Thursday, September 24, 2015

চিটিবাছ

জুন মাহৰ দূপৰীয়া । মই উলুবাৰী বাচ স্টপেজত বাছৰ বাবে ৰৈ আছো । সূয্যটোৱে উলম্বভাৱে মোৰ ওপৰত নিজৰ কৃপাদৃষ্তি পেলাই আছে। ছাতি এটা বেগত আছে, কিন্তূ নিজৰ মিথ্যা পুৰুষত্ব,স্বাভিমান আদিৰ বাবে ছোৱালী কেইজনীৰ আগত মেলিব পৰা নাই ! প্ৰায় আধাঘন্টাতকৈও বেছি হ’ল বাছ আস্থানত এনেদৰে বীৰত্ব প্ৰদশন কৰি থকা। কিন্তূ না খালি বাছ আহিছে না মই নিজৰ তথাকথিত স্বাভিমান ভেদ কৰিব পাৰিছো।

এ...,গণেশগুৰি, লাস্টগেট, বেলতলা, বশিষ্টমন্দিৰ.... মন্দিৰ.... মন্দিৰ... খালী গাড়ী... খালী গাড়ী....বাছৰ হেন্দিমেন জনৰ ভূৱা ঘোষিত বিজ্ঞাপন

- খালী গাড়ী ..চিট ক’ত আছে , গোটেই দেখোন ফুল....... মোৰ স্বত:স্ফূত প্ৰশ্ন...
- খালী হ’ৱ দা দা আগত....আপোনাক চিট দিমেই...পাক্কা... মোৰ স্বত:স্ফূত প্ৰশ্নৰ সহজাত প্ৰবৃতিগত উত্তৰ...

হেন্দিমেনৰ এনেকুৱা আত্মবিশ্বাস দেখি মই নিজকে সেই খালী হ’বলগীয়া ‘খালী গাড়ীখনত’ উঠাত নিজকে বাৰণ কৰিব নোৱাৰিলো ।
- এক্সকিউজ মি... এক অচিনাকী যুৱতীযে মোক উদ্দেশ্য কৰি ক’লে...তাইৰ তীব্ৰ পাৰফিউমৰ গোন্ধ মোৰ নাকত পৰিল...কি যে মধূৰ সুবাস...তাই নিশ্চয় অপ্চৰা চিনেমা হ’লৰ পৰা চিনেমা চাই ওলাই আহিছে ।
-আপুনিয়েই যাওঁক .... মই নম্ৰ ভাৱে তাইক যাৱলৈ দি ৰৈ গ’লো। যুৱতীগৰাকী যৌৱনৰ দূৱাৰদলিত ভৰি থৈছেহে মাথো!!
ভাজহীন তাইৰ চুলি খিনি বতাহত নাহৰৰ পাতৰ দৰে কলা চানগ্লাছৰ সন্মুখত বাৰুকৈ দুলি আছিল আৰু তাই বাওঁহাতৰ লাহি আঙুলি কেইটাৰে কেইডাল মান উৰন্ত চুলি কাণৰ কাষত গুজি বাছত উঠিল । তাই ব্যৱহাৰ কৰা সুগন্ধিৰ গোন্ধই মোৰ দেহৰ সমগ্ৰ দূখ-ভাগৰ পলকতে পাহৰাই পেলালে । এনে এজনী সুন্দৰী ৰূপহীক বাট এৰি দিৱলে পায় মই নথৈ আনন্দ লাভ কৰিলো.... Because, men will be men!

থেলা-হেচাঁ কৰি কোনোমতে বাছৰ দুৱাৰত ওলমিলো। বাছৰ ভিতৰৰ অৱস্থা অতি শোচনীয়, খাঙত ভৰাই অনা মূগীবোৰৰ দৰেই খিডীকিৰ ফাকেদি যাত্ৰীসমূহৰ যেন হাত-ভৰি-মূৰ ওলাই আহিব ! কেই মিনিটমান হেচাঁ -থেলা কৰিও বাছত দূখন ভৰি পেলাব নোৱাৰিলো । নিজকে মাছ খাবলৈ অপেক্ষা কৰি থকা বগলীটো যেন বোধ হ’ল ।
প্ৰতিযোগিতা.... তথাকথিত আধুনিক যান্ত্ৰিক পৃথিৱীত ‘ৰেট ৰেচ’ সবব্যাপ্ত পৰিঘটনা। ৰাতিপুৱা উঠাৰ পৰা যি বিৰামহীন দৌৰৰ সূচনা হয় তাৰ অন্ত নিশা মৰমৰ বিচনাত হে শেষ হয় । সামান্য বাছ খনতো এখন আসন অথবা অলপ থিয় হ’ৱলৈ ঠাই যুগুত কৰিবলৈ এক অঘোষিত প্ৰতিযোগিতাত নামিব লগীয়া হয়....এয়াই নেকি আধুনিকতাৰ নিদশণ !
(কথাবোৰ ভাবি শেষ নৌহতেই)

