Thursday, September 24, 2015

ফাল্টু, ফুং এন্ড ৰনদীপ

ফাল্টু, ফুং আদি শব্দকেইটা সাধাৰন মানুহৰ বাবে অইন অৰ্থ বুজাব পাৰে কিন্ত ড্ৰিল চাইটত কাম কৰা মানুহৰ বাবে এই শব্দকেইটা অতিকৈ চিনাকি আৰু মৰমৰ । শ্বিফট ডিউটিটো কমপ্লিট বাংক মৰাক ফাল্টু লোৱা বুলি কোৱা হয় । ফাল্টু লবলৈ চাইটৰ শ্বিফট ইনচাৰ্জৰ লগত ভাল বুজাবুজিৰ দৰকাৰ হয় । সাধাৰনতে এই ভাল বুজাবুজি আহৰন কৰা হয় ফুল বা হাফ বটলৰ শ্বেয়াৰিঙৰ যোগেদি । ফৰটিন ডেইজত অৱশ্যে অকল শ্বিফট ইনচাৰ্জেই নহয় অইন মানুহকে খুচ কৰিবলৈ হাহ-কুকুৰা-গৰম পানীৰ পাৰ্টি দিবলগীয়া হয় ।

চাইটত কেমেস্ত্ৰীৰ মানুহ এজনেই থাকে । গতিকে ফাল্টু লোৱাটো সহজ নহয় । ফাল্টুৰ সলনি আমি ফুং মাৰো । ফুল ফুং বা হাফ ফুং । চাইটত কামৰ মতি-গতি অধ্যয়ন কৰি যিখন শ্বিফট বাছত আহি চাইট পাও সেইখনতে উভটি যোৱাটোক ফুল ফুং আৰু চাইটত কিছুসময় দেখা দি ৰফুচক্কৰ হৈ যোৱাটোক হাফ ফুং বোলা হয় ।

চাইটটো গেলেকীত থাকোতে মই ফুং বেছিকৈ দিয়া নাছিলো । কিন্ত যেতিয়াৰেপৰা চাইটটো ৪০ কিলমিটাৰ দুৰৰ লাকুৱালৈ গলগৈ আৰু গেলেকীৰ ৰাস্তাৰ সৰু-ডাঙৰ পুখুৰী ফালি ডান্সিং বাছত ঝটকা খাই ডেৰঘন্টাৰ জাৰ্নিৰ পাছত জীৰ্ন-শীৰ্ন দেহ-মনৰে লাকুৱাৰ চাইট পাবলৈ ধৰিলো তেতিয়াৰে পৰা মোৰ মাইন্ডচেটো সলনি হৈ পৰিল ।

ৰনদীপ আৰু আমি বেলেগ বেলেগ চাইটৰ । আমি মানে মই , খঞ্জন আৰু কোঁৱৰ । ৰনদীপৰ চাইটত প্ৰজাপতি আৰু দীৰুদা । ৰনদীপৰ চাইটত ফুং দিয়াৰ প্লেন বনায় ৰনদীপ আৰু প্ৰজাপতিয়ে । আমাৰ চাইটত খঞ্জনে প্লেন বনায় । দুয়োটা প্লেনৰ ওপৰত বেচ কৰি মই মোৰ মেইন প্লেন আৰু বেক আপ প্লেন বনাও ।

ফুং দিয়াৰ বাবে আমি দিনত খেপ দিও চাইটলৈ বাইক বা গাড়ী লৈ অহাসকলক । বাইকৰ পাছত বা গাড়ীত এডজাষ্ট কৰি লাকুৱাৰপৰা নাজিৰা পাও আৰু তাৰপৰা গেলেকীলৈ যোৱা চাইটৰ বাছ ধৰি ডাইৰেক্ট ডি.এছ.এ-গেলেকী । ইভেন আমি ডি.এছ.এ পাও মানে গেলেকীৰ চাইটত ডিউটি কৰি নিজৰ মৰৱাই থকা চন্দনদাও আহি নাপায় ।

নাইট শ্বিফটত প্লেনৰ ডাইৰেকচন বেলেগ হয় ।
প্লেন A ত থাকে ৰাতি ডিনাৰ চাপ্লাই দিবলৈ অহা চুমুখন ।
প্লেন B ত থাকে চাইটৰ ইমাৰজেন্সি ভেহিকল ।
প্লেন C ত থাকে পাৰচনেল ভেহিকেল ।

মুঠতে নাইট শ্বিফট কৰি ৰাতিপুৱা পাচ বজাত নাজিৰা পালেই হল । তাৰপৰা গেলেকীলৈ শ্বিফট বাছ পাই যাও ।
প্ৰথমতে দীৰুদা মানুহটো একেবাবে ফুং নাছিল । কিন্ত গেলেকীৰ ৰাষ্টাৰ গাতৰ ঠেকেচা আৰু ৰনদীপৰ মটিভেচনে দীৰুদাকো ফুং বনাই দিলে ।

ৰনদীপৰো টাইটেল চইকীয়া । সি সদায় আমাতকৈ দুই কদম আগত থাকিব বিচাৰে । কিন্ত ৰনদীপকো মালুম নহী থা কে হাৰ চইকীয়া ড্ৰিলাৰ কে দু কদম আগে এক চইকীয়া হোতা হে জিচকো লোগ কেমিষ্ট চইকীয়া বোলটা হে ।

