শেতা পৰি আছে । চকুকেইটাও উখহি আছে । বোধহয় কালি ৰাতি টোপনি হোৱা নাই ।
- দেউতা পইচা দি চাকৰি নলও দে, আজিলৈকে কাৰো একো অন্যায় কৰা নাই, ঘোচ দি অন্যায় নকৰো দে, কপালত যি আছে সেয়াই হব, কিবা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিম....... মই দেউতাক কলো

চাহ কাপত শোহাটো মাৰিবলৈ লৈ দেউতাই মুৰ তুলি চালে । বহুতদিনৰ মুৰত দেউতাৰ চকুত চকু থৈ কথা কৈছো । মই চকু নমাই আনিলো । জৰুৰী টিউচন এটা আছে বুলি কৈ মই ঘৰৰপৰা ওলালো । মোৰ ভাৱ হল, মইয়েই পৃথিৱীৰ সকলোতকৈ স্বাৰ্থপৰ, অৰ্কমন্য, অপদাৰ্থ মানুহ ।

নিয়মমাফিক মই পাচশ টকাৰ ড্ৰাফট কাটি কলেজত এপ্লাই কৰিলে । কেইসপ্তাহমান পাছত ইন্টাৰভিউৰ বাবে কলিং লেটাৰ আহিল ।
ইন্টাৰভিউৰ দিনা দেউতাৰ ভৰি চুই আশীৰ্বাদ ললো । দেউতাই কলে, সজ পথত থাকিলে ভগবানে চকু মেলি চাবই ।

বগা চোলা, ক'লা পেন্ট, কলা জোতা, ফৰেমেল ড্ৰেচত কলেজ পালোহি । প্ৰায় সোতৰজনমান কেন্ডিডেট হৈছে, প্ৰায়ভাগেই মোৰ চিনাকি । বেছিভাগৰে মোৰ দৰেই অৱস্থা ।প্ৰত্যেককে চাকৰি এটাৰ খুবেই প্ৰয়োজন ।
ইন্টাৰভিউ ভালেই হল । প্ৰায়ভাগ প্ৰশ্নৰে উত্তৰ দিব পাৰিলো । বৰদলৈ ছাৰ ইন্টাৰভিউ বৰ্ডত আছিল । মনত সাহ এটা আহিল । বৰদলৈ ছাৰ আমাৰ ডিপাৰ্টমেন্টৰ হেড, খুব কাঢ়া মানুহ । তেও থাকিলে অন্তত দুই নম্বৰী নহয় । ঘৰলৈ আহি দেউতাক ইন্টাৰভিউ ভাল হোৱা কথাটো কলো । দেউতাৰ চকুত এটা তিৰবিৰনি দেখিবলৈ পালো ।

(৬)

বহুদিন পাৰ হৈ গল, কলেজৰপৰা একো খা-খবৰ পোৱা নাই । এদিন ৰাতিপুৱা টিউচন এটা অতাই চান্দমাৰী বজাৰত সোমাইছো । দেখিলো বৰদলৈ ছাৰে মাছ বেপাৰী এজনৰ সৈতে দৰ-দাম কৰি আছে । মই ওচৰ চাপি গলো ।
- ছাৰ ভালনে......... মই সুধিলো
- অ তুমি, ভালনে তোমাৰ..... ছাৰে উত্তৰ দিলে
- ভালেই
- এতিয়া কি কৰি আছা
- কে.ডি জুনিয়ৰ কলেজত কৰি আছো
- অ
- ছাৰ বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ কিবা গম পায় নেকি
- কোনটো
- সেই যে লেকচাৰাৰ পোষ্টটোৰ
- অ, আচলতে কি জানা, এইবোৰ বহুত কথা, তাত লোকেল কেন্ডিডেট আছিল, এমেলেৰে বেকিং, চব আগতেই ফিটিং হৈ আছিল, ইন্টাৰভিউ এটা ভেকোভাওনা
- ছাৰ
- নকবা বুইচা, এইবোৰ কাৰ বাবেই মফচলীয় অঞ্চলৰ কলেজবোৰৰ ইন্টাৰভিউবোৰলৈ মই যাবই নোখোজো, একেবাৰে মাছৰ বজাৰ বনাই ৰাখিছে, কলেজবোৰত এই ইন্টাৰভিউ নামৰ চিষ্টেমটোকে উঠাই দিব লাগে
- হয় ছাৰ............ মোৰ মুখৰে এটা হুমুনিয়াহ ওলাই আহিল

লোকেল ৰৌমাছ এটা মিডিয়াম চাইজৰ পিচ কৰি কটাই লৈ বৰদলৈ ছাৰ গলগৈ । বোধহয় তেওৰ ঘৰলৈ আজি কোনো বিশেষ আলহী আহিছে । দুপৰীয়া মই বৰপেটা কলেজলৈ ফোন কৰিলো । তাত প্ৰিন্সিপালৰ সহায়কে জনালে যে ৰিজাল্ট আজি ওলাইছে আৰু অনন্যা শইকীয়াই চাকৰিটো লাভ কৰিছে ।

আবলিৰ টিউচন দুটা কৰি ঘৰ পাওতে ৰাতি ন বাজিল । দেউতাই ভাত খাই আছিল ।
- দেউতা, বৰপেটা কলেজৰ ইন্টাৰভিউটোৰ ৰিজাল্ট দিলে, ছোৱালী এজনীয়ে চাকৰিটো পালে..... মই কলো

দেউতাই একো নকলে । কাহীখনত অলপ ভাত বাকী আছিল । দেউতাই নিৰুদ্বেগভাৱে বাতিটোৰপৰা দাইল অকনমান ভাতখিনিৰ ওপৰত বাকি ললে ।

মই ভিতৰৰ ৰুমটোত সোমালো । ৰুমটোত এটা ডাঙৰ ষ্টীলৰ আলমিৰা আছে । আলমিৰাটোত এখন ফুল চাইজড গ্লাছ । মই আয়নাখনৰ সমুখত থিয় হলো । কেইমাহমান পাছত দেউতা ৰিটায়াৰ্ড হব । মই দেখিলো আয়নাখনৰ মোৰ প্ৰতিবিম্বটো অলপ কুজা হৈ পৰিছে । ঘৰভাড়া, চাউল-দাইল-তেল-নিমখ, ঔষধ, ভাইটিৰ কলেজৰ ফীজ , এটা প্ৰকান্ড বোজা । বোজাটোৰ বাবে মোৰ ভাৰসাম্য হেৰাই গৈছে । মই চিঞৰিব খুজিছো, কিন্ত..... মোৰ মুখৰে এটা শব্দও ওলাই অহা নাই ।
পৃথিৱীখনৰ বোজাৰ ভৰত মই কুজা হৈ পৰাৰ লগতে কিজানি বোবাও হৈ পৰিছো ।

Tuesday, July 1, 2014

ফুটবল


অফত ঘৰত আছো । কাম-বন একো নাই । ব'ৰ হৈ
আছো । আগবেলা ৰাজবংশীৰ লগত ইউনিভাৰচিটি গৈ টাইম কিল কৰিলো । আবেলি টিভিটো এনেয়ে খুলি ললো ।

ঘৰৰ ওচৰতে ফিল্ড এখন আছে । দে
খিলো পিলিঙা কেইটামানে ফুটবল এটা মাজত লৈ টীম ভগাবলৈ ধৰিছে । হাফপেন্ট আৰু টি-চাৰ্ট এটা লগাই নামি গলো ।
- ভাইটি ময়ো খেলো দিয়া..... মই কলো
- অ দাদা, আপুনি সেইফালে মাৰিব, বেকত খেলক.... পিলিঙা এটাই কলে

পিলিঙা জাকটোত ১১ৰ পৰা ২০ বছৰৰ লৰা আছে । তাৰ তুলনাত মই যথেষ্ঠ বুঢ়া । আৰু বেলতলা ফিল্ডৰ নিয়মমতে বুঢ়া মানুহে বেকত খেলে । তাৰ কাৰণ দুটা । প্ৰথম হল বেছিভাগ বুঢ়া মানুহ (চিনিয়ৰ) পেটুৱা হয়, দৌৰিব নোৱাৰে, গতিকে আগত খেলাই লাভ নাই । দ্বিতীয়তে বুঢ়া মানুহে বলটো জোৰেৰে লঠিয়াব পাৰে , গতিকে বেকৰপৰা বলটো ক্লিয়াৰ কৰাত সহজ হয় ।
চেন্টাৰ বেকত পজিচন লৈ ললো ।
দহ মিনিটমান পাৰ হল । দৌৰাদৌৰি কৰি আছো । স্পৰ্টিং-পেন্ট ঘামত তিতি গল । ভাগৰত ফোপাই আছো । কিন্ত এটাও বল ভৰিত পৰা নাই । পোৱালিকেইটাই একেবাৰে চাৰ্প মুভ কৰে । পাট্টাই পোৱা নাই । বাঢ়ি অহা পেটটোৰ ওজন বাৰুকৈয়ে অনুভৱ কৰিছো । ভৰিত বিষ, পিঠিত বিষ, অসহ্য গৰম । স্পৰ্টিংটো খুলি হাতেৰে চেপি দিলো । আধালিটাৰমান পানী ওলাল ।

পানী চেপি স্পৰ্টিংটো পিন্ধি মোৰ ৱান পেক এব ঢাকি ললো । বৰ্তমান মই ফিল্ডৰ একেবাৰে লেফট-মিডিলত । পিলিঙাকেইটাই চেন্টাৰত বলটো লৈ কেৰী কৰি আছে ।
হঠাত কাৰোবাৰ ভৰিত লাগি বলটো মোৰ ফালে আহিল । প্ৰথমবাৰৰ বাবে ভৰিত বল পৰিল । গলপোষ্টলৈ চালো ৫০ মিটাৰ আছে । বলটো লাহেকে আগলৈ ঠেলি আগুৱাই গলো । কেইবাটাও পিলিঙাই বলটো খেদি আহিল ।
প্ৰথম পিলিঙাই তীব্ৰ চোচা মাৰি আহি সো-ভৰিখনৰে লেং মৰাৰ প্লেন লৈছিল । বলটো ঠেলি জপিয়াই দিলো । পিলিঙাৰ ঠেং ভগাৰপৰা বাচিল । তাৰ পাছত দাত কৰচি থিয় হৈ থকা পিলিঙাটোৰ ভৰি দুখন ফাক হৈ আছিল । ফাকেদি বল ভৰাই দিলো । গললৈ ২০ মিটাৰ আছে । এইবাৰ সমুখত দুটা পিলিঙা, এটা ক'লা, এটা বগা । তাৰ পাছফালে গলত গলকীপাৰ পজিচন লৈ আছে । মাজলৈ পাছ দিয়াৰ দৰে কৰিলো । বগা পিলিঙা পিছুৱাই মাজলৈ গল । তাৰ পাছত বলটো বাওফালে নিয়াৰ দৰে বাওভৰিখন উঠালো । ৰিফ্লেক্স এক্সনত ক'লা পিলিঙাটো অলপ বাওফালে হাউলি যোৱাৰ মুহুৰ্ততে বাওভৰিৰে বলটো অলপ সোফাললৈ নি সোভৰিৰে পুচ কৰি দিলো । বল গৈ সোফালৰ পোষ্টত লাগি গ'লত সোমাল ।
কুল । গ'ল দেখি মোৰ টীমৰ পিলিঙা কেইটা খুচ হৈ গ'ল ।
চেন্টাৰ বেকৰপৰা চেন্টাৰ মিডফিল্ডলৈ প্ৰমট হৈ গলো ।

কিন্ত দুখৰ কথা যে তাৰ পাছত মিডফিল্ডৰপৰা ছয়-সাতটা এটেম্প্ট লৈছিলো যদিও শ্বট গ'লৰ সোৱে-বাৱে-ওপৰৰে গ'লগৈ, মানে এটাও গ'ল দিব নোৱাৰিলো ।

বৰ্তমান সময়ত-
বাওভৰি-ককাল-পিঠিত প্ৰচন্ড বিষ । মাতৃদেৱীয়ে আধাঘন্টামান বকি বকি মুৰত হিমগংগা আৰু ভৰি-পিঠিত ভলিনী লগালে । বিচনাত পৰি কোনোমতে ফেচবুকাই আছো ।

মাজুলী


(১)

সৰুতে কিতাপত পঢ়িছিলো, মাজুলী অসমৰ ঐতিহ্য । তেতিয়াই মনত প্ৰশ্ন জাগিছিল..... মাজুলীলৈ এতিয়ালৈ দলং কিয় হোৱা নাই ।

২০১৩ চন । মাজুলী যোৱাৰ প্লেন এটা বনালো । মই, যোৰহটীয়া কলিগ অৱনীদা আৰু অন্ধ্ৰপ্ৰদেশৰ আন্নাবাবু আইটুৱেন্টি লৈ ওলালো । যোৰহাট, নিমাতীঘাট পালোহি । ঘাট পাইয়েই বুকুখন চিৰিংকৈ গল । এখন ভুটভুটীত মানুহ, বস্ত, বাইক, গাড়ী চব বোজাই হৈ আছে । অৱনীদাৰ নতুন আই-২০ খন ভুটভুটীৰ ওপৰত তুলিম নে নুতুলিম চিন্তা কৰিবলৈ ঘৰিলো । অৱনীদায়েই কলে.. যি হয় হৱ, চব মানুহ তো গৈয়েই আছে ।

ব্ৰহ্মপুত্ৰৰ সিপাৰে মই নেদেখা অসমৰ ঐতিহ্য । ঈশ্বৰক চিন্তি ভুটভুটিত উঠিলো । ইঞ্জিন ষ্টাৰ্ট হল । মাল্টিকেৰিয়াৰ নাওখন চলিবলৈ ধৰিলে ।
আন্নাবাবুৰ কেমেৰা খোল খালে । নাওৰ দুই-এজন মানুহৰ লগত চিনাকি হল । অমায়িক যেন লগা মানুহ এজন মাজুলীৰ স্কুল এখনৰ হেডমাষ্টৰ ।
- আচ্ছা, ইয়াত দলং এখন হলে ভাল হলহয়চোন , আপোনালোকে দলং এখনৰ বাবে চৰকাৰক প্ৰেচাৰ নিদিয়ে কিয়......... অৱনীদাই সুধিলে
- দলং নালাগে , এবাৰ চৰকাৰে জৰীপ কৰিছিল, আমি বাধা দিলো..... মানুহজনে কলে
- কিয়
- দলং হলে মাজুলী বহিৰাগতৰে ভৰি যাব, ই আমাৰ ঐতিহ্য ধ্বংস কৰিব
- কিন্ত যাতায়ত ব্যৱস্থা ভাল হলে আপোনালোকৰে ভাল নহব জানো । টুৰিষ্ট বেছিকৈ আহিব, বয়-বস্ত অনা নিয়াত সহজ হব, চিকিতসা ব্যৱস্থা, শিক্ষাব্যৱস্থা উন্নত হব, ইকনমি বাঢ়িব ।
- চাওক অসমখন আজি বিদেশী-বহিৰাগতৰে ভৰি পৰিছে, কিন্ত অকল মাজুলীতে আমি আমাৰ ঐতিহ্য ধৰি ৰাখিছো, ইয়াৰ ভাওনা, মুখাশিল্প, সত্ৰ চাবলৈ হাজাৰ হাজাৰ মানুহ আহে , কিয় আহে, কাৰণ আমি আমাৰ ঐতিহ্যক বিজতৰীয়া নকৰাকৈ ধৰি ৰাখিব পাৰিছো
- তথাপিও যোগাযোগ ব্যৱস্থা উন্নত হলে ভাল হয় দিয়কচোন ...... অৱনীদাই মোলায়ম সুৰত কলে

তাৰ উত্তৰত হেডমাষ্টৰজনে কীৰ্তন নে নামঘোষাৰ শ্লোক অলপ গাবলৈ ধৰিলে । শ্লোকৰ অৰ্থ নুবুজিলেও হেডমাষ্টৰে যে অৱনীদাৰ কথা ভাল পোৱা নাই সেইটো অৱনীদাই বুজি পালে ।

(২)

ভুটভুটী মাজুলীৰ ঘাটত ৰলহি । গাড়ী নমালো । এতিয়া সন্মুখত বহুদুৰলৈ কেৱল বালি আৰু বালি । অৱনীদাই কথা পতা হেডমাষ্টৰজনে আমাৰ গাড়ীতে লিফ্ট ললে । আগত বালি উৰুৱাই যোৱা গাড়ীবোৰৰ পাছে পাছে আমাৰ গাড়ী আগবাঢ়িল ।

কিছুদেৰিৰ পাছত আমাৰ গাড়ীয়ে মাটি স্পৰ্শ কৰিলে । ১৫-২০ তকৈ বেগাই গাড়ী নিব নোৱাৰি ।
- এই ৰাষ্টাটো সদায় এনেকুৱাই নে আগতে কেতিয়াবা ভাল আছিল...... মই সুধিলো
- পি.ডব্লিউ.ডি য়ে বনাইছিল মাজতে, যোৱাবেলি বানে বেয়া কৰি গল...... হেডমাষ্টৰজনে কলে

কিছুদেৰি যোৱাৰ পাছত অলপ ভাল ৰাষ্টা পালো । বাওফালে গীৰ্জা এটা চকুত পৰিল ।
- ইচ ৰাম, মহাপুৰুষৰ ঘাটিতেই গীৰ্জা । আপোনালোক থাকোতেও বিদেশী সোমালেই দেখোন ..... অৱনীদাই কলে
- এইবোৰ চব পাপীষ্ঠ । মানুহক টকা দিয়ে, লোভ দি ধৰ্মৰপৰা বিপথে লৈ গৈছে ......... এইবুলি কৈ হেডমাষ্টৰজনে আৰু কেইটামান কীৰ্তনৰ শ্লোক মাতিলে

হেডমাষ্টৰজনক তিনিয়ালি এটাত নমাই আমি চৰকাৰী পৰিদৰ্শন বঙলা এটালৈ গলো । তাতেই ষ্টে কৰাৰ প্লেন আছিল ।
ৰাতি বঙলাৰ কেয়াৰটেকাৰজনৰ লগত আদ্দা চলিল । আদ্দাত মাজুলীৰ কথা ওলাল ।
- আচ্ছা সঞ্জয় ঘোষক লগ পাইছিল নেকি আপুনি ....... অৱনীদাই সুধিলে
- এবাৰ নে দুবাৰ পাইছিলো..... কেয়াৰটেকাৰজনে কলে
- শুনিছো মানুহজন বহুত ভাল আছিল, মাজুলীৰ কাৰণে বহুত কিবা-কিবি কৰিছিল
- কিবা-কিবি কৰিছিল হয় , গছ ৰুইছিল, ডাক্তৰ আনি গাৱত কেম্প কৰিছিল, কিন্ত মানুহজনৰ চিন্তাধাৰা আমাৰ লগত মিলা বিধৰ নাছিল
- মানে
- মানে অদ্ভুত কিবা-কিবি কথা কৈ ফুৰিছিল লুইতক ভেটিব বোলে, লুইতক জানো কোনোবাই ভেটিব পাৰে
- লুইতক ভেটিব কোনে............. অৱনীদাই হাহি এটা মাৰিলে

(৩)

পাছদিনা সত্ৰ এখনলৈ ওলালো । কেয়াৰটেকাৰজনে দিয়া নিৰ্দেশনামতে সত্ৰখন পালোহি । ডাঙৰ গেট এখন । দেহ-মন শিহৰিত হৈ পৰিল । ইমানদিনে শুনি থকা অসমৰ ঐতিহ্যৰ অংশ এডোখৰত খোজ পেলাইছো । সত্ৰৰ ভিতৰখন যথেষ্ঠ চাফ-চিকুণ । শুভ্ৰ সাজত বহুকেইজন ভকতক দেখা পালো । ঘৰ এটাৰ ভিতৰৰুৰা নাম-কীৰ্তনৰ সুৰ ভাহি আহিল । আন্নাবাবুক কলো............ দিছ ইজ আৱাৰ হেৰিটেজ । এ ৰিচ এন্ড কালচাৰ্ড হেৰিটেজ । আন্নাবাবুই আমাৰ হেৰিটেজৰ ফটো লৈ থাকিল ।

সত্ৰৰ ভকত এজন আমাৰফালে আগুৱাই আহিল । আমি আমাৰ কোম্পানীৰ নাম কৈ পৰিচয় দিলো । ভকতজনে গোসাইৰ দৰ্শনৰ বাবে আমাক ঘৰ এটাৰ ভিতৰলৈ লৈ গল ।
ঘৰটোৰ ভিতৰত নাম-প্ৰসংগ চলি আছে । ধুপ-ধুনাৰ সুবাস । আমি ভকতসকলৰ লগত বহিলো । আমাৰ সম্নুখত মনিকুট আৰু মনিকুটৰ কাষত সুঠাম-নিপোটল চেহেৰাৰ মানুহ এজন । তেওৱেই গোসাই । কিছুদেৰিৰ পাছত নাম-প্ৰসংগ শেষ হল । সকলোৱে আঠু ললে । ভকতজনে আমাক কলে...... গোসাইয়ে মাতিছে আপোনালোকক ।

আমি গোসাইৰ ওচৰ পালোহি । পদ কেইটামান মাতি গোসাইয়ে আমাক আশীৰ্বাদ তথা প্ৰসাদ দিলে । অৱনীদাই সত্ৰলৈ বৰঙনিৰুপে নোট কেইখনমান আগবঢ়ালে ।
এনেতে দেখিলো ভকত এজনে কাগজ এখন গোসাইৰ ওচৰলৈ লৈ আহিছে, কাগজখন ওলোটাই ধৰিছে আৰু কাগজত লিখা কথাখিনিৰ তলত গোসাইয়ে ওলোটাকৈ চহী কৰিছে ।

ঘৰটোৰপৰা ওলাই ভকতজনক সুধিলো......... আচ্ছা, গোসাইয়ে ওলোটাকৈ চহী কিয় কৰিলে
- ওলোটাকৈ নহয়, গোসাই ঈশ্বৰৰ অৱতাৰ, আন মনুষ্যতকৈ শ্ৰেষ্ঠ, সেয়ে আন মনুষ্যই লিখা কখাৰ তলত চহী নকৰে, কাগজখন ওলোটাকৈ লৈ কথাখিনিৰ ওপৰত নিজৰ চহী কৰে....... ভকতজনে বুজাই দিলে

চহীৰ কেচটো কিবা এটা সাথৰ যেন লাগিল । এনেতে দেখিলো অৱনীদাই আন এজন ভকতৰ লগত কথা পাতি আছে । অৱনীদা কপি আছে, মাতটোও জোখতকৈ বেছিকৈ ওলাইছে । মাজে মাজে ভকতজনৰ ফালে আঙুলি টোৱাইছে । কোবাকুবিকৈ মই অৱনীদাৰ ওচৰ পালোহি ।
- গোসাইৰ ওচৰত এতিয়া মোৰ সেৱা আছে, মোক এইবোৰ কথা কৈ নাথাকিবি, মই যাও....... এইবুলি কৈ ভকতজন আতৰি গলগৈ

