Thursday, September 24, 2015

পাৰ্চেল ডেলিভাৰী(২) - এক ভিলেইন

ফাইনেন্স চেকচনৰ বৰুৱাদাৰ লগত ভাল টাৰ্মচ আছে । মাহত এবাৰ টি.এ. বিল চাবমিট কৰিবলৈ শিৱসাগৰৰ অফিচলৈ যাও । বৰুৱাদাই আমাৰ টি.এ বিলবোৰ কোনো ঝামেলা নোহোৱাকৈ পাৰ কৰি দিয়ে । কেতিয়াবা কিবা ভুল ওলালেও নিজেই মিলাই মেলি দিয়ে ।

যোৱামাহৰ কথা । দীৰুদা আৰু মই টি.এ বিল চাবমিট কৰিবলৈ গলো । বৰুৱাদাক কাগজ দিলো । বৰুৱাদাই চাই অকে বুলি হাহি এটা মাৰিলে ।

- আচ্ছা, কাম এটা কৰিব পাৰিবা নেকি........ বৰুৱাদাই সুধিলে
- কি কাম
- মানে অহাসপ্তাহত তো গুৱাহাটী যাবাই, বস্ত এটা লৈ যাবা নেকি
- হব বাৰু, পিছে কি নিব লাগিব
- নয়নাক মানে মোৰ ছোৱালীজনীক গিৰিজানন্দত দিছো, আদাবাৰীৰ হোষ্টেল এটাত থাকে, যোৱাবাৰ ঘৰলৈ আহোতে কিতাপ দুখন এৰি থৈ গল , দিব লাগিছিল
- হব, হোষ্টেলৰ এড্ৰেছটো দিব, দি আহিম.....মই কলো

শনিবাৰ এটাত ১৪ দিন ডিউটি শেষ কৰি শিৱসাগৰ এ.এছ.টি.চিত বৰুৱাদাৰপৰা পাৰ্চেলটো ললো । আবেলি গুৱাহাটী পালোগৈ । ফেচবুক খুলি নয়না বৰুৱা চাৰ্চ কৰিলো । এজনীৰ প্ৰফাইলত বৰুৱাদা আৰু বৰুৱানী বৌ উইথ তেওলোকৰ পেহনীয়া ভুটীয়া কুকুৰ লুচীক দেখা পালো । ফটোখনৰ তলত লিখা আছে...... মাই চুইট ফেমিলী । হয় এইয়েই হব ।

দেওবাৰে ৰাতিপুৱা দীৰুদাই ফোন কৰিলে
- কি কৰি আছ
- একো নাই, ফেচবুকত টাইম পাচ....মই কলো
- এক ভিলেইন চাবি নেকি
- কত
- প্ৰাগ, টু থাৰ্টি
- অকে, ডান.....মই কলো

দহটামান বজাত ব্ৰেকফাষ্ট কৰি বৰুৱাদাৰ পাৰ্চেলটো বাইকত ওলোমাই ললো । প্লেনটো হল, আদাবাৰী গৈ বৰুৱাৰ জীয়েকক কিতাপকেইখন হেন্ড অভাৰ কৰি আই.আই.টি গৈ লগৰকেইটাৰ লগত অলপ আদ্দা মাৰি আবেলি দীৰুদাৰ লগত এক ভিলইন চাই দিম ।

বেলতলাৰ পৰা লখৰা হৈ আদাবাৰীৰ জেচমিন গাৰ্লচ হোষ্টেলৰ সমুখত বাইক ৰখালো । বাইকৰ ষ্টাৰ্ট বন্ধ কৰি পাৰ্চেলটো হাতত লওতেই দেখিলো ছোৱালী এজনী হোষ্টেলৰপৰা ওলাই আহিছে । ভালকৈ চাই দেখিলো নয়নাই হয় । ভাবিলো ভালেই হল, ইয়াতেই পাই গলো, পাৰ্চেলটো দি আজৰি হব পাৰো ।

নয়না আৰু মোৰ মাজত ২০ মিটাৰৰ দুৰত্ব । কিন্ত সেই ২০ মিটাৰ যাবলৈ দুখোজ দিওতেই কৰবাৰ পৰা জানো চিবিজি এখন আহিল, নয়না চিবিজিত উঠিল আৰু চিবিজিৱালাই ৰাষ্টাত ৰজনীগন্ধাৰ পিক পেলাই এক্সিলেটৰ দবালে ।

হাজাৰ হলেও বৰুৱাদা মানুহটো ভাল । মুহুৰ্তৰ ভিতৰতে ডিচিচন ললো যে এই চিবিজিৱালাটো কোন উলিয়াব লাগিব ।
চিবিজিৰ পাছে পাছে মোৰ এক্স.চি.ডি ৰ চকা ঘুৰাই দিলো । চিবিজিৱালা আৰু নয়না দুয়ো গৈ বিশালত সোমাল । ময়ো সোমালো । নয়নাই কাপোৰ দুযোৰমান কিনিলে । চিবিজিৱালাৰ চেহেৰাটো ভালকৈ দেখা পালো । একেবাৰে য় টাইপৰ , কেকোৰা চুলি, চকুত ছানগ্লাছ, হাতত চেইন, ডিঙিত লকেট, বাওসীত টাটু । বিশালত কাপোৰ ধোৱা চাবোনত ডিচকাউন্ট আছিল । কেইপিচমান কিনিলো ।

