Tuesday, December 29, 2015

এটা প্ৰপজৰ পাছত

এটা প্ৰপজৰ পাছত
                                 


- শুই থাক ভাই, ইমান চিন্তা কৰি লাভ নাই, কাইলৈ যি হব দেখা যাব ....... ৰুমমেট গণেশে বিচনাৰপৰা কলে

ফৰেষ্ট স্কুলৰ ভাড়াঘৰটোত থকা মোৰ বিচনাখনত এঘন্টাতকৈও বেছি ইলুটি-সিলুটি কৰি আছো । টোপনি অহা নাই । ১২ বাই ১০ ৰ ভাড়াঘৰটোত গণেশ আৰু মই মেচ কৰি থাকো । ৰুমটোত দুখন খাট, দুখন টেবুল আৰু এডাল আলনা । দুয়োজনৰে নিজৰ নিজৰ টেবুল ফেন । ৰুমটোত অকনমানি পাকঘৰ এটা এটেষ্টড হৈ আছে । মুলত আমাৰ দৰে ইউনিভাৰ্চিটিৰ লৰাবোৰৰ কাৰণে মালিকে ভাড়াঘৰটো বনাইছে । আগৰ চেমিষ্টাৰটোত গণেশ আৰু মই লংকেশ্বৰৰ ফালে আছিলো । এইটো চেমিষ্টাৰত এইটোলৈ আহিছো ।

আচলতে কি ঘটি গল সেইটো মই এতিয়াও বুজি পোৱা নাই , কিয় এনে হল , মই এতিয়া কি কৰিম, কেনেকৈ , কিয়, কত । হাজাৰটা প্ৰশ্নই মোক শুবলৈ দিয়া নাই । এনেকুৱা ঠাইপৰ ফিলিং মই জীৱনত আগতে কেতিয়াও কৰা নাই ।
মবাইলটো চালো, ১১-৩৫ বাজিছে । নম্বৰ এটা ডায়েল কৰিলো । মোৰ বুকুৰ ধপধপনি বাঢ়ি গল । নম্বৰ ডায়েল কৰিছো ঠিকেই, কিন্ত কি কম । একো ভাবি পোৱা নাই ।

ফোনটো ৰিং হৈ হৈ কাটি গল । মানে মোৰ ফোন ৰিচিভ নকৰিলে । কিম্ত কেইটামান ঘন্টা আগলৈকে তো চব ঠিকেই আছিল । খং, অভিমান, দুখ-শোক মিশ্ৰিত অনুভৱ এটাই মোক খুন্দা মাৰিলে । মই এটা বৰ্জনীয় বস্ত হৈ পৰিলো নেকি । নিজৰ ওপৰতে মোৰ প্ৰচন্ড খং উঠিল । কিহে পাইছিল মোক । ধেত ।
হঠাত মোৰ ফোনটো বাজি বন্ধ হৈ গল । মিছকল । মবাইলটো চালো । মই ডায়েল কৰা নম্বৰটোৰপৰা মিছকল আহিছে । মই পুনৰ ডায়েল কৰিলো ।

- হেলো, ফোন কৰিছিলা নেকি........ সিফালৰপৰা মাত এটা শুনা গল
সেই সময়ৰ মোৰ বাবে পৃথিৱীৰ সকলোতকৈ মিঠা মাতটো মোৰ কাণত পৰিল । এনে লাগিল যে মই শুনিয়েই থাকিম ।

- হয় কৰিছিলো...... মই কলো
- টোপনি অহা নাই
- নাই
- শুই থাকা
- শুবলৈ চেষ্টা কৰি আছো, কিন্ত পৰা নাই... মই কলো
- ৰাতি বহুত হৈছে, শোৱা এতিয়া
- ঠিক আছে, শুম বাৰু, তুমি ফোনটো ৰাখা
- মই নাৰাখো, তুমি ৰাখা আৰু শুই থাকা
- ওহো, তুমি ফোনটো কাটি দিয়া
- নহব, মই নাকাটো....... তাই কলে

আৰে ভাই, বেলেগ কথা পাত যদি পাত, নহলে কাট , অন্তত মোক শুবলৈ দে ভাই......... কাষৰ খাটখনত বাগৰি থকা ৰুমমেট গণেশৰ মাত মোৰ কাণত পৰিল
অগত্যা ফোনটো মইয়েই কাটি দিলো । আকৌ বহুতকেইটা প্ৰশ্নই মোক বিচলিত কৰিলে । তাই ফোনটো কিয় নাকাটিলে । তাই মিছকল কিয় দিলে, নিদিলেও হলহেতেন । তাৰমানে মোৰ প্ৰতিও তাইৰ কিবা অলপ হলেও ফিলিংছ আছে । এইবোৰ কথা ভাৱি থাকোতেই কেতিয়া টোপনি গলো ধৰিব নোৱাৰিলো ।

(২)

ৰাতিপুৱা গণেশে জগাই দিলে । ইউনিভাৰ্চিটি যাবলৈ সাজু হলো । কিন্ত এতিয়া মই কি কৰিম ।
- এতিয়া মই কি কৰিম...... মই গণেশক শুধিলো
- মোৰ ভিউ কও যদি বাদ দে তাইক, তাই তোৰ কাৰণে ঠিক নহয়, একো মেটছে নহয়..... গণেশে কলে

ফৰেষ্ট স্কুলৰপৰা ইউনিভাৰ্চিটিলৈ বেছিদুৰ নহয় । আমি প্ৰায়েই খোজকাঢ়ি যাও । গণেশ আৰু মই খোজকাঢ়িবলৈ ধৰিলো । সাতমাইলৰ চকটো পাওতেই দেখিলো জীৱন আৰু অলকেশ ফটোষ্টেট দোকান এখনৰপৰা ওলাই আহিছে । এজ ইউজুৱেল জীৱনৰ কান্ধত মোনা এটা আৰু অলকেশৰ হাতত বহী এখন ।

- কি দোস্ত, ৰিজেক্ট হৈ গলা বোলে ...... জীৱনে সুধিলে
- আৰে নাই , আৰম্ভনিহে, লাহে লাহে নাটো হা হৈও যাব পাৰে..... মোৰ হৈ গণেশেই উত্তৰ দিলে
- মন বেয়া কৰিব নালাগে দোস্ত, বাছ, ট্ৰেইন আৰু ছোৱালীৰ বাবে বেছি টেনচন লব নালাগে, এক জাতা হে অউৰ দুচৰা আতা হে........ অলকেশে কলে

এনেয়ে মন-চন বেয়া তাতে দুয়োটা কামোৰ । হাহি এটা মাৰিব খুজিছিলো কিন্ত নোৱাৰিলো । একদম ডিপ্ৰেছ হৈ গৈছো ।
সাতমাইলৰ পাছত মোৰ এফালে জীৱন, আনফালে অলকেশ । দুয়োটাই ইউনিভাৰচিটী পোৱালৈকে মোক টিপছ, সান্ত্বনা, সমবেদনা, উতসাহ দি গৈছে । কথাৰ মাজে মাজে মৰেল চাপৰ্ট দিবলৈ জীৱনে মোৰ পিঠিত ঢকা মাৰি আছে ।
ইউনিভাৰ্চিটি পালোহি । ডিপাৰ্টমেন্টৰ গেটেৰে সোমাই কৰিডৰ পালো । সমুখত ভায়োলিনা এন্ড বৈশালী ।

- ইছ ৰাম চেহেৰা একেবাৰে মুৰঝাই গৈছা দেখোন...... বৈশালীয়ে কলে

নাই এনেয়ে বুলি কব খুজিও মুখেৰে একো নোলাল । মুৰঝায়া হুৱা চেহেৰাত দুখৰ এক্সপ্ৰেচন বাৰুকৈয়ে ফুটি উঠিল ।
- ছোৱালীৰ নাত হা টোও সোমাই থাকে , তাই এবাৰহে নো কৈছে, চেষ্টা নেৰিবা, আমি আছো তোমাৰ লগত , তাই হা কবই, মোৰ বিশ্বাস আছে ....... ভায়োলিনাই কলে

কোনোমতে হাফ-হাহি এটা মাৰিলো । ভায়োলিনাই চকুৰে ইংগিত এটা দিলে । পাছফালে ঘুৰি চালো । গেটেৰে তিনিজনী ছোৱালী কৰিডৰৰ ফালে সোমাই আহিছে । পৰী, পলী আৰু তাই । অকস্মাত হাৰ্টবিট আকৌ বাঢ়ি গল । তাই আহি আছে । মই স্মাইল এটা দি আই কন্টেক কৰাৰ চেষ্টা চলালো । পৰী আৰু পলীয়ে ভায়োলিনাৰ ফালে চাই হাফ স্মাইল এটা দিয়াৰ লগতে মোৰ ফালেও কেৰাহিকৈ চাই গল । কিন্ত তাই মোৰ ফালে নাচালেই । মোক টটেল এভইড কৰি তাই ক্লাছৰ ফালে গুচি গল ।

ক্লাছত সোমাই লাষ্টৰ ফালে চুক এটাত বহি দিলো । লাইফত পুৰা ট্ৰেজেদি হৈ গৈছে । মই কেতিয়াও ভাৱা নাছিলো যে তাই নো কব । এদিন আগলৈকে কিমান প্লেন-কিমান ড্ৰীম আছিল । চব চকনাচুৰ হৈ গৈছে । কালিলৈকে ডিপাৰ্টমেন্টটোত সিংহৰদৰে বিচৰণ কৰি থকা মই বৰ্তমান ভিজা মেকুৰী হৈ পৰিছো । সকলোৰে মই এতিয়া পুতৌৰ পাত্ৰ । ইস বেচেৰা মই । ক্লাছত কি পঢ়াইছে একো গম পোৱা নাই । কালি ক্লাছত নহাকেইটাইও মাজে মাজে মোৰ ফালে ঘুৰি চাই আছে । সিহতৰ এক্সপ্ৰেচনৰপৰা লাগিছে যে সিহতে মোৰ কথাই চিন্তা কৰি আছে ।
ক্লাছৰপৰা ওলালো । ওলায়েই জুনিয়ৰ গ্ৰুপ এটাৰ মুখামুখি হল ।

- দাদা আপোনাৰ কালিৰ কথাটো গম পালো, উই ফিল ভেৰি ছৰি, বায়ে আপোনাক নো কব নালাগিছিল..... মোতকৈ এবছৰ জুনিয়ৰ লক্ষ্যৰ মাতত সহানুভুতিৰ চাপ
তাৰ লগত থকা বাকী জুনিয়ৰকেইটাৰ চেহেৰাকেইটাটো দেখিলো মোৰ প্ৰতি আন্তৰিকতা আৰু সমবেদনাৰ আভাস ।

(৩)

কি কৰিছিলো মই যাৰবাবে আজি এই অৱস্থা । বিশেষ একো কৰা নাই । লগৰ এজনীক মোৰ ভাল লাগে । মানে ডিপাৰ্টমেন্টৰ চবকে মোৰ ভালেই লাগে কিন্ত তাৰে এজনীক অলপ বেছিকৈ ভাল লাগে । আবেলি চাৰিটামান বাজিছিল । ক্লাছ শেষ হোৱাৰ পাছত এনেয়ে ডিপাৰ্টমেন্টৰ কৰিডৰত আদ্দা দি আছিলো । সেই সময়তে লগৰ চাৰিজনী ছোৱালী আমাৰ আগেৰে পাৰ হৈ গল । কি জানো হল ময়ে অলপ পাছত সিহতৰ পাছে পাছে গলো । সিহত জাষ্ট গেটখন পাৰ হৈছিলহে ।

- শুনাচোন
ছোৱালীকেইজনী ৰল । গোটেইকেইজনীয়ে মোৰ ফালে চালে ।

- তোমাৰ লগত অলপ কথা আছিল...... মই কলো
তাই ৰল, বাকীকেইজনী অলপ আতৰত কৃষ্ণচুড়া গছ এডালৰ তল পালেগৈ ।

- মানে মই কব খুজিছিলো যে মই তোমাক ভাল পাও, আই লাভ ইউ ......... মোৰ মুখত তেতিয়া এটা মৰমীয়াল হাহি ।
আচলতে মই ভাৱিছিলো যে মই প্ৰপজ কৰাৰ পাছত তাই প্ৰথমতে অলপ লাজ কৰিব, এটা মিঠা হাহি মাৰিব , লাহেকৈ মুৰটো দুপিয়াব, চিনেমাৰ ষ্টাইলত মই শ্বাহৰুখ খানৰ দৰে হাত দুখন প্ৰসাৰিত কৰি লাহে লহে আগুৱাই যাম, আৰু তাই মোৰ চকুত চকু থৈ কব..... ধেত অকৰাটো, ইমান দিল লগালেনে ।

সেইখিনি সময়ৰ আগলৈকে মই ২০০০ পাৰচেন্ট চিউৰ আছিলো যে তাইও মোক ভাল পায় ।

কিন্ত তেনেকুৱা একো নহল । তাই অলপ ইফালে সিফালে চালে , অলপ ইতস্তত কৰিলে আৰু কলে........ নো, মই তোমাক ভাল নাপাও
- আই এম চিৰিয়াচ , আই ৰিয়েলি লাভ ইউ..... মই অলপ জোৰ দি কলো
- আই ডন্ট
- কিন্ত মানে
- প্লীজ, আই ডন্ট লাভ ইউ, তুমি নুবুজা কিয়....... তাইৰ চেহেৰাত অস্বস্তিৰ ভাৱ
তাই খৰখোজৰে আতৰি গলগৈ । হঠাত কিবা এটা যেন খেলিমেলি হৈ গল । এনে লাগিল যেন বুকুত কোনোবাই হাতুৰীৰে কোবাইছে । খোজকাঢ়িবলৈও যেন মোৰ শক্তি নাইকীয়া হৈ পৰিল । কি হল, কি নহল, কিয় নহল বুজিবই নোৱাৰিলো । মোৰ চিন্তাশক্তি যেন লোপ পালে ।
- কি কলে........ তেতিয়া ভায়োলিনা আৰু নীতু আহি মোৰ কাষত
- নো
- চিন্তা নকৰিবা , হৈ যাব........ এইবুলি কৈ ভায়েলিনা গলগৈ

ইমানবছৰ তাইৰ লগত একোটা ক্লাছতে, কথা পাতো, ধেমালি কৰো, আদ্দা মাৰো, একো এবনৰমেলিটি নাই । কিন্ত প্ৰপজৰ আনছাৰ নো হোৱাৰ পাছত তাইৰ কথা ভাৱিলেই হাৰ্টবিট বাঢ়ি যায়, অন্যমনস্ক হৈ বেলেগ দুনীয়া এখনত গুচি যাও । এনিটাইম মন বেয়া লাগি থাকে ।

ঘটনাটোৰ চৌবিশ ঘন্টা নৌহতেই চৌদিশৰপৰা মোৰ বাবে সহানুভুতিৰ ঢল বৈ আহিছে । কিন্ত যিমানেই সহানুভুতি পাইছো সিমানেই মোৰ ট্ৰেজেদী বাঢ়ি গৈ আছে ।

ঘড়ীটোলৈ চালো । চাৰি বাজিছে । প্ৰপজ দিয়াৰ পাছত পুৰা এদিন পাৰ হল । প্ৰফেছৰ ৰুপম শৰ্মা চাৰ মোৰ ফালে আহি থকা দেখিলো । মই থিয় হলো ।

- কি হে, কি চলি আছে.... ছাৰে সুধিলে
- ভালেই চাৰ
- কি ভাল হে, ডন্ট গেট চেড, লাইফত এনেকুৱা হৈ থাকে, যেছ-নো চলি থাকেই, কীপ ট্ৰাইইং...... স্মাইল এটা দি ছাৰ পাৰ হৈ গল

মানে ডিপাৰ্টমেন্টত মই এটা ডাঙৰ টপিক হৈ পৰিছো । ইতিমধ্যে জমা হোৱা দুখ-বেদনাৰ লগতে ভয় আৰু সংশয়ৰ ভাৱ কেইটামানেও মোক কপাই থৈ গল ।
ডিপাৰ্টমেন্টত এটা ........বেচেৰা মই !

(৪)

এনেয়ে লাইফত ট্ৰেজিক ফেজেৰে গৈ আছো, তাতে কামোৰ । যেতিয়াই তেতিয়াই যিয়ে-সিয়ে মোৰ খা-খবৰ লয়, সহানুভুতি উপদেশেৰে ভৰাই পেলায় ।
টোপনি বোলা বস্তটো নোহোৱা হৈ গৈছে, খোৱা বোৱাও কমি গৈছে । চকু কলা পৰিছে, চুলি অবিন্যস্ত , কেইদিনমানতে বহুত ক্ষীনাই গৈছো । মুঠৰ ওপৰত টটেল দেৱদাস টাইপৰ ট্ৰানজিচন ।

ডিপাৰ্টমেন্টৰ ৰুম এটাত বহি ডেক্সত মুৰটো থৈ টোপনিয়াই আছো । এনেতে চুলিত কোনোবাই হাত বুলাই দিয়া যেন লাগিল । মুৰ তুলি চালো । স্বাতী, সুকন্যা আৰু মৃদু ।
- ইচ ৰাম, বেচেৰাটোৰ কি যে হই গল....... স্বাতীয়ে কলে
- জানো পাই, একেবাৰে মৰামুৱা হৈ গৈছা দেখোন....... মৃদুই কলে
- চিন্তা নকৰিবা, আমি আজি লংকেশ্বৰ মন্দিৰ গৈছিলো, তাত তোমাৰ কাৰনেও প্ৰাৰ্থনা কৰি আহিছো, তোমাৰ লাভ চাচচেচ হবই , এয়া চোৱা মন্দিৰৰ ধাগাও লৈ আহিছো............ এইবুলি কৈ সুকন্যাই ৰঙা সুতা এডাল মোৰ বাওহাতত বান্ধি দিলে

তাৰপাছত তিনিওজনী ওলাই গল ।মই একো কবই নাপালো । হাতত থকা ৰঙা সুতাডাল চাই আকৌ ডেক্সত মুৰটো পেলাই দিলো ।

ডিপাৰ্টমেন্টত দুটা ভাগৰ সৃষ্টি হল । এভাগে কয়..... বাদ দে তাইক, দুনীয়াত ছোৱালীৰ কমি আছে নেকি । গণেশ, জীৱন অলকেশ, সুব্ৰত, হাফু, জয়ন্ত আদি লৰা পল্টন এইটো ভাগত ।
আনটো ভাগে কয় ...... লাগি থাকা, আজি না, কাইলৈ হা, আমি জানো নহয় । পৰী-পলী-ভায়ো-মৃদু-সুকু-স্বাতী কে ধৰি লেডিজ গেং আনটো ভাগত ।
আৰু এই দুয়োটা ভাগৰ মাজত...... বেচেৰা মই । আৰু যিটো বস্তই সকলোতকৈ বেছি মেটাৰ কৰে, মানে তাই, মোক মাতবোল নকৰে , এভইড কৰি গুচি যায় । আৰু মোৰ ট্ৰেজেদী বাঢ়ি বাঢ়ি গৈ থাকে । ইউভাৰচিটীৰ দুনীয়া মোৰ বাবে ব্লেক এন্ড হোৱাইট হৈ গল ।

দুসপ্তাহমান তামাম ট্ৰেজেদী গল । দুসপ্তাহ পাছত পৰীয়ে মুখ খুলিলে ।
- আচলতে তাইৰ ঘৰত বিয়াৰ কথা চলি আছে....... পৰীয়ে কলে
- কাৰ লগত
- মানে এন.আৰ.এলত কাম কৰা লৰা এজন আহিছে
- এন.আৰ এল !! ............. মই সেপ ঢুকিলো
- তাই কি কয়
- এতিয়ালৈ একো ঠিক হোৱা নাই
- ঠিক হৈ যাব পাৰে নেকি
- আমাৰ ছোৱালীবোৰৰ কথাটো জানাই, ঘৰৰ বহুত প্ৰেচাৰ থাকে এইবোৰ ক্ষেত্ৰত, নিজৰ ডিচিচন বুলি একো নাথাকেই .......... পৰীয়ে নিজৰ স্বভাৱজাত ভংগিৰে ফেচিয়েল এক্সপ্ৰেচন এটা দিলে ।

হিমাংশু দাসৰ কবিতা এটা মনত পৰিল........ চাল্লা এই ডাক্টৰ ইঞ্জিনিয়াৰবোৰেই আমাৰ প্ৰধান শত্ৰ্ৰু ।
কিন্ত কথাটো হল পৰীয়ে কি বুজাব খুজিছিল । যেছ নে নো । নে কন্ডিচনেল ইযেছ ।

কনফিউজনটো গণেশে দুৰ কৰি দিলে ।
- মষ্ট প্ৰবেবলি তই জব এটা বিচাৰিব লাগে....... গণেশে কলে

(৫)

তেতিয়া আমি আছিলো থাৰ্ড চেমিষ্টাৰত । সময় ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ । জব মানে প্ৰথমতেই আহে বেংকৰ চাকৰি । ফৰেষ্ট স্কুলৰ আমাৰ ভাড়াঘৰটোৰ কাষৰ ৰুমটোত উতপল চৌধুৰী আছিল । সি বেংকিঙৰ চাকৰিৰ বাবে খুব লাগি আছে । তাৰ ওচৰ পালোগৈ । তাৰপৰা লজিকেল ৰিজনিঙৰ কিতাপ এখন লৈ আনিলো ।
মটিভ এটা পাই গলো । সোনকালে এটা জব লাগে । ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰক কাকুতি মিনতি কৰি নেট পৰীক্ষাৰ দোহাই দি দুসপ্তাহ ক্লাছ কেঞ্চেল কৰাৰ লগতে থাৰ্ড চেমৰ পৰীক্ষা পিছুৱালো । বিহুৰ আগত প্ৰেক্টিকেল, বিহুৰ পাছত থিয়ৰী ।

ডিচেম্বৰৰ ২৫ তাৰিখে ডিপাৰ্টমেন্টৰ পিকনিক । অৰ্গেনাইজ কৰাৰ দায়িত্ব মোৰ ওপৰত । ট্ৰেজিক ফেজৰপৰা লাহে লাহে নৰ্মেল হৈ আহিছো । মাজে মাজে অলপ হাহিটোও ওলাই পৰা হৈছে । কিন্ত মনত ফুৰ্তি বোলা বস্ত নাই । বাছৰ ভিতৰত চবেই নাচি বাগি আছে, আৰু মই কেবিনত বহি কন্ডাক্টৰৰ লগত কথা পাতি আছো । যাওতে ঠিকেই গলো । পিকনিক স্পটটো তাইৰ লগত মাত-বোল নাই । চাল্লা ইউনিভাৰচিটী লাইফৰ লাষ্ট পিকনিকো ব্লেক এন্ড হোৱাইট ।
ৰিটাৰ্ন জাৰ্নিত আকৌ ট্ৰেজেদী হৈ গল । বাছখনৰ মাজৰফালে মই চুপ-চাপ বহি আছিলো । পিপলুই জোৰ-জবৰদস্তি পাছলৈ উঠাই লৈ গল । লাষ্টৰ আগৰ চিটটোত পৰীৰ আৰু তাইৰ কাষত মোক বহাই দিলে । মইও বহি দিলো । আচলতো মোৰে ইচ্চা এটা আছিল । লগৰকেইটাই হৈ হাল্লা কৰি জোকাবলৈ ধৰিলে ।

- ই উঠি নাযায় কিয়.......... ইমান হৈ হাল্লাৰ মাজতো তাই পৰীক কোৱা কথাষাৰ মই স্পষ্টকৈ শুনিবলৈ পালো

কি কৰিম আৰু, চিটৰপৰা উঠি আহিলো । লাজ-অপমান-অনুশোচনাত তামাম ট্ৰেজেদী হৈ গল । কেৱল চকুৰ পানী ওলাবলৈ বাকী । এনেকুৱা লাগিলে যে মই বাছখনৰপৰা এতিয়াই নামি দিম আৰু দুৰ কৰবালৈ খোজকাঢ়ি গৈ থাকিম । নিজকে তেৰে নামৰ চলমান আৰু ডৰৰ শ্বাহৰুখ যেন লাগিল । মানে ভিলেইন ।

কাৰোবাক বাৰে বাৰে আমনি কৰি থকা মই বাৰু ভিলেইন হৈ পৰিছো নেকি ।

(৬)

