Thursday, September 24, 2015

এৰেঞ্জ মেৰেজ- কুহেলিকা

সচা কথা কবলৈ গলে দীৰুদাহে মোৰ আচল ৱেলউইচাৰ । চন্দনদা আৰু চিচিদা নামতহে, কামত একো নাই । দীৰুদাইহে মোৰ বিৰান জিন্দেগীত হৰাভৰা কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই ।

দীৰুদাই কোৱা মতে একেবাৰে মেটচিং, চব অকে, উজানবজাৰত ঘৰ, ইউনিভাৰচিটিৰপৰা এম.এ কৰি পি.এইচ.ডি কৰি আছে, ঘৰৰ মানুহো পুৰা ষ্ট্ৰিক্ট টু দা প্ৰিন্সিপলছ , এইবাৰ কেচ চেটল হৈ যাব ।

এটা বছৰ আগলৈকে দীৰুদা আৰু মোৰ অৱস্থা একেই আছিল । দুয়োজনে আছিলো প্যাৰ-মুহাব্বত নিজে গোটাই লোৱাত নাকাম মক্কেল । কিন্ত দীৰুদাই এৰেঞ্জ কাম লাভ কৰি নিজৰ কেচ চেটল কৰি ললে । এতিয়া দীৰুদাৰ মোৰ বাবে খুব চিন্তা ।
দীৰুদাই কোৱামতেই ব্লেক টিচাৰ্ট-ব্লু জিনছ পিন্ধি বালাজীৰ ফ্ৰন্টৰ ধাবা কাম ৰেষ্টোৰা পালোগৈ । গাড়ীখন পাৰ্ক কৰিলো । কুহেলিকাই য়েলো পিন্ধি আহিব । হোৱাটছএপত দীৰুদাই পঠোৱা ফটোখন চাই ললো ।

কিছুসময় পাছত কুহেলিকা আহিল । আমি ধাবাৰ কটেজ এটাত সোমালো । অলপ নাৰ্ভাছ ফিলিঙ আহিল । এইটো ক্ষেত্ৰত মই বিগ জিৰো, লাইফত কাৰোবাৰ লগত চেটিং হোৱা দুৰৰ কথা, ডেটিঙেই নহল কেতিয়াও , সেয়েহে এতিয়া এৰেঞ্জেড ডেটত আহিবলগীয়া হৈছে ।

- অৰ্ডাৰটো দিয়ক ............ ৱেইটাৰ এজন কটেজটোলৈ সোমাই আহিল
- কি খাবা ......... মই কুহেলিকাৰ ফালে চাই সুধিলো
- আপুনিয়ে দিয়কচোন, .......... কুহেলিকাই কলে
- চিকেন তন্দুৰী হাফ, চিকেন দো পিয়াজা, বাটাৰ নান চাৰিখন, কোকা কোলা দুটা......... মই কলো

কুহেলিকাই ষ্টাৰ্টাৰ হিচাপে পনীৰ পকোৰা আৰু পনীৰ বাটাৰ মচলা এটা এড কৰি দিলে । অৰ্ডাৰটো লৈ ৱেইটাৰজন গলগৈ ।
- আৰু কোৱা তোমাৰ বিষয়ে, হবি এটচেট্ৰা ........... মই কলো
- চাওক , আই এম ষ্ট্ৰেইট ফৰৱাৰ্ড, মই দেলহী গৈছিলো গ্ৰেডুৱেচনৰ কাৰনে, দেয়াৰ আই হেড এন এফেয়াৰ, বাহিৰৰ লৰা আছিল, আই ৱাজ ইমমেচিয়ৰড , দা ৰিলেচনচিপ ব্ৰকড আপ , ইট ৱাজ এ বেড ড্ৰীম ফৰ মি...... কুহেলিকাই কলে
- দিজ থিংচ আৰ কমন, এইবোৰ তো হৈয়েই থাকে .......... মই কলো
- তাৰ পাছত মাষ্টাৰ্চৰ বাবে মই গুৱাহাটীলৈ আহিলো , তাত শিবেন্দু মোৰ জীৱনলৈ আহিল, মোৰ ক্লাছমেট আছিল, প্ৰথমতেই আই টল্ড হিম এভৰিথিং , ডেৰ বছৰৰ ৰিলেচনৰ পাছত সি গম পালে যে হি হেড চাম প্ৰবলেম বিকজ আই হেড এ পাষ্ট এফেয়াৰ ।
- এতিয়া............ মই সুধিলো
- এতিয়া আই এম কনচেনট্ৰেটিং অন মাই ষ্টাডিজ, পি.এইচ.ডি, নাথিং এল্জ ...... কুহেলিকাই ক্ষীন হাহি এটা মাৰি কলে
কুহেলিকাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ভাল লাগিল । সাধাৰনতে এইধৰনৰ কথা মানুহে লুকুৱাবলৈ চেষ্টা কৰে , কিন্ত কুহেলিকা, কুহেলিকালৈ কিবা এটা ভাল লাগি গল ।
- অতীত সদায় অতীতেই , আই থিংক উই চুড লিভ আৱাৰ প্ৰেজেন্ট, এন্ড চেপ আৱাৰ ফিউচাৰ ........... মই কলো

কুহেলিকাৰ লগত কথা পতাত লাগিলো । কুহেলিকাইও নীলা ৰঙটো ভাল পায়, ক্ৰিকেট ভাল পায়, মেছিৰ বিৰাট ফেন, জগজীত সিঙৰ গজল, জুবিনৰ মায়াবিনী তাইৰ ফেভাৰিট । লাহে লাহে মোৰ ভাৱ হল ইমানদিনে যি মুহাব্বতৰ সন্ধানত আছিলো, কুহেলিকাই সেই ভালপোৱা ।

কুহেলিকাক মই পচন্ড কৰি পেলাইছো , কুহেলিকাৰ স্পষ্টবাদিতা আৰু সৰলতাই মোক মুগ্ধ কৰি পেলাইছে । কিন্ত কথাটো হল তাই মোৰ বিষয়ে কি ভাৱিছে ।
- আই থিংক আই ষ্টাৰটেড লাইকিং ইউ, আপুনিও মোক অইনৰ দৰে এৰি নাযায়তো.......... কুহেলিকাৰ চকুত আকুলতাৰ চিন

লাইফত প্ৰথমবাৰৰ বাবে কোনোবাই এনেকৈ কৈছে । নাৰ্ভাছ হৈ গলো । বাথৰুমৰপৰা আহো বুলি কৈ কটেজৰ বাহিৰ ওলালো । ধাবাৰ ভিতৰত থকা বেচিনত মুখখন ধুই ললো । হয়তো আজিৰেপৰা মোৰ এটা নতুন জীৱনৰ আৰম্ভনি হব ।
- অই ইয়াত কি কৰি আছ বে ......... পাছফালৰপৰা কোনোবাই মাতিলে

ঘুৰি চাই দেখিলো পাছফালে কৌশিকদা ৰৈ আছে । কৌশিকদা কলেজত চিনিয়ৰ আছিল । মাল্টিনেচনেল এটাত কাম কৰে ।
- আৰে কৌশিকদা , কি খবৰ, এতিয়া কত, দেলহী নে চেন্নাই ......... মই সুধিলো
- সেইচব বাদ দে, লিকাৰ লগত কি কৰি আছ.......কৌশিকদাই সুধিলে
- কোন লিকা
- তোক সোমোৱাৰেপৰা দেখি আছো, কুহেলিকা বৰাৰ লগত কি কৰিছ
- মানে কৌশিকদা , বিয়াৰ বয়স হৈছে তো, চো ........ মই লাজ লাজকৈ কলো
- কি ডিচাইড কৰিলি
- ছোৱালীজনী ভাল, মোৰ ফালৰপৰা অকে আছে......... মই কলো
- তাইৰ কথাবোৰ জান তো
- জানো, তাইয়েই কৈছে, এইবোৰ কমন কথা
- কি, তথাপিও অকে.......... কৌশিকদাই আচৰিত হোৱাৰদৰে সুধিলে
- অ
- আব্বে, দেলহীত থাকোতে তিনি বছৰত পাচটা লিভ ইন ৰিলেচন, ইয়াত চিবু নে ফিবু, আৰু তো আছেই
- মানে আপুনি কেনেকৈ চিনি পায়........ মই সুধিলো
- আব্বে মক্কেল , দেলহীত ময়ো তাইৰ লগত চাৰিমাহ মান লিভ ইনত আছিলো
- মানে এক্সুৱেলি, মই আপোনাক কিয় বিশ্বাস কৰিম ......... মোৰ টেনচন হৈ গল
- ৰহ এক মিনিট

কৌশিকদাই আইফোনটো উলিয়াই নাম্বাৰ এটা ডায়েল কৰিলে । মই ওলাই অহা কটেজটোৰপৰা ৰিংটন এটা বজা যেন লাগিল ।

- হেলো ............. সিফালৰপৰা কুহেলিকাৰ মাত শুনা গল
- হাই চুইটি কত.......... কৌশিকদাই কলে
- অলপ বিজি আছো কৌছিক, পাছত কল কৰি আছো......... সিফালৰপৰা কুহেলিকাৰ মাত
- কাৰ লগত বিজি হে, চিবুৰ লগত নেকি
- নাই
- গুৱাহাটী গৈ আছো ....... কৌশিকদাই কলে
- অহ, আহিলে লগ ধৰিব দেই, বহুত কথা আছে
- চিবুই একো নকয় তো
- তাৰ লগত এতিয়া একো নাই, বেছি চিৰিয়াছ হৈ গৈছিল সি, বাদ দিলো
- এতিয়া
- চাও , আইটেম এটা আছে, ফৰ দা টাইম বিং.......সিফালৰপৰা কুহেলিকাৰ মাত
- চো
- আই উইল কল য়ু লেটাৰ, এতিয়া ৰাখো........... কুহেলিকাই ফোনটো কাটি দিলে

ৱেটাৰ এজন অৰ্ডাৰ দিয়া বস্তবোৰ লৈ কটেজটোলৈ সোমাই যোৱা দেখিবলৈ পালো । কৌশিকদাই মোৰ ফালে চাই কুটিল হাহি এটা মাৰিলে ।

হাজাৰ হলেও মই চিধা-চিধি মানুহ । ইমান টেনচন মই লব নোৱাৰো । এনেয়েও ইন্দ্ৰানী মুখাৰ্জী-চুইটী বৰাই এইকেইদিন চব নিউজ চেনেলতে হাংগামা কৰি ৰাখিছে ।

ধাবা এখনত বিল নিদিয়াকৈ অৱলা নাৰী এগৰাকীক এৰি পলায়ন কৰাৰবাবে যদি কোনোবাই মোক বেয়া পায় পাওক । ভাৰ মে জায়ে দুনিয়া । চিধাই গাড়ী ষ্টাৰ্ট দি তাৰপৰা নোহোৱা হৈ গলো ।

হাইৱেত কোনোমতে মন-মগজু ঠান্ডা কৰি গাড়ী চলাই আছো । দহ মিনিটমান পাছত দীৰুদাই ফোন কৰিলে ।
- কত আছ বে........... সিফালে দীৰুদাৰ মাত
- আপুনি বিচৰা মানুহজনে জীৱনৰ কমপ্লেক্স কুহেলিকাৰপৰা পলায়ন কৰি নিৰাপদ ঠাইলৈ গৈ আছে, অনুগ্ৰহ কৰি চাৰি-পাচমাহ পাছত ফোন কৰিব ...............এইবুলি কৈ ফোনটো অফ কৰি মই এক্সেলেটৰ দবাই দিলো ।

GMDA permission আৰু ঘোচ

মাটি টুকুৰাত ঘৰ বান্ধিব লাগে । তাৰ বাবে জি.এম.ডি.এ আৰু জি.এম.চি পাৰ্মিচনৰ প্ৰয়োজন । পাৰ্মিচনৰ বাবে কি কৰিব লাগে সেই কথা জানিবলৈ জনা মানুহ কেইজনমানৰ কাষ চাপিলো ।
এজনে কলে, ঘোচ নিদিলে আজিকালি একো কামেই নহয় । চৰকাৰী ফীজৰ উপৰিও ৬০-৭০ মান খৰচ পৰিব । বহুত টেবুল পাৰ হব লাগিব ।

আন এজনে কাৰ ৰেট কিমান সেই কথা বিস্তাৰিত ভাৱে কৈ হিচাপ এটা দিলে , লাম্প-চাম ৫৮ হাজাৰ টকা ।
কিছুমান মানুহৰ মানসিক আতিশয্য আৰু সময়ৰ অপব্যয়ৰ পৰা হাত সাৰিবলৈ কিছুমান মানুহে ঘোচ দিবলগীয়া হয় ।
ভাৱিলো কোনে কিমান টৰ্চাৰ কৰে চাওচোন । এক পইচাও ঘোচ নিদিও । কিমান দেৰি লগায় চাও । কোনে পইচা বিচাৰে চেহেৰাকেইটা চাই লও ।

জুনৰ মাজভাগত সকলো ডকুমেন্টসহ এপ্লাই কৰিলো । এসপ্তাহৰ মুৰত আকৌ আহিবলৈ দিলে । চাইটলৈ ইঞ্জিনিয়াৰ যাব ভিজিটৰ কাৰনে । এক পইচাও নিদিয়াকৈ কামটো হৈ গল । তাৰপাছত ফাইলটো অইন এজনৰ ওচৰলৈ গল । মাজে মাজে GMDAৰ তলৰ ৰিচিপচনত খবৰ লৈ থাকো । ফাইলটো সেইজনৰ ওচৰতে আছে ।
দুসপ্তাহ পাৰ হৈ গল ।
চিধা তেওৰ কেবিন পালোগৈ । তেওক কলো যে মোৰ পাৰ্মিচনৰ ফাইল এটা তিনিসপ্তাহ ধৰি আপোনাৰ ওচৰত পৰি আছে , যদি কিবা কাগজ-পাতিৰ ভুল আছে, ফাইলটো ৰিজেক্ট কৰি ওভোটাই পঠাওক, নহলে পাছ কৰক , এনেকৈ ইমানদিল ৰাথি থলে কেনেকৈ হব ।

পাছদিনাই তেও ফাইলটো পাছ কৰি পঠিয়াই দিলে ।

আকৌ ফাইলটো মুভ হল , আৰু কেইখনমান টেবুল বিনাশ্ৰমে পাৰ হল । এইবাৰ ফাইল পালেগৈ শৰ্মা উপাধিৰ এজনৰ টেবুলত । তেওঁ ভিতৰৰ হল এটাত বহে । তিনিসপ্তাহৰ মুৰতো তেওৰ টেবুলত ফাইল পৰি থাকিল ।

এইবাৰ শৰ্মাকো কিবা কিবি কলো । তেওক লকলো যে আপোনাৰ আধাঘন্টা ধৰি বাহিৰৰপৰা লক্ষ্য কৰি আছো, ইফালে সিফালে গৈছে, আদ্দা মাৰিছে , চাহ খাইছে, ঠিক আছে খাওক । কিন্ত আপোনাৰ টেবুলত যে ফাইলকেইটা আছে সেইকেইটা ক্লিয়াৰ কিয় কৰা নাই , ক্লিয়াৰ কৰে নকেৰে আপোনাৰ কথা, কিন্ত চিটিজেন চাৰ্টাৰ মতে মেক্সিমাম ৭ দিন , তাতকৈ বেছি হলে আপুনি জবাবদেহি হব লাগিব । সেইদিনাই তেও ফাইল ক্লিয়াৰ কৰিলে ।

এসপ্তাহৰ পাছত আকৌ গলো , ফাইল বিচাৰি পালোগৈ এজন বিষয়াৰ কেবিন । তেওঁক সুধিলো, দুমাহ হল, আৰু কিমানদিন লাগিব । তেও কলে যে আৰু ১০-১২ খন টেবুল পাৰ হব লাগিব, তেও দুই এদিনতে পাৰ কৰি দিব, বাকীখিনি তেও কব নোৱাৰে ।
- ঠিক আছে বাৰু , এপ্লাই কৰা ৬০ দিনতকৈ বেছি হৈ গল , আপোনাৰ ৱেবচাইটত লিখা মতে মেক্সিমাম এমাহ , বিল্ডিং ল ২০১৪ মতে নিৰ্ধাৰিত সময়ত পাৰ্মিচন দিব নোৱাৰিলে , পাৰ্মিচন দিয়া বুলি ধৰা হব , এজন সাধাৰন নাগৰিক হিচাপে মই এতিয়া কি কৰা উচিত......... মই সুধিলো
- মই সেইটো কব নোৱাৰিম ........... তেওঁ কলে

ঘৰলৈ আহি ইন্টাৰনেট খুলি GMDA grievance ত CEO-GMDA ক ইমেইলযোগে কমপ্লেইন এটা দিলো ।

তিনিদিন পাছত মেইল এটা আহিল .......... আপোনাৰ প্লেনিং পাৰ্মিচন হৈ আছে , অফিছলৈ আহি লৈ যাব পাৰে ।
মুঠতে কামটোত ৭৪ দিন লাগিল । পইচা খৰচৰ ভিতৰত ৫০৪৫ টকা প্ৰচেচিং ফী আৰু প্ৰায় দহবাৰ খবৰ কৰাৰ নামত গাড়ীত তেল ভৰাই অহা যোৱা কৰোতে প্ৰতিটো ট্ৰিপত ৫০০ টকা ।

বি.দ্ৰ.
অফিচ এটাৰ কৰ্মসংস্কৃতি নিৰ্ভৰ কৰে তাৰ মুৰব্বীজনৰ ওপৰত । মোৰ GMDAত লেন্ড চেল পাৰ্মিচন এমাহত কতো ঘোচ-ঘাচ নিদিয়াকৈ হৈ গৈছিল । সেই সময়ত CEOআছিল এন.অংগমুথু ।

এটা ট্ৰেন্সপাৰেন্ট চিষ্টেমৰ সৃষ্টি কৰা তথা চিটিজেন চাৰ্টাৰৰ বাবে অংগমুথু দেৱলৈ অশেষ ধন্যবাদ ।

IISc ৰ ইন্টাৰভিউ আৰু চিনিয়ৰচ

( Tridib Goswami দা, Bhabatosh Banik দা লৈ ফ্ৰম বটম অৱ দা হাৰ্টৰ পৰা ধন্যবাদ আৰু ভুল-ভ্ৰান্তিৰ বাবে আগতীয়া ক্ষমাপ্ৰাৰ্থনা )

২০০৯ চনৰ কথা । প্ৰদ্যুম্ন আৰু হেমন্তই লগ ধৰিলে , IISc ত পি.এইচ.ডিৰ কাৰনে যাও, ত্ৰিদিবদা আৰু ভৱতোষদা আছে, থকা-খোৱাৰ টেনচন নাই । এপ্লাই কৰিলো । কিন্ত শেষ মুহুৰ্তলৈ কলকাতাৰপৰা ৰেলৰ টিকট কমফাৰ্ম নহল । আৰ.এ.চি হৈয়েই ট্ৰেইনত উঠিলো । ডেৰটা টিকটত তিনিটা মানুহ । লাইফৰ অন্যতম জঘন্য এক্সপেৰিয়েন্স সেই ট্ৰেইন জাৰ্নিটো । আমাৰ বাথত দুটা টিকেটত মাক-বাপেকৰ সৈতে চাৰিটা পেন্ডা-পুন্ডি । এহাল চিলেটীয়া বুঢ়া-বুঢ়ী, এজন কাহি থকা বেমাৰী । পেন্ডা-পুন্ডিৰ পৰা বাচিবলৈ প্ৰদ্যুম্ন আৰু মই চাইড-আপাৰত উঠি থাকো । হেমন্ত বেলেগ বাথত বা টয়লেটত বহি থাকেগৈ ।

অবাইচ কামোৰ খাই খাই যেন তেন বেংগালুৰু পালো । 


প্ৰদ্যুম্নই ত্ৰিদিব দাক ফোন লগালে । আমি IISc পালোগৈ ।
প্ৰদ্যুম্ন আৰু হেমন্তই ত্ৰিদিব দাৰ ৰুমত খেপ দিলে । মই ভৱতোষদাৰ গেষ্ট হলো । দুয়োজন আমাৰ ইউনিভাৰচিটিৰ চিনিয়ৰ আছিল । চিনিয়ৰে তো জুনিয়ৰৰ দায়িত্ব লব লাগিবই ।

দুয়োজনে একেবাৰে নিষ্ঠাৰে চিনিয়ৰৰ দায়িত্ব পালন কৰিলে । আধা সপ্তাহ আমাৰ একো টেনচন নহল । ত্ৰিদিব দাই কোন প্ৰফেচৰে ষ্টুডেন্ট লব, কেতিয়া কত ইন্টাৰভিউ হব, কোনজনক ইম্প্ৰেছ কৰিবলৈ কি পঢ়িব লাগিব দেধাৰ টিপছ দিলে ।
আনকি প্ৰদ্যুম্ন আৰু হেমন্তই হোষ্টেলৰ ৰুম অকুপাই কৰাৰ পাছত বেচেৰা ত্ৰিদিবদা ৰাতি ৰাতি লেৱত শুবলৈ যাবলগাত পৰিল ।

ভৱতোষদাইও মোক বিচনা এৰি দি মজিয়াত পৰি থাকিল । কিন্ত মজিয়াৰেপৰা ভৱতোষদাই তামাম ট্ৰেজেদী ফালি একেবাৰে বৰ কৰি দিলে ( ৰাইজে গম পায়েই) ।

ইন্টাৰভিউ দিলো । সচা কথা কবলৈ হলে তিনিওজনৰে ইন্টাৰভিউ ভাল হৈছিল । মই মোটামোটি আধাঘন্টাতকৈও বেছি "এক্সপ্লেইন হোৱাই, হাও " কুৱেচনবোৰক টক্কৰ দিলো ।
কিন্ত দুৰ্ভাগ্যজনকভাৱে কোনেও নাপালো । সেইবাৰ মাত্ৰ দুজন ষ্টুডেন্টহে লৈছিল । যদি কেনেবাকৈ ১০ জনমান ললেহেতেন তেতিয়া হয়তো পাই গলোহেতেন ।

পাছত হেমন্তই IIT-বম্বেত পি.এইচ.ডি পালে , প্ৰদ্যুম্নই এবছৰ পাছত সহকাৰী অধ্যাপক হিচাপে বি বৰুৱাত সোমাল , মই অ.এন.জি.চিত সোমালো ।

ত্ৰিদিব দা আৰু ভৱতোষ দাক তিনিদিন-তিনিৰাতিৰ ফুড আৰু একমোডেচনৰ উধাৰ পৰিশোধ কৰিবলৈ বাকী আছে । অৱশ্যে এইটো উধাৰ আৰু চুক্তা নকৰিলেও চলি যাব বুলিয়েই ধৰি লৈছো আৰু ।

অন্নপ্ৰাশন

দীৰুদাৰ লগত শ্বিফট মিলি আছে । আমাৰ ১৪ দিনীয়া ডিউটি একেলগে আৰম্ভ হয় আৰু শেষো একেলগে হয় । অফৰ চৈধ্য দিন দুয়োজনে টাইম পাচ কৰাৰ অকেজন বিচাৰি থাকো ।

ৰাতিপুৱা ৫ বজাত টোপনি ভাগিল । বিচনাত আৰু দুইলুটি মাৰিলো । নাই টোপনি নাহে । ব্ৰাছডালত কলগেট লগাই ওলাই ৰাষ্টালৈ গলো । পেটুৱা মানুহ দুটাই হাফপেন্ট পিন্ধি খোজ কাঢ়ি আছে । মৰ্নিং ৱাক । দুই পেটুৱাৰ পাছে পাছে দাত ঘহি ঘহি ৱাকিং ষ্টাৰ্ট কৰি দিলো । ৱাকিঙত এঘন্টা গল । ছয় বাজিল । ৰাতি ১০ বজাত টোপনি যাও । এতিয়াও ১৬ ঘন্টা আছে । দিনটো কেনেকৈ টাইম কিল কৰো আজি । টিভিটো অন কৰি ললো ।

এনেতে ফোনটো বাজিল । পুৱাই পুৱাই দীৰুদাই ফোন কৰিছে
- বল একঠাইত ভিজিট দি আহো.........দীৰুদাই কলে
- কত........মই সুধিলো
- চিচি যে , আজি বাচ্চাটোৰ অন্নপ্ৰাশন আছিল যে
- অ, বঢ়িয়া, কুল ... মই কলো

চিচিদা কলেজত মোৰ চিনিয়ৰ আছিল, দীৰুদাৰ ক্লাছমেট, ৰঙিয়াত ঘৰ । এতিয়া কথাটো হল যে লাইন বাছত লটিঘটি খোৱাৰ দুয়োটাৰে ইচ্ছা নাই আৰু ৰঙিয়ালৈ গাড়ী চলোৱাৰ কনফিডেন্স দুয়োটাৰে নাই । গতিকে ঠিক হল যে দীৰুদাই ড্ৰাইভাৰ এজন লৈ আহিব । ৯ টা বজাত ওলাম ।

এঘন্টা দেৰিকে দীৰুদা মোৰ ঘৰ পালেহি । হাতত হাফ হেলমেট এটা ।

- বল বাইকতে যাও , ড্ৰাইভাৰ-চ্ৰাইভাৰৰ লাফৰা নকৰো , ৪৫ কিলমিটাৰহে, গেলেকী টু চিবচাগৰ টাইপ, এডভেন্সাৰ কৰি গৈ থাকিম আৰু

দীৰুদাৰ ১৯৯৯ মডেলৰ হিৰো স্পেলডাৰত উঠি দিলো । লখৰা হৈ জালুকবাৰীৰ ভাজবোৰ পাইছোহি
- অন্নপ্ৰাশনত গিফট দিব লাগে নেকি... দীৰুদাই সুধিলে
- নো আইডিয়া... মই কলো
- ৰহ আইডিয়া লৈ লও, নহলে ইজ্বত ডুবি যাব

কাৰোবাৰ ফোন কৰি দীৰুদাই কনফাৰ্ম কৰি ললে যে গিফট লব লাগিব । মালিগাৱৰ দোকান এখনত সোমালো । দীৰুদাই বাতি চেট-ডিনাৰ চেট কেইটাত চকু ফুৰাই দোকানীজনক কলে...... মিডিয়াম ৰেঞ্জত গিফট এটা দেখুৱাকচোন
- কাৰ কাৰণে... দোকানীয়ে সুধিলে
- মানে বাচ্চা এটা........... মই কলো
- কিমান ডাঙৰ
- চাৰি-পাচমাহমান হব, বাচ্চাক ভাত খুওৱা অকেজন এটা হয় যে, অন্নপ্ৰসন্ন
- আমাৰ ইয়াত অন্নপ্ৰাশনৰ গিফট নাপাব আগলৈ বাচ্চাৰ আইটেমৰ দোকান এখন আছে তাত চাওকচোন

