Thursday, September 24, 2015

আগষ্ট

আগষ্ট মাহৰ কোনোবা এটা দিন । চাইট গৈ পালো । নেৰানেপেৰা বৰষুণৰ ফলত চাইটত একাঠু পানী । কাম চলি আছে । দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা মেচিনটোৰ চাৰিওফালে পানী । কিবা দুৰ্ধটনা হলে একাঠু পানীৰ মাজেৰে পলোৱাৰ বাহিৰে আন উপায় নাই ।

"1-2 ft waterlogged in site, important machines surrounded bu water, no easy access, no escape route available in case of an emergency. Condition is hazardous to work. Needs civil work to improve the site."
উৰ্ধতন কতৃপক্ষক পৰিস্থিতিৰ বিষয়ে মেচেজ কৰি পৰবৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰিলো ।
বনদীপ আৰু অবিনাশক যোগাযোগ কৰিলো । সিহতৰ চাইটটো একেই অৱস্থা । কৰ্তৃপক্ষৰ সাৰ সুৰ নাই । কাম চলি আছে, চলাই আছে ।

- এইচে চো বহত ৰিক্সি হে....... মই কলো
- ক্যা কৰ চকতে হে, উপৰ কা আদমী চুনতা হী নহী.... বনদীপে কলে

তিনিওজনে সিদ্ধান্ত ললো, অৱস্থা ভাল নোহোৱালৈকে কাম বন্ধ ৰাখিম ।

পাছবেলাৰপৰা কাম বন্ধ হৈ পৰিল । কৰ্তৃপক্ষৰ মাজত হাহাকাৰ লাগি গল । ফোনৰ ওপৰত ফোন আহিবলৈ ধৰিলে । কোনোবাই মৰমেৰে কলে, কোনোবাই দম দিলে , কোনোবাই
ধুনীয়া অফাৰ দিলে , কোনোবাই বুজালে যে কৰ্তৃপক্ষৰ লগত লাগিলে প্ৰমোচনৰ সমস্যা হব ।

নিজৰ মতত অটল হৈ থাকিলো । চেফটি ইন ৱৰ্কপ্লেচ ইজ দা প্ৰায়ৰিটি ।
দিনটো শেষ হল । কাম বন্ধ হৈ থাকিল । সন্ধিয়া খবৰ পালো, বাকী চাইটত পুনৰ কাম আৰম্ভ হল । বছে খবৰ দিলে....মোক পাছদিনা জেনেৰেল মেনেজাৰে তলব কৰিছে ।

অবিনাশক ফোন কৰিলো
- ক্যা হুৱা........ মই সুধিলো
- আৰে, ইন চব মে লড়কৰ কোই ফাইদা নহী, কুচ বদলনে ৱালা নহী । জেচে তেচে ডিউটি নিকালনা হে.... অবিনাশে কলে

বনদীপে একেধৰণৰ কথা কলে । কেৰিয়াৰৰ কথা ভাবিব লাগে, কৰ্তৃপক্ষৰ লগত জেং কৰিলে কেৰিয়াৰত গ্ৰ নহব ।
এটা চেমি-নিদ্ৰাবিহীন ৰাতি । পাছদিনা জেনেৰেল মেনেজাৰৰ অফিচ পালেগৈ । জো ভী হোগা দেখা জায়েগা ।

- What is your problem.........GM এ খঙত কলে
- I want a safe & hazard less working condition....মই উত্তৰ দিলো
- if 80 peoples can work in such condition without any complain, why cant you
- I feel the situation is hazardous
- It will hamper your career, you are disobeying management
- I prefer safety in my work place rather than growth in career
- If others feel safe, why cant you, it means the problem is inside you
- Some people drive a car with a seat-belt, some do not. I want to go with a seat-belt. Seat-belts are made for our safety. If someone donot want to have it, thats their personal issues. But as per law, we should wear a seat-belt while driving.
- দেখো, মেনেজমেন্ট বহত ষ্ট্ৰং হে, তুমকো পানিচমেন্ট মিল চকতা হে
- মেনেজমেন্ট মুঝে জো ভী জিম্মেদাৰী দেগা মে তেয়াৰ হু, আই এম ৰেডি ফৰ এনি কনচিকুৱ্ন্চ, মে কাম কৰনে কে লিয়ে মনা নহী কিয়া , লেকিন, ৱৰ্কপ্লেচ মে চেফটি ষ্টেনডাৰ্ডচ মেইনটেইন হোনা পৰেগা । কেই অগৰ মুঝে টেনচন দেগা, মেই ভী চুপ নহী ৰহুংগা ...... মই কলো
- আৰে ভাই , তুম ইতনা এৰোগেন্ট কিউ হো , য়হা মে এইচা হী চল ৰহা হে, তুম ইচ চিষ্টেম কো বদল নহী চকতে
- মাই পইন্ট ইজ নট এবাউট চেঞ্জ, ইটচ চেফটি

জেনেৰেল মেনেজাৰে হাহিলে .......
- তুমহাৰে জেইচা আদমী হামাৰে লিয়ে খটৰনাক হে , কল চে হামকো টেনচন মে ডালকে ৰখা হে, তুমহাৰে সাথিওকো তো হামনে তোৰ ডালা, তুমকো তোৰ নহী পায়া , কাম চালু কৰো, তুমহাৰে চাইট পহুচনেচে পেহলে চিভিলৱালে পহুচ জায়েংগে । মে তুমকো এক চলাহ দেনা চাহতা হু, অভী য়ং হো, জোচ হে, জুনুন হে, ঠিক হে , তুম জিচকে লিয়ে লড়াই কৰ ৰহে থে, ৱ লোগ তো প্ৰেচাৰ মে আকে তুমহাৰা চাথ চোৰ দিয়া হে, দুনিয়া মে য়হী হোতা হে, মুচকিল ৱক্ত মে লোগ চাথ চোৰ দেতে হে । অপনে বাৰে মে জাদা চোচো ।
- থেংক ইউ ফৰ দা এডভাইচ........ মই কলো

জেনেৰেল মেনেজাৰৰ অফিচৰপৰা ওলাই চাইট পালোহি । এগাড়ী চিভিলৰ বনুৱা আহি কামত লাগি আছে । চাইটত চিভিল ৱৰ্ক চলি আছে ।

এজন মানুহ মোৰফালে আগবাঢ়ি আহিল । মানুহজনক আগতে দেখা মনত পৰা নাই ।
- আপুনি কিন্ত হিলাই দিলে দেই, ৱেল ডান........ মানুহজনে সোহাতখন মোৰফালে কৰমৰ্দনৰ বাবে আগবঢ়াই দিলে ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...