মাত্ৰ এটা মাহ আগলৈকে মই নিজকে হিৰোৰ দৰেই কিবা এটা বুলি ভাৱিছিলো , আৰু এতিয়া বিগ জিৰো , এটা ভিলেইন । প্ৰত্যাখিত, নিষ্কাসিত, বৰ্জিত ,অৱহেলিত এটা ভিলেইন । জোচ-জুনুন চব খটম । আজিকালি কথাও বেছি নকও । আগতে ডিপাৰ্টমেন্টৰ কামত লীড লৈছিলো, এতিয়া চুপ চাপ চবৰে মাজত লুকাই থকা হলো । মোৰ অৱস্থা দুৰ্দশাগ্ৰস্ত, হতাশাগ্ৰস্ত , সম্পুৰ্ন বিধ্বস্ত ।
থাৰ্ড চেমিষ্টাৰৰ পৰীক্ষা হৈ গল । ফৰ্থ চেমিষ্টাৰত স্পেচিলাইজেচন ভাগ ভাগ হৈ গল । তাইৰ আৰু মোৰ স্পেচিলাইজেচন বেলেগ বেলেগ হলগৈ । মই সোনকালে ডিপাৰ্টমেন্টলৈ আহো, প্ৰথম মহলাৰ আমাৰ ক্লাছৰুমৰ খিড়িকীৰ কাষত বহি তলৰফালে চাই থাকো । তাই লগৰকেইজনীৰ লগত ৰাষ্টাৰপৰা খোজকাঢ়ি আহে, মই চাই থাকো, কিবা এটা ভাল লাগে । তাই দেখিব বুলি মই খিড়িকীৰ ফাকেৰে চাও । তাইৰপৰা যিমান পাৰি আতৰত থাকো । মুঠৰ ওপৰত তামাম ট্ৰেজিক কাৰবাৰ ।
এসপ্তাহ দুসপ্তাহকৈ তিনিমাহ পাৰ হৈ গল । তামাম ট্ৰেজেদি ষ্টেটাছটো কম ট্ৰেজেদিলৈ আহিল । মাজে মাজে তাইৰ লগত হাই-হেলো হয় । তাইক দেখিলে এতিয়া আগৰদৰে বুকুখন চিৰিংকৈ নামাৰে । ট্ৰুথ আৰু ৰিয়েলিটি মই মোটামোটি একচেপ্ট কৰি লৈছো ।
মাৰ্চ মাহ পালেহি । এটা শুকুৰবাৰত নেটৰ ৰিজাল্ট দিলে । জে.আৰ.এফ পাই গলো । ফাষ্ট পেপাৰ ক্লিয়াৰ হোৱা বুলি ডিপাৰ্টমেন্টত কাকো কোৱা নাছিলো । ফাইনেল ৰিজাল্টৰ কথাটোও সিদিনা কাকো নকলো ।

পাছদিনা শনিবাৰ আছিল । তাইৰ হোষ্টেল পালোগৈ । পৰীক ফোন কৰিলো
- তাইৰ লগত এটা কথা আছিল .... মই পৰীক কলো

হোষ্টেলৰ সমুখত মই ৰৈ আছো । তাই আহিল , লগত পৰী ।
- তোমাক কথা এটা সুধিব লগা আছিল ..... মই কলো
- কি, মানে মই তো কৈছোৱেই ..... তাই পৰীৰ ফালে চাই কলে
- মানে তুমি মোক ভাল নোপোৱা, ঠিক আছে, কিন্ত জীৱনত কাৰোবাক তো ভাল পাবা, বিয়া পাতিবা, চামডে য়ু উইল গেট মেৰিড....... মই সুধিলো
- ও
- মই জানিব খুজিছো , যদি মই ফৰমেলি তোমাক এপ্ৰোচ কৰো, মানে মোৰ ঘৰৰ মানুহ তোমাৰ ঘৰলৈ গৈ, অৱভিয়াচলি জীৱনত কিবা এটা হোৱাৰ পাছত , তোমাক আৰ্থিক-মানসিক নিৰাপত্তা দিব পৰাকৈ কিবা এটা হোৱাৰ পাছত, তেতিয়া তুমি একচেপ্ট কৰিবা নে নাই ......... মই তাইৰ ফালে চালো, পৰীৰ চকুও তাইৰ ওপৰত
- নো, মই তোমাক ভাল নাপাও......... তাইৰ চেহেৰাত অস্বস্তিৰ চাপ দেখিবলৈ পালো

হয়তো মোৰ দুখ লাগিব লাগিছিল, খং উঠিব লাগিছিল বা হতাশাত ডুব যাব লাগিছিল । কিন্ত তেনেকুৱা একো অনুভৱ নহল ।
- থেংক ইউ ...... মই শান্তভাৱে কলো

পাচলৈ এবাৰো নোচোৱাকৈ হোষ্টেলটোৰপৰা মই উভতি আহিলো ।
যদিও মই বিফল হলো, আই ট্ৰাইড মাই বেষ্ট । দুখ-খং-হতাশাৰ সলনি মোৰ এনে অনুভৱ হল যেন কিবা এটাৰপৰা মই মুক্তি লাভ কৰিলো । নিজৰ ইচ্ছামতে চলিবলৈ, কৰিবলৈ মই সম্পুৰ্ন মুক্ত । এনে লাগিল যেন লৰামতীয়া ধ্যান-ধাৰণাবোৰৰপৰা মুক্ত হৈ জীৱনত খোজ দিবলৈ মই পৰিপক্ক হৈ উঠিছো ।

(৭)

কেইদিনমান পাছত ............
ডিপাৰ্টমেন্টৰ কৰিডৰত সুহুৰিয়াই সুহুৰিয়াই বিন্দাছ ষ্টাইলত মুৰ নচুৱাই খোজকাঢ়ি আছো । তালুকদাৰ ছাৰৰ লেবৰ সমুখ পাইছোহি
- কি ঐ পোৱালি, খুব ফুৰ্তিত দেখিছো, য়েছ কলে নেকি......... বনানীবাই সুধিলে
- ধেই বনানীবা, কি যে কয়, য়েছ কলে ইমান কুল হৈ থাকিলোহেতেন নেকি, চিংগল ইজ মিংগল, বুইছে , কুল........ মই সুহুৰিয়াই সুহুৰিয়াই বনানীবাক ক্ৰছ কৰি পি.জে.ডি ছাৰৰ লেৱৰ ফালে খোজ ললো । বহুদিন হ'ল, পি.জে.ডি ছাৰৰ লেৱৰ ৰিচাৰ্চ স্কলাৰ জুপিবা, সুদেষ্ণাবা আৰু আকাশীবাক কামোৰ দি দি ব'ৰ কৰা নাই ।

চাৰিটা মাহৰ বিৰতিৰ পাছত মই আকৌ ঘুৰাই পালো উতসাহ-উদ্দীপনাৰে ভৰপুৰ চ কল্ড "বিন্দাছ" মোক ।

দৰ-দাম

                                  

মানুহগৰাকীৰ কাষত ৭-৮ বছৰীয়া লৰা এটা । সমুখত মুগা ৰঙৰ কাপোৰ এযোৰ । নখৰা বজাৰৰ অস্থায়ী কাপোৰৰ দেকানখনৰ দোকানীজনৰ লগত মানুহগৰাকীয়ে দৰদাম কৰি আছে । মানুহগৰাকীয়ে ৪০০ টকা দিছে, দোকানীয়ে ৭০০ৰ তলত নামানে । সাজপাৰৰপৰা অনুমান কৰিব পাৰি যে মানুহগৰাকী নিম্নবিত্ত ঘৰৰ হব । লৰাটোৱ ইফালে সিফালে পিলিং পালাংকৈ চাই আছে ।

সাধাৰনতে মায়ে মোক বজাৰলৈ নপঠায় । কাৰন মই দৰদাম কৰিব নাজানো । দোকানীয়ে কিলো ত্ৰিশ বুলি কলে মই পচিশ বুলি কও । দোকানীয়ে দি দিয়ে । একেই ফুলকবি মায়ে বিশটকাত আনে । মুঠতে মোক লখৰাৰ দেওবৰীয়া বজাৰলৈ অকলে পঠালে ১০-২০ শতাংশ বেছি খৰচ হয় । সেয়ে সাধাৰন অৱস্থাত মা আহে, মই মোনা দঙা হৈ আহো । প্ৰতিটো দৰ-দামৰ পাছত মায়ে সন্টুষ্টিৰ চাৱনি এটা দি মোক টিপছ দিয়ে । কিন্ত আজিলৈকে মই দৰদামৰ কৌশল আয়ত্ব কৰিব পৰা নাই ।

আচলতে টেনচন-হেডেক এইবোৰ মই বেয়া পাও । মানুহ আৰামত থাকিব লাগে । আৰু আৰামত থাকিবলৈ মানুহক টকা-পইচা লাগে । ৰদত গোটেই বজাৰখন ঘুৰি পকি দৰ দাম কৰি কৰি দুটকা সস্তাত বস্ত কিনিবলৈ যিখিনি কষ্ট কৰিব লাগিব, সেই কষ্ট খিনি কৰিবলৈ মন নাযায় । প্ৰায়ভাগ বস্তৱেই আজিকালি অনলাইন কিনো । ঘৰত বহি বহি ইন্টাৰনেটত অৰ্ডাৰ দিও , ঘৰত ডেলিভাৰি পাই যাও । কোনো হেডেক নাই ।

মায়ে যিখন লিষ্ট দিছে সেইখনৰ বস্তখিনি কিনোতে মোৰ অতি বেছি আধাঘন্টা লাগিব । কিন্ত সোনকালে ঘৰ গৈ পালে প্ৰবলেম । মায়ে দৰ-দাম নকৰা বাবে গালি পাৰিব । গতিকে অতি কমেও দুঘন্টা মই টাইম কিল কৰিব লাগিব । সেয়ে বজাৰখনৰ মাজে মাজে ঘুৰি বস্ত-মানুহ চাই আছো ।

চবজি বজাৰখন চাই মেলি মাছৰ বজাৰ ক্ৰছ কৰি কাপোৰৰ দোকানকেইখনৰ গলিটোত সোমাইছো । তাতেই মানুহজনীয়ে দোকানীজনৰ লগত দৰ-দাম কৰি আছে । কাপোৰযোৰৰ ৰংটো মুগা , কিন্ত কাপোৰযোৰ আচলি মুগা-পাট নহয় । আচল মুগা কাপোৰ এযোৰৰ দাম আজিৰ তাৰিখত বিশ হাজাৰৰ ওপৰত । কিন্ত এম্ব্ৰইদাৰী কৰা ঘুৰনীয়া ফুলখিনিৰে কাপোৰযোৰ ধুনীয়া দেখাইছে ।

দৰ-দাম চলি আছে, দহ মিনিটতকৈও বেছি হৈ গল । দোকানীয়ে চিৰপৰিচিত হোলচেল ৰেট, এক টকাও লাভ নাই , বেলেগত কতো নাপাব আৰু মানুহজনীয়ে ইমান দাম নহয়, এমাহ আগতে এনেকুৱা এযোৰ কিনিছিলোহে ইত্যাদি কৈ আছে । আচলতে দুয়ো পক্ষই মিছা কথা কৈ আছে ।

দোকানী ৬৫০ লৈ নামিল । মানুহগৰাকীয়ে ৪৫০ লৈ দিম বুলি কলে । দুশ টকাৰ ব্যৱধান । মানুহগৰাকীয়ে হাতৰ সৰু বেগটোলৈ চালে । বোধহয় কৰিবলগীয়া বজাৰ আৰু হাতত থকা পইচাৰ হিচাপ কৰিছে ।

- লাষ্ট বাৰ কৈছো, ৪৫০ ........... মানুহজনীয়ে কলে
- নাই বাইদেউ, আপুনি চাৰা বাজাৰ ধুৰি আহক, এই দামত এই মাল নাপাব...... দোকানীজনে কাপোৰযোৰ জাপিবলৈ আৰম্ভ কৰিলে

মানুহজনীৰ চেহেৰা জই পৰি গল । নালাগে দে কাপোৰ বুলি কৈ সৰু লৰাটোৰ হাতত টানকৈ ধৰি দোকানখনৰ পৰা লাহে লাহে খোজ লবলৈ ধৰিলে । দোকানীজনে ইতিমধ্যে কাপোৰযোৰ জাপি অইন গ্ৰাহকৰ বাবে অপেক্ষাত ব্যস্ত ।
সৰুতে মায়ে প্ৰায়েই মোক বজাৰলৈ লৈ গৈছিল আৰু যেতিয়া মায়ে কোৱা দামত বেপাৰীয়ে বস্ত নিদিছিল তেতিয়া সেই বেপাৰীটোৰ ওপৰত মোৰ বহৰত খং উঠিছিল আৰু ভাৱিছিলো যে ডাঙৰ হৈ মই তাৰ দোকানত থকা বস্তবোৰতকৈয়ো বেছিকৈ বস্ত থকা দোকান দিম ।

- ঐ দোস্ত শুনচোন ............ মই দোকানীজনক মাতিলো
দোকানীজনে মোৰফালে চালে ।

- এই ল দুশ টকা , মানুহজনীক মাতি কাপোৰযোৰ দি দে........ মই এশটকীয়া নোট দুখন দোকানীজনৰ ফালে আগবঢ়াই দিলো
দোকানীজনে অলপ সময় তভক মাৰি ৰল । তাৰ পাছত মানুহজনীৰ ফালে চাই কলে
- ঐ বাইদেউ আহক, লৈ যাওক

মই লগে লগে সেই ঠাইৰপৰা আতৰি আহিলো ।

দুঘন্টা পাছত
মায়ে লিষ্টমতে দিয়া বস্তবোৰ কিনি গাড়ীৰ ডিকিত ভৰাই গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈছো । ৰিয়াৰভিউ আইনাখনত দেখিলো সেই দৰ-দাম কৰা মানুহগৰাকী । মানুহগৰাকীৰ এখন হাতত বজাৰৰ মোনা, আনখন হাতত কাপোৰৰ মোনাটো, চেহেৰাত হাহি, পাছে পাছে সৰু লৰাটোৱে আনন্দমনে দুটকীয়া আইছক্ৰীম এটা চুহি আহি আছে ।

Monday, November 30, 2015

কাফে হেনৰিক্সত

                                                    

গুৱাহাটীৰ পেন্টালুনৰ সমুখৰ কাফে হেনৰিক্সত ৰনদীপ, ডাক্টৰ চাহাব আৰু মই । কৰ্নাৰ চাইডৰ টেবুল এখনত বহি আছো । টেবুলখনত দুটা ৩০ এম.এল পেগ, এটা ২৫০ এম.এল ইটালিয়ান মকটেইল । ওচৰৰ টেবুলখনত মোৰ আধা বয়সৰ দুজন তৰুণ, এজনী তৰুণী । তিনিওৰে সমুখত বিয়েৰভৰ্তি গ্লাছ । তৰুণীৰ হাতত জ্বলন্ত চিগাৰেট ।

- চাওক বিকাচদা, আপুনি লাজ পোৱা উচিত, ছোৱালীয়ে বিয়েৰ খাই আছে আৰু আপুনি লেডিজ ড্ৰিংক, আপোনাৰ আচলতে দম নাই ........... ৰনদীপে পেগটো হাতত লৈ কলে

পিছফালে কেৰাহিকৈ ঘুৰি চাই দেখিলো তৰুণীয়ে চিগাৰেটটো হুপি মুখেদি অলপ ধোৱা উলিয়াই , কাষৰ তৰুণজনলৈ চিগাৰেটটো পাছ কৰি দিছে ।

- এক্সুৱেলি ৰনদীপ, মই লাজ পাবই লাগে, মই ভীৰু, মোৰ দম নাই , মানে আই এম এ কাৱাৰ্ড এন্ড আই একচেপ্ট ইট ........... মই মকটেইলটোত চুমুক এটা দিলো

কাফে হেনৰিক্সৰ পৰা ওলোৱাৰ পাছত গাড়ীখন চলাই দুয়োকে নিজৰ নিজৰ ঘৰত ড্ৰপ কৰি চহী-চলামত ঘৰ পাবগৈ লাগিব ।

কাফে হেনৰিক্সপৰা তিনিওজন বাহিৰ ওলালো । গাড়ীৰ চাবি মোৰ হাতত । ডাক্টৰ চাহাব আগচিটত , ৰনদীপ পাছৰ চিটত । বাৰত হাৰ্ড ড্ৰিংক নোখোৱাৰ বাবে ৰনদীপে তামাম ডাউন দিলে । এনেও পেগ কেইটামান খোৱাৰ পাছত ৰনদীপ চবৰে হামদৰ্দ হৈ যায় ।

- বিকাচ দা, আপোনাৰ কাৰনে এইবাৰ মই চিন্তা কৰিমেই ....... ৰনদীপে পাছৰ চিটত হাউলি কলে ।
- থেংক ইউ, তুমি মোৰকাৰনে যে চিন্তা কৰিবা......চুপাৰমাৰ্কেটৰ ট্ৰেফিক চিগনেলত ব্ৰেক মাৰি মই কলো
- নহয়, সচাকৈ, মোৰ ফ্ৰেন্ড জিতুমনিৰ খুলশালীৰ ফ্ৰেন্ডৰ কাজিন এজনী আছে, আপোনাৰ লগত পুৰা মিলিব.... ৰনদীপে কলে

দিল ভৰি গল । অৱচেতন মনত মানুহে সচা কথা কয় । ৰনদীপ সচাকৈয়ে মোৰ ৱেলউইচাৰ । ট্ৰেফিক চিগনেলটো গ্ৰীন হোৱাত এক্সেলেটৰ দবাই দিলো ।
ৰনদীপক গীতানগৰত ড্ৰপ কৰিব লাগিব, ডাক্টৰ চাহাবক চানমাৰিত , তাৰপাছত ঘৰলৈ যাব লাগিব । গনেশগুৰিৰ ব্ৰীজৰ তলদি চানমাৰিৰ ৰাষ্টাত উঠিলো । ৰনদীপ গালফ্ৰেন্ডৰ লগত ফোনত প্যাৰ-মুহাব্বতৰ কথাত ব্যস্ত । ডাক্টৰ চাহাব চেমি-স্লিপিং মডত আগচিটত ।

গাড়ী চিৰিয়াখানা পোৱাই নাই, কৰপৰা জানো ট্ৰেফিক পুলিচৰ গাড়ী এখন আহি কাষ পালেহি । পুলিচ এজনে হাত জোকাৰি গাড়ী ৰখাবলৈ চিগনেল দিলে । গাড়ীখন ৰখালো । কান্ধত তৰা থকা পুলিচ এজন কাষচাপি আহিল ।
- কৰপৰা, কত ....... পুলিচজনে সুধিলে
- হেনৰিক্স বাৰৰপৰা আহিছো, ডাক্টৰ চাহাবক ঘৰত থবলৈ যাও......... মই কাষৰ চিটৰ চেমি স্লিপড ডাক্টৰ চাহাবক দেখুৱাই কলো
- পুৰা পেল নেকি
- মইনো কি কম
- দেখাতটো ড্ৰাইভাৰ যেন লগা নাই .......... পুলিচজনে মোক নিৰীক্ষণ কৰি কলে
- গাড়ীখন চলাই আছো যেতিয়া ময়েই ড্ৰাইভাৰ । মই এলকহল কনজিউম কৰা নাই , মানে ডাক্টৰ চাহাবে মোক খাবই নিদিলে । ইচ্চা কৰিলে ব্ৰেথ এনালাইজাৰ লগাই চাব পাৰে ......... মই মুখখন মেলি দিলো

অলপ শুঙাশুঙি কৰি পুলিচজন ভানখনত উঠিলেগৈ । ৰনদীপ তেতিয়াও পাছৰ চিটত হাউলি ফোনত গাৰ্লফ্ৰেন্ডৰ লগত কথা পতাত ব্যস্ত ।

ইউনিভাৰচিটী- প্ৰেক্টিকেল পৰীক্ষাত

                                                

এম এছ ছি থাৰ্ড ছেমৰ প্ৰেক্টিকেল ফাইনেল পৰীক্ষা । ছিলেবাছত মুঠতে ৪০ টা মান প্ৰেক্টিকেল আছে । দুদিনত দুটা কৰিব লাগে । কিন্ত সেইবাৰ ইনভিজিলেটৰ আছিল ফুকন ছাৰ । বহুত কাঢ়া । পুৰা ঘুৰাঘুৰি কৰি থাকে । কাকো পুৰিয়া মাৰিব নিদিয়ে ।
প্ৰেক্টিকেল পৰীক্ষাত নকল কৰাটো চাইন্সৰ ষ্টুডেন্টৰ অলিখিত নিয়ম , আমাৰ জন্মস্বত্ব অধিকাৰ । কিন্ত ফুকন ছাৰে প্ৰতিবছৰে সেই অধিকাৰ নিৰ্দয়ভাৱে হৰণ কৰি আহিছে ।

প্ৰথম দিন
ছাৰৰ তীক্ষ্ণ নজৰৰপৰা কোনো বাচি যাব পৰা নাই । কেইজনমানক ৰেড হেনডেড ধৰি ছাৰে ত্ৰাসৰ সৃষ্টি কৰিছে । পুৰিয়া মাৰিব নোৱাৰি প্ৰায়ভাগৰে অৱস্থা কাহিল হৈ গৈছে । মোৰ ভাগত পৰিছে চাৰফেচ টেনচন । গোটেই চেমিষ্টাৰটোত প্ৰেক্টিকেলত পাল মাৰিছিলো । ফলত চাৰফেচ টেনচনে টেনচন দি আছে । যেন-তেন এক্সপেৰিমেন্ট টো কৰিলো । গ্ৰাফ এডাল প্লট কৰিব লাগে । প্লট কৰিলো । কিন্ত এয়া কি , থিয়ৰিমতে গ্ৰাফডাল পজিটিভ এংগোলত থাকিব লাগে , কিন্ত মোৰডাল নিগেটিভ এংগোলত আছে । টেনচন হৈ গল ।
ভাক চালা । পজিটিভ এংগোলত আচ এডাল টানিলো । তাৰপৰা বেক-কেলকুলেট কৰি ডাটা বহীত লিখিলো ।

দ্বিতীয় দিন
প্ৰথম দিনাৰ বৰবাদিৰ পাছত দ্বিতীয় দিনাৰ বাবে সাজু হলো । কিন্ত ভাগ্য বেয়া । ৰেট কন্সটেন্টৰ এক্সপেৰিমেন্ট পৰিল । আগতে কেতিয়াও কৰা নাই, কেনেকৈ কৰে তাকো নাজানো , কিন্ত পকেটত এক্সপেৰিমেন্টটোৰ ডাটা আছে, সেয়াই সাহস । ফুকন ছাৰে অনবৰত টহল দি আছে । পকেটৰপৰা পুৰিয়া উলিয়াও কেনেকৈ । মোৰ কাষত থকা চৌধুৰীৰো একেই অৱস্থা ।
ভাক চালা । দুয়োটা ডিপাৰ্টমেন্টৰপৰা গায়ব হৈ হোষ্টেল পালোগৈ । লগত এক্সামৰ বহী । হোষ্টেলত বহি দুয়োটাই ডাটা-গ্ৰাফ লিখিলো । লান্সৰ পাছত ডিপাৰ্টমেন্টলৈ ঘুৰি গলো । ডিপাৰ্টমেন্ট পাই বুৰেট-পিপেট-বিকাৰ-কনিকেল ফ্লাক্স হিলাহিলি কৰি টাইম কিল কৰি এক্টিং কৰিবলৈ ধৰিলো ।

কনিকেল ফ্লাক্স এটাত টেপ ৱাটাৰ অলপ লৈ বাৰান্দাত এনেয়ে ঘুৰাঘুৰি কৰি আছো । ফুকন ছাৰে দেখা পালে ।
- কি কৰি আছা
- ছাৰ এইটো ডিজল্ভ হোৱা নাই , ষ্টাইৰিং কৰি আছো ............ হাতত থকা ধোৱাবৰনীয়া টেপৰ পানীখিনি থকা কনিকেল ফ্লাক্সটো দেখুৱাই কলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- হিট কৰা হিট, অলপ কুহুমীয়া গৰম কৰি শ্বেক কৰা , পুৰা চলুবুল হৈ যাব
- থেংক ইউ ছাৰ................... এইবুলি কৈ মই প্ৰেক্টিকেল ৰুমৰ ভিতৰ সোমালো

টেপৰ পানীখিনি পেলাই ফ্লাক্সটোত ডিষ্টিল্ড পানী ভৰালো । অলপ গৰম কৰি আধাঘন্টামানৰ পাছত আকৌ ছাৰৰ ওচৰ পালোগৈ ।
- ছাৰ ডিজল্ভ হৈ গল............ মই চাফা পানী থকা কনিকেল ফ্লাক্সটো ডাঙি ধৰিলো

