Thursday, September 24, 2015

কটন কলেজ- ৰেগিং, বনদীপা দুৱৰা আৰু উষা ব্ৰহ্ম

২০০৬ চন, তেতিয়া আমি ডিগ্ৰী থাৰ্ড ইয়াৰত , মানে ডিপাৰ্টমেন্টৰ চিনিয়ৰ । নতুনকৈ এডমিচন লোৱা ড্ৰিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ লৰা-ছোৱালীখিনি কেমেস্ত্ৰী জুনিয়ৰ গেলাৰীত বহি আছিল ।

দিপাংকৰে কলে, "ফাৰ্ষ্ট ইয়াৰখিনি ইয়াত বহি আছে, বল ইন্ত্ৰো লৈ আহো"

- কিন্ত ৰেগিং তো বেন কৰিছে, কোনোবাই যদি কমপ্লেইন দি দিয়ে..... সংগীতাই কলে
- অকল নাম-চাম , সুধিমহে, জাষ্ট ইন্ত্ৰো...... দিপাংকৰে কলে

গোটেইকেইটা গেলাৰীৰ দুৱাৰমুখ পালোহি । ভিতৰত জুনিয়ৰখিনি বহি আছে । কিন্ত কথাটো হল কোনেও এতিয়া প্ৰথমতে নোসোমায় , ইটোৱে সিটোক তই আগত যা, তই আগত যা বুলি কৈ আছে ।
হঠাত কোনোবাই মোক ঠেলা এটা মাৰি দিলে । মই গেটৰ ভিতৰ পালোহি । খঙেৰে মই লগৰকেইটাৰ ফালে চালো । জীৱনে দাত নিকটাই আছে ।

গেলাৰীৰ ফালে চাই দেখিলো ৩৫ টা মান লৰা-ছোৱালীয়ে মোৰ ফালে ট ট কৈ চাই আছে । নাৰ্ভাছ হৈ গলো । অন্ঠ-কন্ঠ শুকাই যোৱা যেন লাগিল । কোনোমতে হাত দুখন লাহে লাহে ওপৰলৈ নিলো ।

গোটেইকেইটা জুনিয়ৰ মোৰ হাতৰ মচনৰ লগে লগে থিয় দিলে । অলপ সকাহ পালো ।

- আমি তোমালোকৰ চিনিয়ৰ, তোমালোকে নিজৰ নিজৰ ইন্ত্ৰো দিয়া, নাম, এড্ৰেছ আৰু কলেজ......... মই কোনোমতে কলো

এজন এজনকৈ জুনিয়ৰকেইজনে নিজৰ ইন্ট্ৰো দিয়াত লাগিল । ইতিমধ্যে লগৰকেইটাও ভিতৰ সোমাই আহিল । কোনে কি কৈছিল মনত নোসোমাল যদিও সেই ১০-১৫ মিনিটত নাৰ্ভাছনেচ কমি ষ্টেবল পজিচনলৈ আহিলো ।

এনেতে দিপাংকৰে ধুনীয়া ছোৱালী এজনীৰ ফালে আঙুলি টোৱাই সুধিলে, " তোমাৰ নাম কি, কৰপৰা আহিছা "
- বনদীপা দুৱৰা, ডিব্ৰুগড়, চল্ট ব্ৰুক

