Thursday, September 24, 2015

এজন গৱেষক ছাত্ৰৰ কাহিনী

(১)

চন ২০১৩, এখন মফচলীয় নগৰৰ এখন প্ৰাইভেট জুনিয়ৰ কলেজ, কেৰিয়াৰ প্ৰচপেক্টৰ ওপৰত লেকচাৰ দিবলৈ গৈছো, এটা সময়ত তেল কোম্পানীৰ ব্যস্ত কামৰপৰা সময় উলিয়াই অলপ এইধৰনৰ সামাজিক কামো কৰিছিলো, পাৱাৰপইন্ট প্ৰেজেনটেচন, চাইন্স ষ্ট্ৰীমৰ লৰাছোৱালীখিনিৰ বাবে JEE, AIEEE ৰ মেথড এৱ প্ৰিপাৰেচন, ইন্সটিটিউটৰ নাম, ফিউচাৰ স্কপ
- ছাৰ, বেছিক চাইন্সৰ ক্ষেত্ৰত মোৰ গৱেষণা কৰাৰ মন আছে, এই বিষয়ত স্কপ কেনেকুৱা........ ছোৱালী এজনীয়ে সুধিলে
- কি বিষয়ত গৱেষণা কৰিবলৈ মন আছে......... মই কলো
- ছাৰ, ড্ৰাগ ডিজাইনিংৰ ওপৰত কাম কৰিব খোজো
- ৰিচাৰ্চৰ ক্ষেত্ৰত প্ৰচপেক্ট বহুত, চৰকাৰে বহুত সা-সুবিধা দিয়ে, ইনিচিয়েলি পইচা কম পাবা কিন্ত........
-ছাট আপ বিকাশ, জাষ্ট ছাট আপ, ইহতক কিয় বৰবাদ হবলৈ উপদেশ দিছা, যদি ৰিচাৰ্চ ইমানেই ভাল, নিজে কিয় নকৰিলা......... মানুহ এজনে আঙুলি টোৱাই উচ্চস্বৰত কবলৈ ধৰিলে

সকলোৱে মানুহজনৰ ফালে চালে, জুনিয়ৰ কলেজখনৰ ফিজিক্সৰ টিচাৰ সমৰ মহন্ত থিয় দি আছে, সমৰৰ চকুত যেন একুৰা জুই জ্বলি আছে ।

- আৰু শুনা , তোমালোকৰ কোনেও ৰিচাৰ্চ নকৰিবা, ৰিচাৰ্চ লাইনটো লেতেৰা, তাত বহুত লেতেৰা মানুহ আছে, সিহতে লাইফ বৰবাদ কৰি দিব, আৰু বিকাশ , চাকৰিৰ কথা কোৱা, অইল, অ,এন.জি.চি, ইউ.পি.এচ.চি, ৰেলৱে, বেংক, কিন্ত প্লীজ, ৰিচাৰ্চৰ কথা নকবা

কথাখিনি কৈ সমৰ ওলাই গল, মোৰ লগতে বহুত মানুহ কিছুসময়ৰ বাবে অপ্ৰস্তত হল । জুনিয়ৰ কলেজৰ প্ৰিন্সিপালে মোৰ ওচৰলৈ আহি কলে........ আপুনি প্লীজ বেয়া নাপাব, মানুহজন খুবেই ভাল, খালী অলপ চাইকলজিকেল প্ৰবলেম আছে, ডন্ট টেক ইট হাৰ্ড, তেওৰ হৈ মই ক্ষমা খুজিছো ।