তাৰপৰা ওলাই দুয়োটা ৰেষ্টুৰেন্ট এখনত সোমাল । ময়ো সোমাই সিহতৰ কাষৰ টেবুল এখনত বহি চাও-চাও অৰ্ডাৰ দিলো ।
সিহতৰ কথা বতৰাৰপৰা গম পালো যে চিবিজিৱালা অৰ্থাত নয়নাৰ বয়ফ্ৰেন্ডটোৰ নাম প্ৰতীম ।
ৰেষ্টুৰেন্টৰপৰা ওলাই নয়নাই বান্ধবী এজনীক লগ পালে আৰু তাইৰ লগত বাছত উঠিল । বাছত উঠাৰ আগতে প্ৰতীমক কাইলৈ লগ পাম চুইটু বুলি কলে । প্ৰতীমে হাত জোকাৰি বাই বাই দিলে ।

তাৰ পাছত প্ৰতীমৰ ফোন বাজিলে । জাষ্ট পাই আছো বুলি কৈ প্ৰতীমে বাইক ষ্টাৰ্ট কৰিলে ।
প্ৰতীমৰ পিচা নেৰিলো ।
প্ৰতীম গৈ নেহেৰু পাৰ্কৰ সমুখত ৰল । কেইটামান লৰা ৰখি আছিল । সিহতে অলপ আদ্দা জমালে । মই কাষৰ হকাৰ এটাৰপৰা আইচক্ৰীম এটা কিনিলো ।

প্ৰতীমৰ লগৰকেইটাৰ এটাক চিনি পালো । অঞ্জন । তাক মই কেইবছৰমান আগতে টিউচন পঢ়াইছিলো ।
এনেতে ৰিক্সা এখনৰপৰা ছোৱালী এজনী নামিল । প্ৰতীমে লগৰকেইটাক বাই দি ছোৱালীজনীৰ লগত দীঘলীপুখুৰীৰ ফালে গুচি গল ।

-আৰে অঞ্জন কি খবৰ তোমাৰ...... মই লৰাকেইটাৰ ওচৰ চাপি সুধিলো
- অ ছাৰ দেখোন, ইমান দিনৰ মুৰত
- ওনাচোন কথা এটা আছে

অঞ্জনৰপৰা গম পালো যে ৰিক্সাত অহা ছোৱালীজনীৰ নম বন্দনা আৰু প্ৰতীমে চাইমুলটেনিয়াছলি নয়না, বন্দনা আৰু প্ৰয়াসী নামৰ তিনিজনী ছোৱালীক চলাই আছে ।
মনতে ভাবিলো যে বৰুৱাদাক কৈ নয়নাক প্ৰতীম নামৰ ফ্লাৰ্টটোৰপৰা সাবধান কৰিব লাগিব ।

এনেতে দীৰুদাই ফোন কৰিলে
- কত বে, এক ভিলেইন চোৱাৰ প্লেন আছিল যে
- ১০ মিনিটত পাই আছো... মই কলো

ট্ৰেফিক ফালি চিনেমা হল পাওতে অলপ দেৰি হল । হলৰ বাহিৰত দীৰুদাক ছৰী বুলি কৈ হলত সোমাই লাষ্টৰশাৰীৰ ছীট দুটা অকুপাই কৰিলো ।

চিনেমাহলৰ পৰ্দাত নায়িকাই জীপ এখনৰপৰা এজনক কথা শুনাই আছে । পৰ্দাত কথা শুনাজনে কলে....ফিকৰ মত কিজিয়ে মেডাম আজকে বাদ চিকায়দ কা মৌকা নেহি দুংগা ।
চিনেমা চলি আছে । সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰ ..... কোই মুঝকে য়ু মিলা হে , জেইচে বনজৰে কো ঘৰ । চিনেমাত মন বহাই আছো ।

কিন্ত আমাৰ আগৰ শাৰীৰ মুৰ দুটাই চিনেমাত মন বহাব পৰা নাই । দুয়োটা মুৰ এটা হৈ পৰিছে । পৰ্দাত অলপ বেছি পোহৰ হলে তাৰ ৰিফ্লেক্সনত দুয়োটাৰ ছীট এটা নে দুটা ধৰিবলৈ দিগদাৰ হোৱা যেন লাগিল ।

দীৰুদাই মোক হেচুকি কলে....... বাদ দে, আজিৰ লৰা-ছোৱালী, চিনেমা চা , চিনেমা
সমুখৰ চিটৰ চিনেমাৰ পৰা চকু আতৰাই পৰ্দাৰ চিনেমাত মন বহালো । ইন্টাৰভেল হল । সমুখত বহি থকা পেয়াৰটোৰ চুলি চুটিকৈ কটা য়েলো টিচাৰ্ট পিন্ধা লৰাটোৱে পপকৰ্ন আনিবলৈ বাহিৰলৈ গলগৈ । ছোৱালীজনীয়ে মবাইলটো উলিয়াই পিটিক পাটাক কৰিবলৈ ধৰিলে ।

-আচ্ছা ভন্টি শুনাচোন...... মই কলো
ছোৱালীজনীয়ে ঘুৰি চালে ।

- শিৱসাগৰৰ অমল বৰুৱা মানে তোমাৰ দেউতাই তোমাৰ কিতাপ কেইখনমান মোৰ হাতত দি পঠিয়াইছিল বুলি কৈ হাতত থকা পাৰ্চেলটো ছোৱালীজনী মানে নয়নাৰ হাতত দিলো

পাৰ্চেলটো হাতত লোৱাৰ পাছত ছোৱালীজনীক অলপ টেনচড দেখিবলৈ পালো । দীৰুদাৰ চকুকেইটাও ডাঙৰ হৈ গল ।
পাৰ্চেলটো দি মই কিন্ত বৰুৱাদাই কৰিবলৈ দিয়া কামহে কৰিলো, কিচিকো চিকায়ত কা মৌকা দিয়া নাই ।

কিন্ত কেচটোত মই বাৰু এক ভিলেইন হৈ গলো নেকি ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...