দোকানৰপৰা ওলাই দুয়োটাই ডিচকাচ কৰিলো । যাক গিফট দিম তাৰ কামত অহা বস্ত হব লাগিব । বহুত দিচকাচনৰ পাছত চেৰেলেকৰ পেকেট দুটা কিনিলো । এটা হুইট, আনটো এপল ফ্লেভাৰ ।
চেৰেলেকৰ পেকেট দুটা ৰঙীন কাগজৰে গিফট পেক কৰি উঠি দোকানৰ লৰাজনে হাহি মাৰি কলে..... চেৰেলেকৰ গিফট পেক কৰা মোৰ এইটো প্ৰথম অভিজ্ঞতা

গিফট লোৱাৰ পাছত আকৌ জাৰ্নি ৰিজিউম কৰিলো । চানগ্লাছযোৰে কোনোমতে চকু দুটা ধুলিৰ পৰা বচাই ৰাখিছে ।

কোনোমতে চিচিদাৰ ঘৰ পালোগৈ । দীৰুদাই বাচ্চাটোক গিফটটো হেন্ড ওভাৰ কৰিলে । বাচ্চাই কিউট হাহি এটা মাৰিলে ।
- গিলাছ নে বাতি, চাইজ চাই বাতি যেনেই লাগিছে..... চিচিদাই কলে
- ধুৰ তোৰ নিচিনা পাইছ নেকি, বাচ্চাৰ ডাইৰেক্ট কামত অহা বস্ত আছে.... দীৰুদাই উত্তৰ দিলে
বহুত ভোক লাগি আছিল । খানাত মাছ আৰু মাংস দুয়োটা আছিল । নিজৰ ঘৰত খোৱাৰ দৰে দকচি দিলো । লালমোহন মোৰ প্ৰিয় । চাৰিটা পেটত সুমুৱাই থলো ।
খানা খাই চিচিদাৰ ড্ৰয়িংৰুমত চিচিদাৰ লগত জকচ মাৰি ফেনৰ হাৱা খাই আছো । ৰুমটোলৈ অলপ বয়সীয়া মানুহ এগৰাকী সোমাই আহিল ।
- তোৰ লগৰ অ.এন.জি.চিৰ অফিচাৰ অহাৰ কথা আছিল নহয় , এতিয়ালৈ আহি পোৱা নাই নেকি, ভিতৰৰ টেবিলতে খোৱাৰ যোগাৰ কৰিছিলো
- অহ জেঠাই, ইহতে খালেই নহয়...... চিচিদাই আমাক দেখুৱাই কলে

আমি জেঠাইৰ ফালে চাই চেটিচফাইড স্মাইল দিলো । জেঠাইয়ে আমাক ভালকৈ নিৰীক্ষণ কৰিলে, তাৰ পাছত কলে....... তোমালোক সেই মামৰে ধৰা মটৰচাইকেলখনত অহা নাছিলা জানো, বাহিৰত যে আছে, বকুলডালৰ তলত
- হয় ....... মই কলো
- মই আকৌ ডাঙৰ গাড়ীত মানে ভাৰ্না-চাৰ্নাত আহিব বুলিহে ভাবিছিলো
- মানে , বাইকত বেলেগ মজা এটা আছে... দীৰুদাই কলে
- থোৱাহে , কিহৰ মজা, কমচে কম কোম্পানীৰ মান-সন্মানৰ কথা তো চিন্তা কৰা, মই আকৌ ইমানপৰে তোমালোকক টেন্ট হাউচ পাৰ্টিৰ মানুহ বুলিহে ভাৱি আছিলো

দীৰুদাৰ চেটিচফাইড স্মাইলটো ডিম হৈ পৰিল । মই যিমান পাৰো মোৰ চেটিচফাইড স্মাইলটো ধৰি ৰাখিবলৈ চেষ্টা কৰিলো ।

ভাৰচিটি ডেইজ - ইলেকচন

চেপ্তেম্বৰ ২০০৮ , ইউনিভাৰচিটিত ইলেকচনৰ বতৰ । ইলেকচনৰ বতৰ মানে কেম্পেইনিং, ঢোল-গীটাৰ-নাচ গানৰ টীম লৈ কেন্ডিডেটসকলৰ ডিপাৰ্টমেন্ট-ডিপাৰ্টমেন্টে প্ৰচাৰ । ইউনিভাৰচিটিত সেইকেইদিন যথেষ্ট উখল-মাখল তথা উত্তেজনা থাকে । ব্যক্তিগতাৱে মই এনেধৰনৰ প্ৰচাৰ ভাল নাপাও । আৰে ভাই জি.এছৰ পোষ্টত উঠিছ যেতিয়া জিকিলে ইউনিভাৰচিটিৰ উন্নতিৰ কাৰনে কি কি কৰিবা, পৰিকল্পনা কি আছে সেয়া কোৱা, তুমি গান গাব জানা নে নাই কি মতলৱ আছে ।

মই আছিলো কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ । মানে ডিপাৰ্টমেন্টত ফ্ৰেচাৰ্চ- টিচাৰ্চ ডে, চেমিনাৰ এইবোৰ আয়োজনত এনাৰ্জি আৰু টাইম অফুৰন্তভাৱে খৰচ কৰাত আগৰনুৱা লীডাৰ টাইপৰ মক্কেল ।

তেতিয়া ডিপাৰ্টমেন্টৰ হেড আছিল পি.জে.দাস ছাৰ । ছাৰ যথেষ্ট পজিটিভ মাইন্ডেড, এনথুৱাষ্টিক আৰু হেভি পাৰচনেলিটিৰ মানুহ । ছাৰৰ লগত আমাৰ বেটছৰ ফ্ৰিকুৱেন্সি বঢ়িয়াকৈ মেটছ কৰিছিল । আমাৰ পাছত ছাৰৰ সম্পুৰ্ন বেকিং আছিল । আমাৰ সময়ত কবলৈ গলে আমি নিজে চেমিষ্টাৰ পৰীক্ষাৰ ডেট ঠিক কৰিছিলো আৰু সোনকালে ৰিজাল্টো লৈছিলো ।

আগবেলা আমাৰ থিয়ৰী ক্লাছ থাকে । লান্সৰ পাছত প্ৰেক্টিকেল । প্ৰায় প্ৰতিটো হোষ্টেলতে জনাই দিলো যে আমাৰ ডিপাৰ্টমেন্টত লান্সৰ আগত কোনোধৰনৰ কেম্পেইনিং নহব । লান্সৰ পাছত আহিলেই হল । ফলত আৰ্টছ বিল্ডিঙত যেতিয়া ঢোল-পেপা-গীটাৰ বাজি আছিল তেতিয়া আমাৰ ডিপাৰ্টমেন্টত নিয়াৰিকৈ ক্লাছ হৈ আছিল ।

এদিন প্ৰথমটো ক্লাছ কৰি ক্লাছত বহি আছো । ডিপাৰ্টমেন্টৰ জুনিয়ৰ এজনীয়ে মাতিবলৈ আহিল । তলত ছোৱালী হোষ্টেল এটাৰ কেম্পেইনিঙৰ গ্ৰুপ এটা আছে ।

তললৈ নামি গলো ।
- তুমিয়ে ডি.আৰ নেকি ......... এজনীয়ে সুধিলে
- হয় ... মই কলো
- আমি কেম্পেইনিং কৰিবলৈ আহিছিলো
- আমাৰ ডিপাৰ্টমেন্টৰ থিয়ৰীৰ ক্লাছ চলি আছে , এতিয়া নহব, লান্সৰ পাছত আহক.... মই কলো
ছোৱালী গ্ৰুপটোৱে অলপ বেয়া পালে ।
- কোনে এইচব নিয়ম বনাইছে, আমি কি টাইম লৈ আহিম নেকি , ইমান ডিপাৰ্টমেন্টলৈ যাব আছে, টাইম লৈ আহিলে কেনেকে হব .......... ঢোলটো কান্ধত লৈ থকা ছোৱালী জনীয়ে কলে
- সেইবোৰ মই নাজানো, এতিয়া মুঠতে নাচ-গান নহব , আফটাৰ লান্স আহক , গেলাৰীত ষ্টুডেন্টখিনি মই গোটাই দিম
- এইচব নিয়ম আমি নামানো, এতিয়া আমি কেম্পেইনিং কৰিমেই .......... ছোৱালী এজনীয়ে খঙত কলে
মোৰো খং উঠি গল ।
- আপোনালোকৰ কেন্ডিডেট কোনহে , এতিয়াই আমাৰ দৰে জেনেৰেল ষ্টুডেন্টৰ কথা নুশুনে, জিকিলে দেখোন গুৰু গোসাই নমনাই হব ............. ধুনীয়াকৈ মেখেলা-ছাদৰ পিন্ধি থকা কেন্ডিডেট যেন লগা ছোৱালীজনীলৈ চাই কলো

মনে মনে মোক বেয়াকৈ গালি পাৰি ছোৱালী গ্ৰুপটো ফিজিক্স ডিপাৰ্টমেন্টৰ ফালে গলগৈ । মই ক্লাছলৈ আহিলো ।

তাৰ পাছৰ দিনাৰ কথা । ক্লাছলৈ আহোতে অলপ দেৰি হল । ক্লাছত সোমাই আলপ আচৰিত হলো । ভি.পি. কেন্ডিডেট এজনে উদাত্ত কন্ঠৰে ভাষন দি আছে ।

- এইচব কি চলি আছে , এতিয়াতো কেম্পেইনিঙৰ টাইম নহয় ............ ৰুমটোত সোমাই মই কলো
কেন্ডিডেটজন আছিল আৰ.চি.চি হোষ্টেল এটাৰ । লগত এমখা লৰা । মোৰ কথা শুনি কেন্ডিডেটজনৰ ভাষণ বন্ধ হল ।
- এতিয়া ক্লাছৰ সময়, আপোনালোক লান্সৰ পাছত কেম্পেইনিঙৰ বাবে আহিব ............ মই কলো
- কোন বে ই , ইয়াৰ কি প্ৰবলেম হৈছে........... এমখা লৰাৰ মাজৰপৰা এজনে কলে
"বে" ৰ উত্সটোৰ ফালে চালো , তাৰপাছত ভি.পিৰ কেন্ডিডেটজনৰ ফালে চাই কলো
- হোৱাট ইজ দিছ , এতিয়াই ইমান উদ্ধতালি , পাছলৈ কি হব

ভি.পিৰ কেন্ডিডেটজনে ছৰি বুলি কৈ লৰাজাকক লৈ গলগৈ ।

লগৰ এটাই কলে...... হোষ্টেলৰ লৰাৰ লগত জেং হৈ গল , কথাটো ভাল নহল ,পাছত সিহতে চাই লব ।

পিছে পাছত কোনেও মোক চাই নললে । কিন্ত কথাটো জনাজনি হৈ গল যে কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত আগবেলা কোনোপধ্যে এন্ট্ৰি মাৰিব নিদিয়ে । তাৰ পাছত সকলো কেন্ডিডেটেই পাছবেলা সময় লৈ কেম্পেইনিং কৰিলৈ আহিছিল ।

পেট্ৰল পাম্পত জেং

কোনো এংগেলৰপৰাই মই জেং কৰা মানুহ নহয় । কিন্ত মেৰে চাথ হি জেং কিউ হোতা হে । ১ আগষ্ট ২০১৫ , দিনত উত্তৰ গুৱাহাটী গলো । সুব্ৰত পালৰ ভৰি মোচোকা খাই পৰি আছে, জয়ন্তৰ চৰ্দি । জয়ন্তৰ ৰুমত থাকোতেই চন্দনদাই ফোন কৰিলে । পি.চি.চৰকাৰৰ যাদু শ্ব হৈ আছে বোলে মাছখোৱাত, যাম নেকি সুধিলে । ক্ৰিকেট মেচ বা আই.এছ.এল হলে বেলেগ আছিল, যাদু শ্বো যে চাব নোৱাৰি আৰু দেই । চন্দনদাক ন বুলি কলো ।

সন্ধিয়া উত্তৰ গুৱাহাটীৰপৰা ঘৰলৈ ৰিটাৰ্ন আহি আছো । গাড়ীখনৰ ফুৱেল-মিটাৰটো চালো , তিনিটা ব্লক আছে , পেট্ৰল ভৰাই থোৱাটো ভাল হব । বালাজীৰ ওচৰত পেট্ৰল পাম্প এটাত সোমালো ।

- পাচশ টকাৰ পেট্ৰল দিয়া......... মই পাম্পৰ কৰ্মচাৰীজনক কলো
কৰ্মচাৰীজনে মিটাৰটো ৫০০ ত চেট কৰি ফুৱেলিং নিপলটো টেংকৰ মুখত ভৰাই দিলে আৰু হাতেৰে ধৰি থাকিল । মই তেওৰ হাতত চকু দিলো । তেও মাজে মাজে নিপলটোৰ লিভাৰডাল অলপ প্ৰেচ কৰে, এৰি দিয়ে । এই কাৰবাৰটো চকুত পৰাত মই কলো
- ৫০০ টকা চোন চেট কৰাই আছে, তেন্তে সেইডাল কিয় টনা-টনি কৰিব লাগে

কৰ্মচাৰীজনে নিপলটোৰপৰা হাতখন এৰি দিলে । কিন্ত মই লক্ষ্য কৰিলো যে লিভাৰডাল বেকা হৈ আছে । টেনচন হৈ গল, তেল গৈছেনে নাই । তেল ভৰোৱা শেষ কৰাৰ পাছত কৰ্মচাৰীজনক পাচশটকীয়া নোট এখন দিলো ।

গাড়ীখন ষ্টাৰ্ট কৰি আচৰিত হলো । ফুৱেল-মিটাৰটো একেবাৰে বঢ়া নাই । লগে লগে পাম্পটোৰ কাউন্টাৰত কথাটো কলো ।
- এনেকুৱা প্ৰবলেম হয়েই কেতিয়াবা, আপুনি অলপ চলাই লওক, মিটাৰত আহি যাব......... কাউন্টাৰৰ মানুহজনে কলে
- ঠিক আছে, এটা চক্কৰ মাৰি আহো, যদি কাটা নুঠে আকৌ আহিম কিন্ত ....... মই কলো

গড়চুকৰ ফালে গৈ চক্কৰ এটা মাৰিলো । তেলৰ কাটা সামান্য উঠিছে কিন্ত ৫০০ টকাৰ ৭.৭ লিটাৰ পেট্ৰলৰ তুলনাত সেয়া নামমাত্ৰ । আকৌ পেট্ৰল পাম্পটো পালোগৈ । মেনেজাৰক লগ কৰি কথাটো জনালো । মেনেজাৰ কোনোপধ্যে মান্তি নহয় যে কম তেল গৈছে ।

মেনেজাৰে মোক কলে যে তেওৰ পাম্পৰ সকলো ঠিকেই আছে আৰু পাম্পৰ ফিলিং কৰা মিটাৰকেইটা মেনিপুলেট কৰিব নোৱাৰি ।
- মই আপোনাৰ মেচিন বা মিটাৰৰ কথা কবলৈ যোৱা নাই , মই কব খুজিছো যে যোৱা চাৰিবছৰ ধৰি মোৰ গাড়ীখন চলাই আছো আৰু মোৰ গাড়ীৰ ফুৱেল মিটাৰটো ১০০ শতাংশ ঠিকেই আছে আৰু ফুৱেল মিটাৰটোৰ মতে ৫০০ টকাতকৈ বহুত কম পেট্ৰল আপোনাৰ পাম্পৰপৰা মোৰ গাড়ীলৈ গৈছে আৰু মেটিনচ আৰ মেড বাই হিউমেন বিংচ এন ডেয়াৰ ইজ ন মেচিন ইন দা ৱৰ্লড দেট কেন নট বি মেনিপুলেটেড বাই হিউমেন বিং ............... মই কলো

তাৰপাছত মেনেজাৰজনে এক লিটাৰৰ টেমা এটাত পাম্পৰপৰা এক লিটাৰ তেল ভৰাই পাম্পৰ মিটাৰটো যে ঠিকেই আছে তাক দেখুৱালে । মেনেজাৰজনৰ চেহেৰাত এটা সন্টুষ্টিৰ হাহি দেখা গল ।
- ঠিক আছে , এই এক লিটাৰ মোৰ গাড়ীত ভৰাওক , লগতে আৰু এটা পাচ লিটাৰ ড্ৰামত জুখি মোৰ গাড়ীত ভৰাওক, মই পইচা দি আছো......... মই কলো

ড্ৰাম এটাত পাচ লিটাৰ জোখা হল । গাড়ীত ভৰোৱা হল , লগে লগে মই চাবি অন কৰিলো । চাবি অন কৰাৰ লগে লগে গাড়ীৰ ফুৱেল টেংক ইন্ডিকেটৰ তিনিটা ঘৰ বাঢ়ি গল ।
- এইয়া চাওক ৬ লিটাৰ পেট্ৰলত ভৰোৱাৰ লগে লগে কাটা তিনিটা ঘৰ বাঢ়ি গল , তাৰমানে মোৰ গাড়ীৰ কাটা ভালকৈ কাম কৰি আছে আৰু বৰ্তমান ফুৱেল ইন্ডিকেটৰত ৭টা ঘৰ আছে, পাম্পত সোমাৱাৰ আগতে তিনিটা ঘৰ আছিল, মানে বেক কেলকুলেট কৰি এইটো কব পাৰি যে পাছৰবাৰ ৬ লিটাৰ ভৰাওতে যিমান তেল ভৰিল , আগৰবাৰ ৭.৭ লিটাৰ ভৰাওতে তাৰ আধাতকৈও কম তেল ভৰোৱা হৈছিল ...... মই কলো
- কিন্ত মোৰ পাম্পৰ মিটাৰ পুৰা ঠিক আছে, কতো মেনিপুলেচন নাই, সেইটো মই দেখুৱালো দেখোন, এতিয়া ইহতে যদি কিবা মেনিপুলেট কৰিছে (কৰ্মচাৰীজনলৈ দেখুৱাই) তেতিয়া মই কব নোৱাৰিম ......... মেনেজাৰজনে কলে
উইক পইন্ট এটা পাই গলো ।
- তাৰমানে আপুনি স্বীকাৰ কৰিছে যে এওলোকৰগ্বাৰা মেনিপুলেচন সম্ভৱ, এই কথাটোৱেই মই আপোনাক ইমানপৰে কৈ আহিছো যে ফিলিং কৰা কৰ্মচাৰীজনৰ ওপৰত মোৰ সন্দেহ হৈছে যে তেল কমাই দিছে আৰু যিখিনি কমাই দিছে সেইখিনি মোক দিব লাগে............ মই কলো

মেনেজাৰজন অলপ থতমত খাই গল ।

- নাই , তেল ঠিকেই গৈছে, আপোনাৰ গাড়ীৰ কাটাৰ প্ৰবলেমো তো হব পাৰে ........ মেনেজাৰজনে কলে
ইতিমধ্যে মানুহ বহুত গোট খাইছিল । তৰ্ক গৈ উত্তপ্ত পৰিস্থিতিত পৰিনত হৈছিল ।
- কি বে, এইটো পাম্পত তেল কমাই দিয়ে নেকি ............ বাইকত তেল ভৰাব অহা মানুহ এজনে কাৰোবাক চিঞৰি সুধিলে

মেনেজাৰে কোনোপধ্যে মানি নলয় যে পাম্পত কিবা খেলিমেলি আছে । কাউন্টাৰৰ কৰ্মচাৰীজনেও কলে যে আজিলৈকে কোনেও কম্প্লেইন দিয়া নাই ।

- চাওক ডাঙৰীয়া, ৭.৭ লিটাৰ তেলৰ ০.৭ লিটাৰ মাৰি দিলে কোনেও গম নাপাব, কোনোবাই মিটাৰ চাই গম পাব নেকি কিন্ত মোৰ ক্ষেত্ৰত ৫ লিটাৰমান তেল কম হৈছে , সেয়ে মই ধৰিব পাৰিছো, আৰু তেল ভৰাইয়ে মই আপোনাক কৈছো , কৈছিলোনে নাই .................. মই কাউন্টাৰৰ কৰ্মচাৰীজনক সুধিলো

মানুহৰ জুমটো বাঢ়ি আহিছিল । মোৰ লগত আছিল মা । ইমানপৰে মায়ে কথাবোৰ শুনি আছিল । এইবাৰ মায়ে কলে.......
- চাওক আমি আপোনালেকৰ গ্ৰাহক । আমি যদি তেল নিকিনো আপোনালোকৰ ডিপোৰ কি হব , ডিপো বন্ধ বৈ গলে ইয়াৰ কৰ্মচাৰীসকলৰ কি হব , আজি তেল আমাক কমাই দিছে , আমি গম পাইছো কাৰনেহে ইয়াত আছো, এই যে আমি গম পালো যে এইটো ডিপোত তেল কমাই দিয়ে, এই কথাটো আমি আন দহজনক কম, সেই দহজনে আন দহজনক, এনেকৈ চলিলে এদিন আপোনালোকৰ ডিপো বন্ধ হৈ যাব । আৰু আমি তো এনেয়ে কোৱা নাই , আমাৰ হাততো প্ৰমান আছে । আমি প্ৰয়োজন হলে আপোনালোকৰ তেলৰ মেইন কোম্পানীত যাম আমাক ঠগা হৈছে বুলি ।

মেনেজাৰজন নিজৰ কেবিনলৈ সোমাই গৈছিল । মই পাছে পাছে গলো ।

- মই তো চব দেখুৱালো, আমাৰ পাম্পৰ চব ঠিকেই আছে, এতিয়া মই কি কৰিম কওক........... মেনেজাৰজনে কলে
- চাওক আপুনিতো দেখিলেই তিনিশ টকাৰ তেলত ফুৱেল-মিটাৰৰ কাটা উঠিল , ৫০০ টকাৰ তেলত কাটা উঠা নাছিল, ইয়াৰপৰা সাধাৰন মানুহ এজনে কি ইন্টাৰপ্ৰীট কৰিব , সেইটোৱেই মোৰ প্ৰশ্ন ............. মই কলো

মই মেনেজাৰৰ ৰুমৰ পৰা ওলাই আহিলো ।

- বল মা, গড়চুক থানালৈ যাও, সদ্যহতে এফ.আই.আৰ. এখন দি আহো, বাকী পাছত দেখা যাব ............ মই মাক কলো
যুদ্ধংদেহি মনোভাৱেৰে গাড়ীখন ষ্টাৰ্ট কৰিবলৈ লৈছো । এনেতে কাউন্টাৰৰ কৰ্মচাৰীজনে কলে................ হব দিয়ক , পাচশ টকাৰ তেল ভৰাই লওক

পেট্ৰল পাম্পৰ কৰ্মচাৰীজনে ৭.৭ লিটাৰ কম্প্লিমেন্টৰী তেল ভৰাই দিলে । মোৰ গাড়ীখনৰ ফুৱেল টেংকৰ কাটা আৰু তিনিঘৰ বাঢ়ি গল ।

ডাৰউইনৰ স্পিচিচ

(1)

এজ ইউজুৱেল ৰনদীপে তুলসীৰ পেকেটটো খুলি ৰজনীগন্ধাৰ পেকেটটোত ভৰালে, অলপ মিক্সাৰটো শ্বেক কৰিলে , ডাঙৰকৈ মুখখন মেলি আধা অংশ মুখত ভৰাই বাকী আধা থকা পেকেটটো ভাজ কৰি পকেটত সুমুৱাই থলে । তাৰপিছত কিছুসময় চোবাই খিৰিকিয়েদি প্ৰথমবাৰ পিকাই দিলে ।

মই ৰনদীপৰ ঠিক কাষৰ চিটত । ৰাতিপুৱা গেলেকীৰ পৰা শ্বিফটৰ বাছখনত ৰনদীপ চাইটলৈ আৰু মই গুৱাহাটীলৈ বুলি ওলাইছো ।
- বিকাচ দা, আপুনি পেটটো কমাওক , কিমানবাৰ যে কৈছো আপোনাক, আপুনি কানসাৰেই নিদিয়ে , নিজৰ কথা নাভাৱে, ঘৰৰ মানুহৰ কথা টো চিন্তা কৰক , এইবাৰ ঘৰলৈ গৈ ট্ৰাইগ্লিচাৰাইড চেক কৰাব , 400 ৰ ওপৰ হব আপোনাৰ , ভেৰি প্ৰন টু হাৰ্ট এটেক.......... ৰনদীপে খিড়িকিয়েদি আৰু এবাৰ পিকাই দিলে
- ঠিক আছে বাৰু , কৰিম চেক ........ মই কলো

এই বিষয়টো লৈ ৰনদীপে মোক প্ৰায়েই কামোৰ দিয়ে । আনকি ডি.এছ.এত ৰনদীপে মোক চিকেনো বেছিকৈ খাব নিদিয়ে । ৰনদীপৰ মতে মাত্ৰ দুই পিচ চিকেন, তাতকৈ বেছি নহয় । ফলত খোৱাৰ টাইমত মই ৰনদীপৰপৰা লুকাই থাকিবলগীয়াত পৰিছে । ৰনদীপৰ কেনেকৈ কামোৰ দিও ভাৱিবলৈ ধৰিলো ।

- আচ্চা ৰনদীপ তুমি যে ৰজনীগন্ধা খোৱা, দিনত কিমান খোৱা........ মই সুধিলো
- লান্সৰ আগতে পাচ পেকেট, লান্সৰ পাছত পাচ পেকেট....... ৰনদীপে কলে
- মানে দিনে দুশমান টকাৰ
- অ কিয়
- ভাৱাচোন ৰনদীপ, তুমি দিনে দুশ টকাৰপৰা এশ টকালৈ ৰজনীগন্ধা খোৱা যদি কমাই দিয়া ,দিনে এশ টকাকৈ মাহত তিনিহাজাৰ টকা চেভ কৰিব পাৰিবা, সেই তিনিহাজাৰ টকাৰে কোনোবা অভাৱী , গৰিব, নিসহায় মানুহক সহায় কৰি চাবাচোন, কিমান আনন্দ লাগে , পৃথিৱীখনত তেতিয়া তুমি তিনিহাজাৰ টকাৰ ৰজনীগন্ধাৰ লেতেৰা পিকৰ সলনি, অলপ হাহি, অলপ সুখ, অলপ আনন্দৰ সঞ্চাৰ কৰিব পাৰিবা ,আৰু এনেকৈয়ে ইজনে সিজনক কৰা মৰম-ভালপোৱা-সহযোগিতাৰে পৃথিৱীখন এখন বাসোপযোগী ধুনীয়া পৃথিৱী হৈ পৰিব....... মই কলো