-একো নাই, সমৰক মই আগৰেপৰা চিনি পাও, এ অল্ড ফ্ৰেন্ড অৱ মাইন ...... মই কলো
লৰা-ছোৱালীবোৰৰ মাজত মৃদু গুণগুননি চলি আছিল, প্ৰিন্সিপালে চবকে মনে মনে থাকিবলৈ কলে, মই মাইকৰ ওচৰলৈ আগুৱাই গলো ।
- ডিয়েৰ ষ্টুডেন্টছ, এইমাত্ৰ তোমালোকে যি দেখিলা, শুনিলা, দিছ এজ এ চাইড অৱ লাইফ, ৱৰ্লড এজ নট এ বেড আৱ ৰজেছ, ডেয়াৰ ইজ কম্পিটিছন এভৰিহোৱোৰ । এটা নিগনি দৌৰ চলি আছে, এই দৌৰত আগুৱাবলৈ বহুতে দুই নন্বৰী ৰাস্তা লয়, বহুতক লবলৈ বাধ্য কৰোৱা হয়, জাৰ্ণেল অৱ ফিজিকেল চাইন্স, পদাৰ্থবিজ্ঞানৰ এখন উচ্চ মানদন্ডৰ ৰিচাৰ্চ জাৰ্ণেল, এই জাৰ্ণেলত পেপাৰ উলিওৱা অসমৰ গৱেষকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা, আৰু ........ তোমালোকৰ ছাৰ সমৰ মহন্তৰ এইখন জাৰ্ণেলত তিনিখন পেপাৰ আছে, কিন্ত সমৰৰ পি.এইচ.ডি নহল ।

সমৰ এজন ডাঙৰ গৱেষক হব খুজিছিল, সি পাৰিলেহেতেন, কিন্ত..........

তিনিখন হাই-কোৱালিটিৰ ৰিচাৰ্চ পেপাৰ খকা স্বত্তেও সমৰৰ কিয় পি.এইচ.ডি নহল, আজি যদি মই সমুখৰ লৰা-ছোৱালীসকলক কৈ দিও, সিহতৰ ৰিচাৰ্চ শব্দটোৰ প্ৰতি এটা ফবিয়া হৈ যাব, কিন্ত .... হয়তো সিহতৰ কোনোবাই কেইবছৰমান পাছত একে পৰিস্থিতিৰ সন্মুখীন হব, দোষ কাৰ আছিল, কাৰ ভুল হৈছিল, প্ৰকৃততে কি হৈছিল.............
হলটোত গুণগুননি বাঢ়ি গল, অলপ পাছত গুণগুননিটো কোলাহললৈ পৰিণত হৈ পৰিল, এটা হুলস্থুলৰ সৃষ্টি হল ।

(২)

সমৰজিতে ৰাতি বাৰ বাজি দহ মিনিটত ফোন কৰিছিল ।
অক্টোবৰ ২০১১, লাইপালেঙৰ ৰীগ এটাত নাইট ডিউটিত আছো, ফোনটো বাজিলে, সমৰৰ ফোন, সি কিছুমান কথা কলে, কিছুমান ষ্ট্ৰীমলাইন, কিছুমান অসংলগ্ন, শুনি গলো , হয়তো প্ৰবলেমটো ডাঙৰেই, নহলেনো মাজৰাতিখন ফোন কৰেনে....
ৰিচাৰ্চ পেপাৰ, চুৰিকাৰ্য, ইমচনেল ব্লেকমেইল, এক্সট্ৰা-মাৰ্চিয়েল এফেয়াৰচ, চিনিয়ৰ চাইনটিষ্টৰ অভিসাৰ, নিবোকা গাইড, এনভি আৰু বহুতকেইটা খেলিমেলি....মাজে মাজে সি কৈছে... ইহত চব ধুৰন্ধৰ, মই পাগল হৈ যাম..

সমৰজিতৰ লগত মোৰ বহুত ভাল চিনাকি নাই । আমি একেখন কলেজৰে আছিলো, কিন্ত ডিপাৰ্টমেন্ট বেলেগ আছিল । পাছ কৰ্চৰ ক্লাছ একেলগে কৰিছিলো, তাৰ পাছত ইউনিভাৰচিটিত কেইবাৰমান লগ পাইছিলো, গুৱাহাটী গলে মাজে মাজে লগ পাও, বাছ সিমানেই । কিন্ত আজি সি মোক কিয় ফোন কৰিলে, মোকেই কিয় কৰিলে........

