২০০৯ চনৰ কথা , আগষ্ট মাহ,
এম.এছ.চিৰ ৰিজাল্ট তেতিয়াও দিয়া নাই, গুৱাহাটী আই.আই.টিৰ পি.এইচ.ডি
এন্ত্ৰেন্স ক্লিয়াৰ হৈ আছিল, তেতিয়াও পি.এইচ.ডি জইন কৰিম নে নাই ঠিৰাং কৰা
নাই । সেই সময়তে পেপাৰত এড এটা পালো । মাইলছ ব্ৰনছন ৰেচিডেনচিয়েল স্কুল,
আজাৰাত টিচাৰ লাগে, দৰমহা মাহে ২৫ হাজাৰৰ পৰা আৰম্ভ ।
ফৰমেল ড্ৰেছত ওলালো , বগা চাৰ্ট, কলা পেন্ট, কলা জোতা । কৰবাত শুনিছিলো যে ইন্টাৰভিউবোৰত হাতঘড়ীৰ কথাটোও ইম্পৰটেন্ট হয় । মামাৰপৰা এদিনৰবাবে চেইন থকা টাইমেক্সৰ হাতঘড়ীটো ধাৰে ললো ।
স্কুলৰ ৰিচিপচনত এন্ত্ৰি কৰি ৱেইটিং হলত সোমালো । দেখিলো যে জীবন আগৰেপৰা তাত বহি আছে । জীৱন মোৰ লগৰ একে ক্লাছৰ, সিও আই.আই.টিত পি.এইচ.ডি ৰ বাবে চিলেক্ট হৈছে । মোক দেখি জীবনে টিপিকেল হাহি এটা মাৰিলে ।
- নাই এনেয়ে আহিছো আৰু, চাও কেনেকুৱা লাগে, এক্সপেৰিয়েন্স এটা হব আৰু.............. জীৱনে কৈফিয়ত দিয়াৰ চেষ্টা কৰিলে
- ময়ো এনেয়ে আহিলো আৰু, জাষ্ট এক্সপেৰিয়েন্স........... ময়ো কলো

কিছুদেৰি দুয়োটাই কথা পতাৰ পাছত ওলাই পৰিল যে দুয়োটা মক্কেল ২৫ হাজাৰ টকা দৰমহাৰ লোভত মাইলছ ব্ৰনছনত বহি আছোহি ।
ৰিটেনটো ক্লিয়াৰ হল । তাৰ পাছত ডেমো ক্লাছ আৰু ইন্টাৰভিউ ।
- ঘড়ীটো নতুন নেকি, আগতে দেখা নাই যে............. জীৱনে সুধিলে
- আৰে নহয়, ভাল চাইন থকা ঘড়ী পিন্ধি গলে ইন্টাৰভিউত ইমপ্ৰেচন বাঢ়ে....... মই কলো
জীৱনে পটককে মোৰ হাতৰপৰা ঘড়ীটো সোলোকাই পিন্ধি ললে । প্ৰথমতে জীৱন ডেমো ক্লাছ আৰু ইন্টাৰভিউলৈ গল । ওলাই আহি জীবনে হাফ স্মাইল এটাৰে ঘড়ীটো ওভোটাই দিলে । কিছুদেৰিৰ পাছত মোক মাতিলে । ডেমো ক্লাছ আৰু ইন্টাৰভিউ দিলো ।
ইন্টাৰভিউ দি দুয়োটা মাইলছ ব্ৰনছনৰ পৰা ওলালো । অলপদেৰি খোজকঢ়াৰ পাছত ৰিক্সা এখন দেখা পালো ।
- দোস্ত, মোৰ পকেটত বাছভাড়া বাদ দি চাৰি-পাছটকামানহে আছে....... মই কলো
জীৱনে নিজৰ মানিবেগ আৰু পকেট খুচৰিলে, তাৰো সম্পত্তি বুলিবলৈ এখন দহটকীয়া, দুটা এটকীয়া ।
ৰিক্সা বাদ দি দুয়োটা খোজকাঢ়িবলৈ লাগি গলো ।
- ইন্টাৰভিউ কেনে হল............ জীৱনে সুধিলে
- তোমাৰ কেনে হল..... মই ওলোটাই সুধিলো
- বিল্লা বনি গলো বে............. জীৱনে কলে
- মোক তো বেয়াকৈ ডাউন দিলে বে, কনফিডেন্স জিৰো হৈ গল......... মই নিজৰ অৱস্থাটো কলো
- মোৰ তো নিগেটিভ
- নেক্সট কৰবাত গলে পঢ়ি-শুনি প্ৰিপাৰেচন কৰি যাব লাগিব
- অ বে, তাকেই.............জীৱনে হাফ স্মাইল এটা দিলে
প্ৰচন্ড ভোক লাগিছিল । আজাৰাত দুয়োটাই বাছভাড়াখিনি ৰাখি বাকী থকা খুচুৰা পইচা মিলাই দহ টকাত ভেজ-ৰোল এটা কিনি হাফ-হাফ কৰি খালো ।
তাৰ পাচ বছৰ ছমাহৰ মুৰত..................
জীৱনে আই.আই.টিৰ পৰা দহখনমান ইন্টাৰনেচনেল ৰিচাৰ্চ পেপাৰ উলিয়াই ড০ জীৱন শইকীয়া হল । কিছুদিন পাছত পোষ্ট-ডক্টৰেটৰ বাবে আমেৰিকা যাবগৈ ।
মই ড০ নহলো যদিও অ.এন.জি.চিত জইন কৰি অলপতে চিনিয়ৰ কেমিষ্টলৈ প্ৰমোচন এটা পালো ।
আজি লগৰ কেইটাৰ সৈতে আই.আই.টিত সৰুকৈ পাৰ্টি এটা আছিল । চিকেন ফ্ৰাই-বাটাৰ নান- চিকেন কাৰী আৰু বহুত কিবা কিবি................
কিন্ত কিছুমান কথা বিশেষ একো চেঞ্জ হোৱা নাই............... এদিন ভেজ-ৰোল এটা হাফ-হাফ কৰি খাইছিলো, আজি চিকেন-কাৰী প্লেট জীৱনৰ লগত হাফ-হাফ কৰি খালো ।

No comments:
Post a Comment