তৃতীয়বাৰৰ বাৰে পিকাবলৈ গৈ ৰনদীপ ৰৈ গল । ৰনদীপৰ কান দুখন ৰঙা পৰা স্পষ্টকৈ দেখিবলৈ পালো । একেবাৰে জেগাত পৰিছে কথাটো । মোক কামোৰ দি অহা ৰনদীপৰ ওলোটাই কামোৰ দি এটা সন্টুষ্টি অনুভৱ কৰিলো ।

সেই সময়ত ৰনদীপৰ চেহেৰাত ৱাচড আউট এক্সপ্ৰেচন আৰু মোৰ চেহেৰাত এটা কুল স্মাইল।

(2)

ৰনদীপ লৰাটো বহুত টেলেন্টেড । সি সহজে হাৰ মনা ভকত নহয় ।
- আচ্চা বিকাচ দা, আপুনিটো ডাৰউইনৰ থিয়ৰি পঢ়িছে
- অ
- কি কৈছিল ডাৰউইনে
- চাৰভাইভেল ইজ ডা ফিটেষ্ট, পৰিবৰ্তনীয় পৰিস্থিতিৰ সৈতে যিটো জীৱই নিজকে খাপ খুৱাই লৱ পাৰে সিহে চাৰভাইভ কৰিব পাৰিব , বাকীবোৰ এক্সটিন্ট হৈ যাব
- এক্সেক্টলি , এতিয়া চাওক, যিবোৰ অভাৱী, নিসহায় মানুহ, সিহত তেনেকুৱা কিয়, কাৰন সিহতে চাৰভাইভ কৰিব নোৱাৰে, সিহত যোগ্য হব পৰা নাই কাৰনে ভোগ্যও হব পৰা নাই , আৰু মই যে কোম্পানীৰপৰা দৰমহা পাও,দিনেবাৰ ঘন্টাকৈ কাম কৰাৰ কাৰনে পাও আৰু তাৰ ওপৰতো মই টুৱেন্টি পাৰচেন্ট টেক্স দি আছো ,আৰু চৰকাৰে সেই টেক্সবোৰ কত লগাইছে, দুখীয়া মানুহবোৰৰ নামত, এনেৰেগা, মিড ডে মিল, ইন্ডিৰা আৱাস যোজনা, আল-বাল বহুত যোজনা । চাবলৈ গলে মই উপাৰ্জনৰ টুৱেন্টি পাৰচেন্ট চোন আপুনি কোৱা নিসহায়-অভাৱী মানুহবোৰক দিয়েই আছো । আৰু মই যে ৰজনীগন্ধা খাও, সেইটো মোৰ চখ । মোৰ চখটো মই নিজে কষ্ট কৰি পুৰাইছো , বেলেগৰ কাৰনে মই মোৰ চখৰ লগত কম্প্ৰমাইজ কিয় কৰিম ।

ৰনদীপে আৰু এবাৰ খিড়িকীয়েদি পিকাই দিলে ।

- মানে মই কব খুজিছিলো, হিউমেনিটি বুলিও এটা কথা আছে , বিল গেটছৰ এক্সামপল চোৱা , কিমান চেৰিটি কৰি আছে ..... মই কলো
- হিউমেনিটি আৰু ডাৰউইন একেলগে এক্সিষ্ট কৰিব নোৱাৰে , আৰু বিল গেটছৰ যে এক্সামপল দিলে আপোনাৰ-মোৰ বয়সত বিল গেটছে চেৰিটি কৰিছিল নেকি,তেতিয়া চোন সি পইচা ঘটিছিল, বিজিনেছ বঢ়াইছিল । এতিয়া বুঢ়া বয়সত পইচা ঘটি আমুৱালে, চেৰিটি কৰাৰ চখ জাগিল , চেৰিটি কৰি চখ পুৰাই আছে..... ৰনদীপে কলে
- ও
- যেতিয়া মই বিল গেটছৰ নিচিনা ধনী হৈ যাম, তেতিয়া চেৰিটি কৰিম, বা যেতিয়া ৰজনীগন্ধা খোৱাৰ চখৰ সলনি চেৰিটি কৰাৰ চখ জাগিব, তেতিয়া ৰজনীগন্ধাৰ বাদ দি চেৰিটি কৰিম ।

ৰনদীপ বহুত টেলেন্টেড । এন.আই.টিৰ পাচ আউট । আৰ্গুমেন্টত মই ৰনদীপক বলে নোৱাৰো । আৰু কিবা কলে নিজৰ কথাৰ সপক্ষেকিমান যুক্তি দি মোক নেফানেফ কৰিব ঠিকনা নাই ।

- মানে ৰনদীপ, যেনেকৈ ৰজনীগন্ধা তোমাৰ চখ, তেনেকৈ ডি.এছ.এ ত পেট ভৰাই চিকেন খোৱাটোও মোৰ চখ দিয়াচেোন....... মই কলো
- ঠিক আছে, আজিৰেপৰা আপোনাৰ খোৱাৰ ওপৰত মই চকু নিদিও......... ৰনদীপে কুল স্মাইল এটা দি কলে

(3)

বাছ আহি নাজিৰা পালে । মই নামিলো । ইয়াৰপৰা অইন বাছত শিৱসাগৰ গৈ তাৰপৰা গুৱাহাটীলৈ চুপাৰ ধৰিব লাগিব । চাইটৰপৰা ৰিটাৰ্ন হোৱা অ.এন.জি.চিৰ বাছ এখনত উঠিলো । কন্ডাক্টৰটো মোৰ ওচৰলৈ আহিল । দহটকা এটা দিলো । নিয়মমতে এমপ্লয়িয়ে বাছত পইচা নিদিলেও হয় , কিন্ত বাছৰ ড্ৰাইভাৰকেইটা বৰ ধুৰন্ধৰ । সিহতে ৰাষ্টাত পেচেঞ্জাৰ উঠাব ঠিকেই কিন্ত ভাড়া নিদিয়া এমপ্লয়িয়ে ৰাষ্টাত হাত ডাঙিলে বাছ নৰখায় । আগতে মইও অইন চাইটৰ বাছত পইচা নিদিছিলো , কিন্ত বহুতবাৰ এনে তিতা-কেহা অভিজ্ঞতা হোৱাৰ পাছত পৰিস্থিতিৰ লগত খাপ খুৱাই দহটকা ভাড়া এটা দি দিও । কোম্পানীৰ বাছত ভাড়া দিয়াটো একপ্ৰকাৰৰ চাৰভাইভেল ষ্ট্ৰেটেজি বুলিব পাৰি ।

শিৱসাগৰৰ পৰা এ.এছ.টি.চিৰ এয়াৰকন্ডিচন বাছখনত টিকেট ললো । এক নম্বৰ চিটটো ললো । এইটো চিটত আগৰ মানুহজনে চিট হাউলাই টেনচন দিয়া ঝামেলা নাই । সোফালৰ চিটটোত কলেজীয়া ছোৱালী এজনী । কানত হেডফোন লৈ আছে , কথা পাতি আছে নে গান শুনি আছে ধৰিব নোৱাৰিলো । বাহিৰত প্ৰখৰ ৰদ , ফোনটো চুইচ অফ কৰি চিটটো হাওলাই চকু দুটা মুদি দিলো ।

দিনৰ বাৰ বজাত বোকাখাট পালো । বাছ ৰখিল । বাছৰপৰা নামি অনুভৱ কৰিলো যে সচাকৈয়ে প্ৰচন্দ গৰম পৰিছে , নৰমেল বাছত অহা হলে সিজি গলোহেতেন ।

বাছ নগাও সোমাল । ডাব এটা খাই ললো । আৰু দুঘন্টা পাছত গুৱাহাটী পাই যাম । দীৰুদাক ফোন লগালো , দীৰুদাই খুব ট্ৰেজেদী ফালিলে, বছে বোলে খুব কামোৰ দি আছে । মই গুৱাহাটী গৈ আছো বুলি কোৱাত দীৰুদা আচৰিত হল ।
- কেনেকে মেনেজ কৰিলি বে, এদিন আগতেই ফুটি দিলি .......... দীৰুদাই দুখেৰে সুধিলে
- চাৰভাইভেল ইজ দা ফিটেষ্ট, এডাপটেচন উইথ চাৰাউনডিংচ , কুল ......... মই কলো

নগাওৰপৰা ফৰলেনত কোবাল গতিৰে বাছ চলি আছে । তেতিয়াই লাগিল কেনাটো । ৰহাত বাছখন ৰৈ গল । ইঞ্জিন বন্ধ । এজন দুজনকৈ কেইজনমান মানুহ বাছৰ পৰা নামিল । বাকীবোৰ বাছতে বহি আছে । কন্ডাক্টৰে কলে যে তেল শেষ হল । তেল শেষ হোৱাৰ কথা শুনি কেইজনমান পেচেঞ্জাৰৰ মাথা গৰম হৈ গল । ষ্টেচনত কটা টিকেটৰ ভাড়া ড্ৰাইভাৰ-কন্ডাক্টৰে ঘুৰাই দিব নোৱাৰাৰ কথা শুনাৰ লগে লগে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল ।

দুবছৰমান আগতে হোৱা হলে ময়ো উত্তপ্ত পৰিস্থিতিত যোগ দি এ.এছ.টি.চিৰ অফিছত ফোন কৰি কনজিউমাৰ কৰ্ট-চৰ্টৰকথা কৈ তেল অনাই গাড়ী ষ্টাৰ্ট কৰাই লৈ আহিলোহেতেন ।

চাৰিটা বাজিছে , প্ৰচন্ড ৰদ , ভাৰ মে জায়ে দুনিয়া, বেছি মগজমাৰি কৰি লাভ নাই । বেগটো লৈ নামি আহিলো । পেচেঞ্জাৰ কেইজনমান কি কৰা যায় আলোচনাত ব্যস্ত , ড্ৰাইভাৰে ডিজেল বেচে, এনেকৈয়ে চৰকাৰী নিগম ডুবে, চৰকাৰখনেই বেয়া ,মাৰ-পিট নকৰিলে ইহত চিধা নহয় ইত্যাদি কথা কানত পৰিল ।

কন্ডাক্টৰজনে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল ।
- আচ্ছা, মোৰ অলপ আৰ্জেন্সি আছে, এ.এছ.টি.চিৰ আৰু বাছ আহি আছে নহয়, নেক্সটখনত মোক এডজাষ্টকৰি দিব .......... মই কলো

কন্ডাক্টৰজনে চকুৰ চাৱনিৰে হব বুলি কলে । দহমিনিটৰ পাছত ৰঙা বাছ এখন আহিল, তিনিচুকীয়া-গুৱাহাটী চুপাৰ । ৰেডি হৈয়ে আছিলো , বাছখন ৰখাৰ লগে লগে জপিয়াই উঠি দিলো । বাছখনত মাত্ৰ দুটা চিট খালী আছিল । তাৰে এটাত বহি দিলো । এতিয়া টেনচন নাই, টাইমত গুৱাহাটী গৈ পাম ।

ছটা বজাত গুৱাহাটী পালো । বাংকিং, এডজাষ্টমেন্ট, মেনেজ, মেনিপুলেট কৰি দীৰুদাতকৈ এদিন আগতে গুৱাহাটী পোৱা মোৰ নিজকে পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চাৰভাইভ কৰি থকা ডাৰউইনৰ স্পিচিচটোৰ দৰে লাগিল ।

ছুটী ফ্ৰম চাহু চাহাব

জইনিং কৰাৰ দ্বিতীয় বছৰৰ পুজাৰ সময়ৰ কথা । আমাৰ ডিপাৰ্টমেন্টৰ বছ আছিল অ.পি.সিং ছাৰ আৰু চাহু ছাৰ । চাহু চাহাবৰ বিশেষত্ব হল যে কাকো ছুটী নিদিয়ে । চাহুৰ পৰা ছুটী উলিওৱা মানে বহুত ডাঙৰ এচিভমেন্ট । পুজাৰ সময়, ঘৰলৈ যাবলৈও মন গৈছে । ছুটী বিচাৰিবলৈ অফিছ পালোগৈ । চাহু চাহাবৰ ৰুমৰ বাহিৰত থিয় হৈ কেনেকৈ ছুটী খুজিম তাৰ প্লেনটো বনাই আছো । সেই সময়তে অৱনীদাও অফিচলৈ আহিল

- কি ৰে বিকাচ , আজি অফিছত যে ........ অৱনীদাই সুধিলে
- নাই মানে পুজাৰ ছুটী লাগে, আপুনি....... মই কলো
- মইও ছুটী লম, চাহুক জনাই যাও
- আপোনালোকে কলেই ছুটী পায় মানে
- আৰে, টেকনিক আছে , টেকনিক , বল ভিতৰত যাও , কিন্ত মই আগতে ছুটীৰ কথা কম..... অৱনীদাই কলে

দুয়োটা চাহু চাহাবৰ ওচৰ পালোগৈ । মই চুপ-চাপ অৱনীদাই কি টেকনিক লগায় ছুটী লয় চাবলৈ ধৰিলো ।

অৱনীদাই প্ৰথমতে কুল হাহি এটা মাৰিলে , চাহু চাহাবৰ কুশল মংগল বতৰা ললে, চাহু চাহাবৰ ছোৱালীৰ পঢ়া-শুনা কেনে চলিছে তাৰ খবৰ ললে । তাৰ পাছত অৱনীদাই ৱাইফ নামৰ কামোৰবিধৰ কথা উলিয়ালে, ৱাইফে কেনেকৈ ফৰমাইছ দি দি অৱনীদাৰ জীনা হাৰাম কৰি দিছে তাক দুখেৰে কলে । চাহু চাহাবেও অৱনীদাৰ দুখত দুখী হোৱা যেন দেখুৱালে ।

- ক্যা বেলিয়েগা চাহাব, ৱাইফ নে বোলা হে কে মাজুলী জানা হে , অব ডিউটি হে , কেইচে জায়েগা, হাম বহুত চমঝায়া পৰ চমজতাহি নেহী, অউৰত জাত হি এইচা হে , হামকো ধমকি দিয়া হে কি মাইকে চলা জায়েগা , বাচ দো দিন কা লিভ মিল জাতা তো মাজুলী ঘুমা লাতা , টেনচন কম হো জাতা .......অৱনীদাৰ চকুত উপায়হীনতাৰ চাৱনি

অৱনীদাৰ টেকনিকটো বুজি পাই গলো । কিন্ত চাহু চাহাবো কম নহয় ।

- দেখো অৱনী, তুমহাৰা টেনচন মে সমজ গয়া হু, লেকিন মেনপাৱাৰ কা হবত চৰটেজ হে, তুম মেৰা জান মাংগ লো , দে দুংগা, লেকিন ছুটী নেহী মাংগনা........ চাহু চাহাবে কলে
- লেকিন চাহাব, মেৰা মেৰেজ কা চৱাল হে
- নহী মিলেগা মতলব নহী, কিচিকো অভী ছুটী নহী মিলেগা ...... চাহুই কঠোৰ মাতেৰে কলে
বহুত চেষ্টা কৰিও অৱনীদাই ছুটী উলিয়াব নোৱাৰিলে ।
- তুম ভী ছুটী কে লিয়ে আয়ে হো ক্যা.......... চাহু চাহাবে মোৰ ফালে চাই কলে
- আৰে নহী চাহাব, বেচেলৰ হু, হাৰ দিন তো চুটী হি হে, মে এক্সুৱেলি আয়া থা কে হামাৰে ৱেল মে লিগনাইট চাহিয়ে, বহুত জেল আতা হে, আউৰ ট্ৰিটমেন টেংক কা এজিটেটৰ খাৰাব হে, ৱ থীক হো জাতা তো মাদ কা ট্ৰীটমেন্ট আচ্চা হোতা ............. মই কলো
- আভী মে ডি.আই.চি চে বাত কৰতা হু, তুম ফিকৰ মত কৰো, মে হু না ............... চাহু চাহাবে লগে লগে ট্ৰিটমেন্ট টেংকৰ বিষয়ে কাৰোবালে ফোন কৰিলে

বিষন্ন মন লৈ অৱনীদা আৰু মই চাহু চাহাবৰ ৰুমৰপৰা ওলাই আহিলো । ছুটী নাপালো ।

ঘৰলৈ যাবলৈ টেনডেনচিটো বেছি হৈ গৈ আছে । ভাৰ মে জায়ে দুনিয়া । নো ৰিক্স নো গেইন । বাহটো আলটিমেটলি প্ৰনৱদাক দি দিলো । পুজাৰ আগৰ অফটোত গুৱাহাটী পালোহি । ডিউটি থকাৰ আগনিশা মই ৰিলিভ কৰিবলগীয়া প্ৰনৱদাক ফোন কৰি কলো যে বহুত জৰুৰী কাম এটাত গুৱাহাটী গৈ আছো , একেবাৰে ইমাৰজেন্সী চিটুৱেচন । গতিকে কাইলৈ ডিউটি নাযাও । প্ৰনৱদাই টেনচন খাই চাহু চাহাবক ফোন কৰিলে । চাহু চাহাবে মোলৈ ফোন লগালে । মই ইতিমধ্যে নট ৰিচেবল । পুজাৰ চিজনত দিনৰ বাবে ৰিলিভাৰ যোগাৰ নহল । মই ৰফুচক্কৰ হৈ যেৱা বাবে বেচেৰা প্ৰনৱদাই দুটা শ্বিফট কন্টিনিউ কৰিবলগাত পৰিল ।

২৪ ঘন্টাৰ মুৰত চাহু চাহাবক কল বেক কৰিলো
- ছাৰ একদম ছৰী, ইমাৰজেন্সী মে আনা পৰা , আভী গুৱাহাটী মে হু, আপকো কল নহী কৰ পায়া ..... মই কলো
- আৰে নহী, ইমাৰজেন্সী তো চবকা আতা হে , ৱাপচ কাম আয়োগে...... চাহু চাহাবে কলে
- চাহাব ইমাৰজেন্সী চিটুৱেচন হে, ফোন পে নহী বোল চকতা, এক হাফটা লাগ জায়েগা

চাহু চাহাবে এসপ্তাহৰ বাবে অৱনীদাক মোৰ ঠাইত ডিউটি কৰিবলৈ লগাই দিলে । পুজাৰ এসপ্তাহ গুৱাহাটীত আৰামত কটালো । এসপ্তাহ পাছত শিৱসাগৰ পালোহি, চিধা ডিউটি ধৰিলো । ছুটী খটম ইমাৰজেন্সীও খটম ।
অৱনীদাই আজিও মোক লগ পালেই সোধে যে মই সেইটো পুজাত ছুটী কেনেকৈ মেনেজ কৰিলো ।
( মৰেল আৱ দা ষ্টৰী - ছুট্টী লেনেকা চীজ হে, মাংগনেকা নহী )

ঘটক

কেইবছৰমান আগতে, স্থান চফ্ৰাই , চাইটত ড্ৰিলিঙ চলি আছে, ড্ৰিলিঙ ইঞ্জিনিয়াৰ দেবাশীষ নন্দী কামত ব্যস্ত । সময় ৰাতি ৮ বাজিছে । মই ৰীগৰ সমুখৰ মুকলি ঠাইখিনিত এনেয়ে পায়চাৰি কৰি আছো ।

- হেলো বিক্স , কি খবৰ.......... কলেজৰ বন্ধু উমেশ মেধীৰ ফোন
- ভাল..... মই কলো
- কত এতিয়া
- ডিউটিত, নাইট শ্বিফট
- আচ্ছা কথা এটা সুধিব লগা আছিলে
- কি কথা
- **** ***** তোমাৰ লগত পঢ়িছিলে নেকি
- অ, মোৰ লগৰ , ক্লাছমেট
- ছোৱালীজনী কেনেকুৱা
- ভাল , কিয়
- মানে মোৰ লগৰ এটাৰ লগৰ এজনে চাইছিল ঘৰৰপৰা, বুজিছাই তো
- বহুত ভাল ছোৱালী হয় , beautiful, kind-hearted ,easy-going, cute, অলপ ৰিজাৰ্ভড হয়, টেনচন একো নাই , চকু মুদি অকে
- এফেয়াৰ-চেফেয়াৰ
- মই জনাত নাই, ডিগ্ৰী বা এম.এছ.চি তো নাই, থাকিলে মই গম পালোহেতেন
- চিউৰ
- আব্বে হানড্ৰেড পাৰচেন্ট, কিবা থাকিলে মই গম পালোহেতেন
- কোনোবা আৰু কিবা
- এম.এছ.চিত থাকোতে তাইৰ লগৰ এটাই প্ৰপজ দিছিল অৱশ্যে, তাই ৰিজেক্ট কৰি দিলে, আৰু একো নাই
- লৰাটোৱে এতিয়াও পিচা কৰি আছে নেকি
- নাই
- চিউৰ
- হানড্ৰেড পাৰচেন্ট
- আচ্ছা, সেই লৰাটোৰ বিষয়ে ইনফো, মানে বুজিচাই তো, নাম, কি কৰে এতিয়া
- ৱ কিউ চাহিয়ে বে
- আব্বে, প্লীজ , ইনফো কিবা কৰি উলিয়াই দিয়া না
- লৰাটোৰ নাম বিকাচ চইকীয়া
- আচ্চা মক্কেলটোৰ নাম হল বিকাচ চইকীয়া, এক মিনিট, তোমাৰ নামো চোন বিকাচ, তোমাৰ ক্লাছত আৰু কোনোবা বিকাচ আছিল নেকি
- সেই মক্কেলটো ময়ে হয়......... মই কলো 


তাৰপাছত আধামিনিটৰ নীৰৱতা

- আব্বে , চাল্লা, চৰি য়াৰ, মই কেনেকে পাহৰি গলো, খিয়ালে নাহিল বে, তাইৰ নামো চোন **** ***** আছিল, একদম চৰি
- একো নাই বে , ন হাৰ্ড ফিলিংচ

বিয়াখনলৈ অফ-কৰ্চ মোক ইনভাইট কৰা হৈছিল ।

হাৰবেল-লাইফ

- আপুনি মোৰপৰা হাৰবেল-লাইফ লওক । তিনিমাহৰ কৰ্চ এটা , তিনিমাহত পুৰা ৩০ কেজি কমি যাব আপোনাৰ ........ ৰনদীপে কলে
- বোপাই নালাগে, খাই মানুহৰ ওজন কমে নেকি, নাখালেহে ওজন কমিব
- লৈ চাওক না
- নালাগে

ৰনদীপে চবকে হাৰবেল-লাইফ দিবৰ চেষ্টা কৰে । হাৰবেল-লাইফ মানে টেমা কিছুমানত পাউদাৰজাতীয় কিবা থাকে । ৰনদীপৰ মতে সেইচব খালে বোলে ভোক কম হয় আৰু ওজন কমি যায় । ৰনদীপে ড্ৰিলিঙৰ চাকৰিৰ উপৰিও চাইড বিজিনেছ হিচাপে হাৰবেল-লাইফৰ এজেন্টৰ কাম কৰে । তাৰ কাষ্টমাৰৰ মাজত খঞ্জন, দীৰুদা, চন্দনদা আদিও আছে । সি কিন্ত প্ৰজাপতি আৰু মোক বহুত কামুৰিও কাষ্টমাৰ বনাব পৰা নাই ।

অফৰ প্ৰথমদিনা আহি ঘৰ পাইছোহি । ৰনদীপে ফোন কৰিলে
- ঘৰ পালেগৈ নেকি
- অ
- কথা এটা আছিল
- কি
- ছোৱালী এজনী আছে, জ্যোতিমালা সন্দিকৈ
- কৰ, কেনে................. মই সুধিলো
- ধেই আপোনাৰ কাৰনে নহয়, মোৰ কাৰনে, ঘৰৰপৰা চাইছে , গুৱাহাটীৰ হয়, খবৰ লৈ দিয়ক না............ ৰনদীপে কলে
- আচ্চা, ফেচবুকত চোৱাচোন
- এফ.বিত নাই
- নাই যদি টেনচনেই নাই
- নাই মানে মোৰ লগত একেলগে আছিল কলেজত, কিউট আছিল, কিন্ত তেতিয়া মই বহুত ক্ষীন আছিলো, তাই বহুত শকত আছিল , সেইকাৰনে দিলৰ কথা জুবানত নাহিল
- গুৱাহাটীত মই কেনেকে বিচাৰিম বে
- মানে তাই এতিয়া এইচ.পি.চি.এল ত কৰে, জাগীৰোডত, এবাৰ খবৰ লৈ আহক না, তাই আগৰদৰেই আছে নে ক্ষীনাইছে, মানে বেছি শকত হলে দিলৰ কথা বা জুবানত আহে নে নাই
- শকত হলে হাৰবেল-লাইফ দি দিবা আকৌ , টেনচন কিহৰ....... মই কলো
- পিলিজ খবৰ লৈ দিয়ক না, প্লিজ.......... ৰনদীপে কাতৰ অনুৰোধ কৰিলে

চাল্লা দুনীয়াত চবেই কামোৰ দিবলৈ মোকেই পায় । জাগীৰোড কাগজ কল, অলপ ভাৱিলো , কোনোবা আছে নেকি , বৰ্নালী আছে । অৱশ্যে বৰ্নালীক ফোন কৰিলে গালি খোৱাটো খাটাং, তাইৰ বিয়াত মই এবচেন্ট আছিলো ।
- হেলো বৰ্নালী, মই
- গম পাইছো, মনত পৰিল আজি.............. বৰ্নালীয়ে কলে
- মনত তো পৰিয়েই থাকে , কি কৰিবা কোম্পানীৰ কামৰ প্ৰেচাৰ, সময়েই নাপাও
- থোৱা থোৱা তোমাৰ বাহানাবাজী, বিয়াততো নাহিলাই, কি কামত ফোন কৰিছিলা কোৱা
- মানে তোমাৰ লগত জ্যোতিমালা সন্দিকৈ নামৰ কোনোবা ছোৱালীয়ে কাম কৰে নেকি......... বৰ্নালীক ৰনদীপৰ কেচটো খোলাখুলি কৈ দিলো