-কি হল অৱনীদা, কি কেচ .......... মই সুধিলো
- বল ইয়াৰপৰা যাও, ফেৰীৰ টাইম হৈছে.......... অৱনীদাই কলে

আমাৰ আই-২০ ওখোৰা মোখোৰা বাটটোৰ ধুলি উৰুৱাই ঘাটৰফালে আগবাঢ়িল
- সেই ভকতটো কোন আছিল......... মই সুধিলো
- সি মোৰ লগত কলেজত একেলগে আছিল । বিমান, বিমান পেগু , মিচিং লৰা ।
- সি আকৌ পঢ়া-শুনা এৰি ভকত কিয় হল
- নকবি আৰু, সি পঢ়াত খুব ভাল আছিল , কলেজত খেলা-ধুলা, নাটক চবতে আগভাগ লৈছিল । সি মোক কৈছিল যে সি ডাক্তৰ হব কাৰণ তাৰ গাৱত ডাক্তৰ নাই, বানপানীত প্ৰায়েই সিহতৰ গাৱৰ বহুত মানুহ বেমাৰত পৰে ।
- তেন্তে
- কলেজৰ পৰীক্ষা দি যেতিয়া সি গাৱলৈ গল তেতিয়া সি জানিবলৈ পালে যে গোসাইয়ে তাক শৰণ দিব আৰু সি এতিয়াৰেপৰা সত্ৰৰ সেৱাত নিযুক্ত হব
- আৰে , এইবোৰ কি আকৌ
- চা, গোসাইৰ কথাৰ নামানিলে ইয়াৰ ৰাইজে সিহতৰ ঘৰখন এঘৰীয়া কৰিব, এঘৰীয়া কৰা মানে তো বুজিছই
- আৰে বাবা

ঘাটলৈ অলপ দুৰ আছে । কালি দেখা গীৰ্জাটো ৰাষ্টাৰ সোহাতে দেখিলো ।

(৪)

আবেলিৰ ভুটভুটীখনত গাড়ীখন উঠালো । আকাশখন ডাৱৰীয়া হৈ আছে । হে ভগবান, কেনেবাকৈ সিপাৰ পালেই হয় ।
নাওখনত বহুত মানুহ । কাষতে প্ৰায় অচেতন মানুহ এটা । মানুহটোৰ হাতখন কপি আছে । মানুহটোৰ কপি থকা হাতথন সাবতি মাইকী মানুহ এজনী । বোধহয় যোৰহাটলৈ চিকিত্সাৰ বাবে নি আছে ।
- এনেকৈয়ে মাজুলীত মানুহ আছে আৰু থাকিব, মুৰ্খ মানুহ চব......... ওচৰৰে লৰা এজনে মানুহজনলৈ চাই কলে
- আপুনি.......... মই সুধিলো
- মই ইয়াত স্কুল এখনত কাম কৰো । টেটত সোমাইছো । আপোনালোক ।
- আমি ফুৰিবলৈ আহিছিলো
- অসমৰ হেৰিটেজ চাবলৈ আহিছিল মানে
- হয়
- চালে, অসমৰ ঐতিহ্য মাজুলী , টুৰিষ্ট ষ্পট
- হয়
- চাল্লা যত বৰষুণ দিলেই নাও বন্ধ হৈ পৰে, যিখন ঠাইলৈ ভাল যোগাযোগৰ ব্যৱস্থা নাই , ৰাস্তা-ঘাট বোলা বস্ত নাই, সেই খন আকৌ হেৰিটেজ টুৰিষ্ট স্পট । কমেডি আৱ এৰৰচ ।
- কথাটো নোহোৱা নহয়
- ইয়াত ধৰ্ম-সংস্কৃতি-ঐতিহ্যৰ দোহাই দি এচামে সাধাৰন মানুহখিনিক বুৰ্বক বনাই লুটিপুটি ৰজা হৈ আছে । এফালে মাজুলীৰ মাটি চপৰা-চপৰে খহি নাইকীয়া হব ধৰিছে আৰু আনহাতদি ঠিকাদাৰ-দালাল-পলিটিচিয়ান-ধৰ্মগুৰুবোৰৰ সম্পত্তিৰ পাহাৰখন ডাঙৰ হৈ হৈ গৈ আছে । কেৱল এই নদীখন পাৰ হব নোৱাৰি কিমান মানুহ চিকিতসাৰ নোহোৱাকৈ মৰিছে সেইবোৰ কাৰো খবৰ নাই আৰু সেই মানুহবোৰেই ইয়াত দলং বনোৱাত বাধা দিয়ে , আমাৰ ঐতিহ্য বোলে ধ্বংস হব । ধুৰ ........ লৰাজনৰ চেহেৰাত খং আৰু ক্ষোভৰ সংমিশ্ৰণ এটা দেখা গল

ব্ৰহ্মপুত্ৰৰ বুকুত জোখতকৈ বেছি বয়-বস্ত-মানুহ কঢ়িয়াই ভুটভুটীখন আগুৱাইছে । সমুখৰ ঘাটটো ৰিনিকি ৰিনিকি চকুত পৰিছে ।সুৰ্যটো লাহে লাহে লুইতলৈ নামি আহিছে । আন্নাবাবু ফটো লোৱাত ব্যস্ত । ৰুগীয়া মানুহজনৰ হাতখন কপি আছে । মানুহজন এতিয়াও জীয়াই আছে ।
পাছফালে দা কালচাৰেল হেৰিটেজ অৱ আচাম ।

ব্ৰহ্মপুত্ৰৰ বুকুত লাহে লাহে অদৃশ্যমান হৈ পৰিছে এসময়ৰ পৃথিৱীৰ এটা সৰ্ববৃহত নদীদ্বীপ ।

এহাত ডাবা

এইকেইদিন দীৰুদাৰ লগত চেচ খেলি আছো । এক্সুৱেলি দুযোজনৰে নাইট শ্বিফট চলি আছে আৰু দুয়েজনৰে ৰীগত কাম-বন নাই । ৰাতি ঘুমটি মৰাৰ পাছত দিনত টাইম কিল কৰিবলৈ চেচ খেলো ।

ডি.এছ.এৰ ৰিক্ৰিয়েচন হলত চেচ খেলাৰ সুবিধা আছে । প্ৰথমতে দীৰুদাই মোক চেলেঞ্জ কৰিলে........ বল চেচ খেলো

ষ্টেপ ১- ইনিচিয়েচন

দীৰুদাৰ হোৱাইট, মোৰ ব্লেক । দীৰুদাই প্ৰথম চালত ঘোৰা উলিয়ালে ।
- আপুনি মানে কাৰপভক ফলো কৰে.......... মই সুধিলো
- কিয়.......দীৰুদাই সুধিলে
- ২০০০ চনত ৱৰ্লড টাইটেলৰ বাবে আনন্দৰ লগত খেলোতে কাৰপভে এইটো চাল দিছিল । কাৰপভে সাধাৰণতে এইটো চালৰেই আৰম্ভ কৰে ।
- কেনেকৈ গম পালি
- আপুনি মোক কচ্চা খিলাড়ী বুলি ভাবিছে নেকি

দীৰুদাক অলপ মেন্টেল প্ৰেচাৰ দি দিলো । ফলত দীৰুদাই অতি সাবধানেৰে খেলিবলৈ লাগিল ।
খেল চলি আছে , দীৰুদাই ঘোৰা বঢ়িয়া মুভ কৰে । দীৰুদাৰ ডিফেন্স ভেদ কৰিব পৰা নাই ।

ষ্টেপ ২- প্ৰভকেচন

হামলা অপজিচন কে দিমাগ পে কৰনা চাহিয়ে । আপুনি কিচ্ছু খেলে দেই, আপুনি এইটো তামাম চাল দিছে দেই বুলি দীৰুদাক উঠাই আছো । দীৰুদাৰ চেহেৰাত প্লীজেন্ট স্মাইল । এবাৰ মুৰে কপালে হাত দি গভীৰ চিন্তাত পৰা যেন দেখুৱাই কলো, ফচি গলো, ধুৰ
দীৰুদাৰ চেহেৰাত "মোক ডায়লগ দিছিলি বেটা" টাইপত আত্মতুষ্টিৰ এক্সপ্ৰেচন ।

হাতী এটা চাৰিটা ঘৰ আগুৱাই দি ঘোৰা এটা ভালনাৰেবল কৰি দিলো । দীৰুদাই নিজৰ হাতীটোৰে ঘোৰাটো খাই পেলালে । মই নাওখনেৰে হাতীটো খালো আৰু তাৰ পাছত দীৰুদাই মন্ত্ৰীৰে মোৰ নাওখন খালে । এই খোৱাখুয়িৰ কাৰবাৰটোত মোৰ এটা পাৱাৰ বেছিকৈ গল । মই মুৰে কপালে হাত দিলো । দীৰুদাৰ হাহিটো ডাঙৰ হৈ আহিল ।

ষ্টেপ ৩- টাৰ্মিনেচন

এই কাৰবাৰটোত দীৰুদাৰ মন্ত্ৰীটোৰ পজিচন চেঞ্জ হোৱাৰ ফলত দীৰুদাৰ ডিফেন্সত সুৰুঙা ওলাল । দীৰুদাৰ ৰজাটো কেচলিং কৰাৰ পাছত চুকত সেমাই আছিল । দীৰুদাৰ নাওখন মন্ত্ৰীয়ে ধৰি আছিল । মন্ত্ৰীৰ পজিচন চেঞ্জ হোৱাৰ পাছত নাওথন দুৰ্বল হৈ পৰিল । হাতীৰে নাওখন খালো । দীৰুদাৰ ৰজাই হাতীটো খালে । ৰজাৰ কেষ্টলৰ দৰ্জা ভাঙি গল । লগে লগে মই মন্ত্ৰীটোৰে চেক দিলো, ৰজা মুকলিলে ওলাব লগাত পৰিল । দুটা চালৰ পাচত দীৰুদাৰ ৰজা ফ্ৰীজ হৈ পৰিল । চেক-মেট ।

-২০০২ চনত কাছপাৰভে এলেকচান্দ্ৰভক এনেকুৱা পজিচনত হৰুৱাইছিল ....... মই কুল স্মাইল এটা দি কলো

(তাৰ পাছত দীৰুদাই মোক গেম পৰিশোধ কৰিলে । ইন দা মিনটাইম মই দীৰুদাৰ উইক পইন্ট স্পট কৰিলো । দীৰুদাৰ ঘোৰা ওলালেই মই খাই থৈ দিও । ঘোৰা নহলে দীৰুদাৰ টেনচন বাঢ়ি বেচেৰা অপাহিজ টাইপৰ হৈ যায় )

ফাইনেল স্কৰ................ মই(৭)- দীৰুদা(২)

Sunday, June 8, 2014

সময়

(১)

২০১০ চন । তেতিয়া মই ইউনিভাৰচিটি এখনত পি.এইচ.ডি কৰি আছো । মোৰ নেট-জে.আৰ এফ আছিল । ইউ.জি.চি ফেলোশ্বিপ । এমাহ-দুমাহ........ চাৰিমাহ পাৰ হৈ গল । ফেলোশ্বিপৰ পইচা নাহেহে নাহে । পেটত গাঠি মাৰি তো ৰিচাৰ্চ কৰিব নোৱাৰি । গতিকে টিউচন কেইটামান কৰো । লগত জইন কৰা বাকীকেইটাৰো একে অৱস্থা ।
এদিন ইউনিভাৰচিটিৰ ডিপাৰ্টমেন্টৰ হেডৰ ওচৰলৈ গলো

- ছাৰ, চাৰিমাহ হলহি, ফেলোশ্বিপ অহাই নাই....... মই কলো
- হয় নেকি, তোমাৰটো চাৰিমাহ হৈছেহে, বছৰ বছৰ ধৰি ইউ.জি.চিৰ পইচা পেন্ডিং হৈ থাকে........... হেডে কলে
- মানে ছাৰ আপোনাৰ লেভেলত অলপ লিখালেখি কৰিলে অলপ সোনকাল আহেই কিজানি
- তোমালোকৰ ফেলোশ্বিপ,তোমালোকে ইউ.জি.চিত খবৰ কৰা , মই মাজত সোমাই কি কৰিম
- তথাপিও লেটাৰ এখন
- মই নোৱাৰো এইবোৰ কৰিব, তোমালোকে ট্ৰেজাৰাৰক ধৰা, ভি.চিক ধৰা
- ঠিক আছে ছাৰ, ফেলোশ্বিপ নহা কেইদিন ইউনিভাৰচিটিৰ ফালৰপৰা, লাম্প-চাম ৪-৫ কৈ দিলে অলপ সকাহ পালোহেতেন , এতিয়া চলাত অলপ প্ৰবলেম হৈছে
- চোৱা তোমাৰ প্ৰবলেম, মই কেনেকৈ চল্ভ কৰিম, ভি.চিক ধৰাগৈ

তেওৰ ৰুমৰপৰা সিদিনা মই ওলাই আহিলো

(২)

২০১১ চন । টিউচন কৰি চলি থাকিলো । এটা সময়ত লাকে ফেভাৰ কৰিলে । ভাগ্য আৰু পৰিশ্ৰমৰ সমন্বয়ত অ.এন.জি.চিত চাকৰি পাই গলো । ফেলোশ্বিপৰ পইচা তেতিয়াও আহি পোৱা নাই ।
কেইমাহমান পাছত লগৰ এটাই খবৰ দিলে, ইউ.জি.চিৰ পইচা আহিছে ।
দুদিনৰ ছুটী লৈ ৰাতিপুৱাই ইউনিভাৰচিটিলৈ গলো । ফেলোশ্বিপৰ বিল চাবমিট কৰিব লাগে । বিল ফৰ্ম এখন লৈ ফিল আপ কৰিলো । গাইডে চাইন কৰিলে । এতিয়া ডিপাৰ্টমেন্টৰ হেডৰ চাইন হলেই বিলখন চাবমিট কৰি আজৰি হব পাৰো ।
হেডৰ ৰুমলৈ সোমাই গলো
- ছাৰ , মোৰ ফেলোশ্বিপৰ বিল এখন আছিল, গাইডে চাইন কৰিলে, আপোনাৰ কাউন্টাৰ চাইন লাগে
- তোমাকতো ইয়াত দেখা মনত পৰা নাই
- যোৱাবছৰ মই পি.এই.চ ডি ৰিজাইন দিছো, এতিয়াহে পইচা আহিছে, বকেয়া পইচা নিব আহিছো
হেডে বিলখন চালে, তাৰ পাছত কলে
- তুমিযে পইচা পাবা তাৰ প্ৰুফ কি
- ছাৰ, মোৰ জইনিং লেটাৰ, ৰেজিগনেচন লেটাৰ , এন.অ.চি গাঠি দিছো, গাইডে চেক কৰি চাইন কৰিছে, আপোনাৰ চাইনটো বাকী আছে......... মই কলো
- এনেকে নহব, মান্থৱাইজ ষ্টেটমেন্ট লাগিব
-ছাৰ মই অফিচত খবৰ কৰি আহিছো, তেওলোকৰ ওচৰত চব ৰেকৰ্ড আছে, এইখিনি চাবমিট কৰিলেই হৈ যাব বুলি কৈছে
- মান্থলি ষ্টেটমেন্ট লাগিব , নহলে মোৰ চাইন নহব

তেওঁৰ ৰুমৰপৰা ওলাই আহিলো

(৩)

লগৰ দুটামানক ফোন কৰিলো । সিহতে সিহতৰ ডিপাৰ্টমেন্টত মান্থলি ষ্টেটমেন্ট দিব লগা হোৱা নাই । এটাই আইডিয়া দিলে......... মান্থকেইটা ব্ৰেক আপ কৰি চাৰ্ট এখন বনাই দে ।
এ-ফৰ চাইজৰ পেপাৰ এখনত হাতেৰেই চাৰ্ট এখন বনালো । সেইবোৰ কৰোতে ১২ টা বাজিল । লান্স টাইম । হেড কৰবালৈ ওলাই গল । হেডৰ ৰুমৰ বাহিৰৰ চকীখনত বহি অপেক্ষা কৰিলো । ১ টা বজাত হেড আহিল । মই সোমাই গলো ।
- এতিয়া নহয়, মই অলপ বিজি আছো, বাহিৰত ৱেইট কৰা...... হেডে কলে

বাহিৰৰ বেঞ্চখনত মই অপেক্ষা কৰিলো ।
সেই অপেক্ষাৰ কাল আছিল ১৮০ মিনিট । সেই ১৮০ মিনিটত ক্ষোভ , হতাশা আৰু এটা খঙে মোক আগুৰি ধৰিলে ।
আবেলি ৪ টা বজাত পিয়নজনে কলে......... ছাৰে আপোনাক মাতিছে

ইচ্ছাৰ বিপৰীতে পকেটৰপৰা অ.এন.জি.চি ৰ আইডেনটিটি কাৰ্ডখন উলিয়াই ডিঙিত ওলোমাই ললো ।
হেডৰ ৰুমত সোমালো । বিল ফৰ্মখন আগবঢ়াই দিলো । ডিঙিৰ আই-কাৰ্ডখন জিলিকি উঠিল ।

- তুমি অ.এন.জি.চিত সোমালা নেকি....... হেডে সুঘিলে
- হয় । ফেলোশ্বিপৰ পইচা পাতি নাই , কেনেকে চলিম । সেয়ে পি.এইচ.ডি বাদ দিলো, অ.এন.জি.চিৰ পৰীক্ষা দিলো । পাই গলো ।
- আচ্ছা , নৱজিত হত সোমাইছিল যে, তেতিয়া নেকি
- নহয় । তেওলোক টেকনিকেল এচিষ্টেন্ট পোষ্টত সোমাইছিল । মই নেচনেল লেভেলত গ্ৰেজুৱেট ট্ৰেইনী এক্সাম দি সোমাইছো । বৰ্তমান মই অ.এন.জি.চিৰ প্ৰথম শ্ৰেনীৰ বিষয়া ।
- দৰমহা পাতি ভালেই ছাগে
- হয় । ইউ.জি.চি ফেলোশ্বিপত ছমাহত মই যিমান পইচা পাম, এতিয়া এমাহতে তাতকৈ বেছি দৰমহা পাও, অন্যান্য সা-সুবিধাবোৰতো আছেই ।
হেডে বিল ফৰ্মখনত চাইন কৰিলে ।
- বহা অলপ সময় । চাহ একাপ খাই যাবা ............. হেডে কলে
- নাই ছাৰ , চাৰিটা বাজিল, বিলখন জলদি অফিছত জমা কৰিব লাগে, ৰাতিলৈ নাইট চুপাৰ আছে..... মই কলো
- আচ্ছা, এতিয়াতো ডাঙৰ অফিছৰ হলা, ইউনিভাৰচিটিৰ লগত টাচ ৰাখিবা , তোমালোক আমাৰেই এলুমিনি দিয়াচোন ।
- নিশ্চয়
- তোমাৰ এড্ৰেছ আৰু কন্টেক নং দি যাবাছোন

কাগজ এখনত নাম, ফোন নং আৰু এড্ৰেছ লিখি হেডৰ ৰুমৰপৰা ওলাই আহিলো । অফিছত গৈ বিল ফৰ্মখন জমা কৰিলো । অফিছৰ কেৰানীজনে মান্থলি ষ্টেটমেন্টৰ প্ৰয়োজন নাই বুলি কৈ সেইখন মোক ওভোটাই দিলে ।

(৪)

৪ জুন ২০১৪ । শ্বিফট গাড়ীৰে চাইটলৈ গৈ আছো । আননউন নাম্বাৰ এটাৰপৰা ফোন আহিল ।
- হেলো, বিকাশ নেকি
- হয়
- মই ইউনিভাৰচিটিৰ কে.কে.এছ ছাৰে কৈছো
- কওকচোন
- আচ্ছা ২২ তাৰিখে অ.এন.জি.চিৰ এক্সাম এটা হব যে
- হয়, গ্ৰেজুৱেট ট্ৰেইনী এক্সাম
- তাত মেকানিকেল ইঞ্জিনিয়াৰ লয় ন
- হয়
- পৰীক্ষাটো নাজিৰাৰপৰা চলায় নেকি
-নহয় । এইটো নেচনেল লেভেলৰ এক্সাম । ডেৰাডুনৰ মেইন অফিচৰপৰা কন্ট্ৰল হয় ।
- আচ্ছা তোমাৰ বাৰু কোনোবা ডাঙৰ অফিচাৰ, জি.এম, ডিজি.এম বা তেনেকুৱা লিংক আছে নেকি । মানে অলপ কৈ দিলে চাকৰি হৈ যোৱা বিধৰ ।
- তেনেকুৱাতো চিনাকি নাই
- অলপ খবৰ চবৰ কৰি মোক জনাবাচোন, মোৰ ঘৰৰেই কেন্ডিডেট এজন আছে, যি খৰচ পাতি হয় কৰি দিম ।
তেওৰ সৈতে কথা পাতি থকা সময়খিনিত মোৰ তেওৰ অফিচৰ বাহিৰত অবাবত অপেক্ষা কৰা ১৮০ মিনিটলৈ মনত পৰিছিল ।
মানুহৰ সময় সচাকৈয়ে সলনি হয় । টাইম ইজ দা গ্ৰেটেষ্ট লেভেলাৰ ।
- ঠিক আছে ছাৰ । আপুনি চিন্তা নকৰিব । মই বাৰু তেনেকুৱা লিংক-চিংক থকা মানুহৰ খবৰ লৈ আপোনাক জনাই দিম ........... মই কলো

মই ফোনটো কাটি দিলো । এটা সময়ত মই তেওৰ অফিছৰ বাহিৰত ঘন্টাৰ পাছত ঘন্টাজুৰি অপেক্ষা কৰাৰদৰে এতিয়াৰপৰা তেও মোৰ ফোনৰবাবে অধীৰবাবে অপেক্ষা কৰিব ।


বি.দ্ৰ-
অহা ২২ জুন তাৰিখে অ.এন.জি.চিৰ বিষয়া পদৰ বাবে লিখিত পৰীক্ষা হব । লিখিত পৰীক্ষাত উৰ্তীৰ্নৰ বাবে বিষয়ভেদে ৬০-৭৩ শতাংশ কাট অফ হয়গৈ । বৰ্তমানৰ ফৰ্মেটত ৪০ শতাংশ লিখিত পৰীক্ষা , ৪০ শতাংশ একাডেমিক কোৱালিফিকেচন , ১০ শতাংশ চাইকমেট্ৰি আৰু ১০ শতাংশ পাৰ্চনেল ইন্টাৰভিউৰ নম্বৰ যোগকৰি ফাইনেল চিলেকচন ৰিজাল্ট দিয়া হয় ।
লিখিত পৰীক্ষা ভাল নহলে কোনেও চাকৰি পাব নোৱাৰে ।
(গতিকে লিংক বিচাৰি নিজৰ লগতে মোৰ দৰে মানুহৰ সময় নষ্ট কৰাতকৈ ভালকৈ পঢ়া-শুনা কৰি বিষয়বস্তৰ সম্যক জ্ঞান লৈ সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামুলক পৰীক্ষাটোত অৱৰ্তীৰ্ন হোৱাৰহে প্ৰয়োজন )