দেওৰা কলেজৰ সন্মুখত থকা speed breaker ত জোৰেৰে বাছ খনে ব্ৰেক মাৰিলে....
আ..ও..ও..... সহায় কৰক অলপ........ মোৰ আতনাদ......

.... বেছি দাশনিক হ’বলে গৈ থেলা-হেচাৰ কুৰুক্ষেত্ৰত এনেতে ভৰি পিচল খালে আৰু চলন্ত বাছৰ পৰা মই লুতি বাগৰ খাই চাইকেল এখনতে প্ৰচন্ড খুন্ডা মাৰিলো.....ভাগ্যে পিচ পিনে একো গধুৰ বাহন নাছিল,ন’হলে চিধাই সিপুৰী পালোহেতেন...! কপাল ভাল আছিল মোৰ.....ৰাজপথকে মই বিচনা বুলি কিছু পৰ পৰি ৰ’লো...বিষ-যন্ত্ৰণাত ভৰি খন নথকা যেন বোধ হ’ল ।

এনেতে এজন যাত্ৰীযে বাছখন ৰখাই মোৰ ওচৰলৈ দৌৰি আহিল । বাকীবোৰে নিজৰ অধিকৃত ঠাই খিনিত তামোল গছৰ দৰে খামোচ মাৰি থাকিল । যেন ৰাস্তাত কোনো ঢেকুৰা কুকুৰ এটাহে পৰি আছে ! সৰুতেই পঢিছিলো “কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম ; জানিয়া সবাকে পৰি কৰিবা প্রণাম।”…. মানুহৰ মনতেই মানুহৰ প্ৰতি সহানুভুতি নোহোৱা হৈ যাবলৈ ধৰিছে, তেনেস্থলত অন্য জীৱৰ প্ৰতি কিদৰে মৰম-স্নেহৰ উতপত্তি হ’ৱ ? কিমান জনে আজি শংকৰদেৱৰ এই বাক্য শাৰী মনত ৰাখিছে ? মানুহ সামাজীক,জীৱ শ্ৰেস্ঠ প্ৰাণী বুলি আমি কাগজে-প্ৰত্ৰয়,কিতাপ-আলোচনী আদিত নি:শংকোচে ঘোষণা কৰো অথচ বাস্তৱ জীৱনত আৰ্ত জনক সহায় কৰাটো দূৰৰে কথা সামান্য সমবেদনাকনো জনাবলৈ আগ্ৰহ প্ৰকাশ নকৰো !! এয়াই হ’ল আজি-কালিৰ ধম-সংস্কাৰ-পৰম্পৰা ।

-ঠিকে আছেনে ? বেছিকৈ দূখ পালে নেকি? এম্বুলেন্স মাতিব লাগিব নেকি??”... মোক কাষলৈ লৰি অহা মানুহ জনে সো-হাতখন আগবঢালে আৰু একে উশাহতে মানুহ জনে নিজৰ প্ৰশ্ন সমূহ শুধি দিলে ।

মই মুখৰ ৰেখাবোৰ সামাণ্য কুঞ্চিত কৰিলো । হয়, হাহিবলে চেচ্টা কৰিলো,এক বিব্ৰত আৰু অপ্ৰস্তুত হাহি...এনে অভিজ্ঞতা এই যানন্ত্ৰিক মহানগৰীৰ বাৰুকৈ সুলভ...যেন এক স্বাভাৱিক ঘটনাহে... বাছ-ট্ৰেকাৰত উঠা-নমা একোখন সৰু-সুৰা ৰণৰ আখৰা সদৃশ অথবা আধুনিক দু-সাহসিক ক্ৰীয়াৰ অনুষ্ঠান সদৃশ। ওলমি যোৱা যাত্ৰী পিচলি পিচ চকাৰ তলত সোমোৱাৰ উদাহৰণো নোহোৱা নহয়। তথাপিতো বাছত ওলমি যোৱাৰ অসংগত দু:সাহসিকতাৰ অন্ত নাই।