ছাৰে ফ্লাক্সটো হাতত ললে, অলপ গোন্ধও লৈ চালে । অলপ জোকাৰিলেও । তাৰ পাছত কলে
- গুড, এক্সিলেন্ট, মই কৈছিলো নহয় , বস্তবোৰ অলপ ভাৱিব লাগে, তোমালোকে একেবাৰে চিন্তা নকৰা, অকল কিতাপখন পঢ়িলেই নহয়, বিষয়বস্তৰ গভীৰতালৈ সোমাই যোৱাটোহে আচল চাইন্স ......ছাৰৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি
- থেংক ইউ ছাৰ ............ মই কলো
- অকে , এতিয়া বুজিলা নহয়, কীপ ইট আপ............. ফুকল ছাৰে থামছ আপ এটা দি দিলে

বাচ আৰু কি । ১৫০ ৰ ভিতৰত ১৩৫ । সেইবছৰ প্ৰেক্টিকেল পৰীক্ষাত হায়েষ্ট নম্বৰ মোৰ নামত ।
( "চৌধুৰী " লৈ ক্ষমাপ্ৰাৰ্থনাৰে)

NET ৰ পৰীক্ষা

                             


ডিচেম্বৰ ২০০৮ ৰ কথা । তেতিয়া এম.এছ.চি থাৰ্ড চেমত । ২৩ তাৰিখে নেট এক্সাম । ২০০৮ ৰ জুনৰ পৰীক্ষাটোত লগত তিনিজনে JRF পাই থৈছে । অশ্বিনী, অপুৰ্ব আৰু প্ৰদ্যুম্ন । গতিকে পৰীক্ষাটোৰ প্ৰতি থকা ভয়ভাৱ বহুত পৰিমানে আতৰি গৈছে । জুনৰ ৰিজাল্টৰ পাছত তিনিওজন আমাৰ বাবে অতি বিশিষ্ট ব্যক্তি । আমি তেওঁলোকৰ পৰা টিপছ লৈ প্ৰিপাৰেচন কৰি আছো ।

মোৰ প্ৰিপাৰেচনৰ মানে পুৰণা কুৱেচন পেপাৰ চল্ভ কৰা । লগৰ বি.বৰুৱা কলেজত ডিগ্ৰী পঢ়ি অহা কেইজন আমাৰ মেন্টৰ । তেওলোকৰ হাতত থাকা আঠখনমান পেপাৰ জেৰক্স কৰি লৈছো । কাকতি ছাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীৰ ইনচাৰ্জ । ছয়খনমান কিতাপ ইচু কৰাই লৈছো । ৰুমমেট গনেশৰ হাততো সমসংখ্যক কিতাপ । পেপাৰত প্ৰশ্ন চাই কিতাপবোৰত উত্তৰ বিচাৰো ।

পৰীক্ষাৰ দিন আহিল । পান্ডু কলেজত চেন্টাৰ । তেতিয়া দুখন পেপাৰ থাকে । আগেবেলা ফাষ্ট পেপাৰ অবজেকটিভ । পাছবেলা চাবজেকটিভ পেপাৰ । ফাষ্ট পেপাৰ কোৱালিফাই কৰিলেহে ছেকেন্ড পেপাৰ চোৱা হয় ।

লাহে ধীৰে ফাষ্ট পেপাৰখনত ১৪০ টাৰ ভিতৰত ৫৫ টা কৰিলো । হাতৰ ঘড়ীটোলৈ চালো । এঘন্টা এতিয়াও আছে । কুৱেচন বুকলেটখন জপালো, কলমটো জেপত ভৰাই OMR শ্বিটখন ওলোটা কৰি থলো । জাদা লালচ নহী কৰনেকা । বাকী এঘন্টা এঙামুৰি লৈ , মুৰ খজুৱাই, ইফালে সিফালে চাই পাৰ কৰিলো ।

কিন্ত বাহিৰ ওলাই টেনচন হৈ গল । অপুৰ্বই ৮২ টা কৰিছে, চিনিয়ৰ এজনে ৮৮ , মুঠতে ৭০ ৰ তলত কোনেও কথাই কোৱা নাই ।
- অই কেইটা কৰিলি........... চিনিয়ৰ এজনে সুধিলে
- ৫৫ টা ......... মই কলো
- ধুৰ, তোৰ নহব, ৬০ তলত কাট অফ নাহেই, ঘৰলৈ যা, অহাবাৰ ভালকৈ দিবি........ চিনিয়ৰজনে এডভাইচ এটা দিলে

লগত আছিল চৌধুৰী, সিও ৬০ টা মানহে কৰিছে, তাৰো ৬-৭ টা মান ভুল হোৱাৰ সম্ভাৱনা । ব্ৰেকত পৰঠা খাবলৈ গলো । চবেই ডিচকাচ কৰি আছে । আৰু কেইটামান ভুল হোৱা যেন লাগিল ।

চৌধুৰীৰ লগতে আৰু কেইজনমান ছেকেন্ড পেপাৰ নিদিয়াকৈ ঘৰলৈ গলগৈ । মই এক্সাম হললৈ আহিলো ।
কুৱেচন বুকলেটখনত ৪৩ টা চাবজেকটিভ প্ৰশ্ন আছিল । তাৰে ১৪ টা কৰিব লাগে । প্ৰথমতে পেপাৰখন পঢ়ি জনাকেইটা চিলেক্ট কৰি ললো । তাৰপাছত লিখি গলো । এক মিনিটো মুৰ নাদাঙিলো , মানে পুৰা ফালি দিলো ।

তাৰপাছত এটাই চিন্তা, কেনেবাকে ফাষ্ট পেপাৰখনত সৰকি যাও, লাইফৰ গতি লাগি যাব ।

ফ্ৰেব্ৰুৱাৰী মাহত ফাৰ্ষ্ট পেপাৰৰ ৰিজাল্ট ওলোৱাৰ দিন । লগৰ প্ৰায় সকলোৱে ৰিজাল্ট চালে । আমাৰ লগৰ ছয়জনৰ ক্লিয়াৰ হৈছে । অপুৰ্ব, প্ৰদ্যুম্ন, হেমন্ত, পৰমাৰ্থ, জীৱন, ৰাহুল । আনন্দৰ পৰিবেশ এটা বিৰাজ কৰিছে ।

সকলো ঘৰাঘৰি যোৱাৰ পাছত সন্ধিয়া ডিপাৰ্টমেন্টৰ কম্পিউটাৰ লেৱত সোমালো । ইফালে-সিফালে চালো কোনোবাই চাই থকা নাই তো । চুকৰ কম্পিউটাৰ এটা খুলি চি.এছ.আই.আৰ ৱেৱচাইট উলিয়ালো । বহুত নম্বৰ ভৰি থকা পি.ডি.এফ এখন ওলাল । চাৰ্চ অপচনটোত ৰোল নম্বৰটো ভৰালো । ১০৩৪৭২ ।

তৰ্জনী আঙুলিটো এন্টাৰ বুটামটোৰ ওপৰত । হাৰ্টবিট বাঢ়ি গৈছে । বুকৰ ধপধপনি কাণেৰে শুনা পাইছো । ভৱিষ্যত, ভাল-বেয়া, চয়-নিশ্চয়, জয়-পৰাজয়, সুখ-দুখ সকলো যেন নিৰ্ভৰ কৰে এন্টাৰ বুটামটোৱে দিয়া ৰিজাল্টটোৰ ওপৰত ।
মই চকুদুটা মুদি দিলো । এন্টাৰ বুটামটো টিপি হাতদুখনৰে মুখখন ঢাকি ধৰিলো । হাৰ্টবিট তুংগত । লাহে লাহে চকুদুটা মেলি হাতৰ ফাকেৰে চালো ।

কম্পিউটাৰটোৰ স্কীনত নম্বৰ এটা হাইলাইট হৈ আছে , ১০৩৪৭২ ।
স্বতস্ফুতভাৱে হাৰ্টবিট নৰ্মেল হৈ পৰিল , হাতদুখন নিজে নিজ প্ৰসাৰিত হৈ চকীত দেহাটো আউজি পৰিল । প্ৰশান্তিত চকুদুটা মুদ খাই গল, এটা সন্টুষ্টিৰ হাহি, এটা স্বস্তিৰ নিশ্বাস ওলাই আহিল ।

এনে লাগিল যেন লাইফৰ ৯০% টেনচন কৰবাত নোহোৱা হৈ গৈছে ।

( ইউনিভাৰচিটীৰ দিনৰ মোৰ ইন্সপিৰেচন অপুৰ্ব, অশ্বিনী আৰু প্ৰদ্যুম্নলৈ কৃতজ্ঞতা । আনন্দৰ কথা যে তিনিওজন বৰ্তমান কলেজৰ শিক্ষকতাৰ লগত জড়িত )

Sunday, November 1, 2015

জিতুমনিৰ পঞ্জা

                                

- শ্বেৰ ঝুন্দ মে চিকাৰ কৰতে হে লেকিন পঞ্জা তো বব্বৰ শ্বেৰ হি মাৰতা হে......... ডায়লগতো মাৰি জিতুমনিয়ে গহীন ভাৱ এটা দিলে
- এইটো মুহাবৰাতো আগতে শুনা নাই কেতিয়াও........ মই কলো
- এইটো মই বনাইছো....... জিতুই গহীন ভাৱটো কন্টিনিউ কৰি থাকিল

চাইটত কাম-বন একো নাছিল । নাইট শ্বিফটত গৈ বাংক হাউচত শুই দিলো । সাৰ পালো ৰাতিপুৱা ছয় বজাত । বছক DPR দিব লাগে । ৰাতি চাইটত কাম কি হল খবৰ কৰিবলৈ ব্ৰাছডালেৰে দাত ঘহি ঘহি ডেৰিক ফ্লৰ পালোগৈ । জিতুই ডাইৰেকচনেল ড্ৰিলাৰ এজনৰ লগত কথা পাতি আছিল ।

- আচ্চা জিতু , ৰাতি কাম কি হল চাইটত......... মই সুধিলো

জিতুমনিয়ে পেন্দোৱাকৈ মোৰফালে চালে ।
- আচ্চা বিকাচদা, কওকচোন কেটায়নিক পলিমাৰ মাদ কি বস্ত
- নাজানো ভাই
- ক্ৰুড অইলে ক্লেৰ লগত কেনেকৈ ৰিয়েক্সন কৰে
- ......
- গেলেকী গিৰুজান ক্লে আৰু লাকুৱা গিৰুজান ক্লেৰ মাজত ডিফাৰেন্স কি
- এক্সুৱেলি জিতু, নাজানো
- এনেকে কেনেকে হব, আপুনি চোন একোই নাজানে , আই এম ডিচএপইনটেড, এইকেইটাৰ কিন্ত মোক আনচাৰ লাগিব, আপুনি কাইলৈ মোক আনচাৰ দিব লাগিব, ধৰি লওক কাইলৈ আপোনাৰ টেষ্ট, নহলে , মোৰ একো নাই, কিন্ত আপোনাৰ কথা বেয়া হব

লগত থকা স্লামবাৰ্জাৰৰ ডাইৰেকচনেল ড্ৰিলাৰটোৱেও বিষাক্ত হাহি এটা মাৰি দিলে ।

দীৰুদাই মোক আগতেই সাৱধান কৰি দিছিল । চাইটত জিতুৰপৰা সাৱধানে থাকিব লাগে । কিন্ত চাল্লা মোৰেই ভুল । একেবাৰে বব্বৰ পঞ্জা মাৰি ইজ্বতৰ ধজ্জিয়া উৰাই দিলে জিতুৱে ।

ইজ্বতৰ বেলুন ফুটুৱাই চাইটৰপৰা ডি.এছ.এ পালো । আহিয়েই নেটত চাৰ্চ কৰিলো । তিনিঘন্টা চাৰ্চ কৰাৰ পাছতো প্ৰত্যয়জনক একো নাপালো । টেনচন হৈ গল । জিতুই আৰু কিমান ডাউন দিয়ে ঠিকনা নাই ।

চন্দনদাক ফোন লগালো । কেচটো কলো ।
- আৰে টেনচন লব নালাগে, জিতুমনিহে, মই তাক কিমান ফান্ডা দিলে , ফান্ডা দুটামান দিবা , হৈ যাব .......... চন্দনদাই কলে

কিন্ত কি ফান্ডা দিম । ফান্ডা দিবলৈও কিবা জানিব লাগিব । ডি.এছ.এৰ সমুখৰ চাইটত ধুমিলদা আছিল । ধুমিলদাক চাইটৰপৰা উঠাই আনিলো ।
- চোৱা একো টেনচন লব নালাগে, ইউজ টেকনিকেল টাৰ্ম , পলি-কেটায়ন, ব্ৰান্চ-পলিমাৰ, মৰমলিনাইট-কেয়লিনাইট, কেমি-এবচৰপচন, পুৰা দি দিবা হৈ যাব । ফান্ডা দিয়েই কিমান মানুহ চলি আছে, মইয়েই কিমান ড্ৰিলাৰক কিমান ফান্ডা দিলো ........... ধুমিলদাই কলে
- আপোনাৰ চাইটত ড্ৰিলাৰ কোন আছে........ মই সুধিলো
- আমাৰ নীলপদুম আকৌ ....... ধুমিলদাই হাহি এটা মাৰি কলে

পাছদিনা চাইট পাইয়েই জিতুক বিচাৰি বিচাৰি উলিয়াই এগালমান টেকনিকেল টাৰ্ম খটুৱাই ফাল্ডা এগালমান চিপকাই দিলো । আনচাৰবোৰ পাই জিতু পুৰা খুচ হৈ গল ।
- আপুনি এতিয়াহে গুড কেমিষ্ট, ময়ো নেটত আনচাৰকেইটা বিচাৰি পোৱা নাছিলো ....... জিতুই কলে

- চাইট পে ড্ৰিলাৰ গ্ৰুপ মে ঘুমতা হেই লেকিন জো অকেলা ৰহনে কি হিম্মত ৰখতা হে উচে কেমিষ্ট কহতে হে.......... মই কলো
- এইটো মুহাবৰা আগতে শুনা নাই দেখোন...... জিতুই সুধিলে
- এইটো মই বনাইছো......... মই গহীন ভাৱ এটা দি দিলো

চাইটত চিভিল ৱৰ্ক



চাইটটো গেলেকীৰপৰা দুঘন্টা দুৰত । বছে ১৪ দিন নাইট ডিউটি লগাই দিলে । চাইট পালোগৈ । চাইটত পানী আৰু বোকা । বাংক হাউচলৈ যাবলৈ ৰাস্তাৰ অৱস্থা তথৈবছ । মাথা বেয়া হৈ গল । ড্ৰিলিং ইনচাৰ্জক ফোন কৰিলো

- চাইটত কি চিভিল ৱৰ্ক নহয় নেকি, এনেকৈ মানুহে কাম কেনেকৈ কৰিব.....মই কলো
- চাওক মই কি কৰিম কওক , মই সদায়েই মিটিঙত কৈ আছো, ওপৰতো কৈ আছো, কোনেও গুৰত্বই নিদিয়ে , মই একেবাৰে হেল্পলেচ......... ড্ৰিলিং ইনচাৰ্জে একেবাৰে নৰম সুৰত কলে
- আৰে , আপুনি ইয়াৰ ইনচাৰ্জ, এনেকৈ কলে কেনেকৈ হব, চাইটত যে চিভিল ৱৰ্ক হয়, বিলত চাইন কোনে কৰে , আপুনি নকৰে জানো ...... মই সুধিলো
- হেহ, চিভিলৰ মানুহে আমাক চাইন কৰিব দিব
- কোনে চাইন কৰে কওক

ড্ৰিলিং ইনচাৰ্জে চিভিল ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ এজনৰ নাম কলে । ড্ৰিলিং ইনচাৰ্জৰ পৰা তেওৰ ফোন নং লৈ তেওক ফোন লগালো । চাৰি-পাচবাৰ ৰিং কৰাৰ পাছতো ফোন ৰিচিভ নহল ।

চিভিলৰ মানুহজনলৈ এচ.এম.এছ এটা কৰিলো ..........The site is full of water & mud. Approach roads to bunk houses is in very poor condition. Civil work should be done at the earliest looking at the possible injury to on duty personals.
মানুহজনৰ ফালৰপৰা একো ৰিপ্লাই নাহিল ।

কোনোমতে বোকা গছকি, পাইপৰ ওপৰেৰে খোজ কাঢ়ি বাংক হাউছ পালোগৈ ।
পাছদিনা ৰাতিপুৱা , দীৰুদাই কলে........ কালি ড্ৰিলিং ইনচাৰ্জে তোক বেলে দম-চম দি ঠান্ডা কৰি দিলে বোলে
- মোক দম দিলে
- অ, ৰাতিপুৱা বাছত কৈ আছিল , কালি ৰাতি বোলে ফোন কৰিছিলি, তোক বোলে একেবাৰে ঠান্ডা কৰি দিলে
মই ড্ৰিলিং ইনচাৰ্জৰ ফালে চালো ।
- কি হল, চাইটত চিভিল ৱৰ্ক হল নে নাই.......ড্ৰিলিং ইনচাৰ্জে সুধিলে
- নাই, চিভিলৰ মানুহজনক ফোন কৰিছিলো, ৰিচিভ নকৰিলে...... মই কলো
- চিভিলৰ মানুহে ফোন ৰিচিভ কৰি, হে হে, ত্ৰিশ বছৰ হল চাকৰি কৰা, আপোনালোকতো জইন কৰিছেহে , এনেকৈয়ে চলি আহিছে
- ডন্ট ৱৰি, চিভিলৰ মানুহজনে মোক এদিন ফোন কৰিব আৰু চাইটত চিভিল ৱৰ্কো হব............ মই কলো
মিচিকিয়া হাহি এটা মাৰি ড্ৰিলিং ইনচাৰ্জ চাইটৰ ভিতৰলৈ গলগৈ ।

ৰনদীপে কলে........ আপোনাক মই চব অথৰিটী দি দিম , চিভিলৰৰ মানুহৰদ্বাৰা যদি কাম কৰোৱাব পাৰে
- মাইনিং চাইটত , যিকোনো ৱৰ্কিং চাইটৰপৰা দুটা এচকেপ ৰুট লাগে , Oil mine regulation Act-2011, ইয়াত তো দুটা দুৰৰ কথা, এটাও Escape route নাই , চেফটিৰ পুৰা ৰেচপনচিবিলিটি মাইনচ ইন্সটলেচন মেনেজাৰ মানে ড্ৰিলিং ইনচাৰ্জৰ , গতিকে যদি মই কও যে , মই এনেকুৱা কন্ডিচনত কাম নকৰো , তেতিয়া
- নাই কাম আমি বন্ধ কৰিব নোৱাৰো , কোম্পানীৰ বহুত লচ হব............ ৰনদীপে কলে

কাম বন্ধ নকৰিলো । চবেই যদি কাম কৰি আছে, কাৰোৰে যদি একো প্ৰবলেম নাই , নৰমেল মানুহ হিচাপে মোৰো থাকিব নালাগে ।
এঠাইত অনলাইন কমপ্লেইন এটা দি থলো । Complain under examination ষ্টেটাছ দেখুৱাই থাকিলে ।
দুসপ্তাহ তেনেকৈ পাৰ হল । চিভিল ৱৰ্কৰ নামত বিগ জিৰো ।

মই প্ৰথম জইন কৰোতে এনেকুৱা অৱস্থা নাছিল । চাইটত পানী নহৈছিল । কিন্ত যোৱা ডেৰবছৰৰপৰা অৱস্থাবোৰ বহুত বেয়া হৈছে । Waste pit যেতিয়া ফিল্ডৰ লেভেলতকৈ ওপৰত থাকে, তেতিয়া ফিল্ডত পানী নহৈ কত হব ।

এইবাৰ ভালকৈ কমপ্লেইন এটা দিলো , একেবাৰে প্ৰপাৰ ঠাইত , চাইটৰ বোকা-পানীযুক্ত অৱস্থাৰ ফটোসহ ।

মাত্ৰ ডেৰঘন্টা পাছত ফোন এটা আহিল । প্ৰথমদিনা এচ.এম.এছৰ ৰিপ্লাই নিদিয়া চিভিল ইঞ্জিনিয়াৰজনৰ । কমপ্লেইন দিয়াৰ বাবে তেওঁ যথেষ্ঠ অসন্টুষ্ট । তেওঁৰ মতে বৰষুণৰ বাবে আৰু চাইটত অত্যাধিক পানী খৰচ কৰা বাবেহে চাইটৰ তেনে অৱস্থা হৈছে । তেওঁ বোলে কাকো কেয়াৰ নকৰে ।

মই কলো যে......... আপুনি কেয়াৰ কৰে, নকৰে, চাইটত চিভিল ৱৰ্ক কৰে, নকৰে, আপোনাৰ পাৰ্চনেল কথা । কিন্ত চাইটত ৱাটাৰলগিংৰ কাৰনে মোৰ অসুবিধা হৈছে আৰু মোৰ অসুবিধাটো মই প্ৰপাৰ ঠাইত জনাবই লাগিব । আৰু কিয় পানী জমা হৈছে , ৱেষ্ট পিট ৰ লেভেল কিমান, মেটেৰিয়েল কি ব্যৱহাৰ কৰিছে, সেয়া ফটো আৰু ভিডিঅই কথা কব , মই একো নকও ।

চাইটলৈ ফোন কৰিলো । গম পালো যে চিভিলৰ মানুহ বহুতকেইটা লেবাৰসহ আহি চাইটত বালিৰ বস্তা পেলাই আছে ।

চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিজ্ঞতা



চিঠাৰ নকল উলিয়াব লাগে । দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গলো । নতুন অফিছটো বশিষ্ঠ চাৰিয়ালিত । অফিছৰ বাহিৰতে মহৰী বহি থাকে । এজন মহৰীৰ ওচৰলৈ গৈ এপ্লিকেচন এখন লিখিবলৈ দিলো । কাৰ্টিজ পেপাৰত মহৰীজনে দুটকীয়া কৰ্ট ফী লগাই এপ্লিকেচন লিখি দিলে । মহৰীজনক ৫০ টকা দিলো ।

আজিকালি বোলে চিষ্টেমটো ভাল কৰিছে । অফিচটোত ৰিচিপচন কাউন্টাৰ এটা আছে । তাত এপ্লিকেচন জমা কৰিলে একনলেজমেন্ট নাম্বাৰ এটা দিয়ে । পাছত সেই নাম্বাৰেৰে ষ্টেটাছটো চাব পাৰি । চিটিজেন চাৰ্টাৰ মতে নিৰ্দিষ্ট সময়ত কাম কৰিবলৈ সংস্লিষ্ট কৰ্তৃপক্ষ বাধ্য ।

ৰিচিপচন কাউন্টাৰ পালোগৈ । ভিতৰত দুগৰাকী মহিলা আৰু দুজন লৰা । এগৰাকীয়ে কাউন্টাৰৰ মুখত এখন টেবুল লগাই বহী এখন চাই আছে, আনগৰাকীয়ে অলপ দুৰত টেবুল এখনত ফাইল খুচৰি আছে, লৰা দুজনে কম্পিউটাৰৰ আগত বহি ডাটা এন্ট্ৰি কৰি আছে ।

এপ্লিকেচনখন হাতত লৈ কাউন্টাৰৰ মুখত ৰৈ আলেখ লেখ চালো । কাউন্টাৰৰ মুখত থকা মানুহজনীয়ে এনেকুৱা দেখুৱাই আছে যে তেও বহুত ব্যস্ত, কিন্ত অলপ চাইয়েই গম পালো যে তেও আচলতে একো কৰা নাই ।

- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... মই সুধিলো

ভিতৰৰ মানুহকেইজনৰ একো প্ৰতিক্ৰিয়া নাই । চিন্তা হৈ গল, মই বাৰু ভুল ঠাইত আহিলো নেকি । কাউন্টাৰৰ বাহিৰৰ ৱালখন আকৌ চালো । জন সেৱা কেন্দ্ৰ বুলি লিখা আছে ।
- এপ্লিকেচন ইয়াতে জমা লয় নেকি ......... এইবাৰ অলপ চিঞৰি সুধিলো

মা কচম, একো প্ৰতিক্ৰিয়া নাই ।
ওচৰতে উকিলৰ ড্ৰেচত ছোৱালী এজনী আছিল । তেও ব্যস্ত দেখুৱাই থকা মহিলাগৰাকীক দেখুৱাই কলে যে সেইগৰাকীয়ে জমা লয় ।