Sunday, May 18, 2014

বাৰ্থডে এন্ড গালিভাৰ

বাৰ্থডে এটাৰ ইনভিটেচন আছে । আমাৰ ভাড়াঘৰৰ মালিকৰ লৰাৰ বাৰ্থডে । লৰা ডি.পি.এছত পঢ়ে, ক্লাছ এইটত । মালিকৰ ঘৰ যথেষ্ঠ আঢ্যৱন্ত । যোৱাবাৰৰ বাৰ্থডে চাৰিটা তৰা থকা হোটেল নক্ষত্ৰত দিছিল । এইবাৰ বাৰ্থডে পাৰ্টিটো তেওলোক ঘৰৰ লনখনত হব । অৰ্থাত গাৰ্ডেন পাৰ্টি ।

পাৰ্টিটো গাৰ্ডেনত দিব সেইটো প্ৰবলেম নহয় । প্ৰবলেম হৈছে গিফট কি দিয়া যাব । যোৱাবাৰ মম্মীয়ে বোলে ফৰ ষ্টাৰ ষ্টেটাছ মিলাবলৈ গৈ য়নেক্সৰ দামী বেডমিন্টন ৰেকেট এখন বাৰ্থডে গিফট দিছিল । পাছত ৰেকেটখন বোলে তেওলোকৰ কামকৰা বাইৰ লৰাৰ হাতত দেখিবলৈ পালে । সেয়ে লৈ মম্মী আপচেট হৈ আছে । এতিয় মম্মীৰ ডায়লগ............ইমান ধনী মানুহ , গিফট দিয়া-নিদিয়া কথা একেই ।

এতিয়া কথাটো হল গিফট কিনাৰ দায়িত্ব মোৰ ওপৰত পৰিল যিটো মোৰ একেবাৰে পচন্দ নহয় । কলেজ-ইউনিভাৰচিটিত থাকোতে কিমান বিয়া বিনা গিফটত খালো ঠিকনা নাই । আৰু যত গিফটত যাও গ্ৰুপত গিফট কিনো, মানে বেলেগে চইচ কৰি কৰি দেখাত ডাঙৰ গিফট এটা কিনে, মই ৰিচেপচন হলৰ আগত গ্ৰুপত লগ হও, কন্ট্ৰিবিউচনটো দি দিও , বাচ । গিফটৰ পেকিঙৰ ভিতৰত কি আছে গমেই নাপাও ।

এই গিফটৰ জক্কৰৰ কাৰনেই বিয়া, বাৰ্থডে আদিতকৈ অন্নপ্ৰসন,ঘৰলোৱা, সত্যনাৰায়ন পুজা, এনিভাৰচাৰী আদি ইভেন্ট এটেন্দ কৰি ভাল পাও । গিফটৰ ঝামেলা নাই । যোৱাসপ্তাহত লগৰ এটাৰ মেৰেজ এনিভাৰচাৰী লগৰ কেইটামানৰ লগত দকচি খাই আহিলো । গিফট হল বিয়েৰৰ বটল এটা ।

বাৰ্থডেত কি গিফট দিয়া যায় । চফট টয়, পেঞ্চিল বক্স, কেডবাৰি চকলেট পেক । অপচন বহুত আছে ।
- কিতাপ এখনেই দিও নেকি............ মই মম্মীক সুধিলো
- বোপাই, চানাৱালাৰ তাত নেদেখিলেই হল....... ৰং চেনেলত শাহু-বোৱাৰী চিৰিয়েলত নজৰ দি থকা মম্মীয়ে ৰিপ্লাই দিলে

সচাকৈয়ে কিতাপৰ একো কদৰই নাই । বহুত বছৰ আগতে লগৰ এটাৰ বায়েকৰ বিয়ালৈ কিতাপ এখন গিফট হিচাপে লৈ গৈছিলো । বিয়াবোৰত এটা সমস্যা হল চাইজ অৱ গিফট মেটাৰছ । (বুজাই ছাগে বুজিছেই)
গিফট কিনিবলৈ সন্ধিয়া ঘৰৰপৰা ওলালো । বেলতলা তিনিয়ালিত থকা ষ্টাডি চেন্টাৰ নামৰ কিতাপৰ দোকানখনত সোমালো ।
- আব্দুল কালামৰ ইগনাইটেড মাইন্ডছ আছে নেকি...... মই সুধিলো
- অসমীয়াখন আছে, ইংৰাজীখন নাই...... দোকানৰ মানুহজনে কলে

লৰা ডিপি.এছত পঢ়ে । অসমীয়া পঢ়িব জানে নে নাই সন্দেহ আছে । পঢ়িব জানিলেও অসমীয়া কিতাপ পঢ়িবলৈ বেচেৰাই সময় পাব নে নাই সেয়াও সন্দেহ আছে । চেতন ভগত কিনো নেকি, ফাইভ পইন্ট, থ্ৰী মিচটেকচ....... নাই নজমিব । কিতাপৰ দোকানখনত কিতাপবোৰ চাই আছো । এখন কিতাপৰ ওপৰত চকু পৰিল ........ গালিভাৰচ ট্ৰেভেলছ । আৰিহন্টে প্ৰকাশ কৰা কিতাপখন হাতত লৈ মেলি চালো । ১৭৫ টকা । মম্মীয়ে যোৱাবাৰ কিনা ৰেকেটতকৈ সস্তা । কিতাপখন এখন ক্লাছিক শিশু সাহিত্য, তাতকৈয়ো মজাৰ কথা কিতাপখন ক্লাছ নাইনৰ ৰেপিড ৰীডাৰ । কুল । কামৱালী বাই বা চানাৱালাৰ হাতলৈ অন্তত গালিভাৰ নাযায় ।

গালিভাৰক গিফট পেকিং কৰাই ললো ।

ক্ৰিকেট টুৰ্নামেন্ট


মাৰ্চৰ শেষৰপিনে, ২০১৩ চন
বেলতলাত টেনিচ বল ক্ৰিকেট টুৰ্নামেন্ট এখনৰ আয়োজন চলি আছে । লগৰকেইটাই ফোনৰ ওপৰত ফোন কৰি মাতি আছে, জলদি আহিব লাগে । ইফালে কোম্পানীত মাৰ্চ এন্দিংৰ টাৰ্গেট ফিল আপ কৰাৰ প্ৰেচাৰ । তথাপিও বছক মেনেজ কৰি, ধুমিলদাৰ লগত এদজাষ্ট কৰি ১০ দিনৰ ছুটী গোটালো ।

৩১ মাৰ্চ ২০১৩.......
ৰাতিপুৱা গুৱাহাটীত নামিলো । মোৰ ঘৰৰ কাষতে বেলতলা স্কুল ফিল্ডখন, যোগেন দা , চুৰেন, নয়নহতে কামত লাগি আছে, বঙলুৱা মিঞা লেবাৰ এটাই চাইডস্ক্ৰীনৰ খুটা পুতিবলৈ গাত খান্দিছে ।

দুপৰীয়া খেলৰ হিচাপ নিকাচ কৰি আছো, উদ্বোধন কোনে কৰিব, কাক কাক গামোচা পিন্ধাব লাগিব, বাজেটমতে কালেকচন হৈছে নে নাই, টীম জইন কেইটা হব......

কথাৰ মাজতে উতপলে কলে, আমাৰ লেবাৰও এলাপেচা নহয়, মেট্ৰিকত লেটাৰ পোৱা লেবাৰ ।
মই আচৰিত হৈ সুধিলো ........ কি ?
- অ, সি বোলে তিনিটাত লেটাৰ পাইছিল

লেবাৰটোলৈ ভালকে চালো, গাৰ ৰংটো ক'লা, সি লেতেৰা হাফপেন্ট আৰু গেঞ্জী এটা পিন্ধিছে, আপাতদৃষ্টিত এটা বঙলুৱা মিঞা, অভিজাত স্বঘোষিত অসমীয়াৰ ভাষাত "সন্দেহজনক বাংলাদেশী"..........

"সন্দেহজনক বাংলাদেশী" ল'ৰাটোক হাত বাউল দি মাতিলো

- তই পঢ়ি আছ নেকি
- অ
- ক'ত
- খাৰুপেটীয়া কলেজ, ফাৰ্ষ্ট ইয়াৰ, আৰ্টছত
- মেট্ৰিকত বোলে লেটাৰ পাইছিলি
- হয় দাদা, চচিয়েল ষ্টাদি, চাইন্স আৰু অসমীয়াত
- পঢ়া শুনা বাদ দি হাজিৰা কৰিবলৈ আহিলি যে
- ঘৰৰ অৱস্থা বেয়া, HS ছেকেন্দ ইয়াৰৰ এডমিচন ফীজ গোটাবলৈ গুৱাহাটীলৈ আহিছো
- তোৰ কলেজত ষ্টুডেন্ট এইড ফান্দ আছে নে নাই
- নাজানো

মই এতিয়ালৈ ভাবি থকা "সন্দেহজনক বাংলাদেশী" টোৱে অসমীয়াত লেটাৰ পাইছে, কথাটো শুনি অলপ লাজ লাগিল ।

৭৫ টা টীমৰ যোগদানেৰে টুৰ্নামেন্ট চলি থাকিল । দুদিন পাছত চৰিফ ঘৰলৈ উভতি গল । তাৰ ঠাইত নতুন ল'ৰা এটা আহিল, আহমেদ আলি, চৰিফৰ গাৱৰ, সিও চৰিফৰ দৰেই গুৱাহাটীলৈ এডমিচনৰ পইচা গোটাবলৈ আহিছে ।

৬ এপ্ৰিল ২০১৩, শনিবাৰ
আবেলি...... ফিল্ডত থকা কমিটীৰ অস্থায়ী কাৰ্যালয়ত বহি আছো, লগত ৰঞ্জিত দা, বিষ্ণু, প্ৰবাল আৰু মুকুল ।
মই ক'লো, এইবাৰ খেলখন পতাৰ লগতে অলপ সামাজিক কামো কৰো, বেলতলা স্কুলত লাইব্ৰেৰীৰ কিতাপ কিনিবলৈ দুহেজাৰ টকাৰ অনুদান দিও, লগতে আমাৰ টুৰ্নামেন্টত যে কাম কৰি আছে লৰা দুটা, সিহতক হাজিৰাৰ উপৰিও কমিটীৰ ফালৰ পৰা কলেজৰ এদমিচন ফীজ দি দিও ।

সকলোৱে লগে লগে সন্মতি দিলে ।

আহমেদক মাতি কলো, কাইলৈ টুৰ্নামেন্টৰ লাষ্ট দিন, তহতক কলেজৰ এদমিচন ফীজ যিমান হয় দি দিম । চৰিফক গাৱৰ পৰা মাতি দে, আৰু আহোতে তহত দুটাৰ মেট্ৰিকৰ মাৰ্কচিতৰ জেৰক্স কপি লৈ আহিব দিবি ।

৭ এপ্ৰিল ২০১৩, দেওবাৰ, টুৰ্নামেন্টৰ অন্তিম দিন.....
সেইদিনা বটা বিতৰণীত মন্ত্ৰী অহাৰ কথা, ৰঞ্জিত দাক কলো, মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ পাছতে আমাৰ ঘোষণাটো কৰি দিব ।

আবেলি চৰিফ আৰু আহমেদক কলো, আজি এডমিচনৰ লগতে ফৰ্ম ফিলাপৰ পইচাও পাই যাবি ।

যথাসময়ত মন্ত্ৰী ডাঙৰীয়া আহিল,লগত বহুতো নেতা-পালিনেতা.....
মন্ত্ৰী ডাঙৰীয়াৰ ভাষন শেষ হোৱাৰ লগে লগে ৰঞ্জিত দাই কৈ উঠিল...... বেলতলাৰ পুমা ক্লাৱৰ সৌজন্যত ক্ৰিকেট খেল আয়োজন কৰাৰ লগতে আমি কিছু সামাজিক কামত আগবাঢ়িব খুজিছো, ইয়াৰ অংশস্বৰুপে বেলতলা স্কুললৈ আৰ্থিক অনুদান তথা দুজন আৰ্থিকভাৱে দুৰ্বল কিন্ত উদ্যমী ছাত্ৰক ক্ৰিকেট টুৰ্নামেন্টৰ কমিটীৰ তৰফৰ পৰা কলেজৰ এডমিচন ফীজ দিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছো ।

চৰিফ আৰু আহমেদ মঞ্চলৈ উঠি গল, মই মন্ত্ৰী ডাঙৰীয়াৰ ফালে দুটা খাম আগবঢ়াই দিলো,

মন্ত্ৰী ডাঙৰীয়াই সুধিলে, " কিমান আছে ?"

মই কলো, "এওঁলোকৰ সম্পুৰ্ন এডমিচন ফীজ । "

মন্ত্ৰী ডাঙৰীয়াই নিজৰ ফালৰপৰাও খাম দুটাত এহেজাৰটকীয়া নোট কেইখনমান ভৰাই দিলে ।

২৫ এপ্ৰিল ২০১৩,
ৰীগত নাইট শ্বিফট কৰি কোৱাটাৰ সোমাইছো, ফোনটো বাজি উঠিল, অচিনাকী নাম্বাৰ
- দাদা মই চৰিফে কৈছো, কালি মই এদমিচন ললো, এইবাৰ ফী়জটো বাঢ়িছে, আপোনালোকে আশীৰ্বাদ কৰিব , মই ভালকে পঢ়িম....

Thursday, May 15, 2014

দেউতা

(১)

দেউতাক মই বেয়া পাও । বহুত বেয়া পাও । দেউতাই জীৱনত একো কৰিব নোৱাৰিলে । এটা চৰকাৰী চাকৰি কৰি গুৱাহাটী হেন চহৰত অতবছৰে থকাৰ পাছতো নিজৰ বুলিবলৈ এটা ঘৰ, এটুকুৰা মাটি কিনিব নোৱাৰিলে । দেউতা এটা অপদাৰ্থ, অকৰ্মন্য মানুহ । আজিৰ দিনত মানুহক চলিবলৈ টকা লাগে, বহুত টকা । নীতি আদৰ্শৰ ডায়লগৰে পেট নভৰে.............. ডিম্বেৰ দোকানত মিঠাপাণখন মুখত ভৰাই মই ওচৰতে থকা মনোজক কলো

আচলতে মই হতাশ হৈ পৰিছো । এম.এছ.ছি পাচ কৰা এবছৰ হল । এতিয়ালৈ একো এটা কৰিব পৰা নাই । টিউচন কৰি চলি আছো । ৰাতিপুৱা সাতটা বজাতে ঘৰ নামৰ ঠাইটুকুৰাৰপৰা ওলাও । বাছত উঠি টিউচন পঢ়াবলৈ যাও । দুপৰীয়া প্ৰাইভেট কলেজ এখনত পঢ়াও । ডেৰহাজাৰ টকা দৰমহা । আবেলিও টিউচন কেইটামান কৰো । ঘৰ সোমাওতে কেতিয়াবা ৰাতি দহ বাজেহি ।
বাইক এখন হলে ভাল আছিল । অন্তত দুটা টিউচন বেছিকৈ কৰিব পাৰিলোহেতেন । বাছত বহুত সময় নষ্ট হয় । কিন্ত পইচা গোট খোৱা নাই । অলপ অলপকৈ পইচা গোটাইছো । আৰু তিনিমাহমান লাগিব ।

দেউতাক কৈছিলো, বাইক এখন লাগে । বহুদিন আগতেই কৈছিলো । ইউনিভাৰচিটিত পঢ়ি থাকোতেই । কিন্ত পইচা নাই বোলে । বাইক বোলে বিলাসৰ বস্ত । নিম্নবিত্ত মানুহৰ বিলাসী বিলাস । সেইদিনা কাজিয়া হৈছিল । দেউতাক বহুত গালি পাৰিছিলো । অকৰ্মন্য, অপদাৰ্থ , জীৱনত একো কৰিব নোৱাৰা এটা বেকাৰ মানুহ । হাততে পোৱা কিবা এটা দলিয়াই দিছিলো । ঘৰত এটা শ্বকেচ আছিল । আইনাখন ভাগি থাকিল ।

তাৰ পাছৰেপৰা দেউতাক পইচা খোজাৰ কথা ভাবিব পৰা নাই । দেউতাক আজিকালি মই ভালকৈ মাতবোলো নকৰো । কাট মাৰি কথা কও । প্ৰতিদিনে সোৱৰাই দিও যে দেউতাই জীৱনত একো কৰিব নোৱাৰিলে ।

(২)

আত্মীয় - স্বজনৰ ঘৰলৈ যোৱা মই বাদ দিছো । কথাই প্ৰতি তেওলোকে মোক কি কৰি আছো সোধে । আচলতে তেওলোকে জানে যে মই বিশেষ একো কৰি থকা নাই । তথাপিও সোধে, ৰং চায় । মোৰ প্ৰতি সহানুভুতি দেখুৱায় । তেওলোকেও কয়, দেউতাৰে জীৱনত একোৱেই কৰিব নোৱাৰিলে ।
বহুদিন হল বিয়া-বাৰু, জন্মদিন ইত্যাদি ফাংচনলৈ যোৱা নাই । কলেজৰ এলুমিনি মিট আছিল যোৱামাহত । বিভাস, ৰঞ্জন, নীহাৰহত আহিছিল । বিভাসে ফোন কৰি মাতিছিল । সি মাল্টিনেচনেল কোম্পানী এটাৰ মেনেজাৰ । এলুমিনি মিটত নাচ-গান কৰিবলৈ নগলো । ইম্পৰটেন্ট টিউচন এটা আছিল ।

এইটো নহয় যে মই কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই । কৰিছো , কষ্ট কৰিছো । চৰকাৰী-বেচৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছো, পৰীক্ষাবোৰ দি আছো, ইন্টাৰভিউও দিছো । কিন্ত এতিয়ালৈ একো হোৱাগৈ নাই । এটা ফ্ৰাচট্ৰেচনত আছো ।

ঘৰত থকা সময়ত এই হতাশাবোৰ আক্ষেপলৈ ৰুপান্তৰিত হয় । যদি দেউতাই মাষ্টৰ নোহোৱা চৰকাৰী স্কুলৰ সলনি মোক ভাল প্ৰাইভেট স্কুলত পঢ়ালেহেতেন, যদি ভাল মাষ্টৰৰ টিউচন দিয়ালেহেতেন, যদি এন্ট্ৰেন্সৰ বাবে নামী কচিং চেন্টাৰত কচিং দিয়ালেহেতেন...... তেতিয়া হয়তো .......
আক্ষেপবোৰ ওলাই আহে, খঙৰ ৰুপত, দেউতাক হিয়া উজাৰি গালি পাৰো তেওৰ অপদৰ্থতা, অক্ষমতা, অকৰ্মন্যতাৰ বাবে ।

দেউতা কেইমাহমান পাছত ৰিটায়াৰ হব । তাৰ পাছত ঘৰখন চলাবলৈ আকৌ প্ৰবলেম হব । তাৰ আগতেই যদি বাইকখন কিনা নহয় তেতিয়া কাহানিও কিনা নহব । সেয়ে মই পইচাবোৰ যা-তাকৈ খৰচ কৰা নাই । বহুদিন হল নিজৰ বাবে কাপোৰ-জোতা এইবোৰ একো কিনা নাই । এইবোৰো মই বৰ্তমান বিলাসৰ বস্ত বুলি ভাৱি লৈছো ।

(৩)

ডিম্বেৰ দোকানত মিঠাপাণখন চোবাই কথাবোৰ পাগুলি আছো । মাহৰ প্ৰথম সপ্তাহ । দুটা টিউচনৰ পইচা পালো । দুহেজাৰমান টকা পকেটত আছে । নেক্সট টিউচনটোলৈ এঘন্টা আছে । ঘৰলৈ যাবলৈ মন যোৱা নাই ।

দোকানলৈ মানুহ এজন আহিল । মানুহজনক মই দেখিছো আগতে । মানুহজনে ঠেলা চলায় । মানুহজনে ডিম্বেৰপৰা খেলনা পেপা এটা কিনিলে ।
- কি পোলেন দা, মন-চন বেয়া কৰি আছে চোন...... ডিম্বেই সুধিলে
- লৰাটোৱে বৰ আমনি কৰি আছে অ, কৰবাত ৰিমট কন্টল গাড়ী এখন দেখিলে, এতিয়া সেইখন লাগে লাগে বুলি কন্দা-কটা কৰি আছে, ঠেলা চলাই কেইটানো টকা পাও, ইমান দামৰ গাড়ীখন কেনেকৈ কিনি দিও তইয়েই কচোন......... পোলেনে কলে

বাওহাতেৰে পোলেনে চকুপানীখিনি মচি ললে ।

পকেটত টকা দুহেজাৰ আছিল । দেউতাৰ বাবে চোলা এটা কিনিলো । দেউতাই পিন্ধা চোলাকেইটা বহুতদিন পুৰনি । দেউতাই কাজু-বৰফি খাই ভাল পায় । ওচৰৰে মিঠাইৰ দোকানখনৰ পৰা কাজু-বৰফি কেইটামান ললো । এবাৰ দেউতাৰ অফিচত হোৱা মিটিঙত দিয়া পেকেট লান্সৰ মিঠাইকেইটা দেউতাই লৈ আহিছিল । সেইকথাটো মই পাহৰি গৈছিলো ।

ঘৰত সোমালো । দেউতাই আচাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো চাই আছিল । মোক দেখি দেউতা ভিতৰৰ ৰুমলৈ যাবলৈ উঠিল ।
- দেউতা................ মই মাতিলো

দেউতাই ঘুৰি চালে । এটা অজান আশংকা দেউতাৰ চকুত দেখা পালো ।

- আপোনাৰ অফিচলৈ যোৱা চোলাটো কাষলতিৰ তলত ফাটি গৈছে । চোলা এটা আনিছো , আপোনাৰ বাবে । আপুনি বৰফি খাই ভাল পায় নহয়, কাজু-বৰফি কেইটামান আনিছো । মাক চাহ অকন কৰিব দিয়ক ................. মই বৰফিৰ পেকেটটো খুলি এটা বৰফি দেউতাৰ মুখৰফালে নিলো

দেউতাৰ দুগালেৰে চকুপানী দুধাৰি বৈ আহিল । কিন্ত মই দেখিলো, দেউতাৰ মুখত পাতল হাহি এটা । বহুতদিনৰ মুৰত দেউতাই হাহিছে ।

অতদিনে দেউতাই মোৰ আক্ষেপগ্ৰস্ত ব্যৱহাৰত দুখী হৈ মোৰ বাবে টোকা প্ৰতিটোপাল চকুপানীৰ মুল্য মই কিজানি কাহানিও পৰিশোধ কৰিব নোৱাৰিম ।

মহানগৰ.....