তাৰ পাছত বৰ্নালীয়ে গালি তথা ফেমিনিজিমৰ ওপৰত লেকচাৰ দিলে । গালি মোক নে ৰনদীপৰ উদ্দ্যেশ্য কৰি দিলে গম নাপালো কিন্ত ফোনৰ আনটো মুৰত ময়েই আছিলো । নাৰীৰ ওপৰত সদায় কিয় চকু, নাৰী পন্য নহয়, নাৰীয়েই কিয় যুগে যুগে অগ্নিপৰীক্ষা দিব লাগে , শোষন, বঞ্চনা, আৱদমন, এই টাইপৰ কথাৰে মোক খুব কামোৰ দিলে ।

মোৰ ক্ষেত্ৰত চকুমুদি হা কম আৰু অতি সোনকালেই বৰ্নালীক চেহেৰা দেখুৱাম আৰু তাইৰ দুই বছৰীয়া বাচ্চাটোৰ কাৰনে আৰ্চিজৰ ডাঙৰ টেডি এটা গিফট এইকেইটা প্ৰতিশ্ৰুতি দিয়াতহে বৰ্নালী শান্ত হল । যিয়েই নহওক বৰ্নালীৰপৰা ইনফৰমেচন গোটাই ৰনদীপলৈ পাছ কৰি দিলো ।

এসপ্তাহ পাৰ হল । খুব গৰম পৰিছে, কাম এটাত পানবজাৰলৈ গৈছিলো , ঘুৰি আহোতে বিগ বাজাৰত সোমালো । বিগ বাজাৰত বস্ত কিনাৰ মতলব নাই, ইমান গৰমত বিগ বাজাৰৰ ফ্ৰী এচি খাই যাম বুলিহে সোমাইছো , আধাঘন্টামান টাইম কিল কৰিম ।

বিগ বাজাৰৰ ছেকেন্ড ফ্লৰ পালোহি । এইটো ফ্লৰত কাপোৰ আছে , কাপোৰবোৰৰ মাজে মাজে ৱাক কৰি আছো, হঠাত দেখিলো ৰনদীপ দেখোন, ই তিনিচুকীয়াৰপৰা কেতিয়া আহিল । তাৰ দুযোখন হাতত দুবেগ কাপোৰ । তাৰ কাষত চাইজ জিৰো চাইজৰ ধুনীয়া কিউট ছোৱালী এজনী ।

- আব্বে ৰনদীপ, ইয়াত কি কৰি আছ, গুৱাহাটী আহি খবৰেই দিয়া নাই যে......... মই কলো
- অ, দাদা, হে হে , নাই মানে এওৰ লগত আহিছিলো শ্বপিং কৰিবলৈ
ছোৱালীজনীয়ে ঘুৰি দিলে
- এয়া বিকাচদা দেই, মই যে কৈ থাকো, ১০০ কিলো, আৰু এও জু দেই, জ্যোতিমালা , আপোনাকযে কৈছিলো......... ৰনদীপে মোক চিনাকি কৰাই দিলে

মই সৌজন্যমুলক হাহি এটা মাৰিলো । প্ৰত্যুত্বৰত জ্যোতিমালাইও হাহি এটা মাৰিলে ।
- আৰু বিকাচদা চেঞ্চুৰীটো মাৰিলেই, এতিয়া ওজন কমাওক আৰু, মই কৈছো হাৰবেল-লাইফ লওক , তিনিমাহ, হৈ যাব....... ৰনদীপে কলে
- ...........
- হয় দা, ময়ো আগতে আপোনাৰ দৰেই শকত আছিলো, হাৰবেল-লাইফ ৰ ফলতহে ক্ষীনাব পাৰিলো........ জ্যোতিমালাইও ৰনদীপৰ কথাত যোগ দিলে ।

হাজাৰ হলেও ইজ্বতৰ কথা আছে । চাৰিটেমা হাৰবেল-লাইফ লৈ ঘৰলৈ আহি আছো , ৱেইট অলপ হলেও কমাব লাগিব ।

লাইফ এন্ড ফুটবল

(১)

বৰষুনৰ চিজন আৰম্ভ হৈছে । বৰষুন দিছে মানে বেলতলা ফিল্ডত ক্ৰিকেটৰ সলনি ফুটবলৰ চিজনৰ আৰম্ভনি । মই বেলতলা ফিল্ডখনৰ একেবাৰে ওচৰতে থাকো । ঘৰৰপৰা ফিল্ডখন দেখা পায় । খিড়িকীয়েদি দেখিলো পিলিঙা কেইটামানে ফুটবল এটা লথিয়া লথি কৰি আছে । ইচ্ছা দমাব নোৱাৰিলো । ফিল্ড পালোগৈ ।

নব্বৈৰ দশকৰপৰাই এই ফিল্ডখনত খেলি আহিছো । তিনিটা জেনেৰেচন । মৌচমদা, শুক্লেশ্বৰদাহতৰ সময়ত মই সৰু পিলিঙা, তাৰপাছত লাহে লাহে ডাঙৰ হলো, ফিল্ডত আমাৰ জেনেৰেচনৰ আধিপত্য চলিল , ডাঙৰবা, সৰুবা, দান্ডি, হিমাংগ, মেলা, বুবু । লাহে লাহে প্ৰায় সকলোৱেই ৰোজি-ৰোটিৰ খাতিৰত সময় নোপোৱা হল আৰু খেলা বাদ দিলে । । তাৰ পাছত আমাৰ পাছৰ মাধৱ, বিজু, লাংগা, চেলু, পাইলা, গুটি আদিহত । কিন্ত এই তিনিটা জেনেৰেচনৰ বাবে মই কন্সটেন্ট, খেলিবলৈ কেতিয়াও সময়ৰ অভাৱ হোৱা নাই বাবে দুই দশক জুৰি বেলতলা ফিল্ডত ক্ৰিকেটৰ চিজনত বেট ঘুৰাই আৰু ফুটবলৰ চিজনত বল লথিয়াই আছো ।

বৰষুণৰ বাবে ফিল্ডখনত ঠায়ে ঠায়ে পানী জমা হৈছে, ঘাহবোৰে পিচল হৈ আছে । অলু শুকান ঠাই এডোখৰত পজিচন ললো । পিলিঙা এটাই বলটো মোৰফালে ঠেলি দিলে , ৱান টাচ ৰিচিভ কৰি আগবাঢ়িলো , বিকাচদা........ পিলিঙা এটাই চিঞৰিলে ।

চিঞৰৰ ডাইৰেক্সনত চালো । অপজিট চাইডৰ গলপোষ্টৰৰ ফালে আমাৰ টীমৰ পাইলা ষ্ট্ৰাইকিং পজিচনত আছে । পাছ দিলো, একেবাৰে নিখুত পাছ , পাইলাই গলটো দি দিলে ।

সন্টুষ্টিৰ স্মাইল এটা আহি গল । দুই দশক দুৰি বেলতলা ফিল্ডত এইদৰেি নিখুত পাছ দি নাম বৰ্তাই ৰাখিছো ।

অলপদেৰিৰ পাছত আকৌ বলটো ভৰিত পৰিল । এইবাৰ ভাবিলো কাকো পাছ নিদিও, নিজে গল দিম । গলপোষ্টটো ৬০ মিটাৰ দুৰত, তীব্ৰবেগত ভৰিত বল লৈ ধাৱমান হলো । অপজিত টীমৰ পিলিঙা দুটাই পিছ ললে । সিহতক পাছ পেলাই গলৰ ফালে গলো । গলকীপাৰ ওলাই আহিল , জাষ্ট গলকীপাৰক ক্ৰছ কৰিলেই গল , এনেকুৱা গল মই বহুত দিছো । দৌৰি থাকোতেই বলটো গলকীপাৰৰ কাষেৰে পাৰ কৰিবলৈ পুচ কৰিলো । কিন্ত নহল , গলকীপাৰৰ গাত লাগি বলটো উফৰি পৰিল । ইফালে বৰষুন পৰি থকাৰ বাবে মই মমেন্টাম ৰখাব পৰা নাই , গলকীপাৰ পিলিঙা টোৱেও নিজকে ৰখাব পৰা নাই । ১০০ কিলো ওজনৰ মোৰ লগত খুন্দা খালে বেচেৰা ৰিটায়াৰ্ড হোৱাটো খাটাং । লাষ্ট মুহুৰ্তত সি হাউলি দিলে আৰু মই জপিয়াই দিলো । জপিয়ালো ঠিকেই কিন্ত লেন্ডিং বেয়া হল । ঘাহত পৰি ১০ মিটাৰমান চুচুৰি গলো । ছাল-বাকলি নগল ঠিকেই কিন্ত ৫০ মিটাৰৰ দৌৰটোৰ পাছত অনুভৱ কৰিলো যে বিৰাট ভাগৰ লাগিছে, দীঘল দীঘল উশাহ লবলৈ ধৰিলো, দেহত যেন শক্তি নাই । ককাল, পিঠি, ভৰিৰপৰা হাতৰ তলুৱালৈ বিষ অনুভৱ কৰিলো ।

মাত্ৰ ১৫ মিনিট খেলাৰ পাছত ঘৰলৈ আহিলো । কোনোমতে গাটো ধুলো । গোটেই গাতে প্ৰচন্ড বিষ । লেবেজান হৈ বিচনাত বাগৰি দিলো । মাতৃদেবীয়ে বকি বকি পিঠিত-ভৰিত ভলিনী লগালে ।

লেবেজানৰপৰা নৰমেল হওতে বেলি ডুবিল । এসময়ত ২-৩ ঘন্টা ননষ্টপ ফিল্ডত খেলিলেও ভাগৰ লগা নাছিল । আৰু আজি ১৫ মিনিটতে লেবেজান হৈ গলো । বোধহয় বেলতলা ফিল্ডৰপৰা ৰিটায়াৰমেন্ট লোৱাৰ সময় আহি পৰিল ।

জীৱনৰ খেলপথাৰত প্ৰতিদিনে নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন আহি পৰে । যি পাৰে সি টিকি থাকে, যি নোৱাৰে সি হেৰাই যায় ।
প্ৰথমদিনা পোন্ধৰ মিনিট খেলাৰ পাছতে ফোপাই-জোপাই ঘৰ সোমালোহি । ১০০ কেজি ওজনৰ দেহাটো চম্ভালিম নে বলটো চম্ভালিম । এনেকৈ নোৱাৰিম, ফুটবল খেলা বাদ দিব লাগিব ।

(২)

সাত বছৰ আগতে ঠিক এনেকুৱা এটা মেন্টেল ষ্টেজতে আছিলো । ভাৱিছিলো নোৱাৰিম । নিজকে প্ৰমান কৰাৰ তেতিয়া প্ৰয়োজন আছিল । তেতিয়া থাৰ্ড চেমিষ্টাৰ পাইছো , মই আছিলো এভাৰেজ ষ্টুডেন্ট, এভাৰেজ মানে নম্বৰ ৬০-৭০ ৰ ভিতৰত থাকে , না কম , না বেছি । এজ ইউজুৱেল মোৰ পৰা কাৰো একো এক্সপেকটেচন নাই । এতিয়া পঢ়ি আছো, তাৰ পাছত লাইফত কি কৰিম একো ধাৰণা নাই । কিবা এটা কৰিম আৰু , কিন্ত কি কৰিম নাজানো ।
ইউনিভাৰচিটিত থাকোতে ফৰেষ্ট স্কুলত গনেশ আচাৰ্যৰ লগত মেচ কৰি আছিলো । শনিবাৰে ঘৰলৈ যাও । ঘৰলৈ গলে প্ৰায়েই মায়ে কয় যে দেউতা সোনকালে ৰিটায়াৰ্ড হব । ৰিটায়াৰমেন্টৰ পাছত অসম চৰকাৰৰ পেঞ্চন হওতে বহুত দেৰি হয় । ভাইটিও ডিগ্ৰী পঢ়ি আছে , কলেজৰ ফীজবোৰো কম নহয় । ইফালে গুৱাহাটীত পৰিয়াল এটা চলিবলৈও বহুত টকা লাগে । মুঠৰ ওপৰত প্ৰেচাৰ ষ্টাৰটেড টু মাউন্ট আপ ।
কিন্ত তেতিয়াও জো ভী হোগা দেখা জায়েগা টাইপৰ বিন্দাছ এটিটিউড চলি আছে । ৰুমমেট গনেশে মাজে মাজে সকীয়ায়, এইচে কুচ নহী হোগা ।
দেন দেয়াৰ কেম এ ট্ৰানজিচন ফেজ । কিছুমান ব্যক্তিগত অসফলতা । অসফলতাবোৰৰ এটা মুল কাৰন মোৰ ভৱিষ্যতৰ অনিশ্চয়তা । সেইখিনি সময়তে মই হতাশ, নিৰাশ, তনহা, উদাস হৈ থাকিবলৈ ধৰিলো । আই ষ্টাৰটেড ফিলিং ডা প্ৰেচাৰ ।
এইচে উচাস ৰেহনেচে কুচ নহী হোগা, কুচ কৰকে দিখাও , কুচ বনকে দিথাও ..... ৰুমমেট গনেশে কৈছিল ।
আই হেড টু প্ৰুফ মাইচেল্ফ ।

(৩)

বেলতলা ফিল্ডখনলৈ লৰাবোৰ খেলিবলৈ আহিছে । মই ভৰিত ভলিনী লগাই আছো । ইমান সোনকালে খেলা বাদ নিদিও । ওজন বেছি হোৱা কাৰনে বেছি দৌৰিলে ভাগৰ লাগিব । গতিকে বেছি দৌৰাদৌৰি নকৰো । ভৰিত জোৰ আছে, গতিকে গললৈ লং শ্বট লম, ড্ৰিবলিং বেছি নকৰো, মিডফিল্ডতে ফটাফট পাছ দি খেলিম । ষ্ট্ৰেটেজী বনাই ফিল্দলৈ গলো ।
ভাগৰ লাগিল সচা কিন্ত পুৰা ডেৰঘন্টা টিকি থাকিলো । গললৈ বহুতকেইটা এটেম্প্ট লৈছিলো কিন্ত একুৰেচি নাই বাবে এটাও গল দিব নোৱাৰিলো । সোমবাৰেও গলো, এইবাৰ অলপ ফৰৱাৰ্ড পজিচন ললো কিন্ত গল হলে এটাও দিব নোৱাৰিলো ।

আজি মঙলবাৰ, কাইলৈ চৈধ্য দিনৰ ডিউটিৰ বাবে দীৰুদাৰ লগত শিবসাগৰলৈ যাম , গতিকে আজিয়েই বেলতলা ফিল্ডত লাষ্ট ফুটবল খেলা । আজি এটা হলেও গল দিবই লাগিব ।

আজি একেবাৰে খেলিব পৰা নাই । বল ভৰিত পৰো পৰো কৰিলেই অপজিত টীমৰ প্লেয়াৰে কাঢ়ি লৈ যায় । বৰষুণৰ ঘাহবোৰ তিতি থকা কাৰনে খোপনি পোতাত অসুবিধা হৈছে । মুঠৰ ওপৰত বকৱাচ খেলি আছো । লাহে লাহে মোৰফালে পাছবোৰো নহা হৈ পৰিল ।

গল দিবলৈ সকলোতকৈ ভাল বুধি হল যে গলপোষ্টৰ ওচৰত থকা । অপজিত টীমৰ গলপোষ্টৰ ওচৰত অৱস্থান ললো । আমাৰ টীমৰ ৰকেটৰ ভৰিত বল , বল লৈ সি ৰাইট উইঙেৰে আহি আছে ।

- ৰকেট এইফালে......... মই হাত জোকাৰি কলো

মই গলপোষ্টৰ মাত্ৰ পাচ মিটাৰ দুৰত । ৰকেটে বলটো মোৰফালে ঠেলি দিলে , বলটো মোৰফালে চুচৰি আহি আছে, মোৰ পাছফালে গলপোষ্ট । অপজিত টীমৰ প্লেয়াৰ কেইটাই বলটোৰ ফালে দৌৰিছে, বলটো মোৰ ভৰিত পৰো পৰো হৈছে, যোৱা দুদিন ধৰি এটাও গল দিব পৰা নাই । বলটো ৰখাবলৈ চেষ্টা নকৰি মই ভৰিৰে বেকাকে মাৰি দিলো । মোৰ গোৰোহাত লাগি বলটো ডিফ্লেক্ট হৈ গলৰ ফালে গল । গলকীপাৰে বলটো ধৰিবলৈ হাত মেলিলে , কিন্ত পানী লাগি খকা বাবে বলটো পিছলি পৰিল । গল । তিনিদিনত মোৰ প্ৰথম গল । গল বাই চাঞ্চ, বাই লাক ।
কিন্ত এ গল ইজ এ গল ।

(৪)

হোৱাট চুড বি মাই গল । এটা চাকৰি । যিকোনো এটা টাইপৰ চাকৰি । কিন্ত চাকৰি কেনেকে পাম । ফৰেষ্ট স্কুলত মোৰ ওচৰৰ ৰুমটোত আছিল পদ্মপানি । তাৰো মোৰ দৰেই একেই প্ৰবলেম । দেউতাক সোনকালে ৰিটায়াৰ হব, ভায়েকে পঢ়ি আছে, তাৰ বিয়া দিব লগীয়া ভনীয়েক এজনীও আছে । তাৰ প্ৰেচাৰ মোতকৈ বেছিহে । সি বহুত চাকৰিৰ বাবে এপ্লাই কৰিছে, বেংক, এচ.এচ.চি. চেন্ত্ৰেল একো বাকী ৰখা নাই ।

চিন্তাবোৰ বাঢ়ি গৈ থাকিল । টেনচনত টোপনি কমিবলৈ ধৰিলে । কেনেকে হব , হব জানো কিবা ।
পাচ মাহ পাছত, এপ্ৰিল ২০০৯, লাইফৰ টাৰ্নিং পইন্ট । নেটৰ ৰিজাল্ট দিলে, জে.আৰ.এফ পালো । নাইন্টি পাৰচেন্ট টেনচন কমি গল । এতিয়া পি.এইচ.ডিত নাম লগালেই পাছ বছৰলৈ ১২ হাজাৰকৈ পইচা পাই থাকিম , লাকে ফেভাৰ কৰিলে কলেজ-চলেজত চাকৰিও পাই যাব পাৰিম । মনে মনে ভাৱিলো এতিয়া আৰু আনচাৰটেইন ফিউচাৰ নহয় । লাইফত কিবা এটা কৰিব পাৰিম বুলি কনফিডেন্স গ্ৰ হল ।

ইউনিভাৰচিটীৰ ছাৰ এজনে কলে......... বাকীকেইটা ঠিকেই আছে, কিন্ত তুমি পাবা বুলি ভাবা নাছিলো, আই থিংক ইউ আৰ লাকী
মনে মনে ভাবিলো এগেইন আই হেড টু প্ৰুভ মাইচেল্ফ ।

পাছৰ বছৰ আকৌ নেট দি জে.আৰ.এফ পালো । তেতিয়া মই ইউনিভাৰচিটীত পি.এইচ.ডিত নাম লগাইছো । সেইগৰাকী ছাৰকে কলো......... ছাৰ এইবাৰো জে.আৰ.এফ পালো, লাকে ফেভাৰ কৰি আছে আৰু

জানুৱাৰী ২০১১ , নিজকে নিজৰ ওচৰত আৰু আনৰ ওচৰত প্ৰমান কৰাৰ চেষ্টা বাদ দিলো । ভাৰ মে জায়ে দুনীয়া, আৰামৰ দিনত আৰাম কৰিব লাগে । তেতিয়ালৈ ইউনিভাৰচিটীৰ দিনৰ টেনচনবোৰ শেষ হৈছে । চৰকাৰে চাকৰিৰ অৱসৰৰ বয়স দুবছৰ বঢ়াই দিয়া বাবে দেউতাই দুবছৰ এক্সটেনচন পালে ।

ফ্ৰেব্ৰুৱাৰী ২০১১, মনলৈ নতুন চিন্তা এটা আহিল । ইউনিভাৰচিটীত থাকোতে মই যেনেকুৱা মক্কেল আছিলো তেনেকুৱা টাইপৰ মক্কেল দুনীয়াত বহুত আছে । মই কেৰিয়াৰ সম্পৰ্কে সজাগ কৰাৰ চেষ্টা এটা আৰম্ভ কৰিলো , থ্ৰু ফেচবুক, থ্ৰু মাই অল্ড ডিপাৰ্টমেন্ট, থ্ৰু পাৰচনেল এফৰ্ট । কিছুমান লৰা-ছোৱালীৰ বাবে কিছু সময়-পইচা-এনাৰ্জি খৰচ কৰিবলৈ ধৰিলো যিসকলক মই চিনি নাপাও । এইবোৰ কামৰ পৰা মোৰ কিছু ব্যক্তিগত লোকচান হৈছে কিন্ত সেই লোকচানলৈ মই মুৰ ঘমোৱা নাই ।

(৫)

ৰকেটৰপৰা পোৱা পাছটোৰে মই তিনিদিনত প্ৰথমটো গল দিলো । তাৰ পাছতো খেলি থাকিলো । কিন্ত গল দিব নোৱাৰিলো । এইটো নহয় যে বহুত বেয়া খেলিছো, প্ৰায় গলৰ চুকলৈ বুলি মৰা তিনিটাতকৈও বেছি শ্বট বিপক্ষৰ গলকীপাৰে প্ৰতিহত কৰিছে । আনকি অকল গলকীপাৰ সমুখত পাইও গল দিব পৰা নাই । গল দিব নোৱাৰাৰ অক্ষমতা বাৰুকৈয়ে অনুভৱ কৰিছো ।

বেলি ডুবিবলৈ ধৰিছে , খেল চলি আছে । সুবিধাজনক পজিচনত বল এটা পালো, সমুখত মাত্ৰ এটা ডিফেন্ডাৰ, সোৱে-বাৱে আমাৰ টীমৰ অমিত আৰু অজয়, দুয়োটা মোতকৈ দহ বছৰমান সৰু । ডিফেন্ডাৰটোক ক্ৰছ কৰিলো, গল দিয়াৰ সোনালী সুযোগ, সমুখত গলপোষ্ট আৰু গলকীপাৰ, গলকীপাৰ আগুৱাই আহিছে, সোফালে অমিত, বাওফালে অজয় । পাছ দিয়াৰ সলনি নিজেই গল দিম বুলি ভাবিলো । গলকীপাৰৰ কাষেদি আতৰৰ গলপোষ্টলৈ বুলি শ্বট ললো, জাষ্ট এ ফ্ৰেকচন অৱ ছেকেন্ড, বলটো গলত সোমোৱাৰ ঠিক আগত এটা ডিফেন্ডাৰ কৰবাৰপৰা আহি ওলাল, ডিফেন্ডাৰৰ গাত লাগি বলটো বাহিৰলৈ গুচি গল । মিছড দা গল্ডেন চান্স ।

কিছুসময় পাছত আকৌ একেই চান্স, একেই ডিফেন্ডাৰ, গলকীপাৰ, অমিত, অজয় । এইবাৰ ডিফেন্ডাৰটোৰ কাষেৰে বলটো অমিতৰফালে ঠেলি দিলো । অমিতে গলটো দিলে । অমিতৰ বয়সত ময়ো ঠিক অমিতৰ দৰেই শ্বাৰ্পলি খেলিছিলো ।
বেলতলা ফিল্ডত মই আৰু ফুটবল নেখেলো । বাঢ়ি অহা বয়স, ওজন আৰু দুৰ্বল ফৰ্মে নিশ্চিত কৰিছে হয় মই অৱসৰ লব লাগিব বা মই বেকত খেলিব লাগিব । মই অৱসৰ লোৱাটোকে পচন্ড কৰিছো । অমিতক দিয়া পাছটো বেলতলা ফিল্ডত মোৰ লাষ্ট শ্বট ।

যোৱা ২০ বছৰ ধৰি প্ৰতিটো চিজনতে নিৰৱছিন্নভাৱে দেখি থকা পেটুৱা এটাক বেলতলা ফিল্ডত বলৰ পাছে পাছে দৌৰা আৰু দেখা নাযাব ।

বি.দ্ৰ :
* গনেশ- ডিগ্ৰী আৰু এম.এছ.চিত ফাষ্ট ক্লাছ ছেকেন্ড আছিল । সি বৰ্তমান কত আছে সঠিককৈ নাজানো , এইটো মোৰ এটা অসফলতা ।
* পদ্নপানি- বৰ্তমান অ.এন.জি.চিত কৰ্মৰত ।
* অমিত- মোৰ ফেচবুকৰ কভাৰ ফটোৰ নীলা জাৰ্চি পিন্ধা লৰাটো, বেলতলা ফিল্ডৰ মোৰ ফেভাৰিট প্লেয়াৰ ।

এজন গৱেষক ছাত্ৰৰ কাহিনী

(১)

চন ২০১৩, এখন মফচলীয় নগৰৰ এখন প্ৰাইভেট জুনিয়ৰ কলেজ, কেৰিয়াৰ প্ৰচপেক্টৰ ওপৰত লেকচাৰ দিবলৈ গৈছো, এটা সময়ত তেল কোম্পানীৰ ব্যস্ত কামৰপৰা সময় উলিয়াই অলপ এইধৰনৰ সামাজিক কামো কৰিছিলো, পাৱাৰপইন্ট প্ৰেজেনটেচন, চাইন্স ষ্ট্ৰীমৰ লৰাছোৱালীখিনিৰ বাবে JEE, AIEEE ৰ মেথড এৱ প্ৰিপাৰেচন, ইন্সটিটিউটৰ নাম, ফিউচাৰ স্কপ
- ছাৰ, বেছিক চাইন্সৰ ক্ষেত্ৰত মোৰ গৱেষণা কৰাৰ মন আছে, এই বিষয়ত স্কপ কেনেকুৱা........ ছোৱালী এজনীয়ে সুধিলে
- কি বিষয়ত গৱেষণা কৰিবলৈ মন আছে......... মই কলো
- ছাৰ, ড্ৰাগ ডিজাইনিংৰ ওপৰত কাম কৰিব খোজো
- ৰিচাৰ্চৰ ক্ষেত্ৰত প্ৰচপেক্ট বহুত, চৰকাৰে বহুত সা-সুবিধা দিয়ে, ইনিচিয়েলি পইচা কম পাবা কিন্ত........
-ছাট আপ বিকাশ, জাষ্ট ছাট আপ, ইহতক কিয় বৰবাদ হবলৈ উপদেশ দিছা, যদি ৰিচাৰ্চ ইমানেই ভাল, নিজে কিয় নকৰিলা......... মানুহ এজনে আঙুলি টোৱাই উচ্চস্বৰত কবলৈ ধৰিলে

সকলোৱে মানুহজনৰ ফালে চালে, জুনিয়ৰ কলেজখনৰ ফিজিক্সৰ টিচাৰ সমৰ মহন্ত থিয় দি আছে, সমৰৰ চকুত যেন একুৰা জুই জ্বলি আছে ।

- আৰু শুনা , তোমালোকৰ কোনেও ৰিচাৰ্চ নকৰিবা, ৰিচাৰ্চ লাইনটো লেতেৰা, তাত বহুত লেতেৰা মানুহ আছে, সিহতে লাইফ বৰবাদ কৰি দিব, আৰু বিকাশ , চাকৰিৰ কথা কোৱা, অইল, অ,এন.জি.চি, ইউ.পি.এচ.চি, ৰেলৱে, বেংক, কিন্ত প্লীজ, ৰিচাৰ্চৰ কথা নকবা

কথাখিনি কৈ সমৰ ওলাই গল, মোৰ লগতে বহুত মানুহ কিছুসময়ৰ বাবে অপ্ৰস্তত হল । জুনিয়ৰ কলেজৰ প্ৰিন্সিপালে মোৰ ওচৰলৈ আহি কলে........ আপুনি প্লীজ বেয়া নাপাব, মানুহজন খুবেই ভাল, খালী অলপ চাইকলজিকেল প্ৰবলেম আছে, ডন্ট টেক ইট হাৰ্ড, তেওৰ হৈ মই ক্ষমা খুজিছো ।

-একো নাই, সমৰক মই আগৰেপৰা চিনি পাও, এ অল্ড ফ্ৰেন্ড অৱ মাইন ...... মই কলো
লৰা-ছোৱালীবোৰৰ মাজত মৃদু গুণগুননি চলি আছিল, প্ৰিন্সিপালে চবকে মনে মনে থাকিবলৈ কলে, মই মাইকৰ ওচৰলৈ আগুৱাই গলো ।
- ডিয়েৰ ষ্টুডেন্টছ, এইমাত্ৰ তোমালোকে যি দেখিলা, শুনিলা, দিছ এজ এ চাইড অৱ লাইফ, ৱৰ্লড এজ নট এ বেড আৱ ৰজেছ, ডেয়াৰ ইজ কম্পিটিছন এভৰিহোৱোৰ । এটা নিগনি দৌৰ চলি আছে, এই দৌৰত আগুৱাবলৈ বহুতে দুই নন্বৰী ৰাস্তা লয়, বহুতক লবলৈ বাধ্য কৰোৱা হয়, জাৰ্ণেল অৱ ফিজিকেল চাইন্স, পদাৰ্থবিজ্ঞানৰ এখন উচ্চ মানদন্ডৰ ৰিচাৰ্চ জাৰ্ণেল, এই জাৰ্ণেলত পেপাৰ উলিওৱা অসমৰ গৱেষকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা, আৰু ........ তোমালোকৰ ছাৰ সমৰ মহন্তৰ এইখন জাৰ্ণেলত তিনিখন পেপাৰ আছে, কিন্ত সমৰৰ পি.এইচ.ডি নহল ।

সমৰ এজন ডাঙৰ গৱেষক হব খুজিছিল, সি পাৰিলেহেতেন, কিন্ত..........

