Thursday, September 24, 2015

শ্বিফট ডিউটিত এটা ইমচনেল ষ্টৰী

এপেগ ধৰাৰ পাছত খগেন ৰাজকোৱৰ বেছি চেন্টি হৈ য়ায় । ৰাজকোৱৰ আৰু মই একেটা ৰীগতে একেটা শ্বিফটতে । নাইট শ্বিফট । ড্ৰিলিং চলি আছে । মই লেপটপত ফেচবুকাই আছো । ৰাজকোৱৰ মোৰ বাংক হাউচলৈ আহিল ।
- মাদ পেৰামিটাৰ চব ঠিকে আছেতো......... ৰাজকোৱৰে সুধিলে
- হয় চব ঠিকে চলি আছে........ মই কলো
- আচ্চা , ঘৰত কোন কোন আছে বুলি কৈছিলা
- মা, দেউতা আৰু ভাইটি এটা
- লৰা ছোৱালী কিমান ডাঙৰ হল
- কাৰ লৰা ছোৱালী
- কিয় আপোনাৰ
- নাই বিয়াই পতা নাই
- বিয়া পতা নাই, চাকৰি চাৰিবছৰ নহল জানো, কিয়


আজিকালি ৰাষ্টাই ঘাটে, বিয়াই সবাহে, মেলে মিটিঙে এইটো প্ৰশ্নৰ বৰ বেছিকৈয়ে সন্মুখীন হও আৰু সেই বাবেই এটা কনভিনচিং আনছাৰ এটা ৰেডি কৰি মুখস্থ কৰি লৈছো

- নাই মানে বিয়া দিবলগীয়া ভন্টি কেইবাজনীও আছে পৰিয়ালত, সিহতক উলিয়াই দি দায়িত্ব পালন কৰি নিজৰখন হবগৈ আৰু, কেইবছৰমান সময় লাগিব ......... মই কলো

সাধাৰনতে এইটো উত্তৰৰ পাছত মানুহে আৰু কামোৰ নিদিয়ে । কিন্ত ৰাজকোৱৰ অলপ বেছিয়েই চেন্টি হৈ আছিল ।
- তুমি মিছা কথা কৈছা, মোৰ এক্সপেৰিয়েন্সে কয় কথা সেইটো নহয়, কিবা নিশ্চয় বেলেগ কাৰণ আছে
- নহয় সেইটোৱেই কথা........ মই কলো
- নহয়, মই বহুত দুনীয়া দেখিলো বুইছা , বিছ বছৰ বয়সতে বিয়া পাতিলো, এতিয়া মোৰ পঞ্চাশ বছৰ, নাতিৰ মুখ দেখা পোৱা মানুহ
- আচ্ছা
- তুমি কৰবাত মনত আঘাত পাই থৈছা নেকি
- নাই হে, তেনেকুৱা একো নাই
- মোক তুমি খুলি কব পাৰা, মই বহুত দুনীয়া দেখা মানুহ, তোমাক মই হেল্প কৰিব পাৰো, নে কিবা ফিজিকেল প্ৰবলেম আছে, কবলৈ লাজ বা শংকা কৰিব নালাগে, কিবা যদি প্ৰবলেম আছে মই তোমাক হেল্প কৰিম

লেপটপৰপৰা মুৰ দাঙি ৰাজকোৱৰৰ ফালে চালো । অলপ বেছিয়েই কামোৰ হৈ গল । মেন্টেল-ফিজিকেল চবতে ধৰিলেগৈ । টেনচন দি দিলে ।

- আচলতে কি জানে ৰাজকোৱৰদা, জীৱনটো এখন অংকৰ কুৱেচন পেপাৰৰ দৰে, যত কিছুমান প্ৰশ্নৰ উত্তৰ মিলি যায়, কিছুমানৰ সময় লাগে আৰু কিছুমানৰ নিমিলে....... হয়টো নিমিলাকৈয়ে থাকি যায় । সেই নিমিলাকৈ থকা অংকবোৰে দি যোৱা শূন্যতাবোৰ হয়তো আপুনি কল্পনা কৰিব নোৱাৰিব । কাৰন আপুনি সেইবোৰৰ অভাৱ দেখা পোৱা নাই , ইচ্ছাৰ মৃত্যু কেনেকৈ হয় দেখা নাই , তাৰ পাছত জন্ম হোৱা অন্তহীন হতাশা, সেয়াও আপুনি দেখা নাই......... মই ষ্টৰী এটা কবলৈ আৰম্ভ কৰিলো

খগেন ৰাজকোৱৰক তামাম ট্ৰেজেদীৰে ভৰা দুখদায়ী ইমচনেল ষ্টৰী এটা শুনাই দিলো । ৰাজকোৱৰৰ চকু চলচলীয়া হৈ পৰিল ।

ষ্টৰীটোৰ শেষত পান্সলাইন এটা দি দিলো........... যেতিয়া এটা মন আছিল, তেতিয়া জেপত টকা-পইচা এটাও নাছিল, আৰু আজি যেতিয়া টকা-পইচা আছে সেই মনটো হয়তো কৰবাত হেৰুৱাই পেলাইছো । আপুনি বাৰু সেই মনটো বিচাৰি আনি দিব পাৰিবনে ।

ৰাজকোৱৰে প্ৰায়েই দুপেগ ধৰি কাৰোবাক নহয় কাৰোবাক কামোৰ দি হিউমিলেট কৰি দিয়ে । আজি ষ্টৰী শুনি খগেন ৰাজকোৱৰৰ নিজেই ইমচনেলি হিউমিলেট হৈ পৰিল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...