কালি অৰ্থাত দেওবাৰে দেউতাই এটি.এমৰ পৰা পইচা
উলিয়াবলৈ যাওতে পইচা নোলাল, কিন্ত একাউন্টৰপৰা পইচা কাটি দিলে । তাৰেই
কমপ্লেইন দিবলৈ দৰখাস্ত, পাছবুক আৰু এটি.এম শ্লিপৰ ফটোকপি লৈ দেউতাৰ সৈতে
বেংক পালেগৈ । ষ্টেট বেংক, দিছপুৰ শাখা, সময় ১১-১৫, বেংকত তামাম ভীৰ ।
- ৰিচিপচনত সোধো বল......... দেউতাই কলে
- ৰিচিপচনত সোধো বল......... দেউতাই কলে
ৰিচিপচনৰ সন্মুখত বিৰাট দীঘল লাইন । লাইনত থিয় দিয়াৰ সলনি চিধাই
এচিশ্টেন্ট মেনেজাৰ এজনৰ কেবিন পালোহি । মেনেজাৰজনক প্ৰবলেমটো কলো ।
মেনেজাৰে কম্পিউটাৰত চাই দৰখাস্তখন এটি.এম মেনেজাৰক দিবলৈ কলে ।
এটি.এম মেনেজাৰৰ ওচৰ পালোহি । এটি.এম মেনেজাৰে আকৌ কাউন্টাৰ এটাৰ মানুহ এজনক দেখুৱাই তেওক দৰখাস্তখন জমা দিবলৈ কলে ।
কাউন্টাৰটোৰ সমুখত এইবাৰ লাইনত থিয় হলো । আগত তিনিটামান মানুহ ।
হঠাত কাষৰ কাউন্টাৰটোত অলপ হুলস্থুল শুনিবলৈ পালো । মানুহ এজনে কাউন্টাৰত থকা ছোৱালী এজনীৰ সৈতে তৰ্কাতৰ্কি কৰিছে ।
কেচটো কি গম ললো । মানুহজন পেঞ্চনাৰ, ইন্টাৰনেট বেংকিং এক্টিভেট কৰাবলৈ বেংকলৈ আহিছিল । মানুহজনে টোকেন লৈছিল ঠিকেই কিন্ত কিবা কাৰনত টোকেন নাম্বাৰটো মাতোতে আহিব নোৱাৰিলে । মিছ হৈ গল । পাছত কাউন্টাৰলৈ অহাত ছোৱালীজনীয়ে আকৌ নতুনকৈ টোকেন লবলৈ কোৱাৰ ফলতেই বাক বিতন্ডাৰ সৃষ্টি ।
জেং টোত মোৰ সন্মুখত থকা কাউন্টাৰৰ লৰাটোও ইনভলভ হৈ পৰিল । হুলস্থুল অলপ বেছিয়েই হৈ পৰিল । তিনিওজন লম্ফ-জম্ফ কৰি মেনেজাৰৰ কেবিন পালেগৈ ।
আধাধন্টা তাতে বৰবাদ হল ।
ওচৰতে থকা মানুহবোৰৰ কিছুমানে ছোৱালীজনীক দোষ দিলে, কিছুমানে মানুহজনক দোষ দিলে, কিছুমানে বেংকক দোষ দিলে, বাকীকেইজনে চৰকাৰক দোষ দিলে ।
যিয়েই নহওক , আধাধন্টামান পাছত লৰাজন কাউন্টাৰলৈ ঘুৰি আহিল । অলপ পাছত মোৰ পাল পৰিল । মই দৰখাস্ত আৰু ডকুমেন্টবোৰ দিলো । লৰাজনে কাগজবোৰ হাতত লৈ কলে.....
- টোকেন নাম্বাৰ....
- টোকেন লোৱা নাই....... মই কলো
- টোকেন লাগিব, নহলে নহব....লৰাজনে ঘোপাকৈ চাৱনি এটা দিলে
টেমা গৰম হৈ আছিল, তথাপিও ধীৰে সুস্থিৰে কলো.............
- মেনেজাৰে অলৰেডি চাইছে আৰু আপোনাৰ কাউন্টাৰত জমা দিবলৈ দিছে । আৰু লগতে এইবুলিও কৈছে যে এইখিনি কাগজ জমা দিবলৈ টোকেনৰ প্ৰয়োজন নাই , মেনেজাৰে মোক এনেকৈ কৈছে গতিকে এতিয়া মই টোকেন নলও ।
লৰাজনে আৰু একো নকৈ দৰখাস্তখন ৰাখি থলে ।
বেংকত ষিসকলৰ চিনাকি নাই সেইসকলৰ বাবে টিপছ-
SBIৰ কিছুমান শাখাত বহুত ভীৰ হয় । কিবা কাম এটাত গৈ টোকেন লোৱাত আলপ দেৰি হলেই দিনটো বৰবাদ হোৱাটো খাটাং । সেইবোৰ শাখাৰপৰা একাউন্ট অলপ কম ভীৰ থকা বেংকলৈ ট্ৰান্সফাৰ কৰিলে সুফল পাব ।
আপুনি যদি বেংকৰ কিবা নিয়ম জানিব বিচাৰে, চিধাই মেনেজাৰৰ ৰুমলৈ সোমাই যাওক, SBI Staff ৰ এনেয়ে কামৰ হেচাত টেমা গৰম হৈ থাকে, তেওলোকক কিবা শুধিলে অস্বস্তিকৰ পৰিস্থিতিত পৰাটো খাটাং ।
বাকীবোৰ বেংকৰ তুলনাত SBIৰ hospitality বহুত বেয়া । ওচৰতে থকা Canara, UBI, PNB, Bijaya, ICICI, Axis bank ইত্যাদিত একাউন্ট খুলিলে আপোনাৰ হেডেক অলপ হলেও কমিব ।

No comments:
Post a Comment