এইবাৰ চিধা মহিলাগৰাকীক উদ্দেশ্য কৰি কলো
- বাইদেউ, এপ্লিকেচন জমা দিব আহিছিলো
- কিহৰ............ মহিলাগৰাকীয়ে এনেকুৱা এটা ভয়ংকৰ চাৱনি দিলে যে সাধাৰন মানুহ পলাই পত্ৰং দিব
- চিঠাৰ কপিৰ এপ্লিকেচন, কি কি চাপৰ্টিং ডকুমেন্ট লাগিব কাইন্ডলি এবাৰ চাই দিবচোন ......... এইবুলি মই কাউন্টাৰৰ ফুটাটোৰে এপ্লিকেচন, দলিল, নামজাৰি কপি ভৰাই দিলো ।

দলিল আৰু নামজাৰিৰ কপিটো এপ্লিকেচনৰ সৈতে ষ্টেপল কৰা নাছিলো । মানুহগৰাকীয়ে কাগজখিনি হাতত ললে, কাগজবোৰ এবাৰো নোচোৱাকৈ মোৰফালে দলিয়াই দি কলে.......... এইবোৰ পিন মাৰি আনক

মানুহগৰাকীৰ টেবুলখনতে ষ্টেপল এটা দেখিবলৈ পালো ।
- বাইদেউ আপোনাৰ টেবুলতে ষ্টেপল আছে দেখোন........ মই কবলৈহে পালে মানুহগৰাকীয়ে ভয়ংকৰ চাৱনি এটা দিলে

অইন এটা ৰুমৰপৰা ষ্টেপল মাৰি আনি আকৌ কাউন্টাৰ পালো । এইবাৰ চিধা কাগজখিনি ভৰাই কলো............ লওক
মানুহজনীয়ে কাগজখিনি লৈ একো নোচোৱাকৈ এঠাইত থৈ দিলে ।
- বাইদেউ ৰিচিপ্ত নিদিয়ে নেকি .......... মই সুধিলো
- ৰিচিপ্ত নাই
- নাই মানে, এপ্লিকেচন জমা দিছো , ৰিচিপ্ত নিদিলে কেনেকৈ হব, ৰিচিপ্ত নাই যদি পিয়ন বুকত এন্টি কৰি ডাক নম্বৰ দিয়ক
- আজি নহব, কম্পিউটাৰৰ মানুহজন ছুটীত আছে ......... খালী হৈ থকা চকী এখন দেখুৱাই মানুহজনীয়ে হুটা মাতেৰে কলে
- কেতিয়া হব
- আজি নহব মুঠতে
- ঠিক আছে , কাইলৈ আহিম, এপ্লিকেচনখন দিয়ক মোক ............ এইবুলি কৈ এপ্লিকেচনখন লৈ কাউন্টাৰৰ মুখৰপৰা গুচি আহিলো ।

মানুহগৰাকীৰ অভদ্ৰ ব্যৱহাৰে যথেষ্ঠ দুখিত কৰিছিল । এইবাৰ চাৰ্কোল অফিচাৰৰ ৰুমৰফালে খোজ ললো । কম্প্লেইন এটা দি যাও । ইয়াত একো নহলে ডিচিৰ ওচৰত কম্প্লেইন দিম ।

চাৰ্কোল অফিচাৰ দুয়োজনৰ ৰুমত সোমালো । কাঠকটীয়া আৰু নাথ উপাধিৰ দুয়োজন এচি.এছ বিষয়াক সেই সময়ত ৰুমত নাপালো । খবৰ লৈ গম পালো যে তেওলোক ওলাই গৈছে, কেতিয়া আহিব সঠিকলৈ কোনেও কব নোৱাৰিলে ।

বি.দ্ৰ.
হয়তো কেইশমান টকা উপঢৌকন দি বা চাৰ্কেল অফিছৰ মানুহ লগাই মোৰ কামটো মই আৰামত কৰাই আনিব পাৰিলোহেতেন । মাত্ৰ পাচশমান টকা খৰচ হলহেতেন । কিন্ত মই নকৰিলো ।
গাড়ীৰ তেল পুৰিবলৈ, সময় খৰচ কৰিবলৈ, অসভ্য কিছুমানৰ সাধাৰন মানুহক কৰা মানসিক আতিশয্য দেখিবলৈ মই ৰাজী আছো কিন্ত ঘোচ দিবলৈ নহয় ।

সংযোজন-
চক্ৰ বিষয়াৰ কাৰ্যালয়ত মোৰ তিক্ত অভিজ্ঞতাৰ কথা ফেচবুকৰ যোগেদি জানিব পাৰি চক্ৰ বিষয়া প্ৰশান্ত কাঠকটীয়া ডাঙৰীয়াই ৭ অক্টোবৰ তাৰিখে দুখ প্ৰকাশ তথা ভৱিষ্যতে এনে নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মোলৈ মেচেজ দিয়ে ।

এপ্লিকেচন দিয়াৰ পাছত ৮ অক্টোবৰ তাৰিখে ৰিচিপচন কা
উন্টাৰত ৰিচিপ্ত নম্বৰ লাভ কৰো ।
১৪ তাৰিখে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ঘোচ দিবলগীয়া নোহোৱাকৈ মই বিচৰা চাৰ্টিফিকেটখন লাভ কৰো ।

জব চেটিচফেকচন

দুবছৰ এঘাৰমাহ বাইশদিন আগতে যেতিয়া কোম্পানীত জইন কৰিবলৈ ঘৰৰপৰা ওলাইছিলো, তেতিয়া মম্মীক কৈছিলো........ এতিয়া মই কৰ্পৰেট চেক্টৰত যাম, হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচন থাকিব... কিন্ত তুমি চিন্তা নকৰিবা....... বছৰেকত দুই-চাৰিবাৰ আহিবলৈ চেষ্টা কৰিম....

এতিয়া ভাবো....... আই ক্ৰেকড এ গুড জকচ দেন......
ট্ৰেইনিঙৰ চাৰিমাহ বাদ দি এনেকুৱা এটা মাহ নাই যিটো মাহত ঘৰলৈ যোৱা নাই.....

আজি চাৰিসপ্তাহ হল, পুজাৰ আগে-পিছে দুসপ্তাহ ঘৰত মৌজ-মস্তি কৰাৰ পাছত হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচনৰ আশাত ৱৰ্কষ্টেচনলৈ আহিছিলো । পিছে যোৱা দুবছৰ এঘাৰমাহ বাইশদিনৰ দৰেই এইবাৰো আশাভংগ । দুসপ্তাহে অফিচ ডিউটি অপাৰেটিং ফ্ৰম হম কৰি আছো । এতিয়া নিজৰ ওপৰতে সন্দেহ হৈছে । সচাকৈয়ে চাকৰি কৰি আছো তো ।  যোৱা দুসপ্তাহত প্ৰায় বিশ পৃষ্ঠা টাইপ কৰিছো । চাৰি পৃষ্ঠা ইংৰাজী আৰু যোল্ল পৃষ্ঠা অসমীয়া । অসমীয়াখিনি অবভিয়াচলি ফেচবুকত আপলোড কৰি আছো ।

১৪ চিন অন-অফ হোৱাৰ কথা চলি আছে, অন্তত ১৪ দিন কাম পাম........ হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ খবৰ বিচাৰি বছৰ ওচৰলৈ গলো
- চাৰ য়ে ১৪ ডেজ কা কিতনা প্ৰগ্ৰেছ হে
- অগলে হফতে চুৰু হো জানা চাহিয়ে
- মেৰা কবচে হোগা
- আপকো কল তক বতা দেংগে

কল কিচনে দেখা হে..... চিচি দাৰ লগত যোৰহাট টুৰ মাৰি আহিলো..... ঢেকীয়াখোৱা, লাচিত মৈদাম..........

পাচদিনা বছৰ ফোন আহিল..........
- হেলো চইকীয়া, আপকো "এ-কিউ" মে ডালা হে
- কব জানা পৰেগা
- এক্সুৱেলি আপ জিচকে জাগা জায়েংগে উচকা অফ ষ্টাৰ্ট হো গয়া হে
- মতলব চৌধা দিন
- হা চৌধা দিন বাদ
- মে য়ে চৌধা দিন ক্যা কৰুংগা
- য়ু কন্টিনিউ হোৱাট য়ু আৰ ডুয়িং
- লেকিন মে তো কুচ ভী নহী কৰ ৰহা হু, অফিচ ডিডটি মে হু, ছাৰ কহী এডজাষ্ট কৰ দিজিয়ে, ৰুম পে বহত বৰ হ ৰহা হু
- আৰে টেনচন মত লো, আৰাম চে ৰহো, পাৰ্টি-ৱাৰ্টি কৰো, এনজয় কৰো, লেকিন ৱৰ্কষ্টেচন চে জাদা দুৰ নহী জানা
- অকে ছাৰ, হেভ এ নাইচ ডে

হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ ড্ৰীম আৰু কেইদিনমানৰ বাবে পষ্টপন্ড কৰিলো........ কাইলৈ চিচি দাৰ লগত ডিব্ৰুগড় টুৰৰ প্ৰগ্ৰেম........

এক জমানে মে এটা সপোন দেখিছিলো...... কাম নকৰাকৈ চেলাৰী পোৱাৰ সপোন
মেৰা চপনা চাকাৰ হো ৰহা হে..

ধন-তেৰাচ

অফিচত বৰুৱাক লগ পালো.......
সোণ অলপ কিনি থব লাগিব, ধন-তেৰাচ যে, আপুনিও কিনি থওক, তেতিয়া গোটেই বছৰ লক্ষ্মী বসতি কৰিব.... বৰুৱাই উচাহৰে কলে

বৰুৱাক কলো....... এক্সুৱেলি সোণৰ দাম কমিছিল যে, তেতিয়াই অলপ কিনা আছিল, এতিয়া সোণৰ দাম বঢ়াত বেচাৰ ধান্দাত আছো, কিনাৰ একদম ইচ্চা নাই

আবেলি ওলাই গলো চিচি দাৰ লগত, চেন্ট্ৰেল মাৰ্কেটলৈ বুলি
ৰাষ্টাৰ কাষে কাষে বহুত অস্থায়ী দোকান, দোকানবোৰক আগুৰি জাক জাক মানুহ.......মাইক বাজি আছে...... কি চলি আছে চাবলৈ এখন দোকানৰ ওচৰলৈ গলো........

ফান্ডা একদম চিম্পল....... টিকট এটা লব লাগে, ১০ ৰ পৰা ১০০ টকালৈকে, তাৰ পাছত খেল হয়, খেল মানে গুৱাহাটীৰ মীনা বজাৰৰ নিচিনা, দোকানত বহুত বস্ত সজাই থোৱা আছে, টিকটৰ নম্বৰ মিলিলে সেই নম্বৰটো থকা বস্তটো পোৱা যায়, নিমিলিলে....... বেড লাক.......
মুখেদি সৰুকৈ ওলাই আহিল........ জুৱা

মানুহ এটা লক্ষ্য কৰিলো, ৰমেন সৌকাধৰা, যোৱাবছৰ মোৰ কোৱাটাৰত ৰং দিছিল, হাজিৰা কৰা মানুহ, টিকট কিনিয়েই আছে..... ইতিমধ্যে প্লাষ্টিকৰ মগ, ফনি, এক লিটাৰৰ ফৰচুন বটল এটা জিকিছে..... আৰু এটা টিকট, বেড লাক, একো নাহিল...... ৰমেন দোকানৰ ওচৰৰপৰা আহিল......
- কি ৰমেন, কিমান গল...... মই সুধিলো
- টকা আঠশ আছিল, শেষ হল, চাৰ ভালেই হল আপোনাক পালো, দুশমান দিয়কচোন
- ভাই দীপাৱলীৰ সময়, ঘৰলৈ যোৱা, লৰা-ছোৱালীক ফটকা-ফুলজাৰি কিনি দিয়া, জুৱা খেলি কিয় পইচা উৰাই আছা

এজ ইউজুৱেল ৰমেনে বেয়া পালে, মই মোৰ পইচা খৰচ কৰিছো ই কোন জাতীয় চাৱনি এটা দি ৰমেন আতৰ হল......... ইফালে, ধনী-দুখীয়া, পুৰুষ-মহিলা নিৰ্বিশেষে জাক জাক মানুহে টিকট কিনিয়েই আছে

চিচিদাই কলে..... দেৱালীত এইদৰে পাবলিক-লি ভাগ্য পৰীক্ষা খেলাটো ইয়াৰ মানুহৰ পৰম্পৰা, ৰিৱাজ, কালচাৰ
- হয় , যি দেখা পাইছো মানুহবোৰ অলপ বেছিয়েই পৰম্পৰাপৰায়ণ... মই কলো

পাছফালে আকাশলৈ ফটকা ৰকেট কেইটামান উৰি গল আৰু বৰ জোৰকৈ শব্দ কৰি ফুটিলে, আকাশত ৰং বিৰঙৰ চিকমিকনি দেখা গল ।


সন্ধিয়া কোৱাটাৰত সোমালো, কি কৰিম আৰু, ফেচবুক খুলি ললো, দেবাশীষে নতুন বাইকখনৰ ফটো আপলোড কৰিছে, চিবিজি-Xtreme.......

দেবাশীষলৈ ফোন লগালো, চিধা-চিধি ডাইৰেক্ট পইন্টলৈ আহিলো
- ভাই, তিনিমাহতে ঘুৰাই দিম বুলি দহ টো যে লৈছিলি আঠমাহ আগতে, খবৰেই নাই দেখোন তোৰ
- কি টকা টকা কৰি থাক হে, ইমান দৰমহা পাৱ, মৰিলে লগত লৈ যাবি নেকি, মোৰ দহ হাজাৰ নাপালে তই কিবা নাখাই মৰিবি নেকি
- নমৰো
- তেন্তে, দিম আৰু লাহে লাহে, এতিয়া ৰাখ, বিনীতাক ডিনাৰ কৰাব লাগে খৰিকাত, পিছত কথা পাতিম

এশ-দুশ, পাচশলৈকে খুচুৰা খুচুৰিবোৰ বাদ দি হিচাপ এটা কৰিলো...... চাহগছ আৰু জংঘলৰ মাজত মহ-ডাহ-ড্ৰিলাৰ-বছৰ কামোৰ সহ্য কৰি পোৱা ধনৰ এক লাখ ১২ হাজাৰ টকা ১৪ জন শুভাকাংখীৰ চন্দুকত সোমাই আছে, ইনডেফিনিট ফিক্স ডিপজিট উইডাউট ইন্টাৰেষ্ট, নো গেৰান্টি অৱ ৰিটাৰ্ণ

সেই সময়তে আকৌ ফোনটো বাজিল........ বনজিতৰৰ ফোন
- আৰে বিক্স কি খবৰ
- ভাল
- দিৱালী কেনেকুৱা
- বঢ়িয়া
- কোম্পানীয়ে দিৱালীৰ বনাচ-চনাচ টো দিয়েই চাগে
- পাৰফৰমেন্সৰ ওপৰত ইনচেনটিভ এটা দেৱালীৰ আগতে দিয়ে
- এটা কাম কৰ, তোৰ ই-বেংকিং তো আছেই ছাগে, ত্ৰিশ এটা অনলাইন ট্ৰেন্সফাৰ কৰি দিবিচোন
- কিয়, কিবা প্ৰবলেম
- মই লেপি এটা ললো, সত্তৰ তাতে গল, ভাল কনফিগুৰেচন তাৰ তলত নাইয়েই, ইফালে নৱনীতাই ডিষ্টেন্স লাৰ্নিঙৰ কৰ্চ এটা কৰে বোলে, ফিজটো চাবমিট কৰিব লাগে, সোমবাৰে লাষ্ট ডেট, মই একাউন্ট নং পঠাই দিছো

অলপ আগতে মই হিচাপ কৰা ১৪ জন শুভাকাংখীসকলৰ ভিতৰত বনজিতো এজন
টেটৰ চাইন্স টিচাৰ বনজিত আৰু সত্তৰ হাজাৰটকীয়া লেপটপ........ গালফ্ৰেন্ড বনজিতৰ আৰু ফীজ মোৰ পকেটৰ ।

ধন-তেৰাচত সোণ নিকিনা এটিটিউডৰ বাবে মই মানুহটো বাৰু বেলবুং হৈ গৈছো নেকি ।

ইংলিচ ডিক্সনেৰীৰৰ প্ৰথম শব্দটো A .......... আজিৰেপৰা A টো NO ৰে ৰিপ্লেচ কৰাৰ সংকল্প ললো

বনজিতৰপৰাই NO কোৱাটো ষ্টাৰ্ট কৰি দিলো ......বনজিতক ডাইৰেক্ট কলো- NO
ধন-তেৰাচৰ দিনা সোণৰ সলনি NO কোৱাটো শিকিলো ।

লক্ষ্মী আয়া বা লক্ষ্মী নহী গয়া....... কথাটোৰ মিনিং একেটাই ........... ছাগে

(ডেডিকেটেড টু অল মাই শুভাকাংখীজ........ হেপী ধন-তৰচ)

১৪ দিন অন-অফৰ প্লেনিং

১৪ দিন অন-অফ হোৱাটো খাটাং বোলে...... দীৰুদাই পাক্কা খবৰ আনিছে.... এইবাৰ হবই হব, ১১ নভেম্বৰৰপৰা ষ্টাৰ্ট...... কনফিডেনচিয়েল খবৰ

আচলতে জইনিঙৰে পৰা ১৪ দিন অন-অফৰ কথা শুনি আছো, এই হব , এই হব, হবই আৰু....... কিন্ত ঋতু আহে ঋতু যায়...... তেনেকৈ ১৪ দিনৰ হাৱা আহে আৰু যায়....... নহয়গৈ

বৰ্তমান আমি ২ দিন অন-অফ কৰি আছো..... মানে দুদিন ডিউটি, দুদিন বন্ধ...... দুদিন বন্ধত আকৌ গুৱাহাটীলৈ যাব পৰা নহয়গৈ..... নিমিলেগৈ.... অগত্যা বছক ছুটীৰ বাবে খাতিৰ কৰিব লাগে.... দুদিন অফতো ইয়াত আমাৰ দৰে চিংগল-মিংগল বেচেলৰৰ বাবে কুকিং কৰা, টিভি-চিনেমা চোৱা বা ফেচবুক কৰাৰ বাদে একো নহয়গৈ ।

১৪ দিন অন-অফ হলে মাহৰ চৈধ্যদিন একেলেথাৰীয়ে ডিউটি, বাকী চৈধ্যদিন একেলেথাৰীয়ে বন্ধ, থকা-খোৱা চব ফ্ৰী, ৰন্ধা-বঢ়াৰ ঝামেলা নাই,
এইবাৰ হব লাগে...... দীৰুদাৰ ইনফৰমাৰৰ ওপৰত পুৰা ভৰষা আছে ।

আবেলি শিৱদৌলৰ কাষত দীৰুদা, নিচিদা , ধুমিলদা আৰু মই লগ হও........ ৱাকিং কৰো, ফেটছ বাৰ্ণ কৰো (এক্সুৱেলি সন্ধিয়া কোৱাটাৰত তামাম বৰ হও, গতিকে পুখুৰীৰ পাক দুটামান মাৰি , আদ্দা দি টাইম পাচ কৰো)

১৪ দিন অন অফত কোনো কি কৰিব কথা ওলাল.......... অনত থকাকেইদিন ডিউটি কৰি টাইম পাচ কৰিম....... অফৰ কেইদিন.........

নিচিদাই কলে....... মই সমাজৰ কামত লাগিম, গুৱাহাটীৰ ওচৰৰ ৰাণীত বহুত অনগ্ৰসৰ জনজাতীয় ৰাভা মানুহ আছে, মই এন.জি.অৰ লগ লাগি তেওলোকৰ বাবে কাম কৰিম
দীৰুদাই কলে....... মই ফেমিলি বিচনেচটো ডাঙৰ কৰিম, চৈধ্য দিন একেৰাহে টাইম দিব পাৰিমতো
ধুমিলদাই কলে...... মই নলেজ গেইন কৰিম, পি.এইচ.ডি কমপ্লিট কৰিম

তিনিওজনে মোলৈ চালে....... তু ক্যা কৰেগা

সাধৰনতে মোক তিনিওজনে আউট অৱ দা বক্স খিংকাৰ বুলি ভাৱে (ৱৰ্কষ্টেচনত জাষ্ট চিল টাইপৰ কুল ইমেজ এটা বনাই লৈছো আৰু )....... কিন্ত এই সময়ত নিজকে Lakhya চিনেমাৰ ঋতিক ৰোচনৰ দৰে Lakhyaবিহীন যেন লাগিল....... মেৰা তো কোই প্লান হি নহী হে ।

সমাজৰ কাম (?) ...... এনেয়ে ডিউটিত জংঘলৰ মাজত থাকিব লাগে, ৰাণীৰ জংঘলৰ মাজৰ জনজাতীয় ৰাভা গাও...... নো..... নিচিদা কেঞ্চেল......
ফেমিলি বিজনেচ(?)........দেউতাই লাইফত চাকৰিটোৰ বাহিৰে একো ভৱা নাই, ময়ো ভৱা নাই...... দীৰুদাৰ অইডিয়া নহব.
নলেজ গেইন(?).........পি.এইচ.ডি........... তিনিবছৰ আগতে হিৰোৰ টাইপত পি.এইচ.ডি লাথ মাৰি আহিছিলো...... এতিয়া আকৌ গলে মোৰ বেক টু দা ফিউচাৰ হৈ যাব..... ধুমিলদা বাই বাই ।

তিনিওজনে মোৰ পিনে চাই আছে ।


পাই গলো........ বেক টু দা বেচিকচ........
- মোৰ সমাজ-সেৱা, বিজনেচ আৰু নলেজ গেইন একেলগে কৰাৰ প্লেন আছে
- কেনেকৈ........... তিনিওজনৰ মুখত আতংকৰ চাপ (এইবাৰ আউট অৱ দা বক্সট বা কি)

বুকু ফুলাই কলো.......... ১৪ দিন অফত মই গুৱাহাটীত টিউচন কৰিম
- ??????? (আতংকৰ পৰা অবিশ্বাসলৈ এক্সপ্ৰেচনৰ সলনি হল)
- মোৰ ভেলুৱেবল নলেজ এন্ড টাইম মই দি আছো- সমাজ সেৱা .......... পইচা পাম- বিজনেচ ......... আৰু পঢ়াবলৈ ময়ো পঢ়ি নলেজ গেটাব লাগিব---নলেজ গেইন........ থ্ৰী ইন ওৱান.......এভৰিথিং এচিভড
- !!!!!!!!! (চেঞ্জ অৱ এক্সপ্ৰেচন ফ্ৰম অবিশ্বাস টু বিস্ময় !!!!)
- জাষ্ট চিল , কুল....