তিনিখন হাই-কোৱালিটিৰ ৰিচাৰ্চ পেপাৰ খকা স্বত্তেও সমৰৰ কিয় পি.এইচ.ডি নহল, আজি যদি মই সমুখৰ লৰা-ছোৱালীসকলক কৈ দিও, সিহতৰ ৰিচাৰ্চ শব্দটোৰ প্ৰতি এটা ফবিয়া হৈ যাব, কিন্ত .... হয়তো সিহতৰ কোনোবাই কেইবছৰমান পাছত একে পৰিস্থিতিৰ সন্মুখীন হব, দোষ কাৰ আছিল, কাৰ ভুল হৈছিল, প্ৰকৃততে কি হৈছিল.............
হলটোত গুণগুননি বাঢ়ি গল, অলপ পাছত গুণগুননিটো কোলাহললৈ পৰিণত হৈ পৰিল, এটা হুলস্থুলৰ সৃষ্টি হল ।

(২)

সমৰজিতে ৰাতি বাৰ বাজি দহ মিনিটত ফোন কৰিছিল ।
অক্টোবৰ ২০১১, লাইপালেঙৰ ৰীগ এটাত নাইট ডিউটিত আছো, ফোনটো বাজিলে, সমৰৰ ফোন, সি কিছুমান কথা কলে, কিছুমান ষ্ট্ৰীমলাইন, কিছুমান অসংলগ্ন, শুনি গলো , হয়তো প্ৰবলেমটো ডাঙৰেই, নহলেনো মাজৰাতিখন ফোন কৰেনে....
ৰিচাৰ্চ পেপাৰ, চুৰিকাৰ্য, ইমচনেল ব্লেকমেইল, এক্সট্ৰা-মাৰ্চিয়েল এফেয়াৰচ, চিনিয়ৰ চাইনটিষ্টৰ অভিসাৰ, নিবোকা গাইড, এনভি আৰু বহুতকেইটা খেলিমেলি....মাজে মাজে সি কৈছে... ইহত চব ধুৰন্ধৰ, মই পাগল হৈ যাম..

সমৰজিতৰ লগত মোৰ বহুত ভাল চিনাকি নাই । আমি একেখন কলেজৰে আছিলো, কিন্ত ডিপাৰ্টমেন্ট বেলেগ আছিল । পাছ কৰ্চৰ ক্লাছ একেলগে কৰিছিলো, তাৰ পাছত ইউনিভাৰচিটিত কেইবাৰমান লগ পাইছিলো, গুৱাহাটী গলে মাজে মাজে লগ পাও, বাছ সিমানেই । কিন্ত আজি সি মোক কিয় ফোন কৰিলে, মোকেই কিয় কৰিলে........

আচলতে বহুত হেল্পফুল বুলি মোৰ এটা নাম আছে । আৰু মই সাধ্য অনুসৰি কৰোও, কাৰোবাক কিবা এটা কাম কৰি দিব লাগে, কাৰোবাক কৈ দিব লাগে, ইনফৰমেচন গোটাই দিব লাগে, ব্ৰেক আপ হও হও, এনেধৰনৰ কেচত মোক ফোন কৰে । যিকোনো প্ৰবলেমত চাৰভাইভেল ষ্ট্ৰেটেজি দিয়াত মই ওস্তাদ বুলি লগৰবোৰে ভাবে........ আৰু এই বদান্যতাৰ ফলাফল এয়ে যে আকৌ প্ৰবলেমত পৰিলে মানুহে মোক আকৌ মনত পেলায় ।

সমৰক এভইদ কৰিলেও একো প্ৰবলেম নাছিল, বাটৰ জেঙৰ প্ৰতি চকু নিদিলেও হলহেতেন, কিন্ত মোৰ তাৰ প্ৰতি বেয়া লাগিল, বেছেৰাই কিবা এটা চলুচন পাম বুলি আশা কৰি ফোন কৰিছে । সি কবলৈ বিছৰা কথাখিনি বুজি ললো ।

- পেপাৰ কেইখন হল....... মই সুধিলো
- তিনিখন হল, কিন্ত এতিয়া নতুন পেপাৰবোৰত সেইজনীৰ নাম দিব লাগে বোলে..... সি কলে
- আচ্ছা , গাইডে কি কয়
- কি কব আৰু, তেওৰো প্ৰমোচনৰ কথা আছে নহয়, চিনিয়ৰ চাইনটিষ্টৰ কথা না বুলি কেনেকৈ কব
- সেইজনীক পিছে বেয়া কিয় পোৱা
- কষ্ট মই কৰিছো, পেপাৰ ডাউনলড কৰিছো, ব্ৰেইন খটাইছো, আৰু সেইজনীয়ে, একো নকৰে, আমাৰ লেৱৰো নহয়, চিনিয়ৰ চাইনটিষ্টৰ লগত হলিগলি, তাৰ ৰুমতে সোমাই থাকে, তাৰ গাড়ীতে অহাযোৱা কৰে, আৰু বা কি কি কৰে ভগবানেহে জানে
- এইধৰনৰ মানুহ চবতে থাকে, ডাইৰেক্টৰৰ লগত কথা পাতি চাব পাৰা..... মই কলো
- নকবা হে, চব পেকড

ৰিচাৰ্চ লাইনত থকা বহুতৰ ক্ষেত্ৰত এইটো হয় । পেপাৰ এখন লিখি আছা, মাজতে গাইড আহি কয়, ইয়াৰ নামটোও ভৰাই দিবাছোন, বেছেৰাৰ পেপাৰ এখনো একচেপ্ট হোৱা নাই । তেতিয়া পেপাৰ লিখি থকাজনৰ টিঙিছকে খং এটা উঠি যায়, বেচেৰা বোলাটোৰ পেপাৰ কেনেকৈ ওলাব, লেৱত নাথাকেই, যিখিনি সময় থাকে সেইখিনি আদ্দা মাৰে, কিবা-কিবি ৰিয়েক্সন কৰে, প্ৰডাক্ট একো নোলায়, ইন্সট্ৰুমেন্ট এটাও চলাব নাজানে, বেলেগক চেম্পল দি ডেটিঙলৈ যায়গৈ । অৱশ্যে এই বেচেৰা বোলাটোৱে গাইডৰ পাচলিৰ বজাৰ কৰা, ফোনৰ বিল দিয়া , চিঠি পোষ্ট কৰা আদি কামবোৰ বৰ নিয়াৰিকৈ কৰে ।

সমৰৰ কেচটো জটিল, পেপাৰত নাম দিয়াৰ উপৰিও বহুত কমপ্লিকেচি আছে , ছোৱালী ইনভলভ থকা কেচবোৰ বহুত ক্ৰিটিকেল হৈ যায়, বিশেষকৈ যদি তলে তলে ইলিগেল এফেয়াৰ চলি থাকে ।

- চা সমৰ, যিমানদুৰ মই বুজিছো তোৰ প্ৰবলেম ডাঙৰেই, তোৰ ঠাইত যদি মই হলোহেতেন তেন্তে মোৰ প্ৰথম এইম হলহেতেন যিমান সোনকালে পাৰি পি.এইচ.ডি কমপ্লিট কৰা, দুখন পেপাৰ আছে, বাচ, হৈ যাব, কাৰণ যদি কিবা কাৰণে পি.এইচ.ডি নহয়, গোটেই কষ্ট এনেয়ে যাব..... আৰু চা , সিহত এষ্টাব্লিছড মানুহ, নাম থকা মানুহ, তই সিহতৰ লগত যুজিব নোৱাৰ, সিহতৰ লগত জেং কৰিলে তোৰ প্ৰবলেম হব.......... মই তাক বুজাবলৈ চেষ্টা কৰিলো
- কিন্ত সিহতৰ অতপালি সহ্য কৰি থাকিম নেকি....... সি সুধিলে
- কুল হ ভাই, তই যদি সিহতৰ এগেইনষ্টত যাৱ, সিহতে তোক মেন্টেল টৰ্চাৰ কৰিব, তোক আইচলেট কৰি তোৰ কেৰেকটাৰ এচাচিন কৰিব, তোৰ এনেকুৱা এটা ইমেজ বনাই দিব যে তাৰপৰা যদি তই ওলাই যাৱও, এই লাইনত তোক কোনেও নলয়, কাৰণ তেওলোক ডাঙৰ নামী মানুহ, অইন মানুহেতো সিহতৰ কথাই সচা বুলি ভাবিব, তোৰ কথা কোনো পাত্তা দিব, আৰু তোৰ লগৰ ৰিচাৰ্চ স্কলাৰকেইজন, সিহতেও তোক এৰি দিব , সকলোৰে ভয় এটা আছে
- সেইটো হয়, কিন্ত
- যদি তই চাৰভাইভ কৰ, তেতিয়াহে সিহতক শিক্ষা দিব পাৰিবি, টু উইন এ বেটল, য়ু নিড টু বি এলাইভ.......... মই কলো
- মই কি কৰা উচিত
- তোৰ ঠাইত মই হোৱা হলে মই পেচিভ নিউট্ৰেল হৈ পৰিলোহেতেন, মানে এনেকুৱা দেখালোহেতেন যে মই হাৰি গৈছো, সিহত জিকি গৈছে, লেৱত কৰা নিজৰ কামৰ ডাটা নিজে চেভ কৰি ৰাখিলোহেতেন, গাইডক বাইপাছ কৰিলোহেতেন, থেছিছ লিখিলোহেতেন, তাৰপৰা পলালোহেতেন, তাৰ পাছত নতুন ঠাইত পষ্ট-ডক কৰিলোহেতেন, ইয়াৰ ডাটাবোৰৰপৰা তাত পেপাৰ উলিয়ালোহেতেন, এদিন ইহতৰ সমানেই ডিগ্ৰীধাৰী হৈ, ৰেপুটেচন লৈ ঘুৰি আহিলোহেতেন, আৰু ইহতৰ কাৰচাজিবোৰ ফাদিল কৰি ৰেপুটেচন ফিনিছ কৰি দিলোহেতেন
- সিহতে মোক বহুত মেন্টেল টৰ্চাৰ কৰিছে, সিহতক মই ফিনিচ কৰি দিম
- কুল ডাউন য়াৰ, তই এতিয়া ইমচনেলি আনষ্টেবল হৈ আছ, ডাটাবোৰ লৈ ঘৰলৈ যা, এমাহমান মেডিকেল লিভ ল, ইহতক সাময়িকভাৱে পাহৰি যা, থেচিছ লিখ, মাইন্ড ষ্টেবল কৰিবলৈ দাৰ্জিলিং-শ্বিলং ফুৰি আহ, আৰু ষ্টে এৱেক এন্ড চেফ..... মই কলো

সমৰৰ বিষয়ে মই বহুত বেছি নাজানো, সমৰে সম্পুৰ্ণ সচা কথা যে কৈছে মোৰ সন্দেহ আছিল, হয়তো সি মিছাও কব পাৰে, মই এটা ডাইলেমাৰ মাজত সোমাই পৰিছিলো ।

(৩)

জানুৱাৰী ২০১২, শিৱসাগৰ । সুৰজিত পাঠক মোৰ কোৱাটাৰলৈ আহিল । সুৰজিত মোৰ পুৰণা বন্ধু । সি বিয়া এখন খাবলৈ আহিছে, ৰাতি মোৰ কোৱাটাৰত ষ্টে কৰিব, সুৰজিত আৰু সমৰ একোটা ইন্সটিটিউটৰ ৰিচাৰ্চ স্কলাৰ ।
- তহতৰ তাত বোলে তামাম ৰাস-লীলা চলি আছে...... মই সুৰজিতক সুধিলো
- কিহৰ ৰাস........... সুৰজিতে নিৰুদ্বেগভাৱে কলে
- কিবা বোলে চাইন্টিষ্ট-স্কলাৰৰ জোৰদাৰ এফিয়াৰ
- কোনে কলে
- এইবোৰ কথা লুকাই থাকেনে, উৰি উৰি কাণত পৰেই
- আছে আৰু, এইবোৰনো কত নাথাকে, চবতে থাকেই
- পিছে তহতৰ তাত বোলে সমৰ নামৰ মক্কেল এটা আছে, তাৰো বোলে কিবা লিং-লাং চলি আছে, তাৰ কেছটো কি
সমৰৰ নামটো শুনাৰ লগে লগে সুৰজিতৰ চেহেৰাৰ এক্সপ্ৰেচন সলনি হল
- মই নাজানো............ সেপ এটা ঢুকি সি কলে
- তাক চিনি পাৱ তো
- ইন্সটিটিউটত দেখিছো
- কেনেকুৱা টাইপৰ লৰা সি
- বাদ দে তাৰ কথা, বেলেগ কথা পাত
- শুনিছো তাৰ চুপিৰিয়িটি কমপ্লেক্স আছে বোলে, কিবা বোলে তামাম পেপাৰ উলিয়াই আছে....... মই কলো
- তিনিখন পেপাৰ আছে, ভাল জাৰ্ণেলত
- ওস্তাদি মাৰে নেকি
- নকবা হে, চবৰ লগতে কাজিয়া, লেবৰ মানুহৰ লগত, গাইডৰ লগত, ডাইৰেক্টৰৰ লগত, সেইকাৰণে কোনেও তাক ভাল নাপায়
- আচ্ছা, শুনিছো চিনিয়ৰ চাইন্টিষ্ট এটা তহতৰ ইন্সট্ৰুমেন্ট ৰুমত হাটে লোটে ধৰিছিল, আপত্তিজনক অৱস্থাত........ মই হাৱাত কাড় এপাট মাৰি দিলো

হাতে লোটে শব্দটো শুনাৰ পাছত সুৰজিতৰ কাণ দুখন ৰঙা হৈ পৰিল

- বাদ দে এইবোৰ কথা, আই.আই.টিত আছে , আৰ. আৰ. এলত আছে, ইউনিভাৰচিটিত আছে, বম্বে, দেলহী, পুণেৰ যৰেই নহওক চবতে এনেকুৱা কেচ থাকেই
- হয়, এক্সপ্লইটেচন চবতে হৈ আছে, কিন্ত আমি যদি মাত নামাতো তেনেহলে ইয়াৰ প্ৰকোপ বাঢ়ি গৈ থাকিব ......... মই কলো
- চা দোস্ত, যেন-তেন স্কলাৰচিপৰ পইচা পাই আছো কাৰণে ৰিচাৰ্চ কৰি আছো, কোনোমতে পি.এইচ.ডি হলেই হয়, এইচব জেঙত মুৰ নুসুমোৱাও...... সুৰজিতে কলে
- তাৰমানে সমৰৰ কিবা জেং চলি আছে
- সি একেবাৰে চাইকো, অলপ কম্প্ৰমাইজ কৰি দিলেই হয়, পেপাৰ এখন পঠাইছে, তাত আমাৰ চিনিয়ৰ ছাৰ এজনৰ ষ্টুডেন্ট এজনীৰ নাম দিবলৈ দিছিল, দিলে নো কি লচ হলহেতেন তাৰ , মস্ত চাইকো সি এটা, চিনিয়ৰ ছাৰজনকো গালি পাৰিলে সি
- তাৰমানে সমৰ এটা চাইকো, আৰু তই চব কথাই জান...... মই কলো
কিবা নকবলগীয়া কথা মুখেদি ওলোৱা বুলি গম পাই সুৰজিত ঘামিবলৈ ধৰিলে ।
- চা ভাই, ভুলতে কিবা যদি ওলাই গল, কাকো নকবি, মোৰ কেৰিয়াৰৰ কথা আছে, পি.এইচ.ডিৰ কথা আছে, সিহতে প্ৰবলেম কৰিব মোক.... সুৰজিতে কলে
সুৰজিতক আৰু একো নুসুধিলো....... এটা কথা ঠিক, ৰিচাৰ্চ ইন্সটিটিউটতোত সমৰৰ চাউল টুটি আহিছে ।

(৪)

মাৰ্চ ২০১২, উৰি ফুৰা খবৰ এটা কাণত পৰিল । এগৰাকী ৰিচাৰ্চ স্কলাৰক লেৱৰ ভিতৰত অশালীন ব্যৱহাৰৰ ( কাৰোবাৰ মতে এটেম্প্ট টু ৰেপ) অভিযোগত সমৰজিত মহন্ত অভিযুক্ত হৈছে আৰু এই ঘটনাটোৰ তদন্তৰ বাবে এখন আভ্যন্তৰীণ তিনিজনীয়া কমিটী গঠন কৰা হৈছে । চিনিয়ৰ চাইন্টিষ্ট এজন মুৰব্বী হিচাপে থকা এই তিনিজনীয়া কমিটীখনে এমাহৰ ভিতৰত ৰিপৰ্ট দিব....... তেতিয়ালৈ সমৰক নিলম্বিত কৰা হৈছে ।

কথাটো শুনাৰ পাছত মোৰ মুখৰপৰা এটা কথাই ওলাইছিল....... বুৰ্বক চাল্লা ।

সমৰক ৰিচাৰ্চ ইন্সিটিউটটোৰপৰা উলিয়াই দিয়া হল । তাৰ পাছত সমৰে গুৱাহাটী ইউলিভাৰচিটী, তেজপুৰ ইউনিভাৰচিটী, নেহু আদিকে ধৰি বহুত ঠাইত পি.এইচ.ডিৰ বাবে আবেদন কৰিছিল কিন্ত 'পুৰ্বৰ বেয়া ৰেকৰ্ডৰ বাবে' কোনো গাইডে তাক লবলৈ মান্তি নহল ।

তাৰপাছত সমৰে টালি টোপোলা বান্ধি ঘৰলৈ উভতি গল । বহুদিন সি ডিপ্ৰেচনত থাকিল । পাছত ওচৰৰে প্ৰাইভেট কলেজ এখনৰ সি পঢ়াবলৈ আৰম্ভ কৰিলে । বৰ্তমান সি টেট শিক্ষক আৰু লগতে ঘৰৰ ওচৰৰ টাউনখনত কচিং চেন্টাৰ এটা চলায় ।

সংযোজন-
কাহিনীটোত উল্লেখিত সমৰে অভিযোগ অনা ছোৱালীজনীয়ে ( মহিলাগৰাকী), NET/GATE/SLET আদি অৰ্হতা নোহোৱাকৈও পাছত সেই ৰিচাৰ্চ ইন্সিটিউটটোতে চাইন্টিফিক অফিচাৰ ( এচিষ্টেন্ট প্ৰফেছাৰৰ সমমৰ্যদাৰ) চাকৰি পালে ।
সুৰজিত বৰ্তমান অসমৰ অইন এটা নামী গৱেষনা প্ৰতিষ্ঠানত কৰ্মৰত ।
চিনিয়ৰ চাইন্টিষ্ট, ডাইৰেক্টৰ অসমৰ বিদ্বত মহলৰ গণ্যমান্য তথা ক্ষমতাশালী ব্যক্তি । বৰ্তমান ডাইৰেক্টৰগৰাকী অৱসৰপ্ৰাপ্ত ।
( কাহিনীটোৰ লগত জড়িত প্ৰকৃত নামবোৰ সলনি কৰি দিয়া হৈছে )

ৰিচিপচন

পাঠকে খুব ট্ৰে়জেদী ফালিলে । টেমাটো গৰম হৈ গল । সি সুধিলে সি কি কৰা উচিত । সাধাৰনতে এনেকুৱা কেচত মই টিট ফৰ টেট জাতীয় এদভাইচ দিও । কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি । বৰুন মোৰ কলেজৰ বেটচমেট । গতিকে পাঠকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো । তাক কলো যে টেনচন লৈ লাভ নাই । লাইফত কিচুমান বস্ত আহে, যায়.. আকৌ আহে...এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ.......মানুহ কুল হব লাগে

সি কিবা বুজিলে নে নাই নুবুজিলো.... মই ফোনটো কাটি দিলো

বৰুনলৈ ফোন লগালো.... সুধিলো প্ৰিপেৰাচন কেনে
- চব ঠিকেই আছে, চহৰৰ দামী হলটো বুক কৰি আহিলো, খালী এই পাঠক বোলাটোৱে দিগদাৰ নকৰিলেই হয়
- পাঠক বোলাটোক একেবাৰে বাইপাচ কৰিলি যে..... মই সুধিলো
- চা দোস্ত, মানুহ প্ৰেক্টিকেল হব লাগে
- কিন্ত সিহতৰতো...
- বাদ দে সেইচব, এভৰিবদি ৱান্টচ এ বেটাৰ চইচ, মোৰ ঠাইত তই হোৱাহলে কি কৰিলিহেতেন
- এতিয়া তই যি কৰিচ তাকে কৰিলোহেতেন
- অকে, ২২ তাৰিখ, মনত ৰাখিবি, আহিবই লাগিব....... বৰুনে কলে

মই আৰু পাঠক ইউনিভাৰচিটিত একেলগে আছিলো । ইশিতাই গুৱাহাটীৰ কলেজ এখনত বি.এ কৰি আছিল, প্ৰাগত চিনেমা এখন চাবলৈ যাওতেই পাঠকে ইশিতাক লগ পায় আৰু দুয়োটাৰে হিয়া দিয়া নিয়া আৰম্ভ হয় । কেতিয়াবা এনেকুৱাও হৈছিল যে পাঠকে মোৰপৰা বাইকখন লৈ ইশিতাৰ সৈতে দিনটো নাপাত্তা হৈ যায় আৰু মই সিদিনা বাছেৰে ঘৰলৈ যাবলগা হয় । পাছতহে গম পালো যে ইশিতা মোৰ লগত একেলগে গ্ৰেজুৱেচনত কৰা বৰুনৰ ভনীয়েক ।

22 তাৰিখ, আবেলি ডাষ্টাৰখন লৈ ওলালো । লক্ষ্য উৰুলি বিবাহ ভৱন, বৰুনৰ ভনীয়েক ইশিতাৰ ৰিচেপচন । বিয়া এটেন্ড কৰাৰ মোৰ আদৱ কাইদা এতিয়া যথেষ্ঠ সলনি হৈছে । আগতে যি পাও তকে পিন্ধি গৈছিলো , এই ধৰক টি-চাৰ্ট-জিনছ-ছেন্ডেল চু । কিন্ত চাল্লা সেইটো গেট আপত কেনেও পাত্তা নিদিয়ে , আনকি বুফে বিলাই থকা কেটাৰিঙৰ লৰাকেইটাইও যিটো চাৱনি দিয়ে এনে লাগে যেন হাতত থালীখন লৈ ফ্ৰী খানাহে খাব আহিছো ।

তাৰ পাছত গেট আপ চেঞ্জ কৰিলো । দামী চুট কেইযোৰমান ললো, ডাষ্টাৰ এখন কিনি দিলো । এতিয়া পলিছ কৰা চু, কোট-টাই পিন্ধি যেতিয়া গাড়ীৰপৰা নামো, এটমচফিয়াৰতেই ডাঙৰ মানুহ টাইপৰ এচেন্স এটা ভৰি পৰে । বিয়াবোৰলৈ মজলীয়া চাইজৰ গিফট এটা লও, পেকেটটোৰ ভিতৰত বাতি-গিলাছ- কাপ-প্লেট কিবা এটা থাকে । লগত এশ টকীয়া বুকে এটা লৈ লও । হাতত বুকে লৈ খমখমীয়া ইস্ত্ৰি কৰা কাপোৰ পিন্ধি গহীন খোজেৰে যেতিয়া এন্ত্ৰি মাৰো, ৰিচিপচনত থকা লোককেইজনৰ মাত কথাৰ আদৱ কাইদাই সলনি হৈ যায় ।

