শ্বিফট বাছত চাইটলৈ গৈ আছো । সমুখৰ চিটত ৰণদীপ , প্ৰজাপতি । পাছৰ ছিটত
মই , ধীৰাজদা । ৰণদীপে ৰজনী-তুলসী চোবাই নিদিষ্ট ইন্টাৰভেলত পিকাই গৈ আছে ।
ভাবিলো ৰণদীপক অলপ সাবধান কৰি দিও । পিক গৈ ৰাষ্টাত থকা কোনোবা লোকেল মানুহৰ গাত পৰিলে পিটন খাব লাগিব ।
মই কিবা কোৱাৰ আগতেই ৰণদীপে কলে
- জানে চইকীয়াদা, মই লাষ্ট টাইম গুৱাহাটীলৈ যাওতে, খানাপাৰাত বাছ এখনত উঠি দিলো
- তাৰ পাছত.......... মই সুধিলো
- খিৰিকীয়েদি পিকাই দিলো, তাৰ পাছত মানুহ এটা আহি মোক কলে, যে গুৱাহাটীত এনেকে পিকালে কোনাবাদিনা পিঠি বহল হব
- অকে
- তাৰ পাছত মই কি কৰিলো জানে
- কি কৰিলা..... মই সুধিলো
- মানুহটোক দুখন গালত তাপ-তুপ দুটা বহাই দিলো । সি চুপ হৈ গল........ ৰণদীপে আৰু এবাৰ খিড়িকীয়েদি পিকাই দিলে

পাছদিনা ৰাতিপুৱা................
নাইট ডিউটি কৰি চাইটৰপৰা সোনকালে ফুটি দিলো । নাজিৰাৰপৰা টেম্পো এখনত গেলেকীলৈ আহি আছো । ৰণদীপ- প্ৰজাপতি, মই, ধীৰাজদা ।
টেম্পোৰ ভিতৰত গেলেকীৰ লোকেল লৰা এজনৰ লগত ৰণদীপৰ মনোমালিন্য হল । ৰণদীপে দম দিলে । লৰাটোৱেও লোকেল গাৱৰ ফাইলৰ নাম লৈ দম দিলে ।
মোৰ টেনচন হৈ গল । ৰণদীপে তাপ-তুপ দি নিদিয়েতো । ৰণদীপে তাপ-তুপ দি দিলে গেলেকীত আমাৰ ওপৰতো তাপ-তুপ পৰি যাব ।
প্ৰজাপতিলৈ চালো, সিও টেনচনত থকা যেন লাগিল । ধীৰাজদা একদম চুপ-চাপ হৈ আছে যেন কাকো চিনিয়েই নাপায় ।
মাহল আৰু অলপ গৰম হৈ গল ।
লোকেল লৰাটোৱে কলে............ মই দেখাত ক্ষীন হব পাৰো, আপুনি শকত হব পাৰে, আপোনাৰ লগত এতিয়া এই তিনিজন মানুহ থাকিব পাৰে, কিন্ত তথাপিও মই আপোনাৰ লগত ফাইট লাগিম, অপেন অপেন , লাগিলে মই ডি.এছ.এ ৰ ফ্ৰন্টলৈ আহিম , মই মাৰ খালেও খাম , কিন্ত আপোনাক মাৰিমেই ।
লৰাটোৱে কাৰোবাক ফোন লগাই গেলেকী চাৰিয়ালিলৈ আহিব দিলে ।
মোৰ টেনচন বাঢ়ি গল । ৰণদীপে এইবাৰ চিউৰ লেকেল লৰাটোক তাপ-তুপ দি দিব । মই ডিচিচন লৈ ললো । হাজাৰ হলেও ৰণদীপ কলিগ হয় । গেলেকীত কেইটামান তাপ-তুপ ময়ো খাই দিম আৰু ।
ৰণদীপে হাতৰ পতা দুখন মোহাৰিলে । ৰণদীপৰ তাপ-তুপ চাবলৈ মই ৰেডী হলো ।
ৰণদীপে লোকেল লৰাটোৰ পিনে হাতখন আগবঢ়াই কলে, " ছৰী, ভুল হৈ গল, নাইট ডিউটি কৰি আহিছো তো, টোপনি খতি, অলপ টেনচনত আছিলো, সেয়ে কথা বেছিকৈ ওলাই গল আৰু । "
দুয়োটাই হেন্ডচেক কৰিলে । মেকিপুৰত নামিবলগীয়া নহল ।
গেলেকী পালোহি । ডি.এছ.এত সোমালো ।
ৰণদীপে কলে , "জানে চইকীয়াদা, তাক কেইটামান তাপ-তুপ দি দিলোহেতেন, কিন্ত অন ডিউটি আছো তো, সেয়ে সি বাছি গল । নহলে, সি গম পোৱা নাছিল কাৰ লগত পাংগা লৈছিল । "
গা-পা ধুই ব্ৰেকফাষ্ট কৰিবলৈ গৈছো । ব্ৰেকফাষ্ট টেবুলত ধীৰাজদাই কলে , " কাইলৈৰপৰা চাইটৰপৰা সোনকালে নপলাও, শ্বিফট বাছতে আৰামত আহিম, নহলে কোনদিনা তাপ-তুপ পৰি যায় কব তো নোৱাৰি । "

No comments:
Post a Comment