আচলতে বহুত হেল্পফুল বুলি মোৰ এটা নাম আছে । আৰু মই সাধ্য অনুসৰি কৰোও, কাৰোবাক কিবা এটা কাম কৰি দিব লাগে, কাৰোবাক কৈ দিব লাগে, ইনফৰমেচন গোটাই দিব লাগে, ব্ৰেক আপ হও হও, এনেধৰনৰ কেচত মোক ফোন কৰে । যিকোনো প্ৰবলেমত চাৰভাইভেল ষ্ট্ৰেটেজি দিয়াত মই ওস্তাদ বুলি লগৰবোৰে ভাবে........ আৰু এই বদান্যতাৰ ফলাফল এয়ে যে আকৌ প্ৰবলেমত পৰিলে মানুহে মোক আকৌ মনত পেলায় ।

সমৰক এভইদ কৰিলেও একো প্ৰবলেম নাছিল, বাটৰ জেঙৰ প্ৰতি চকু নিদিলেও হলহেতেন, কিন্ত মোৰ তাৰ প্ৰতি বেয়া লাগিল, বেছেৰাই কিবা এটা চলুচন পাম বুলি আশা কৰি ফোন কৰিছে । সি কবলৈ বিছৰা কথাখিনি বুজি ললো ।

- পেপাৰ কেইখন হল....... মই সুধিলো
- তিনিখন হল, কিন্ত এতিয়া নতুন পেপাৰবোৰত সেইজনীৰ নাম দিব লাগে বোলে..... সি কলে
- আচ্ছা , গাইডে কি কয়
- কি কব আৰু, তেওৰো প্ৰমোচনৰ কথা আছে নহয়, চিনিয়ৰ চাইনটিষ্টৰ কথা না বুলি কেনেকৈ কব
- সেইজনীক পিছে বেয়া কিয় পোৱা
- কষ্ট মই কৰিছো, পেপাৰ ডাউনলড কৰিছো, ব্ৰেইন খটাইছো, আৰু সেইজনীয়ে, একো নকৰে, আমাৰ লেৱৰো নহয়, চিনিয়ৰ চাইনটিষ্টৰ লগত হলিগলি, তাৰ ৰুমতে সোমাই থাকে, তাৰ গাড়ীতে অহাযোৱা কৰে, আৰু বা কি কি কৰে ভগবানেহে জানে
- এইধৰনৰ মানুহ চবতে থাকে, ডাইৰেক্টৰৰ লগত কথা পাতি চাব পাৰা..... মই কলো
- নকবা হে, চব পেকড

ৰিচাৰ্চ লাইনত থকা বহুতৰ ক্ষেত্ৰত এইটো হয় । পেপাৰ এখন লিখি আছা, মাজতে গাইড আহি কয়, ইয়াৰ নামটোও ভৰাই দিবাছোন, বেছেৰাৰ পেপাৰ এখনো একচেপ্ট হোৱা নাই । তেতিয়া পেপাৰ লিখি থকাজনৰ টিঙিছকে খং এটা উঠি যায়, বেচেৰা বোলাটোৰ পেপাৰ কেনেকৈ ওলাব, লেৱত নাথাকেই, যিখিনি সময় থাকে সেইখিনি আদ্দা মাৰে, কিবা-কিবি ৰিয়েক্সন কৰে, প্ৰডাক্ট একো নোলায়, ইন্সট্ৰুমেন্ট এটাও চলাব নাজানে, বেলেগক চেম্পল দি ডেটিঙলৈ যায়গৈ । অৱশ্যে এই বেচেৰা বোলাটোৱে গাইডৰ পাচলিৰ বজাৰ কৰা, ফোনৰ বিল দিয়া , চিঠি পোষ্ট কৰা আদি কামবোৰ বৰ নিয়াৰিকৈ কৰে ।

সমৰৰ কেচটো জটিল, পেপাৰত নাম দিয়াৰ উপৰিও বহুত কমপ্লিকেচি আছে , ছোৱালী ইনভলভ থকা কেচবোৰ বহুত ক্ৰিটিকেল হৈ যায়, বিশেষকৈ যদি তলে তলে ইলিগেল এফেয়াৰ চলি থাকে ।

