অ.এন.জি.চি ৰ মানুহে সত্তৰ-আশী হাজাৰ টকা দৰমহা পায়, হগা-মুতা নকৰিলেও চলিব পাৰিব ।
হাতত ৰঙা ত্ৰিকোণ পতাকাখন লৈ থকা মানুহজনৰ মুখত কথাষাৰ শুনাৰ লগে লগে ভাবিলো....... মানুহজাকৰ পৰা যিমান পাৰি আতৰত অৱস্থান কৰাই ভাল হব
২৮ জুলাই ২০১৪ । ভাৰতীয় মজদুৰ সন্থাই অ.এন.জি.চি বন্ধ দিছে । মোৰ নাইট শ্বিফট আছিল । শ্বিফট চেঞ্জ হল । বাছ নাজিৰা অভিমুখে গতি ললে ।
কিন্ত লাকুৱা পুলিছ থানাৰ সমুখত বাছ ৰৈ গল । সমুখত এজাক লাঠী-পতাকা-বেনাৰধাৰী মানুহ । বন্ধৰ সমৰ্থক পিকেটিংকাৰী ।
- আপোনালোকক লাকুৱা কলনিত বাছবোৰ ৰখাব কোৱা হৈছিল । এইফালে কিয় আহিছে .......... পিকেটিংকাৰী এজনে খঙত কলে
- নাই আমি গম নাপাও নহয়........ আমাৰ বাছৰ ড্ৰাইভাৰে কলে
- গাড়ী ঘুৰা, নহলে কথা বেয়া হব..... আন এজন পিকেটিংকাৰীৰ মাত শুনা গল
চিটুৱেচনটোৰ আও-ভাও লবলৈ মই আৰু ড্ৰিলিঙৰ উতপল কোৱৰ নামি গলো ।
- চাওক , আমি ৰীগত নাইট কৰি আহিছো । চাইতলৈ নাযাও । ঘৰলৈ তো যাব দিয়ক.... উতপল কোৱৰে কলে
- নহব , অ.এন.জি.চিৰ গাড়ী-মানুহ একো পাৰ হব নোৱাৰিব
ময়ো ভাৱিলো, ট্ৰাই এটা কৰি চাও ।
- দাদা-বাইদেউসকল, আমিনো আপোনালোকৰ কি জগৰ লগালো, ওৰো নিশা টোপনি ক্ষতি কৰি কাম কৰি ঘৰলৈ উভটিছো, অনুগ্ৰহ কৰি যাবলৈ দিয়ক আৰু......... মই কলো
- নাই নহব । জি.এম-ডি.জি.এম নহালৈকে কাকো যাবলৈ দিয়া নহব
- কত জি.এম-ডি.জি.এম আহিব ইয়াত । আমি কি মানুহ নহয় নেকি । আপোনালোকে কলে বুলি গোটেই দিনটো বাছত বহি থাকিম নেকি । লেট্ৰিন-বাথৰুম যোৱাৰো কথা আছে ....... উতপল কোৱৰে অলপ খঙত কলে
- অ.এন.জি.চি ৰ মানুহে সত্তৰ-আশী হাজাৰ টকা দৰমহা পায়, হগা-মুতা নকৰিলেও চলিব পাৰিব....... মানুহ এজনে উত্তৰ দিলে
চিটুৱেচনটো অলপ টেনছৰফালে গতি কৰিলে । তৰ্কা-তৰ্কি কৰি লাভ নাই । নহলে উগ্ৰ মানুহজাকে আমাক চবকে ধুলাই দি দিব ।
-ঠিক আছে বাৰু, আমি লাকুৱা কলনিলৈ যাও........ এইবুলি কৈ মই আৰু কোৱৰ বাছত উঠিলো
লাকুৱা কলনি পালো । এতিয়া চিন্তা হল ডি. এছ এ কেনেকৈ যাও । পিকেটিংকাৰী যুদ্ধংদেহী মনোভাৱৰে ৰাস্তাত ৰখি আছে ।
এজনে আইডিয়া দিলে..... শ্যামগাও -মথুৰাপুৰ হৈ যাও ।
কিন্ত সেইফালেও পিকেটিংকাৰী থাকিব পাৰে । কেৰেলাতকৈ গুটি দীঘল হব ।
মেজিক আৰু প্ৰাইভেট গাড়ী চলি আছে । তাতে উঠি পিকেটিঙৰ এৰিয়া পাৰ হলেই হয় । কিন্ত তাৰ আগতে অ.এন.জি.চি ৰ লুকবোৰ ঢাকিব লাগিব । চবেই চেফটি চু পিন্ধি আছো । ভৰিত চেফটি চু দেখিলেই ধৰা পৰি যাম । অলপ সোধা পেছা কৰি লাকুৱা চকত জোতাৰ দোকান এখন খোলাই হাৱাই চেন্ডেল কিনি ললো । জোতাযোৰ খুলি বেগত ভৰালো । ড্ৰিলিঙৰ এজনে অ.এন.জি.চি ৰ লগো থকা টি-চাৰ্ট পিন্ধি আছিল । তেও সেইটো খুলি বেলেগ চাৰ্ট এটা পিন্ধি ললে ।
টাটা মেজিকত যোৱাটো খতৰে চে খালী নহব । সৰু গাড়ী । ধৰা পৰি যাম ।
কিছুদেৰিৰ পাছৰ ফৰ-জিৰো-চেভেন মিনিবাছ এখন দেখিলো । তাতে উঠি ললো । আগৰ ষ্টপেজত কলেজীয়া ইউনিফৰ্মত এজাক লৰা-ছোৱালী গাড়ীত পাণ জপা দি উঠিলে । সেই পাণ জপাৰ মাত আমি লুকাই পৰিলো ।
মিনিবাছ চলিবলৈ ধৰিলে । পিকেটিংকাৰীৰ জেগাৰ ওচৰ পাও পাও । আমাৰ বুকুৱে ধান বানিবলৈ ধৰিলে । ধৰা পৰিলে নিশ্চিত পিটন খাম ।
- ঐ অ.এন.জি.চি ৰ মানুহ লৈ আহিছ নেকি............. পিকেটিংকাৰী এজনে সুধিলে
- নাজানো, নিজে চাই ল ....... কন্ডাক্টৰে উত্তৰ দিলে
পিকেটিংকাৰী এজনে বাহিৰৰপৰা জুমি চাবলৈ ধৰিলে । আমি যিমান পাৰো চেহেৰা লুকুৱাবলৈ চেষ্টা কৰিলো ।
কিচিকি চেহৰে পে কম্পানী কা নাম লিখা নহী হোতা । ফৰ-জিৰো-চেভেন মিনিবাছৰ সৰু খিড়িকীয়েদি পিকেটিংকাৰীয়ে আমাক ধৰিব নোৱাৰিলে ।
- ঠিক আছে, যা............... পিকেটিংকাৰী জনে কলে
বাছ পিকেটিং এৰিয়া পাৰ হল । শিমলুগুৰি পাৰ হৈ বালিঘাট পালে ।
বালিঘাটত নামি স্বস্তিৰ উশাহ ললো ।

No comments:
Post a Comment