(১)

বিস্মিতা গগৈক ভাল লাগে ।  ভাল লাগে মানে ভাল লাগে আৰু, বিস্মিতাৰ হাহিটো ভাল লাগে , চুলিখিনি ভাল লাগে, কথা কোৱাৰ ষ্টাইলটো ভাল লাগে...... মুঠতে এভৰিথিং ভাল লাগে ।
বিস্মিতা কলেজত মোৰ জুনিয়ৰ আছিল । অৱশ্যে এই ভাল লগা ফিলিংটো বহুত পুৰনি নহয় । মানে কলেজত থাকোতে একো এফেয়াৰ-চেফেয়াৰ নাছিল ।
এক্সুৱেলি ওজন কমাবৰ বাবে মই ধীৰাজ কলিতাৰ লগত ৱাকিং কৰা আৰম্ভ কৰিছিলো...... কলনিৰ পৰা বৰপুখুৰীলৈ যাও, বৰপুখুৰীৰ পাক কেইটামান মাৰো ।
এদিন ৱাকিং কৰি আছো, মোৰ স্পীড স্লো........ধীৰাজ কলিতা বহুত আগুৱাই গল,

- কিহে ডেকা লৰা, এই স্পীডত নহব
পিছফালে ঘুৰি চালো...... HR চেকচনৰ সদানন্দ গগৈ
- ভাগৰ লাগিছে, নোৱাৰিছো আৰু

গগৈৰ লগত কথাবতৰা পাতি লাহে লাহে খোজ কাঢ়িলো
- বলা, মোৰ ঘৰ এইখিনিতে, চাহ একাপ খাই লোৱা........ গগৈয়ে কলে
গগৈৰ ঘৰ পালোগৈ, কোম্পানীৰ HR পলিচিৰ ওপৰত ডিচকাচন হৈ থাকিল

- চাহ খাওক
মাতষাৰত কিবা এটা মেজিক আছিল, চাহ লৈ অহা ছোৱালীজনীলৈ চালো....... কৰবাত দেখা দেখা লাগিছে
- তুমি আমাৰ কলেজৰ নাছিলা জানো
- হয় দা, আপোনাৰ দুটা বেটছ পাছৰ

কোৱাটাৰত আহি অলপো কনচেনট্ৰেট কৰিব নোৱাৰিলো......
এফেয়াৰৰ মোৰ কোনো আগৰ এক্সপেৰিয়েন্স নাই । গতিকে এইবোৰ ক্ষেত্ৰৰ Experienced খিলাড়ী মৃদুল আৰু প্ৰয়াসক কন্টেক কৰিলো । মৃদুল পাক্কা Playboy, সাতটা simultaneous এফেয়াৰ হেন্দেল কৰা মানুহ । আনহাতে প্ৰয়াস এখোপ চৰা, আমি নাম দিছিলো  Playman ........ এটা সময়ত প্ৰয়াসে বিবাহিত-অবিবাহিত মিলি টটেল ১৪ টা virtual+non-virtual এফেয়াৰ চলাইছিল ।
বৰ্তমান দুয়ো পি.এইচ.ডি স্কলাৰ.....

Playboy মৃদুল আৰু Playman প্ৰয়াসে মোক প্ৰথমতে দিয়া চাজেচনকেইটা একেবাৰে মনপুত নহল ।
- আৰে ভাই এতিয়া কলেজীয়া লাফাংগা নহয় বে, মোৰ এটা নীট এন্দ ক্লীন ইমেজ আছে, ৰেপুটেচন আছে, প্ৰেচটিজ আছে

তাৰ পাছত সিহতে স্লো এন্ড স্টেদি টাইপৰ এটা বেলেগ চাজেচন দিলে......

চাৰিদিনৰ ভিতৰত দুদিন অফ পাও । সেই দুদিন বৰপুখুৰীৰ ৱাকিং আৰম্ভ হল, প্ৰায়েই গগৈক লগ পাও...... প্ৰায়েই গগৈৰ ঘৰত ইভিনিঙ টি চলিল...... গগৈয়ে বহুত কথা কয়, বহুত মানে একচেচ কামোৰ । কামোৰ সহ্য কৰি হয় হয় আপুনি ঠিক কথাই কৈছে কৰি থাকো ।
কেইদিনমান পাছত বিস্মিতাও ৱাকিঙলৈ আহিবলৈ ধৰিলে । মাজে মাজে মই বিস্মিতাৰ ফালে চাও । মাজে মাজে বিস্মিতাই মোৰ পিনে চায় । মই হাহো, তাই মিচিকিয়ায় ।
তাৰ এদিন-দুদিন পাছত পাছত হাই-হেলোৰ উপৰিও এটা-দুটা কথা আৰম্ভ হল । কেইদিনমান পাছত ফেচবুক ফ্ৰেন্দ হৈ পৰিলো । চাটিং আৰম্ভ হল, বহু ৰাতি চাটিং কৰি কৰি পুৱাই গল ।
মোবাইলত মেচেজ... Gd mrng, gd nte, swt drm, bht khla ne nai ইত্যাদি

এটা কুল এফেয়াৰ ষ্টাৰ্ট হৈছিল আৰু ।

(২)

কুল এফেয়াৰ এটা ষ্টাৰ্ট হৈ আছিল ।

সেই সময়তে মৃদুলে খবৰ দিলে....... সি শিৱসাগৰলৈ আহিব, শিৱসাগৰ কলেজত ইন্টাৰভিউ এটা আছে ।
ইন্টাৰভিউৰ আগদিনাই মৃদুল আহি পালে ।
তাক তাৰ লেটেষ্ট এফেয়াৰৰ বিষয়ে সুধিলো.....
- নাই বে, PhD গাইড ৰঞ্জনকুমাৰে তামাম কামোৰ দিয়ে, লেবৰপৰা ওলাবই নিদিয়ে, এফেয়াৰ-চেফেয়াৰ বাদ দিছো, বৰ্তমান এজনীয়ে গাৰ্লফ্ৰেন্দ আছে, বঙাইগাৱৰ, ডালিয়া
- ডালিয়া, মানে সেই য়ে খিচিৰি টাইপৰ চুপ
- আব্বে নহয়, একটাইপৰ ফুল আছে যে, হালধীয়া
- তোক জক্কৰত পৰিছে যদি ফুলেই হৱ, ৱাইজ হলে পৰেনে আৰু
- ডাউন নিদিবি বে, ৰহ তোক দেখাই আছো

মৃদুলে ফেচবুক খুলি ডালিয়াৰ প্ৰফাইলটো উলিয়ালে
- কি মাল বে, তামাম দেখুন
- মাল বুলি নকবি, ভাবী হে তেৰা
- হোৱা নাই এতিয়াও

সিদিনা নাইট শ্বিফট আছিল । মৃদুলক কোৱাটাৰৰ চাবি দিলো, আৰু লেপটপটো লগত লৈ গলো । মৃদুলৰ ওপৰত ভৰষা কৰিব নোৱাৰি ।

পাছদিনা ৰাতিপুৱা আহি কোৱাটাৰ সোমালো । মৃদুলে ঝাৰু লৈ ৰুম সাৰি আছে ।
- কেনেকে লেতেৰাকে থাক বে, কালি মোৰ এলাৰ্জি হৈ গল, চব ধুই দিছো

মোৰ বিচনাৰ তুলীখন বাহিৰৰ বেলকনিত, বিচনাচাদৰখন চাৰ্ফৰ পানী থাকা বাল্টিত । মৃদুল কেতিয়াৰে পৰা নীট এন্ড ক্লীন হল বে । বোধহয় ডালিয়া এফেক্ট ।

মৃদুল ইন্টাৰভিউ দিবলৈ গল । ভগবানক মনে-প্ৰানে খাতিৰ কৰিলো । মৃদুল যাতে শিৱসাগৰত চেট নহয় । নহলে শিৱসাগৰৰ ছোৱালীবোৰ নাবাচিবগৈ । মৃদুল আহিলে প্ৰয়াসো আহিব । প্ৰয়াস আহিলে তো শিৱসাগৰৰ লেডিজবোৰ Danger zone ত আহি যাব ।

ইন্টাৰভিউ দি মৃদুল আহি পালে
- এই চাল্লা হিমন্ত বিশ্ব, কি নিয়ম উলিয়ায় সি
- কি হল
- পি.এইচ.ডি থকা কেন্ডিদেট আছে, সিহতৰ মাৰ্কচ মোতকৈ বেছি হৈ যায়, নহলে কিবা ফিটিং-চিটিং কৰিলোহেতেন, এতিয়া উপায়েই নাই ।

ভাল বাচিলো.......অন্তত পি.এইচ.ডি দিক্লেয়াৰ নোহোৱালৈকে মৃদুলৰ পৰা খাতৰা নাই ।
হিমন্ত বিশ্ব কী জয়..............

(৩)

মৃদুলক বাচষ্টেন্ডত ড্ৰপ কৰি কোৱাটাৰলৈ আহি আছো, বাটতে মোহিত শৰ্মাই পালে
- আৰে অনিমেশ জী কল কেইচা ৰহা
- বৰহিয়া হে ভাই , চকা-চক চল ৰহা হে
- হা আপ হী কি দিন হে, মস্তি চল ৰহা হে

পাছদিনা শাক-চবজি কিনি কোৱাটাৰ সোমাবলৈ ধৰিছো, এনেতে সমুখৰ কোৱাটাৰৰ আন্টিয়ে মাতিলে
- তুমহাৰা ফেমিলী আয়া হুৱা হে ক্যা
- নহী তো, কিউ
- নহী কল কুচ জাদা লোগ কোৱাটাৰ মে মহচুচ হুৱা, কোই লড়কী ভী থী

কোৱাটাৰত সোমাই লেপটপ অন কৰি ফেচবুক খুলিলো । বিস্মিতাৰ প্ৰফাইল চালো । কোনো আপদেট নাই ।
এনেতে ৰুমৰ চুকত অকনমানি বস্তু এটা চকুত পৰিল, বস্তটো পোহৰত জিলিকি আছে, বস্তটো হাতত লৈ চালো ।
দেহৰ শিৰা উপশিৰাদি এটা গৰম কাৰেন্ট পাৰ হৈ গল ।

মৃদুললৈ ফোন কৰিলো
- এক্সেক্টলি কি হৈছিল
- নাই বে , মালপিচ ঝাকাচ আছিল, তামাম
- মাল বুলি নকবি....... মোৰ দাত কৰচি উঠিল
- মালক মাল নুবুলি কি বুলিম
- তই ভাল নকৰিলি মৃদুল......... তই একেবাৰে ভাল নকৰিলি.........

অলপ কুল হৈ ললো......... আবেলি চিধাচিধি গগৈৰ ঘৰ ওলালো
বিস্মিতাই চাই লৈ আহিল........ চাহ খাওক
এইবাৰ কোনো ধৰনৰ ফিলিং নাহিল
- তোমাৰ কাণফুলি এপাট হেৰাইছে নেকি, নীলা বাখৰ থকা
- অ, কত বা থলো, আপুনি পিছে কেনেকৈ জানিলে

পকেটৰপৰা অকনমানি বস্তটো উলিয়াই চাহকাপৰ কাষত থলো
- কলনিৰ চি-১০২ মোৰেই কোৱাটাৰ

চাহকাপ হয়তো গৰম হৈয়েই আছিল.........

সেই ৰাতিয়েই ঘৰলৈ বুলি নাইট চুপাৰত উঠিলো । কানত হেডফোন লগালো । গান এটা বাজি উঠিল..........
চুপকে চে কহে, ধীমী আচ পে, তুমতো থে য়হী অজনবী, কুচ ভী না কহা, কুচ ভী না চুনা, ফিৰ কিউ কেহ দিয়া আলবিদা....... আলবিদা ........ আলবিদা ,,মেৰী ৰাহে আলবিদা, মেৰী চাচে আলবিদা........... আলবিদাআআআআআআআআআআ...................

(৪)

আলবিদা ........ আলবিদা........... মবাইলৰ ৰিংটোনৰ প্ৰচন্দ শব্দত সাৰ পাই গলো
প্ৰয়াসৰ ফোন
- কি যা-তা আপদেট দি থাকা বে, বেলেগ কাম বন নাই নেকি
- কি হল
- কি কি হল, মই কি অউৰতবাজ,  মৃদুল ফায়াৰ হৈ আছে, গালফ্ৰেন্দৰ লগত ব্ৰেক আপ হও হয়, গালফ্ৰেন্দে বিস্মিতা কোন বিস্মিতা কোন সুধি কন্দা-কটা কৰি আছে,
- নহয় মানে ইমাজিনাৰী ষ্টৰী এটাহে, ক্ৰিয়েটিভ ৰাইটিং
- ঘেন্টা ক্ৰিয়েটিভ ৰাইটিং, ৰাম,হৰি,যদু,মধু কিমান আছে, মৃদুল আৰু প্ৰয়াসকহে বিচাৰি পোৱানে........ ইয়াত আমি জকাৰ বনি গৈছো, চবেই অবাইচ নজৰ দি চোৱা আৰম্ভ কৰিছে, জল্দি ডিলিট মাৰা, নহলে কথা বেয়া হব, কৈ দিছো

প্ৰয়াসে বেয়া দম দিলে । অলপ আগতে ফেচবুকত আপদেট এটা দিছিলো........
ফেচবুক খুলিলো.... আপদেটতো চালো........ ৪০ টা লাইক, লগত কমেন্ট......
নাই এইটো ডিলিট নকৰো........ যি হয় দেখা যাব
মবাইলটো চুইচ অফ কৰিলো............ প্ৰয়াসে এতিয়া দম দিব নোৱাৰে

(৫)

ফোনটো চুইচ অফ । প্ৰয়াসৰ টেমা গৰম হৈ গল । ৰাতিপুৱাৰেপৰা মুড অফ হৈ আছিল । আৰু সহ্য নহয়, হল বুলিনো কিমান চুপ থাকিব । চিধাচিধি character assassination কৰা হৈছে ।
ইয়াৰ উচিত জবাব দিব লাগিব । ইত কা জবাব পাথৰ ।
প্ৰয়াসও লিখিব । চব লিখিব । প্ৰথমৰে পৰা শেষলৈ । প্ৰয়াসে ট্ৰাংকটো খুলিলে । পুৰণা কিতাপ-বহীবোৰ উলিয়ালে । এখন ডায়েৰী ওলাই পৰিল ।
প্ৰয়াসে ডায়েৰীখন হাতত ললে । ইয়াত বহুত কথা সোমাই আছে ।
কিন্ত ই কি , এইখন প্ৰয়াসে বিচৰা ডায়েৰীখন নহয় । প্ৰয়াসৰ মনত পৰিল,  এইখন memo , ইউনিভাৰচিটিৰ শেষ দিনকেইটাত এইখন কেইজনমান friend ক দিছিল । তেওলোকে প্ৰয়াসৰ বিযয়ে ইয়াত লিখিছিল । এখন স্মৰনিকা........

অনিমেশে এ memo ত কি লিখিছিল প্ৰয়াসৰ চাবলৈ খুব মন গল.........
প্ৰয়াসে পাত লুটিয়ালে..........

২১.০৭.২০০৯
প্ৰয়াস,...... আনৰ memo ত শব্দৰ মায়াজাল ( জাল নহয়- কিছুমান দন্তভংগুৰ শব্দৰ সংমিশ্ৰণ) সৃস্টি কৰা তোমাৰ memo ত কি লিখিম, ভাবিছো.... (চিন্তা নকৰিবা, কবিতা-চবিতা নিলিখো)........ কিন্ত বহুত কথা আছে যিবোৰ লিখিব পাৰো......
সকলো সচা কথা লিখিব নোৱাৰি, লিখিলে বিপদ, নিলিখিলেও বিপদ, গতিকে মিক্সাৰ কিবা এটা...
হয়তো আমাৰ বহুত মিল আছে, চাইজত নহয় , বেলেগ কিবাত.... আমি একেখন নাৱৰে যাত্ৰী

সুদুৰ যোৰহাটৰপৰা এখন চাইকেল আহিছিল , চাইকেলখনত মই বহুদিন উঠিছিলো... চাইকেলখন এতিয়াও আছে, চলি আছে........
এই memo বোৰ যে আছে, কোনোবাই জানো বেয়াকে লিখে, এনেকুৱা লাগে যেন পৃথিৱীত বেয়া মানুহ নায়েই, চবেই এনজয় কৰে, চাল্লা তোমাৰ নিচিনা ফ্ৰেইন্দ নায়েই , লাইফ যেন অধুৰা হলহেতেন.....etc etc.... মই কিন্ত সেইচব নিলিখো......
তুমি নাথাকিলেও মোৰ লাইফ চলিলহেতেন....... কিন্ত তুমি আৰু মই মানে আমি নাথাকিলে ডিপাৰ্টমেন্টত বহুত কাম সময়ত নহলহেতেন.........
ফৰেষ্ট স্কুলৰ চাহৰ দোকানত তুমি, মই আৰু অলু ...... কৃষ্ণ আৰু ভৱদাই কৈছিল.. জলদি কৰা, নহলে কোনো নাথাকিব, তাৰ পাছত ফ্ৰেচাৰ্চ কাম ফেয়াৰৱেলৰ ইনষ্টেন্ট প্লেনিং........ পাছদিনা ৰাতি আঠ বজা, ধাৰাষাৰ বৰষুণ, আমি সেই বৰষুণত তিতি এখন চেক আনিব গৈছিলো.......
এতিয়া ভাৱো, কিয় ইমান নলগা জেং চপাই লৈছিলো...... সেইবোৰ নকৰিলেও হলহেতেন, লাইফ চলি থাকিলেহেতেন.... হয়তো আমাৰ দুটাৰ বেলেগ কাম নাছিল......
এটা সময়ত প্ৰেচাৰত পৰি তুমি চত্ৰভংগ দিছিলা...... মনত আছে ছাগে.... তুমি যে মোক কৈছিলা..... যোনে যি কৰে কৰিব, মই এইচবত নাই......
Actually you ডন্ট হেভ দা গাটছ......
সেইকেইদিন আমাৰ ক্ৰিকেট খেলা বন্ধ হৈছিল, বহুতৰ পঢ়াৰ প্ৰতি ধাউতি বাঢ়িছিল, orkuting কমিছিল
কিন্ত মই তোমাক কনভিন্স কৰি ঘুৰাই আনিছিলো.....
তুমি ৱাল মেগাজিনৰ চেক্ৰেটাৰী আছিলা কিন্ত এটা ফাল্টু এডিটৰিয়েল লিখিছিলা, এডিটৰিয়েলটো সচাকৈয়ে ফাল্টু হৈছিল......
মোক জেক দি যদি কোনোবাই কাম কৰাইছে সেয়া হল মি. প্ৰয়াস......... এই পিকনিকজাতীয় বস্ত এৰেঞ্জ কৰাৰ মোৰ মুঠেই মন নাছিল (Dec 1st week ত 1st sem ৰ পৰীক্ষা, 22 ত NET , তাৰ পাছত winter break, তাৰ পাছত জানুৱাৰীত আমাৰ 3rd sem পৰীক্ষা..., কত স্পেচ আছিল)
তুমি জেক দি মোক 1st semক দম দিবলৈ প্ৰভক কৰিছিলা......
....1st sem এ rebel টাইপৰ এটিটিউদ দেখুৱাইছিল...... . মুৰ গৰম হৈ গৈছিল....কিমান আইডিয়া লগাই অৰবিন্দক লীডাৰ পাতি 1st sem ৰ পৰা পিকনিকৰ কন্ট্ৰিবিউচন উঠাইছিলো......... বেলেগ মানুহে যেতিয়া পঢ়া-শুনাত বিজি আছিল, আমি তেতিয়া চাউল-দাইল-মাংসৰ বাজেট মিলাই আছিলো .......বাটৰ জেং চপাই লোৱাৰ বাবে নিজৰ ওপৰত বিৰাট খং উঠিছিল
যেন তেন পিকনিক হৈ গল, কানত ধৰি শপত খালো যে এনেকুৱা টেনচন আৰু কেতিয়াও নলও...
তাৰ পাছত মই inactive হৈ গলো..... তেতিয়া তোমাৰো activity নোহোৱা হৈ পৰিল.... নহয় জানো

প্ৰয়াসৰ সমুখত পুৰনি দিনবোৰৰ ফ্লেছবেক এটা পাৰ হৈ গল । ঠিকেই, কথাবোৰ সচা, সি বহুতকেইবাৰ পলাব খুজিছিল, কিন্ত অনিমেশে  তাক কেতিয়াও পলাব নিদিলে ।
 প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

(৬)

প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

এসময়ত তাইৰ সৈতে মই যিমান ক্লজ হৈ পৰিছিলো, এতিয়া তুমি হৈছা, মই তাইৰ বাবে আন হৈ পৰিছো, কাৰণ এসময়ত কোনোবাই বিচৰা নাছিল যে মই তাইৰ লগত কথা পাতো...... কিন্ত এতিয়া সেই কোনোবাৰ পৰা মই বহুত দুৰলৈ গুচি গলো, বহুত দুৰলৈ...... তোমাক ডিচটেন্স মেইনটেইন কৰিব দি নিজেই ডিচটেন্ট হৈ পৰিলো

" কেতিয়াবা ভাবো
যদি কোনোবাই বুজিলোহেতেন
মনৰ মকৰাজালখনৰ
জটিল বিন্যাসবোৰ...... "

কি কৰিবা দোস্ত, ইমচনেল হলে কবিতা-চবিতা ওলাই যায়
মই বাহিৰত যিমানেই ডায়লগ নামাৰো কিয়...... মই ভাগি পৰিছো.... সিদিনাখন তোমাক বহুত কিবা কিবি কৈছিলো.

" জ্বলি আছো একুৰা জুইত
হয়তো বুকুৰ মাজত
সদায় জ্বলি থাকিব
এয়া নহয়
প্ৰাপ্তি-অপ্ৰাপ্তিৰ পৰিসংখ্যা
বা পোৱা নোপোৱাৰ ৰসায়ণ
হয়তো এয়া
আশাৰ সমাধিত
হৃদয়ৰ উচুপনি.."