- চা সমৰ, যিমানদুৰ মই বুজিছো তোৰ প্ৰবলেম ডাঙৰেই, তোৰ ঠাইত যদি মই হলোহেতেন তেন্তে মোৰ প্ৰথম এইম হলহেতেন যিমান সোনকালে পাৰি পি.এইচ.ডি কমপ্লিট কৰা, দুখন পেপাৰ আছে, বাচ, হৈ যাব, কাৰণ যদি কিবা কাৰণে পি.এইচ.ডি নহয়, গোটেই কষ্ট এনেয়ে যাব..... আৰু চা , সিহত এষ্টাব্লিছড মানুহ, নাম থকা মানুহ, তই সিহতৰ লগত যুজিব নোৱাৰ, সিহতৰ লগত জেং কৰিলে তোৰ প্ৰবলেম হব.......... মই তাক বুজাবলৈ চেষ্টা কৰিলো
- কিন্ত সিহতৰ অতপালি সহ্য কৰি থাকিম নেকি....... সি সুধিলে
- কুল হ ভাই, তই যদি সিহতৰ এগেইনষ্টত যাৱ, সিহতে তোক মেন্টেল টৰ্চাৰ কৰিব, তোক আইচলেট কৰি তোৰ কেৰেকটাৰ এচাচিন কৰিব, তোৰ এনেকুৱা এটা ইমেজ বনাই দিব যে তাৰপৰা যদি তই ওলাই যাৱও, এই লাইনত তোক কোনেও নলয়, কাৰণ তেওলোক ডাঙৰ নামী মানুহ, অইন মানুহেতো সিহতৰ কথাই সচা বুলি ভাবিব, তোৰ কথা কোনো পাত্তা দিব, আৰু তোৰ লগৰ ৰিচাৰ্চ স্কলাৰকেইজন, সিহতেও তোক এৰি দিব , সকলোৰে ভয় এটা আছে
- সেইটো হয়, কিন্ত
- যদি তই চাৰভাইভ কৰ, তেতিয়াহে সিহতক শিক্ষা দিব পাৰিবি, টু উইন এ বেটল, য়ু নিড টু বি এলাইভ.......... মই কলো
- মই কি কৰা উচিত
- তোৰ ঠাইত মই হোৱা হলে মই পেচিভ নিউট্ৰেল হৈ পৰিলোহেতেন, মানে এনেকুৱা দেখালোহেতেন যে মই হাৰি গৈছো, সিহত জিকি গৈছে, লেৱত কৰা নিজৰ কামৰ ডাটা নিজে চেভ কৰি ৰাখিলোহেতেন, গাইডক বাইপাছ কৰিলোহেতেন, থেছিছ লিখিলোহেতেন, তাৰপৰা পলালোহেতেন, তাৰ পাছত নতুন ঠাইত পষ্ট-ডক কৰিলোহেতেন, ইয়াৰ ডাটাবোৰৰপৰা তাত পেপাৰ উলিয়ালোহেতেন, এদিন ইহতৰ সমানেই ডিগ্ৰীধাৰী হৈ, ৰেপুটেচন লৈ ঘুৰি আহিলোহেতেন, আৰু ইহতৰ কাৰচাজিবোৰ ফাদিল কৰি ৰেপুটেচন ফিনিছ কৰি দিলোহেতেন
- সিহতে মোক বহুত মেন্টেল টৰ্চাৰ কৰিছে, সিহতক মই ফিনিচ কৰি দিম
- কুল ডাউন য়াৰ, তই এতিয়া ইমচনেলি আনষ্টেবল হৈ আছ, ডাটাবোৰ লৈ ঘৰলৈ যা, এমাহমান মেডিকেল লিভ ল, ইহতক সাময়িকভাৱে পাহৰি যা, থেচিছ লিখ, মাইন্ড ষ্টেবল কৰিবলৈ দাৰ্জিলিং-শ্বিলং ফুৰি আহ, আৰু ষ্টে এৱেক এন্ড চেফ..... মই কলো

সমৰৰ বিষয়ে মই বহুত বেছি নাজানো, সমৰে সম্পুৰ্ণ সচা কথা যে কৈছে মোৰ সন্দেহ আছিল, হয়তো সি মিছাও কব পাৰে, মই এটা ডাইলেমাৰ মাজত সোমাই পৰিছিলো ।

(৩)