গহীন খোজেৰে ইশিতাৰ ৱেডিং ৰিচেপচন হলত এন্ত্ৰি মাৰিলো । বৰুনে দুৰৰপৰাই মোক দেখি আগুৱাই আহিল । ইশিতাক গিফটটো দি চফ কেইটামান ললো ।
- ইউ.এছ গৈ আমাকতো পাহৰিয়ে যাবা ছাগে ...... মই কলো
- নাই দা, ঘৰৰ বহুত প্ৰেচাৰ, এন্ড গৌৰাংগ ইজ এ নাইচ পাৰচন, কেয়াৰিং, ৰেচপনচিবল, কাইন্ড হাৰটেড..... ইশিতাই কলে
- হব, আফটাৰ অল হি ইজ এ ইউ.এছ বেচড চফটৱেৰ ইঞ্জিনিয়াৰ , চিন্তা কৰিব নালাগে, পাঠকক বুজনি দি দিছো, সি ঝামেলা নকৰে
- নাই দা , মানে
- তোমাৰ আগতে তাৰ প্ৰয়াসী নামৰ এফেয়াৰ এটা আছিল । তুমি অহাৰপাছত তাইৰ লগত সি ব্ৰেক আপ কৰি দিছিল, গতিকে তুমি ইমান গিল্টি ফিল কৰিব নালাগে..... মই হাহি এটা মাৰি কলো
- দাদাও যে আৰু....... ইশিতাইও হাহি এটা মাৰিলে
- এনিৱে উইচ য়ু এ হেপ্পী এন্ড পিচফুল মেৰিড লাইফ ...... মই কলো

বৰুনে মোক ঘৰৰ মানুহৰ লগত চিনাকি কৰি দিবলৈ লৈ গল । বৰুনে তাৰ পৰিয়ালৰ কেইবাজনো মানুহৰ লগত চিনাকি কৰি দিলে , দদায়েক, পেহীয়েক, বৰমাক, খুড়াক, জেঠায়েক

- আৰু এইজনী মোৰ সৰুপেহীৰ খুলশালী, কৰবিতা, খুব ভাল গান গায় ........ বৰুনে কলে
কৰবিতাই সৌজন্যসুচক হাহি এটা মাৰিলে । ময়ো হাহিৰে প্ৰত্যুত্বৰ দিলো । কৰবিতা আৰু মই একেলগে ডাইনিং হললৈ গলো ।

কৰবিতাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাছিল । কৰবিতা ইউনিভাৰচিটিৰ ভাৰচিটি উইকৰ ছেকেন্ড বেষ্ট চিংগাৰ আছিল । তাইৰ লগতে ষ্টেজত তবলাবাদকে তবলা বজাইছিল ।

ইশিতা , কৰবিতা আৰু বৰুনৰপৰা বিদায় লৈ গাড়ীত বহিলো । গাড়ীৰপৰা তবলাবাদকলৈ ফোন কৰিলো ।
- কি দোস্ত কি চলি আছে
- বঢ়িয়া
- পি.এইচ.ডি কেতিয়া খতম কৰিবি....... মই কলো
- নাজানো ভাই, চলি আছে আৰু
- কৰবিতাৰ লগত ব্ৰেক আপ হল নেকি
- নাই , কিয়
- হবও পাৰে না
- আৰে পৃথিৱী উলটি যাব কিন্ত কৰবিতা আৰু মোৰ মাজত দৰাৰ নাহে । আমাৰ পিউৰ লাভ, আচল প্ৰেম বুইচ , দো দিল এক জান , তই এইচব কি বুজি পাবি....... তবলাবাদকে কলে
- আচ্চা বাৰু ...... মই ফোনটো কাটি দিলো

দুমাহ পাছত...............
প্ৰত্যাশিতভাৱে তবলাবাদকে ফোন কৰিলে । সি বহুত ফ্ৰাচটেৰেট হৈ আছে । কোনোবা অইলৰ ইঞ্জিনিয়াৰে বোলে কৰবিতাক খেপ দিছে । বিয়াৰ ডেটো বোলে ফাইনেল । কৰবিতাইও তাক পাহৰি যাবলৈ কৈছে ।

তবলাবাদকে খুব ট্ৰে়জেদী ফালিলে । টেমাটো গৰম হৈ গল । সি সুধিলে সি কি কৰা উচিত । সাধাৰনতে এনেকুৱা কেচত মই টিট ফৰ টেট জাতীয় এদভাইচ দিও । কিম্ত এইটো কেচত ২য় পাৰ্টি চিনাকি । সন্দীপদা মোৰ চিনিয়ৰ কলিগ..... গতিকে তবলাবাদকক ডাইভাৰ্ট কৰিবলৈ ডিপ্লমেটিক পেকেজটো মেলিলো....... তাক কলো যে টেনচন লৈ লাভ নাই..... লাইফত কিচুমান বস্ত আহে, যায় আকৌ আহে...এনজয় কৰ, পাহৰি যা আৰু এনজয় কৰ.......মানুহ কুল হব লাগে

সি কিবা বুজিলে নে নাই নুবুজিলো.... মই ফোনটো কাটি দিলো

চিটিবাছ

জুন মাহৰ দূপৰীয়া । মই উলুবাৰী বাচ স্টপেজত বাছৰ বাবে ৰৈ আছো । সূয্যটোৱে উলম্বভাৱে মোৰ ওপৰত নিজৰ কৃপাদৃষ্তি পেলাই আছে। ছাতি এটা বেগত আছে, কিন্তূ নিজৰ মিথ্যা পুৰুষত্ব,স্বাভিমান আদিৰ বাবে ছোৱালী কেইজনীৰ আগত মেলিব পৰা নাই ! প্ৰায় আধাঘন্টাতকৈও বেছি হ’ল বাছ আস্থানত এনেদৰে বীৰত্ব প্ৰদশন কৰি থকা। কিন্তূ না খালি বাছ আহিছে না মই নিজৰ তথাকথিত স্বাভিমান ভেদ কৰিব পাৰিছো।

এ...,গণেশগুৰি, লাস্টগেট, বেলতলা, বশিষ্টমন্দিৰ.... মন্দিৰ.... মন্দিৰ... খালী গাড়ী... খালী গাড়ী....বাছৰ হেন্দিমেন জনৰ ভূৱা ঘোষিত বিজ্ঞাপন

- খালী গাড়ী ..চিট ক’ত আছে , গোটেই দেখোন ফুল....... মোৰ স্বত:স্ফূত প্ৰশ্ন...
- খালী হ’ৱ দা দা আগত....আপোনাক চিট দিমেই...পাক্কা... মোৰ স্বত:স্ফূত প্ৰশ্নৰ সহজাত প্ৰবৃতিগত উত্তৰ...

হেন্দিমেনৰ এনেকুৱা আত্মবিশ্বাস দেখি মই নিজকে সেই খালী হ’বলগীয়া ‘খালী গাড়ীখনত’ উঠাত নিজকে বাৰণ কৰিব নোৱাৰিলো ।
- এক্সকিউজ মি... এক অচিনাকী যুৱতীযে মোক উদ্দেশ্য কৰি ক’লে...তাইৰ তীব্ৰ পাৰফিউমৰ গোন্ধ মোৰ নাকত পৰিল...কি যে মধূৰ সুবাস...তাই নিশ্চয় অপ্চৰা চিনেমা হ’লৰ পৰা চিনেমা চাই ওলাই আহিছে ।
-আপুনিয়েই যাওঁক .... মই নম্ৰ ভাৱে তাইক যাৱলৈ দি ৰৈ গ’লো। যুৱতীগৰাকী যৌৱনৰ দূৱাৰদলিত ভৰি থৈছেহে মাথো!!
ভাজহীন তাইৰ চুলি খিনি বতাহত নাহৰৰ পাতৰ দৰে কলা চানগ্লাছৰ সন্মুখত বাৰুকৈ দুলি আছিল আৰু তাই বাওঁহাতৰ লাহি আঙুলি কেইটাৰে কেইডাল মান উৰন্ত চুলি কাণৰ কাষত গুজি বাছত উঠিল । তাই ব্যৱহাৰ কৰা সুগন্ধিৰ গোন্ধই মোৰ দেহৰ সমগ্ৰ দূখ-ভাগৰ পলকতে পাহৰাই পেলালে । এনে এজনী সুন্দৰী ৰূপহীক বাট এৰি দিৱলে পায় মই নথৈ আনন্দ লাভ কৰিলো.... Because, men will be men!

থেলা-হেচাঁ কৰি কোনোমতে বাছৰ দুৱাৰত ওলমিলো। বাছৰ ভিতৰৰ অৱস্থা অতি শোচনীয়, খাঙত ভৰাই অনা মূগীবোৰৰ দৰেই খিডীকিৰ ফাকেদি যাত্ৰীসমূহৰ যেন হাত-ভৰি-মূৰ ওলাই আহিব ! কেই মিনিটমান হেচাঁ -থেলা কৰিও বাছত দূখন ভৰি পেলাব নোৱাৰিলো । নিজকে মাছ খাবলৈ অপেক্ষা কৰি থকা বগলীটো যেন বোধ হ’ল ।
প্ৰতিযোগিতা.... তথাকথিত আধুনিক যান্ত্ৰিক পৃথিৱীত ‘ৰেট ৰেচ’ সবব্যাপ্ত পৰিঘটনা। ৰাতিপুৱা উঠাৰ পৰা যি বিৰামহীন দৌৰৰ সূচনা হয় তাৰ অন্ত নিশা মৰমৰ বিচনাত হে শেষ হয় । সামান্য বাছ খনতো এখন আসন অথবা অলপ থিয় হ’ৱলৈ ঠাই যুগুত কৰিবলৈ এক অঘোষিত প্ৰতিযোগিতাত নামিব লগীয়া হয়....এয়াই নেকি আধুনিকতাৰ নিদশণ !
(কথাবোৰ ভাবি শেষ নৌহতেই)

দেওৰা কলেজৰ সন্মুখত থকা speed breaker ত জোৰেৰে বাছ খনে ব্ৰেক মাৰিলে....
আ..ও..ও..... সহায় কৰক অলপ........ মোৰ আতনাদ......

.... বেছি দাশনিক হ’বলে গৈ থেলা-হেচাৰ কুৰুক্ষেত্ৰত এনেতে ভৰি পিচল খালে আৰু চলন্ত বাছৰ পৰা মই লুতি বাগৰ খাই চাইকেল এখনতে প্ৰচন্ড খুন্ডা মাৰিলো.....ভাগ্যে পিচ পিনে একো গধুৰ বাহন নাছিল,ন’হলে চিধাই সিপুৰী পালোহেতেন...! কপাল ভাল আছিল মোৰ.....ৰাজপথকে মই বিচনা বুলি কিছু পৰ পৰি ৰ’লো...বিষ-যন্ত্ৰণাত ভৰি খন নথকা যেন বোধ হ’ল ।

এনেতে এজন যাত্ৰীযে বাছখন ৰখাই মোৰ ওচৰলৈ দৌৰি আহিল । বাকীবোৰে নিজৰ অধিকৃত ঠাই খিনিত তামোল গছৰ দৰে খামোচ মাৰি থাকিল । যেন ৰাস্তাত কোনো ঢেকুৰা কুকুৰ এটাহে পৰি আছে ! সৰুতেই পঢিছিলো “কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম ; জানিয়া সবাকে পৰি কৰিবা প্রণাম।”…. মানুহৰ মনতেই মানুহৰ প্ৰতি সহানুভুতি নোহোৱা হৈ যাবলৈ ধৰিছে, তেনেস্থলত অন্য জীৱৰ প্ৰতি কিদৰে মৰম-স্নেহৰ উতপত্তি হ’ৱ ? কিমান জনে আজি শংকৰদেৱৰ এই বাক্য শাৰী মনত ৰাখিছে ? মানুহ সামাজীক,জীৱ শ্ৰেস্ঠ প্ৰাণী বুলি আমি কাগজে-প্ৰত্ৰয়,কিতাপ-আলোচনী আদিত নি:শংকোচে ঘোষণা কৰো অথচ বাস্তৱ জীৱনত আৰ্ত জনক সহায় কৰাটো দূৰৰে কথা সামান্য সমবেদনাকনো জনাবলৈ আগ্ৰহ প্ৰকাশ নকৰো !! এয়াই হ’ল আজি-কালিৰ ধম-সংস্কাৰ-পৰম্পৰা ।

-ঠিকে আছেনে ? বেছিকৈ দূখ পালে নেকি? এম্বুলেন্স মাতিব লাগিব নেকি??”... মোক কাষলৈ লৰি অহা মানুহ জনে সো-হাতখন আগবঢালে আৰু একে উশাহতে মানুহ জনে নিজৰ প্ৰশ্ন সমূহ শুধি দিলে ।

মই মুখৰ ৰেখাবোৰ সামাণ্য কুঞ্চিত কৰিলো । হয়, হাহিবলে চেচ্টা কৰিলো,এক বিব্ৰত আৰু অপ্ৰস্তুত হাহি...এনে অভিজ্ঞতা এই যানন্ত্ৰিক মহানগৰীৰ বাৰুকৈ সুলভ...যেন এক স্বাভাৱিক ঘটনাহে... বাছ-ট্ৰেকাৰত উঠা-নমা একোখন সৰু-সুৰা ৰণৰ আখৰা সদৃশ অথবা আধুনিক দু-সাহসিক ক্ৰীয়াৰ অনুষ্ঠান সদৃশ। ওলমি যোৱা যাত্ৰী পিচলি পিচ চকাৰ তলত সোমোৱাৰ উদাহৰণো নোহোৱা নহয়। তথাপিতো বাছত ওলমি যোৱাৰ অসংগত দু:সাহসিকতাৰ অন্ত নাই।

মানুহবোৰে জম্বীৰ দৰে গতি কৰিবলগীযা হৈছে জীৱন ধাৰণৰ ইন্ধন গোটোৱাৰ তাড়ণাত। পুৰুষ-মহিলা কাৰোৰে নিস্তাৰ নাই এই যুজত। পিচৰ বাচলৈ বা ত্ৰেকাৰলৈ অপেক্ষা কৰাৰ ধৈয্য বা যুক্তি তাত অমুলক,নিৰথক। তথাপিও স্বীকাৰ কৰিবই লাগিব যে প্ৰকৃত শৃংখলাৰ অভাৱ নথকা হ’লে জীৱনৰ গতি নিশ্চয় সুন্দৰ হ’লহেতেন। শৃংখলাক একাশৰীযা কৰি বতমান সমাজখনে ‘জোৰ যাৰ মুলুক তাৰ’ কথাষাৰ হে অনুসৰণ কৰা দেখা গৈছে । অথচ বিশ্ব যুৰি মানসিক উৎকষ সাধণৰ বাবে শিক্ষা-সংস্কৃতিৰ কি বিপুল আৰু জাক-জমকীয়া আয়োজন ! লুপ্ত-সুপ্ত মানৱ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে শান্তিৰ প্ৰতীক কত কত পাৰ-কপৌ দুখন উন্মুক্ত হাতৰ পৰা উৰা মাৰিয়েই আছে ! কিন্তূ মানুহৰ মনত মৰম-চেনেহ,সহানুভূতিৰ অকণমাণো ৰং সাণিব পাৰিচেনে সেই ভাওনাসমূহে ?

সোঁ আঠুত পকেটৰ পৰা ৰুমাল খন উলিযাই লৈ নিজৰ কাপোৰখিনি কিছু পৰিস্কাৰ কৰি বাছখনত আকৌ উঠিলো । মানুহৰ পেশীৰ জোৰত এইবাৰ একেবাৰে দুৱাৰৰ মূখৰ পৰা ভিতৰ পালোগৈ। দুখন ভৰিত কোনোমতে থিয় হ’বলৈ পায় উশাহ-নিশাহ স্বাভাৱিক হবলৈ ধৰিলে। প্ৰকান্ড- প্ৰকান্ড গাত বোৰেৰে সৃস্টি হোৱা ৰাস্তাবোৰত যেতিয়া বাছখন পাৰ হবলৈ ধৰে তেতিয়া আঘাট পোৱা ভৰি খন বিষত বাৰে বাৰে ভাজঁ খাবলৈ ধৰে ।

-আপুনিয়েই পৰি গৈছিল নেকি ...... মোৰ কাষৰ মানুহজনে মোক উদ্দেশ্য কৰি সুধিলে;

মই কেৰাহিকৈ চকু দুটা যিমান পাৰো সিমান ডাঙৰ কৰি মানুহজনৰ পিনে চালো কিন্তূ মূখেৰে একো উচ্চাৰণ নকৰিলো । মানুহজনে আৰু মোক একো নুসুধিলে।

দা দা ভাড়া.... কৰবাৰ পৰা হাত এখন আহি মোৰ কান্ধটো লৰাই দিলে...
নিজৰ ভাৰসাম্য চম্ভালি লেতেৰা নীলা চোলা পিন্ধা লোক জনক এখন 50 টকীয়া নোট উলিয়াই দিলো আৰু কিবা ঘুৰাই পোৱাৰ আশাত হাত খন তেওঁৰ ফালেই মেলি থৈ দিলো...
-খুচুৰা নাই .... কন্ডাক্টৰজনৰ ককশ প্ৰশ্ন
-নাই....মোৰ উপায়হীন উত্তৰ
বশিষ্টমন্দিৰ....খালী গাড়ী... খালী গাড়ী.....বাছৰ হেন্দিমেনজনৰ পূণৰ ভূৱা ঘোষণা...

- কি অভদ্ৰ মানুহ এইটো । ঘৰত মাক-ভনীয়েক নাই নেকি.. কোনোবা যুৱতীৰ ভোৰভোৰণি মোৰ কাণত পৰিল ।

এই কথাতে সুৰ মিলাই কাষৰ আদবয়ষীযা পুৰুষ এজনে ক’লে.. “আজি কালিৰ ল’ৰাবোৰ ওদন্দ হৈ পৰিছে .... নিষিদ্ধ চবিবোৰ মোবাইলত চাই চাই নস্ত হৈ গৈছে...সকলো ববাদ...ননচেন্চ...বিস্ট...

অলপ মন কৰাত লক্ষ্য কৰিলো যে তেওঁলোকৰ আক্ৰমণৰ কেন্দ্ৰ বিন্দুটো হ’ল ...........স্বয়ং মই !
বাছৰ জোকাৰঁণিত আৰু আঘাত জজৰিত পেশীৰ বিষ-যন্ত্ৰণাৰ সংমিশ্ৰণে মোক এক জীৱন্ত পেণ্ডুলাম সদৃশ কৰি তুলিছিল। যাৰ ফলত হয়তো মোৰ অজানিতে মোৰ শৰীৰৰ কোনো অংগই কোনো যুৱতীক অস্বস্তিত পেলাইছিল।

মই যুৱতীগৰাকীৰ ফালে চালো আৰু এটা চিনাকী গোন্ধই মোৰ নাকত আকৌ টুকুৰিয়ালে ।

“আপুনি হয়তো নিজৰ ব্ৰেন্দেদ চানগ্লাছৰ মাজেদি নিজৰ মবাইলত ‘Facebook’ আৰু ‘WhatsApp’ ৰ অদৃশ্য লোকৰ লগত ‘Friendship’ আৰু ‘Status Update’ কৰাতেই নিজৰ জগত খন সংকোচিত আৰু সীমাবদ্ধ কৰি পেলাইছে...অলপ পৰ আগতে যে এটা ডাঙৰ ঘটনা এটি ঘটি গ’ল তাৰ উমানেই হ’বলা আপুনি নাপালে...পালেও হ’বলা নিজৰ মবাইলত ছবি এখন তুলি কোনো বিলম্ব নকৰি নিজৰ ‘Facebook Account’ ত ‘feeling sad for the poor guy….‪#‎guwahatikillerbus‬’ বুলি Update এটা দিলে হয়....নহয় নে ? মই কিবা ভূল কৈছো নেকি??”.... বিষত জজৰিত দেহাৰে গাৰ সমস্ত জোৰ প্ৰয়োগ কৰি কথা খিনি কৈ পেলালো ।

পিঞ্জৰাত আৱদ্ধ্ব বাঘৰ দৰে ৰাউজি থকা যুৱতীগৰাকী আৰু আদবয়ষীযা পুৰুষৰ মুখৰ পৰা কথা হেৰাই গ’ল ।

কথাখিনি কৈ মই অলপ পিছুৱাই আহিলো আৰু তেওঁলোকে আৰু যাতে একো আপত্তি কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হ’লো। মোৰ এটাই চিন্তা যাতে ভালে ভালে মই ঘৰ পাওঁ আৰু অলপ নিজৰ অলপ চোৱা-চিতা লৱ পাৰোঁ ।
“অ,তই ক’ত আছ্’?
......
“চেহ... মই পাৰ হৈয়ে আহিলো...ৰ তই তাতে ...মই আহি আছো...” মোবাইটো কাণৰ কাষলৈ আনি কাৰোবাৰ লগত যুৱতীগৰাকীযে কথা পাতিলে আৰু নিজ আসনৰ পৰা উঠি আগপিনৰ দুৱাৰৰ পিনে খোজ দিলে । অলপ সময়ৰ পাচত আদবয়ষীযা পুৰুষ জনেও তাই যোৱা বাটকে অনুসৰণ কৰিলে ।

সন্মুখত থাকি গ’ল চিটিবাছখনত মোৰ বাবে অলপ খালী ঠাই ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয নোহোৱা আৰু কলেজ আহি ভাল লাগে এই দুটা কথাৰ কাৰনে আমি কেইজনমান আহি আছো । সেৰেঙা উপস্থিতিৰ আৰু এটা কাৰন কচিং ক্লাছ আৰু টিউচন । সহপাঠী প্ৰায়ভাগৰে টিউচন বা কচিং আছে । গতিকে কলেজত ক্লাছ নহলেও তেওলোকৰ আপত্তি নাই । কিন্ত আমাৰকেইজনমানৰ টিউচন-কচিং নাই । কলেজৰ ক্লাছেই আমাৰ ভৰষা ।

নভেম্বৰ ২০০৩ , নিউ ফিজিক্স গেলাৰী, কটন কলেজ । মই, সীমান্ত, কুলদীপ, বিবেকানন্দ আদিকে ধৰি ৮ জন মান ফিজিক্সৰ ক্লাছৰ বাবে বহি আছো । নৃপাংক শইকীয়া ছাৰৰ ক্লাছ । ছাৰে ইলেকচ্ৰনিক্স পাৰ্টটো পঢ়ায় । দুটা চেপ্তাৰ তেতিয়াও বাকী আছে । সিদিনা ডায়জৰ বিষয়ে পঢ়োৱাৰ কথা আছিল । ছাৰ আহিল ।

- মাত্ৰ আঠজন, আঠজনৰে ক্লাছ কেনেকে কৰিম , বাকীবোৰক মাতি আনাগৈ .... ছাৰে কলে
- ছাৰ বাকী কোনো নাই, অকল আমিয়েই আছো
- ইমান কম ষ্টুডেন্টৰে ক্লাছ নহব, আজি ক্লাছ কেঞ্চেল ....... এইবুলি কৈ ছাৰ গুচি গল

ছাৰৰ ক্লাছ সেই বছৰ আৰু কেতিয়াও নহল । লাহে লাহে ৮ জনৰপৰাও ষ্টুডেন্ট কমি আহিল । একেবাৰে শেষত সীমান্ত আৰু মই । আমাৰ লাষ্ট ক্লাছ আছিল জুলজিৰ ৰাতুল ৰাজখোৱা ছাৰৰ । সেইটো ক্লাছত ছাৰে আমি দুজন ষ্টুডেন্টক ৰিপ্লিকেচন অৱ ডি.এন.এ টপিকটো পঢ়াইছিল ।

তাৰ পাছত আমিও কলেজলৈ অহা বাদ দিলো ।

পৰীক্ষাৰ কাৰনে ৰিভাইচ কৰি আছো । পুৰনা কুৱেচন পেপাৰ চল্ভ কৰি আছো । ডায়দৰ চাৰকিট ডায়েদ্ৰামৰ প্ৰশ্ন আহেই । কিন্ত বহুত চেষ্টা কৰিও তাৰ কনচেপ্টটো আয়ত্ব কৰিব নোৱাৰিলো । ভাৱিলো কোনোবাই অলপ পঢ়াই দিয়া হলেই বুজি পালোহেতেন । অলপ যুজাৰ পাছত ডায়ডৰ ওচৰত হাৰ মানি বেলেগ টপিক পঢ়িবলৈ ধৰিলো ।

ফিজিক্স পৰীক্ষা , হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰ ফাইনেল । কুৱেচন পেপাৰখন চাই আফচোচ লাগিল । ডায়ডৰ চেম কুৱেচন , তিনি নম্বৰ । গোটেগোটে তিনি নম্বৰ যোৱাত বহুত বেয়া লাগিল ।

ৰিজাল্ট দিলে । ফিজিক্সত ৭৭ , তিনি নম্বৰৰ বাবে লেটাৰ নাপালো । বাকী কেমেস্ত্ৰীত ৮২, অসমীয়াত ৭৬, অংকত ৭১, ইংৰাজীত ৬১ , ফৰ্থ চাবজেক্ট হিচাপে বায়লজিত ৬৫

কেমেস্ত্ৰীৰ ক্লাছৰ কথা নিলিখিলে ভুল হব । আমাৰ বছৰ অকল কেমেস্ত্ৰীৰ ছিলেবাছ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হৈছিল । আমাক পঢ়াইছিল মনজিত ভট্টাচায্য ছাৰ আৰু নিৰদা দেবী বাইদেৱে । মই ভাবো যে মোৰ টাইপৰ ষ্টুডেন্টৰ কাৰনে মনজিত ছাৰ ইজ দা বেষ্ট টিচাৰ , ছাৰে দীঘল নোটছ নিদিয়ে, টু দা পইন্ট পঢ়ায়, খুব সোনকালে ছাৰে পঢ়োৱা বস্তবোৰ আয়ত্ব কৰিব পাৰিছিলো । নিৰদা বাইদেউ আছিল ভেৰি পানচুৱেল । বাইদেউ কোনোদিনে ক্লাছলৈ দেৰিকৈ অহা নাছিল । মনজিত ছাৰে ছুটী ললে নিৰদা বাইদেৱে ক্লাছ লৈছিল আৰু নিৰদা বাইদেৱে ছুটী লোৱাৰ দিনা নিৰদা বাইদেৱে ক্লাছ লৈছিল । ছিলেবাছ সময়ত শেষ হোৱাৰ ইও এটা কাৰন আছিল ।

