চেপ্তেম্বৰ ২০০৮ , ইউনিভাৰচিটিত ইলেকচনৰ
বতৰ । ইলেকচনৰ বতৰ মানে কেম্পেইনিং, ঢোল-গীটাৰ-নাচ গানৰ টীম লৈ
কেন্ডিডেটসকলৰ ডিপাৰ্টমেন্ট-ডিপাৰ্টমেন্টে প্ৰচাৰ । ইউনিভাৰচিটিত সেইকেইদিন
যথেষ্ট উখল-মাখল তথা উত্তেজনা থাকে । ব্যক্তিগতাৱে মই এনেধৰনৰ প্ৰচাৰ ভাল
নাপাও । আৰে ভাই জি.এছৰ পোষ্টত উঠিছ যেতিয়া জিকিলে ইউনিভাৰচিটিৰ উন্নতিৰ
কাৰনে কি কি কৰিবা, পৰিকল্পনা কি আছে সেয়া কোৱা, তুমি গান গাব জানা নে
নাই কি মতলৱ আছে ।
মই আছিলো কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ । মানে ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চ- টিচাৰ্চ ডে, চেমিনাৰ এইবোৰ আয়োজনত এনাৰ্জি আৰু টাইম অফুৰন্তভাৱে খৰচ কৰাত আগৰনুৱা লীডাৰ টাইপৰ মক্কেল ।
তেতিয়া ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰ যথেষ্ট পজিটিভ মাইন্ডেড, এনথুৱাষ্টিক আৰু হেভি পাৰচনেলিটিৰ মানুহ । ছাৰৰ লগত আমাৰ বেটছৰ ফ্ৰিকুৱেন্সি বঢ়িয়াকৈ মেটছ কৰিছিল । আমাৰ পাছত ছাৰৰ সম্পুৰ্ন বেকিং আছিল । আমাৰ সময়ত কবলৈ গলে আমি নিজে চেমিষ্টাৰ পৰীক্ষাৰ ডেট ঠিক কৰিছিলো আৰু সোনকালে ৰিজাল্টো লৈছিলো ।
আগবেলা আমাৰ থিয়ৰী ক্লাছ থাকে । লান্সৰ পাছত প্ৰেক্টিকেল । প্ৰায় প্ৰতিটো হোষ্টেলতে জনাই দিলো যে আমাৰ ডিপাৰ্টমেন্টত লান্সৰ আগত কোনোধৰনৰ কেম্পেইনিং নহব । লান্সৰ পাছত আহিলেই হল । ফলত আৰ্টছ বিল্ডিঙত যেতিয়া ঢোল-পেপা-গীটাৰ বাজি আছিল তেতিয়া আমাৰ ডিপাৰ্টমেন্টত নিয়াৰিকৈ ক্লাছ হৈ আছিল ।
এদিন প্ৰথমটো ক্লাছ কৰি ক্লাছত বহি আছো । ডিপাৰ্টমেন্টৰ জুনিয়ৰ এজনীয়ে মাতিবলৈ আহিল । তলত ছোৱালী হোষ্টেল এটাৰ কেম্পেইনিঙৰ গ্ৰুপ এটা আছে ।
তললৈ নামি গলো ।
- তুমিয়ে ডি.আৰ নেকি ......... এজনীয়ে সুধিলে
- হয় ... মই কলো
- আমি কেম্পেইনিং কৰিবলৈ আহিছিলো
- আমাৰ ডিপাৰ্টমেন্টৰ থিয়ৰীৰ ক্লাছ চলি আছে , এতিয়া নহব, লান্সৰ পাছত আহক.... মই কলো
ছোৱালী গ্ৰুপটোৱে অলপ বেয়া পালে ।
- কোনে এইচব নিয়ম বনাইছে, আমি কি টাইম লৈ আহিম নেকি , ইমান ডিপাৰ্টমেন্টলৈ যাব আছে, টাইম লৈ আহিলে কেনেকে হব .......... ঢোলটো কান্ধত লৈ থকা ছোৱালী জনীয়ে কলে
- সেইবোৰ মই নাজানো, এতিয়া মুঠতে নাচ-গান নহব , আফটাৰ লান্স আহক , গেলাৰীত ষ্টুডেন্টখিনি মই গোটাই দিম
- এইচব নিয়ম আমি নামানো, এতিয়া আমি কেম্পেইনিং কৰিমেই .......... ছোৱালী এজনীয়ে খঙত কলে
মোৰো খং উঠি গল ।
- আপোনালোকৰ কেন্ডিডেট কোনহে , এতিয়াই আমাৰ দৰে জেনেৰেল ষ্টুডেন্টৰ কথা নুশুনে, জিকিলে দেখোন গুৰু গোসাই নমনাই হব ............. ধুনীয়াকৈ মেখেলা-ছাদৰ পিন্ধি থকা কেন্ডিডেট যেন লগা ছোৱালীজনীলৈ চাই কলো
মনে মনে মোক বেয়াকৈ গালি পাৰি ছোৱালী গ্ৰুপটো ফিজিক্স ডিপাৰ্টমেন্টৰ ফালে গলগৈ । মই ক্লাছলৈ আহিলো ।
তাৰ পাছৰ দিনাৰ কথা । ক্লাছলৈ আহোতে অলপ দেৰি হল । ক্লাছত সোমাই আলপ আচৰিত হলো । ভি.পি. কেন্ডিডেট এজনে উদাত্ত কন্ঠৰে ভাষন দি আছে ।
- এইচব কি চলি আছে , এতিয়াতো কেম্পেইনিঙৰ টাইম নহয় ............ ৰুমটোত সোমাই মই কলো
কেন্ডিডেটজন আছিল আৰ.চি.চি হোষ্টেল এটাৰ । লগত এমখা লৰা । মোৰ কথা শুনি কেন্ডিডেটজনৰ ভাষণ বন্ধ হল ।
- এতিয়া ক্লাছৰ সময়, আপোনালোক লান্সৰ পাছত কেম্পেইনিঙৰ বাবে আহিব ............ মই কলো
- কোন বে ই , ইয়াৰ কি প্ৰবলেম হৈছে........... এমখা লৰাৰ মাজৰপৰা এজনে কলে
"বে" ৰ উত্সটোৰ ফালে চালো , তাৰপাছত ভি.পিৰ কেন্ডিডেটজনৰ ফালে চাই কলো
- হোৱাট ইজ দিছ , এতিয়াই ইমান উদ্ধতালি , পাছলৈ কি হব
ভি.পিৰ কেন্ডিডেটজনে ছৰি বুলি কৈ লৰাজাকক লৈ গলগৈ ।
লগৰ এটাই কলে...... হোষ্টেলৰ লৰাৰ লগত জেং হৈ গল , কথাটো ভাল নহল ,পাছত সিহতে চাই লব ।
পিছে পাছত কোনেও মোক চাই নললে । কিন্ত কথাটো জনাজনি হৈ গল যে কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত আগবেলা কোনোপধ্যে এন্ট্ৰি মাৰিব নিদিয়ে । তাৰ পাছত সকলো কেন্ডিডেটেই পাছবেলা সময় লৈ কেম্পেইনিং কৰিলৈ আহিছিল ।

No comments:
Post a Comment