মানুহবোৰে জম্বীৰ দৰে গতি কৰিবলগীযা হৈছে জীৱন ধাৰণৰ ইন্ধন গোটোৱাৰ তাড়ণাত। পুৰুষ-মহিলা কাৰোৰে নিস্তাৰ নাই এই যুজত। পিচৰ বাচলৈ বা ত্ৰেকাৰলৈ অপেক্ষা কৰাৰ ধৈয্য বা যুক্তি তাত অমুলক,নিৰথক। তথাপিও স্বীকাৰ কৰিবই লাগিব যে প্ৰকৃত শৃংখলাৰ অভাৱ নথকা হ’লে জীৱনৰ গতি নিশ্চয় সুন্দৰ হ’লহেতেন। শৃংখলাক একাশৰীযা কৰি বতমান সমাজখনে ‘জোৰ যাৰ মুলুক তাৰ’ কথাষাৰ হে অনুসৰণ কৰা দেখা গৈছে । অথচ বিশ্ব যুৰি মানসিক উৎকষ সাধণৰ বাবে শিক্ষা-সংস্কৃতিৰ কি বিপুল আৰু জাক-জমকীয়া আয়োজন ! লুপ্ত-সুপ্ত মানৱ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে শান্তিৰ প্ৰতীক কত কত পাৰ-কপৌ দুখন উন্মুক্ত হাতৰ পৰা উৰা মাৰিয়েই আছে ! কিন্তূ মানুহৰ মনত মৰম-চেনেহ,সহানুভূতিৰ অকণমাণো ৰং সাণিব পাৰিচেনে সেই ভাওনাসমূহে ?

সোঁ আঠুত পকেটৰ পৰা ৰুমাল খন উলিযাই লৈ নিজৰ কাপোৰখিনি কিছু পৰিস্কাৰ কৰি বাছখনত আকৌ উঠিলো । মানুহৰ পেশীৰ জোৰত এইবাৰ একেবাৰে দুৱাৰৰ মূখৰ পৰা ভিতৰ পালোগৈ। দুখন ভৰিত কোনোমতে থিয় হ’বলৈ পায় উশাহ-নিশাহ স্বাভাৱিক হবলৈ ধৰিলে। প্ৰকান্ড- প্ৰকান্ড গাত বোৰেৰে সৃস্টি হোৱা ৰাস্তাবোৰত যেতিয়া বাছখন পাৰ হবলৈ ধৰে তেতিয়া আঘাট পোৱা ভৰি খন বিষত বাৰে বাৰে ভাজঁ খাবলৈ ধৰে ।

-আপুনিয়েই পৰি গৈছিল নেকি ...... মোৰ কাষৰ মানুহজনে মোক উদ্দেশ্য কৰি সুধিলে;

মই কেৰাহিকৈ চকু দুটা যিমান পাৰো সিমান ডাঙৰ কৰি মানুহজনৰ পিনে চালো কিন্তূ মূখেৰে একো উচ্চাৰণ নকৰিলো । মানুহজনে আৰু মোক একো নুসুধিলে।

দা দা ভাড়া.... কৰবাৰ পৰা হাত এখন আহি মোৰ কান্ধটো লৰাই দিলে...
নিজৰ ভাৰসাম্য চম্ভালি লেতেৰা নীলা চোলা পিন্ধা লোক জনক এখন 50 টকীয়া নোট উলিয়াই দিলো আৰু কিবা ঘুৰাই পোৱাৰ আশাত হাত খন তেওঁৰ ফালেই মেলি থৈ দিলো...
-খুচুৰা নাই .... কন্ডাক্টৰজনৰ ককশ প্ৰশ্ন
-নাই....মোৰ উপায়হীন উত্তৰ
বশিষ্টমন্দিৰ....খালী গাড়ী... খালী গাড়ী.....বাছৰ হেন্দিমেনজনৰ পূণৰ ভূৱা ঘোষণা...