চাৰিওজনে শিবদৌলৰ পুখুৰীৰ পাৰত ফেটছ বাৰ্ণ কৰাত লাগিলো........... ১৪ ডেইজৰ অপেক্ষাত

দীপাৱলী


ধাম-ধুম , ধাম-ধুম । শিৱসাগৰ অ.এন.জি.চি কলনিৰ ভিতৰত বোমা আৰু ধোৱা, ৰকেট উৰিছে, ৰং বিৰঙৰ পোহৰ বিয়পি পৰিছে । ফুল ফেজত দেৱালী ।

বেলকনিৰ পৰা মাজে মাজে বাহিৰলৈ গৈ চাইছো........ সকলো দেৱালীৰ আনন্দত মগ্ন ।

আব্বে..... গাড়ীখন....... বেলকনিপৰা দেখিলো... গাড়ীখন থকা গেৰেজটোৰ ওচৰতে.... ধাম-ধুম-ধাৰাম ।

লগে লগে গাড়ীৰ ওচৰলৈ দৌৰিলো । গাড়ীখন পাৰ্কিং কৰা গেৰেজটোৰ দৰ্জা নাই, গেৰেজটোৰ ওচৰতে বহুতে ফটকা ফুটাই,ৰকেট উৰাই আছে । গাড়ীখন চেক কৰিলো, ভাগ্য ভাল, একো হোৱা নাই ।

খনিকৰ দা এতিয়াও আছে, আবেলি এইফালে পাক এটা মাৰিছিলো, তেতিয়াও বম ফুটাই আছিল, এতিয়াও চলিয়েই আছে ।
- আৰে খনিকৰ দা, শেষ কৰক আৰু কিমান ফুটাব, কোম্পানীয়ে দিয়া বোনাছ ফটকাতে উৰাই দিলে নেকি
- কি চইকীয়া, আপুনি নুফুটাই নেকি, দিৱালী আছে, এনজয় কৰক....... এইবুলি খনিকৰে আলুবম এটা আকাশলৈ দলিয়াই দিলে...... ধাৰাম...... প্ৰচন্ড শব্দত কাণ বাজি গল
- টকা-পইচাৰে ধোৱা আৰু শব্দ উলিয়াই নইজ পলুচন কৰি মানুহক ডিষ্টাৰ্ব দিয়াত মোৰ একেবাৰে মন নাই, আপুনিয়ে এনজয় কৰি থাকক, কিন্ত চাব মোৰ গাড়ীখনত যাতে এনজয়মেন্টৰ চাপ নপৰে

মই তো কথাখিনি নৰ্মেলভাৱে কৈছিলো......... কিন্ত খনিকৰ দেখোন গহীন হৈ গল ।

খনিকৰে একদম কৈ দিলে...............
-দেৱালী বুলিলে দহ-বাৰহাজাৰৰ বিভিন্ন ধৰণৰ ফটকা মই কিনোৱেই৷ প্ৰতি বছৰে কিনি আহিছোঁ৷ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মা-দেউতাই মোক দেৱালীৰ নামত যেনে-তেনে টকা এটাহে দিব পাৰিছিল৷ কাৰণ দুখীয়া আছিলোঁ আমি৷ তাৰে জলকীয়া ব'ম কেইটামান কিনি আনি ফুটাইছিলোঁ৷ কোনোবাটো ফুটে, কোনোবাটো নুফুটে৷ আশা থাকিলেও সিমানেই৷ নুফুটাটো আকৌ ৰিপেয়াৰ কৰোঁ৷ গতিকে নিজৰ সময়ত আনন্দকণ কৰাই নহ'ল দেখোন৷ এতিয়া মোৰ ছোৱালী দুজনী৷ সিহঁতক সিহঁতৰ জীৱনৰ আনন্দকণ লভাৰ পৰা বঞ্চিত কৰিব নোখোজোঁ৷ গতিকে মই নিজেই গৈ ব'ম কিনি আনিছোঁ, সকলোৱে মিলি ফুটাম, উৎসৱৰ আনন্দ লম৷দেৱালীৰ উপলক্ষ্যত কোনোবাই কাণত ঠিলা মাৰি থাকে, চকুত কাপোৰ বান্ধি থাকে, পচন্দ অপনা-অপনা৷ ...সেয়া বাহিৰত ধাম-ধুম ফুটি আছে, ৰং-বিৰঙৰ পোহৰ ওলাই আছে, ধোঁৱা উৰি গৈ আছে৷ ৰ'বলৈ নাই, ৰখাবলৈও কোনো নাই৷ কোনে কাক ৰখাব পাৰেহে'? আনন্দৰ কথাবোৰ তেনেকুৱাই৷ ভাগ আপুনি লয় নে নলয়, সেইটো আপোনাৰ কথা৷

আৰে ইমচনেল ডায়লগ........ মোৰো মনত পৰিল ..... হয় তো....... মোকো সৰুতে মায়ে মাত্ৰ দুপেকেট জলকীয়া বম আৰু এপেকেট ফুলজাৰি কিনি দিছিল........ মোৰো ইমচন জাগি উঠিল ।

- ঠিকেই খনিকৰদা , আমাকো আগতে মায়ে মাত্ৰ দুপেকেট জলকীয়া বম আৰু এপেকেট ফুলজাৰি কিনি দিছিল, আমাৰ ওচৰতে এঘৰ মাৰোৱাৰী আছিল, সিহতৰ লৰা-ছোৱালীয়ে যেতিয়া বান্ডোলে বান্ডোলে বম ফুটাইছিল, তেতিয়া আমি মাৰপিনে চাও...... কিজানি...

অলপ সময় ৰলো....... খনিকৰে আৰু এটা বম ফুটালে ।

- কিন্ত জানেনে খনিকৰদা.... এইটো নহয় যে দেউতাৰ এক বান্ডোল বম কিনি দিয়াৰ সামৰ্থ নাছিল, নিশ্চয় আছিল, কিন্ত দীপাৱলীৰ দিনা বোমা কিনি দিয়াৰ সলনি মায়ে মোৰ লগত ক্ৰিকেট খেলা বন্ধুকেইটাক লুচি-পুৰি-মিঠাই খুৱাইছিল, প্ৰত্যেককে চিয়াহী দোৱাত এটা এটা উপহাৰ দিছিল, সিহত দুখীয়া ঘৰৰ আছিল , সিহতি বৰ তৃপ্তিৰে লুচি-ঘুগুনি খাইছিল ।
বম এটা দলিয়াবলৈ খুজি খনিকৰ ৰৈ গল....... খনিকৰে মোৰ পিনে চালে

- যেতিয়াৰেপৰা আমি জনা হলো যে বৃদ্ধ মানুহ, হাৰ্টৰ পেচেন্টৰ দিৱালীৰ দিনা কি অৱস্থা হয়, আমি নিজেই ফটকা ফুটুৱা বাদ দিলো, স্কুলত থাকোতে কেইটামানে উইলচ ফিল্টাৰ চিগাৰেট টানি আনন্দ লভিছিল, কাইলৈ যদি আপোনাৰ ছোৱালীয়েও তেনেদৰে আনন্দ লাভ কৰিব খোজে, তেতিয়া আপুনি সিহতক সেই আনন্দ লোৱাৰপৰা বঞ্চিত কৰিব নে নকৰে.......... দীপাৱলী পোহৰৰ উতসৱ, মায়ে আমাক পোহৰ বিলাবলৈ শিকাইছিল, মানুহ হবলৈ শিকাইছিল, উই লাৰ্ণড হিউমেনিটি, মৰেল ভেলুজ......... আপোনাৰ ধাৰণাৰ লগত মোৰ একো কনফ্লিক্ট নাই, আপুনি আপোনাৰ ঠাইত শুদ্ধ......আপুনি যি কৰে কৰি থাকক, পচন্দ অপনা-অপনা৷ ...সেয়া ধাম-ধুম ফুটি আছে, ৰং-বিৰঙৰ পোহৰ ওলাই আছে, ধোঁৱা উৰি গৈ আছে৷ ৰ'বলৈ নাই, ৰখাবলৈও কোনো নাই৷ কোনে কাক ৰখাব পাৰেহে'? আনন্দৰ কথাবোৰ তেনেকুৱাই..... কিন্ত চব কামৰে লিমিট আছে, আপোনাৰ উৎসৱৰ আনন্দৰ ফলত মোৰ গাড়ীখনত যাতে দাগ নপৰে ।

চিৰিয়াচ মুডত কথাখিনি কৈ কোৱাটাৰলৈ আহিলো ।

অলপ সময় পাছত বেলকনিৰপৰা দেখিলো..... মোৰ গাড়ীখনৰ ওচৰত খনিকৰে ফটকা ফুটুৱা নাই, খনিকৰে কতো ফটকা ফুটুৱা নাই....... খনিকৰ নিজৰ কোৱাটাৰৰ পিনে গৈ আছে ।

(Dedicated to one of my Great colleague ............যিয়ে আজি নিজৰ কোৱাটাৰত কাম কৰা কামৱালী দিদিক দিদিৰ পৰিয়ালসহ শিৱদৌললৈ ফুৰাবলৈ গৈছে, তাকো নিজৰ গাড়ীত, নিজে ড্ৰাইভ কৰি.... )
(কৃতজ্ঞতা স্বীকাৰ- Abdus Sazid, তেওৰ অসমীয়াত কথা বতৰা গোটত দিয়া এটা কমেন্টৰ পৰা কিছু অংশ ধাৰ কৰা হৈছে)

এটা প্ৰেমৰ গদ্য


(১)

- নিশান্ত দত্তই কিন্ত তামাম আপদেট দিয়ে দিয়ে দেই... ভাস্বতীয়ে কলে
- মানে.... মৃগাক্ষীয়ে একো আও ভাও নাপাই সুধিলে
- মানে ফেচবুকত, কাহিনী এবাৰ পঢ়িলে শেষ নকৰাকৈ এৰিব নোৱাৰি
- কোনোবা ৰাইটাৰ নেকি
- ৰাইটাৰ নহয়, কিন্ত মই তো ফেন হৈ গৈছো
- আচ্চা, কোন আইটেম এইটো, ময়ো চাওচোন

ভাস্বতীয়ে মৃগাক্ষীক নিশান্ত দত্তৰ প্ৰফাইল দেখুৱালে, মানুহজনে ডিগবৈত চাকৰি কৰে, অইলৰ ইঞ্জিনিয়াৰ, ৱালত এগালমান আপদেট, বোধহয় অফিচত কাম বন একো নকৰে

-এইটো পঢ়ি চাচোন, তোৰেই ষ্টৰী যেন লাগিব...ভাস্বতীয়ে কলে

....নিমিশা যেতিয়া সেই ৰাষ্টাটোৰে ৰাতিপুৱা ক্লাছলৈ আহিছিল এটা লৰা লৱদাৰ পাণদোকাণত চিগাৰেট জ্বলাই তাইৰ অহা বাটটোৰ পিনে চাই আছিল, নিমিশা ওচৰ পোৱাৰ লগে লগে সি ......... এইদৰে নিশান্ত দত্তই কাহিনীটো আৰম্ভ কৰিছে..... প্ৰথম লাইনটো পঢ়াৰ লগে লগে মৃগাক্ষীৰ বুকুখন চিৰিংকে মাৰিলে, নিশান্ত দত্ত ৰঞ্জন নহয়তো, বা ৰঞ্জন নিশান্ত দত্তৰ চিনাকি নহয়তো.......

লগে লগে মৃগাক্ষীয়ে নিশান্ত দত্তৰ প্ৰফাইল পিকচাৰখন আৰু আন ফটোবোৰ ভালকে চালে, নহয়, ৰঞ্জন নহয়..... মৃগাক্ষীয়ে কাহিনীটো পঢ়িবলৈ আৰম্ভ কৰিলে...... কাহিনীটোত লৰাজনৰ নাম প্ৰদীপ, কলেজৰ কাহিনী, কিছুমান ঘটনাৰ বৰ্ণনা, তাৰ পাছত এদিন নিমিশাই পাণদোকাণখনত প্ৰদীপক নেদেখে, সিদিনাখন তাই পাণদোকাণখনৰ সমুখত ৰয়, ঘড়ীটো চায়, তাই আজি সোনকালে অহা নাই তো, ওচৰৰ মানুহ এজনক এক্সেক্ট টাইম কিমান হয় সোধে...... ইফালে সিফালে চায়... কিন্ত প্ৰদীপ... ইয়াতেই নিশান্ত দত্তই কাহিনীটোৰ প্ৰথম অংশ শেষ কৰিলে... তলত লিখিলে... টু বি কন্টিনিউড

- প্ৰদীপ কলৈ গল..... মৃগাক্ষীয়ে সুধিলে
- এইটোৱেইতো নিশান্ত দত্তৰ স্পেচিয়েলিটি, ইয়াৰো এন্ডিং আনএক্সপেকটেড হৱ... ভাস্বতীয়ে কলে
- মানে
- মানে ইন ৰিয়েলিটিত নিমিশা আৰু প্ৰদীপ আছে, নিশান্ত দত্তই সিহতক অৱজাৰভ কৰি আছে, যেতিয়া টাইম আহিব, কাহিনীটো আপদেট হৈ যাব
- মানে বেচড অন ট্ৰু ইভেন্টচ
- নিশান্ত দত্তই ইন্সপায়াৰ্ড বাই ৰিয়েলিটি বুলি কয়

মৃগাক্ষীৰ নিশান্ত দত্ত মানুহজন ইন্টাৰেষ্টিং যেন লাগিল, এফালৰপৰা মৃগাক্ষীয়ে নিশান্ত দত্তৰ আপদেটবোৰ চাই যাবলৈ ধৰিলে, বহুত আপদেট, কেইটামান আপদেটত মৃগাক্ষী ইমচনেল হৈ গল, কেইটামান পঢ়ি প্ৰাণখুলি হাহিলে, কেইটামান আপদেটত চচাইটি ৰিলেটেড চিৰিয়াচ কথা আছে,

- নিশান্ত দত্তই লিখা চব কথাই ৰিয়েল নেকি...মৃগাক্ষীয়ে সুধিলে
- নাজানো, চব নহয় ছাগে, কিন্ত তামাম ভাল লাগে .... ভাস্বতীয়ে উত্তৰ দিলে
- নিশান্ত দত্তক সুধিছিলি নেকি
- কেনেকে সুধিম
- আৰে বুদ্ধু, ফেচবুকৰ মেচেজত
- নাই
- ধুৰ
- নিশান্ত দত্ত অনলাইন কেতিয়া থাকে
- সকলো সময়তে

নিশান্ত দত্ত তেতিয়াও অনলাইন হৈ আছিল ।

ভাস্বতীৰ প্ৰফাইলৰপৰা মৃগাক্ষীয়ে মেচেজ দিলে
- হাই
- হেলো.... নিশান্ত দত্তই ৰিপ্লাই দিলে
- বিজি
- নো
- য়ৰ ষ্টৰিজ আৰ ফেন্টাবুলাছ
- থেংকচ
- ইমান ষ্টক কত পায়
- চাৰাউনডিংচ
- আৰ ডে ৰিয়েল
- ইন্সপায়াৰড বাই ৰিয়েলিটি
- ভাত খালে
- ইটছ ১ অ ক্লক মৰনিং

মৃগাক্ষীয়ে লাজ পালে, ধেই, কি যে

(২)

বৰ্তমান মৃগাক্ষী ডিব্ৰুগড় ইউনিভাৰচিটিৰ লাইফ চাইন্সৰ ৰিচাৰ্চ স্কলাৰ ,মৃগাক্ষী আচলতে অনুশ্ৰীৰ বিয়ালৈ আহিছে, পৰহিলৈ বিয়া, গুৱাহাটীত আহি মামাকৰ ঘৰত আছেহি, ভাস্বতী তাইৰ মামাকৰ ছোৱালী ।

শিৱম মেৰেজ হল, মৃগাক্ষী লগৰকেইজনীমানৰ সৈতে বহি আছে, মানুহবোৰ আহিছে, কইনাক গিফট দিছে, ডাইনিং হললৈ গৈ খাইছে, অলপ আদ্দা মাৰিছে...

- এক্সকিউজ মি, এখন ফটো তুলি দিব নেকি

মৃগাক্ষীয়ে মুৰ তুলি চালে, মানুহজনক দেখা দেখা লাগিছে দেখোন, নিশান্ত দত্তৰ প্ৰফাইল পিকচাৰখনৰ সৈতে মানুহজনৰ অলপ মিল আছে..... মানুহজনে দিয়া কেমেৰাটোৰে মৃগাক্ষীয়ে কেইবাটাও ক্লিক কৰিলে

-নিশান্ত দত্তই নতুন আপদেট দিছে, কিছু আপদেট দিয়ে দেই ...... ভাস্বতীয়ে কলে
-চাও কি দিছে

মৃগাক্ষীয়ে পঢ়ি গল
নিশান্ত দত্তই টাইটেল দিছে... ৱেডিং ৰিচিপচন

ভনীয়েক নথকা বান্ধৱীৰ বিয়াবোৰতকৈ লগৰ লৰাৰ ভন্টিৰ বিয়ালৈ নিমন্ত্ৰণ পালে মনটো কিবা ৰাইজাই কৰি যায়, আমাৰ বাবে বিয়াৰ মেইন এট্ৰেকচন কইনাজনী নহয়, কইনাৰ সোৱে-বাৱে বহি থকা কইনাৰ ফ্ৰেইন্ড আৰু হলৰ চিনাৰিক বিউটিত চাৰ চান্দ লগাই থকা দীপলীপাসকলহে........ নিশান্ত দত্তই অনুশ্ৰীৰ ৱেডিং হলটোৰ বৰ্ণনা দিছে, ভায়োলেট ড্ৰেচৰ অপৰুপা ছোৱালী এজনীয়ে ফটো তুলি দিয়াৰ কথা লিখিছে যিজনী নিশান্ত দত্তৰ লগে লগে ডাইনিং হললৈ সোমাই গৈছে, মাত্ৰ এটা আইচক্ৰীম খাইছে, আইচক্ৰীমৰ ফ্লেভাৰটোও নিশান্ত দত্তই সঠিককৈ লিখিছে, ভেনিলা, তাৰ পাছত নিশান্ত দত্তই ছোৱালীজনীৰ প্ৰতি উইক হৈ পৰিছে কিন্ত ছোৱালীজনীক বয়ফ্ৰেন্ডৰ লগত দেখি ছোৱালীজনীৰ লগত ইন্ট্ৰডিউচ নোহোৱাকৈ গুচি আহিছে...

নিশান্ত দত্তই সকলো কথা হুবহু লিখিছে, মৃগাক্ষীৰ শাড়ীৰ ৰঙৰপৰা চকুৰ কাজল, বিন্দি আৰু হেয়াৰ ষ্টাইললৈকে, কিন্ত এটা কথা নিশান্ত দত্তই ভুলকৈ লিখিছে, ডাইনিং হলৰপৰা ওলাই মৃগাক্ষীয়ে যিজন লৰাৰ লগত কথা পাতিছিল সেইজন মৃগাক্ষীৰ পেহাকৰ লৰা, কোনো বয়ফ্ৰেন্ড নহয় ।

তাৰ মানে নিশান্ত দত্তই মৃগাক্ষীক অৱজাৰভ কৰিছিল , প্ৰথম দ়ৃষ্টিতে নিশান্ত দত্ত মৃগাক্ষীৰ প্ৰেমত পৰিছে নেকি.......

মৃগাক্ষীয়ে ফ্ৰেন্ড ৰিকুৱেষ্ট এটা নিশান্ত দত্তলৈ পঠিয়াই দিলে

আই.এচ.বি.টি... ডে চুপাৰৰ চিংগল চিট, মৃগাক্ষীৰ চিটৰ নম্বৰ ৭, বাছ এৰিবলৈ কেইমিনিটমান আছে, মৃগাক্ষীয়ে চিটটো অলপ চিধা কৰি হেডফোনডাল কাণত লগাই ললে... জাজীত ভাত খাবলৈ বাছ ৰখিল, মৃগাক্ষী নামি গল, ভাত পানী খাই মৃগাক্ষী বাছত উঠিল, খিড়ীকিয়েদি দেখা পালে.... হাৰে নিশান্ত দত্ত, নিশান্ত দত্তই ফোনত কথা পাতি আছে, নিশান্ত দত্ত মৃগাক্ষীৰ বাছখনৰ ফালে আহিল, মৃগাক্ষীৰ বুকু ধপধপাবলৈ ধৰিলে, নিশান্ত দত্ত বাছত উঠিল, ফোনত কথা পাতিয়েই নিশান্ত দত্ত ১০ নম্বৰ চিটত বহি পৰিল, নিশান্ত দত্তই নিশ্চয় মাত দিব , মৃগাক্ষীয়ে ভাবিলে, নাই কোনো ইন্ডিকেচনেই নাই, মৃগাক্ষীয়ে পাছলৈ ঘুৰি চালে, নিশান্ত দত্ত চিটত আউজি ঘোৰ টোপনিত ।

বাছ ডিব্ৰুগড় পালেহি, মৃগাক্ষী বাছপৰা নামিল , নিশান্ত দত্ত তেতিয়াও টোপনিত, বাছষ্টেন্ডত মৃগাক্ষীৰ মাক ৰৈ আছিল, মৃগাক্ষী অটোত উঠিল, বাছৰ পিনে চালে, কিজানি নিশান্ত দত্তই তাইৰফালে চাইচেই কিজানি, নাই , নিশান্ত দত্তই তাইৰপিনে চাই থকা নাই ।

সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্তই ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে ।

নিশান্ত দত্তই আপদেট এটা দিছে, শিৰোনামা.... ডে চুপাৰ

যাৰ কথা মই যোৱা দুদিনে ভাৱি আছিলো, সেই ভায়েলেট ড্ৰীমকুইনগৰাকী কলা ৰঙৰ বেগ এটা পিঠিত ওলোমাই বাছখনত উঠিল আৰু মোৰ সমুখৰ চিটটো অকুপাই কৰিলে..... নিশান্ত দত্তই বাছৰ সময়খিনিৰ সুন্দৰ বৰ্ণনা কৰিছে, খিড়ীকিয়েদি সোমাই অহা ফিৰফিৰিয়া বতাহ, বতাহত ঢৌ খেলা চুলি, আনকি অটোখনৰ নম্বৰটিও নিশান্ত দত্তই সঠিককৈ লিখিছে ।
পাছদিনা মৃগাক্ষী ইউনিভাৰচিটিলৈ গল, লগৰ কেইজনীৰ লগত নিশান্ত দত্তৰ বিষয়ে কৈ চুপতি কৰিলে, গোটেইকেইজনীয়ে নিশান্ত দত্তৰ প্ৰফাইল তন্ন তন্নকৈ চালে, লগৰ নীহাৰীকাই কলে.... তোৰ ওপৰত তো ফিদা হৈয়েই আছে, মানুহটো কুল আৰু চাৰমিং যেন লাগিছে, তাতে অইলৰ ইঞ্জিনিয়াৰ, পতাই ল আৰু ।

(৩)

সন্ধিয়া মৃগাক্ষীয়ে ফেচবুক খুলিলে, নিশান্ত দত্ত অনলাইন নাই, ৰাতি ন বজাত নিশান্ত দত্ত অনলাইন হল
- হাই....মৃগাক্ষীয়ে মেচেজ দিলে
- হেলো

মৃগাক্ষীয়ে বহুত সময় ৰল, নিশান্ত দত্তৰপৰা একো মেচেজ নাই, কি হল, নিশান্ত দত্তই গম পোৱা নাই নেকি যে তাইয়েই নিশান্ত দত্তৰ তাই, বোধহয় নিশান্ত দত্তই তাইৰ প্ৰফাইল চেক কৰা নাই, মৃগাক্ষীয়ে তাইৰ ধুনীয়া হাহি থকা ফটো এখন প্ৰফাল পিকচাৰ লগালে, লগে লগে এগালমান লাইক পৰিল, ইফালে তাইৰ বহুত ভাৰচুৱেল প্ৰেমিকৰ হাই-হেলো মেচেজৰ পপ আপ উইন্ডো স্ক্ৰীণৰ তলপিনে ওলাব ধৰিলেই... নিশান্ত দত্তই তাইৰ ফটোত কিন্ত এতিয়ালৈ লাইক কৰা নাই ।

মৃগাক্ষীয়ে আকৌ মেচেজ দিলে... কি খবৰ
- ভাল

মৃগাক্ষী আৰু অলপ সময় ৰল, নিশান্ত দত্তই তাইৰ ফটোখনত লাইক কৰিলে, মৃগাক্ষীয়ে মনে মনে হাহিলে, এসময়ৰ কলেজৰ বিউটি কনটেষ্টৰ উইনাৰ, ইউনিভাৰচিটিৰ শ্ৰেষ্ঠ সৌন্দৰ্য খিতাপ পোৱা মৃগাক্ষীক কোনোবাই লাইক নকৰি থাকিব পাৰেনে , কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই, মৃগাক্ষী অধৈৰ্য হৈ পৰিল ।

- কি কৰি আছে...... মৃগাক্ষীয়ে মেচেজ দিলে
- তোমাৰ ফটোখন চাই আছো
- চিনি পাইচানে
- পাইছো
- বাই দা ৱে আপোনাৰ ৰাইট আপবোৰ ভাল লাগে
- থেংকচ
- স্পেচিয়েলি লাষ্ট দুটা আপদেট
- হু
- এটা কথা, ৱেডিঙত মোৰ লগত কথা পতা লৰাটো মোৰ কাজিন হয়, প্লীজ ডন্ট মিচআন্ডাৰষ্টেন্ড
- অকে

মৃগাক্ষীৰ হিচাপমতে এতিয়া নিশান্ত দত্তই তাইৰ লগত আৰু অলপ মেচেজা-মেচেজি কৰিব, ফোন নং খুজিব, কৰবাত লগ ধৰাৰ কথা কব, আজিলৈকে বহুতেই তাইৰ লগত এনেকুৱাই কৰিছে আৰু তাই সেইসকলক নিজৰ ইচ্চামতে আঙুলিৰ মুৰত নচুৱাইছে, নিশান্ত দত্তও তাইৰ ওপৰত ফিদা হৈ আছে, তায়ো হিন্ট এটা দি দিছে,..... নিশান্ত দত্তক গ্ৰীণহাব বা মাইহং ৰেষ্টুৰেন্টলৈ মাতিব, দুয়োখন নতুনকৈ খুলিছে, তাৰ পাছত নিৰুজ বুটিকত অলপ শ্বপিং কৰিব, মৃগাক্ষীয়ে প্লেন এটা বনাই ললে ।

কিন্ত নিশান্ত দত্তই মেচেজ দিয়া নাই..... মৃগাক্ষীয়েই আৰু এটা মেচেজ দিলে
- ভাত খালেনে
- খালো
- এতিয়া
- ফেচবুক
- অকে
- এতিয়া কত আছে
- ৰুম
- হুৱেৰ
- ডিগবৈ
মৃগাক্ষীৰ খং উঠি গল, একদম বেৰসিক মানুহ, চাল্লা ধুনীয়া ছোৱালীৰ লগত কেনেকৈ কথা পাতি পতাব লাগে নাজানে, ধুৰ, ইডিয়ট কৰবাৰ
- মোক চিনি পাইছে তো
- মানে
- মইয়েই ৱেডিঙৰ ভায়লেট ড্ৰেচ, ডে চুপাৰৰ বতাহত উৰি থকা চুলি
- আচ্চা, হয় নেকি

মৃগাক্ষীৰ টেমা গৰম হৈ গল, ননচেন্স, ইডিয়ট, ৰাচকেল ।

নিশান্ত দত্তই পিকচাৰ এখন আপলোড কৰিলে, কেইবাবছৰ পুৰনি ফটো.....