জুনিয়ৰৰ ইন্ত্ৰো লব আহিছো আৰু দম দিয়া নাই, সেইটো কেনেকৈ হব । পাছফালে বহি থকা ছোৱালী এজনী চকুত পৰিল , জিনছ পিন্ধি আহিছে ।
- হেই ইউ, ছেকেন্ড লাষ্ট ৰো, থাৰ্ড ওৱান, হোৱাটছ ইয়ৰ নেম........ মই কলো
- উষা ব্ৰহ্ম পি.আৰ. ..... ছোৱালীজনীয়ে কলে
- ফ্ৰম নেক্সট ডে চুৰিদাৰ পিন্ধি আহিবা, জিনছ নট এলাউড ইন আৱাৰ ডেপ্ট আপটু ফ্ৰেচাৰ্চ ........... মই কলো
কিন্ত ছোৱালীজনী চুপ-চাপ থকা বিধৰ নাছিল
- আই থিংক ৰেগিং ইজ প্ৰহিবিটেড........ ছোৱালীজনীয়ে ওভোটাই কলে
এনেকৈ ওলোটাই কব বুলি মই ভৱা নাছিলো । এতিয়া কি কম ভাৱিবলৈ ধৰিলো ।
সেই মুহুৰ্ততে দিপাংকৰে মাত লগালে, " This is not ragging, this is our dept's rule, if you want to be in the dept, you should obey the rules".
জীৱনেও যোগ দিলে , "Rules are rules"
জয়ন্তয়েও সকলোৱে নিয়ম মানিবই লাগিব বুলি কৈ দিলে ।

কেচটো অলপ জেঙৰ ফালে যাবলৈ ধৰা দেখি মই টপিকটো বদলাবলৈ কলো, "আমি তোমালোকৰ মাজত কেইটামান কম্পিটিচন পাতিছো । ৰচনা প্ৰতিযোগিতা, টপিক হল কটন কলেজত মোৰ প্ৰথম ১৫ দিনৰ অভিজ্ঞতা । কবিতা , থীম আশা বা হপ আৰু লাভ লেটাৰ কম্পিটিচন । ফ্ৰেচাৰ্চৰ দিনা প্ৰাইজ দিয়া হব "

তাৰ পাছত এটা ডায়লগ মাৰিলো, "চিনিয়ৰৰ লগত যদি ভালকৈ নাথাকা, তেন্তে পাছত তোমালোকৰেই প্ৰবলেম হব "
দিপাংকৰে আৰু এটা দায়লগ মাৰিলে , " চিনিয়ৰক যতেই দেখা মাতিব লাগিব । বিফৰ ১২, গুড মৰ্নিং, আফটাৰ ১২ , গুড আফটাৰনুন "
আৰু কেইটামান ডায়লগ ডেলিভাৰ কৰি গোটেইকেইটা গহীন এক্সপ্ৰেচন দি গেলাৰীৰপৰা ওলাই নিজৰ ক্লাছৰুম পালোহি ।

তাৰ পাছত.............
জুনিয়ৰে গুড মৰ্নিং, গুড আফটাৰনুন কৈ আমাক টেনচন দি দিলে । যতেই দেখো তাতেই গুদ মৰ্নিং, ৰাষ্টাৰ মাজত ১০-১২ জনী ছোৱালীৰ গ্ৰুপে যেতিয়া এজনী এজনীকৈ গুড মৰ্নিং দাদা বুলি কয় আৰু সেই সময়তে আশে পাশে থকা মানুহৰ চকু যেতিয়া নিজৰ ওপৰত পৰা যেন দেখা পাও তেতিয়া কামোৰ খাই যোৱাটো স্বাভাৱিক । পাছলৈ জীৱন, অলকেশে জুনিয়ৰ দেখিলেই লুকাবলৈ আৰম্ভ কৰিলে ।

দিপাংকৰে বনদীপা দুৱৰাৰ লগত কেইদিনমান আইচক্ৰীম খালে, কফিও খালে, আনকি দুদিনমান প্ৰখৰ ৰদত ছাতিও ধৰিলে , কিন্ত বেচেৰাৰ দাইল নিসিজিল । নেহেৰু পাৰ্কত বনদীপা দুৱৰাৰ সৈতে এটি সন্ধিয়াৰ সপোন বেচেৰাৰ সপোনেই হৈ থাকিল । তাৰ পাছৰ বছৰ বনদীপাই এন্ট্ৰেচ ক্লিয়াৰ কৰি শিলচৰৰ আচাম মেডিকেল কলেজ পালেগৈ ।

পাছে উষা ব্ৰহ্মৰ কি হল ।

গুন্ডা টাইপৰ চিনিয়ৰৰ গেঙৰ লগত ফেপেৰি পাতি বেচেৰীৰ অলপ ভয় লাগিল । তাই গ্ৰুপত থকা হল । এদিন তাই চিনিয়ৰৰ মেইন ভিলেইনটোক ডিপাৰ্টমেন্টৰ চিৰিত অকলে বহি থকা দেখা পালে ।

