Thursday, September 24, 2015

মেইনলেন্ড চাইনা

দীৰুদাই এইদৰে বাহ দিব বুলি ভৱা নাছিলো । পিকেৰ টিকট দুটা লৈ অনুৰাধা হলৰ মুখত ৰখি থকা আধাধন্টা হল । দীৰুদাৰ একো উমঘামেই নাই । ফোন কৰি আছো ৰিচিভ কৰা নাই । ১১ বজাৰ পৰা শ্বো । পাচ মিনিটতকৈও কম সময় আছেগৈ ।

কাৰেক্ট ১১ টা বজাত দীৰুদাই ফোন কৰিলে ।
- কত আছে, টিকেট ললো, চিনেমা আৰম্ভ হবই আৰু .......... মই কলো
- এহ নকবি আৰু, কাম এটাত লটকি আছো, আজি ফিলিম চোৱা নহব, তয়ে চাই দে, বেয়া নাপাবি, নেক্সট টাইম......দীৰুদাই উত্তৰ দিলে

চাল্লা মুডটো অফ হৈ গল । এনেকুৱা টাইমতে গাৰ্লফ্ৰেন্ড এজনীৰ অভাৱ অনুভুত হয় । লাইফত বহুত ছোৱালীক ভাল লাগিছিল, কিন্ত নচীব বেয়া । দিল কি বাত জুবান পে আতে আতে বেলেগে বাজী মাৰি লৈ যায় ।

কিন্ত অহা কেইদিনমানতে চিটুৱেচন চেঞ্জ হব লাগে । মানে আচাম-মেট্ৰিমনি ডট কম, শিল্পীশিখা দুৱৰা । পাৰ্টনাৰ প্ৰিফাৰেন্চ পুৰা মিলি আছে । আচাম-মেট্ৰিমনিত এক্সপ্ৰেচ ইন্টাৰেষ্ট পঠিওৱাৰ পাছত ফেচবুকতো ফ্ৰেন্ড ৰিকুৱেষ্ট এটা পঠাই দিছো । ৰিকুৱেষ্ট একচেপ্ট কৰিলেই বুজিম যে কেচটো অকে । বহুত হল, এইবাৰ ৰিলেচনচিপ ষ্টেটাছটো চেঞ্জ কৰিবই লাগিব ।

টিকট দুটা কি কৰো । অলপ আতৰত কলেজীয়া কাপল এটা । ছোৱালীজনীয়ে মুখ ওফোন্ডাই আছে । লৰাটোৱে ছৰী বেবী, নেক্সট টাইম বেবী বুলি কৈ ছোৱালীজনীক বুজাবলৈ চেষ্টা কৰি আছে । বেবীলৈ মানে ছোৱালীজনীৰ চেহেৰাটো চাই বেয়া লাগিল । ভাবিলো ইহতকে টিকট দুটা দি যাও, সৰু লৰা-ছোৱালী, এনজয় কৰক ।

- মোৰ হাতত দুটা টিকট আছে......... মই কলো

লৰাজনে মোৰফালে চালে, তাৰপাছত মুখৰপৰা চিখৰৰ পিক ৰাষ্টাত পেলাই কলে
- কেইটকা লাগিব, জল্দি দে, ফিলিম ষ্টাৰ্ট হবই
তাৰ বিহেভিয়াৰ দেখি মন টো গৈছিল মক্কেলটোক দুটা পুৰ্নহতীয়া চৰ দিবলৈ । কিন্ত নিজকে সম্বৰন কৰি কলো
- এটাত পাচ

লৰাটোৱে মানিবেগৰপৰা হাজাৰটকীয়া এখন উলিয়ালে আৰু মোৰ হাতত থকা টিকট দুটা ললে ।
চিনেমা চোৱা নহল । এতিয়া কি কৰো । ব্লেকত টিকট বেচি পাচশ টকা লাভো কৰিলো । মেইনলেন্ড চাইনাত চিকেন মানচাও চুপ খোৱাৰ টেনডেনচি এটা জাগি উঠিল ।

মেইনলেন্ড চাইনা পালোগৈ । টেবুল এখন দখল কৰি মবাইলত ফেচবুক অন কৰি ললো । শিল্পীশিখা দুৱৰাই চাৰিমিনিট আগতে ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে । বঢ়িয়া, কুল । আজ চে বেগানা-বনজাৰা জিন্দেগী খতম । দীৰুদাক আৰু চিনেমা চাবলৈ খাতিৰ কৰিব নালাগে ।

শিল্পীশিখা দুৱৰাৰ মেচেজ বক্সলৈ গৈ টাইপ কৰাত লাগিলো....... আই এম ফ্ৰম গুৱাহাটী, আই হেভ চিন য়ৰ প্ৰফাইল ইন আচাম-মেট্ৰিমনি , মষ্ট অৱ আৱাৰ প্ৰিফাৰেনচেচ আৰ মেটচিং এন্ড ষ্টাৰ্ট লাইকিং ইউ, এট প্ৰেজেন্ট আই এম ইন গুৱাহাটী, লেটছ মিট এন্ড ন ইচ-আদাৰ ইন এ বেটাৰ ৱে

মেইনলেন্ড চাইনাৰ এখন চেন্টাৰ টেবুল , মানচাও চুপ, শিল্পী আৰু মই , মনটো কিবা এটা ৰংগীন লাগি গল ।

শিল্পীশিখা দুৱৰাৰ সৈতে এবাতি মানচাও চুপৰ কথা ভাৱি থকাৰ সময়তে দীৰুদাৰ ফোন আহিল
- তই চিনেমা নাচালি নেকি...... দীৰুদাই সুধিলে
- আপুনি ধোকা দিলে, গতিকে নাচালো আৰু....... মই কলো
- ধেই চিনেমা বাদ দে, পিছফালে ঘুৰি চা

পাছফালে ঘুৰি চালো । একেবাৰে কৰ্নাৰৰ টেবুলখনত দাতকেইটা উলিয়াই দীৰুদা বহি আছে । দীৰুদাই হাতত থকা কাটাচামুচখন জোকাৰি মোক মাতিলে ।

ময়ো ভালেই পালো । বিলটো এতিয়া দীৰুদাৰপৰা উচুল কৰিব লাগিব । স্মাইল এটা দি মই আগুৱাই গলো ।
- তোক ইয়াত পালো ভালেই হল । এয়া মোৰ ফিয়োনচে, আৰু এয়া মই যে কৈ থাকো, মোৰ জুনিয়ৰ, হে হে .... দীৰুদাই হাহি এটা মাৰিলে

দীৰুদাৰ লগত চাওমিনৰ প্লেটখন শ্বেয়াৰ কৰি খাই থকা শিল্পীশিখা দুৱৰাই মোৰ ফালে চাই হাই বুলি কলে ।

(বি.দ্ৰ. বেকগ্ৰাউন্ডত ট্ৰেজিক গান এটা বাজি থকা যেন লাগিছে.... কোই হোতা জিচকো আপনা , হাম আপনা কহ লেতে য়াৰো.... । বচা খুচা ইজ্বত বচাবলৈ এতিয়া ফেচবুকৰ একাউন্টটোও ডিএক্টিভেট কৰিব লাগিব যেন লাগিছে )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...