৩১ মেত এঘাৰ নম্বৰ নাইট ডিউটি কৰি ৰনদীপ ডি.এছ.এ পাইছেহি । গেটত সোমায়েই ৰনদীপ দুখী হৈ গল । দাতত ব্ৰাছ এডাল লৈ মই মৰ্নিং ৱাক কৰি আছো ।

- আৰে বিক্কাচদা ইমান জল্দি
- আৰে ৰনদীপ, ইমান দেৰি হল তোমাৰ, ফিলিং চেদ...... মই কাট মাৰিলো
দুখমনৰে ৰনদীপে বাংক হাউচলৈ খোজ ললে । দুখী ৰনদীপে খঞ্জনলৈ ফোন কৰিলে । খঞ্জন ইঞ্জিনাৰিং কলেজত ৰনদীপৰ এবছৰৰ জুনিয়ৰ আছিল ।
- অই খঞ্জু , বিকাচদা কেনেকে আহিল...... ৰনদীপে সুধিলে
- ফাল্টু লৈ ললে..... খঞ্জনে কলে
- কি, কেমিষ্টে ফাল্টু ললে, আৰু তই
- মই কি কম বুলি ভাৱিছিলো , মানে ময়ো কালি ফাল্টু ললো ...... খঞ্জনে মিহিকে কলে

ৰনদীপৰ ইগো হাৰ্ট হৈ গল । ৰনদীপে ডিচাইড কৰিলে, বাই হুক অৰ বাই ক্ৰুক সি দুই কদম আগত থাকিব । ১ জুনৰ বাৰ নম্বৰ নাইটত ৰনদীপে ফাল্টু ললে আৰু লগতে দীৰুদাকো ফাল্টু লোৱাই দিলে ।

দীৰুদাই ফাল্টু লোৱাৰ ফলত বহদিনৰ মুৰত শ্যামলদাক লগ পালে । শ্বিফ্ট নিমিলাৰ বাবে এনেয়ে শ্যামলদাক লগ নাপায়েই । ৰি-ইউনিয়নৰ এই খুচিত ২৫ নম্বৰ বাংক হাউচত তামাম পাৰ্টি চলিল । খুব জমিল ৰং যত মিলি বহিল চাৰি য়াৰ, চন্দনদা, দীৰুদা, শ্যামলদা আৰু ...... ।

তেৰ নম্বৰ নাইট, ২ জুন । মিউচুৱেল এটা মাৰি দিনৰপৰা ডবল শ্বিফ্ট কৰি আছো । এক্সট্ৰা ডিউটি কৰাৰ বাবে তেৰ দিনত চৈধ্যটা ডিউটি হৈ যাব । মানে এদিন আগতেই কাইলৈ টু গুৱাহাটী । সোনকালে চাইটৰপৰা ওলাবলৈ বাইক লৈ আহিছো । পুৰা ফুল প্ৰুফ প্লেন ।

ৰাতি ১০ টা মান বাজিছে । ৰনদীপে ফোন কৰিলে ।
- বিকাচ দা, আজি আপোনাৰ প্লেন কি...... ৰনদীপে সুধিলে
- মোৰ বহুতকেইটা প্লেন আছে......... মই কলো
- অকে
ৰাতি ১২ টা মান বজাত খঞ্জনে ফোন কৰিলে
- বিকাচ দা, আমি ইমাৰজেন্সি লৈ ওলাম, ওলাওক
- মই বাইক লৈ যাম ৰাতিপুৱা......... মই কলো
- অকে

সুয্যৰ প্ৰথমটো কিৰণ ওলোৱাৰ লগে লগে বাইক ষ্টাৰ্ট দিলো । ডি.এছ.এ পাই ব্ৰেকফাষ্ট কৰি চাইটৰপৰা ৰিটাৰ্ন হোৱা বাছ ধৰি শিবসাগৰ পোৱাৰ প্লেন । যাবলৈ ৰেডি হৈ ডি.এছ.এৰ গেট পাও মানে দেখিলো ৰনদীপ-প্ৰজাপতি-দীৰুদা আহি পাইছেহে ।
- আৰে ৰনদীপ, ইমান দেৰি হল যে, ফিলিং চেদ........ মই চান্সতে কাট এটা মাৰি দিলো
ৰনদীপে দুখমনৰে বাংক হাউচলৈ খোজ ললে ।

শিৱসাগৰ টাউন পাই গম পালো যে ৪ জুন অৰ্থাত পাছদিনা অসম বন্ধ । গাড়ী নচলে । ৰনদীপক বেজী দিয়াৰ লোভকন সামৰিব নোৱাৰিলো ।
এছ.এম.এছ এটা ৰনদীপলৈ পঠাই দিলো...... Tomorrow is Assam Bandh. Plan Accordingly, don’t worry , I am on the way to Guwahati

বি.দ্ৰ. বিশেষ সুত্ৰৰ পৰা জানিব পৰামতে নেক্সট ফৰটিন ডেইজত দুই কদম আগত থাকিবলৈ ৰনদীপে এতিয়াৰেপৰাই প্লেন বনাই আছে ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...