মৃগাক্ষীয়ে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে..... এয়াতো ৰঞ্জন, ৰঞ্জনৰ ফটো, খীন-মীন লৰা এটা, জপৰা চুলি, চকুত হাই পাৱাৰৰ ডাঠ চশমা, মাই গড, নিশান্ত দত্তই ৰঞ্জনৰ ফটোখন কত পালে

- এক্সুৱেলি মোৰ প্ৰকৃত নাম ৰঞ্জন বৰুৱা, ফেচবুকত নিশান্ত দত্ত নাম দি আপডেট দিও..... নিশান্ত দত্তই মেচেজ দিলে
- কিন্ত তোমাৰ চশমা
- লাচিক কৰালো, এতিয়া চশমাৰ দৰকাৰ নাই, আগতকৈ শকত হলো, এপিয়াৰেন্স চেঞ্জ হল, তুমি সেইকাৰনে ধৰিব নোৱাৰিলা ছাগে

মৃগাক্ষী বজ্ৰপাত পৰা মানুহৰ দৰে হৈ পৰিল, লৱদাৰ পাণ দোকানত তাইৰ অহা বাটটোলৈ চাই থকা ৰঞ্জনকো এসময়ত তাই নচুৱাইছিল আৰু পাছত ডাম্প কৰি দিছিল ।

Thursday, September 24, 2015

এৰেঞ্জ মেৰেজ- কুহেলিকা

সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা আৰু চিচিদা নামতহে, কামত একো নাই । দীৰুদাইহে মোৰ বিৰান জিন্দেগীত হৰাভৰা কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই ।

দীৰুদাই কোৱা মতে একেবাৰে মেটচিং, চব অকে, উজানবজাৰত ঘৰ, ইউনিভাৰচিটিৰপৰা এম.এ কৰি পি.এইচ.ডি কৰি আছে, ঘৰৰ মানুহো পুৰা ষ্ট্ৰিক্ট টু দা প্ৰিন্সিপলছ , এইবাৰ কেচ চেটল হৈ যাব ।

এটা বছৰ আগলৈকে দীৰুদা আৰু মোৰ অৱস্থা একেই আছিল । দুয়োজনে আছিলো প্যাৰ-মুহাব্বত নিজে গোটাই লোৱাত নাকাম মক্কেল । কিন্ত দীৰুদাই এৰেঞ্জ কাম লাভ কৰি নিজৰ কেচ চেটল কৰি ললে । এতিয়া দীৰুদাৰ মোৰ বাবে খুব চিন্তা ।
দীৰুদাই কোৱামতেই ব্লেক টিচাৰ্ট-ব্লু জিনছ পিন্ধি বালাজীৰ ফ্ৰন্টৰ ধাবা কাম ৰেষ্টোৰা পালোগৈ । গাড়ীখন পাৰ্ক কৰিলো । কুহেলিকাই য়েলো পিন্ধি আহিব । হোৱাটছএপত দীৰুদাই পঠোৱা ফটোখন চাই ললো ।

কিছুসময় পাছত কুহেলিকা আহিল । আমি ধাবাৰ কটেজ এটাত সোমালো । অলপ নাৰ্ভাছ ফিলিঙ আহিল । এইটো ক্ষেত্ৰত মই বিগ জিৰো, লাইফত কাৰোবাৰ লগত চেটিং হোৱা দুৰৰ কথা, ডেটিঙেই নহল কেতিয়াও , সেয়েহে এতিয়া এৰেঞ্জেড ডেটত আহিবলগীয়া হৈছে ।

- অৰ্ডাৰটো দিয়ক ............ ৱেইটাৰ এজন কটেজটোলৈ সোমাই আহিল
- কি খাবা ......... মই কুহেলিকাৰ ফালে চাই সুধিলো
- আপুনিয়ে দিয়কচোন, .......... কুহেলিকাই কলে
- চিকেন তন্দুৰী হাফ, চিকেন দো পিয়াজা, বাটাৰ নান চাৰিখন, কোকা কোলা দুটা......... মই কলো

কুহেলিকাই ষ্টাৰ্টাৰ হিচাপে পনীৰ পকোৰা আৰু পনীৰ বাটাৰ মচলা এটা এড কৰি দিলে । অৰ্ডাৰটো লৈ ৱেইটাৰজন গলগৈ ।
- আৰু কোৱা তোমাৰ বিষয়ে, হবি এটচেট্ৰা ........... মই কলো
- চাওক , আই এম ষ্ট্ৰেইট ফৰৱাৰ্ড, মই দেলহী গৈছিলো গ্ৰেডুৱেচনৰ কাৰনে, দেয়াৰ আই হেড এন এফেয়াৰ, বাহিৰৰ লৰা আছিল, আই ৱাজ ইমমেচিয়ৰড , দা ৰিলেচনচিপ ব্ৰকড আপ , ইট ৱাজ এ বেড ড্ৰীম ফৰ মি...... কুহেলিকাই কলে
- দিজ থিংচ আৰ কমন, এইবোৰ তো হৈয়েই থাকে .......... মই কলো
- তাৰ পাছত মাষ্টাৰ্চৰ বাবে মই গুৱাহাটীলৈ আহিলো , তাত শিবেন্দু মোৰ জীৱনলৈ আহিল, মোৰ ক্লাছমেট আছিল, প্ৰথমতেই আই টল্ড হিম এভৰিথিং , ডেৰ বছৰৰ ৰিলেচনৰ পাছত সি গম পালে যে হি হেড চাম প্ৰবলেম বিকজ আই হেড এ পাষ্ট এফেয়াৰ ।
- এতিয়া............ মই সুধিলো
- এতিয়া আই এম কনচেনট্ৰেটিং অন মাই ষ্টাডিজ, পি.এইচ.ডি, নাথিং এল্জ ...... কুহেলিকাই ক্ষীন হাহি এটা মাৰি কলে
কুহেলিকাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ভাল লাগিল । সাধাৰনতে এইধৰনৰ কথা মানুহে লুকুৱাবলৈ চেষ্টা কৰে , কিন্ত কুহেলিকা, কুহেলিকালৈ কিবা এটা ভাল লাগি গল ।
- অতীত সদায় অতীতেই , আই থিংক উই চুড লিভ আৱাৰ প্ৰেজেন্ট, এন্ড চেপ আৱাৰ ফিউচাৰ ........... মই কলো

কুহেলিকাৰ লগত কথা পতাত লাগিলো । কুহেলিকাইও নীলা ৰঙটো ভাল পায়, ক্ৰিকেট ভাল পায়, মেছিৰ বিৰাট ফেন, জগজীত সিঙৰ গজল, জুবিনৰ মায়াবিনী তাইৰ ফেভাৰিট । লাহে লাহে মোৰ ভাৱ হল ইমানদিনে যি মুহাব্বতৰ সন্ধানত আছিলো, কুহেলিকাই সেই ভালপোৱা ।

কুহেলিকাক মই পচন্ড কৰি পেলাইছো , কুহেলিকাৰ স্পষ্টবাদিতা আৰু সৰলতাই মোক মুগ্ধ কৰি পেলাইছে । কিন্ত কথাটো হল তাই মোৰ বিষয়ে কি ভাৱিছে ।
- আই থিংক আই ষ্টাৰটেড লাইকিং ইউ, আপুনিও মোক অইনৰ দৰে এৰি নাযায়তো.......... কুহেলিকাৰ চকুত আকুলতাৰ চিন

লাইফত প্ৰথমবাৰৰ বাবে কোনোবাই এনেকৈ কৈছে । নাৰ্ভাছ হৈ গলো । বাথৰুমৰপৰা আহো বুলি কৈ কটেজৰ বাহিৰ ওলালো । ধাবাৰ ভিতৰত থকা বেচিনত মুখখন ধুই ললো । হয়তো আজিৰেপৰা মোৰ এটা নতুন জীৱনৰ আৰম্ভনি হব ।
- অই ইয়াত কি কৰি আছ বে ......... পাছফালৰপৰা কোনোবাই মাতিলে

ঘুৰি চাই দেখিলো পাছফালে কৌশিকদা ৰৈ আছে । কৌশিকদা কলেজত চিনিয়ৰ আছিল । মাল্টিনেচনেল এটাত কাম কৰে ।
- আৰে কৌশিকদা , কি খবৰ, এতিয়া কত, দেলহী নে চেন্নাই ......... মই সুধিলো
- সেইচব বাদ দে, লিকাৰ লগত কি কৰি আছ.......কৌশিকদাই সুধিলে
- কোন লিকা
- তোক সোমোৱাৰেপৰা দেখি আছো, কুহেলিকা বৰাৰ লগত কি কৰিছ
- মানে কৌশিকদা , বিয়াৰ বয়স হৈছে তো, চো ........ মই লাজ লাজকৈ কলো
- কি ডিচাইড কৰিলি
- ছোৱালীজনী ভাল, মোৰ ফালৰপৰা অকে আছে......... মই কলো
- তাইৰ কথাবোৰ জান তো
- জানো, তাইয়েই কৈছে, এইবোৰ কমন কথা
- কি, তথাপিও অকে.......... কৌশিকদাই আচৰিত হোৱাৰদৰে সুধিলে
- অ
- আব্বে, দেলহীত থাকোতে তিনি বছৰত পাচটা লিভ ইন ৰিলেচন, ইয়াত চিবু নে ফিবু, আৰু তো আছেই
- মানে আপুনি কেনেকৈ চিনি পায়........ মই সুধিলো
- আব্বে মক্কেল , দেলহীত ময়ো তাইৰ লগত চাৰিমাহ মান লিভ ইনত আছিলো
- মানে এক্সুৱেলি, মই আপোনাক কিয় বিশ্বাস কৰিম ......... মোৰ টেনচন হৈ গল
- ৰহ এক মিনিট

কৌশিকদাই আইফোনটো উলিয়াই নাম্বাৰ এটা ডায়েল কৰিলে । মই ওলাই অহা কটেজটোৰপৰা ৰিংটন এটা বজা যেন লাগিল ।

- হেলো ............. সিফালৰপৰা কুহেলিকাৰ মাত শুনা গল
- হাই চুইটি কত.......... কৌশিকদাই কলে
- অলপ বিজি আছো কৌছিক, পাছত কল কৰি আছো......... সিফালৰপৰা কুহেলিকাৰ মাত
- কাৰ লগত বিজি হে, চিবুৰ লগত নেকি
- নাই
- গুৱাহাটী গৈ আছো ....... কৌশিকদাই কলে
- অহ, আহিলে লগ ধৰিব দেই, বহুত কথা আছে
- চিবুই একো নকয় তো
- তাৰ লগত এতিয়া একো নাই, বেছি চিৰিয়াছ হৈ গৈছিল সি, বাদ দিলো
- এতিয়া
- চাও , আইটেম এটা আছে, ফৰ দা টাইম বিং.......সিফালৰপৰা কুহেলিকাৰ মাত
- চো
- আই উইল কল য়ু লেটাৰ, এতিয়া ৰাখো........... কুহেলিকাই ফোনটো কাটি দিলে

ৱেটাৰ এজন অৰ্ডাৰ দিয়া বস্তবোৰ লৈ কটেজটোলৈ সোমাই যোৱা দেখিবলৈ পালো । কৌশিকদাই মোৰ ফালে চাই কুটিল হাহি এটা মাৰিলে ।

হাজাৰ হলেও মই চিধা-চিধি মানুহ । ইমান টেনচন মই লব নোৱাৰো । এনেয়েও ইন্দ্ৰানী মুখাৰ্জী-চুইটী বৰাই এইকেইদিন চব নিউজ চেনেলতে হাংগামা কৰি ৰাখিছে ।

ধাবা এখনত বিল নিদিয়াকৈ অৱলা নাৰী এগৰাকীক এৰি পলায়ন কৰাৰবাবে যদি কোনোবাই মোক বেয়া পায় পাওক । ভাৰ মে জায়ে দুনিয়া । চিধাই গাড়ী ষ্টাৰ্ট দি তাৰপৰা নোহোৱা হৈ গলো ।

হাইৱেত কোনোমতে মন-মগজু ঠান্ডা কৰি গাড়ী চলাই আছো । দহ মিনিটমান পাছত দীৰুদাই ফোন কৰিলে ।
- কত আছ বে........... সিফালে দীৰুদাৰ মাত
- আপুনি বিচৰা মানুহজনে জীৱনৰ কমপ্লেক্স কুহেলিকাৰপৰা পলায়ন কৰি নিৰাপদ ঠাইলৈ গৈ আছে, অনুগ্ৰহ কৰি চাৰি-পাচমাহ পাছত ফোন কৰিব ...............এইবুলি কৈ ফোনটো অফ কৰি মই এক্সেলেটৰ দবাই দিলো ।

GMDA permission আৰু ঘোচ

মাটি টুকুৰাত ঘৰ বান্ধিব লাগে । তাৰ বাবে জি.এম.ডি.এ আৰু জি.এম.চি পাৰ্মিচনৰ প্ৰয়োজন । পাৰ্মিচনৰ বাবে কি কৰিব লাগে সেই কথা জানিবলৈ জনা মানুহ কেইজনমানৰ কাষ চাপিলো ।
এজনে কলে, ঘোচ নিদিলে আজিকালি একো কামেই নহয় । চৰকাৰী ফীজৰ উপৰিও ৬০-৭০ মান খৰচ পৰিব । বহুত টেবুল পাৰ হব লাগিব ।

আন এজনে কাৰ ৰেট কিমান সেই কথা বিস্তাৰিত ভাৱে কৈ হিচাপ এটা দিলে , লাম্প-চাম ৫৮ হাজাৰ টকা ।
কিছুমান মানুহৰ মানসিক আতিশয্য আৰু সময়ৰ অপব্যয়ৰ পৰা হাত সাৰিবলৈ কিছুমান মানুহে ঘোচ দিবলগীয়া হয় ।
ভাৱিলো কোনে কিমান টৰ্চাৰ কৰে চাওচোন । এক পইচাও ঘোচ নিদিও । কিমান দেৰি লগায় চাও । কোনে পইচা বিচাৰে চেহেৰাকেইটা চাই লও ।

জুনৰ মাজভাগত সকলো ডকুমেন্টসহ এপ্লাই কৰিলো । এসপ্তাহৰ মুৰত আকৌ আহিবলৈ দিলে । চাইটলৈ ইঞ্জিনিয়াৰ যাব ভিজিটৰ কাৰনে । এক পইচাও নিদিয়াকৈ কামটো হৈ গল । তাৰপাছত ফাইলটো অইন এজনৰ ওচৰলৈ গল । মাজে মাজে GMDAৰ তলৰ ৰিচিপচনত খবৰ লৈ থাকো । ফাইলটো সেইজনৰ ওচৰতে আছে ।
দুসপ্তাহ পাৰ হৈ গল ।
চিধা তেওৰ কেবিন পালোগৈ । তেওক কলো যে মোৰ পাৰ্মিচনৰ ফাইল এটা তিনিসপ্তাহ ধৰি আপোনাৰ ওচৰত পৰি আছে , যদি কিবা কাগজ-পাতিৰ ভুল আছে, ফাইলটো ৰিজেক্ট কৰি ওভোটাই পঠাওক, নহলে পাছ কৰক , এনেকৈ ইমানদিল ৰাথি থলে কেনেকৈ হব ।

পাছদিনাই তেও ফাইলটো পাছ কৰি পঠিয়াই দিলে ।

আকৌ ফাইলটো মুভ হল , আৰু কেইখনমান টেবুল বিনাশ্ৰমে পাৰ হল । এইবাৰ ফাইল পালেগৈ শৰ্মা উপাধিৰ এজনৰ টেবুলত । তেওঁ ভিতৰৰ হল এটাত বহে । তিনিসপ্তাহৰ মুৰতো তেওৰ টেবুলত ফাইল পৰি থাকিল ।

এইবাৰ শৰ্মাকো কিবা কিবি কলো । তেওক লকলো যে আপোনাৰ আধাঘন্টা ধৰি বাহিৰৰপৰা লক্ষ্য কৰি আছো, ইফালে সিফালে গৈছে, আদ্দা মাৰিছে , চাহ খাইছে, ঠিক আছে খাওক । কিন্ত আপোনাৰ টেবুলত যে ফাইলকেইটা আছে সেইকেইটা ক্লিয়াৰ কিয় কৰা নাই , ক্লিয়াৰ কৰে নকেৰে আপোনাৰ কথা, কিন্ত চিটিজেন চাৰ্টাৰ মতে মেক্সিমাম ৭ দিন , তাতকৈ বেছি হলে আপুনি জবাবদেহি হব লাগিব । সেইদিনাই তেও ফাইল ক্লিয়াৰ কৰিলে ।

এসপ্তাহৰ পাছত আকৌ গলো , ফাইল বিচাৰি পালোগৈ এজন বিষয়াৰ কেবিন । তেওঁক সুধিলো, দুমাহ হল, আৰু কিমানদিন লাগিব । তেও কলে যে আৰু ১০-১২ খন টেবুল পাৰ হব লাগিব, তেও দুই এদিনতে পাৰ কৰি দিব, বাকীখিনি তেও কব নোৱাৰে ।
- ঠিক আছে বাৰু , এপ্লাই কৰা ৬০ দিনতকৈ বেছি হৈ গল , আপোনাৰ ৱেবচাইটত লিখা মতে মেক্সিমাম এমাহ , বিল্ডিং ল ২০১৪ মতে নিৰ্ধাৰিত সময়ত পাৰ্মিচন দিব নোৱাৰিলে , পাৰ্মিচন দিয়া বুলি ধৰা হব , এজন সাধাৰন নাগৰিক হিচাপে মই এতিয়া কি কৰা উচিত......... মই সুধিলো
- মই সেইটো কব নোৱাৰিম ........... তেওঁ কলে

ঘৰলৈ আহি ইন্টাৰনেট খুলি GMDA grievance ত CEO-GMDA ক ইমেইলযোগে কমপ্লেইন এটা দিলো ।

তিনিদিন পাছত মেইল এটা আহিল .......... আপোনাৰ প্লেনিং পাৰ্মিচন হৈ আছে , অফিছলৈ আহি লৈ যাব পাৰে ।
মুঠতে কামটোত ৭৪ দিন লাগিল । পইচা খৰচৰ ভিতৰত ৫০৪৫ টকা প্ৰচেচিং ফী আৰু প্ৰায় দহবাৰ খবৰ কৰাৰ নামত গাড়ীত তেল ভৰাই অহা যোৱা কৰোতে প্ৰতিটো ট্ৰিপত ৫০০ টকা ।

বি.দ্ৰ.
অফিচ এটাৰ কৰ্মসংস্কৃতি নিৰ্ভৰ কৰে তাৰ মুৰব্বীজনৰ ওপৰত । মোৰ GMDAত লেন্ড চেল পাৰ্মিচন এমাহত কতো ঘোচ-ঘাচ নিদিয়াকৈ হৈ গৈছিল । সেই সময়ত CEOআছিল এন.অংগমুথু ।

এটা ট্ৰেন্সপাৰেন্ট চিষ্টেমৰ সৃষ্টি কৰা তথা চিটিজেন চাৰ্টাৰৰ বাবে অংগমুথু দেৱলৈ অশেষ ধন্যবাদ ।

IISc ৰ ইন্টাৰভিউ আৰু চিনিয়ৰচ

( Tridib Goswami দা, Bhabatosh Banik দা লৈ ফ্ৰম বটম অৱ দা হাৰ্টৰ পৰা ধন্যবাদ আৰু ভুল-ভ্ৰান্তিৰ বাবে আগতীয়া ক্ষমাপ্ৰাৰ্থনা )

২০০৯ চনৰ কথা । প্ৰদ্যুম্ন আৰু হেমন্তই লগ ধৰিলে , IISc ত পি.এইচ.ডিৰ কাৰনে যাও, ত্ৰিদিবদা আৰু ভৱতোষদা আছে, থকা-খোৱাৰ টেনচন নাই । এপ্লাই কৰিলো । কিন্ত শেষ মুহুৰ্তলৈ কলকাতাৰপৰা ৰেলৰ টিকট কমফাৰ্ম নহল । আৰ.এ.চি হৈয়েই ট্ৰেইনত উঠিলো । ডেৰটা টিকটত তিনিটা মানুহ । লাইফৰ অন্যতম জঘন্য এক্সপেৰিয়েন্স সেই ট্ৰেইন জাৰ্নিটো । আমাৰ বাথত দুটা টিকেটত মাক-বাপেকৰ সৈতে চাৰিটা পেন্ডা-পুন্ডি । এহাল চিলেটীয়া বুঢ়া-বুঢ়ী, এজন কাহি থকা বেমাৰী । পেন্ডা-পুন্ডিৰ পৰা বাচিবলৈ প্ৰদ্যুম্ন আৰু মই চাইড-আপাৰত উঠি থাকো । হেমন্ত বেলেগ বাথত বা টয়লেটত বহি থাকেগৈ ।

অবাইচ কামোৰ খাই খাই যেন তেন বেংগালুৰু পালো । 


প্ৰদ্যুম্নই ত্ৰিদিব দাক ফোন লগালে । আমি IISc পালোগৈ ।
প্ৰদ্যুম্ন আৰু হেমন্তই ত্ৰিদিব দাৰ ৰুমত খেপ দিলে । মই ভৱতোষদাৰ গেষ্ট হলো । দুয়োজন আমাৰ ইউনিভাৰচিটিৰ চিনিয়ৰ আছিল । চিনিয়ৰে তো জুনিয়ৰৰ দায়িত্ব লব লাগিবই ।

দুয়োজনে একেবাৰে নিষ্ঠাৰে চিনিয়ৰৰ দায়িত্ব পালন কৰিলে । আধা সপ্তাহ আমাৰ একো টেনচন নহল । ত্ৰিদিব দাই কোন প্ৰফেচৰে ষ্টুডেন্ট লব, কেতিয়া কত ইন্টাৰভিউ হব, কোনজনক ইম্প্ৰেছ কৰিবলৈ কি পঢ়িব লাগিব দেধাৰ টিপছ দিলে ।
আনকি প্ৰদ্যুম্ন আৰু হেমন্তই হোষ্টেলৰ ৰুম অকুপাই কৰাৰ পাছত বেচেৰা ত্ৰিদিবদা ৰাতি ৰাতি লেৱত শুবলৈ যাবলগাত পৰিল ।

ভৱতোষদাইও মোক বিচনা এৰি দি মজিয়াত পৰি থাকিল । কিন্ত মজিয়াৰেপৰা ভৱতোষদাই তামাম ট্ৰেজেদী ফালি একেবাৰে বৰ কৰি দিলে ( ৰাইজে গম পায়েই) ।

ইন্টাৰভিউ দিলো । সচা কথা কবলৈ হলে তিনিওজনৰে ইন্টাৰভিউ ভাল হৈছিল । মই মোটামোটি আধাঘন্টাতকৈও বেছি "এক্সপ্লেইন হোৱাই, হাও " কুৱেচনবোৰক টক্কৰ দিলো ।
কিন্ত দুৰ্ভাগ্যজনকভাৱে কোনেও নাপালো । সেইবাৰ মাত্ৰ দুজন ষ্টুডেন্টহে লৈছিল । যদি কেনেবাকৈ ১০ জনমান ললেহেতেন তেতিয়া হয়তো পাই গলোহেতেন ।

পাছত হেমন্তই IIT-বম্বেত পি.এইচ.ডি পালে , প্ৰদ্যুম্নই এবছৰ পাছত সহকাৰী অধ্যাপক হিচাপে বি বৰুৱাত সোমাল , মই অ.এন.জি.চিত সোমালো ।

ত্ৰিদিব দা আৰু ভৱতোষ দাক তিনিদিন-তিনিৰাতিৰ ফুড আৰু একমোডেচনৰ উধাৰ পৰিশোধ কৰিবলৈ বাকী আছে । অৱশ্যে এইটো উধাৰ আৰু চুক্তা নকৰিলেও চলি যাব বুলিয়েই ধৰি লৈছো আৰু ।

