Thursday, September 24, 2015

ফকাছ এন.ই- প্ৰজ্ঞা সুন্দৰী

ফকাছ এন ই চেনেলটোৱে সৰস্বতী পুজাৰ সৈতে সংগতি ৰাখি প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতা পাতিছে । সুন্দৰী বিচাৰি চেনেলটোৰ এংকৰ এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয় পালেগৈ । বিশ্ববিদ্যালয়ৰ ছোৱালীবোৰ মিনিকিউৰ-পেডিকিউৰ-ফেচিয়েল কৰি ধুনীয়াতকৈও ধুনীয়া হৈ আহিছে ।

ইউনিভাৰচিটিৰ কোনোবা এটা ডিপাৰ্টমেন্ট । সময় পুৱা ১১-১৩ বাজিছে । এংকৰে বিচাৰি বিচাৰি ধুনীয়া যুবতী এগৰাকীৰ ওচৰ পালেগৈ ।

- কেনেকুৱা লাগিছে...... এংকৰে সুধিলে
- বহুত ভাল লাগিছে
- আচ্ছা, আমি প্ৰজ্ঞা-সুন্দৰী প্ৰতিযোগিতা পাতিছো, তোমাক দুটামান প্ৰশ্ন কৰো
যুবতীয়ে মিচিকিয়াই সন্মতি দিলে
- তুমি কি কৰি ভাল পোৱা......এংকৰে সুধিলে
- মই মিউজিক ভাল পাও...... যুবতীয়ে কলে
- অসম সাহিত্য সভাৰ আৰম্ভনি গীতটো কি
- নাজানো
- অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন

যুবতীয়ে অলপ ভবাৰ দৰে কৰিলে, তাৰ পাছত মুৰ জোকাৰি নাজানো বুলি কলে

- আচ্ছা, অসমৰ জিলা কেইখন
- ২৭ খন.............. যুবতীৰ চেহেৰাত আত্মপ্ৰত্যয়ৰ হাহি
- বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পুৰ্ন নামটো কি

যুবতীয়ে আকৌ ভৱাৰ দৰে কৰিলে, তাৰ পাছত কলে......... প্ৰনৱ কুমাৰ মুখাৰ্জী

কেই ছেকেন্ডমান পাছত যুবতীয়ে নিজৰ ভুল বুজিব পাৰি কলে........ অ ছৰী, তেও তো ৰাষ্ট্ৰপতি হয়
- তেন্তে প্ৰধানমন্ত্ৰী
- মনমোহন সিং......... যুবতীৰ চেহেৰাত এটা মৌ-মিঠা হাহি

এংকৰে লগেলগে অভাৰ টু স্টুডিও বুলি কলে ।

মৰেল অৱ দা ষ্টৰী-
নৰেন্দ্ৰভাই মোদীয়ে যিমানেই তালফাল নলগাওক কিয় সুন্দৰী যুবতীসকলৰ এতিয়াও ফেভাৰিট হল মনমোহন সিং কাৰন তেওৰ সকলো পৰিস্থিতিতে 'চাইলেন্ট' হৈ থাকিব পৰা কেপাচিটি আছিল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...