দীৰুদাই মোক মক্কেল বনাই ফচাই দিলে ।
এক্সুৱেলি গগৈদাই দীৰুদাৰ হাতত পাৰ্চেলটো দি পঠোৱাৰ কথা আছিল । কিন্ত
দীৰুদাই মোৰ লগত গেম খেলি দিলে । দীৰুদাই ডিউটি বাংক মাৰি এদিন আগতেই
গুৱাহাটীলৈ ফুটি দিলে ।
গুৰাহাটীৰপৰা গগৈদাক ফোন কৰি কলে যে চইকীয়াৰ ঘৰ NERIMৰ এক্কেবাৰে ওচৰতে, ৱাকিং ডিচটেন্স, একেদিনাই বস্ত পাই যাব । এইবুলি কোৱাৰ পাছত গগৈদাই এনেকুৱা কামোৰ দিলে যে কামোৰত উপাই নাপাই হব বুলি কব লগাত পৰিল ।
গগৈদাৰ ছোৱালীজনীৰ নাম বিৰিনা, গুৱাহাটীৰ নেৰিমত এম.বি.এ কৰি আছে । গগৈদাই মোৰ হাতত কাপোৰৰ টোপোলা এটা পঠাই দিলে ।

ডি.এছ.এ গেলেকীৰ পৰা ৰাতিপুৱা ছয় বজাতে ওলাই গৰমত বাছত ঘামে জোলে একাকাৰ
হৈ সন্ধিয়া ছয় বজাত ঘৰ পালোহি । মম্মীয়ে চিকেন ৰান্ধি থৈছিল । গাটো ধুই ভাত
খাবলৈ বহিলো । এনেতে ফোনটো বাজিল
- চইকীয়া, পালাগৈ নে...... সিমুৰত গগৈদাৰ মাত
- এইমাত্ৰ পাইছো
- আচ্ছা বস্তটো আজিয়েই দি দিবা চোন
- অকে, মই বিশমিনিটৰ ভিচৰত নেৰিম পাই যাম, ছোৱালীজনীক গেটলৈ ওলাই আহিবলৈ দিয়ক
নেৰিমখন ঘৰৰ একেবাৰে ওচৰতে । ব্লেক ট্ৰেক আৰু নীলা টি চাৰ্ট লগাই পাৰেচেলটো লৈ ওলালো । নেৰিমৰ গেট পালো । গেটত চিকিউৰিটী এজন আছিল ।
- কত যাব
- ছোৱালী হোষ্টেল যাও, কাপোৰ ডেলিভাৰী দিব লাগে...... মই হাতৰ টোপোলাটো দেখুৱালো
- ধুবীৰ মানুহ নেকি ... চিকিউৰিটীয়ে সুধিলে
- মোক দেখাত ধুবী যেন লাগে নেকি বে.... মই খঙেৰে সুধিলো
- নাই মানে
চিকিউৰিটীজনক আই কাৰ্ড দেখুৱাই বুজাই দিলো যে মই ধুবীৱালা নহয় । গগৈদাক ফোন কৰি কলো যে মই গেটত আছো আৰু চিকিউৰিটীয়ে সোমাবলৈ দিয়া নাই । গগৈদাই ছোৱালীজনীক গেটলৈ আহিবলৈ কম বুলি কলে ।
গেটত টোপোলাটো হাতত লৈ ৰখি আছো । হোষ্টেলৰ ফালৰপৰা ছোৱালী এজনী ওলাই আহিল । ছোৱালীজনীৰ ফেচ-কাটিংটো গগৈদাৰ লগত মিলে । মোৰ ওচৰ পোৱাৰ সময়তে ছোৱালীজনীয়ে মিচিকিয়াই হহাৰ দৰে কৰিলে ।
- আচ্চা ভন্টি, মই তোমাৰ দেউতাৰ লগত কাম কৰো, দেউতাৰাই এই পেকেটতো দি পঠিয়াইছে...... এইবুলি কৈ ময়ো মিচিকিয়াই হাহি এটা মাৰি টোপোলাটো ডাঙি ধৰিলো
- হোৱাট ননচেঞ্চ, হু আৰ ইউ.... ছোৱালীজনীয়ে ভেকাহি মাৰি কলে
- মানে বিৰিনা গগৈ
- ছাট আপ....... মুখেৰে আৰু কিবা-কিবি ভোৰভোৰাই ছোৱালীজনী গেটৰ বাহিৰ পালেগৈ
মা কচম, ২৮ বছৰীয়া লাইফত বহুত জাগাত হিউমিলেট হৈছো, কিন্ত আজি টো ইজ্বতৰ ফাটিচৰ হৈ গল । ইফালে সিফালে চালো, কোনোবা চিনাকি মানুহে দেখিলে নেকি । নাই ৰক্ষা ।
আকৌ গগৈদাক ফোন লগালো । ফোন ৰিং হৈ হৈ কাটি গল । মোৰ মাথা গৰম হৈ উতলি গল ।
- দাদা বৰকৈ ঘামিছে দেখোন......চিকিউৰিটি লৰাজনে হাহি হাহি সুধিলে
চব দীৰুদাৰ কাৰনে জঞ্জতত ফচি গলো । দীৰুদাক ড্ৰিলাৰ কেইটামান লগাই পিটন দিয়াৰ তীব্ৰ ইচ্চা এটা জাগি উঠিল ।
- দাদা, দেউতাই আপোনাৰ হাততে নাজিৰাৰপৰা কিবা পঠিয়াইছিল নেকি...... পাছফালৰপৰা ছোৱালী এজনীয়ে মাত লগালে
মুখেদি এটা শব্দও উচ্চাৰণ নকৰিলো । টোপোলাটো ছোৱালীজনীৰ হাতত দি হাতেৰে চেহেৰাৰ ঘাম মচি নেৰিমৰ গেটৰপৰা ঘৰলৈ আটাইতকৈ চৰ্টেষ্ট ৱে ৰে ফুল স্পীডত খোজ কাঢ়িবলৈ আৰম্ভ কৰি দিলো ।

No comments:
Post a Comment