Thursday, September 24, 2015

গুৱাহাটী ইউনিভাৰচিটী(১)- মেচ ফিক্সিং

অক্টোবৰ ২০০৮ । গুৱাহাটী ইউনিভাৰচিটীৰ খেলপথাৰ । ভাৰচিটী উইকৰ কেমেস্ত্ৰী বনাম জিয়গ্ৰাফিৰ ফুটবল মেচ ।
খেলৰ ছয় মিনিট পাৰ হৈছে । বলটো অৰবিন্দৰ ভৰিত লাগি ডিফ্লেক্ট হৈ মাইনাছ আঠ নম্বৰ চশমা পিন্ধা কেমেস্ত্ৰী টীমৰ কেপ্তেইনৰ ফালে আহিল । কেপ্তেইন ফিল্ডখনৰ প্ৰায় সোমাজত । বিপক্ষৰ হাফত তিনিটা ডিফেন্ডাৰ । গেলাৰীৰপৰা সৌৰভ হাজৰাই চিঞৰিলে...... গ'ল লাগে

মাত্ৰ কেইটামান মুহুৰ্ত, প্ৰথম ডিফেন্ডাৰটোৰ সোফালে, দ্বিতীয়টোৰ ভৰিৰ ফাকেদি আৰু তৃতীয়টোৰ বাওফালেৰে বল পাৰ হৈ গল । সন্মুখত অকল গ'লকীপাৰ । সৌৰভ হাজৰাই চিঞৰিলে.......... শ্বট মাৰো শ্বট ।

কেপ্তেইনে শ্বট নামাৰিলে । গলকীপাৰ আগুৱাই আহিল । সৌৰভ হাজৰা উত্তেজিত হৈ পৰিল । তাৰ পাছত এটা সুন্দৰ ড্ৰিবল । গলকীপাৰে পাত্তাই নাপালে । সন্মুখত উন্মুক্ত গলপোষ্ট । এটা জেন্টেল পুচ ।
কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-০ 


ক্যা গ'ল হে....... সৌৰভ হাজৰাই নিজকে কলে ।


কেইমিনিটমান পাছতে জিয়গ্ৰাফিয়ে গ'ল এটা পৰিশোধ কৰিলে । হাফ টাইমলৈ স্কৰ ১-১ ।
ছেকেন্ড হাফত জিয়গ্ৰাফিয়ে আৰু এটা গল দিলে । অন্তিম স্কৰ কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-২ ।

কেমেস্ত্ৰী ডিপাৰ্টমেন্ট অৰ্থাত আমি হাৰি থাকিলো ।

মেচৰ শেষত সৌৰভ হাজৰাই কেপ্তেইনক কলে......... তুম অউৰ গ'ল দে চকতে থে
সেই সময়ত মই মাইনাছ আঠ পাৱাৰৰ চশমা পিন্ধিছিলো আৰু ফিল্ডত নমাৰ আগলৈকে মোৰ টীমৰ বা বিপক্ষৰ কোনেও ভৱা নাছিল যে মই ফুটবল খেলিব পাৰো । মই পি.জি.এছ.ইউৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ আছিলো আৰু সেইসুত্ৰেই আছিলো ফুটবল টীমৰ স্বঘোযিত কেপ্তেইন ।

আমাৰ টীমত চিনিয়ৰৰ ভিতৰত আছিলো মই, Alokesh Chanda , Montu Bora , হাফিজুৰ আৰু জুনিয়ৰৰ ভিতৰত Arabinda Baruah , Ashim Baishya , Monirul Mir , Manoj Patowary , Palash Bharali , অনুপল । খেল আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে টীমদুটাৰ শক্তি কিমান গম পাই গলো । এটা বলৰ পাছে পাছে ১৪-১৫ টা মানুহ দৌৰি থাকে । বল যিফালে যায় সিফালেই গোটেইবোৰ যায় । অৰবিন্দই ভালেই খেলে কিন্ত প্ৰয়েই বলটো কেৰী কৰি প্ৰকান্ড ফিল্ডখনৰ যিফালে মানুহ বেছি থাকে সিফালে লৈ যায় । অলকেশৰো একেই অৱস্থা । শ্বটবোৰ দহ গজেই পাৰ নহয় । পাছ কি বস্ত কোনেও যেন নাজানেই । মনিৰুলে আকৌ কেৰী কৰি ফিল্ডৰ চুকৰফালে চোচা লয় আৰু হয় বলটো আউট কৰে বা বিপক্ষক হেন্ড অভাৰ কৰি দিয়ে । বিপক্ষৰ টীমৰো আমাৰ দৰেই অৱস্থা । মুঠতে বলটো বেছিভাগ সময় মিডফিল্ডতে ঘুৰি থাকে । খেলৰ নক্সা দেখি একেবাৰে ফ্ৰাচট্ৰেট হৈ গলো । হাফটাইমত মনিৰুলক খুব গালি দিলো । জিয়গ্ৰাফিৰ মক্কেল কেইটালৈও খং উঠিল । চাল্লা সিহতেও গ'ল দিব পৰা নাই । বকৱাছ ।

চাল্লা বেলতলা ফিল্ডৰ পোৱালিকেইটাইও ইয়াতকৈ ভাল খেলে । খেলত জিকাৰ জোচ-জুনুন খতম হৈ গল ।
হাফ টাইমৰ পাছৰছোৱা প্ৰায় খোজকাঢ়িয়েই খেলিলো । বল মোলৈ অহাৰ লগে লগে এটা টাচতে আগলৈ পাছ দি দিও । এজ ইউজুৱেল বলটো মিদফিল্ডতে ঘুৰি থাকে । ছেকেন্ড হাফৰ আৰম্ভনিতে জিয়গ্ৰাফিয়ে গ'ল এটা দিলে । তাৰ পাচত খেলৰ শেষৰফালে সিহতে পেনাল্টি এটা পাইছিল যদিও সেইটোও মিছ কৰিলে ।

অন্তিম স্কৰ কেমেস্ত্ৰী-১, জিয়গ্ৰাফি-২ ।
কেমেস্ত্ৰী ডিপাৰ্টমেন্ট অৰ্থাত আমি হাৰি থাকিলো ।

মেচৰ শেষত সৌৰভ হাজৰাই মোক কলে......... তুম অউৰ গ'ল দে চকতে থে
- হা ........ মই মাইনাছ এইট পাৱাৰৰ ডাঠ চশমাযোৰ খুলি মুখৰ ঘাম মচি কলো
- ফিৰ কিউ নহী দিয়া
- মুড নহী থা, মজা নহী আয়া খেল মে

কবলৈ গলে সেই মেচখনত মই ডিপাৰ্টমেন্টৰ সৈতে গাদ্দাৰি কৰিছিলো বা সহজ অৰ্থত হয়তো সামৰ্থ অনুযায়ী নেখেলি মেচ ফিক্সিংয়েই কৰিছিলো ।
( মনিৰুল বৰ্তমান অসম পুলিচৰ সহ-পৰিগৰ্শক । মোৰ কনফেচন টো পঢ়ি ফিক্সিঙৰ আভিযোগত আটক নকৰিলেই ৰক্ষা )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...