সকলোতকৈ মোৰ আক্ষেপ আছিল ইংৰাজী ক্লাছকেইটাৰ । প্ৰথম কথা আছিল যে ক্লাছ নহয়েই । দ্বিতীয় কথা হল যে হোৱা ক্লাছকেইটাটো এনেকৈ পঢ়ায় যেন এম.এ পৰ্ষায়ৰ ষ্টুডেন্টক পঢ়াই আছে । আমি বিশেষকৈ অসমীয়া মাধ্যমত পঢ়ি যোৱাৰকেইটাৰ অৱস্থা তথৈবচ । কি পঢ়ায় মাথা-মুন্ডা ধৰিবই নোৱাৰো । আমাৰ শেষ ভৰষা দাস এন্ড ভুঞাৰ মডেল কুৱেচন আৰু আনছাৰছ , মোৰ দৰে হাজাৰ হাজাৰ ষ্টুডেন্টক বচাই দিয়াৰ বাবে তেওলোকক ধন্যবাদ ।

ইঞ্জিনাৰিং এন্ট্ৰেন্স দিয়া নাছিলো, মেডিকেল দিছিলো , কাট অফতকৈ ১০ নম্বৰ কমিল । কটনত স্নাতক পঢ়িবৰ বাবে এপ্লাই কৰিলো, ফাষ্ট পৃফাৰেন্স ফিজিক্স , কেমেস্ত্ৰী আছিল ছেকেন্ড পৃফাৰ্ন্স ।

এডমিচন হলত বহি আছো । এগ্ৰিগেট স্কৰৰ ওপৰত এডমিচন হৈ আছে । প্ৰথমতে ফিজিক্সৰ এডমিচন চলিল । কাকতলীয়ভাৱে মাত্ৰ তিনি নম্বৰৰ বাবে ফিজিক্স অনাৰ্চত চিট নাপালো । কটনত কেমেস্ত্ৰী মেজৰত নাম লগালো ।
তাৰ পাছত গুৱাহাটী ইউনিভাৰচিটীত এম.এছ.চি আৰু তাৰ পাছত অ.এন.জি.চি ।

কেতিয়াবা ভাবো যদি সিদিনা নৃপাংক ছাৰে ক্লাছ ললেহেতেন, ডায়ডৰ বিষয়ে আয়ত্ব কৰিব পাৰিলোহেতেন, পৰীক্ষাত লিখিব পাৰিলোহেতেন, ফিজিক্সত তিনি নম্বৰ বেছি পালোহেতেন, কেমেস্ত্ৰীৰ সলনি তেতিয়া নিশ্চিতভাৱে ফিজিক্স মেজৰত নাম লগালোহেতেন ।

তেতিয়া তাৰ পাছত কি ঘটিলেহেতেন কব নোৱাৰিম কিন্ত কি কি নহলহেতেন.......... অশ্বিনী, অপুৰ্ব, প্ৰদ্যুম্ন, জীৱন, জয়ন্ত অলকেশ, পল্লবী, পৰী, অঞ্জুহতক লগ নাপালোহেতেন । অ.এন.জিচিত চাকৰি নাপালোহেতেন ,ধুমিলদা, চানক্যদা, দীৰুদা, চন্দনদা, শ্যামলদা, ৰনদীপ, প্ৰজাপতি, খঞ্জনে মোক লগ নাপালেহেতেন ।

ব্যৱধান মাত্ৰ মাৰ্কচিট এখনৰ তিনিটা নম্বৰ ।

ফাল্টু, ফুং এন্ড ৰনদীপ

ফাল্টু, ফুং আদি শব্দকেইটা সাধাৰন মানুহৰ বাবে অইন অৰ্থ বুজাব পাৰে কিন্ত ড্ৰিল চাইটত কাম কৰা মানুহৰ বাবে এই শব্দকেইটা অতিকৈ চিনাকি আৰু মৰমৰ । শ্বিফট ডিউটিটো কমপ্লিট বাংক মৰাক ফাল্টু লোৱা বুলি কোৱা হয় । ফাল্টু লবলৈ চাইটৰ শ্বিফট ইনচাৰ্জৰ লগত ভাল বুজাবুজিৰ দৰকাৰ হয় । সাধাৰনতে এই ভাল বুজাবুজি আহৰন কৰা হয় ফুল বা হাফ বটলৰ শ্বেয়াৰিঙৰ যোগেদি । ফৰটিন ডেইজত অৱশ্যে অকল শ্বিফট ইনচাৰ্জেই নহয় অইন মানুহকে খুচ কৰিবলৈ হাহ-কুকুৰা-গৰম পানীৰ পাৰ্টি দিবলগীয়া হয় ।

চাইটত কেমেস্ত্ৰীৰ মানুহ এজনেই থাকে । গতিকে ফাল্টু লোৱাটো সহজ নহয় । ফাল্টুৰ সলনি আমি ফুং মাৰো । ফুল ফুং বা হাফ ফুং । চাইটত কামৰ মতি-গতি অধ্যয়ন কৰি যিখন শ্বিফট বাছত আহি চাইট পাও সেইখনতে উভটি যোৱাটোক ফুল ফুং আৰু চাইটত কিছুসময় দেখা দি ৰফুচক্কৰ হৈ যোৱাটোক হাফ ফুং বোলা হয় ।

চাইটটো গেলেকীত থাকোতে মই ফুং বেছিকৈ দিয়া নাছিলো । কিন্ত যেতিয়াৰেপৰা চাইটটো ৪০ কিলমিটাৰ দুৰৰ লাকুৱালৈ গলগৈ আৰু গেলেকীৰ ৰাস্তাৰ সৰু-ডাঙৰ পুখুৰী ফালি ডান্সিং বাছত ঝটকা খাই ডেৰঘন্টাৰ জাৰ্নিৰ পাছত জীৰ্ন-শীৰ্ন দেহ-মনৰে লাকুৱাৰ চাইট পাবলৈ ধৰিলো তেতিয়াৰে পৰা মোৰ মাইন্ডচেটো সলনি হৈ পৰিল ।

ৰনদীপ আৰু আমি বেলেগ বেলেগ চাইটৰ । আমি মানে মই , খঞ্জন আৰু কোঁৱৰ । ৰনদীপৰ চাইটত প্ৰজাপতি আৰু দীৰুদা । ৰনদীপৰ চাইটত ফুং দিয়াৰ প্লেন বনায় ৰনদীপ আৰু প্ৰজাপতিয়ে । আমাৰ চাইটত খঞ্জনে প্লেন বনায় । দুয়োটা প্লেনৰ ওপৰত বেচ কৰি মই মোৰ মেইন প্লেন আৰু বেক আপ প্লেন বনাও ।

ফুং দিয়াৰ বাবে আমি দিনত খেপ দিও চাইটলৈ বাইক বা গাড়ী লৈ অহাসকলক । বাইকৰ পাছত বা গাড়ীত এডজাষ্ট কৰি লাকুৱাৰপৰা নাজিৰা পাও আৰু তাৰপৰা গেলেকীলৈ যোৱা চাইটৰ বাছ ধৰি ডাইৰেক্ট ডি.এছ.এ-গেলেকী । ইভেন আমি ডি.এছ.এ পাও মানে গেলেকীৰ চাইটত ডিউটি কৰি নিজৰ মৰৱাই থকা চন্দনদাও আহি নাপায় ।

নাইট শ্বিফটত প্লেনৰ ডাইৰেকচন বেলেগ হয় ।
প্লেন A ত থাকে ৰাতি ডিনাৰ চাপ্লাই দিবলৈ অহা চুমুখন ।
প্লেন B ত থাকে চাইটৰ ইমাৰজেন্সি ভেহিকল ।
প্লেন C ত থাকে পাৰচনেল ভেহিকেল ।

মুঠতে নাইট শ্বিফট কৰি ৰাতিপুৱা পাচ বজাত নাজিৰা পালেই হল । তাৰপৰা গেলেকীলৈ শ্বিফট বাছ পাই যাও ।
প্ৰথমতে দীৰুদা মানুহটো একেবাবে ফুং নাছিল । কিন্ত গেলেকীৰ ৰাষ্টাৰ গাতৰ ঠেকেচা আৰু ৰনদীপৰ মটিভেচনে দীৰুদাকো ফুং বনাই দিলে ।

ৰনদীপৰো টাইটেল চইকীয়া । সি সদায় আমাতকৈ দুই কদম আগত থাকিব বিচাৰে । কিন্ত ৰনদীপকো মালুম নহী থা কে হাৰ চইকীয়া ড্ৰিলাৰ কে দু কদম আগে এক চইকীয়া হোতা হে জিচকো লোগ কেমিষ্ট চইকীয়া বোলটা হে ।

৩১ মেত এঘাৰ নম্বৰ নাইট ডিউটি কৰি ৰনদীপ ডি.এছ.এ পাইছেহি । গেটত সোমায়েই ৰনদীপ দুখী হৈ গল । দাতত ব্ৰাছ এডাল লৈ মই মৰ্নিং ৱাক কৰি আছো ।

- আৰে বিক্কাচদা ইমান জল্দি
- আৰে ৰনদীপ, ইমান দেৰি হল তোমাৰ, ফিলিং চেদ...... মই কাট মাৰিলো
দুখমনৰে ৰনদীপে বাংক হাউচলৈ খোজ ললে । দুখী ৰনদীপে খঞ্জনলৈ ফোন কৰিলে । খঞ্জন ইঞ্জিনাৰিং কলেজত ৰনদীপৰ এবছৰৰ জুনিয়ৰ আছিল ।
- অই খঞ্জু , বিকাচদা কেনেকে আহিল...... ৰনদীপে সুধিলে
- ফাল্টু লৈ ললে..... খঞ্জনে কলে
- কি, কেমিষ্টে ফাল্টু ললে, আৰু তই
- মই কি কম বুলি ভাৱিছিলো , মানে ময়ো কালি ফাল্টু ললো ...... খঞ্জনে মিহিকে কলে

ৰনদীপৰ ইগো হাৰ্ট হৈ গল । ৰনদীপে ডিচাইড কৰিলে, বাই হুক অৰ বাই ক্ৰুক সি দুই কদম আগত থাকিব । ১ জুনৰ বাৰ নম্বৰ নাইটত ৰনদীপে ফাল্টু ললে আৰু লগতে দীৰুদাকো ফাল্টু লোৱাই দিলে ।

দীৰুদাই ফাল্টু লোৱাৰ ফলত বহদিনৰ মুৰত শ্যামলদাক লগ পালে । শ্বিফ্ট নিমিলাৰ বাবে এনেয়ে শ্যামলদাক লগ নাপায়েই । ৰি-ইউনিয়নৰ এই খুচিত ২৫ নম্বৰ বাংক হাউচত তামাম পাৰ্টি চলিল । খুব জমিল ৰং যত মিলি বহিল চাৰি য়াৰ, চন্দনদা, দীৰুদা, শ্যামলদা আৰু ...... ।

তেৰ নম্বৰ নাইট, ২ জুন । মিউচুৱেল এটা মাৰি দিনৰপৰা ডবল শ্বিফ্ট কৰি আছো । এক্সট্ৰা ডিউটি কৰাৰ বাবে তেৰ দিনত চৈধ্যটা ডিউটি হৈ যাব । মানে এদিন আগতেই কাইলৈ টু গুৱাহাটী । সোনকালে চাইটৰপৰা ওলাবলৈ বাইক লৈ আহিছো । পুৰা ফুল প্ৰুফ প্লেন ।

ৰাতি ১০ টা মান বাজিছে । ৰনদীপে ফোন কৰিলে ।
- বিকাচ দা, আজি আপোনাৰ প্লেন কি...... ৰনদীপে সুধিলে
- মোৰ বহুতকেইটা প্লেন আছে......... মই কলো
- অকে
ৰাতি ১২ টা মান বজাত খঞ্জনে ফোন কৰিলে
- বিকাচ দা, আমি ইমাৰজেন্সি লৈ ওলাম, ওলাওক
- মই বাইক লৈ যাম ৰাতিপুৱা......... মই কলো
- অকে

সুয্যৰ প্ৰথমটো কিৰণ ওলোৱাৰ লগে লগে বাইক ষ্টাৰ্ট দিলো । ডি.এছ.এ পাই ব্ৰেকফাষ্ট কৰি চাইটৰপৰা ৰিটাৰ্ন হোৱা বাছ ধৰি শিবসাগৰ পোৱাৰ প্লেন । যাবলৈ ৰেডি হৈ ডি.এছ.এৰ গেট পাও মানে দেখিলো ৰনদীপ-প্ৰজাপতি-দীৰুদা আহি পাইছেহে ।
- আৰে ৰনদীপ, ইমান দেৰি হল যে, ফিলিং চেদ........ মই চান্সতে কাট এটা মাৰি দিলো
ৰনদীপে দুখমনৰে বাংক হাউচলৈ খোজ ললে ।

শিৱসাগৰ টাউন পাই গম পালো যে ৪ জুন অৰ্থাত পাছদিনা অসম বন্ধ । গাড়ী নচলে । ৰনদীপক বেজী দিয়াৰ লোভকন সামৰিব নোৱাৰিলো ।
এছ.এম.এছ এটা ৰনদীপলৈ পঠাই দিলো...... Tomorrow is Assam Bandh. Plan Accordingly, don’t worry , I am on the way to Guwahati

বি.দ্ৰ. বিশেষ সুত্ৰৰ পৰা জানিব পৰামতে নেক্সট ফৰটিন ডেইজত দুই কদম আগত থাকিবলৈ ৰনদীপে এতিয়াৰেপৰাই প্লেন বনাই আছে ।

ৰনদীপ- প্ৰজাপতি

প্ৰজাপতিয়ে ৰনদীপক বাহ দিবলৈ চেষ্টা কিয় কৰে । তাৰো এটা কাৰন আছে । কাৰনটোৰ বিষয়ে জানিবলৈ আমি কেইবছৰমান পিছুৱাই যাব লাগিব ।

প্ৰজাপতিয়ে তেতিয়া নতুনকৈ জইন কৰিছে । নতুন চাকৰি, ঢেৰ চাৰা সপোন । তাৰে এটা সপোন আছিল যে গুৱাহাটী-চিবচাগৰ অহাযোৱা কৰোতে এদিন নহয় এদিন তাৰ কাষৰ চিটটোত এজনী ধুনীয়া ছোৱালী বহিব আৰু সি ছোৱালীজনীক পতাই পেলাব । সেয়ে সি সদায় বাছৰ ডবল চিটৰ ফালে টিকট কাটে ।

প্ৰথম দহ-বাৰবাৰ তাৰ সপোন পুৰা নহল । কিন্ত তেৰনম্বৰ বাৰ তাৰ কপাল ফুলিল । গুৱাহাটীত পুজা চাই সি চিবচাগৰলৈ উভটিছে । তাৰ চিটৰ নম্বৰ বাৰ । সি আই.এছ.বিটিত এ,এছ.টিচিৰ বাছত উঠি খিড়ীকিৰ চিটটো অকুপাই কৰি ললে । কানত হেডফোন লগাবলৈ লওতেই মিঠা মাত এটা তাৰ কাণত পৰিল ।

- এক্সকিউজ মি, এইটো ১১ নম্বৰ চিট হয়নে

প্ৰজাপতিয়ে ঘুৰি চাই দেখিলে মিঠা মাতটোতকৈও ধুনীয়া ছোৱালী এজনীয়ে তাৰ ফালে চাই মিচিকিয়াই হাহি আছে ।
- অ হয় .......... প্ৰজাপতিয়েও হাহি এটা মাৰি কলে

প্ৰজাপতিয়ে চিটুৱেচনটো বিষয়ে ৰনদীপক চৰ্ট মেচেজ কৰি দিলে । ৰনদীপে লগে লগে তাক টিপচ কেইটামান দি দিলে । টিপছকেইটা পাই সি সাউতকৈ বাছৰ বাহিৰ ওলাই বস্ত কেইটামান কিনি ললে ।

বাছ চলিবলৈ আৰম্ভ কৰিলে । খানাপাৰা পাও পাও হওতেই প্ৰজাপতিয়ে মুখ মেলিলে
- এক্সিউজ মি
- ও ........... ছোৱালীজনীয়ে তাৰফালে চালে
- মানে আপোনাৰ যদি অসুবিধা হৈছে আপুনি মোৰ চিটটোত বহিব পাৰে
- মানে
- ধুনীয়া ছোৱালীবোৰৰ সাধাৰনতে ভমিটিঙৰ প্ৰবলেম হয়, চো উফ ইউ উইচ..... প্ৰজাপতিয়ে কলে

ছোৱালীজনীয়ে মিঠা হাহি এটা মাৰি অফাৰটো একচেপ্ট কৰি ললে ।

চিটটো ইন্টাৰচেঞ্জ হোৱাৰ পাছত প্ৰৰ্জাপতিয়ে কলে....... আই এম প্ৰজাপতি
- মই শ্যামলিমা, শ্যামলিমা বৰুৱা........ ছোৱালীজনীয়ে কলে

বাছখন ইতিমধ্যে যোৰাবাটৰ টাৰনিংবোৰ পাইছিলহি । টাৰ্নিংবোৰত শ্যামলীমা দুই এবাৰ প্ৰজাপতিৰফালে হাউলি পৰিল ।
- তুমি মানে আপুনি শিৱসাগৰ যাব নেকি..... প্ৰজাপতিয় কলে
- হয়, আৰু আপুনি মোক তুমি বুলি কলেই হল..... শ্যামলিমাই কলে
- মোকো তুমি তুমি বুলিয়েই কব পাৰা , ময়ো শিৱসাগৰ গৈ আছো , তাত চাকৰি কৰো ...... প্ৰজাপতিয়ে প্লীজেন্ট স্মাইল এটা দি দিলে

প্ৰজাপতিৰ দিল ধৰক ধৰক কৰিবলৈ ধৰিলে । ফিফটি পাৰচেন্ট কাম হলেই , ইন্ট্ৰো হল, ফ্ৰেইন্ডশ্বিপো হল, এতিয়া ফোন নং লৈ লৱ , ফেইচবুকৰ চাটিং কৰিব , মুঠতে পতাই পেলাব । শিৱসাগৰৰ যেতিয়া ডেটিঙো মাৰিব পাৰিব । সকলোতকৈ ডাঙৰ কথা শ্যামলীমা ৰনদীপৰ গাৰ্লফ্ৰেন্ডতকৈ ধুনীয়া । গতিকে এতিয়া ৰনদীপকো ডাউন দিব পাৰিব ।

প্ৰজাপতিয়ে ওপৰৰপৰা নিজৰ বেগটো নমাই চিপচৰ পেকেট এটা উলিয়ালে । পেকেটটো খুলি শ্যামলিমাৰ পিনে আগবঢ়াই কলে....... চিপচ খাবা নেকি
- অহ, আই লাভ চিপচ ......... শ্যামলিমাই চিপচৰ পেকেটটো লৈ কলে

বাচ এতিয়া আই লাভ চিপচৰ সলনি আই লাভ ইউটো উলিয়াব পাৰিলেই হল । ফোন নম্বৰটো বাছৰ পৰা নমাৰ সময়ত খুজিলেই হল । এতিয়া খুজিলে চিপ টাইপৰ দেখাব । প্ৰজাপতিয়ে শ্যামলিমাৰ লগত অইন কথা পতাত লাগিল ।
বাছ গৈ জখলাবন্ধাত ৰখিল । প্ৰজাপতিয়ে শ্যামলিমাৰ লগত নৰ্মেল হোটেলৰ সলনি ৰেষ্টোৰেন্ট বানজাৰাত সোমাল । শ্যামলিমাই প্ৰথমতে না কৰিছিল যদিও প্ৰজাপতিয়ে শ্যামলিমাক ধুনীয়া লান্সৰ ট্ৰিট এটা দি দিলে । প্ৰজাপতিয়ে অনুমান কৰিব পাৰিলে যে শ্যামলিমাৰ দিলত সি সোমাই পৰিছে ।

বাছ আকৌ চলিবলৈ লাগিল । দুপৰীয়া ভাত খোৱাৰ পাছত প্ৰজাপতিৰ টোপনি ধৰে । আজি সি ডিচিচন ললে , টোপনি কন্ট্ৰেল কৰিবই ।
- ভাতৰ পাছত মিঠা খাব লাগে, কুচ মিঠা হো যায়ে ........ ডেইৰি মিল্ক চিল্ক চকলেট এটা তাৰফালে আগবঢ়াই শ্যামলীমাই কলে

প্ৰজাপতিয়ে চকলেটটো ললে । তাৰ হাৰ্টবিট বাঢ়ি গল । লাইফত প্ৰথমবাৰৰ বাবে সি ছোৱালী এজনী পতাই পেলাইছে । ৰনদীপৰ গাৰ্লফ্ৰেন্ডতকৈও ধুনীয়া ছোৱালী এজনী পতাই পেলাইছে । বিগেষ্ট এচিভমেন্ট অৱ হিজ লাইফ । আনন্দতে প্ৰজাপতিয়ে চকুদুটা মুদি দিলে ।

প্ৰজাপতিৰ যেতিয়া চকু মেল খায় তেতিয়া বাছ ভটিয়াপাৰ হৈ শিৱসাগৰ টাউনত সোমাইছে । সোফালে চাই দেখে যে শ্যামলীমা চিটটোত নাই । অলপ পাছত সি গম পালে যে তাৰ মবাইল, মানিবেগ আৰু ওপৰৰ বেগটোৰ সৈতে লেপটপটোও নাই ।

প্ৰজাপতিয়ে এই কেচটো কাকো কোৱা নাছিল । কিন্ত এদিন পাৰ্টি এটাত ৰঙাপানীৰ প্ৰভাৱত সি কাহিনীটো ৰনদীপৰ আগত বতিয়াই দিলে আৰু ৰনদীপে তেল-মচলা সানি প্ৰজাপতিক চাইটত পপুলাৰ কৰি পেলালে । চাইটৰ ড্ৰিলিং ইনচাৰ্জৰপৰা কন্টিজেন্ট লেবাৰৰ মাজত প্ৰজাপতি ফেমাচ হৈ পৰিল । আনকি শ্বিফট বাছৰ ড্ৰাইভাৰ তথা দীৰুদাইও তাক তচল্লি-দিলাচা দিবলৈ ধৰিলে । প্ৰজাপতিৰ পৰা বেচেৰা-প্ৰজাপতি হৈ পৰিল ।

লাইফৰ এই কৰুৱাপন , ৰনদীপৰ বিট্ৰে প্ৰজাপতিয়ে দিলত পাত্থৰ ৰাখি সহিলে । কিন্ত সি এদিন ৰনদীপক বদলা লবই , সি কচম খাই থৈছে ।

সতৰ্কীকৰন-
প্ৰজাপতিৰ নিচিনা অৱস্থা আপোনাৰো হব পাৰে । বাছ-ট্ৰেইনত যিমানেই এট্ৰাকটিভ নহওক কিয়, অচিনাকী মানুহৰপৰা সাৱধান হওক ।

ৰনদীপ - ফায়াৰবল

( আগকথা- এইবাৰ ফৰটিন ডেইজত দীৰুদা চাইটলৈ কিয় যোৱা নাই আৰু ৰনদীপৰপৰা কিয় পলাই ফুৰিছে তাৰ ওপৰত ডি.এছ,এৰ ডাইনিং টেবুলত ইভল্ভ হোৱা এইটো এটা অনুসৈদ্ধান্তিক কাহিনী । ইয়াৰ চাপৰ্টত এতিয়ালৈ একো প্ৰমান পোৱা নাই কিন্ত এইটোৱেই ডি.এচ.এত এতিয়ালৈ মষ্ট একচেপটেবল ষ্টৰী । কিবা ভুল-ভ্ৰান্তি হলে ৰাইজে মাফ কৰি দিয়ে যেন )

ৰনদীপ এইকেইদিন পুৰা ফায়াৰ হৈ আছে । ৰনদীপ ফায়াৰ হৈ থকা বুলি জানি দীৰুদা বোলে এইকেইদিন ডিউটি যোৱা নাই । এই কেচটোৰ মজা লৈ আছে প্ৰজাপতিয়ে, সি ৰনদীপৰপৰা পলাই ফুৰা দীৰুদাক বোলে বিল মে চুপা চুহা আখ্যা দিছে ।

আচলতে যোৱা সপ্তাহত দীৰুদাই ফিউচাৰ ৱাইফৰ লগত গুৱাহাটীৰ পৰা নগাও বাইপাছৰ ফালে লং ড্ৰাইভত গৈ আছিল । মৌচম হাচি, চফৰ চুহানা, চব ধুনিয়া হৈ আছিল । জেং লগালে প্ৰজাপতিয়ে । ড্ৰাইভ কৰি থাকোতেই প্ৰজাপতিয়ে ফোন কৰিলে । ফোনটো ধৰিবলৈ দীৰুদাই গাড়ীখন চাইড কৰিলে আৰু পকেটৰপৰা ফোনটো উলিয়াবলৈ লওতেই সৰু টেমা এটাও ওলাই আহিল । দীৰুদাই কিবা কৰিবলৈ পোৱাৰ আগতেই ফিউচাৰ ৱাইফে টেমাটো হাতত ললে । টেমাটোৰ দুয়োফালে দুখন ঢাকোন । প্ৰথম ঢাকোনখন খুলি ফিউচাৰ ৱাইফে বগা বস্ত এটা দেখিবলৈ পালে ।

তাৰ পাছত দ্বিতীয় ঢাকোনখন খুলি ফিউচাৰ ৱাইফে চিঞৰি উঠিল
- আপুনি চাধাও খায় নেকি

ফিউচাৰ ৱাইফৰ খঙাল ফেচিয়েল এক্সপ্ৰেচন দেখি দীৰুদাৰ ভয় লাগি গল । বিয়াৰ আগতেই ডাইভৰ্চ নহয়তো ।
- নাই মানে........... দীৰুদাই সেমেনা-সেমেনিকৈ কলে
- কি নাই মানে , চাধা খায়, আপোনাক ইমান ল কেটেগৰীৰ বুলি ভৱা নাছিলো । আজিৰেপৰা...
- মিচআন্ডাৰষ্টেন্ড নকৰিবা ডাৰলিং, এইটো মোৰ নহয়, লগৰ এটাৰহে
- কোন লগৰ এটাৰ

দীৰুদাই পটককে প্ৰজাপতিৰ নামটো কৈ কলে....... চোৱাচোন, কালি সি ভুলতে চাধাৰ টেমাটো এৰি গৈছিল, আজি সেয়ে ফোন কৰিছে

