(১ )
ৰাতিপুৱা শ্বিফট গাড়ীৰে গেলেকীৰপৰা লাকুৱাৰ চাইটলৈ গৈ আছো । সমুখৰ চিটত ৰণদীপ আৰু দীৰুদা । পাছৰ চিটত মই । প্ৰজাপতি সোফালৰ চিট এটাত অকলে বহি গৈছে । ৰণদীপে নিৰ্দিষ্ট ইন্টাৰভেলত পিকাই গৈ আছে ।
- দীৰুদা কি কম আৰু আপোনাক .... ৰনদীপে কলে
- কি কবি.... দীৰুদাই সুধিলে
- এই প্ৰজাপতিটো মোৰ ৰুমমেট, সি চাল্লা গোটেই ৰাতি কেবল হোৱাটছএপ আৰু ফোন, মোক শান্তিত শুবই নিদিয়ে, কি কম আৰু আপোনাক
- তয়ো হোৱাটছএপ কৰিবি আকৌ
- সেইটোৱেইটো কথা, কাক কৰিম............. ৰণদীপে এবাৰ পিকাই এটা দুখী চাৱনি দিলে

দীৰুদাই কুল স্মাইল এটা দি কলে ....... তোৰ হাতখন চাও
ৰণদীপে হাতৰ তলুৱাখন মেলি দিলে
দীৰুদাই ৰণদীপৰ হাতখন চাই কলে ..... তোৰ লাইফ লাইন ঠিকে আছে, কিন্ত ফেট লাইন জেং আছে, চাৰ্কল অৱ ভেনাছক অৰবিট অৱ মুনে ক্ৰচ কৰিছে, তই ৰুবী পিন্ধিব লাগিব
- আপুনি কেনেকৈ জানিলে... ৰণদীপে সুধিলে
- হে হে জানো আৰু, মোৰো তোৰ নিচিনাই জেং আছিল, এতিয়া এইয়া চা, কেঞা আঙুলিত গোমেজ, অনামিকাত ৰুবী, মধ্যমাত নীলম, চব জেং ক্লিয়াৰ
- মই ৰুবী পিন্ধিলে হৈ যাব
- হানড্ৰেড পাৰচেন্ট..... দীৰুদাই একেবাৰে পাক্কা জোতিষীৰ দৰে কলে
ৰণদীপে দীৰুদাৰ হাতৰপৰা ৰুবীটো সোলোকাই নিজৰ অনামিকা আঙুলিত পিন্ধি ললে ।
ৰনদীপক ৰুবী পিন্ধাই দীৰুদা মোৰ লগত বহিলহি ।
- আপুনিও কিছু ফান্ডা দিয়ে দেই , বেচেৰাক টুপী পিন্ধাই দিলে........মই কলো
- টুপী নহয় ৰুবী........ দীৰুদাই মোৰ কানে কানে কলে
বাছ গৈ শিমলুগুৰিত ৰখিল । শিমলুগুৰিত লাকুৱালৈ যোৱা জেনেৰেল পাবলিক এজাক হুৰমুৰকৈ উঠিল ।
একেবাৰে লাষ্টত ছোৱালী এজনী । দীৰুদাৰ ভাষাত তামাম বিউটিফুল ছোৱালী এজনী । ছোৱালীজনীয়ে বাছত উঠি ইফালে সিফালে চালে ।
ইতিমধ্যে বাছত প্ৰায়বোৰ চিট ফুল । অকল ৰনদীপৰ কাষৰ চিটটো খালী ।
কিছুসময় পাছত দেখিলো ৰণদীপে খিড়িকিয়েদি পিকোৱা বাদ দিছে । ছোৱালীজনীৰ লগত দুই এটা কথা পাতিছে । অলপ সময় পাছত দুয়োটাই হাহিছে । লাকুৱা পোৱাৰ আগতেই মবাইলত ৰণদীপে নাম্বাৰ চেভ কৰিছে ।
দীৰুদা আৰু মই দুয়েটা ৰনদীপৰ খুচী দেখি দুখী হৈ আছো । প্ৰজাপতিলৈ চালো, সিও ৰনদীপলৈ দুখী চাৱনি এটা দি চাই আছে ।