এটা কথা কও, শুনিবানে, জীৱনত কাকো ইমানকৈ বেছি ভাল নাপাবা যে...... নহলে মোৰ নিচিনা অৱস্থা হব

" যদি হৃদয় নোহোৱাকৈও
জীয়াই থাকিব পাৰিলোহেতেন
কাপুৰুষ অন্তৰখন
নিক্ষেপ কৰিলোহেতেন
ৰাষ্টাৰ ডাষ্টবিনলৈ
কাউৰী শগুনবোৰৰ বাবে "

বহুত চেন্টি ফালিলো..... হৱ, আৰু ট্ৰেজেডী নাফালো......... অৱশ্যে তোমাৰ আগত নাফালি কাৰ আগত ফালিম........
এন্ধাৰ দেখিছিলো, কেৱল এন্ধাৰ, কি কৰিম কি নকৰিম ভাৱি পোৱা নাছিলো..... কিন্ত মই হয়তো ভাগ্যবান আছিলো.... তোমালোকৰ দৰে বন্ধু লগত আছিল.... এটা বিধ্বস্ত অৱস্থাৰপৰা নৰ্মেল হৈছিলো, তোমালোকৰ প্ৰেচেষ্টাত...... depression, frustration নামৰ শব্দবোৰৰ প্ৰেক্টিকেল অৰ্থ বুজা হৈছিলো

" উকা সেই সেউজী পথাৰ
এতিয়া তাত শইচ নাই
আছে মাথো
এখন চিৰালফটা আকাশ
আৰু অনুৰ্বৰ হৃদয়
অপেক্ষা মাথো
এজাক......
ধাৰাষাৰ বৰষুণৰ..........."

কথাখিনি পঢ়ি প্ৰয়াস ইমচনেল হৈ পৰিল । হয়, এটা ট্ৰেজিক ষ্টৰী, তাৰ চকুৰ সমুখতেই পাৰ হৈ যোৱা এটা ট্ৰেজিক কাহিনী । অনিমেশৰ কাহিনী,  পাপৰি চলিহা নামৰ এজনী ছোৱালীৰ বিট্ৰেৰ কাহিনী ।
memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

(৭)

memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

কেতিয়াবা হয়তো ভাবিব পাৰা, কেনেকৈ চবৰে memo ত পৃষ্ঠা ভৰাই লিখো..
আৰে বাবা, অলপ emotion আছে, feelings আছে, টেলেন্ট আছে..... কথাবোৰ ওলাই আহে আৰু
লাইফত বহুত মানুহ লগ পাইছো, মাছৰ বেপাৰীৰ পৰা মন্ত্ৰীলৈকে........ আচলতে relation বোৰ কেমিকেল bondৰ দৰে , covalent বা আয়নিক...... ইলেক্ট্ৰন sharing বা আদান-প্ৰদানৰ দ্বাৰাহে bond দাল টিকি থাকে, যেতিয়াই মাজৰ ইলেক্ট্ৰনবোৰ নোহোৱা হৈ যায়, atom বোৰ দুৰলৈ গুচি যায়, নতুন atom বিচাৰি......... এটা উদাহৰণ দিও, ছমাহ-বছেৰেকৰ পাছত কোনোবাই যদি তোমাক ফোন কৰে (কিবা কামত নহয় কিন্ত, এনেয়ে তোমাৰ খবৰ লবলৈ, মাত্ৰ দুই মিনিট )
আচলতে এই competition ৰ যুগত সকলোৰে নিজৰ নিজৰ problem থাকে, সেইবোৰ solve কৰোতে সময়বোৰ এনেকৈ পাৰ হৈ যায় যে আনৰ কথা মনলৈ আহিবলৈ সময়েই নহয়.....
হঠাত এদিন মনত পৰে, অমুকত অমুক আছে, নিশ্চয় মোৰ help হৱ......... সিদিনাখন কিন্ত help কৰিবা, কাৰণ তুমিও এদিন কাৰোবাৰ help লৱ লাগিব....... আৰু যদি কোনোবাই help নকৰে, তেতিয়া নিজকে নিজে কবা....... এদিন মোৰো দিন আহিব...........বেলেগে ধোকেবাজী কৰিলে বুলিয়েই তুমিও ধোকেবাজ হা যাবা নেকি.... নহবা বে.... বেয়া লাগিব
তোমাৰ বাকী বোৰ characterization বেলেগে কৰিব, বহুত মানুহ ৰৈ আছে তোমাৰ memo ত লিখিবলৈ, হয়তো বহুত লিখিলো..... কি কৰিবা, যিটো নকৰো নকৰোৱোই.... আৰু যিটো কৰো, প্ৰয়োজনতকৈ বেছিকৈ কৰো.....
এটা কথা মনত ৰাখিবা......
Every people has potential, but he should know that he has it

তোমাৰ বিয়া-চিয়াত নেমাতিলেও কথা নাই, বেয়া নেপাও, কিন্ত যিদিনা lifeত settle হৈ যাবা (বা ভাল চাকৰি পাবা) সিদিনা কিন্ত মোক জনাবা, বাট চাম সেই দিনলৈ.....
যোৱা দুবছৰত Orkut কৰি কম time waste কৰিলোনে, free পাই দুয়োজনে তামাম ফাইদা উঠালো, বেলেগক আমনি দিলো, তোমাৰ কথা নেযানো, মই কিন্ত হয়তোবাহে Orkut কৰিম
Lifeত তোমাৰ আৰু মোৰ বহুত কাম বাকী আছে, আৰু কথাটো হল আমিয়েই কৰিব লাগিব, কাৰণ আমাৰ windows ৰ background ত যিখন wallpaper আছে সেইখন formatting হোৱা নাই, designing আমি কৰিব লাগিব, brightness-contrast-color আমিয়েই মিলাব লাগিব.... সময় লাগিব, কিন্ত কৰিব পাৰিবই লাগিব.....
I hope we will do it soon

শুভেচ্ছাৰে
অনিমেশ হাজৰিকা
জালুকবাৰী
22/7/2009

প্ৰয়াসৰ চকুৱেদি দুধাৰি লোতক বৈ আহিল...... চাৰি বছৰ, হয়, চাৰিটা বছৰ পাৰ হৈ গল...... কিন্ত এইবোৰ যেন সৌ সিদিনাহে ঘটি গৈছে...... প্ৰয়াসে বহুত কথা পাহৰি গৈছিল, memo খনে সেইবোৰ সোৱৰাই দিলে......... প্ৰয়াসে অনিমেশৰ character assassination কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে
প্ৰয়াসে অনিমেশলৈ ফোন কৰিলে...... এতিয়াও চুইচ অফ.......


(৮)

I hope we will do it soon
প্ৰয়াসে ডায়েৰী খন বন্ধ কৰিলে....... চাৰি বছৰত কত কি হল, কিয় , কেতিয়া...... প্ৰয়াসে নাজানে.....

ইউনিভাৰচিটীৰ ডিগ্ৰীটো পোৱাৰ পাছত সি কেইদিনমান এনেয়ে আছিল । লগৰ কেইটামানে PhD ত জইন কৰিলে, কেইজনমান ঘৰলৈ গুচি গল, কেইজনমান পাৰ্ট টাইম হিচাপে কলেজ কেইখনমানত সোমাল ।

সি মনত পেলাবলৈ চেষ্টা কৰিলে, সিহতৰ বেটছৰ প্ৰথমতে ভাল চাকৰিত কোন সোমাইছিল...... নীহাৰ, দীপ , সাত্যকি  নে অনিমেশ.......
সিও এসময়ত এটা চৰকাৰী চাকৰি কৰিছিল ।

প্ৰথমতে সি ইউনিভাৰচিটিৰ প্ৰজেক্ট এটাত সোমাইছিল, প্ৰজেক্ট লিডিং টু PhD .......
মৃদুল তেতিয়া অৰুনাচলত , দেউতাকৰ বিচনেচ চোৱা-চিতা কৰি আছে, কেতিয়াবা নিজেই গাড়ী ভাড়া মাৰে । সেই সময়তে আন এজন প্ৰফেচাৰৰ প্ৰজেক্ট এটা ওলাল । অৰ্গেনিক specialization লাগে । প্ৰয়াসে মৃদুলক মাতি পঠালে । মৃদুল অৰুনাচলৰপৰা গুচি আহিল । মৃদুল আৰু প্ৰয়াস একেলগে মেচ কৰি থাকিল ।

সেইকেইদিন বঢ়িয়া চলি আছিল । সি, মৃদুল, পাল, নৱ, অনু, ভীতি , নীতু, অনিমেশ । এটা ডাঙৰ গ্ৰুপ আছিল । ডিপাৰ্টমেন্টত খুব জমিছিল ।

প্ৰথমতে পাল আৰু ভীতি এৰি গৈছিল, তাৰ পাছত নৱ..... , মৃদুল , অনিমেশ....... এজন এজনকৈ ইউনিভাৰচিটী এৰি গুচি গৈছিল ।

এটা এডভাৰটাইজমেন্ট ওলাইছিল, তাৰ ডিগ্ৰী চাই চাকৰিটো বহুত ডাঙৰ নহয়, কিন্ত চৰকাৰী চাকৰি...
সি এপ্লাই কৰিছিল । কিছুমান মানুহে কৈছিল...... টকা ঢালিব নোৱাৰিলে চাকৰি নাপায় । তাৰ ঢালিবলৈ টকা নাছিল । Written ক্লিয়াৰ হৈছিল, ইন্টাৰভিউ দিছিল..... ইন্টাৰভিউত তাক বৰ বিশেষ একো সোধা নাছিল । মানুহবোৰে চিঞৰি আছিল...... টকা নিদিলে চাকৰি নাপায়........ ফিটিং নাথাকিলে চাকৰি নাপায়.......... তাৰ কাণ-মুৰ ঘোলা হৈ গৈছিল

অকল সিয়েই নহয়, বহুত লৰা-ছোৱালী মানুহবোৰৰ কথা শুনি demotivate হৈছিল । বহুতে নাপাম বুলি ইন্টাৰভিউ নিদিলেই ।
কেইদিনমান পাছত ৰিজাল্ট দিলে । এপইচাও ঘোচ নিদিয়াকৈ সি চৰকাৰী স্থায়ী চাকৰিটো পাই গল । চাকৰিৰ মহঙা দিনত চৰকাৰী স্থায়ী চাকৰি পোৱা তাৰ বেটছৰ সি প্ৰথম আছিল । সি প্ৰজেক্ট বাদ দি চাকৰিত জইন কৰিলে ।
তাৰ লগত ১২৪ জনে জইন কৰিছিল । সি প্ৰতিজনকে অৱজাৰ্ভ কৰিলে, প্ৰায়ভাগৰে ১০ লাখ দুৰৰে কথা ১০ হাজাৰ টকা ঘোচ দিয়াৰো সামৰ্থ নাছিল ।
সি বুজি উঠিল........ মানুহবোৰে তাক মিচলীড কৰিছিল ।
অকল অনিমেশে  তাক কৈছিল.......... ভালকৈ পঢ়ি পৰীক্ষা দিয়া , written ফালি দিয়া, ইন্টাৰভিউ ভালকে দিয়া, তাৰ পাছত চাও কোনে ৰখাব পাৰে........
হয়.... অকল অনিমেশে তেনেকে কৈছিল

কেইদিনমান পাছত সি সেই চাকৰিটো নোপোৱা লগৰ এজনক পালে । লগৰজনে তাক চিধাই সুধিলে....... কিমান দিলি, আমাকো চেনেলটো দিবিছোন
প্ৰয়াসৰ কাণ-মুৰ গৰম হৈ গৈছিল । প্ৰয়াসে উত্তৰ দিয়াৰ প্ৰয়েজনবোধ কৰা নাছিল ।

সি হয়তো তেনেকৈয়ে থাকিলেহেতেন.......চৰকাৰী চাকৰি আৰু ইউনিভাৰচিটীত পাৰ্ট টাইম PhD.
কিন্ত অনিমেশ  তাক change কৰি দিলে........
নহয় , প্ৰকৃততে সি অনিমেশক দেখি change হৈ গল......

(৯)

অনিমেশ যদি নাথাকিলেহেতেন, তাৰ লাইফ গতানুগতিকভাৱে চলি থাকিলেহেতেন ।

প্ৰয়াসৰ লাইফ বঢ়িয়া চলি আছিল । চৰকাৰী অফিচটোত কাম একো নাই, কেতিয়াবা দুই এটা ফাইল আহে, put up কৰিব লাগে, তাৰ বাহিৰে চাহ খাই আদ্দা মাৰি সময় কটায় । শনিবাৰ বা বন্ধৰ বাৰত ইউনিভাৰচিটিত আহি পি.এইচ.ডিৰ কাম কৰে....... মস্তি লাইফ

ফেচবুকে তাৰ লাইফ আৰু মস্তি বনাই দিলে । কেইবাজনীও ছোৱালীৰ লগত ফেচবুক ফ্ৰেন্দ হল । তাৰ পাছত ছাটিং, ফোন নং, তাৰ পাছত ডেটিং....... নেহেৰু পাৰ্ক, অপ্সৰা- প্ৰাগজ্যতিৰ ভিজিট চলি থাকিল । লাইফ ৰঙীন হৈ পৰিল ।

ইফালে অনিমেশে চাকৰি পালে.........
অনিমেশ প্ৰতিমাহতে গুৱাহাটী আহে । সিহতৰ লগত আগৰ দৰে আদ্দা মাৰে । নিজৰ কোম্পানীৰ কথা কয় ।
মৃদুল আৰু প্ৰয়াসে সিহতৰ এফেয়াৰবোৰৰ সৰস describe কৰে । পাৰ্কৰ বেঞ্চ, ধাবাৰ কটেজ, চিনেমাহলৰ এন্ধাৰ । মচলা সানি অলপ বেছিকৈয়ে কয় ।
নৱ আৰু অনিমেশে মন দি শুনে, হাহে, কমেন্ট দিয়ে আৰু তাৰ মাজতে অনিমেশে কয়........ APSC-UPSC দিয়া না , অলপ চেষ্টা কৰিলেই পাই যাবা........ মৃদুল আৰু প্ৰয়াসে হাহি উৰুৱাই দিয়ে

কেইমাহমান পাছত মৃদুল আৰু নৱ ইউনিভাৰচিটী এৰি Institute লৈ গুচি গল... ইউনিভাৰচিটীত প্ৰয়াস অকলশৰীয়া হৈ পৰিল ।
এদিন প্ৰয়াসে গম পালে ... অনিমেশ গাড়ী এখন কিনিলে...........
কেইদিনমান পাছত প্ৰয়াসে দেখিলে........ অনিমেশক....... হিল ষ্টেচন, মনুমেন্টৰ বেকগ্ৰাউন্দ.......

প্ৰয়াসে co-relateকৰিব নোৱাৰিলে......... অনিমেশৰ তুলনাত সি বাৰু বহুত টোকোনা হৈ গল নেকি....চব কাম টো একেইধৰনৰে কৰিছিল, একেলগে কৰিছিল , কত difference থাকি গল
দিনে ৰাতিয়ে প্ৰয়াসৰ মনটোৱে উত্তৰ বিচাৰি থাকিল ।

প্ৰয়াসে আকৌ মানুহবোৰৰ কথা শুনিবলৈ ধৰিলে ।
সুজয়ে কলে....... Tag, fame, glamour, repo
এদিন সুযোগ মিলিল........ প্ৰয়াসে Institute ত PhD ৰ বাবে এপ্লাই কৰিলে
দুটা বছৰ পাৰ হৈ গৈছিল । এইবাৰো অনিমেশ ফ্ৰেমলৈ আহিল । এজন Research scholar ৰ পৰা Research institute ত কি বিচাৰে, interview ত কি কব লাগিব, কি নালাগে , অনিমেশ এ ভালকৈ বুজাই দিলে ।

প্ৰয়াসে Institute ৰ Tag লাভ কৰিলে........
অনিমেশে তেতিয়া কৈছিল..... এইবাৰ কষ্ট কৰিব লাগিব । ৰিচাৰ্চ পেপাৰ উলিয়াব লাগিব । জলদি কমপ্লিট কৰা । কম্পিটিচন বাঢ়ি গৈ আছে ।
প্ৰয়াসে ভাবিছিল...... ইয়াত আহিছো যেতিয়া চিন্তা নাই আৰু.... আৰামত হৈ যাব

(১০)

ইউনিভাৰচিটীত কেইজনমানে কুৱা কেইটামানৰ পানী এনালাইচিচ কৰি PhD ডিগ্ৰী পোৱা প্ৰয়াসে দেখিছিল.......

Institute ত প্ৰথম বছৰ আৰামত গলগৈ । গাইড নতুন, লেৱটো ভালকৈ চেট হোৱা নাই । গাইডে অলপ টপিকবোৰ ষ্টাডি কৰিবলৈ কলে । ইফালে Institute ত আনলিমিটেড ইন্টাৰনেট । প্ৰয়াসৰ ভাৰচুৱেল-আনভাৰচুৱেল এফেয়াৰবোৰ চলি থাকিল । ৰিদীপে  এদিন কথাই কথাই প্ৰয়াসক খিতাপ দি দিলে .....অউৰতবাজ
Actually প্ৰয়াসে কি কৰিব । এপাত তাল অকলে নাবাজে । তাক কোনোকালে দেখি নোপোৱা ছোৱালীয়ে যদি তাৰ লগত ফ্ৰেন্দশ্বিপ কৰিব খোজে, সি কি কৰিব । এজনীতো তাৰ বাবে একেবাৰে ডেচপাৰেট হৈ পৰিছিল । তাক বিচাৰি লেৱ ওলাইছিল । ভাগ্যে সি সিদিনা লেৱলৈ নগল । সি কথাবোৰ আনক মচলা মাৰি অলপ বেছিকৈয়ে শুনায়, কিন্ত আজিলৈকে একো নকৰিবলগীয়া কাম কৰি পোৱা নাই ।

চব ঠিকে ঠাকে হৈ আছিল, কিন্ত লাহে লাহে গাইড কামোৰ হৈ পৰিল । ৰিয়েক্সন লাগে, কাম লাগে....... প্ৰয়াসৰ সময় চৰটেজ হবলৈ ধৰিলে
তাৰ গোটেই এফেয়াৰবোৰ দি এন্দ হৈ পৰিল ।

JACS পেপাৰ এখনৰ মতে প্ৰয়াসে ৰিয়েক্সনটো লগাইছে । এইটো পঞ্চমবাৰ...... পেপাৰখনৰ মতে ৯৫% yield হব লাগে । প্ৰয়াসে কিন্ত ২০ ৰ ওপৰত পোৱা নাই । এইবাৰ আহিলেই হয় । নহলে গাইডে আকৌ গালি পাৰিব । প্ৰয়াসে ভগবানক প্ৰাৰ্থনা কৰিলে ।
ভগবানে নুশুনিলে চাগে । এইবাৰো yield নাহিল । প্ৰয়াসৰ চিন্তা লাগিল । গাইডে কি ৰুপ দেখুৱায় ।

ইউনিভাৰচিটিত প্ৰয়াসে নিজৰ ইচ্ছামতে কাম কৰিছিল । মন গলে কৰিছিল, নহলে নকৰিছিল । চাকৰি কৰোতেও কোনো হকা-বধা কৰা মানুহ নাছিল । কিন্ত এতিয়া...... সময় বহুত নিষ্ঠুৰ

এতিয়ালৈ প্ৰয়াসৰ এখনে ৰিচাৰ্চ পেপাৰ হোৱা নাই । কথা নাই , কিন্ত আন এটা কথাইহে প্ৰয়াসক ৰাতি শুবলৈ দিয়া নাই ।
মৃদুল.... হয় মৃদুল....... মৃদুলে অনিমেশৰ কোম্পানীৰ written পাছ কৰিছে, ইন্টাৰভিউ দিবলৈ গৈছে । মৃদুলে তাক এৰি গলে সি বৰ অকলশৰীয়া হৈ যাব । তাৰ ভয় লাগিল........ প্ৰয়াসে চিৰিয়াছলি ভগবানক খাটিলে । মৃদুলে যাতে চাকৰিটো নাপায় । সি অকলশৰীয়া হবলৈ নিবিচাৰে.....

(১১)

এই সময়ত প্ৰয়াসৰ নিজকে বৰ দৰিদ্ৰ যেন লাগিল.......
গোটেই কথাবোৰ ফ্লেছবেক হৈ তাৰ চাৰিওফালে ঘুৰিবলৈ ধৰিলে...
I hope we will do it soon

এটা মুহুৰ্তত ফ্লেছবেক ৰৈ গল.........
প্ৰয়াসে কাৰোবাক দৰিদ্ৰ কৰি তুলিছিল নেকি

সকলোৱে ভৱা পাপৰি চলিহা অনিমেশৰ  বিস্মিতা গগৈ নাছিল........ অনিমেশে কেতিয়াও পাপৰিক লৈ কবিতা লিখা নাছিল

বিদিশা.... বিদিশা গোস্বামী.... ফাৰ্ষ্ট চেম...... ৰেগিং চেচন...... বিদিশাই ফুলপাহ অনিমেশক দিছিল...... কৈছিল ......অনিমেশ ভাল, হেল্পফুল ..... বিদিশা অনিমেশৰ কলেজৰ জুনিয়ৰ..........
ফ্ৰেচাৰ্চ... প্ৰয়াসৰ হাৰমনিয়াম, বিদিশাৰ গান....... ইউনিভাৰচিটীৰ কেন্টিন.... প্ৰয়াস আৰু বিদিশা........ কিছু আতৰৰ এচুকত এখন অকলশৰীয়া টেবুল.... টেবুলত এটা চিচাৰ গিলাচ, ........আৰু হয়.... সি অনিমেশই আছিল...... অনিমেশে সিহতৰপিনে চাই আছিল..... সি সচাকৈয়ে সিহতক চাই আছিল...........
অনিমেশে বহুতদিনলৈ সিহতক চাই আছিল...... সিহতক হৱ নোৱাৰে.... বিদিশাক........

সেই সময়ত প্ৰয়াসৰ বাবে অনিমেশ হাজৰিকা সচাকৈয়ে দৰিদ্ৰ হৈ গৈছিল নেকি..........

সন্ধিয়া নামিছে..... পাহাৰটোৰ সিপাৰে লাইটবোৰ জ্বলি উঠিছে......
লাইটবোৰ আৰু পাহাৰটোৰ মাজত বিশাল ব্ৰহ্মপুত্ৰ.........
অদুৰত এখন মহানগৰ....