- কি অভদ্ৰ মানুহ এইটো । ঘৰত মাক-ভনীয়েক নাই নেকি.. কোনোবা যুৱতীৰ ভোৰভোৰণি মোৰ কাণত পৰিল ।

এই কথাতে সুৰ মিলাই কাষৰ আদবয়ষীযা পুৰুষ এজনে ক’লে.. “আজি কালিৰ ল’ৰাবোৰ ওদন্দ হৈ পৰিছে .... নিষিদ্ধ চবিবোৰ মোবাইলত চাই চাই নস্ত হৈ গৈছে...সকলো ববাদ...ননচেন্চ...বিস্ট...

অলপ মন কৰাত লক্ষ্য কৰিলো যে তেওঁলোকৰ আক্ৰমণৰ কেন্দ্ৰ বিন্দুটো হ’ল ...........স্বয়ং মই !
বাছৰ জোকাৰঁণিত আৰু আঘাত জজৰিত পেশীৰ বিষ-যন্ত্ৰণাৰ সংমিশ্ৰণে মোক এক জীৱন্ত পেণ্ডুলাম সদৃশ কৰি তুলিছিল। যাৰ ফলত হয়তো মোৰ অজানিতে মোৰ শৰীৰৰ কোনো অংগই কোনো যুৱতীক অস্বস্তিত পেলাইছিল।

মই যুৱতীগৰাকীৰ ফালে চালো আৰু এটা চিনাকী গোন্ধই মোৰ নাকত আকৌ টুকুৰিয়ালে ।

“আপুনি হয়তো নিজৰ ব্ৰেন্দেদ চানগ্লাছৰ মাজেদি নিজৰ মবাইলত ‘Facebook’ আৰু ‘WhatsApp’ ৰ অদৃশ্য লোকৰ লগত ‘Friendship’ আৰু ‘Status Update’ কৰাতেই নিজৰ জগত খন সংকোচিত আৰু সীমাবদ্ধ কৰি পেলাইছে...অলপ পৰ আগতে যে এটা ডাঙৰ ঘটনা এটি ঘটি গ’ল তাৰ উমানেই হ’বলা আপুনি নাপালে...পালেও হ’বলা নিজৰ মবাইলত ছবি এখন তুলি কোনো বিলম্ব নকৰি নিজৰ ‘Facebook Account’ ত ‘feeling sad for the poor guy….‪#‎guwahatikillerbus‬’ বুলি Update এটা দিলে হয়....নহয় নে ? মই কিবা ভূল কৈছো নেকি??”.... বিষত জজৰিত দেহাৰে গাৰ সমস্ত জোৰ প্ৰয়োগ কৰি কথা খিনি কৈ পেলালো ।

পিঞ্জৰাত আৱদ্ধ্ব বাঘৰ দৰে ৰাউজি থকা যুৱতীগৰাকী আৰু আদবয়ষীযা পুৰুষৰ মুখৰ পৰা কথা হেৰাই গ’ল ।

কথাখিনি কৈ মই অলপ পিছুৱাই আহিলো আৰু তেওঁলোকে আৰু যাতে একো আপত্তি কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হ’লো। মোৰ এটাই চিন্তা যাতে ভালে ভালে মই ঘৰ পাওঁ আৰু অলপ নিজৰ অলপ চোৱা-চিতা লৱ পাৰোঁ ।
“অ,তই ক’ত আছ্’?
......
“চেহ... মই পাৰ হৈয়ে আহিলো...ৰ তই তাতে ...মই আহি আছো...” মোবাইটো কাণৰ কাষলৈ আনি কাৰোবাৰ লগত যুৱতীগৰাকীযে কথা পাতিলে আৰু নিজ আসনৰ পৰা উঠি আগপিনৰ দুৱাৰৰ পিনে খোজ দিলে । অলপ সময়ৰ পাচত আদবয়ষীযা পুৰুষ জনেও তাই যোৱা বাটকে অনুসৰণ কৰিলে ।

সন্মুখত থাকি গ’ল চিটিবাছখনত মোৰ বাবে অলপ খালী ঠাই ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...