এক্সুৱেলি মই সেইখিনি সময়ত ক্লাছৰ মুখত থকা চিৰিত বহি ৰাষ্টাৰ মানুহ-দুনুহ চাই আছিলো ।
- এক্সকিউজ মি দাদা

ছোৱালী এজনীৰ মাতত মই ডিচটেন্ট ভিচনটো ক্লজ আপলৈ কনভাৰ্ট কৰিলো । উষা ব্ৰহ্ম প্লাছ চাৰিজনী ছোৱালীৰ গ্ৰুপ এটা । গ্ৰুপটো দেখি বুকুখন চিৰিংকৈ গল । ছোৱালীকইজনীয়ে সিদিনাখনৰ ৰেগিঙৰ বদলা লবলৈ অহা নাইতো ।

- আপোনাৰ লগত কথা এটা আছিল ...... গ্ৰুপৰ ছোৱালী এজনীয়ে কলে
- কি কথা
- মানে দাদা, আই ৱাজ ব্ৰট আপ ইন মুম্বাই, অই ডন্ট ফিল কমফৰটেবল উইথ চাদৰ-মেখেলা অৰ চুৰিদাৰ, এক্সুৱেলি মোৰ চুৰিদাৰ নাইয়েই .... উষা ব্ৰহ্মই কলে

মই অলপসময় ভাবিলো, তাৰ পাছত কলো, "ডন্ট ৱৰী, উই উইল নেভাৰ ফৰ্চ য়ু এগেইন্ষ্ট য়ৰ উইল । এভৰি পিপল অৱ ডা ৱৰ্ড ইজ ফ্ৰী টু ডু হোৱাট ডে লাইক । যদি তুমি কৰবাৰপৰা মেনেজ কৰিব পাৰা, তেন্তে ভাল কথা, যদি নোৱাৰা, তেনেহলেও কোনো কথা নাই, ডন্ট ৱৰী, কেমেস্ত্ৰী ডিপাৰ্টমেন্টৰ কোনেও তোমাক মিচবিহেভ নকৰে "

থেংক ইউ দাদা বুলি কৈ জুনিয়ৰকেইজনী গলগৈ । মই স্বস্তিৰ নিশ্বাস পেলালো ।

ফ্ৰেচাৰ্চৰ আগলৈকে উষা ব্ৰহ্মই চুৰিদাৰ মেনেজ কৰিব নোৱাৰিলে । কিন্ত সকলোকে আচৰিত কৰি ফ্ৰেচাৰ্চৰ দিনা উষা ব্ৰহ্মই নতুন গোলাপী ৰঙৰ চেলোৱাৰ পিন্ধি আহিল ।

আমাৰ ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চত সকলো জুনিয়ৰে ৰঙা গোলাপ এটা পচন্দৰ লৰা বা ছোৱালী এজনী এজনীক দিব লাগে আৰু দিয়াৰ তিনিটা কাৰন কব লাগে ।

আইৰনিকেলি উষা ব্ৰহ্মই ধুনিয়া হাহি এটাৰে ফ্ৰেচাৰ্চত গোলাপপাহি মোক দিলে আৰু কলে , " দাদা বহুত চাৰমিং, হেন্ডচাম আৰু স্মাৰ্ট "

বিদ্যা শপত, সেইয়াই লাইফত প্ৰথম আৰু শেষবাৰৰ বাবে কোনোবা ছোৱালীয়ে মোক চাৰমিং, হেন্ডচাম আৰু স্মাৰ্ট বুলি কৈছিল

N.B . অৱশ্যে এমাহমানৰ পাছতেই উষা ব্ৰহ্ম কটন কলেজ এৰি চেন্নাইলৈ ইঞ্জিনাৰিং পঢ়িবলৈ গলগৈ আৰু কাহিনী এটা আৰম্ভ হোৱাৰ আগতেই শেষ হৈ পৰিল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...