ইজ্জতৰ ফালুডা

কেতিয়াবা ইজ্জতৰ ফালুডা হৈ যায় ।
১৪ দিনৰ অফত কৰিবলৈ একো নাই । আই.আই.টিত লগৰ কেইবাটাইও গৱেষণা কৰি আছে । সিহতৰ লগতে কেতিয়াবা আদ্দা দিবলৈ যাও ।
যোৱা পৰহিৰ কথা । আই.আই.টি-গুৱাহাটীলৈ গৈছো । আই.আই.টিৰ মাৰ্কেট গেটেৰে সোমালো । একাডেমিক বিল্ডিঙলৈ বাওফালে টাৰ্ণ লৱ লাগে । বাইকখনৰে টাৰ্ণটো লওতেই দেখিলো চিনাকি জুনিয়ৰ এজনী । ওপৰত প্ৰচন্ড ৰ'দ । জুনিয়ৰজনীয়ে ছাতি এটা মুৰত ওপৰত লৈ ৰুমাল এখনৰে মুখৰ ঘাম মচি খোজকাঢ়ি আছে । জুনিয়ৰজনীৰ অৱস্থা দেখি বেয়া লাগিল । জুনিয়ৰজনীৰ ওচৰ পাই বাইকখন ৰখালো ।
- ভন্টি কলৈ যোৱা....... মই সুধিলো
- অ দা, চিটি গৈছিলো, এতিয়া হোষ্টেল যাও.... ভন্টিয়ে কলে
- হোষ্টেলটো বহু দুৰ আছে, বলা ড্ৰপ কৰি দিও
-নাই দা , হৱ, পাৰিম
- ধেই, ইমান গৰমত ৱাকিং কৰি গৈ পোৱা মানে তিতি জুৰুলি-জুপুলি হৈ যাবা

অগত্যা ভন্টি বাইকত উঠিল ।
(লাইন চাইন মৰা বুলি মিচআন্ডাৰষ্টেন্দ কৰিব নালাগে দেই । মই এনেয়েও বহুত হেল্পফুল মানুহ । আগতেও বহুত মানুহক মোৰ বাইকেৰে লিফ্ট দি ডেষ্টিনেচন পোৱাই দিছো )

বাইকৰ পাছৰ চিটটো অকুপাই কৰি ভন্টিয়ে কলে........ বলক দা
বাইকত চেল্ফটো বেয়া হৈ আছে । হেলমেটটো পিন্ধি কিক মাৰিলো.......
......
এবাৰ
....
দুবাৰ
......
তিনিবাৰ
.......
.......
.......
বাইক ষ্টাৰ্ট নহয়হে নহয় । ওপৰত টিকাফটা ৰ'দ । ঘাম আৰু টেনচনত তিতি জুৰুলি জুপুলি হৈ গলো । ভৰি বিষাই গল । বাইক ষ্টাৰ্ট হোৱাৰ কোনো উমঘামেই নাই । কটা ঘাত চেঙাতেল দি ওচৰৰে পাৰ হৈ যোৱা চেঙেলীয়া এজাকে কেৰাহিকৈ চাই হাহি কেইটামান দি গল ।

মোৰ অৱস্থা দেখি ভন্টিৰ বেয়া লাগিল ছাগে । ছাতিটো মেলি ভন্টিয়ে কলে......
- দা মই ৱাক কৰিয়েও যাও দিয়ক, আপুনি বাইকখনৰ এবাৰ ভালকৈ চাৰভিচিং কৰাই লৱ

ইজ্জতৰ ফালুডা হৈ গল । ভন্টি খোজকাঢ়ি গৈ আগৰ টাৰ্ণিংটোত নেদেখা হৈ পৰিল ।
বাইকখনৰ ওপৰত বহুত খং উঠিল ।
আৰু চাল্লা................ভন্টি নেদেখা হোৱাৰ পাছত মৰা প্ৰথম কিকটোতে বাইকখন ষ্টাৰ্ট হল ।

ৱেডিং ৰিচিপচন (1) - এটা লিফ্ট


আজি অংশুমান দাৰ ৱেডিং ৰিচিপচন আছিল..... শিৱম মেৰেজ হল, গীতানগৰ
Dhiraj Kalita দাৰ লগত প্লেন ফিক্স হল..... ৫ বজাত মই বেলতলাৰ পৰা ওলাম, ৫-৩০ ত হলত দুয়ো একেলগে এন্ত্ৰি মাৰিম.... Chanakya Choudhury দাও আহিব............ ধীৰাজদা গীতানগৰ পুলিচ থানাৰ সন্মুখত ৰৈ থাকিব, মই পিক আপ কৰিব লাগিব.........

বেলতলাৰপৰা গীতানগৰ যোৱাৰ দুটা ৰাস্তা আছে... এটা গনেশগুৰি হৈ চিটিৰ মাজেদি, আনটো চয়মাইল, নাৰেংগী হৈ........ মই ছয়মাইল হৈ যোৱাটো ঠিক কৰিলো...... এইফালে ট্ৰেফিক কম হয়.........

ছয়মাইল পাৰ হৈ চচল পাইছো......... এনেতে........
আৰে এইয়া কি.... ধুনীয়া অৰেঞ্জ চুৰিদাৰ পিন্ধা ছোৱালী এজনীয়ে দেখোন ৰবলৈ হাত জোকাৰিছে, মানে লিফ্ট বিচাৰিছে...... ছোৱালীজনীক আগতে কৰবাত দেখিছিলো নেকি মনত পেলাবলৈ চেষ্ট কৰিলো.... নাই মনত পৰা নাই.....
যিয়েই নহওক লাইফত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীয়ে মোৰপৰা লিফট বিচাৰিছে..... দিল বাগ বাগ হৈ গল...... পাচ বছৰ ধৰি গুৱাহাটীৰ ৰাস্টাত বাইকৰ চকা ঘুৰাই আছো, পিছে বাইকৰ পাছৰ চিটটো খালীয়ে হৈয়ে আছে.......
ৱেডিং ৰিচিপচনলৈ বুলি একদম চালিয়া পাৰ্টিৱেৰ চাৰ্ট আৰু নিউ ব্ৰান্ডেড জিনচ মাৰি ওলাইছো, ৰিবকৰ স্পৰ্টচ চু আৰু য়াৰ্ডলি পাৰফিউমৰ কথা নকওৱেই........

ব্ৰেক এটা মাৰি দিলো.......
- এনি প্ৰবলেম.......... একদম ষ্টাইলত সুধিলো
- মানে আজি ট্ৰেকাৰ কম, বহুতসময় হল , এখনো অহা নাই, ইফালে সন্ধিয়াও হৈ আহিছে, কাইন্ডলি অলপ আগলৈ ড্ৰপ কৰি দিব নেকি
- মই এক্সুৱেলি নাৰেংগী হৈ গীতানগৰলৈ যাম
- মোক নাৰেংগী তিনিআলিত ড্ৰপ কৰিলেই হৱ
- অকে

অৰেঞ্জ চুৰিদাৰ মোৰ বাইকৰ পাছৰ চিটত....... ৩০-৪০ ৰ ভিতৰত স্পীড ৰাখিছো, জল্ডি পাই গলে মমেন্টবোৰ মিচ হৈ যাব...... বাইকৰ ওপৰতে ড্ৰীম দেখা ষ্টাৰ্ট কৰিলো....... নাৰেংগী পোৱাৰ লগে লগে অৰেঞ্জ চুৰিদাৰে আকৌ কাইন্ডলি বুলি অলপ ওচৰতে থকা ঘৰত ড্ৰপ কৰাৰ কথা কৱ, মই অৰেঞ্জ চুৰিদাৰৰ ঘৰৰ ফ্ৰন্টৰ গেটৰ ওচৰত ব্ৰেক মাৰিম..... তাৰ পাছত ইমান হেল্প কৰাৰ বাবে অৰেঞ্জ চুৰিদাৰে একাপ চাহ খাবলৈ জোৰ কৰিব..... চাহ খাম.......... এটা বিউটিফুল ষ্টৰী ষ্টাৰ্ট হবলৈ গৈ আছে.......

(অংশুমান দাৰ ৱেডিং ৰিচিপচন আছে, ধীৰাজদা ৰৈ আছে........ বাদ দে..... অৰেঞ্জ চুৰিদাৰৰ কাৰণে অংশুমানদা, ধীৰাজদাৰ কুৰবানী দি দিম )

নাৰেংগী তিনিয়ালিত বাইক ৰখালো.....
অৰেঞ্জ চুৰিদাৰ নামিল.....
অৰেঞ্জ চুৰিদাৰে মৌসনা মাতেৰে কলে........
.
.
.
থেংক ইউ আংকল.......... থেংকচ এ লট

সোৱে-বাৱে- পাছফালে একদম নাচালো........ যিমান পাৰি এক্সিলেটৰ দবাই দিলো.... শিৱমত অংশুমান দাৰ ৱেডিং ৰিচিপচন, ধীৰাজদা ৰৈ আছে....

ৱেডিং ৰিচেপচন (২) – অন্নপুৰ্ণা বিবাহ ভৱন

যোৱা চাৰি দিনত চাৰিখনকৈ ৰিচিপচন এটেন্দ কৰিছো.......
১৬ অক্টোবৰ..... এইখন ৰিচিপচনত মই ডাইৰেক্ট ইনভাইটি নহয়.. এক্সুৱেলি মম্মীৰ কোনোবা লগৰ মহিলাৰ জীয়েকৰ বিয়া.... স্থান অন্নপুৰ্ণা বিবাহ ভৱন, বেলতলা
প্ৰবলেমটো হল যে ভাৰত-অস্ট্ৰেলিয়াৰ মেচ চলি আছে..... গতিকে দেউতা টিভিৰ আগৰপৰা উঠিবলৈ নাৰাজ...... অগত্যা মোকে বলি কা বকৰা বনোৱা হল...

মম্মীৰ লগত ময়ে ওলালো... ফৰ্মেল চাৰ্ট, ফেডেড জিনচ, চেন্ডেল চু........
অন্নপুৰ্ণা বিবাহ ভৱনটো আমাৰ ঘৰৰপৰা বেছি দুৰত নহয়, খোজকাঢ়িয়েই গলো
বিবাহ ভৱনত সোমায়েই মম্মীয়ে লগৰ মহিলা পাৰ্টিৰ লগত মিটিং জমোৱাত লাগি গল.... মই চুক এটা কেপচাৰ কৰি বলি কা বকৰা হোৱাৰ আমেজকণ এনজয় কৰি আছো..... মানে কইনাৰ সোৱে-বাৱে বহি থকা তথা হলৰ ভিতৰত থকা বিউটিৰ ওপৰত নজৰ দি আছো........

কইনাৰ সোফালে থকাজনী ভাল লাগিছে.... তাই পিৰিক-পাৰাককে ইফালে সিফালে চাই আছে.... দুই এবাৰ চকুৱে চকুৱে পৰিল.... মই নজৰ দি আছো...
সেই সময়তে Drumil Baruah ই ফোন কৰিলে
- আৰে বিকাশ, ছুটী কেতিয়ালৈ, কেতিয়া আহিবা
- ধেই দ্ৰুমিল দা, আপুনি একেবাৰে অদ টাইমত ফোন কৰিছে, বিয়া এখনত আছো, এংগোল এটা মিলাই আছিলো
- হব দিয়া হে, আহিবা কেতিয়া
- মই অনিৰ্দিষ্টকালীন চেল্ফ লিভত আছো, ২১ তাৰিখে যাম
- ২১ তাৰিখ !!! বাপৰে, ৮ তাৰিখে গৈছিলা, ইমান ছুটী কেনেকে পোৱা
- ধেই.... থওক না হে, পিছত কথা পাতিম, আপুনিতো আগতেই এংগোল মিলাই থৈয়েই দিছে, আমাৰহে একো হোৱা নাই, নজৰ এটা মিলাই আছিলো, আপুনি কাবাব মে হাড্ডি হৈ আছে এতিয়া
- অকে, অকে, ছৰী, তুমি এংগোল মিলাই থাকা, গুড লাক

Drumil Baruahৰ ফোনটো কাটি কইনাৰ ফালে চালো, আৰে কাষৰজনী কত..... ইফালে চালো, কইনাৰ কাষৰজনী বেলেগ এজনৰ লগত হাহি মাতি কথাত ব্যস্ত
অলৰেডি বুকড... অকে...... বেলেগ পিনে নজৰ দিয়াত লাগিলো
ছেকেন্ড ৰো থাৰ্ড কলামৰ পিংক কালাৰজনী ভাল লাগিছে....... নজৰ চে নজৰ মিলোৱাৰ চেষ্টা কৰি আছো........

- আৰে, ইমান দিনৰ মুৰত, তোক ধৰিবই পৰা নাছিলো
কোনোবাই পিছফালৰপৰা ঢকা এটা মাৰিলে........ ঘুৰি চালো ৰিয়াজ.....

- এইটো কি হল, ওপৰপিনে কত গল...... ৰিয়াজে মোৰ বাঢ়ি অহা পেট আৰু কমি অহা চুলিখিনি দেখুৱাই সুধিলে

ৰিয়াজ মোৰ লগৰ স্কুলত একেলগে আছিল, তাৰ বৰ্তমান এখন কাঠৰ দোকান আছে..... স্কুলত থাকোতে মোৰ হাতৰ আখৰ ভাল আছিল, ৰিয়াজে আমিনালৈ দিয়া চিঠিবোৰ মোৰ দ্বাৰা লিখোৱাইছিল.......
ৰিয়াজে কয়, মই লিখি যাও........ ডিয়েৰ আমিনা... তই মোৰ দিলৰ ৰাণী..... মোৰ লাভ আমাৰ স্কুলৰ দমকলৰ পিউৰ পানী.... তোৰ মোৰ হব ৰাজ-চিমৰণৰ কাহিনী..... এবাৰ যদি কৈ দিয় আই লাভ ইউ বুলি............
মই কও.. তই টো তুমি কৰি দিও নেকি........
ৰিয়াজে কয়..... নালাগে.... তই টো বেছি নিজৰ লাগে
চিঠিখনৰ শেষত নামটো ৰিয়াজে নিজেই লিখে..... তোৰ মৰমৰ ৰিয়াজ

পাপা... পাপা...... মোৰ লগত ক্ৰিকেট খেলিব পৰাকৈ ডাঙৰ হোৱা বাচ্চা এটা দৌৰ মাৰি ৰিয়াজৰ কোচত উঠিলগৈ...... পাছে পাছে শকত মহিলা এজনী
- ই মোৰ লৰা, ৰিয়ন, আৰু এইকতো চিনি পাইচই ... আমিনা
আমিনা শকত হৈছে, এতিয়া ছোৱালী হৈ থকা নাই, মহিলা হৈ পৰিছে
- এতিয়া তই তো আমিনা আৰু মোৰ দুইফালৰে হয়, ৰিয়নে তোক খুড়া কব নে মামা কব, কনফিউজন ...... ৰিয়াজে হা হা কৈ হাহি কলে
ৰিয়াজৰ লৰাটোৱে বৰদেউতা বা জেঠা কোৱাৰ আগতেই মই কলো
.
.
.
- আংকল বুলি মাতিলেই হল

বি. দ্ৰ- ১৭ তাৰিখে লক্ষীনন্দন দাৰ বিয়া , ছয়মাইলত........ তাত কোনো ভতিজা-ভাগিন লগ নাপালেই হল........ শ্ৰী বিষ্ণু...........

বাংক স্পেচিয়েলিষ্ট

বাংক এটা মাৰি দিলো আৰু, ১৪ দিন অন-অফৰ লাষ্ট শ্বিফট, নাইট ডিউটি আছিল, চাইটত গৈ পালো, টনেজাই কলে, কাম তো কুচ ভী নহী হোগা, লগে লগে বাংকৰ লালসা জাগি উঠিল, ফটাফট ৰেজিষ্টাৰত চাইন মাৰিলো আৰু যিখন গাড়ীত গৈছিলো সেইখনতে ৰিটাৰ্ণ আহি গলো....

বাংক মৰাটো কলেজত থাকোতে বেয়া কাম বুলি ভাবিছিলো, কিন্ত যেতিয়া ইউনিভাৰচিটিৰ এঘন্টীয়া ক্লাছত দহমিনিটতে চকু পতা মেলি ৰাখিবলৈ প্ৰচন্ড সংগ্ৰাম কৰিব লগা হল, তেতিয়াই বাংকিং ষ্টাৰ্ট কৰি দিছিলো, তেতিয়া যি আৰম্ভ হল হলেই আৰু, প্ৰেক্টিকেল বাংক, কোম্পানীৰ ট্ৰেইনিং বাংক, আৰু এতিয়া ডিউটি বাংক.
বাংক মৰাটো এতিয়া এটা হবি হৈ পৰিছে, ডিউটি বাংক মাৰি বিয়া, বাৰ্থডে, অন্নপ্ৰসন, বিহুৰ ফাংচন এটেন্ড কৰিছো...কিন্ত আজিলৈকে বাংক মাৰি হাতে লোটে ধৰা পৰা নাই

চাইটৰপৰা আহি শিৱসাগৰ পালোহি, উতপলক ফোন কৰিলো, ৰাতি বাছ ষ্টেচনত থৈ আহিব লাগে, চাৰে আঠ বজাত উতপল আহি পালে, বয় বস্ত পেক কৰি উতপলৰ বাইকত উঠিলো, পুল অভাৰটোৰে মুৰটো ঢাকি লোৱাৰ উপৰিও মাফলাৰ এখনৰে মুখখন ঢাকি ললো
- আব্বে ইমান ঠান্দা লাগিছেনে, চব ঢাকি লৈছ যে... উতপলে সুধিলে
- ঠান্দা নহয় বে, বছে ৰাতি কলনিত ৱাকিং কৰে, কেনেবাকে দেখিব লাগিলে ৱাট লাগি যাব.... মই কলো

বাছত উঠিলো, ১২ নম্বৰ চিংগল চিংগল চিট, ১৩ আৰু চৈধ্য নম্বৰ চিটত দুজনী ধুনীয়া ছোৱালী, বাহ, আজি দিনেই ভাল, বাছখন ষ্টাৰ্ট দিবলৈ লৈছে আৰু, আৰু আঠঘন্টাৰ পাছত গুৱাহাটী গৈ পাম, হেডফোনটো কাণত লগালো.... চুহানা চফৰ অউৰ য়ে মৌচম হাচি, হমে ডৰ হে হাম খো না জায়ে কহী....

কউনচা টিকট হে..... মাতটো কৰবাত শুনা যেন লাগিল....বাওফালে খিড়িকীখনেদি চালো.... আব্বে চাল্লা..... হাতত মিডিয়াম চাইজৰ ট্ৰলী এটা লৈ ..... মোৰ বছ
লগে লগে পুল অভাৰ, মাফলাৰ আৰু লগতে মম্মীয়ে দি পঠিওৱা এৰী চাদৰখনোৰে গা-মুৰ-চকু চব ঢাকি ললো, বছ বেলেগ এখন গাড়ীত উঠিলেই হল, কিন্ত.... বছ আহি ৯ নম্বৰ অৰ্থাত মোৰ আগৰ চিংগল চিটত বহিল, চুহানা চফৰৰ গান অফ কৰি থলো, হে ভগ্গু, আজি বচাই দিয়া আৰু, কচম খাইছো জিন্দেগীত ভৱিষ্যতে বাংক নামাৰো

- চিট থোৰা পিচে কৰ লেতা হু, কোই প্ৰবলেম হোগা ক্যা..... বছে ছাগে মোকেই কৈছিল, কিন্ত বাৰীৰ কাঠৰ দৰে অকনো হিলা হিলি নকৰিলো, মুখেদি কিবা কোৱা দুৰৰ কথা.... বছে ভইচ টোন বা বডী মুভমেন্ট আইডেনটিফাই কৰিলে জেং হৈ যাব
বাছ চলিবলৈ আৰম্ভ কৰিলে, এৰী চাদৰ আৰু মাফলাৰখনৰ মাজেৰে এক মিলিমিটাৰ মান ফাক এটা কৰি চালো, বছে টাচস্ক্ৰীণ মোবাইলটো টিপ টপ কৰি আছে, মই সাৰ সুৰ নকৰি চিটত আউজি দিলো

আলবিদা আলবিদা... প্ৰচন্ড শব্দ কৰি মোৰ মোবাইলটো বাজি উঠিল, এৰী চাদৰখনৰ এক মিলিমিটাৰ ফাকটোৰে দেখিলো বছে পিছফালে ঘুৰাৰ দৰে কৰিছে, চাল্লা বছে ছাগে মোক ফোন কৰিছিল আৰু, জেং হৈ গল, হে ভগ্গু, এশ গৰু মাৰিলে বাঘৰো মৰণ, আজি ফচি গলো....
ফোনটো পকেটৰপৰা উলিয়ালো .... উফ...... ৰক্ষা, চাণক্যদাৰ ফোন, চাল্লা এই চাণক্যদাডালে সদায় ভুল টাইমত ফোন কৰে, অকনো শান্তি নাই, ফোনটো চুইচ অফ কৰি থলো, তাৰ পাছত ভাবিলো, চাণক্যদাক এনেয়ে গালি দিলো, চাণক্যদাৰ সলনি বছৰ ফোন হোৱা হলে.... আজি চাণক্যদাই ভুল টাইমত ফোন কৰি বচাই দিলে

বাছ গৈ জখলাবন্ধাৰ ৰখিল, ৰাতি একো খাই অহা নহল, ভোক লাগিছে, ইফালে সৰুপানীৰো টেনডেন্সি এটা হৈছে.....কিন্ত বছ নামি যোৱাৰ কোনো লক্ষণেই নাই, অৱশ্য এই পৰিস্থিতিত নামি গলে জেং হব, নানামিলো
বাছ গৈ আছে, নগাও, ৰহা, জাগীৰোড.......ৰাতি পুৱাও পুৱাও হৈছে....বাছ ৰখিল... কন্ডাক্টৰে কলে..কাৰোবাৰ পেচাব-চেচাব লাগিছে যদি কৰি লৱ.. বছ নামি গল....
কৰবাত পাইছিলো, যদি মনটো ডাইভাৰ্ট কৰি দিব পাৰি তেন্তে সৰুপানী-বৰপানীৰ টেনডেনচি মনলৈ নাহে.... বাছৰপৰা আধাসজা বিল্ডিং এটা দেখিলো... তাতে মনটো এডজাষ্ট কৰি ললো.. এটা ষ্টৰী এটা ইমাজিন কৰিলো... এজন মানুহ, ৰিটায়াৰমেন্টৰ আগতেই তেও ঘৰটো ষ্টাৰ্ট কৰিছিল , ভাৱিছিল গ্ৰেচুৱেটি আৰু চি.পি.এফৰ টকাৰে তেও এই ঘৰটো কমপ্লিট কৰিব, ঘৰটোৰ ফাউন্ডেচনৰ এমাহৰ পাছত তেও অৱসৰ ললে, কিন্ত অৱসৰৰ পাছত পেঞ্চন অফিচৰৰ চক্কৰ লগাই লগাই তেও ভাগৰি গল, এখন টেবুলৰ পৰা আনখন টেবুল........

বাছ আহি খানাপাৰা পালেহি, নৰমেলি মই খানাপাৰাত নামি দিও, খানাপাৰৰপৰা বেলতলালৈ ৱাকিং ডিচটেন্স.....কিন্ত, চাল্লা... বছ নানামিল... মোৰো নমা নহল

সৰুপানীৰ টেনডেনচিটো বাঢ়ি গৈ আছে....মই আধাসজা ঘৰৰ ষ্টৰীটো এড কৰিলো... মানুহজনৰ এহাল লৰা ছোৱালী আছিল, মানুহজনে ভনীয়েক কেইজনীক উলিয়াই দিয়াৰ পাছত নিজৰ কথা ভাৱিছিল, সেয়ে ৰিটায়াৰমেন্টৰ সময়তো লৰা-ছোৱালীহাল কলেজৰ দেওনা পাৰ হোৱা নাছিল.. এফালে এটা আধাসজা ঘৰ, আনফালে কলেজৰ বাঢ়ি আহা ফীজ... আৰু পেঞ্চনৰ অফিছৰ যন্ত্ৰণা...