অন্নপ্ৰাশন

দীৰুদাৰ লগত শ্বিফট মিলি আছে । আমাৰ ১৪ দিনীয়া ডিউটি একেলগে আৰম্ভ হয় আৰু শেষো একেলগে হয় । অফৰ চৈধ্য দিন দুয়োজনে টাইম পাচ কৰাৰ অকেজন বিচাৰি থাকো ।

ৰাতিপুৱা ৫ বজাত টোপনি ভাগিল । বিচনাত আৰু দুইলুটি মাৰিলো । নাই টোপনি নাহে । ব্ৰাছডালত কলগেট লগাই ওলাই ৰাষ্টালৈ গলো । পেটুৱা মানুহ দুটাই হাফপেন্ট পিন্ধি খোজ কাঢ়ি আছে । মৰ্নিং ৱাক । দুই পেটুৱাৰ পাছে পাছে দাত ঘহি ঘহি ৱাকিং ষ্টাৰ্ট কৰি দিলো । ৱাকিঙত এঘন্টা গল । ছয় বাজিল । ৰাতি ১০ বজাত টোপনি যাও । এতিয়াও ১৬ ঘন্টা আছে । দিনটো কেনেকৈ টাইম কিল কৰো আজি । টিভিটো অন কৰি ললো ।

এনেতে ফোনটো বাজিল । পুৱাই পুৱাই দীৰুদাই ফোন কৰিছে
- বল একঠাইত ভিজিট দি আহো.........দীৰুদাই কলে
- কত........মই সুধিলো
- চিচি যে , আজি বাচ্চাটোৰ অন্নপ্ৰাশন আছিল যে
- অ, বঢ়িয়া, কুল ... মই কলো

চিচিদা কলেজত মোৰ চিনিয়ৰ আছিল, দীৰুদাৰ ক্লাছমেট, ৰঙিয়াত ঘৰ । এতিয়া কথাটো হল যে লাইন বাছত লটিঘটি খোৱাৰ দুয়োটাৰে ইচ্ছা নাই আৰু ৰঙিয়ালৈ গাড়ী চলোৱাৰ কনফিডেন্স দুয়োটাৰে নাই । গতিকে ঠিক হল যে দীৰুদাই ড্ৰাইভাৰ এজন লৈ আহিব । ৯ টা বজাত ওলাম ।

এঘন্টা দেৰিকে দীৰুদা মোৰ ঘৰ পালেহি । হাতত হাফ হেলমেট এটা ।

- বল বাইকতে যাও , ড্ৰাইভাৰ-চ্ৰাইভাৰৰ লাফৰা নকৰো , ৪৫ কিলমিটাৰহে, গেলেকী টু চিবচাগৰ টাইপ, এডভেন্সাৰ কৰি গৈ থাকিম আৰু

দীৰুদাৰ ১৯৯৯ মডেলৰ হিৰো স্পেলডাৰত উঠি দিলো । লখৰা হৈ জালুকবাৰীৰ ভাজবোৰ পাইছোহি
- অন্নপ্ৰাশনত গিফট দিব লাগে নেকি... দীৰুদাই সুধিলে
- নো আইডিয়া... মই কলো
- ৰহ আইডিয়া লৈ লও, নহলে ইজ্বত ডুবি যাব

কাৰোবাৰ ফোন কৰি দীৰুদাই কনফাৰ্ম কৰি ললে যে গিফট লব লাগিব । মালিগাৱৰ দোকান এখনত সোমালো । দীৰুদাই বাতি চেট-ডিনাৰ চেট কেইটাত চকু ফুৰাই দোকানীজনক কলে...... মিডিয়াম ৰেঞ্জত গিফট এটা দেখুৱাকচোন
- কাৰ কাৰণে... দোকানীয়ে সুধিলে
- মানে বাচ্চা এটা........... মই কলো
- কিমান ডাঙৰ
- চাৰি-পাচমাহমান হব, বাচ্চাক ভাত খুওৱা অকেজন এটা হয় যে, অন্নপ্ৰসন্ন
- আমাৰ ইয়াত অন্নপ্ৰাশনৰ গিফট নাপাব আগলৈ বাচ্চাৰ আইটেমৰ দোকান এখন আছে তাত চাওকচোন

দোকানৰপৰা ওলাই দুয়োটাই ডিচকাচ কৰিলো । যাক গিফট দিম তাৰ কামত অহা বস্ত হব লাগিব । বহুত দিচকাচনৰ পাছত চেৰেলেকৰ পেকেট দুটা কিনিলো । এটা হুইট, আনটো এপল ফ্লেভাৰ ।
চেৰেলেকৰ পেকেট দুটা ৰঙীন কাগজৰে গিফট পেক কৰি উঠি দোকানৰ লৰাজনে হাহি মাৰি কলে..... চেৰেলেকৰ গিফট পেক কৰা মোৰ এইটো প্ৰথম অভিজ্ঞতা

গিফট লোৱাৰ পাছত আকৌ জাৰ্নি ৰিজিউম কৰিলো । চানগ্লাছযোৰে কোনোমতে চকু দুটা ধুলিৰ পৰা বচাই ৰাখিছে ।

কোনোমতে চিচিদাৰ ঘৰ পালোগৈ । দীৰুদাই বাচ্চাটোক গিফটটো হেন্ড ওভাৰ কৰিলে । বাচ্চাই কিউট হাহি এটা মাৰিলে ।
- গিলাছ নে বাতি, চাইজ চাই বাতি যেনেই লাগিছে..... চিচিদাই কলে
- ধুৰ তোৰ নিচিনা পাইছ নেকি, বাচ্চাৰ ডাইৰেক্ট কামত অহা বস্ত আছে.... দীৰুদাই উত্তৰ দিলে
বহুত ভোক লাগি আছিল । খানাত মাছ আৰু মাংস দুয়োটা আছিল । নিজৰ ঘৰত খোৱাৰ দৰে দকচি দিলো । লালমোহন মোৰ প্ৰিয় । চাৰিটা পেটত সুমুৱাই থলো ।
খানা খাই চিচিদাৰ ড্ৰয়িংৰুমত চিচিদাৰ লগত জকচ মাৰি ফেনৰ হাৱা খাই আছো । ৰুমটোলৈ অলপ বয়সীয়া মানুহ এগৰাকী সোমাই আহিল ।
- তোৰ লগৰ অ.এন.জি.চিৰ অফিচাৰ অহাৰ কথা আছিল নহয় , এতিয়ালৈ আহি পোৱা নাই নেকি, ভিতৰৰ টেবিলতে খোৱাৰ যোগাৰ কৰিছিলো
- অহ জেঠাই, ইহতে খালেই নহয়...... চিচিদাই আমাক দেখুৱাই কলে

আমি জেঠাইৰ ফালে চাই চেটিচফাইড স্মাইল দিলো । জেঠাইয়ে আমাক ভালকৈ নিৰীক্ষণ কৰিলে, তাৰ পাছত কলে....... তোমালোক সেই মামৰে ধৰা মটৰচাইকেলখনত অহা নাছিলা জানো, বাহিৰত যে আছে, বকুলডালৰ তলত
- হয় ....... মই কলো
- মই আকৌ ডাঙৰ গাড়ীত মানে ভাৰ্না-চাৰ্নাত আহিব বুলিহে ভাবিছিলো
- মানে , বাইকত বেলেগ মজা এটা আছে... দীৰুদাই কলে
- থোৱাহে , কিহৰ মজা, কমচে কম কোম্পানীৰ মান-সন্মানৰ কথা তো চিন্তা কৰা, মই আকৌ ইমানপৰে তোমালোকক টেন্ট হাউচ পাৰ্টিৰ মানুহ বুলিহে ভাৱি আছিলো

দীৰুদাৰ চেটিচফাইড স্মাইলটো ডিম হৈ পৰিল । মই যিমান পাৰো মোৰ চেটিচফাইড স্মাইলটো ধৰি ৰাখিবলৈ চেষ্টা কৰিলো ।

ভাৰচিটি ডেইজ - ইলেকচন

চেপ্তেম্বৰ ২০০৮ , ইউনিভাৰচিটিত ইলেকচনৰ বতৰ । ইলেকচনৰ বতৰ মানে কেম্পেইনিং, ঢোল-গীটাৰ-নাচ গানৰ টীম লৈ কেন্ডিডেটসকলৰ ডিপাৰ্টমেন্ট-ডিপাৰ্টমেন্টে প্ৰচাৰ । ইউনিভাৰচিটিত সেইকেইদিন যথেষ্ট উখল-মাখল তথা উত্তেজনা থাকে । ব্যক্তিগতাৱে মই এনেধৰনৰ প্ৰচাৰ ভাল নাপাও । আৰে ভাই জি.এছৰ পোষ্টত উঠিছ যেতিয়া জিকিলে ইউনিভাৰচিটিৰ উন্নতিৰ কাৰনে কি কি কৰিবা, পৰিকল্পনা কি আছে সেয়া কোৱা, তুমি গান গাব জানা নে নাই কি মতলৱ আছে ।

মই আছিলো কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ । মানে ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চ- টিচাৰ্চ ডে, চেমিনাৰ এইবোৰ আয়োজনত এনাৰ্জি আৰু টাইম অফুৰন্তভাৱে খৰচ কৰাত আগৰনুৱা লীডাৰ টাইপৰ মক্কেল ।

তেতিয়া ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰ যথেষ্ট পজিটিভ মাইন্ডেড, এনথুৱাষ্টিক আৰু হেভি পাৰচনেলিটিৰ মানুহ । ছাৰৰ লগত আমাৰ বেটছৰ ফ্ৰিকুৱেন্সি বঢ়িয়াকৈ মেটছ কৰিছিল । আমাৰ পাছত ছাৰৰ সম্পুৰ্ন বেকিং আছিল । আমাৰ সময়ত কবলৈ গলে আমি নিজে চেমিষ্টাৰ পৰীক্ষাৰ ডেট ঠিক কৰিছিলো আৰু সোনকালে ৰিজাল্টো লৈছিলো ।

আগবেলা আমাৰ থিয়ৰী ক্লাছ থাকে । লান্সৰ পাছত প্ৰেক্টিকেল । প্ৰায় প্ৰতিটো হোষ্টেলতে জনাই দিলো যে আমাৰ ডিপাৰ্টমেন্টত লান্সৰ আগত কোনোধৰনৰ কেম্পেইনিং নহব । লান্সৰ পাছত আহিলেই হল । ফলত আৰ্টছ বিল্ডিঙত যেতিয়া ঢোল-পেপা-গীটাৰ বাজি আছিল তেতিয়া আমাৰ ডিপাৰ্টমেন্টত নিয়াৰিকৈ ক্লাছ হৈ আছিল ।

এদিন প্ৰথমটো ক্লাছ কৰি ক্লাছত বহি আছো । ডিপাৰ্টমেন্টৰ জুনিয়ৰ এজনীয়ে মাতিবলৈ আহিল । তলত ছোৱালী হোষ্টেল এটাৰ কেম্পেইনিঙৰ গ্ৰুপ এটা আছে ।

তললৈ নামি গলো ।
- তুমিয়ে ডি.আৰ নেকি ......... এজনীয়ে সুধিলে
- হয় ... মই কলো
- আমি কেম্পেইনিং কৰিবলৈ আহিছিলো
- আমাৰ ডিপাৰ্টমেন্টৰ থিয়ৰীৰ ক্লাছ চলি আছে , এতিয়া নহব, লান্সৰ পাছত আহক.... মই কলো
ছোৱালী গ্ৰুপটোৱে অলপ বেয়া পালে ।
- কোনে এইচব নিয়ম বনাইছে, আমি কি টাইম লৈ আহিম নেকি , ইমান ডিপাৰ্টমেন্টলৈ যাব আছে, টাইম লৈ আহিলে কেনেকে হব .......... ঢোলটো কান্ধত লৈ থকা ছোৱালী জনীয়ে কলে
- সেইবোৰ মই নাজানো, এতিয়া মুঠতে নাচ-গান নহব , আফটাৰ লান্স আহক , গেলাৰীত ষ্টুডেন্টখিনি মই গোটাই দিম
- এইচব নিয়ম আমি নামানো, এতিয়া আমি কেম্পেইনিং কৰিমেই .......... ছোৱালী এজনীয়ে খঙত কলে
মোৰো খং উঠি গল ।
- আপোনালোকৰ কেন্ডিডেট কোনহে , এতিয়াই আমাৰ দৰে জেনেৰেল ষ্টুডেন্টৰ কথা নুশুনে, জিকিলে দেখোন গুৰু গোসাই নমনাই হব ............. ধুনীয়াকৈ মেখেলা-ছাদৰ পিন্ধি থকা কেন্ডিডেট যেন লগা ছোৱালীজনীলৈ চাই কলো

মনে মনে মোক বেয়াকৈ গালি পাৰি ছোৱালী গ্ৰুপটো ফিজিক্স ডিপাৰ্টমেন্টৰ ফালে গলগৈ । মই ক্লাছলৈ আহিলো ।

তাৰ পাছৰ দিনাৰ কথা । ক্লাছলৈ আহোতে অলপ দেৰি হল । ক্লাছত সোমাই আলপ আচৰিত হলো । ভি.পি. কেন্ডিডেট এজনে উদাত্ত কন্ঠৰে ভাষন দি আছে ।

- এইচব কি চলি আছে , এতিয়াতো কেম্পেইনিঙৰ টাইম নহয় ............ ৰুমটোত সোমাই মই কলো
কেন্ডিডেটজন আছিল আৰ.চি.চি হোষ্টেল এটাৰ । লগত এমখা লৰা । মোৰ কথা শুনি কেন্ডিডেটজনৰ ভাষণ বন্ধ হল ।
- এতিয়া ক্লাছৰ সময়, আপোনালোক লান্সৰ পাছত কেম্পেইনিঙৰ বাবে আহিব ............ মই কলো
- কোন বে ই , ইয়াৰ কি প্ৰবলেম হৈছে........... এমখা লৰাৰ মাজৰপৰা এজনে কলে
"বে" ৰ উত্সটোৰ ফালে চালো , তাৰপাছত ভি.পিৰ কেন্ডিডেটজনৰ ফালে চাই কলো
- হোৱাট ইজ দিছ , এতিয়াই ইমান উদ্ধতালি , পাছলৈ কি হব

ভি.পিৰ কেন্ডিডেটজনে ছৰি বুলি কৈ লৰাজাকক লৈ গলগৈ ।

লগৰ এটাই কলে...... হোষ্টেলৰ লৰাৰ লগত জেং হৈ গল , কথাটো ভাল নহল ,পাছত সিহতে চাই লব ।

পিছে পাছত কোনেও মোক চাই নললে । কিন্ত কথাটো জনাজনি হৈ গল যে কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত আগবেলা কোনোপধ্যে এন্ট্ৰি মাৰিব নিদিয়ে । তাৰ পাছত সকলো কেন্ডিডেটেই পাছবেলা সময় লৈ কেম্পেইনিং কৰিলৈ আহিছিল ।

পেট্ৰল পাম্পত জেং

কোনো এংগেলৰপৰাই মই জেং কৰা মানুহ নহয় । কিন্ত মেৰে চাথ হি জেং কিউ হোতা হে । ১ আগষ্ট ২০১৫ , দিনত উত্তৰ গুৱাহাটী গলো । সুব্ৰত পালৰ ভৰি মোচোকা খাই পৰি আছে, জয়ন্তৰ চৰ্দি । জয়ন্তৰ ৰুমত থাকোতেই চন্দনদাই ফোন কৰিলে । পি.চি.চৰকাৰৰ যাদু শ্ব হৈ আছে বোলে মাছখোৱাত, যাম নেকি সুধিলে । ক্ৰিকেট মেচ বা আই.এছ.এল হলে বেলেগ আছিল, যাদু শ্বো যে চাব নোৱাৰি আৰু দেই । চন্দনদাক ন বুলি কলো ।

সন্ধিয়া উত্তৰ গুৱাহাটীৰপৰা ঘৰলৈ ৰিটাৰ্ন আহি আছো । গাড়ীখনৰ ফুৱেল-মিটাৰটো চালো , তিনিটা ব্লক আছে , পেট্ৰল ভৰাই থোৱাটো ভাল হব । বালাজীৰ ওচৰত পেট্ৰল পাম্প এটাত সোমালো ।

- পাচশ টকাৰ পেট্ৰল দিয়া......... মই পাম্পৰ কৰ্মচাৰীজনক কলো
কৰ্মচাৰীজনে মিটাৰটো ৫০০ ত চেট কৰি ফুৱেলিং নিপলটো টেংকৰ মুখত ভৰাই দিলে আৰু হাতেৰে ধৰি থাকিল । মই তেওৰ হাতত চকু দিলো । তেও মাজে মাজে নিপলটোৰ লিভাৰডাল অলপ প্ৰেচ কৰে, এৰি দিয়ে । এই কাৰবাৰটো চকুত পৰাত মই কলো
- ৫০০ টকা চোন চেট কৰাই আছে, তেন্তে সেইডাল কিয় টনা-টনি কৰিব লাগে

কৰ্মচাৰীজনে নিপলটোৰপৰা হাতখন এৰি দিলে । কিন্ত মই লক্ষ্য কৰিলো যে লিভাৰডাল বেকা হৈ আছে । টেনচন হৈ গল, তেল গৈছেনে নাই । তেল ভৰোৱা শেষ কৰাৰ পাছত কৰ্মচাৰীজনক পাচশটকীয়া নোট এখন দিলো ।

গাড়ীখন ষ্টাৰ্ট কৰি আচৰিত হলো । ফুৱেল-মিটাৰটো একেবাৰে বঢ়া নাই । লগে লগে পাম্পটোৰ কাউন্টাৰত কথাটো কলো ।
- এনেকুৱা প্ৰবলেম হয়েই কেতিয়াবা, আপুনি অলপ চলাই লওক, মিটাৰত আহি যাব......... কাউন্টাৰৰ মানুহজনে কলে
- ঠিক আছে, এটা চক্কৰ মাৰি আহো, যদি কাটা নুঠে আকৌ আহিম কিন্ত ....... মই কলো

গড়চুকৰ ফালে গৈ চক্কৰ এটা মাৰিলো । তেলৰ কাটা সামান্য উঠিছে কিন্ত ৫০০ টকাৰ ৭.৭ লিটাৰ পেট্ৰলৰ তুলনাত সেয়া নামমাত্ৰ । আকৌ পেট্ৰল পাম্পটো পালোগৈ । মেনেজাৰক লগ কৰি কথাটো জনালো । মেনেজাৰ কোনোপধ্যে মান্তি নহয় যে কম তেল গৈছে ।

মেনেজাৰে মোক কলে যে তেওৰ পাম্পৰ সকলো ঠিকেই আছে আৰু পাম্পৰ ফিলিং কৰা মিটাৰকেইটা মেনিপুলেট কৰিব নোৱাৰি ।
- মই আপোনাৰ মেচিন বা মিটাৰৰ কথা কবলৈ যোৱা নাই , মই কব খুজিছো যে যোৱা চাৰিবছৰ ধৰি মোৰ গাড়ীখন চলাই আছো আৰু মোৰ গাড়ীৰ ফুৱেল মিটাৰটো ১০০ শতাংশ ঠিকেই আছে আৰু ফুৱেল মিটাৰটোৰ মতে ৫০০ টকাতকৈ বহুত কম পেট্ৰল আপোনাৰ পাম্পৰপৰা মোৰ গাড়ীলৈ গৈছে আৰু মেটিনচ আৰ মেড বাই হিউমেন বিংচ এন ডেয়াৰ ইজ ন মেচিন ইন দা ৱৰ্লড দেট কেন নট বি মেনিপুলেটেড বাই হিউমেন বিং ............... মই কলো

তাৰপাছত মেনেজাৰজনে এক লিটাৰৰ টেমা এটাত পাম্পৰপৰা এক লিটাৰ তেল ভৰাই পাম্পৰ মিটাৰটো যে ঠিকেই আছে তাক দেখুৱালে । মেনেজাৰজনৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি দেখা গল ।
- ঠিক আছে , এই এক লিটাৰ মোৰ গাড়ীত ভৰাওক , লগতে আৰু এটা পাচ লিটাৰ ড্ৰামত জুখি মোৰ গাড়ীত ভৰাওক, মই পইচা দি আছো......... মই কলো

ড্ৰাম এটাত পাচ লিটাৰ জোখা হল । গাড়ীত ভৰোৱা হল , লগে লগে মই চাবি অন কৰিলো । চাবি অন কৰাৰ লগে লগে গাড়ীৰ ফুৱেল টেংক ইন্ডিকেটৰ তিনিটা ঘৰ বাঢ়ি গল ।
- এইয়া চাওক ৬ লিটাৰ পেট্ৰলত ভৰোৱাৰ লগে লগে কাটা তিনিটা ঘৰ বাঢ়ি গল , তাৰমানে মোৰ গাড়ীৰ কাটা ভালকৈ কাম কৰি আছে আৰু বৰ্তমান ফুৱেল ইন্ডিকেটৰত ৭টা ঘৰ আছে, পাম্পত সোমাৱাৰ আগতে তিনিটা ঘৰ আছিল, মানে বেক কেলকুলেট কৰি এইটো কব পাৰি যে পাছৰবাৰ ৬ লিটাৰ ভৰাওতে যিমান তেল ভৰিল , আগৰবাৰ ৭.৭ লিটাৰ ভৰাওতে তাৰ আধাতকৈও কম তেল ভৰোৱা হৈছিল ...... মই কলো
- কিন্ত মোৰ পাম্পৰ মিটাৰ পুৰা ঠিক আছে, কতো মেনিপুলেচন নাই, সেইটো মই দেখুৱালো দেখোন, এতিয়া ইহতে যদি কিবা মেনিপুলেট কৰিছে (কৰ্মচাৰীজনলৈ দেখুৱাই) তেতিয়া মই কব নোৱাৰিম ......... মেনেজাৰজনে কলে
উইক পইন্ট এটা পাই গলো ।
- তাৰমানে আপুনি স্বীকাৰ কৰিছে যে এওলোকৰগ্বাৰা মেনিপুলেচন সম্ভৱ, এই কথাটোৱেই মই আপোনাক ইমানপৰে কৈ আহিছো যে ফিলিং কৰা কৰ্মচাৰীজনৰ ওপৰত মোৰ সন্দেহ হৈছে যে তেল কমাই দিছে আৰু যিখিনি কমাই দিছে সেইখিনি মোক দিব লাগে............ মই কলো

মেনেজাৰজন অলপ থতমত খাই গল ।

- নাই , তেল ঠিকেই গৈছে, আপোনাৰ গাড়ীৰ কাটাৰ প্ৰবলেমো তো হব পাৰে ........ মেনেজাৰজনে কলে
ইতিমধ্যে মানুহ বহুত গোট খাইছিল । তৰ্ক গৈ উত্তপ্ত পৰিস্থিতিত পৰিনত হৈছিল ।
- কি বে, এইটো পাম্পত তেল কমাই দিয়ে নেকি ............ বাইকত তেল ভৰাব অহা মানুহ এজনে কাৰোবাক চিঞৰি সুধিলে

মেনেজাৰে কোনোপধ্যে মানি নলয় যে পাম্পত কিবা খেলিমেলি আছে । কাউন্টাৰৰ কৰ্মচাৰীজনেও কলে যে আজিলৈকে কোনেও কম্প্লেইন দিয়া নাই ।

- চাওক ডাঙৰীয়া, ৭.৭ লিটাৰ তেলৰ ০.৭ লিটাৰ মাৰি দিলে কোনেও গম নাপাব, কোনোবাই মিটাৰ চাই গম পাব নেকি কিন্ত মোৰ ক্ষেত্ৰত ৫ লিটাৰমান তেল কম হৈছে , সেয়ে মই ধৰিব পাৰিছো, আৰু তেল ভৰাইয়ে মই আপোনাক কৈছো , কৈছিলোনে নাই .................. মই কাউন্টাৰৰ কৰ্মচাৰীজনক সুধিলো