মবাইল স্ক্ৰীনত নাম্বাৰ এটা ৰিং হৈ আছিল......... প্ৰজা-ড্ৰিলাৰ

দীৰুদাই ফোনটো ৰিচিভ কৰি কলে........ অই প্ৰজাপতি, নিজৰ বস্তবোৰ ভালদৰে থবিচোন, যতে ততে পেলাই থৱ
- কি বস্ত বে....... প্ৰজাপতিয়ে একো বুজিব নোৱাৰি কলে
- কালি যে চাধাৰ টেমাটো, হে হে, মোৰ তাতে এৰি গলি, মই পাই তোক দিবলৈ জেপত ভৰাই থৈছিলো, বৌৱেৰে পাই গল নহল, অলপ মিছ আন্ডাৰষ্টেন্ড কৰি আছে এতিয়া...... দীৰুদাই যিমান পাৰি নৰম সুৰত কলে
- আপুনি চাল্লা, বুজি পাইছো দিয়ক, এতিয়া কি কৰিব লাগে মই...... প্ৰজাপতিয়ে কলে
- বৌৱেৰক বুজাই কচোন চাধা টেমাটোৰ বিষয়ে
- অকে দিয়ক

দীৰুদাই ফোনটো ফিউচাৰ ৱাইফক দি কলে... ডাৰলিং লোৱা, প্ৰজাপতিয়ে কিবা কব তোমাক
- অ বৌ গুড ইভিনিং , এক্সুৱেলি কালি টেমাটো মই এৰি থৈ আহিছিলো, দীৰুদাই এইচব হাতেই নিদিয়ে.... প্ৰজাপতিয়ে কলে

তাৰ পাছত......
তাৰ পাছত দীৰুদাৰ ফিউচাৰ ৱাইফে পুৰা আধাধন্টা প্ৰজাপতিৰ ক্লাছ ললে । টবেকু , নিকটিন, লাং কেনছাৰ ইত্যাদি । বেচেৰা প্ৰজাপতিয়ে হয়, আজিৰপৰা নাখাও, বাদ দিম ইত্যাদি কৈ থাকিল ।

এতিয়া কথা হল, ৰনদীপ কৰপৰা আহিল । প্ৰজাপতিৰ কৃপাত ৰনদীপ বেচেৰা যেতিয়াই-তেতিয়াই, যতে-ততে বিনা দোষত ফচি যায় ।
কথাৰ মাজতে প্ৰজাপতিয়ে পিঙাই দিলে যে ৰনদীপ নামৰ চাধাহলিক, চিগাৰফুকিক আৰু খৈনী এক্সপাৰ্ট এটাই দীৰুদাক চাইটত এইবোৰৰ এডিকটেদ কৰাৰ চেষ্টা চলাই থাকে ।

প্ৰজাপতিক ডজ কমপ্লিট কৰি ফিউচাৰ ৱাইফে দীৰুদাক সুধিলে.... এই ৰনদীপ কোন হয়
- মোৰ চাইটৰ, ড্ৰিলাৰ এজন..... দীৰুদাই মবাইলত ৰনদীপৰ ফটো এখন দেখুৱালে
- মই ভাবিছিলোৱেই , দেখাতেই ইয়াক ধুৰ বদমাইচ যেন লাগে........ ফিউচাৰ ৱাইফে কলে
- মানে.... দীৰুদাই ভয়ে ভয়ে সুধিলে
- মানে ইয়াৰ ফোনটো লগোৱা........ ফিউচাৰ ৱাইফে কলে

ভিতৰুৱা খবৰমতে তাৰ পাছত ৰনদীপক এটা শব্দও কবলৈ নিদিলাকৈ দীৰুদাৰ ফিউচাৰ ৱাইফে ৰনদীপক থেতেলি দিলে আৰু আলটিমেটম দি কলে যে সি যদি আৰু দীৰুদাক বেয়া অভ্যাসবোৰ শিকায় তেনেহলে কথা বিষম হব ।
তেতিয়াৰেপৰা বোলে ৰনদীপ একেবাৰে ফায়াৰ হৈ আছে ।

বি.দ্ৰ.
ৰনদীপ প্ৰকৃততে যথেষ্ট নিৰ্জু, নম্ৰ, ভদ্ৰ আৰু অমায়িক । প্ৰজা আৰু দীৰুদাই তাক যতে-ততে বাহ দি থাকে । এইকেইদিন ফায়াৰ হৈ থকা স্বত্তেও চচিয়েলি হি এজ এক্টিং লাইক এ জেন্টলমেন ।
( কিবা ভুল ভ্ৰান্তি হলে ৰাইজে মাফ কৰে যেন )

কটন কলেজ - ফাইল



হায়াৰ ছেকেন্ডাৰীৰ কথা । ২০০২ চন , নতুনকৈ কলেজৰ হাৱা লাগিছে । সেই হাৱাতেই লগৰ এটাৰ প্ৰেম হৈ গল । ছোৱালীজনী আমাৰ একে ক্লাছৰ । পাছে লগৰটো আছিল একেবাৰে লাজকুৰীয়া টাইপৰ । কটনত ক্লাছৰ বাবে এটা ডিপাৰ্টমেন্টৰপৰা আনটোলৈ যাব লাগে । সদায় সি ছোৱালীজনীৰ পাছে পাছে যায় কিন্ত হাই বুলি কব নোৱাৰে । তাৰ পাছত আমি তাক জেকাই জেকাই এদিন প্ৰপজ দিবলৈ পঠিয়াই দিলো । কটনৰ লাইব্ৰেৰীৰ চিৰিটোৰ কাষতে সি ছোৱালীজনীক প্ৰপজ দিলে । প্ৰপজ দি সি আমাৰ ওচৰলৈ আহিল ।

- কি হল .......... আমি সুধিলো
- তাইৰ বয়ফ্ৰেন্ড আছে হা........ সি কন্দনামুৱা হৈ কলে

তাৰ গ্লুমি চেহেৰা দেখি বেয়া লাগিল । তাক বহুত সান্ত্বনা দিলো । হোষ্টেলত থকা সুজয়ে তাক বুজালে যে বাছ, ট্ৰেইন আৰু ছোৱালীৰ কথা বেছি চিন্তা কৰি লাভ নাই , এখন গলে আৰু এখন আহিব ।

কিন্ত তাৰ পাছত সি বৰ আমন-জিমনকৈ থকা হল । কাকো নামাতে । তাৰ অৱস্থা দেখি বেয়া লাগিল । এদিন অফ পিৰিয়দত মেইন বিল্দিঙৰ ৰুম এটাত বহি আছো ।

- তোৰ কি হৈছে বে, চিল য়াৰ চিল ....... পংকজে কলে
- নাই একো হোৱা........ সি কলে
- চা দোস্ত, আমি তোৰ বন্ধু হয়, এটা কাম কৰো , তাইৰ বয়ফ্ৰেন্ডটোক পিটি দিও আৰু তাইৰপৰা দুৰত থাকিবলৈ ৱাৰ্ন কৰি দিও, তেতিয়া ৰাস্তা ক্লিয়াৰ.......... সুজয়ে ছাৰ্টৰ কলাৰটো কোচাই কোচাই কলে
- অ, আমি আছো, তাক এনেকে ধুলাই দিম যে, সি তাইৰ নামে পাহৰি যাব........ বিনোদে যোগ দিলে

তাৰপাছত অলপ ডিচকাচন হল । ডিচকাচনৰ সাৰমৰ্ম এয়ে যে তাইৰ বয়ফ্ৰেন্ডটোক তাইৰ আগতে সি থাপৰ কেইটামান লগাই প্ৰমান কৰিব যে সি আচলি মৰ্ড হয় যি তাইৰ বাবে দুনিয়া চে লৰি যাব পাৰে । যদি কিবা জেং হয় আমি তাৰ লগতে থাকিম আৰু তাইৰ বয়ফ্ৰেন্ডে কিবা তেৰি মেৰি কৰিলে পাচোটাই মিলি তাক ফালি দিম ।

লগৰ এজনীৰপৰা গম পালো যে তাইৰ বয়ফ্ৰেল্ডটোৰ নাম নবু , সি কমাৰ্চত পঢ়ে আৰু আজি আবেলি সিহতৰ ডেটিং আছে । লান্সৰ পাছৰপৰাই তাইক ফলো কৰিলো । লা্ষ্টৰ আগৰ ক্লাছটো তাই বাংক দি কাছাৰী ষ্টপেজৰফালে খোজ ললে ।

দোস্তিৰ খাতিৰত আমিও বাংক দিলো । তাই ১ নং চিটিবাছ এখনত উঠিল । তাইৰ পাছৰ বাছখনত আমিও উঠি দিলো । সুজয়ে বাছৰ দুৱাৰত ওলমি আগৰ বাছখনত তীক্ষ্ণ নজৰদি চাই গল ।
আমাৰ বাছ গৈ চানমাৰি ফ্লাইওভাৰত উঠিল । ফ্লাইঅভাৰখন শেষ হও হও অৱস্থাতে সুজয়ে চিগনেল দিলে । মানে তাই নামিল । আমিও নামি দিলো ।

- নবুৰ আজি নেমু বনাই দিম, আমাৰ কলেজৰ ছোৱালীক খেপ দিয়ে........ বিনোদে কলে
- বেছি নিপিটো দেই, চিৰিয়াছ হৈ গলে জেং হৈ যাব.......... মই কলো

তাই ৰাষ্টাটো পাৰ হৈ কমাৰ্চৰ অপজিতত থকা ৰেষ্টুৰেন্টখনৰ ফালে গল । আমিও ৰাষ্টাটো পাৰ হলো । তাইৰপৰা দহমিটাৰমান দুৰত পজিচন ললো । তেতিয়াৰ দিনত মাৰপিটৰ বাবে লৰা লৈ অহা কাৰবাৰটোৰ ফাইল লৈ অহা বুলি কোৱা হৈছিল । লাইফত মই প্ৰথমবাৰৰ বাবে ফাইল হৈ আহিছো । মনে মনে ভয় এটাও লাগিল ।

অলপ পাছত এক্স-এল চাইজৰ পাচ ফুট আঠ ইঞ্চি ওখ লৰা এটা তাইৰ ওচৰ পালেহি । তাই তাৰ লগত কাথা পতাত লাগিল ।
- লৰাটো আমাতকৈ অলপ ডাঙৰ হব নেকি......... সি কলে
- চিন্তা নকৰিবি, আমি আছো, বি এ মেন, মেন হ মেন... সুজয়ে কলে

সি সিহতৰ ফালে আগুৱাই গল । সুজয় , বিনোদ আৰু পংকজ তাৰ পাছে পাছে গল । মই ইন দা মিনটাইম ৰাজগঢ়ৰ বাইলেনেৰে পলোৱাৰ প্লেন এটা বনাই ললো । আখিৰ জান হে তো জাহান হে ।

সি , সুজয়, বিনোদ আৰু পংকজ সিহতৰ ওচৰ পালেগৈ । মই চাৰি মিটাৰমান পাছত আছো ।
- আপনাৰ নামেই নবু নেকি......... সি কঠোৰ মাতেৰে সুধিলে
- অ , কিয় কি হল........... নবুই কলে

নবুৰ পাছফালে কমাৰ্চৰ ইউনিফৰ্ম পিন্ধা লৰাৰ গ্ৰুপ এটা আছিল । হঠাত গ্ৰুপটোৰ কনচেনট্ৰেচন এইফালে বাঢ়ি গল । ভায়েলেন্সৰ অনুমান কৰি মই অটো এখনৰ পাছত লুকাই দিলো ।

- আপনাৰ নাম শুনি থাকো, ইউ আৰ লাকী, এইক কিন্ত সদাই সুখত ৰাখিব........... এইবুলি কৈ সি চানমাৰী ব্ৰিজৰ ফালে বেগাবেগিকৈ খোজ ললে

কি হল একো ধৰিব নোৱাৰি সুজয়, বিনোদ আৰু পংকজেও তাৰ পাছে খোজ ললে । মইও অটোৰ আৰৰ পৰা বাহিৰ ওলালো ।
- এইকেইটা কৰ নমুনা আছিল বে........ নবুই তাইক সুধিলে
- মোৰ কলেজৰে হয়........ তাই হাহি হাহি কলে
- ফিল্মি টাইপৰ ফক্কৰ চোন একেবাৰে...... নবুই কলে

মই সিহতে নেদেখাকৈ চানমাৰী ব্ৰিজৰ ফালে আগবাঢ়িলো । ব্ৰীজৰ সিটো মুৰত তাক আৰু লগৰকেইটাক লগ পালো ।
- কি হল, একো নকৰিলি যে, তাক ফালিম ফালিম বুলি ভাবি আছিলো......... মই অলপ মাতটো গহীন কৰি তাক সুধিলো
- নাই ভাই, আপী এটাৰ কাৰনে হাড়া ভাঙিবা নৰি আৰু........ সি উত্তৰ দিলে

( ফেচবুকত সেই ছোৱালীজনীৰ প্ৰফাইলটো দেখি কেচটো মনত পৰি গল)

বেনাম

ৰাতিপুৱা ব্ৰেকফাষ্ট ৰুমৰপৰা ওলাইছো । কাষত ৰনদীপ আৰু প্ৰজাপতি । তিনিওজনে দীৰুদাৰ ফিউচাৰৰ কথা পাতি খোজকাঢ়ি আছো ।

- আৰে বৰদলুই , কেইচা হে ............. সমুখৰপৰা আহি থকা মানুহজনে কলে
সমুখৰ মানুহজন ৱাই কুমাৰ, চীফ ইঞ্জিনিয়াৰ , ৰীগ এটাৰ ড্ৰিলিং ইনচাৰ্জ ।
- ঠিক হে চাৰ ......... মই কলো
- আজকাল চাইট পে ৰেষ্ট-ৱেষ্ট মিলতা হে কি নহী ......... ৱাই কুমাৰে হাহি মাৰি সুধিলে
- ৱক্ট নিকালকে লে লেতে হে...... মইও হাহি মাৰি উত্তৰ দিলো
ৱাই কুমাৰক ক্ৰছ কৰিলো । অলপদুৰ যোৱাৰ পাছত ৰনদীপে সুধিলে
- আচ্ছা বিকাচ দা, আপুনিতো শইকীয়াহে লিখে, ই বৰদলৈ বুলি কিয় মাতিলে
মই হাহি এটা মাৰি কলো ...........
- হে হে, কথা আছে, একদম চিক্ৰেট কেচ এটা আছে
- কি কেচ, কওকনা
- নাই, জেং হৈ যাব
- পিলিজ কওকনা, আমি কাকো নকও, বিদ্যা শপত

ৰনদীপৰ কামোৰ খাই মই কেচটো কৱলৈ ষ্টাৰ্ট কৰিলো ।

ডেৰবছৰমান আগৰ কথা । তেতিয়া ১৪ দিনীয়া অন অফ ষ্টাৰ্ট হোৱা নাই । টু ডেইজ অন-অফ পেটাৰ্নত ডিউটি কৰো । এদিন ডে, পাছৰদিনা নাইট, তাৰ পাছৰ দুদিন অফ । এবাৰ প্ৰথম অফ এটাত ডিব্ৰুগড়লৈ বিয়া এখন খাবলৈ গলো । আবিলি গৈ থাকোতেই বছে ফোন কৰি কলে যে অইন এটা ৰীগত থকা অচিন্তদাই ছুটী লৈছে আৰু পাছদিনা তেওৰ ডিউটিটো মই কৰিব লাগিব । মই বিয়ালৈ আহি থকাৰ কথা কওতেও বছে নুশুনিলে আৰু কলে যে কাইলৈ ডিউটি যাবই লাগিব ।
বিয়াৰপৰা ওভটোতেই ৰাতিপুৱা তিনিটা বাজিল । তাৰ পাছত পাচ বজাত শ্বিফটৰ বাছ ধৰি ৰাতিপুৱা ছটা পোন্ধৰত চাইট পালো । ড্ৰিলিং চলি আছে , ইফালে ৰাতি টোপনি খতি । জান হো তো জাহান হে । গৈয়েই বাংক হাউচত শুই দিলো ।
দহটামান বজাত ধহমহকৈ সাৰ পালো । সাৰপাই দেখিলো কাষত দাত-ওঠ কামুৰি ড্ৰিলিং ইনচাৰ্জ ৱাই কুমাৰ থিয় হৈ আছে ।

- আপ ক্যা কৰ ৰাহে থে......... ৱাই কুমাৰে খঙেৰে সুধিলে
- চাব মে চো ৰাহা থা..... মই কলো
- কিউ, য়া ড্ৰিলিং চল ৰাহা হে আউৰ আপ চো ৰহে হে
- এক্সুৱেলি.........
তাৰ পাছত একো কবলৈ নিদি ৱাই কুমাৰে আধাঘন্টামান মোক লেচন দিলে । মই তলমুৰ কৰি, মুৰ দুপিয়াই হা চাৰ, হা চাৰ কৰি থাকিলো ।
লেচনৰ এন্ডত ড্ৰিলিং ইনচাৰ্জে ডায়েৰী আৰু কলম হাতত লৈ কলে
- আপকা নাম ক্যা হে
- প্ৰাঞ্জল বৰদলৈ ............ মই লগে লগে কলো
- ক্যা
- পি আৰ এ এন জে এ এল, প্ৰাঞ্জল, বি অ আৰ ডি অ এল অ আই, বৰদলৈ, মাই নেম ইজ প্ৰাঞ্জল বৰদলৈ

তেতিয়াৰে পৰা ৱাই কুমাৰে মোক প্ৰাঞ্জল বৰদলৈ বুলি ভাৱে ।
( Pranjal Bordoloi দা লৈ ক্ষমাপ্ৰাৰ্থনাৰে )

এ ছানডে

দেওবাৰৰ দিন, ৰাতিপুৱা ৫-৩০ ত এলাৰ্ম বাজিল । ফ্ৰেচ হৈ ডাইনিং হলৰ ফালে গৈ আছো । অপজিত চাইদৰপৰা চন্দনদা পিঠিত বেগ এটা লৈ কোবাকোবিকৈ আহি আছে ।
- কি চন্দনদা কত যায়
- এহ, চাইটত ৰগৰি দিছে, পিছত কথা পাতিম, শ্বিফট বাছ যাবই এতিয়া........ চন্দনদাই স্পীড বঢ়াই দিলে

ডাইনিং হলত সোমালো, ব্ৰেকফাষ্টত পুৰি-চবজি, ব্ৰেড-জাম-বাটাৰ । দীৰুদাক ফোন লগালো
- কত............. মই সুধিলো
- চিবচাগৰ
- আজি নাযায় নেকি
- ধেই শুই আছো, ডিষ্টাৰ্ব নকৰিবি, পিছত ফোন কৰিবি.......... দীৰুদাই ফোনটো কাটি দিলে

৬-৩০ বাজিল । শ্বিফ্ট বাছত উঠিলো । ডেৰঘন্টা পাছত চাইট পালো । চাইট পাই ইফালে সিফালে চালো । একদম চন্নাটা । চুপ-চাপ বাংক হাউচত সোমালো , লকাৰ খুলিলো , কম্বল এখন উলিয়ালো, কম্বলখল গাৰু বনাই ফোনটো চুইচ অফ কৰি চাইটৰ বাংক বাউচৰ বিচনাখনত বাগৰি দিলো ।

লাষ্ট তিনিমাহ ধৰি ............ এভৰিডে ইজ লাইক দিছ ছানডে ।

মৰেল অৱ দা ষ্টৰী-
ইন পি.এছ.ইউ, জাদা মগজমাৰি নেহী কৰনেকা, চুপ-চাপ বিন্দাছ ৰেহনেকা , তো দিন চুহানা, ৰাতে চুহানী, জেচে তেচে ডিউটি কা চৌধা দিন নিকালনা হে আউৰ ফিৰ ঘৰ ৱাপচি ।

বিহুতলীত কামোৰ



চানমাৰিত বিহু চাবলৈ গৈছো । ঠিক বিহু বুলিব নোৱাৰি, কালচাৰেল প্ৰগ্ৰাম । দীৰুদাক ফোন লগালো ।
- কত আছে, মই পালোৱেই
- অলপ ৰখ, মই গৈ আছো....... দীৰুদাই কলে
এই দীৰুদাটোৰ টাইমৰ কোনো ঠিক নাই । সদায় লেট কৰে । বাইকখন ৰাষ্টাতে থৈ হেলমেটটো হাতত লৈ ফিল্ডলৈ সোমাই গলো । এজনক সুধি গম পালো যে আজি জুবিলী আহিব । অলপ ইফালে সিফালে ঘুৰাঘুৰি কৰি বাদামৱালা এটাৰ ওচৰ পালো । তাৰপৰা দহটকাৰ বাদাম লৈ চোবাবলৈ ধৰিলো ।
- আব্বে ইমান দিনৰ মুৰত, কি খবৰ বে
মাতটোৰ ফালে ঘুৰি চালো । মোৰ টাইপৰ লৰা এটা । থোপৰাটো কত দেখিছিলো মনত পেলাব নোৱাৰিলো । তথাপিও যিহেতু সি মোক মাতিছে চিনাকিয়ে হব ছাগে ।
- মোৰ ভালেই , তোৰ কি খবৰ....... মই সোহাতখন আগবঢ়াই হেন্ডশ্বেক কৰিলো
- বিহু চাব আহিছ নেকি, কাৰ লগত
- চিংগোল মানুহ, অকলেই আহিছো আৰু ....... মই কলো
- তোৰ উন্নতি নহল আৰু, আৰু বাকী কত কি কৰি আছ...... সি সুধিলে
- মই অ.এন.জি.চিত , চাৰি বছৰেই হল, তোৰ কচোন
- মই এল.এন.টিত , মুম্মাইত, হাইৱে প্ৰজেক্ট এটা কৰি আছো, ছুটী নাপায়েই, এইবাৰ যেন-তেন বিহুৰ লগত মিলাই ছুটী মাৰি দিলো......... সি কলে
এতিয়ালৈ মই তাৰ আইডেনটিটি ধৰিব পৰা নাই । আৰু এবাৰ মেমৰিৰ ডাটা চেক্টৰত ৰিফ্ৰেছ মাৰিলো । নাই, তাৰ চেহেৰাটো ধৰিব পৰা নাই । ভাবিলো ফ্ৰেন্ডৰ কথা সুধি দিও । কমন ফ্ৰেন্ডৰপৰা তাক কত লগ পাইছিলো ওলাই পৰিব ।
- আৰু কচোন, লগৰকেইটাৰ কি খবৰ.......... মই সুধিলো
- আব্বে বহুতৰ লগত কন্টেকেই নাই বে, কুলু, নীহাৰ তো মেডিকেল কৰি এতিয়া পিজি কৰি আছে, মাধু বি.বৰুৱাত বটানি পঢ়িছিলে, অলপতে বিয়া হল, বাকী খঞ্জন, ঋষভ সিহততো মোৰ লগত এন.আই.টি পৰা পাছ কৰি বাংগালোৰত চাকৰি কৰি আছে । সীমান্ত বি.চি.পি.এল লৈ আহিল নহয় .... সি কলে
- সেইটো গম পাও........ মই মুৰ দুপিয়ালো
তাৰমানে ই মোৰ লগত কটনত হায়াৰ ছেক্ন্ডাৰীত আছিল , তাৰ পাছত এন.আই.টিত ইঞ্জিনাৰিং কৰি বৰ্তমান এল.এন.টিত । কাৰন সি লোৱা নামকেইটা গোটেইকেইটা মোৰ লগত হায়াৰ ছেকেন্ডাৰী পঢ়িছিল । তাৰ ফেচ কাটিংটো অলপ ভালদৰে চাই অনুমান কৰিলে যে ই ৰাজীব বা নবাংকুৰ হব লাগে , অৱশ্য ইয়াৰ কথা কোৱাৰ ষ্টাইলটো প্ৰণৱৰ লগতো অলপ অলপ মিলে ।
- আৰু এটা কথা বে, আমাৰ লগৰ আৰু এটা অ.এন.জি.চিত আছে বোলে, মোক সীমান্তই কৈছিল.....সি কলে
- কোন.......... মই সুধিলো
- সেই যে কামোৰটো
- কোনটো কামোৰ
- সেই যে সীমান্তৰ লগৰটো, চচমা পিন্ধিছিল, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, কি নাম আছিল তাৰ
সীমান্তৰ লগৰ, চচমা, ব্লু চাৰ্ট, কাৰ্লি হেয়াৰ, মনে মনে ভাৱিলে সেইটোতো ময়েই হয় চেন । চকুত লাচিক কৰালো, বছৰৰ লগে লগে মোৰ চুলিও চফা হৈ গল , মানে ইও মই কোন সঠিককৈ ধৰিব পৰা নাই ।
- বিকাচ আছিল নেকি তাৰ নাম.........মই কলো
- হয় হয়, বিকাচ, কি কামোৰ আছিল বে, সিও বোলে অ.এন.জি.চিত, তাক লগ পাৱ নেকি
- সি ইমানো কামোৰ নাছিল নেকি...... মই নিজক বচাবলৈ কলো
- কামোৰ নাছিল, কি কৱ বে, তাৰ চিঙাই দিছিল, আব্বে মানুহ কলেজ যায় এনজয়মেন্টৰ বাবে, ক্লাছ বাংক দিব লাগে, ঘুৰিব লাগে, ফুৰিব লাগে, সেয়াহে এনজয়মেন্ট, সি আকৌ টিচাৰ ক্লাছত নাহিলেও কমনৰুমৰপৰা মাতি লৈ আহে, চাল্লা তাৰ কাৰনে নোহোৱা ক্লাছটোও হৈ যায় , বৈধ্যম কামোৰ দিছিল বে.......... সি কলে
হিউমিলেট হৈ গলো । মোৰ সন্মুখতে মোকেই কামোৰ বুলি কৈ আছে । মই হাহো নাহাহোকে পাতল হাহি এটা মাৰিলো ।
- চা দোস্ত, চবৰে পাৰচেপচন বেলেগ বেলেগ না, ফিজিক্স, কেমেস্ত্ৰী, মেথছ, তোৰ ৰাতিপুৱা প্ৰাইভেট টিউচন, আবেলি স্কলাৰ্চত কচিং, চো তোৰ ধৰ কলেজত ক্লাছ নহলেও একো লচ নাই, কিন্ত যাৰ টিউচন-কচিং নাই তাৰ কাৰনে তো কলেজৰ ক্লাছকেইটাই ভৰষা, ক্লাছ নহলে চিলেবাছ কেনেকৈ কমপ্লিট হব ............ মই নৰম সুৰত কলে
- হলেও কামোৰ পাইছিলো বে
- কি ঠিক, কি নাম আছিল তাৰ, বিকাচ, সি ছাগে তহতোকো বৈধ্যম কামোৰ পাইছিলে , হবও পাৰে না ............ মই কলো
অলপ পাছত তাৰপৰা বিদায় ললো । তাক পাছে নকলো যে মইয়েই বিকাচ নামৰ কামোৰটো হয় ।

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...