Thursday, September 24, 2015

কলাক্ষেত্ৰত

অফত ঘৰত শুই-বহি-টিভি চাই-ফেচবুকাই আছো । কলিগ গৌৰব মিশ্ৰ আৰু আদিত্য প্ৰকাশ গুৱাহাটীলৈ ফুৰিবলৈ আহিছে । কলাক্ষেত্ৰলৈ যাব । ময়ো ঠেং ডাঙিলো ।

- য়ে কলাক্ষেত্ৰ ক্যা হে.......... গৌৰব মিশ্ৰই সুধিলে
- কলাক্ষেত্ৰ আচাম কা সংস্কৃতি কা নমুনা হে । ৱহা আচাম কে ডিফাৰেন্ট ৰীতি-ৰিৱাজ-হেৰিটেজ কা ইনফৰমেচন মজুদ হে...... মই কলো

সচা কথা কবলৈ গলে কলাক্ষেত্ৰলৈ মই বহুবছৰ যোৱা নাই । লাষ্ট গৈছিলো ২০০৯ মে মাহত, ইউনিভাৰচিটীৰ ক্লাছমেট পৰী-পৰমাৰ্থ-পল্লবী-জাহ্নবীৰ লগত । তাৰ আগতে অৱশ্যে বহুত বাৰ কলাক্ষেত্ৰলৈ গৈছিলো ।

গৌৰৱ , আদিত্য আৰু নৱজিতৰ লগত কলাক্ষেত্ৰ পালোগৈ । কিন্ত সোমায়েই অনুভৱ হল যে কলাক্ষেত্ৰৰ আগৰ চাৰ্ম নাই । ৰংঘৰৰ ৰেপ্লিকাটো দেখি আদিত্যই সুধিলে...... য়ে তো চিবচাগৰ মে ভী হে না
- য়ে উচকা ৰেপ্লিকা হে........... নৱজিতে কলে

ৰেপ্লিকাটোলৈ চালো, ভিতৰখন বগা ৰং দিয়া । ৱালত বহুত কিবা কিবি লিখা আছে । এঠাইলৈ চকু গল.......... বিমল + দিশা
বাওফালে থকা মিউজিয়ামেদি ষ্টাৰ্ট কৰিলো । মিউজিয়ামৰ পুতলাবোৰ গৌৰব মিশ্ৰই মনোযোগৰে চাই গল । তাৰ পাছত চিৰি বগাই ওপৰ মহলালৈ উঠিলো । ফটো গেলাৰীৰ মাজেৰে খোজ ললো । কিন্ত দুখৰ কথা যে ফটোবোৰত থকা মানুহকেইজনৰ কেৱল নাম লিখা আছে, তেওলোকৰ বিষয়ে একো লিখা নাই ।

- য়ে ফটোৱালে লোগ কৌন হে.......... আদিত্যই সুধিলে
- য়ে আচাম কে ৰিনউন্ড ৰাইটাৰ হে....... মই কলো
তাৰপৰা ওলাই টিলাটোৰ ওপৰলৈ খোজ ললো ।
- আৰে চইকীয়া জী , য়ে তো খন্দহৰ হে........... আদিত্যই কলে

সচা কথা কবলৈ গলে ভীষণ লাজ পালো । কোনো মেইনটেনেন্স নাই , মামৰে ধৰা লাইটপোষ্ট, ভঙা চিৰি, উৱলি যোৱা বেৰ, এনেকুৱা লাগিল যেন বহু যুগ ধৰি বস্তবোৰত ৰঙেই দিয়া নাই ।
পাপেট মিউজিয়ামত সোমালো । আগৰবাৰ আহোতে থকা পুতলাবোৰেই ধুলি-মাকতিৰ মাজত কলমলাই আছে । ছলাৰ পেনেল, হাইদ্ৰপাৱাৰ, মনৰেল কংকালসাৰ হৈ পৰি আছে ।

মেইন মিউজিয়ামত সোমাই চক খাই গলো । কলাক্ষেত্ৰৰ ইমান অধোন্নতি ! কৰবাত দেৱালত ফাট, গ্লাছৰ ভিতৰত থকা বস্তবোৰৰ ওপৰত মকৰাৰ জাল ।

সকলোতকৈ লজ্বাজনক বস্তটো হল ............. মিউজিয়ামটোৰ ভিতৰত গ্লাছৰ কেবিনৰ ভিতৰত বস্তবোৰ সজাই থোৱা আছে, তাৰে এটা গ্লাছৰ কেবিনৰ এখন গ্লাছ ভঙা, আৰু মানুহে সেই ভঙা চুকটো তামোলৰ পিকেৰে ভৰ্তি কৰি পেলাইছে !
গৌৰবৰ মুখলৈ চালো । মোৰ অসমীয়া হেৰিটেজ-সংস্কৃতিৰ চব লেবেল ফু হৈ গল ।

আৰ্ট গেলাৰীটোলৈ যোৱা ৰাষ্টাটোত এটা ডাঙৰ জাপি আছে । জাপিটোৰ বিবৰ্ন ৰুপে আমাক বুজাই দিলে যে বোধহয় জাপিটো ইনষ্টল কৰাৰ দিনৰেপৰা তাত কোনেও ঝাৰু এডালো মৰা নাই ।

২০০৩ চনৰ ডিচেম্বৰ দিন এটালৈ মনত পৰিল । সেই দিনটোতে টিনএজৰ জোচত কলাক্ষেত্ৰৰ মুকলি মঞ্চৰ কাষত থকা তিনি নম্বৰ বেঞ্চখনৰ পাছফালে শিলেৰে ঘহাই লিখিছিলো............ বিকাশ + আশা

এঘাৰটা শীত, এঘাৰটা বসন্ত পাৰ হৈ গল , লাইফত আশাৰ এডিচন নহলগৈ ।

কিন্ত মা কচম , কলাক্ষেত্ৰৰ সেই বেঞ্চখনত থকা নামদুটাত বোধহয় এটাও পেইন্টৰ লেয়াৰ নপৰিল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...