জানুৱাৰী ২০১২, শিৱসাগৰ । সুৰজিত পাঠক মোৰ কোৱাটাৰলৈ আহিল । সুৰজিত মোৰ পুৰণা বন্ধু । সি বিয়া এখন খাবলৈ আহিছে, ৰাতি মোৰ কোৱাটাৰত ষ্টে কৰিব, সুৰজিত আৰু সমৰ একোটা ইন্সটিটিউটৰ ৰিচাৰ্চ স্কলাৰ ।
- তহতৰ তাত বোলে তামাম ৰাস-লীলা চলি আছে...... মই সুৰজিতক সুধিলো
- কিহৰ ৰাস........... সুৰজিতে নিৰুদ্বেগভাৱে কলে
- কিবা বোলে চাইন্টিষ্ট-স্কলাৰৰ জোৰদাৰ এফিয়াৰ
- কোনে কলে
- এইবোৰ কথা লুকাই থাকেনে, উৰি উৰি কাণত পৰেই
- আছে আৰু, এইবোৰনো কত নাথাকে, চবতে থাকেই
- পিছে তহতৰ তাত বোলে সমৰ নামৰ মক্কেল এটা আছে, তাৰো বোলে কিবা লিং-লাং চলি আছে, তাৰ কেছটো কি
সমৰৰ নামটো শুনাৰ লগে লগে সুৰজিতৰ চেহেৰাৰ এক্সপ্ৰেচন সলনি হল
- মই নাজানো............ সেপ এটা ঢুকি সি কলে
- তাক চিনি পাৱ তো
- ইন্সটিটিউটত দেখিছো
- কেনেকুৱা টাইপৰ লৰা সি
- বাদ দে তাৰ কথা, বেলেগ কথা পাত
- শুনিছো তাৰ চুপিৰিয়িটি কমপ্লেক্স আছে বোলে, কিবা বোলে তামাম পেপাৰ উলিয়াই আছে....... মই কলো
- তিনিখন পেপাৰ আছে, ভাল জাৰ্ণেলত
- ওস্তাদি মাৰে নেকি
- নকবা হে, চবৰ লগতে কাজিয়া, লেবৰ মানুহৰ লগত, গাইডৰ লগত, ডাইৰেক্টৰৰ লগত, সেইকাৰণে কোনেও তাক ভাল নাপায়
- আচ্ছা, শুনিছো চিনিয়ৰ চাইন্টিষ্ট এটা তহতৰ ইন্সট্ৰুমেন্ট ৰুমত হাটে লোটে ধৰিছিল, আপত্তিজনক অৱস্থাত........ মই হাৱাত কাড় এপাট মাৰি দিলো

হাতে লোটে শব্দটো শুনাৰ পাছত সুৰজিতৰ কাণ দুখন ৰঙা হৈ পৰিল

- বাদ দে এইবোৰ কথা, আই.আই.টিত আছে , আৰ. আৰ. এলত আছে, ইউনিভাৰচিটিত আছে, বম্বে, দেলহী, পুণেৰ যৰেই নহওক চবতে এনেকুৱা কেচ থাকেই
- হয়, এক্সপ্লইটেচন চবতে হৈ আছে, কিন্ত আমি যদি মাত নামাতো তেনেহলে ইয়াৰ প্ৰকোপ বাঢ়ি গৈ থাকিব ......... মই কলো
- চা দোস্ত, যেন-তেন স্কলাৰচিপৰ পইচা পাই আছো কাৰণে ৰিচাৰ্চ কৰি আছো, কোনোমতে পি.এইচ.ডি হলেই হয়, এইচব জেঙত মুৰ নুসুমোৱাও...... সুৰজিতে কলে
- তাৰমানে সমৰৰ কিবা জেং চলি আছে
- সি একেবাৰে চাইকো, অলপ কম্প্ৰমাইজ কৰি দিলেই হয়, পেপাৰ এখন পঠাইছে, তাত আমাৰ চিনিয়ৰ ছাৰ এজনৰ ষ্টুডেন্ট এজনীৰ নাম দিবলৈ দিছিল, দিলে নো কি লচ হলহেতেন তাৰ , মস্ত চাইকো সি এটা, চিনিয়ৰ ছাৰজনকো গালি পাৰিলে সি
- তাৰমানে সমৰ এটা চাইকো, আৰু তই চব কথাই জান...... মই কলো
কিবা নকবলগীয়া কথা মুখেদি ওলোৱা বুলি গম পাই সুৰজিত ঘামিবলৈ ধৰিলে ।
- চা ভাই, ভুলতে কিবা যদি ওলাই গল, কাকো নকবি, মোৰ কেৰিয়াৰৰ কথা আছে, পি.এইচ.ডিৰ কথা আছে, সিহতে প্ৰবলেম কৰিব মোক.... সুৰজিতে কলে
সুৰজিতক আৰু একো নুসুধিলো....... এটা কথা ঠিক, ৰিচাৰ্চ ইন্সটিটিউটতোত সমৰৰ চাউল টুটি আহিছে ।