মানুহৰ জুমটো বাঢ়ি আহিছিল । মোৰ লগত আছিল মা । ইমানপৰে মায়ে কথাবোৰ শুনি আছিল । এইবাৰ মায়ে কলে.......
- চাওক আমি আপোনালেকৰ গ্ৰাহক । আমি যদি তেল নিকিনো আপোনালোকৰ ডিপোৰ কি হব , ডিপো বন্ধ বৈ গলে ইয়াৰ কৰ্মচাৰীসকলৰ কি হব , আজি তেল আমাক কমাই দিছে , আমি গম পাইছো কাৰনেহে ইয়াত আছো, এই যে আমি গম পালো যে এইটো ডিপোত তেল কমাই দিয়ে, এই কথাটো আমি আন দহজনক কম, সেই দহজনে আন দহজনক, এনেকৈ চলিলে এদিন আপোনালোকৰ ডিপো বন্ধ হৈ যাব । আৰু আমি তো এনেয়ে কোৱা নাই , আমাৰ হাততো প্ৰমান আছে । আমি প্ৰয়োজন হলে আপোনালোকৰ তেলৰ মেইন কোম্পানীত যাম আমাক ঠগা হৈছে বুলি ।

মেনেজাৰজন নিজৰ কেবিনলৈ সোমাই গৈছিল । মই পাছে পাছে গলো ।

- মই তো চব দেখুৱালো, আমাৰ পাম্পৰ চব ঠিকেই আছে, এতিয়া মই কি কৰিম কওক........... মেনেজাৰজনে কলে
- চাওক আপুনিতো দেখিলেই তিনিশ টকাৰ তেলত ফুৱেল-মিটাৰৰ কাটা উঠিল , ৫০০ টকাৰ তেলত কাটা উঠা নাছিল, ইয়াৰপৰা সাধাৰন মানুহ এজনে কি ইন্টাৰপ্ৰীট কৰিব , সেইটোৱেই মোৰ প্ৰশ্ন ............. মই কলো

মই মেনেজাৰৰ ৰুমৰ পৰা ওলাই আহিলো ।

- বল মা, গড়চুক থানালৈ যাও, সদ্যহতে এফ.আই.আৰ. এখন দি আহো, বাকী পাছত দেখা যাব ............ মই মাক কলো
যুদ্ধংদেহি মনোভাৱেৰে গাড়ীখন ষ্টাৰ্ট কৰিবলৈ লৈছো । এনেতে কাউন্টাৰৰ কৰ্মচাৰীজনে কলে................ হব দিয়ক , পাচশ টকাৰ তেল ভৰাই লওক

পেট্ৰল পাম্পৰ কৰ্মচাৰীজনে ৭.৭ লিটাৰ কম্প্লিমেন্টৰী তেল ভৰাই দিলে । মোৰ গাড়ীখনৰ ফুৱেল টেংকৰ কাটা আৰু তিনিঘৰ বাঢ়ি গল ।

ডাৰউইনৰ স্পিচিচ

(1)

এজ ইউজুৱেল ৰনদীপে তুলসীৰ পেকেটটো খুলি ৰজনীগন্ধাৰ পেকেটটোত ভৰালে, অলপ মিক্সাৰটো শ্বেক কৰিলে , ডাঙৰকৈ মুখখন মেলি আধা অংশ মুখত ভৰাই বাকী আধা থকা পেকেটটো ভাজ কৰি পকেটত সুমুৱাই থলে । তাৰপিছত কিছুসময় চোবাই খিৰিকিয়েদি প্ৰথমবাৰ পিকাই দিলে ।

মই ৰনদীপৰ ঠিক কাষৰ চিটত । ৰাতিপুৱা গেলেকীৰ পৰা শ্বিফটৰ বাছখনত ৰনদীপ চাইটলৈ আৰু মই গুৱাহাটীলৈ বুলি ওলাইছো ।
- বিকাচ দা, আপুনি পেটটো কমাওক , কিমানবাৰ যে কৈছো আপোনাক, আপুনি কানসাৰেই নিদিয়ে , নিজৰ কথা নাভাৱে, ঘৰৰ মানুহৰ কথা টো চিন্তা কৰক , এইবাৰ ঘৰলৈ গৈ ট্ৰাইগ্লিচাৰাইড চেক কৰাব , 400 ৰ ওপৰ হব আপোনাৰ , ভেৰি প্ৰন টু হাৰ্ট এটেক.......... ৰনদীপে খিড়িকিয়েদি আৰু এবাৰ পিকাই দিলে
- ঠিক আছে বাৰু , কৰিম চেক ........ মই কলো

এই বিষয়টো লৈ ৰনদীপে মোক প্ৰায়েই কামোৰ দিয়ে । আনকি ডি.এছ.এত ৰনদীপে মোক চিকেনো বেছিকৈ খাব নিদিয়ে । ৰনদীপৰ মতে মাত্ৰ দুই পিচ চিকেন, তাতকৈ বেছি নহয় । ফলত খোৱাৰ টাইমত মই ৰনদীপৰপৰা লুকাই থাকিবলগীয়াত পৰিছে । ৰনদীপৰ কেনেকৈ কামোৰ দিও ভাৱিবলৈ ধৰিলো ।

- আচ্চা ৰনদীপ তুমি যে ৰজনীগন্ধা খোৱা, দিনত কিমান খোৱা........ মই সুধিলো
- লান্সৰ আগতে পাচ পেকেট, লান্সৰ পাছত পাচ পেকেট....... ৰনদীপে কলে
- মানে দিনে দুশমান টকাৰ
- অ কিয়
- ভাৱাচোন ৰনদীপ, তুমি দিনে দুশ টকাৰপৰা এশ টকালৈ ৰজনীগন্ধা খোৱা যদি কমাই দিয়া ,দিনে এশ টকাকৈ মাহত তিনিহাজাৰ টকা চেভ কৰিব পাৰিবা, সেই তিনিহাজাৰ টকাৰে কোনোবা অভাৱী , গৰিব, নিসহায় মানুহক সহায় কৰি চাবাচোন, কিমান আনন্দ লাগে , পৃথিৱীখনত তেতিয়া তুমি তিনিহাজাৰ টকাৰ ৰজনীগন্ধাৰ লেতেৰা পিকৰ সলনি, অলপ হাহি, অলপ সুখ, অলপ আনন্দৰ সঞ্চাৰ কৰিব পাৰিবা ,আৰু এনেকৈয়ে ইজনে সিজনক কৰা মৰম-ভালপোৱা-সহযোগিতাৰে পৃথিৱীখন এখন বাসোপযোগী ধুনীয়া পৃথিৱী হৈ পৰিব....... মই কলো

তৃতীয়বাৰৰ বাৰে পিকাবলৈ গৈ ৰনদীপ ৰৈ গল । ৰনদীপৰ কান দুখন ৰঙা পৰা স্পষ্টকৈ দেখিবলৈ পালো । একেবাৰে জেগাত পৰিছে কথাটো । মোক কামোৰ দি অহা ৰনদীপৰ ওলোটাই কামোৰ দি এটা সন্টুষ্টি অনুভৱ কৰিলো ।

সেই সময়ত ৰনদীপৰ চেহেৰাত ৱাচড আউট এক্সপ্ৰেচন আৰু মোৰ চেহেৰাত এটা কুল স্মাইল।

(2)

ৰনদীপ লৰাটো বহুত টেলেন্টেড । সি সহজে হাৰ মনা ভকত নহয় ।
- আচ্চা বিকাচ দা, আপুনিটো ডাৰউইনৰ থিয়ৰি পঢ়িছে
- অ
- কি কৈছিল ডাৰউইনে
- চাৰভাইভেল ইজ ডা ফিটেষ্ট, পৰিবৰ্তনীয় পৰিস্থিতিৰ সৈতে যিটো জীৱই নিজকে খাপ খুৱাই লৱ পাৰে সিহে চাৰভাইভ কৰিব পাৰিব , বাকীবোৰ এক্সটিন্ট হৈ যাব
- এক্সেক্টলি , এতিয়া চাওক, যিবোৰ অভাৱী, নিসহায় মানুহ, সিহত তেনেকুৱা কিয়, কাৰন সিহতে চাৰভাইভ কৰিব নোৱাৰে, সিহত যোগ্য হব পৰা নাই কাৰনে ভোগ্যও হব পৰা নাই , আৰু মই যে কোম্পানীৰপৰা দৰমহা পাও,দিনেবাৰ ঘন্টাকৈ কাম কৰাৰ কাৰনে পাও আৰু তাৰ ওপৰতো মই টুৱেন্টি পাৰচেন্ট টেক্স দি আছো ,আৰু চৰকাৰে সেই টেক্সবোৰ কত লগাইছে, দুখীয়া মানুহবোৰৰ নামত, এনেৰেগা, মিড ডে মিল, ইন্ডিৰা আৱাস যোজনা, আল-বাল বহুত যোজনা । চাবলৈ গলে মই উপাৰ্জনৰ টুৱেন্টি পাৰচেন্ট চোন আপুনি কোৱা নিসহায়-অভাৱী মানুহবোৰক দিয়েই আছো । আৰু মই যে ৰজনীগন্ধা খাও, সেইটো মোৰ চখ । মোৰ চখটো মই নিজে কষ্ট কৰি পুৰাইছো , বেলেগৰ কাৰনে মই মোৰ চখৰ লগত কম্প্ৰমাইজ কিয় কৰিম ।

ৰনদীপে আৰু এবাৰ খিড়িকীয়েদি পিকাই দিলে ।

- মানে মই কব খুজিছিলো, হিউমেনিটি বুলিও এটা কথা আছে , বিল গেটছৰ এক্সামপল চোৱা , কিমান চেৰিটি কৰি আছে ..... মই কলো
- হিউমেনিটি আৰু ডাৰউইন একেলগে এক্সিষ্ট কৰিব নোৱাৰে , আৰু বিল গেটছৰ যে এক্সামপল দিলে আপোনাৰ-মোৰ বয়সত বিল গেটছে চেৰিটি কৰিছিল নেকি,তেতিয়া চোন সি পইচা ঘটিছিল, বিজিনেছ বঢ়াইছিল । এতিয়া বুঢ়া বয়সত পইচা ঘটি আমুৱালে, চেৰিটি কৰাৰ চখ জাগিল , চেৰিটি কৰি চখ পুৰাই আছে..... ৰনদীপে কলে
- ও
- যেতিয়া মই বিল গেটছৰ নিচিনা ধনী হৈ যাম, তেতিয়া চেৰিটি কৰিম, বা যেতিয়া ৰজনীগন্ধা খোৱাৰ চখৰ সলনি চেৰিটি কৰাৰ চখ জাগিব, তেতিয়া ৰজনীগন্ধাৰ বাদ দি চেৰিটি কৰিম ।

ৰনদীপ বহুত টেলেন্টেড । এন.আই.টিৰ পাচ আউট । আৰ্গুমেন্টত মই ৰনদীপক বলে নোৱাৰো । আৰু কিবা কলে নিজৰ কথাৰ সপক্ষেকিমান যুক্তি দি মোক নেফানেফ কৰিব ঠিকনা নাই ।

- মানে ৰনদীপ, যেনেকৈ ৰজনীগন্ধা তোমাৰ চখ, তেনেকৈ ডি.এছ.এ ত পেট ভৰাই চিকেন খোৱাটোও মোৰ চখ দিয়াচেোন....... মই কলো
- ঠিক আছে, আজিৰেপৰা আপোনাৰ খোৱাৰ ওপৰত মই চকু নিদিও......... ৰনদীপে কুল স্মাইল এটা দি কলে

(3)

বাছ আহি নাজিৰা পালে । মই নামিলো । ইয়াৰপৰা অইন বাছত শিৱসাগৰ গৈ তাৰপৰা গুৱাহাটীলৈ চুপাৰ ধৰিব লাগিব । চাইটৰপৰা ৰিটাৰ্ন হোৱা অ.এন.জি.চিৰ বাছ এখনত উঠিলো । কন্ডাক্টৰটো মোৰ ওচৰলৈ আহিল । দহটকা এটা দিলো । নিয়মমতে এমপ্লয়িয়ে বাছত পইচা নিদিলেও হয় , কিন্ত বাছৰ ড্ৰাইভাৰকেইটা বৰ ধুৰন্ধৰ । সিহতে ৰাষ্টাত পেচেঞ্জাৰ উঠাব ঠিকেই কিন্ত ভাড়া নিদিয়া এমপ্লয়িয়ে ৰাষ্টাত হাত ডাঙিলে বাছ নৰখায় । আগতে মইও অইন চাইটৰ বাছত পইচা নিদিছিলো , কিন্ত বহুতবাৰ এনে তিতা-কেহা অভিজ্ঞতা হোৱাৰ পাছত পৰিস্থিতিৰ লগত খাপ খুৱাই দহটকা ভাড়া এটা দি দিও । কোম্পানীৰ বাছত ভাড়া দিয়াটো একপ্ৰকাৰৰ চাৰভাইভেল ষ্ট্ৰেটেজি বুলিব পাৰি ।

শিৱসাগৰৰ পৰা এ.এছ.টি.চিৰ এয়াৰকন্ডিচন বাছখনত টিকেট ললো । এক নম্বৰ চিটটো ললো । এইটো চিটত আগৰ মানুহজনে চিট হাউলাই টেনচন দিয়া ঝামেলা নাই । সোফালৰ চিটটোত কলেজীয়া ছোৱালী এজনী । কানত হেডফোন লৈ আছে , কথা পাতি আছে নে গান শুনি আছে ধৰিব নোৱাৰিলো । বাহিৰত প্ৰখৰ ৰদ , ফোনটো চুইচ অফ কৰি চিটটো হাওলাই চকু দুটা মুদি দিলো ।

দিনৰ বাৰ বজাত বোকাখাট পালো । বাছ ৰখিল । বাছৰপৰা নামি অনুভৱ কৰিলো যে সচাকৈয়ে প্ৰচন্দ গৰম পৰিছে , নৰমেল বাছত অহা হলে সিজি গলোহেতেন ।

বাছ নগাও সোমাল । ডাব এটা খাই ললো । আৰু দুঘন্টা পাছত গুৱাহাটী পাই যাম । দীৰুদাক ফোন লগালো , দীৰুদাই খুব ট্ৰেজেদী ফালিলে, বছে বোলে খুব কামোৰ দি আছে । মই গুৱাহাটী গৈ আছো বুলি কোৱাত দীৰুদা আচৰিত হল ।
- কেনেকে মেনেজ কৰিলি বে, এদিন আগতেই ফুটি দিলি .......... দীৰুদাই দুখেৰে সুধিলে
- চাৰভাইভেল ইজ দা ফিটেষ্ট, এডাপটেচন উইথ চাৰাউনডিংচ , কুল ......... মই কলো

নগাওৰপৰা ফৰলেনত কোবাল গতিৰে বাছ চলি আছে । তেতিয়াই লাগিল কেনাটো । ৰহাত বাছখন ৰৈ গল । ইঞ্জিন বন্ধ । এজন দুজনকৈ কেইজনমান মানুহ বাছৰ পৰা নামিল । বাকীবোৰ বাছতে বহি আছে । কন্ডাক্টৰে কলে যে তেল শেষ হল । তেল শেষ হোৱাৰ কথা শুনি কেইজনমান পেচেঞ্জাৰৰ মাথা গৰম হৈ গল । ষ্টেচনত কটা টিকেটৰ ভাড়া ড্ৰাইভাৰ-কন্ডাক্টৰে ঘুৰাই দিব নোৱাৰাৰ কথা শুনাৰ লগে লগে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল ।

দুবছৰমান আগতে হোৱা হলে ময়ো উত্তপ্ত পৰিস্থিতিত যোগ দি এ.এছ.টি.চিৰ অফিছত ফোন কৰি কনজিউমাৰ কৰ্ট-চৰ্টৰকথা কৈ তেল অনাই গাড়ী ষ্টাৰ্ট কৰাই লৈ আহিলোহেতেন ।

চাৰিটা বাজিছে , প্ৰচন্ড ৰদ , ভাৰ মে জায়ে দুনিয়া, বেছি মগজমাৰি কৰি লাভ নাই । বেগটো লৈ নামি আহিলো । পেচেঞ্জাৰ কেইজনমান কি কৰা যায় আলোচনাত ব্যস্ত , ড্ৰাইভাৰে ডিজেল বেচে, এনেকৈয়ে চৰকাৰী নিগম ডুবে, চৰকাৰখনেই বেয়া ,মাৰ-পিট নকৰিলে ইহত চিধা নহয় ইত্যাদি কথা কানত পৰিল ।

কন্ডাক্টৰজনে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল ।
- আচ্ছা, মোৰ অলপ আৰ্জেন্সি আছে, এ.এছ.টি.চিৰ আৰু বাছ আহি আছে নহয়, নেক্সটখনত মোক এডজাষ্টকৰি দিব .......... মই কলো

কন্ডাক্টৰজনে চকুৰ চাৱনিৰে হব বুলি কলে । দহমিনিটৰ পাছত ৰঙা বাছ এখন আহিল, তিনিচুকীয়া-গুৱাহাটী চুপাৰ । ৰেডি হৈয়ে আছিলো , বাছখন ৰখাৰ লগে লগে জপিয়াই উঠি দিলো । বাছখনত মাত্ৰ দুটা চিট খালী আছিল । তাৰে এটাত বহি দিলো । এতিয়া টেনচন নাই, টাইমত গুৱাহাটী গৈ পাম ।

ছটা বজাত গুৱাহাটী পালো । বাংকিং, এডজাষ্টমেন্ট, মেনেজ, মেনিপুলেট কৰি দীৰুদাতকৈ এদিন আগতে গুৱাহাটী পোৱা মোৰ নিজকে পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চাৰভাইভ কৰি থকা ডাৰউইনৰ স্পিচিচটোৰ দৰে লাগিল ।

ছুটী ফ্ৰম চাহু চাহাব

জইনিং কৰাৰ দ্বিতীয় বছৰৰ পুজাৰ সময়ৰ কথা । আমাৰ ডিপাৰ্টমেন্টৰ বছ আছিল অ.পি.সিং ছাৰ আৰু চাহু ছাৰ । চাহু চাহাবৰ বিশেষত্ব হল যে কাকো ছুটী নিদিয়ে । চাহুৰ পৰা ছুটী উলিওৱা মানে বহুত ডাঙৰ এচিভমেন্ট । পুজাৰ সময়, ঘৰলৈ যাবলৈও মন গৈছে । ছুটী বিচাৰিবলৈ অফিছ পালোগৈ । চাহু চাহাবৰ ৰুমৰ বাহিৰত থিয় হৈ কেনেকৈ ছুটী খুজিম তাৰ প্লেনটো বনাই আছো । সেই সময়তে অৱনীদাও অফিচলৈ আহিল

- কি ৰে বিকাচ , আজি অফিছত যে ........ অৱনীদাই সুধিলে
- নাই মানে পুজাৰ ছুটী লাগে, আপুনি....... মই কলো
- মইও ছুটী লম, চাহুক জনাই যাও
- আপোনালোকে কলেই ছুটী পায় মানে
- আৰে, টেকনিক আছে , টেকনিক , বল ভিতৰত যাও , কিন্ত মই আগতে ছুটীৰ কথা কম..... অৱনীদাই কলে

দুয়োটা চাহু চাহাবৰ ওচৰ পালোগৈ । মই চুপ-চাপ অৱনীদাই কি টেকনিক লগায় ছুটী লয় চাবলৈ ধৰিলো ।

অৱনীদাই প্ৰথমতে কুল হাহি এটা মাৰিলে , চাহু চাহাবৰ কুশল মংগল বতৰা ললে, চাহু চাহাবৰ ছোৱালীৰ পঢ়া-শুনা কেনে চলিছে তাৰ খবৰ ললে । তাৰ পাছত অৱনীদাই ৱাইফ নামৰ কামোৰবিধৰ কথা উলিয়ালে, ৱাইফে কেনেকৈ ফৰমাইছ দি দি অৱনীদাৰ জীনা হাৰাম কৰি দিছে তাক দুখেৰে কলে । চাহু চাহাবেও অৱনীদাৰ দুখত দুখী হোৱা যেন দেখুৱালে ।

- ক্যা বেলিয়েগা চাহাব, ৱাইফ নে বোলা হে কে মাজুলী জানা হে , অব ডিউটি হে , কেইচে জায়েগা, হাম বহুত চমঝায়া পৰ চমজতাহি নেহী, অউৰত জাত হি এইচা হে , হামকো ধমকি দিয়া হে কি মাইকে চলা জায়েগা , বাচ দো দিন কা লিভ মিল জাতা তো মাজুলী ঘুমা লাতা , টেনচন কম হো জাতা .......অৱনীদাৰ চকুত উপায়হীনতাৰ চাৱনি

অৱনীদাৰ টেকনিকটো বুজি পাই গলো । কিন্ত চাহু চাহাবো কম নহয় ।

- দেখো অৱনী, তুমহাৰা টেনচন মে সমজ গয়া হু, লেকিন মেনপাৱাৰ কা হবত চৰটেজ হে, তুম মেৰা জান মাংগ লো , দে দুংগা, লেকিন ছুটী নেহী মাংগনা........ চাহু চাহাবে কলে
- লেকিন চাহাব, মেৰা মেৰেজ কা চৱাল হে
- নহী মিলেগা মতলব নহী, কিচিকো অভী ছুটী নহী মিলেগা ...... চাহুই কঠোৰ মাতেৰে কলে
বহুত চেষ্টা কৰিও অৱনীদাই ছুটী উলিয়াব নোৱাৰিলে ।
- তুম ভী ছুটী কে লিয়ে আয়ে হো ক্যা.......... চাহু চাহাবে মোৰ ফালে চাই কলে
- আৰে নহী চাহাব, বেচেলৰ হু, হাৰ দিন তো চুটী হি হে, মে এক্সুৱেলি আয়া থা কে হামাৰে ৱেল মে লিগনাইট চাহিয়ে, বহুত জেল আতা হে, আউৰ ট্ৰিটমেন টেংক কা এজিটেটৰ খাৰাব হে, ৱ থীক হো জাতা তো মাদ কা ট্ৰীটমেন্ট আচ্চা হোতা ............. মই কলো
- আভী মে ডি.আই.চি চে বাত কৰতা হু, তুম ফিকৰ মত কৰো, মে হু না ............... চাহু চাহাবে লগে লগে ট্ৰিটমেন্ট টেংকৰ বিষয়ে কাৰোবালে ফোন কৰিলে

বিষন্ন মন লৈ অৱনীদা আৰু মই চাহু চাহাবৰ ৰুমৰপৰা ওলাই আহিলো । ছুটী নাপালো ।

ঘৰলৈ যাবলৈ টেনডেনচিটো বেছি হৈ গৈ আছে । ভাৰ মে জায়ে দুনিয়া । নো ৰিক্স নো গেইন । বাহটো আলটিমেটলি প্ৰনৱদাক দি দিলো । পুজাৰ আগৰ অফটোত গুৱাহাটী পালোহি । ডিউটি থকাৰ আগনিশা মই ৰিলিভ কৰিবলগীয়া প্ৰনৱদাক ফোন কৰি কলো যে বহুত জৰুৰী কাম এটাত গুৱাহাটী গৈ আছো , একেবাৰে ইমাৰজেন্সী চিটুৱেচন । গতিকে কাইলৈ ডিউটি নাযাও । প্ৰনৱদাই টেনচন খাই চাহু চাহাবক ফোন কৰিলে । চাহু চাহাবে মোলৈ ফোন লগালে । মই ইতিমধ্যে নট ৰিচেবল । পুজাৰ চিজনত দিনৰ বাবে ৰিলিভাৰ যোগাৰ নহল । মই ৰফুচক্কৰ হৈ যেৱা বাবে বেচেৰা প্ৰনৱদাই দুটা শ্বিফট কন্টিনিউ কৰিবলগাত পৰিল ।

২৪ ঘন্টাৰ মুৰত চাহু চাহাবক কল বেক কৰিলো
- ছাৰ একদম ছৰী, ইমাৰজেন্সী মে আনা পৰা , আভী গুৱাহাটী মে হু, আপকো কল নহী কৰ পায়া ..... মই কলো
- আৰে নহী, ইমাৰজেন্সী তো চবকা আতা হে , ৱাপচ কাম আয়োগে...... চাহু চাহাবে কলে
- চাহাব ইমাৰজেন্সী চিটুৱেচন হে, ফোন পে নহী বোল চকতা, এক হাফটা লাগ জায়েগা

চাহু চাহাবে এসপ্তাহৰ বাবে অৱনীদাক মোৰ ঠাইত ডিউটি কৰিবলৈ লগাই দিলে । পুজাৰ এসপ্তাহ গুৱাহাটীত আৰামত কটালো । এসপ্তাহ পাছত শিৱসাগৰ পালোহি, চিধা ডিউটি ধৰিলো । ছুটী খটম ইমাৰজেন্সীও খটম ।
অৱনীদাই আজিও মোক লগ পালেই সোধে যে মই সেইটো পুজাত ছুটী কেনেকৈ মেনেজ কৰিলো ।
( মৰেল আৱ দা ষ্টৰী - ছুট্টী লেনেকা চীজ হে, মাংগনেকা নহী )

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...