বশিষ্ঠ চাৰিয়ালি পালো, নাই বছৰ সাৰ সুৰেই নাই, ইফালে মোৰ অৱস্থা তথৈবছ, কিমান ডাইভাৰ্ট কৰিম আৰু...
মানুহটোৰ ঘৰটো আধাসজা হৈ আছে, পেঞ্চনৰ অফিছৰ কেৰাণীটোৰ লগত তৰ্কাতিকি কৰিছে আৰু ইফালে মোৰ টেনডেনচিটো পিক পজিচনত আহি পাইছেগৈ...

এট লাষ্ট..... বছ নামিল, লখৰাত... উফ ৰক্ষা....
লখৰাৰপৰা বাছখন দুশমিটাৰমান গৈছেহে... বেগটো পিঠিত লৈ চিটৰপৰা উঠিলো
- ৰখা ভাই, ৰখা ইয়াত
- দাদা আই.এছ.বি.টি. পালোৱেই, চবেই ঘৰৰ আগত নামিব খুজিলে কেনেকৈ হৱ... ড্ৰাইভাৰজনে কলে
- আব্বে বুজ বে, ঘৰ-চৰ নহয়, চিটুৱেচন টো বুজ, পিলিজ, জেং হৈ যাব নহলে

ড্ৰাইভাৰে চিটুৱেচনটো বুজি হাহি এটা মাৰি ব্ৰেক মাৰি দিলে....
বাছৰপৰা জপিয়াই নামি চিধাই কাষৰ জংঘলৰ পিনে দৌৰিলো ....

দুপৰীয়া বছে ফোন কৰিলে
- আৰে চেইকীয়া, তুম গোহাটী কা হো না
- হা ছাৰ
- এক্সুৱেলি মে গোহাটী আয়া থা, অভী হোটেল ডাইনেষ্টী মে হু, চাম কো নিকল জাউংগা, য়ে গোহাটী মো অচ্চা মিঠাই কহা মিলেগা

বছক দল-দোপৰ এড্ৰেছ দিলো, তাৰ পাছত সুধিলো.... ছাৰ য়ে গোহাটী কা মউচম অভী কেইচা হে
- য়হা কা তো চহী মউচম হে, লেকিন কল বাছ মে অজীব বাত হুৱা, এক আদমী পুৰা কম্বল-ৱম্বল অউৰকে পুৰা ৰাত বিনা হিলে দুলে বইঠা ৰাহা, মে তো চচ মে পৰ গয়া থা কহী মৰ না গয়া হো
- অৰে নহী চাৰ, কুচ লোগ হোতে হে এইচে
- লেকিন মেৰে উতৰনে কে বাদ মেইনে দেখা , ৱহ বাছ চে কম্বল অউৰকে হি উতৰ গয়া অউৰ জংঘল কী তৰফ এইচা ভাগা, এইচা ভাগা, কে মে হেৰান হো গয়া
- ছাৰ ক্যা আপ এইচে লোগো পৰ ভী ধ্যান দেতে হে, গোহাটী কা মিঠাই কা মজা লিজিয়ে

ভাগ্য ভাল, জংঘলৰপৰা ওলাই অটোত উঠি ঘৰ সোমোৱালৈকে পুল-অভাৰ,মাফলাৰ আৰু এৰীচাদৰখন মোৰ গায়ে-মুৰে ইনটেক্ট হৈ আছিল.........

পুলিছ ভেৰিফিকেচন

চাকৰিৰ এপইন্টমেন্ট হৈ যোৱাৰ পাছত পুলিচ ভেৰিফিকেচন হয়, নিয়মমতে কোম্পানীৰ অফিছৰপৰা ডিচি অফিছ, তাৰপৰা এছ.পি অফিছ, তাৰপৰা পুলিচ থানালৈ কাগজ এখন যায়........ তাৰ পাছত পুলিছ থানাৰপৰা মানুহ ভেৰিফিকেচনৰ বাবে যায়.... মানুহটো ভেৰিফাই হোৱাৰ পাছত ৰিপৰ্টসহ ওলোটা বাটৰে কোম্পানীৰ অফিছলৈ ঘুৰি যায়....যেতিয়ালৈ পুলিচ ভেৰিফিকেচন নহয়, তেতিয়ালৈ প্ৰবেচন ক্লিয়াৰ নহয়, ইনক্ৰিমেন্ট নহয়.....

কিন্ত মোৰ ভেৰিফিকেচন হব নে নাই তামাম টেনচন হৈছিল...... নহবনো কিয়, কোম্পানীৰ ৰেকৰ্ডত মোৰ যিটো এড্ৰেছ আছে, সেইটোত বৰ্তমান মই নাথাকো, আৰু যিটো এড্ৰেছত মই থাকো সেইটোৰ সমৰ্থনত মোৰ একো ডকুমেন্ট নাই, এক্সুৱেলি বৰ্তমান থকা ভাড়াঘৰৰ মালিকে চাইন কৰিবলৈ বিৰাট টান পায়, টান পায় মানে নকৰেই, গতিকে তেওৰ ভাড়াঘৰত যে মই থাকো আৰু কিবা কাম কাজত তেওৰ এড্ৰেছ ব্যৱহাৰ কৰিবলৈ এন.অ.চি ত তেও দস্তখত নকৰে....

নিয়মমতে পুলিছ আহিল আগৰ এড্ৰেছত, আহি গম পালে যে মোৰ নামৰ কোনো মানুহ তাত নাই, আগৰ মালিকক সুধিলে, বুঢ়া মালিকটোৱে মগজুত বহুত জোৰ দি চিন্তা কৰি কলে যে এবছৰমান আগতে শইকীয়া উপাধিৰ মানুহ এঘৰ আছিল, বৰ্তমান মানুহঘৰ সৌ তাত থাকে.... বুঢ়াই বিহুফিল্ডখনৰ সিপাৰে থকা বিল্ডিং এটা দেখুৱাই দিলে

যিয়েই নহওক বৰ্তমানৰ এড্ৰেছত পুলিছ আহিল, আৰু পাছদিনা চাপৰ্টিং ডকুমেন্টসহ থানালৈ মাতিলে
পাছদিনা বেগ এটা পিঠিত লৈ থানালৈ গলো, পুলিছ বিষয়াজনে বহিবলৈ কলে
- আচ্ছা আপোনাৰ আইডেনটিটি আৰু এড্ৰেছৰ চাপৰ্টত ডকুমেন্ট দেখুওৱাক
- কি কি ডকুমেন্ট লাগিব
- ইলেকট্ৰিচিটি বিল, ড্ৰাইভিং লাইচেন্স, ফোনৰ বিল, ভোটৰ লিষ্ট, পি.আৰ.চি, বেংক পাছবুক আদি

যি যি লৈ গৈছিলো দিলো, পুলিছ বিষয়াজনে তন্ন তন্নকৈ চেক কৰিলে, তেও এবাৰ মোৰ ফালে চায়, এবাৰ ডকুমেন্টৰ ফালে....
- আপোনাৰ পি.আৰ.চি মতে আপুনি সাউকুচিৰ বাসিন্দা, ড্ৰাইভিং লাইচেন্স নুনমাটিৰ, ফোনৰ পষ্টপেইড বিল আহে হাতীগাৱলৈ, বেংক পাছবুকৰ এড্ৰেছ জালুকবাৰীৰ, ৰেচন কাৰ্ড চান্দমাৰীৰ
- হয়...... মই লাহেকে কলো
- ভোটৰ লিষ্টত আপোনাৰ নাম আছে বনগাৱত আৰু বৰ্তমান আপুনি থাকে বেলতলাত, পেন কাৰ্ড আছে নে নাই
- আছে কিন্ত পেন কাৰ্ডত এড্ৰেছ লিখা নাথাকে
- ধেৰ জেং দেখোন, ভুপেন হাজৰিকা বিশ্বনাগৰিক আছিল, আপুনি দেখোন পাক্কা গুৱানাগৰিক
- আচলতে কি জানে, মেট্ৰিকৰ সময়ত সাউকুচিত আছিলো, তাৰে পি.আৰ.চি বনালো, হায়াৰ ছেকেন্ডাৰী ফাৰ্ষ্ট য়াৰত ৰেচন কাৰ্ড, ছেকেন্ড য়াৰত ভোটৰ লিষ্টত নাম সোমাল, ডিগ্ৰী ফাৰ্ষ্ট য়াৰত ড্ৰাইভিং লাইচেন্স, ছেকেন্ড য়াৰত মোবাইলৰ ছীম ললো, থাৰ্ড য়াৰত পেন কাৰ্ড বনালো, তাৰ পাছৰ বছৰ বেংকত একাউন্ট, যোৱা বাৰ বছৰত চৈধ্যতা ভাড়াঘৰ সলনি কৰিছো আৰু প্ৰতিটো এড্ৰেছতে এখনকৈ ডকুমেন্ট হৈ গৈ আছে
- আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ কি, মানে গাও-চাও
- গাও, এখন গাও আছিল, গাওখন এতিয়া ব্ৰহ্মপুত্ৰৰ দুই কিলমিটাৰ ভিতৰত, কেতিয়াবা নাও লৈ যাও, খৰালি ব্ৰহ্মপুত্ৰ যেতিয়া শুকাই যায়, বালিৰ ঢিপবোৰ ওলাই পৰে, সেই ঢিপবোৰৰ কোনোবা এটা ঢিপত... এটা এড্ৰেছ আছিল...এদিন মোৰ এটা পাৰ্মানেন্ট এড্ৰেছ আছিল........

পুলিছ বিষয়াজনলৈ চালো, তেওচোন অলপ ইমচনেল হৈ পৰিছে....তেওৰ চকু তেতিয়া থানাৰ ভগা খিড়িকীখনদি দেখা পোৱা গছডালৰ ফেৰেঙনিত থকা চৰাইৰ বাহটোত..
- ৰহমহীয়া নেকি...... ইমচনেল চাৱনিৰে তেও সুধিলে
- নহয় মাতমৰা...... ময়ো ইমচনেল চাৱনিৰে উত্তৰ দিলো
- মোৰো এসময়ত মাজুলীত এটা এড্ৰেছ আছিল..চিৰিং গাও..এসময়ত এখন গাও আছিল.. পুলিছ বিষয়াজনে আগতকৈয়ো বেছিকৈ ইমচনেল হৈ কলে
- আই কেন ফিল য়ৰ ফিলিংচ........ মই তেওক সমবেদনা দিলো

পুলিছ বিষয়াজনে কনিষ্টবল এজনক মাতিলে, গাখীৰ চাহ আৰু ৰসগোল্লা খাই থানাৰপৰা ওলাই আহিলো

তাৰ পাছৰ সপ্তাহতে পুলিচ ভেৰিফিকেচনৰ ৰিপৰ্ট আহি কোম্পানীৰ অফিছ পাই গল

কেফে কফি ডে

মই তেতিয়া কটনত পঢ়ি আছো, দীঘলীপুখুৰীৰৰ পাৰত নতুনকৈ দোকান এখন খুলিছে, বাহিৰৰ পৰা একেবাৰে চালিয়া দোকান, মানুহে তাত বোলে টেষ্টি কফি খাবলৈ যায়, নাম কেফে কফি ডে, দোকানখনৰ নেমপ্লেটত টেগলাইন এটা আছে..... এ লট কেন হেপেন অভাৰ এ কাপ অৱ কফি

গিৰিৰাজ আৰু মই প্লেন কৰিলো, এদিন তাৰ কফি খাই চাব লাগিব
এদিন ক্লাছ এটা বাংক মাৰি দুয়ো সোমালো, একেবাৰে নীট আৰু ক্লীন ভিতৰখন, টেবুল এখনত দুয়ো বহিলো, লৰা এজনে হাহি এটা মাৰি মেনু এখন লৈ আহিল
-দুইকাপ কফি...... গিৰিৰাজে কলে
লৰাজনে কিবা কিবি ভেৰাইটি আৰু ফ্লেভাৰৰ কথা কবলৈ ধৰিলে
- বেলেগ একো নালাগে, অকল দুইকাপ ভাল গৰম কফি...... গিৰিৰাজে স্পষ্টকৈ কলে

দুয়ো চাৰিওফালে চালো, অকল আমিহে হমজেনিয়াছ পেয়াৰ, আমাৰ আশে-পাশে বাকা গেটেইকেইটা হেটেৰোজেনিয়াছ কাপল, চবেই কফি পি পি ইন্টিমেট কনভাৰচেচনত ব্যস্ত
কিছু দেৰিৰ পাছত কফি আহিল, ট্ৰে এখনৰ ওপৰত কাপ দুটা, কাপৰ কাষত এটা প্লাষ্টিকৰ টোপোলা
- এইটো কি দিছে.... গিৰিৰাজক লাহেকৈ সুধিলো
- কমপ্লিমেন্টৰি ছাগে, এনেকুৱা দোকানত কাষ্টমাৰক গিফটো দিয়ে বোলে, পকেটত ভৰা, পাছত চাম, এতিয়া কফি খাই লও ....... গিৰিৰাজে কলে

চি.চি.ডিৰ কফিনো কেনেকুৱা চাবলৈ কাপত চুমুক দিলো, একেবাৰে কাঢ়া কফি, গিৰিৰাজলৈ চালো, গিৰিৰাজ চি.চি.ডিৰ কফিৰ সোৱাদ লোৱাত ব্যস্ত, চেহেৰাত প্লীজেন্ট স্মাইল...
প্লীজেন্ট স্মাইল দি দি আধাঘন্টাত কফিকাপ শেষ কৰিলো
বিল আহিল...... ১৫৮ টকা
পঞ্চাছটকীয়া দুখন, বিছটকীয়া দুখন আৰু দহটকীয়া এখন টেবুলত থৈ প্লীজেন্ট স্মাইল দি ৱেটাৰজনক গিৰিৰাজে কলে.. কীপ দা চেঞ্জ
ৱেটাৰজনে ঘোপাকে আমালৈ চালে....

মই পাচটকীয়া কইন দুটা জেপৰপৰা উলিয়াই নোটকেইখনৰ লগত ৰাখিলো...
দুটকা টিপছ দিয়াৰ পাছত হিৰোৰ দৰে ফিলিং এটা লৈ বাহিৰ ওলালো.... হেন্ডিকৰ ছোৱালী কেইজনী মান ৰাষ্টাৰে গৈ আছিল, গিৰিৰাজৰ প্লীজেন্ট স্মাইল কন্টিনিউ হৈ থাকিল....

দীঘলীপুখুৰীৰ পাৰে পাৰে ছোৱালী গ্ৰুপটোৰ পাছে পাছে দুয়োটা ৱাক কৰি আছো........ গিৰিৰাজে কলে.... পেকেটটো উলিয়াচোন, কি কম্প্লিমেন্টৰী গিফট দিছে চাও
পকেটৰপৰা পেকেটটো উলিয়ালো.........
পেকেটটোত সৰুকৈ লিখা আছিল, হাইলি পিউৰিফাইড চুগাৰ

কফিকাপৰ সচাই বৰ কাঢ়া আছিল, মানে সোৱাদটো তিতা টাইপৰ আছিল, গিৰিৰাজৰ দৰে ময়ো আকৌ সেইটো চি.চি.ডিৰ স্পেচিয়েল টেষ্টি ফ্লেভাৰ বুলি ভাৱিছিলো..

মহানগৰৰ এটা সন্ধিয়া

মহানগৰখনলৈ মই উভতি গৈছো, ডিউটি পেটাৰ্ণ সলনি হৈছে, চৈধ্যদিন ডিউটিৰ পাছত চৈধ্যদিন অফ, গতিকে এতিয়াৰেপৰা অহা কেইবছৰমান ধ্যান-ধাৰণা, আইডিয়া, প্লেন ইত্যাদিবোৰ গুৱাহাটীকেন্দ্ৰিক হবলৈ গৈ আছে, কিন্ত সলনি হোৱা পেটাৰ্ণটোৰ বাবে বৰ্তমানলৈ মোৰ একো প্লেন নাই.....
অফৰ সাতদিন গল, আৰু সাতদিন বাকী, ওচৰৰ ফিল্ডখনত ৰাতিপুৱা ক্ৰিকেট খেলো, দিনটো টিভি চাও, ফেচবুক কৰো, কন্পিউটাৰত গেম খেলো, আবেলি আকৌ ক্ৰিকেট খেলো, টিভি চাই খাই বই শুই দিও, কিন্ত এইটো চিডিউলতো লাহে লাহে বৰ হৈ গৈছো....

পাছবেলা বাইকখন লৈ ওলালো, নিৰ্দিষ্ট লক্ষ্য নাই, লগৰ গোটেইবোৰ এতিয়া ব্যস্ত, জিতুলে থিচিছ লিখি আছে, উমেশ মঙলদৈলৈ গল, অলকেশে বিয়া পাতিলে, গিৰিৰাজৰ শদিয়াত পোষ্টিং..........
বাইকৰ চকা ঘুৰি ঘুৰি পানবজাৰ পালেগৈ, লাহে লাহে সন্ধিয়া নামিছে, লয়াৰ্চত সোমালো...... ভৃংগেশ্বৰ শৰ্মাৰ তেজে ধোৱা সময়খন আছেনে.... মানুহজনে বিচাৰিলে, শেষ হল বুলি কলে
বনলতা পালোগৈ, তাত পাই গলো, ইলিয়াড আৰু ওডিচীৰ অসমীয়া অনুবাদ দেখিলো, সেইকেইখনো লৈ ললো
সেউজীয়া সপোন, তেজৰঙা ইতিহাস খন চালো, নতুন কথা একো নাই, কনকসেন ডেকাই আলফাৰ ওপৰত লিখা কিতাপখন পঢ়িছো, তাত থকা কথাবোৰেই আছে, নললো

কিতাপ ভৰাই দিয়া বনলতাৰ পলিথিনটো বাইকত ওলোমাই দিলো , বাইক ষ্টাৰ্ট দিলো, ঠান্ডাৰ দিন, এন্ধাৰ সোনকালে হয়, কটনৰ কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ সমুখত অলপ নষ্টালজিক হৈ পৰিলো...বাইক নিজে নিজেই স্লো হৈ গল, লৰা-ছোৱালী এজাক ওলাই আহিছে, বোধহয় প্ৰেক্টিকেল আছিল..
কলেজৰ মেইন বিল্দিঙৰ সমুখৰ ৰাস্তাটোৰে চিধা গৈ লেফট টাৰ্ণ লৈ ৰাইট টাৰ্ণ দুটা ললো, এতিয়া বাওফালে কটনৰ ছোৱালী হোষ্টেল আৰু সোফালে দীঘলীপুখুৰী, এই ৰুটটো বহুত চিনাকি, এনেকুৱা দিনবোৰত আগতে দেৰিকৈ প্ৰেক্টিকেল থাকিলে লগৰ ছোৱালীকেইজনীক এচকৰ্ট দি হোষ্টেল পোৱাই দিয়াটো নিয়মত পৰিণত হৈছিল....
অলপ আগুৱাই যোৱাৰ পাছত বাওফালে কেফে কফি ডে, আঠ বছৰ আগতে গিৰিৰাজৰ লগত ১৫৮ টকাৰে দুকাপ কাঢ়া কফি খোৱা দোকানখন আগৰ দৰেই আছে....

গুৱাহাটী ক্লাৱত এটা ৰটাৰী আছে, এতিয়া মোৰ হাতত ঘৰলৈ যাবলৈ দুটা অপচন আছে, উলুবাৰী হৈ বা চান্দমাৰী হৈ... তিনি বছৰ আগতে এনেকুৱা দিন এটাত এনেকুৱা সময়ত চান্দমাৰীত মই অৰ্পিতাক টিউচন পঢ়াইছিলো, গতিকে তেতিয়া অপচন নাছিল, এতিয়া হয়তো ইচ্চা কৰিলে ব্ৰহ্মপুত্ৰৰ সন্ধিয়াৰ বতাহজাকৰ বাবে খাৰঘুলিলৈও পোনাই দিব পাৰো , ন ইচুজ , ন লায়েবিলিটিজ
চিধা-চিধিয়েই চান্দমাৰীৰ পিনে বাইক পোনালো, টাৰ্ণিঙ লোৱাৰ কোনো প্ৰয়োজন নাই, ইচ্চাও নাই, ৰাষ্টাত বহুত গাড়ী, কিন্ত দেয়াৰ ইজ অলৱেজ স্পেচ টুৱাৰ্ডচ লেফট ফৰ এ বাইক,... আৰু এই বাওফালে থকা স্পেচখিনিৰ ব্যৱহাৰত তিনিবছৰ আগতেই মাষ্টাৰ হৈ পৰিছিলো, শিলপুখুৰী পাৰ হলো, ৰাষ্টাটো যথেষ্ঠ বহল হৈছে আগতকৈ, বাওকাষে আচাম ট্ৰিবিউনৰ বিল্ডিং, আগৰ বিল্ডিংটো ৰিনভেট হৈ নতুন বিল্ডিং এটা হৈছে, এটা সময়ত এই ট্ৰিবিউনখনৰে ফ্ৰন্ট পেজতকৈ গ্বিতীয় পেজটো বহুত আগ্ৰহেৰে চাইছিলো..