দীৰুদাই কলে........ ৰুবী পিন্ধিলে কাম দিয়ে চোন বে ।
(২)
প্ৰজাপতি এইকেইদিন বহুত টেনচনত আছে । ৰুবীয়ে এন্ত্ৰি মাৰাৰ পাছত ৰণদীপ বোলে আজিকালি বহুত চেঞ্জ হৈ গৈছে । কানত হেডফোন লগাই মিচিক মাচাককৈ হাহি থাকে । বাছৰপৰা পিক পেলোৱাও বাদ দিলে । মানুহটো একদম ঠান্ডা হৈ গল । সকলোতকৈ ডাঙৰ কথা চাইটৰপৰা দুপৰিয়া বোলে ৰণদীপ গায়ব হৈ যায় ।
ডিনাৰ টেবুলত প্ৰজাপতি, দীৰুদা আৰু মই লগ হলো । প্ৰজাপতিয়ে ৰণদীপৰ কথা আদ্যোপান্ত কলে ।
- আমি কিবা এটা কৰিব লাগিব, ইমান চিনচিয়াৰ লৰাটো এনেকৈ চাইটৰপৰা গায়ব হৈ গলে কেনেকৈ হব....... দীৰুদাই কলে
- চব আপোনাৰ কাৰনে, আপুনিহে তাক ফান্ডা দি ৰুবী পিন্ধাই দিলে, চাল্লা লংগুৰ কে হাত মে অংগুৰ আহি গল , এতিয়াতো সি চেলটি গলেই...... প্ৰজাপতিয়ে টেবুলত ভুকু এটা মাৰিলে
- কুল ডাউন প্ৰজা, কাইলৈ তাৰ জাচুচি কৰিব লাগিব........ মই কলো
পাছদিনা চাইটত, ৰণদীপৰ ওপৰত নজৰ দি আছো । চাইটৰ বাহিৰত কন্টিজেন্ট লেবাৰ এটাৰ বাইক ৰেডি হৈ আছে । ৰণদীপৰ আজি পিচা কৰিব লাগিব ।
বাৰটামান বজাত ইফালে সিফালে চাই ৰণদীপ চাইটৰ বাহিৰ ওলাল । সি নেদেখাকৈ দীৰুদা আৰু প্ৰজাপতিয়ে তাৰ পিচ ললো । ৰণদীপ বেগাবেগিকৈ গৈ আছে । প্ৰজাপতি আৰু দীৰুদা মুৰটো টুপীৰে ঢাকি বাইকেৰে লাহে লাহে ফলো কৰি গৈ আছে ।
ৰনদীপ শ্যামগাওৰ কেকুৰীটো পাৰ হল ।
- আব্বে চাল্লা, ৰুবী বে........... প্ৰজাপতিয়ে কলে
কেকুৰীটোত স্কুটী এখন লৈ ৰুবী ৰৈ আছিল । ৰণদীপ পাছচিটত বহিল । প্ৰজা আৰু দীৰুদাই পিছ ললে । ৰুবী-ৰণদীপ গৈ শ্যামগাওৰ দুমহলীয়া ঘৰ এটাত সোমাল । হাহি হাহি দুয়োটা ঘৰটোলৈ সোমাই গল ।
কাষৰ মানুহৰপৰা গম লৈ জনা গল যে ৰুবীৰ আচল নাম তুলিকা বৰুৱা । ডিব্ৰুগড়ত এম.এ কৰি আছে । জিয়গ্ৰাফি ।
লগে লগে শ্যামলদাক কন্টেক কৰা হল । শ্যামলদা ছবছৰ আগতে ডি.ইউৰ জিএছ আছিল । এটা হাফৰ বিনিময়ত শ্যামলদাই তুলিকাৰ হিষ্টৰী-বায়গ্ৰাফি কালেক্ট কৰি দিলে । শ্যামলদাই দিয়া দিয়া ইনফৰমেচনৰ ভিতৰত চবতকৈ ইম্পৰটেন্ট কথাটো হল ডি.ইউত আলৰেডি প্ৰাঞ্জল নামৰ মক্কেল এটাৰ লগত তুলিকাৰ হিয়া-দিয়া-নিয়া চলি আছে ।
