Thursday, September 24, 2015

বিয়াঘৰত

সচা কথা কবলৈ গলে বৈধ্যম কামোৰ খাই আছো । বেগানী চাদী মে আব্দুল্লা দিবানা । মেলবৰ্ণত ইন্ডিয়া-অস্ত্ৰেলিয়াৰ খেল চলি আছে আৰু মায়ে জোৰ জৰবৰদস্তি কৰি দুপৰীয়াখন মাৰ বান্ধবীৰ ননদৰ বিয়ালৈ লৈ আহিছে । তাৰ পাছত বিয়াঘৰ পাই যি ভিতৰত সোমাল মাৰ দেখাদেখিয়ে নাই । মই বাহিৰৰ পেন্ডেলৰ চুক এটাত চকী এখনত বহি কেন্ডী-ক্ৰেচ খেলি টাইম কিল কৰি আছো ।

কুৰ্তা-পাইজামা পিন্ধা মধ্যবয়সীয়া মানুহ এজন ওচৰলৈ আহিল । মানুহজনৰ ডিঙিত গামোচা, হাতত তামোলৰ বটা এটা ।
- চাহ খালে নে.... মানুহজনে সুধিলে
- হয়, খালো... মই কলো
- আপোনাক ঠিক ধৰিব পৰা নাই
- ওচৰতে থাকো, নেইবাৰ
- মই পিছে কইনাৰ মহাক হয়...... মানুহজনে নিজৰ পৰিচয় দিলো
- আচ্ছা
- আপোনাক কিন্ত আগতে দেখা নাই ...... মানুহজনে সুধিলে
- এক্সুৱেলি , মই শিৱসাগৰত থাকো, চাকৰি তাতে, ছুটীত আহিছো
- আচ্ছা, কত কৰে বুলিলে
- অ.এন.জি.চিত কৰো, চাৰি বছৰ হল চাকৰি কৰা
- আচ্ছা, মানে ফেমিলী তাতে থাকে
- নহয় মানে মা-দেউতা-ভাইটি ইয়াতে থাকে..... মই কলো
- লৰা-ছোৱালী
- নাই....... মই কলো


মানুহজন মনে মনে ৰল । মই কেন্ডীক্ৰেছত মন দিলো ।
- আচ্ছা, আপুনি গোলাঘাটৰ দত্তৰ নাম শুনিছে চাগে..... মানুহজনে আকৌ কলে
- মানে কোন দত্ত...... মই সুধিলো
- আপোনাৰ কথা মই ধৰিব পাৰিছো, কি কৰিব কওক, চব তেৰাৰ ইচ্ছা , এয়ে মানুহৰ জীৱন, সুখ-দুখ, ইচ্ছা-অনিচ্ছা সকলো তেৰাৰ হাতত, আমিটো এই ৰংগমঞ্চৰ কতপুতলীহে......... মানুহজনৰ চেহেৰাত বহুত দুখ-বেদনা-সমবেদনাৰ এক্সপ্ৰেচন দেখা গল

এনেয়ে টেমা চুটি আছে, তাতে কামোৰৰ ওপৰত কামোৰ । মানুহজনক মদ-চদ খাই অহাৰ দৰেও লগা নাই ।

- এক্সুৱেলি মই অলপ বেলেগ চিন্তাত আছো, আপুনি বেয়া নেপায় যদি....... মই কামোৰটোক খেদোৱাৰ চেষ্টা কৰিলো
- আপোনাৰ চিন্তা মই নুবুজিলে কোনে বুজিব । মোৰ নিজৰো বিয়াৰ আঠ বছৰলৈ বাচ্ছা হোৱা নাছিল, পিছত গোলাঘাটৰ তৰুণ দত্তৰ চিকিতস্যা লৈহে প্ৰথম সন্তানৰ মুখ দেখিছো , আপুনিও দত্তৰ ওচৰলৈ এবাৰ গৈ চাব পাৰে, বৰ ভাল ফলাফল পাব.................. মানুহজনৰ চকুত এটা-দুটা আশাৰ তিৰবিৰনি

তেৰী মা কী । উনত্ৰিছ বছৰীয়া লাইফত ইয়াতকৈ বেছি কামোৰ কেতিয়াও খোৱা নাছিলো ।
- এক্সুৱেলি আই এম নট মেৰিড.......... মই অলপ টান মাতেৰে কলো

মানুহজনে অলপ সেমেনা-সেমেনি কৰিলে । মই আকৌ কেন্ডী-ক্ৰেছত মন দিলো ।
মানুহজনে তামোলৰ বটাটো থৈ জেপৰপৰা মবাইলটো উলিয়ালে ।

তাৰ পাছত মবাইলত কিবা টিপাটিপি কৰি মবাইলটো মোৰ ফালে আগবঢ়াই দি কলে ..
- এইফালে চাওকচোন, মবাইলত

মই খঙেৰে মানুহজনৰ ফালে চালো, তাৰ পাছত মবাইলটোৰ ফালে চালো । মবাইলৰ স্ক্ৰীণত ছোৱালী এজনীৰ ফটো ।
- কেনেকুৱা লাগিছে............. মানুহজনে হাহি এটা মাৰি সুধিলে
- ভালেই.......... মই কলো
- হে হে, মোৰ ভাগিন, জি.ইউৰ পৰা যোৱাবছৰ এনথ্ৰপলজিত ফাষ্ট ক্লাছ এম.এ, এতিয়া বি.এড কৰি আছে, খুব ভাল ছোৱালী................ মানুহজনে উচাহৰে কলে
- ভাল কথা..... মই হাহি এটা মাৰি কলো
- আপুনি অলপ বহকচোন, মই সাউতকৈ ভিতৰৰপৰা আহো, বাচ আধা মিনিট............ মানুহজন কোবাকুবিকৈ ঘৰৰ ভিতৰলৈ সোমাই গল

মানুহজন ভিতৰ সোমোৱাৰ লগে লগে চিধা পেন্ডেলৰ বাহিৰ ওলালো, গাড়ী ষ্টাৰ্ট দিলো আৰু গাড়ীৰপৰা মাক ফোন কৰি কলো যে মই ঘৰলৈ যাও, তুমি যেতিয়াই মন যায় অটো-টেক্সি কিবা ধৰি আহি যাবা ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...