চান্দমাৰী পালো, ব্ৰীজত উঠিলো, ব্ৰীজত পাছমুৱাকৈ বহুত মানুহ বহি আছে, ডিচেম্বৰৰ সন্ধিয়াৰ মাদকতা উপভোগ কৰিছে, এটা সময়ত ময়ো কৰিছিলো, কিন্ত তেতিয়াৰ সেই সময়কন কন্ডিচনেল আছিল, কেতিয়াবা ৰাষ্টাত ট্ৰেফিক কম থাকে, তেতিয়া অৰ্পিতাক মই টিউচন পঢ়োৱা টাইমতকৈ সোনকালে আহি পাও, সেই ডিফাৰেন্স অৱ টাইমখিনি পাৰ হৈছিল চান্দমাৰী ব্ৰীজত , কেতিয়াবা পাচ মিনিট, কেতিয়াবা দহ... সেই পাচ বা দহ মিনিটত মই কিছুমান প্লেন বনাইছিলো, সেই প্লেনবোৰৰ কিছুমান চাকচেচফুল হল, কিছুমান নহল... কিন্ত তিনি বছৰ পাছত, এই মুহুৰ্তত মোৰ একো প্লেন নাই... এবচলুটলি ন প্লেনচ

ব্ৰীজৰ এঠাইত বাইকখন স্লো কৰিলো, এটা পাছমুৱাকৈ বহি থকা মানুহৰ কাষত বাইক ৰখালো
- আৰে বিনীত নহয়নে
পাছমুৱাকৈ বহি থকা মানুহটোৱে ঘুৰি চালে
-কি খবৰ তোৰ, ইমান দিনৰ মুৰত...... মই সুধিলো
- আৰে দোস্ত তই, মোৰ ভাল, তোৰ ক
- মোৰে ভালেই, ইয়াত কি কৰিছ
- অলপ ইভিনিংটো এনজয় কৰি আছো, এয়া মোৰ ফ্ৰেন্ড গীতিমা

গীতিমাক মোৰ লগত চিনাকি কৰি দিয়াৰ একো প্ৰয়োজন নাছিল, এক্সুৱেলি তিনি বছৰৰ আগৰ ইকুৱেচনমতে এই সন্ধিয়া চান্দমাৰীৰ ব্ৰীজখনত বিনীতৰ লগত মেঘালী বা গীতিমাৰ লগত সঞ্জয় থাকিব লাগিছিল, কিন্ত বোধহয় এই তিনিবছৰত বহুত কিবা কিবি সলনি হৈছে, কিছুমান সমীকৰণ সলনি হৈ পৰিছে, নতুন কম্বিনেচন হৈছে

বিনীত আৰু গীতিমাৰ সন্ধিয়াটোৰ বেছি সময় বৰবাদ নকৰিলো, কমাৰ্চ পাৰ হলো, জু-ৰোড, চিৰিয়াখানা, গণেশগুৰি, গাড়ীবোৰৰ বাওকাষৰ স্পেচখিনি ইউটিলাইজ কৰি আৰামত গৈ আছো, জনতা ভৱন, চুপাৰ মাৰ্কেট, ছিক্সমাইল......
চা্ল্লা যিটো টাইমত সময়মতে কৰবাত গৈ পোৱাৰ টেনচন আছিল, তেতিয়া প্ৰতিটো ট্ৰেফিক পইন্টত ৰঙা লাইট আছিল, আৰু আজি.... কোনো লক্ষ্য নাই, কোনো টাইম লিমিট নাই, কৰবাত নিৰ্দিষ্ট টাইমত গৈ পোৱাৰ হেডেক নাই, গতিকে হয়তো চবতে গ্ৰীণ চিগনেল.........

সচাকৈয়ে মহানগৰখনৰ সন্ধিয়াবোৰ বহুত সলনি হৈছে, ট্ৰিবিউনৰ বিল্দিংটোৰ এপিয়াৰেম্স সলনি হৈছে, বিনীত-গীতিমাৰ দৰে বহুত কম্বিনেচন সলনি হৈছে.........
আৰু এই সলনি হোৱা মহানগৰখনৰ সন্ধিয়াবোৰৰ লগত খাপ খুৱাই হয়তো ময়ো সলনি হব লাগিব,
সলনি হোৱাৰ প্ৰয়োজন এটা আছে...........

বি.দ্ৰ..... ঘৰ পাই নয়নক ফোন কৰিলো, সঞ্জয়ৰ বিষয়ে সুধিলো, পাছ বছৰ আগতে গীতিমা আৰু সঞ্জয়ৰ ষ্টৰীটোত মই আৰু নয়নে কেটালিষ্টৰ ৰোল প্লে কৰিছিলো ............আই এম শ্বকড, সঞ্জয় বোলে এতিয়া নগাৱত থাকে, ইউনিয়ন বেংকত চাকৰি..... আৰু ছমাহ আগতে গীতিমাৰ সৈতে ব্ৰেক আপ হোৱাৰ পাছত সি বৰ্তমান মেঘালী নামৰ মই চিনি পোৱা ছোৱালী এজনীৰ লগত ৰিলেচনশ্বিপত আছে......

ৱেডিং ৰিচেপচন(৩)

চৈধ্য দিন অফৰ নৱম দিন, কাম বন একো নাই, লেপটপত এজ অৱ এম্পায়াৰচ গেমটো খেলি টাইম পাচ কৰি আছো, মম্মীয়ে কলে, বৰুৱানীহতৰ বিয়ালৈ যাব লাগিছিল, মোৰ গাতো ভাল লগা নাই, তয়ে যা...

মম্মীয়ে এড্ৰেছটো দিলে, হাতীগাও, চম্পক নগৰ, নৰনাৰায়ণ পথ, হাউচ নং-৪
জিনচ আৰু পুল অভাৰ লগাই ৰেডি হৈ গলো, ঘৰত বৰ হৈ আছো, অলপ টাইম পাচ কৰি আহো, গিফট পেক কৰাই আছিল, বাইকত ওলমাই ললো....
বৰুৱানী মম্মীৰ বান্ধৱী, মম্মীৰ এগালমান বান্ধবী আছে, কিছুমানক চিনি পাও, কিছুমানক নাপাও, এই নোপোৱাকেইগৰাকীৰ মাজত বৰুৱানীও আছে, বিয়া তেওলোকৰ ঘৰতেই পাতিছে

বেলতলা তিনিয়ালি পালো, ট্ৰেফিক চিগনেল, বাইকৰ গীয়েৰ নিউট্ৰেল কৰি হেলমেট খুলি ৰিয়াৰভিউ মিৰৰত চেহেৰাটো চাই ললো, ঠিকেই আছে,
ট্ৰেফিক পুলিছজনে যাবলৈ চিগনেল দিলে, মা কচম , পাচ বছৰ ধৰি বাইকখন চলাই আছো, তেল মবিল ঠিকেই ভৰাই আছো, আজিলৈকে মোক ধোকা দিয়া নাছিল, কিন্ত কিক মাৰোহে মাৰো ষ্টাৰ্ট নহয়হে, ইফালে পাছফালে গাড়ীৰ হৰ্ণ,পে পু পে পু, নট কুল
ঐ চাল্লা নাযাৱ কিয়........ পিছফালৰপৰা কোনোবাই চিঞৰিলে, লগতে কেইটামান আনচেনচৰড শব্দ
হিউমিলেট হৈ গলো, বাইকৰপৰা নামিলো...... কি কৰিম আৰু , ট্ৰেফিকৰ মাজেৰে বাইক ঠেলি ঠেলি ৰাস্তাৰ সিটোমুৰে পাই গলো, ইফালে সিফালে চালো, কোনোবাই দেখিলে নেকি, আফটাৰ অল ৰেপুটেচনৰ কথা আছে..

এক ডৰ্জন কিক আৰু কেইটামান ঘোচা মৰাৰ পাছত বাইকখন ষ্টাৰ্ট হল, হাতীগাও চাৰিআলি পালো, দোকান এখনত সুধিলো, চম্পক নগৰ কোন ফালে...... দোকানীয়ে দেখুৱাই দিয়া ফালে বাইকৰ চকা ঘুৰালো.......
কিছুদুৰ যোৱাৰ পাছত পেন্ডেল এটা দেখিলো, পেন্ডেললৈ যোৱা গলিটোৰ ফলকখন চালো, ঠিকেই আছে, নাৰাযণ পথ.... জলি এটিটিউড আৰু নাইচ এক্সপ্ৰেচন এটা লৈ বিয়াঘৰত সোমালো, ধুনীয়া ছোৱালী এজনীয়ে ধুনীয়া হাহি এটাৰে আহক বুলি মাতিলে..... কুল স্মাইল এটা নিজে নিজেই আহি গল......
কুল স্মাইলটো কন্টিনিউ কৰি কইনাক গিফটটো দি দিলো, ফটো উঠিলো
কইনাৰ মাক আহিল, শইকীয়ানীৰ লৰা বুলি চিনাকি দিলো, বৰুৱানীয়ে মম্মীৰ খবৰ সুধিলে, ময়ো খবৰ খাতি ললো..... মই চিনি নোপোৱা বৰুৱানী এন্ড ফেমিলী একেবাৰে নিজৰ মানুহৰ দৰে হৈ পৰিল...
খোৱাৰ চিষ্টেমটো বুফে নাছিল, ন প্ৰবলেম, তিনিবাৰকৈ মাংস খুজি ভাত খাই দিলো, খোৱা-বোৱাত মই কেতিয়াও কম্প্ৰমাইজ নকৰো........

এক্সুৱেলি মই মানুহটোৱে তেনেকুৱা , একেবাৰে কুল টাইপৰ, হম জাহা জাতে হে মাহল আপনে আপ বন জাতে হে.... মাহল বনি গল, কইনাৰ ফ্ৰেন্ড কেইজনীমানে লৰা কেইটামানৰ লগত অন্তাক্ষৰী খেলি আছিল, ময়ো কন্ত্ৰি কৰি দিলো, আধাঘন্টামান অকলে লৰাৰ টীমটো চম্ভালিলো, কুল মাহল এটা এষ্টাব্লিছ হৈ গল......
হ আখৰৰে গান এটা গাব লাগে........ ন প্ৰবছ..... হামকো তুমছে প্যাৰ হে,জিয়া বেকৰাৰ হে, আজা মেৰে বুলবুল..

সেই সময়তে মম্মীয়ে ফোন কৰিলে, ৰিচিভ কৰিলো
- কত আছ... মম্মীয়ে সুধিলে
- ইয়াতে, বিয়াঘৰত
- তই কিন্ত দৰাৰ লগত নাযাবি, কাইলৈ মোক হস্পিতাল লৈ যাব লাগিব
- দৰা, কিন্ত ইয়াততো কইনা.....

আপোনাৰ মা আহিছে, আপোনাক মাতিছে........বৰুৱানীৰ লৰাজনে আহি কলে.....বৰুৱানীৰ লৰাজনে বিয়াঘৰত উপস্থিত হোৱা শইকীয়ানীৰ ফালে দেখুৱাই দিলে, শইকায়ানী কইনাৰ লগত ফটো উঠি আছে, মোৰ মম্মী অলপ শকত, পিছে এই চাইজ জিৰোৰ নিচিনা...

অলপ মাইনাছ কৰি আহো বুলি পেন্ডেলৰ পাছফালে গলো, চাৰিফুট ওখ ৱালখন একেজাপে পাৰ হলো, একেটা কিকতে বাইকখন ষ্টাৰ্ট কৰিলো, মা কচম.......দুঘন্টাৰ ভিতৰত দ্বিতীয়বাৰ হিউমিলেট হোৱাৰ আগতেই ফুটি দিলো

নিৰাপদ দুৰত্বলৈ গৈ থকা সময়তে কাষৰ ৰাষ্টাৰ এখন দোকানৰ চাইনবৰ্ডত চকু পৰিছিল
সৰুবাপু হোটেল, ভেটাপাৰা, চন্দন নগৰ

চাল্লা.. চন্দন আৰু চম্পক, দুয়োখন নগৰেই হাতীগাৱত থাকিব লাগেনে....

টু বি আৰ নট টু বি

চৈধ্য দিন অফৰ দশম দিন, এজ ইউজুৱেল ৰাতিপুৱা ওচৰৰ ফিল্ডখনত গৈ ক্ৰিকেট খেলিলো, এজ ইউজুৱেল চিক্স-ফৰ মাৰিলো, দুখন মেচ জিকিলো , এখন হাৰিলো......... ফেচবুকত কভাৰ ফটো এখন দি দিলো
এচেজ চাই আছো , ইংলেন্ডৰ বেটিং
ফোনটো ৰিং কৰিলে, চুচান্ত খাৰেৰ ফোন, চুচান্ত মোৰ লগত একেটা বেটছত কোম্পানীৰ ট্ৰেইনিং কৰিছিল, তেতিয়াই চিনাকি....
- ক্যা চইকীয়া জী, ক্যা হাল হে.... চুচান্তে সুধিলে
- মে ঠিক হু , আপ চুনাইয়ে
- মে ভী আচ্চা হু, চুনা হে আচাম মে অন-অফ ষ্টাৰ্ট হো গয়া হে
- হা
- আপকাভী হো গয়া হে ক্যা
- হা, অভী মে অফ পে হু
- বঢ়িয়া হে, অফ মে ক্যা কৰতে হে
- কুচ নহী য়াৰ, ফেচবুক, গেম, মুভীজ এটচেট্ৰা এটচেট্ৰা
- আপকে লিয়ে মেৰে পাচ এক অফাৰ হে

চুচান্তে অফাৰ এটা দিলে, মেট্ৰো চিটি এখনত চুচান্তৰ সম্পৰ্কীয় কাৰোবাৰ কচিং চেন্টাৰ এটা আছে, প্ৰতিমাহে অফত এসপ্তাহ তাত গৈ নেটৰ কচিঙৰ ক্লাছ কৰিব লাগে, অহা-যোৱা, থকা খোৱাৰ উপৰিও পাৰ ক্লাছ হিচাপে ৰিমুনেচন দিব , প্ৰতিটো স্লটত ইন হেন্ড ২০ মান পাম

ট্ৰেইনিঙৰ প্ৰথম কেইদিনমান মোৰ বাকী মানুহৰ লগত বিশেষ ইন্টাৰএকচন নাছিল, ক্লাছ কৰো, লান্স-দিনাৰ-ব্ৰেকফাষ্ট কৰো আৰু ৰুমত ফেচবুক কৰি কৰি টোপনি যাও, আই ৱাজ এ বৰিং পাৰ্চন, এক্সুৱেলি মোক প্ৰথমবাৰৰ বাবে লগ পোৱা বেছিভাগ মানুহৰ মতে মই খুব কম কথা কোৱা এটা বৰিং মানুহ

ট্ৰেইনিঙৰ আমাৰ ১২০ জনীয়া বেটছটোক চাৰিটা শাখাত ভগোৱা হৈছিল, গংগা, অলকনন্দা, ভাগিৰথী আৰু মন্দাকিনী, মই গংগা গ্ৰুপত আছিলো, ক্লাছত মই না আগত বহিছিলো না পাছত, মই একেবাৰে মাজে মাজে থাকিছিলো.......
ট্ৰেইনিঙত ইন্টাৰ গ্ৰুপ কম্পিটিছন হয়, আমাৰ গ্ৰুপত কে.ভগবান নামৰ তামিলীয়ান এটা আছিল, খুব চেচ খেলে, আনন্দ-পেট্ৰভ-কাচপাৰভৰ মুভৰ বিষয়ে কয়, আমাৰ গ্ৰুপৰ পৰা বিনা প্ৰতিদন্দিতাৰে সি চিলেক্ট হল........
কম্পিটিচনৰ দুদিন আগৰ কথা...... কে.ভগৱানে মোক সুধিলে যে মই চেচ খেলিব জানো নে নাই..... মই অলপ-অলপ জানো বুলি কলো........
কে.ভগৱানে কলে ... লেটছ প্লে, আই উইল চো ইউ চাম মুভচ অৱ কাৰপভ
সাধাৰণতে বেছি ওষ্টাদি মৰা মানুহ মোৰ পচন্দ নহয়, কে.ভগবানে দিচ ইজ কাৰপভ মুভ বুলি ফাষ্ট মুভ দিলে, মই নৰ্মেল চাল এটা দিলো,..... খেল ষ্টাৰ্ট হল... দহ-বিশ-ত্ৰিশ মিনিট পাৰ হৈ গল, কে.ভগবানে মোক হৰুৱাব পৰা নাই, এজন-দুজনকৈ কেইবাজনো লগৰ আহি চেচ খেলা চাবলৈ ধৰিলে...... এক ঘন্টা পাৰ হৈ গল, কে.ভগবান আৰু মোৰ সমান সমান গুটি বৰ্ডত আছে, কে.ভগবানৰ চেহেৰাত আশংকাৰ চাপ, কে.ভগবানে বহুতসময় ভাবি মুভ এটা দিয়ে, মই লগে লগে মোৰ চাল দিও আৰু লগৰকেইটাৰ লগত কথা পাতো, কে.ভগবানে আকৌ নেক্সট মুভৰ কথা ভাবোতে বহুতসময় লয়.... দুই ঘন্টা, আঢ়ৈ ঘন্টা, এটা সময়ত কে.ভগবানৰ গাল-মুখ-কাণ স্পষ্টকৈ ৰঙা হৈ পৰিল.... তাৰ পাছত কেইটামান মুভৰ পাছত মই হাৰি গলো

সেই গেমটো চুচান্তেও চাই আছিল
পাছদিনা ক্লাছত চুচান্তে সুধিলে........... আপ অচ্চা খেল লেতে হে
- কভী কভী.... মই কলো
- আপ প্ৰফেচনেলি খেলতে হে ক্যা
- নহী, কভী কভী খেলতা হু
- আপনে কল কে.ভগবান কো অচ্চা চবক চিখায়া, ৱ বহত জাদা দিখাতা থা
- এইচা কুচ নহী হে
- লেকিন কল আপ জিতনেৱালা পজিচন মে থে, ফিৰ কিউ হাৰ গয়া
- কে.ভগৱান জীতা, দেট মিনছ কল ৱ মেৰেচে বেহতৰ খেলা

কম্পিটিচনৰ দিনা গম পালো যে কে.ভগৱান বিশেষ কামৰ বাবে বাহিৰলৈ যাব আৰু সি কম্পিটিচনৰ বাবে আমাৰ গ্ৰুপৰ বাবে মোৰ নামটো দি গৈছে

চাৰিওটা গ্ৰুপৰ চাৰিজন পাৰ্টিচিপেন্ট, গংগাৰ মই, অলকানন্দাৰ ভগত সিং , মন্দাকিনীৰ প্ৰচান্ত মিশ্ৰ, ভাগিৰথীৰ অভিমন্যু পাৰিদা
প্ৰথম খেলখন প্ৰচান্ত মিশ্ৰৰ লগত হল, জিকিলো, আনখন খেলত অভিমন্যুই ভগতক হৰুৱালে
খেলৰ নিয়মমতে উইনাৰ আৰু উইনাৰৰ মাজত জিকাজনে ফাইনেল পাব
আনহাতে লুজাৰ আৰু লুজাৰৰ মাজত যিয়ে জিকিব সি উইনাৰ আৰু উইনাৰৰ হৰাজনৰ লগত খেলিব আৰু সেইখনত যি জিকিব সি ফাইনেল খেলিব..........

সেইমতেই অভিমন্যুৰ লগত দ্বিতীয়খন খেল হল, অভিমন্যুই ইঞ্জিনাৰিং চাৰ্ভিচৰ বাবে প্ৰিপেৰাচন কৰি আছে, সি ভাল খেলে, কিন্ত মোৰ লগত তাৰ টেমা গৰম হৈ গল, সি বহুত ভাবি ভাবি চাল এটা দিয়ে, মই লগে লগে মোৰ চাল দিও, দেখাত এনেকুৱা হৈছিল যে খেলখনত অকল সিহে ভাবি আছে, আৰু মই টাইম পাচ কৰি আছো, আধাঘন্টা মানৰ পাছত অভিমন্যু হাৰিল......... হৰাৰ পাছত সি কলে, আপ বেহতৰীন খেলতে হে, আপচে খেলনা ইজি নহী হে, কুচ হমে ভী চিখাইয়ে
- মে চিৰ্ফ আপকো কাউন্টাৰ কৰ ৰহা থা, মে জীতা কিউকি আপ খাৰাব খেলে.... মই কলো

আনফালে ভগতে প্ৰচান্তক হৰুৱালে তাৰ পাছত অভিমন্যুৰ লগত ৱাক অভাৰ পালে
ফাইনেল ভগত আৰু মোৰ মাজত..........
ৰাতি ডাইনিং হলত ডিনাৰ কৰি আছো, ভগতে কলে... চইকীয়া জী আজ ফাইনেল হো জায়ে
- ঠিক হে, মুঝে ৰুম চে বুলা দেনা... মই কলো
ৰুমলৈ গলো, ফেচবুক কৰিলো, এঘাৰ বাজিল, ভগত অহা নাই, শুই দিলো
চাৰে এঘাৰ বজাত ভগতে মোক টোপনিৰপৰা জগালে
গেম ষ্টাৰ্ট হল, প্ৰথম চালটোৱেই ভগতে ভুল কৰিলে, মাত্ৰ চাৰিটা চালৰ পাচতে চেকমেট, মাত্ৰ দহ মিনিটত ফাইনেল শেষ, ভগতৰ চেহেৰা চালো, সি বিশ্বাসেই কৰিব পৰা নাই
- চলিয়ে য়ে ট্ৰায়েল মেচ চমঝ লিজিয়ে, ফাইনেল ইতনী জলদি খতম হোতা হে ক্যা, চুৰু কিজিয়ে...... মই কলো, চাই থকা সকলো আচৰিত হল

আকৌ নতুনকৈ গেম ষ্টাৰ্ট হল, এটা সময়ত সি এটা চাল দিলে, মই কলো যে তাৰ মন্ত্ৰীটো মোৰ হাতীটোৰে কাটিব পৰা অৱস্থাত আছে আৰু দুটামান মুভৰ পাছতেই সি হাৰি যাব
- অৱ ক্যা কৰে, চাল টো দে দিয়া.......... ভগতে সুধিলে
- বাপচ লে লো, কোই প্ৰবলেম নহী.......... মই কলো

তাৰ আধাঘন্টামান পাছত মই গেমটো হাৰি গলো, ভগত চেম্পিয়ন, মই ৰাণাৰ্চ আপ
গোটেই ট্ৰেইনিংটোত মই মাজৰ বেঞ্চত বহা মানুহ হৈ থাকিলো, এটা একেবাৰে বৰিং পাৰ্চন

কিন্ত চুচান্ত বোলাটোৱে মোক কামোৰ দিয়া হল, তাৰ আৰু মোৰ চাবজেক্ট একে, তাৰ বম্বে হাইত পোষ্টিং, আধামাহ কাম কৰে আৰু বাকী আধামাহো....... কাম কৰে, মানে কচিং কৰায়, সি মোৰ লগত কম্পিটিটিভ এক্সামবোৰৰ কুৱেচন ডিচকাচ কৰে, মই কেতিয়াবা আমনি পাই কও....... চালে বৰ মত কৰ বে
যিমানলৈকে পাৰি মই তাক এভইড কৰিবলৈ চেষ্টা কৰিছিলো....

কিন্ত চুচান্তে মোক আকৌ কামোৰ দিছে, অৱশ্যে কামোৰটো দি সি মোক এটা আইডিয়া দিছে, নেট-গেটৰ কচিংৰ আইডিয়া, যিটো মোৰ বাবে বৰ্তমানৰ ডিউটি পেটাৰ্ণত সম্ভৱ
অৱশ্যে এই সম্ভৱ বোলা কথাটোত ইয়াত দুটা পইন্ট আছে, টু বি আৰ নট টু বি

প্ৰখম, আজি যদি মই নেটৰ কচিং দিয়া ষ্টাৰ্ট কৰো মই নিজে কোনোধৰনৰ ফীজ নলও, অৰ্থাত ফ্ৰী চাৰ্ভিচ হৱ, বিনামুলীয়া সেৱা.....
আৰু দ্বিতীয়তে, বিনামুলীয়া আৰু মুল্যহীনৰ অৰ্থ আশে পাশে থকা বেছিভাগ মানুহে একেই বুলি ভাৱে.....

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...