ৰাতি ডিনাৰৰ পাছত চাৰিঘন্টা ডিচকাচনৰ পাছত কনক্লুজনত অহা হল যে বেচেৰা ভোলা-ভালা ৰণদীপক লগত তুলিকাই গেম খেলি আছে গতিকে যিহেতু ৰনদীপ আমাৰ দোস্ত হয় গতিকে এই বুৰী চংগতৰ কবলৰ পৰা আমি তাক বচাব লাগিব ।
- আপেনাৰ হাতত বুৰী চংগত খেদোৱা পাথৰ-চাথৰ নাই নেকি.......... প্ৰজাপতিয়ে দীৰুদাক সুধিলে
- গোমেজ এটা আছে....... দীৰুদাই কেঞা আঙুলিটো দেখুৱাই কলে
পাছদিনা শ্বিফট বাছত চলচাতুৰীৰে দীৰুদাই ৰণদীপক গোমেজটো পিন্ধাই দিলে ।
- ৰনদীপলৈ সচাকৈয়ে বেয়া লাগে বে । হেডফোনডাল কাণত লগাই মিচিক-মাচাককৈ হাহি থাকে । এনেকুৱা লাগে যেন সি এই দুনীয়াত নায়েই । সচাকৈয়ে বুৰী চংগতে মানুহক ফিনিচ কৰি দিয়ে..... দীৰুদাই কলে
আবেলি তিনি বজাত কন্টিজেন্ট লেবাৰ এটাই খবৰ আনিলে যে সি ৰণদীপক তামাম চালিয়া আপী এটাৰ লগত লাকুৱা চকত হাহি হাহি কল্ড ড্ৰিংক খোৱা দেখি আহিছে ।
লগে লগে আমি লাকুৱালৈ ওলালো । ৰণদীপক আজি ৰংগে হাত ধৰি লাইনত আনিব লাগিব ।
লাকুৱা পালো । চাহৰ হোটেল এখনৰ সমুখত ৰণদীপ-তুলিকা ।
- তই চাইট এৰি ইয়াত কি কৰি আছ বে.............. প্ৰজাপতিয়ে সুধিলে
- নাই সৰু কাম এটা আছিল...... ৰণদীপে কলে
- কি কাম আছিল দেখা টো পাইছোৱেই, তোৰ লগত কথা আছে, আৰ্জেন্ট.... দীৰুদাই অলপ টান সুৰত কলে
এনেতে তুলিকাই কলে.......... আপোনালোকক সিদিনাখন বাছত দেখিছিলো, আপোনালোক ৰণমামাৰ লগতেই কাম কৰে ন
- কোন ৰণ মামা ....... দীৰুদাই সুধিলে
ৰণদীপে কেচটো ক্লিয়াৰ কৰি দিলে যে তুলিকা ৰণদীপৰ দেউতাকৰ মাজুজনী বায়েকৰ নুমলীয়া জীয়েকৰ একমাত্ৰ ছোৱালী । মানে সিয়েই ৰণমামা ।
- এয়া প্ৰজামামা, এয়া দীৰুমামা আৰু এয়া চইকীয়ামামা, মোৰ কলিগ যেতিয়া আপোনালোকো মামাই হব দিয়কচোন........... ৰণদীপে আমাৰ ইন্ত্ৰো তুলিকাৰ লগত কৰাই দিলে
আবেলি শ্বিফট বাছত তনহা-উদাস-বেগানা হৈ চাইটৰ পৰা গেলেকীলৈ ৰিটাৰ্ন আহি আছো । খোদা পাহাৰ, নিকলা তুলিকা, বন গয়া মামা
- মামা নহয় মামু হৈ গলো বে....... প্ৰজাপতিয়ে মুৰঝায়া হুৱা চেহেৰাৰে কলে

No comments:
Post a Comment