(৪)

মাৰ্চ ২০১২, উৰি ফুৰা খবৰ এটা কাণত পৰিল । এগৰাকী ৰিচাৰ্চ স্কলাৰক লেৱৰ ভিতৰত অশালীন ব্যৱহাৰৰ ( কাৰোবাৰ মতে এটেম্প্ট টু ৰেপ) অভিযোগত সমৰজিত মহন্ত অভিযুক্ত হৈছে আৰু এই ঘটনাটোৰ তদন্তৰ বাবে এখন আভ্যন্তৰীণ তিনিজনীয়া কমিটী গঠন কৰা হৈছে । চিনিয়ৰ চাইন্টিষ্ট এজন মুৰব্বী হিচাপে থকা এই তিনিজনীয়া কমিটীখনে এমাহৰ ভিতৰত ৰিপৰ্ট দিব....... তেতিয়ালৈ সমৰক নিলম্বিত কৰা হৈছে ।

কথাটো শুনাৰ পাছত মোৰ মুখৰপৰা এটা কথাই ওলাইছিল....... বুৰ্বক চাল্লা ।

সমৰক ৰিচাৰ্চ ইন্সিটিউটটোৰপৰা উলিয়াই দিয়া হল । তাৰ পাছত সমৰে গুৱাহাটী ইউলিভাৰচিটী, তেজপুৰ ইউনিভাৰচিটী, নেহু আদিকে ধৰি বহুত ঠাইত পি.এইচ.ডিৰ বাবে আবেদন কৰিছিল কিন্ত 'পুৰ্বৰ বেয়া ৰেকৰ্ডৰ বাবে' কোনো গাইডে তাক লবলৈ মান্তি নহল ।

তাৰপাছত সমৰে টালি টোপোলা বান্ধি ঘৰলৈ উভতি গল । বহুদিন সি ডিপ্ৰেচনত থাকিল । পাছত ওচৰৰে প্ৰাইভেট কলেজ এখনৰ সি পঢ়াবলৈ আৰম্ভ কৰিলে । বৰ্তমান সি টেট শিক্ষক আৰু লগতে ঘৰৰ ওচৰৰ টাউনখনত কচিং চেন্টাৰ এটা চলায় ।

সংযোজন-
কাহিনীটোত উল্লেখিত সমৰে অভিযোগ অনা ছোৱালীজনীয়ে ( মহিলাগৰাকী), NET/GATE/SLET আদি অৰ্হতা নোহোৱাকৈও পাছত সেই ৰিচাৰ্চ ইন্সিটিউটটোতে চাইন্টিফিক অফিচাৰ ( এচিষ্টেন্ট প্ৰফেছাৰৰ সমমৰ্যদাৰ) চাকৰি পালে ।
সুৰজিত বৰ্তমান অসমৰ অইন এটা নামী গৱেষনা প্ৰতিষ্ঠানত কৰ্মৰত ।
চিনিয়ৰ চাইন্টিষ্ট, ডাইৰেক্টৰ অসমৰ বিদ্বত মহলৰ গণ্যমান্য তথা ক্ষমতাশালী ব্যক্তি । বৰ্তমান ডাইৰেক্টৰগৰাকী অৱসৰপ্ৰাপ্ত ।
( কাহিনীটোৰ লগত জড়িত প্ৰকৃত নামবোৰ সলনি কৰি দিয়া হৈছে )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...